Sunday 21 August 2016

সাগৰ ভালপোৱা ছোৱালীজনী (১)


সাগৰ ভালপোৱা ছোৱালীজনী প্ৰায় সাগৰৰ তলিত মুকুতা বিচাৰি ফুৰে, সাগৰৰ বুকুত আপোনমনে দেও দি থকা মাছবিলাকৰ লগত কথা পাতে। আইতাকৰ সাধুত থকা জলপৰী কেইজনীক লগ পাবলৈ সদায় ৰৈ থাকে, কেতিয়াবা লগ পায় কেতিয়াবা নাপায়। যেতিয়া লগ পায় তেতিয়া সিহঁতে তাইক পিঠিতে বহোৱাই সিহঁতৰ কাৰেংলৈ লৈ যায়। কিমান যে ভাল লাগে তাইৰ আনন্দত আত্মহাৰা হৈ পৰে। ঘৰলৈ ঘূৰি আহিবৰ মনেই নকৰে, কিন্তু ঘৰত যে মাক, দেউতাক আৰু আইতাকে তাইলৈ ৰৈ থাকে। আইতাকে কোৱাৰ নিচিনাকৈ সাগৰে বালিত এৰি থৈ যোৱা বগা বগা শামুকৰ খোলাবিলাক পিন্ধি থকা চোলাটোতে এটোপোলা বান্ধি লৈ আহে তাই। কেতিয়াবা আকৌ মুকুতা বিচাৰি বিচাৰি মাছজনীৰ বুকুত উঠি তলিলৈ যাঁওতে ক'ৰবাত খুন্দা মাৰি পৰি যায়, তেতিয়াহে গম পায় তাই যে ইমান সময় সপোন দেখি আছিল যেতিয়া মাকৰ বুকুৰ মাজৰ পৰা ওলাই ঘূৰি ঘূৰি বিছনাখনৰ গাতে লাগি থকা বেৰখনত খুন্দা মাৰি টোপনিৰ পৰা সাৰ পায় যায়। চকু মেলি দেখে কাষতে মাক শুই আছে আৰু ওচৰৰ বিছনাখনত দেউতাক। বৰ দুখ লাগে তাইৰ কাৰণ সেইবোৰ যে এটি এটি মিঠা সপোন মাত্ৰ। কেতিয়াও সাগৰ দেখি পোৱা নাই কিন্তু আইতাকৰ সাধুকথা আৰু য'ত ত'ত শুনিয়েই সাগৰৰ প্ৰেমত পৰা অকণমানি ছোৱালীজনী সাগৰৰ নামত বলীয়া। সিহঁতৰ ঘৰৰ পুখুৰীটোতকৈ বহুত ডাঙৰ চাগে। পুখুৰীটোত বৰশী বাই বাই তাকেই ভাবি থাকোতে কেতিয়া মাছ আহি টোপ খাই গুচি যায় গমেই নাপায়। তাইৰ লগৰ ছোৱালীকেইজনীৰ ঘৰত থকা পুখুৰীকেইটা লগ লগাই দিলে সাগৰ এখন হৈ যাব চাগে। কথাটো ভাবি মনটো তাইৰ নাচি উঠে, আজিয়েই দেউতাকক ক'ব কথাটো পুখুৰীকেইটি লগ লগাই দিবলৈ। অ' নহয় সিহঁতৰ ঘৰৰ কাষেদি বৈ যোৱা নদীখনৰ লগত সিহঁতৰ পুখুৰীটো লগলগাই দিবলৈ ক'ব। কিন্তু দেউতাকক কোৱাৰ পিছত তাইৰ মনটো বেয়াহে লাগিল। তাই ভবাৰ দৰে পুখুৰী,নদী লগলগালে সাগৰ নহয়। সাগৰৰ বোলে শেষ নাই কেতিয়াও, বহুত বেছিয়েই ডাঙৰ কথাটো শুনি আৰু অলপ ভাল লাগিবলৈ ধৰিলে মনটো। কিমান যে ভাল লাগিব জলপৰী কেইজনীৰ বোকোচাত উঠি ঘূৰি থাকিব শেষ নোহোৱালৈকে।


দেউতাক বোলে বহুত দূৰৰ ঠাই এখনলৈ যাব কিবা বোলে কাম পাইছে। আৰু দেউতাকৰ লগৰ খুড়াদুজনো যাব। ইয়াত অকল খেতি কৰিয়েই ঘৰ চলাব নোৱাৰি বোলে তাতে বানপানীয়ে প্ৰত্যেকবাৰে খেতি নষ্ট কৰে। দেউতাক যি ঠাইলৈ যাব তাতে বোলে সাগৰ আছে মাকে কোৱা শুনিছে। তাইকো লৈ যোৱা হ'লে কৈ চাব এবাৰ দেউতাকক। তাই দেউতাকক আমনি নকৰে নহয়, মাকলৈ মনত পৰিছে বুলিও নকয়, অকল সাগৰতেই থাকিব। ইমানখিনি বুজাইও লাভ ন'হল কাৰণ দেউতাক বোলে ঘূৰি আহোতে দেৰি হ'ব আৰু তাই নাথাকিলে মাক কাৰ লগত শুব, আইতাকে সাধু কাক শুনাব। ঠিক আছে তাই বাৰু নাযায় কিন্তু তাইলৈ সাগৰৰ ফটো আৰু সাগৰৰ তলিৰ পৰা মুকুতামণি লৈ আনিব লাগিব যেতিয়া দেউতাক ঘৰলৈ উভতি আহিব। ফটো তুলিবলৈ মামাক গুৱাহাটীলৈ যাওঁতে কিনা কেমেৰাটো লৈ যাবলৈ ক'লে বৰ ধুনীয়া ফটো আহে, মামাক আহিলে তাইৰ ফটো উঠাই লৈ যায় নহয়। এতিয়া বাৰু সাগৰখন কেমেৰাৰ ফটোতে চাব পিছত তাই ডাঙৰ হ'লে কেতিয়াবা ওচৰৰ পৰা চাব।


দেউতাক যোৱাৰ দিন ধৰি বাট চাই আছে দেউতাক ঘূৰি অহালৈ। কেতিয়াবা খঙো উঠে কাম কৰিবলৈ গ'ল বুলিয়েই মাজতে এদিন ফটো কেইখন লৈ আহিব নোৱাৰেনে। এনেকৈ বাট চাই থাকোতে মাকে ক'লে আৰু পাঁচদিনমানৰ পিছত বোলে দেউতাক আহিব। কথাটো শুনি কিমান যে ভাল লাগিছে অলপ লাজো লাগিল ইমানদিনৰ মূৰত দেউতাকক লগ পাব তাই বাৰু কেনেকৈ ওলাব। প্ৰথমতেটো অলপ লাজ লাগিবই পিছত ঠিক হৈ যাব। কিন্তু পাঁচদিনৰ পিছত কিয় আজিয়েই আহিব পাৰে অলপ অভিমানো জাগিল কথাটো ভাবি। এই পাঁচোটা দিন তাইৰ নাযায় নোপোৱাই যেন লাগিল, কেতিয়া যে আহিব পাঁচদিনটো! চাৰিদিনৰ দিনা পুৱাই দেউতাকৰ লগত যোৱা খুড়াকজন আহিল আৰু হাতত কেমেৰাটো কিন্তু দেউতাক নাই দেখোন। তাই কিবা সোধাৰ আগতেই খুড়াকে মাকক কিবা ক'লে আৰু মাক মূৰ ঘূৰাই পৰি গ'ল জেগাতেই। আইতাকেও সাগৰখনেই কাল হ'ল অ' তাৰ, তাক টানি লৈ গ'ল আমাৰ এতিয়া কি হ'ব বুলি ৰাউচি জুৰিবলৈ ধৰিলে। প্ৰথমতে একো উৱাদিহ নাপায় সিহঁতৰ ঘৰলৈ অহা মানুহবিলাকৰ মুখলৈ চাই চাই কিবা বুজিবলৈ চেষ্টা কৰিলে। সকলোৰে পৰা শুনি শুনি তাই গম পালে যে তাইৰ দেউতাক আৰু ঘূৰি নাহে। সাগৰে টানি লৈ গ', 'লৈ লৈ গ'ল কোনোৱে নাজানে।


দেউতাকে কোৱা কেতিয়াও শেষ নোহোৱা সাগৰখনে মৰমৰ দেউতাকক তাইৰ পৰা কাঢ়ি লৈ গ'ল। সাগৰৰ সপোন দেখা ছোৱালীজনীয়ে কেনেকৈ মানি ল'ব যে নেদেখাকৈ যাক ইমান ভাল পাইছিল সেই সাগৰেই তাইৰ অতিকৈ মৰমৰ হিয়াৰ আপোনজনক লৈ গ'ল। তাই আৰু কেতিয়াও সাগৰৰ সপোন নেদেখে, খুড়াকে লৈ অহা ফটোখিনিও নাচায়, নালাগে তাইক সাগৰৰ বুকুত থকা মুকুতামণি। কিন্তু কেতিয়াবা যদি সাগৰখনক লগ পায় তেতিয়া কেৱল সাগৰৰ বুকুৰপৰা দেউতাকক উলিয়াই দিবলৈ ক'ব।

No comments: