Wednesday 24 August 2016

ফেচবুকৰ সাঁথৰ

ঘনশ্যাম মানে আমাৰ ঘন কাইটিৰ পুতেকে কাইটিক এইবাৰ এটা নতুন মোবাইল দিছে। আগৰটোত বোলে গান চান একো শুনিব নোৱাৰি, ফটোও উঠিব নোৱাৰি সেয়ে পুতেক এইবাৰ ঘৰলৈ আহোতে 'ইস্মাৰ্ট ফোন' নে কি সেইটো লৈ আহিছে। মোবাইলটো বোলে বৰ ভাল আঙুলিৰে অকল চুই দিলেই হ'ল মানে  আজিকালি ল'ৰা ছোৱালীবোৰে লৈ থকাৰ নিচিনা। সেইটোত বোলে ফেচবুক নে কি সেইখনো আছে মুঠতে এইবাৰ কথাই নাই আৰু কাইটিৰ। আমাৰ কাইটি আগতে ইস্মাৰ্ট আছিল নে নাই গুৰুত্বপূৰ্ণ কথা নহয় কিন্তু এইবাৰ যে ইস্মাৰ্ট হ'বই সেইটো নিশ্চয়কৈ ক'ব পাৰি।

দিন হাজিৰা কৰা কাইটিৰ পুতেকৰ চাকৰিটো হোৱাৰ পিছত দিন ভাললৈ আহিছে। পুতেকৰ মতে দেউতাকে এতিয়া হাজিৰা কৰাৰ প্ৰয়োজন নাই কিন্তু কাইটিয়ে অতীজৰে পৰা কৰি অহা কামটো এৰিব পৰা নাই। সেয়ে আগৰ নিচিনাকৈ ন'হলেও কেতিয়াবা ওলাই যায় দা খন হাততে লৈ। আচলতে কাইটিৰ এতিয়া পইচাৰ অভাৱ নাই পুতেকে মাহিলী কিবা এটা পঠোৱাৰ উপৰিও ঘৰ দুৱাৰো বেচ ধুনীয়া কৰিলে। কিন্তু এনেকৈ ওলাই গ'লে মানুহবিলাকক লগ পাই মনটোও ভাল লাগে আৰু কাইটিকো গাঁৱৰ মানুহে বিচাৰে। এতিয়া কথা হ'ল কেইদিনমানৰ পৰা কৈ আছে পুতেকক ভাল মোবাইল এটা লাগে আগৰটো বোলে বেয়া হৈছে। পুত্ৰইও দেউতাকৰ কথামতে অলপ দামী মোবাইল এটা লৈ আনিছে।

'মোবাইলটোৰ দেখোন একো বুটনেই নাই, কেনেকৈ কাম চলিব এইটোৰে' আচলতে এনেকুৱা মোবাইল বেলেগৰ হাততহে দেখিছে কিন্তু নিজেই আজিলৈকে চুই পোৱা নাই সেয়ে এনেকুৱা প্ৰশ্ন উঠাটো স্বাভাৱিক। বেলেগৰ হাতত দেখিলেও সেই একেটে প্ৰশ্নই মনলৈ আহি থাকে কাইটিৰ।পুতেকে কোৱা মতে অলপ সময় লাগিব শিকিবলৈ।

মোবাইলটো পাই হ'লে তেওঁৰ বৰ স্ফূৰ্টি, ফটো দুখনমানো উঠি ল'লে পুতেক আৰু ঘৈণীয়েকৰ লগত। ফটোকেইখন ধুনীয়া হৈছে কেমেৰাটো খুব ভাল, ঘৈণীয়েকক যে ইমান মৰম লাগিছে। এনেও সাদৰি মানে কাইটিৰ মানুহজনী মৰম লগাই, কাইটিয়ে ফটোখনত আজি আৰু অলপ ধুনীয়া দেখিলে। কাইটিকহে অলপ ক'লা ক'লা লাগিছে, লাগিবৰে কথা ৰ'দত কম কাম কৰে নেকি বেলেগে কোৱাৰ আগতে নিজেই গম পালে ফটো চাই।হ'লেও সাদৰিজনীৰ লগত নিজক দেখি আকণমান লাজো পালে।কি চাই জানো সাদৰিয়ে তেওঁক ভাল পাইছিল। ভাল পালেটো পালেই এদিন তেওঁ ব'ল বুলি কওঁতেই কানি-মুনি সন্ধিয়া ঘন কাইটিৰ চাইকেলৰ কেৰিয়াৰত সাদৰি আহি তেওঁৰ ঘৰ পাইছিলহি। ধেততেৰি কথাবোৰ মনত পেলাই থাকোতে পুতেকৰ চকুৱে চকুৱে পৰাত কিবা এটা লাজ লাগি গ'ল।

আজিকালি কাইটিৰ অলপ অসুবিধাও হৈছে কাৰণ আগতে লুঙিৰ খুচনিতে পুৰণা সৰু মোবাইলটো ভৰাই থ'ব পাৰে কিন্তু এই ডাঙৰ মোবাইলটো থ'বলৈ অলপ দিগদাৰ। কিন্তু কাইটিৰ সাদৰিয়ে ইয়াৰ উপায় এটা দিলে।ঘৈণীয়েকে সৰুকৈ কাপোৰৰ বেগ এটা চিলাই দিলে য'ত মোবাইলটো ধুনীয়াকৈ থৈ দিব পাৰে।মানে মোবাইলটো এটা যন্ত্ৰ নহয় কাইটিৰ দেহলাওটোহে। ৰাতি শুবৰ সময়তো মোবাইলটো ক'ত থ'ব সেইটো ডাঙৰ চিন্তা, বিছনাত থ'ব নোৱাৰে হাত লাগি পৰি যাবও পাৰে, ওচৰৰ টেবুলখনতে থৈ দিয়াটো ভাল হ'ব। লাহে লাহে এটা দুটাকৈ 'ইস্মাৰ্ট 'মোবাইলৰ কাম বিলাক শিকিলে।

কিন্তু কাইটিৰ এটা প্ৰশ্নৰ উত্তৰহে পোৱা নাই সুধিবলৈ লাজো কৰে, ইফালে জানিবলৈও ইচ্ছা। নতুনকৈ মোবাইলটো দিওতে পুতেকে কোৱা শুনিছিল ফেচবুক নে কি সেইখন আছে বোলে, কাইটিৰ চাবলৈ মন গ'ল সেইখননো কি। সোধো নোসোধোকৈ পুতেককে লাজ লাজকৈ সুধিলে 'হেৰি নহয় ফেচবুক বুলি যে কয় আমাৰ নিচিনা মানুহে কৰিব পাৰি নেকি নে পইচা পাতি লাগে কিবা।' কথা শুনি পুতেকে গম পালে সকলোৰে মুখত শুনি শুনি চাগে দেউতাকৰো মন গৈছে। নেটপেক এটা ভৰাই মোবাইলত দেউতাকৰ নামত একাণ্ট এটা খুলি দিলে তাৰপিছত শিকাবলৈ লাগিল কেনেকৈ কি কৰে।সপ্তম শ্ৰেণীলৈকে পঢ়া কাইটিৰ ইংৰাজী আখৰকেইটা পঢ়াত অসুুবিধা হোৱা নাই। যেনেকৈ যি পাৰে বুজি লয়। পুতেক ঘৰত থকা দিনকেইটাতে ফেচবুকৰ আদৱ-কায়দাবোৰ শিকি ল'বলৈ চেষ্টা কৰিছে যদিও 'ফেচবুক'খন পঢ়িবলৈ কিছুমান কথাত টান পাইছে।এইখন পঢ়াও সহজ কথা নহয় দেও। 

'অ হেৰৌ পোণা কথা এটা কছোন ফেচবুকক নোসোধাকৈ ক'লৈকো যাব নোৱাৰি নেকি?' সোধো নোসোধোকৈ পুতেকক কাইটিয়ে সুধিলে।

'কিয় দেউতা?'

'নহয় অ' চবেই দেখোন ক'ত যায় কি কৰে ফেচবুকত দিয়ে। পুৱাতে নগেনৰ পুতেকক পাতি চাইকেলখন লৈ ওলাই যোৱা দেখিলো। কিন্তু সি দেখোন এতিয়া উৰাজাহাজত উঠিহে কৰবালৈ গৈছে। আৰু দেখোন তইয়ে এতিয়া মাৰে দিয়া ৰঙাচাহকণ গুৰ অকণমানৰ লগত লৈ খাই আছ, ফেচবুকত পঢ়িবলৈ দিছ 'ড্ৰিংকিং কফী'। হেৰ' মাৰে কফীনো কি আজিলৈকে দেখি পাইছে জানো তোক খুৱাবলৈ।' বাপেকৰ কথাত পুতেকৰ হাতত থকা ৰঙাচাহৰ গিলাচটো কথমপি হাতৰপৰা নপৰাকৈ থাকিল। পুতেকে কিবা কোৱাৰ আগতেই ঘন কাইটিয়ে মোবাইলটো পুতেকলৈ আগবঢ়াই দি ক'লে

'চাচোন এইজনী আমাৰ গজেনৰ জীয়েক ললিতা নহয়নে? তাইৰ দেখোন নামটো কিবা 'এঞ্জেল প্ৰিয়া লাইলা' বুলিহে লিখা আছে। ফেচবুকত নাম লিখালে নিজৰ নামো সলনি কৰিব লাগে নেকি অ পোণা।'

দেউতাকৰ কথা শুনি কাইটিৰ পুতেকৰ নিজৰ মূৰটোকে ঘৰৰ পকী ৱালখনতে মাৰি দিবলৈ মন গ'ল। দেউতাকক কেনেকৈ বুজাব ফেচবুক যে এনেকৈয়ে কৰে।

'দেউতা তুমি অলপ সময় ৰোৱা, মই অলপ ওলাই যাঁও আহি তোমাক চব বুজাই আছোঁ।' বুলি পুতেক ওলাই গ'ল।

ঘন কাইটিয়ে আজি ফেচবুক বুজিহে এৰিব বুলি পুতেক বহুত সময়ৰ কাৰণে ঘূৰি নহালৈকে নঙলা মুখতে পায়চাৰি কৰি থাকিল। তেনেতে পুৱাতে পাটি চাইকেল লৈ ওলাই যোৱা নগেনৰ পুতেক উভতি আহিছে। তাক দেখি কাইটিয়ে মাত লগালে 'ক'ত গৈছিলি অ' পুৱাই পুৱাই।' 

'এহ কি ক'বনো বৰদেউতা কালি ৰাতিৰেপৰা দেউতাৰ বাহিৰলৈ অহা-যোৱা। সেয়ে হৰিমতী বুঢ়ীৰপৰা পানী অকণ জৰাই আনিলো।' বুলি কৈ সি ন'ৰলেই ধাই ধাই চাইকেল মাৰিলে।

কাইটিহে বৰ দোমোজাত পৰিল। সি দেখোন উৰাজাহাজতহে কৰবালৈ যোৱা দেখুৱাইছিল। বৰ পয়মাল অ কথাবোৰ বুজাত।

লগতে লাইক বুলি বুঢ়া আঙুলি দেখোৱা, ৰঙা পানখন, ৰঙা হৈ থকাা টকলা মূৰ, গোটেই মুখখন মেলি থকা হালধীয়া মুূৰটো, সেইবোৰটো আছেই। ছেহ, নোৱাৰি আৰু এইখনৰ লগত বুলি ঘৰলৈ উভতি অহা পুতেকক নঙলামুখতেই পাাাইই কাইটিয়ে বোলে 'বোপাই অ' সেইখন জপাই থৈ দে মই দেখোন ইয়াৰ সাঁথৰবোৰ ভাঙিবই পৰা নাই। যি সপ্তম শ্ৰেণীলৈকে যি পঢ়িলো সেয়াই হ'ব এতিয়া বেলেগকৈ ফেচবুক নপঢ়ো দে। ফেচবুকৰ সাঁঁথৰ ভঙা সহজ কথা নহয়।'

No comments: