Thursday 25 August 2016

সাগৰ ভালপোৱা ছোৱালীজনী (২)


সাগৰৰ ওপৰত তাইৰ বিৰাতেই খং দেউতাকক লৈ গ'ল আৰু ঘূৰাই নিদিলে। আজিকালি সাগৰৰ বুকুত মুকুতাৰ সলনি তাই দেউতাকক বিচাৰি ফুৰে জানোচা বিচাৰি পাইয়ে। নাই নাপায় বিচাৰি তাৰ সলনি সাগৰৰ ঢৌবোৰে তাইক গালে মুখে কোবাই থৈহে যায় যেন দেউতাকক বিচৰা কাৰণে সাগৰখনে ভাল পোৱা নাই। কিন্তু মাজে মাজে দেউতাক আহে বগা দীঘল মাছটোৰ পিঠিত উঠি যিটো তাইৰ আটাইতকৈ ভাল লগা মাছ। তাইৰ ইমান মন যায় দেউতাকৰ কোলাত উঠিবলৈ। আগতে তাইক দেউতাকে একোলা ন'ললে কিবা ভালেই নালাগে এতিয়া যে কিমান দিন হ'ল দেউতাকক লগ পোৱা নাই আৰু নাপাইয়ো চাগে।


সেইয়া দেউতাক আহিছে আৰু তাইক হাত বাউল দি মাতি আছে। তাই যাব আৰু দেউতাকক লৈ আহিব সাগৰৰ মাজৰ পৰা কিন্তু তাই যাব পৰা নাই দেখোন, তাই যিমান পাৰে দেউতাকৰ ওচৰলৈ যাব বিচাৰিছে সিমানেই কিহবাই টানি ধৰিছে। টনা আজোৰা কৰি থাকোতে হঠাৎ তাইৰ চকুদুটা মেল খাই গ'ল আৰু দেখিলে মাকে জোৰকে তাইক সাবতি ধৰি শুই আছে। মানে এইটোও সপোনেই! তাইৰ চিঞঁৰি চিঞঁৰি কান্দি দিবৰ মন গ'ল।


কিয় তাইক আমনি কৰি জোকাই থাকে সাগৰখনে আগতে মুকুতাবিলাক দেখুৱাই এতিয়া দেউতাকক দেখুৱাই মাতি থাকে। আইতাকক তাই কৈছে বদমাছ সাগৰখনৰ কথা আইতাকে কৈছে এতিয়া বোলে তাইৰ দেউতাক আকাশত তৰা হৈ আছে। এতিয়াৰ পৰা দেউতাকলৈ মনত পৰিলে আকাশখনলৈ চালেই হ'ল। কিন্তু ইমানবোৰ তৰাৰ মাজৰপৰা দেউতাকক কেনেকৈ চিনিব? আটাইতকৈ বেছি জিলিকি থকা তৰাটিয়েই বোলে তাইৰ দেউতাক। আইতাকে কোৱাৰ পিছৰপৰাই তাই আকাশলৈ চাই দেউতাকৰ কথা মনত পৰিলেই। এনেকৈয়ে কণমানিজনী এদোপ দুদোপকৈ ডাঙৰ হৈ আহিছে মাক আইতাকৰ মৰমত। এতিয়া তাই অলপ বুজা হৈছে দেউতাকৰ কথা সুধি মাক আইতাকক আমনি নকৰে।


নিজৰ সপোনৰ পৃথিৱীত থকা ছোৱালীজনীক ঘৰৰ ওচৰৰে স্কুলখনতে মাকে নাম লগাই দিছে আৰু তাইৰ স্কুলত মতা নাম থ'লে 'সাগৰিকা'

No comments: