Friday 17 July 2020

হাতখনি তেওঁৰ!

সদায় ধৰি শোৱাৰ দৰে নিজৰাই গিৰিয়েক অমলৰ হাতখনত ধৰি ওপৰলৈ মুখখন দি বিছনাত পৰি থাকিল। বিয়া হোৱাৰ দিন ধৰি তাই এনেকৈয়ে শোৱে। টোপনি যোৱাৰ পিছত হয়তো হাতখন এৰ খাই যাব পাৰে, সাৰ পালে আকৌ ওচৰলৈ আহি ধৰি লয়হি। গিৰিয়েকে বিয়াৰ প্ৰথম দুদিনমান দিগদাৰ পাইছিল। কাৰণ সৰুৰেপৰা খড়াকৰ ঘৰত থাকি ডাঙৰ হোৱা ল’ৰা অমল। সাধাৰণতে অকলেই শুৱে, কেতিয়াবা ঘৰত আলহী বেছি হ’লেহে খুড়াকৰ কোনোবা এটা ল’ৰা তাৰ লগত শুবলে আহে। তথাপিও গাত কেনেবাকৈ হাত-ভৰি লাগে বুলি মাজত গাৰু এটা দি লয়।  কিন্তু আজিকালি এইটো তাৰো অভ্যাসত পৰিণত হ’ল। বৰঞ্চ তাই হাতখনত নধৰিলেহে বেয়া লাগে। নিজৰা দুদিনমানৰ কাৰণে মাকৰ ঘৰলৈ গ’লেই অমলৰ কিবা খালী যেন লাগে আৰু তাই ঘৰত থাকিও যদি শুবৰ সময়ত হাতখন নধৰে তেতিয়া তাৰ বুজিবলৈ নাথাকে যে আজি কোদোৰ বাঁহত কিবা জুই লাগিছে। সেইদিনা যদি অমলে নিজেই হাতখন আগবঢ়াই নিদিয়ে তেন্তে কি হ’ব সেইখিনি চাগে কোনোবা কোনোবাই নোকোৱাকৈয়ে অনুমান কৰিব পাৰিছে।

সাতবছৰৰ আগতে নিজৰাৰ ককায়েকে যিখন হাতত তাইৰ হাতখন চিৰ জীৱনৰ কাৰণে গতাই দিছিল, আজিকোপতি সেই হাতখনৰ ভৰষাতে তাই জীয়াই আছে।সাতবছৰ হৈছেহে আৰু বহুত দূৰ যাবলে আছে তেওঁৰ লগত বুলি অমলৰ হাতখন নিজৰাই আৰু অলপ টানকৈ মুঠি মাৰি লয়।

আঠবছৰ বয়সতে দেউতাকক হেৰোওৱা নিজৰাৰ কাৰণে তাইৰ ককায়েক নিৰৱেই দেউতাকৰ দৰে আছিল। নিজৰাতকৈ সাতবছৰৰ ডাঙৰ নিৰৱে যেন দেউতাকৰ দায়িত্বসমূহ বিনদিধাই শিৰত তুলি লৈছিল।

@@@@

’হৰধৰ মোমায়েৰে ককায়েৰক ল’ৰা এটাৰ খবৰ দিছিল। নিৰৱেও খবৰ-খাতি কৰি গম পাইছে ল’ৰাটো বোলে বেয়া নহয়।’ নিজৰাই মামাকৰ ঘৰৰপৰা আহি পাই কলৰ পাৰত হাত-ভৰিকোইটা ধুবলৈ আহোতে মাক পিছে পিছে আহি থাকোতেই তাই গম পাইছিল তেনেকুৱা কিবা এটা ক’বলৈকে যে আহিছে। কাৰণ তাই মোমায়েকৰ ঘৰতে ঘুনুক-ঘানাককৈ কথাটো শুনি আহিছিল।

বিএৰ লাষ্টৰ চেমিষ্টাৰটো দি নিজৰা গহপুৰত থকা মোমায়েকৰ ঘৰলৈ গৈছিল দুদিনমান থকাকে।মোমায়েকৰ জীয়েক কৰৱী আৰু তাই একেবয়সৰে, সেয়ে দুইজনীয়ে লগ পাবলৈ উদবাউল হৈ থাকে। তাতে এইটো বয়সত সমবয়সীয়া কাৰোবাক ক’বলৈ বহুত কথাই থাকে।ইঁহত দুইজনী লগ হ’লেও সেই একেই ফুচফুচীয়া কথাৰ অন্তই নপৰে। অৱশ্যে নিজৰা হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দায়েই মামাকৰ ঘৰলৈ যোৱা, সেয়ে এইবাৰ বিএটো দি যাঁও বুলি কঁওতে মাকেও মানা নকৰিলে। দুদিনমান ফুৰি-চাকি আহক বুলি নিৰৱৰ লগতে পঠিয়াই দিলে।

তাইক লৈ নিৰৱৰ বৰ চিন্তা। ভাল ল’ৰা এটা চাই বিয়াখন দিব পাৰিলে আজৰি। সৰুৰেপৰা ডাঙৰ কৰা ভনীয়েকৰ বিয়াৰ কথা ভাবিলে তাৰ বুকুখন কঁপি উঠে। আজিকালি যিহে দিন-কাল, হ’ল বুলি যিকোনো ল’ৰাৰ লগত দিঁও বুলিয়েই দিবও নোৱাৰি। কিন্তু এদিন হ’লেও ছোৱালীক এঘৰলৈ উলিয়াই দিবই লাগিব। সেয়ে আলেঙে আলেঙে সি নিজৰালৈ উপযুক্ত পাত্ৰ চাই নথকাও নহয়। ইফালে মাকক জোঁৱাই-বোৱাৰী চব লাগে। মাকৰ মতে নিজৰালৈ ল’ৰা বিচাৰি থাকোতেই নিৰৱৰ বিয়াখন পাতিবলৈ জোৰ দি আছে। এনেও তাৰ ছোৱালী ঠিক হৈয়ে আছে। ছোৱালী ঘৰেও ল’ৰা ঘৰৰ মানুহ যোৱালেহে বাট চাই আছে। কিন্তু নিৰৱেহে পিছুৱাই আছে। তাৰ ডাঙৰ দায়িত্ব হ’ল নিজৰা, তাৰপিছতহে সি তাৰ কথা চিন্তা কৰিব।

ডিব্ৰুগড় ইউনিভাৰ্চিটিৰপৰা জুল’জীত এম.এ.চি কৰি সি আৰু চাকৰি নিবিচাৰিলে, সৰুসুৰাকৈ টিউচন কৰা আৰম্ভ কৰিলে। প্ৰথম দুবছৰ ঘৰৰপৰাই কৰিছিল, কিন্তু লাহে লাহে ল’ৰা-ছোৱালী বেছি হৈ অহাত সোণাৰি টাউনতে ৰুম এটা ভাড়াত লৈ টিউচন আৰম্ভ কৰিলে।আজিকালি সি টিউচনৰপৰা আজৰিয়েই নাপায়। তথাপিও সময়-সুবিধা মিলাই নিজৰাক মোমায়েকৰ ঘৰত থৈ নিজেও দুদিন থাকি আহিল। শিৱসাগৰৰপৰা গহপুৰলৈ আহি আচলতে দুদিনত ভাগৰ নপৰে। কিন্তু উপায় নাই অকলশৰীয়া মাকক এৰি সি বেছি দিন থকাৰ কথা ভাবিবই নোৱাৰে।মোমায়েকৰ ঘৰলৈ যাঁওতেই ল’ৰা জনৰ খবৰ পালে।ঢলপুৰলৈ বিয়া হোৱা ডাঙৰ মোমায়েকৰ জীয়েক ৰিণিৰ ঘৰৰ ওচৰৰে বোলে। পেটে পেটে কথাটো শুনি সন্তোষ পালেও সি ভনীয়োকক নোসোধাকৈ একো ক’ব নোৱাৰে। তাইৰো পছন্দ-অপছন্দৰ কথা আছে।

ডাঙৰ মোমায়েকৰ চিন্তা-ধাৰাবোৰ অলপ পুৰণি কলীয়া। তেঁওৰ মতে চৰুক সুধি ভাত বনোৱাৰ দৰকাৰ নাই। ল’ৰা ভাল যেতিয়া কথা আগবঢ়াব লাগে।নিৰৱে মোমায়েকৰ এই কিছুমান স্বভাৱটো একেবাৰে দেখিব নোৱাৰে। তেওঁৰ কাৰণেই আজি সৰু মাহীয়েকৰ না জল মা থল অৱস্থা। সেই সময়ত যদি মোমায়েকে নিজৰ অহংকাৰ বাদ দি বেলেগৰ কথাত গুৰুত্ব দিলেহেঁতেন আজি মাহীয়েক বহুত সুখত থাকিলহেঁতেন।সেয়ে সি মোমায়েকৰ ঘৰৰপৰা আহি মাকৰ লগত আলোচনা কৰাৰ লগতে আৰু চিনাকি মানুহকো সুধোতে সকলোৱে ভাল বুলি কোৱাত নিজৰাক সুধি কথা আগবঢ়োৱাৰ কথা ভাবিছে।

’কি হ’ল তই একো ন’কলি যে?’ কলৰ পাৰত হাত-ভৰি ধুই থকা নিজৰাক আকৌ এবাৰ সুধিলে। আচলতে তাই প্ৰথমবাৰতে মাকে কোৱা কথাষাৰ শুনিছিল যদিও উত্তৰ দিবলৈ মন যোৱা নাছিল। তাই কৰৱীৰ মুখত ল’ৰাটোৰ কথা শুনি আহিছে। তাই বোলে তাক ভালকৈয়ে চিনি পায়। ৰিণি বাৰ ঘৰৰ কাষতে তাৰ ঘৰ, ল’ৰাটো ভাল কিন্তু দেখাত ইমান ভাল নহয়। তাইৰ কাৰণে দেখাতোত ইমান কথা নাহে, যদিহে তাই কাৰোবাক তাইৰ হিয়াখন দি ন’থলেহেঁতেন।

’কথাটো এবাৰ ভাবি চাবি। ভাবি ককায়েৰক ক’বি’। মাকে তাইক কথাকেইটা কৈ কলৰপাৰতে সৰি পৰি থকা তামোল দুটা বুটলি, আন্ধাৰ হোৱাৰ আগতেই পাণ দুখনমানো চিঙি আনিবলৈ আগবাঢ়িলে।

নিজৰা বৰ সমস্যাত পৰিলে। কথাবোৰ যিমান ভাবিলে সিমানেই তাইৰ মোমায়েকৰ ঘৰলৈ কিয় গৈছিল যেন লাগিছে। নোযোৱা হ’লেতো একোৱেই নাছিল। ইফালে ককায়েকৰ কথা, সিফালে মানসৰ মৰম। বিছনাত শুই কথাবোৰ ভাবি ভাবি নিজৰাই তাইৰ অকমাণি ফোনটো উলিয়াই মানসলৈ এটা এছ এম এছ কৰে ’পাৰিলে কাইলৈ সময় উলিয়াই ফোন কৰিবা কথা আছে’।

মোমায়েকৰ কাষৰ ঘৰৰ ল’ৰা মানসক কৰৱীয়ে চিনাকি কৰি দিছিল নিজৰাক হায়াৰ চেকেণ্ডাৰী দি যোৱাবাৰ। সেই প্ৰথম চিনাকিতে ল’ৰাটো কিবা এটা ভাল লাগি গৈছিল। কিন্তু তেতিয়া ইটোৱে সিটোক চকুৱে চকুৱে কথা কওঁতেই গ’ল। তেনেকৈয়ে দেখোন কিবা এটা ভাল লাগি গৈছিল। আৰু মানুহ নথকাৰ সুযোগ লৈ মৰা চকুটিপটোৱে তাইৰ হিয়াখন খুচি থৈ যায়। সেই ভাললগাবোৰ তাই কাকো বুজাব নোৱাৰে আনকি কৰৱীকো।
সম্পূৰ্ণ তিনিবছৰৰ মূৰত মানসক লগ পাই তাইৰ মৰমবোৰ উজাৰি আহিছিল। মোমায়েকৰ ঘৰলৈ যোৱাৰ চলেৰে নিজৰাৰ প্ৰধান উদ্দেশ্য আছিল মানসক লগ কৰাৰ।তাই পাকে প্ৰকাৰে কৰৱীক যিমান মানসৰ কথা সুধিব বিচাৰিছিল তাই সিমান কথাটোৰ পৰা ফালৰি কটা যেন অনুভৱ হৈছিল কৰৱীৰ। শেষত সেইদিনা সন্ধিয়ালৈ মানস নিজেই কৰৱীহঁতৰ ঘৰলে আহিছিল। ইমান বছৰৰ মূৰত নিজৰাই মানসক দেখি ইমান স্ফূৰ্তি পাইছিল কিন্তু ককায়েক থকাৰ কাৰণে সেইবোৰ প্ৰকাশ নকৰিলে।

কৰৱীয়ে যোৱাবাৰ আঁহোতেই নিজৰাৰ মনৰ কথা ধৰিব পাৰিছিল, সেয়ে এইবাৰ তাইক অলপ ইংগিত দি থ’লে মানসৰ লগত বেছি হলি-গলি নকৰিবলৈ।

গাৰু তলত থৈ দিয়া ফোনটো দুবাৰ এনেকুৱাকে ভাইব্ৰেট হ’ল যে শুই থকা নিজৰাৰ মূৰটো কিবা জিনজিনাই যোৱা যেন লাগিল। লগে লগে ফোনটো উলিয়াই দেখে মানসৰ মেচেজ এটা ’কাইলৈ ফোন কৰিম এতিয়া শুই যোৱা।'   
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                          
@@@@

নটামান বজাত মাকৰ লগত পুৱাৰ আহাৰ সাজৰ তৈয়াৰী কৰি থাকোতেই লেগিংচৰ ইলাষ্টিকডালৰ খোচনিতে ভৰাই থোৱা মোবাইল ফোনটো ভেতভেত কৰি উঠোতেই য’ৰে কাম ত’তে পেলাই লৰালৰিকৈ শুৱনি কোঠা পালেহি। ফোনটো ভতভতাই উঠোতেই তাই অনুমান কৰিছিল কাৰ ফোন হ’ব পাৰে।
’অ কোৱা, কিয় ফোন কৰিবলৈ কৈছিলা’ নিজৰাই ফোনটো ৰিচিভ কৰোতেই সিফালৰপৰা মাত আহিল।
’শুনা না বহুত ডাঙৰ কথা আছে।’
’কোৱা আকৌ।’
’মোলে ঘৰত ল’ৰা চাইছে।’
’অ ভাল হে, বিয়া হৈ যোৱা।’
’প্লীজ মানস ধেমালি নকৰিবা।’ তাই মাতটো থোকাথোকি কৰি ক’লে।
’মই একো ধেমালি কৰা নাই। ল’ৰা চাইছে বিয়া হৈ যোৱা।’মানসে এইবোৰ কি কৈছে তাই বুজি নাপায় আকৌ এবাৰ সুধিলে। সি এইবাৰ তাইক টানকৈয়ে শুনালে। মানসৰ কথাত নিজৰাৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ’ল। পৰহি লগ পাই অহা ল’ৰাটো ইমান সলনি হৈ গ’ল যে!তাই তাক চিঞৰি চিঞৰি ক’বৰ মন গ’ল তাইক যে এইবাৰ সি আজীৱন ভালপোৱাৰ প্ৰতিশ্ৰুতি দিছিল।তাইৰ গালে-মুখে চটিয়াই থোৱা যোৱা মৰমৰ ৰঙসোপা ইমান সি ইমান সোনকালে মোহাৰি পেলাব পাৰিলেনে!আৰু ঘৰলৈ অহাৰ আগদিনা সন্ধিয়া সময়ত তাৰ মৰমবোৰ সহ্য কৰিব নোৱাৰি তাই তাৰ বুকুৰ মাজত লেতুসেতু হৈ সোমাই পৰোতে কুৰ্তাৰ ফাকেৰে সোমাই যোৱা মানসৰ হাতখনক তাই বাধা নিদিয়া হ’লে...

’নিজু, কালি কিবা ভাবিলিনে’ মাকজনী কেতিয়া আহি নিজৰাৰ পিছফালে ৰৈ আছিল গমেই নাপালে। তাই লৰালৰিকৈ চকুপানীখিনি চূৰ্ণীৰ আগটোৰে মুচি মাকৰ ফালে ঘূৰিলে
’অ অঅ ভাবিলো মা’
’ব’ল তেন্তে ককায়েৰৰ লগত দুটামান কথা পাতো’ মাকে তাইৰ বাহুতে লাহেকে থপৰিয়াই ওলাই আহিল। তাইও মাকৰ পিছে পিছে বাট ল’লে।      
ককায়েকে ইতিমধ্যে খাবলৈ আৰম্ভ কৰিছেই, তাইও গৈ ককায়েকৰ কাষতে বহিলগে। ককায়েকে তাইক দেখি কথাটো নিজেই উলিয়ালে
’মায়ে তোক কৈছে চাগে কথাবোৰ এতিয়া তোৰ ওপৰত কথা।তোৰ মতামত জনাবি’
’মোৰ একো আপত্তি নাই, তঁহতে যি ভাল দেখ’ বুলি নিজৰাই পতাপত কথাকেইটা শেষ কৰি নিজৰ ৰুম পালেহি। তাই ককায়েকক কি সতে ক’ব যে দুদিনতে এটা ল’ৰাই যে তাইক মৰমৰ চলেৰে হিয়াখন ভাঙি-চিঙি থৈ গ’ল। এতিয়া নিজৰাই কেনেকৈ নেদেখা-নুশুনা ল’ৰা এটালৈ চিৰদিনৰ কাৰণে গুচি যাব। তাই কথাবোৰ ভাবি হুকহুকাই কান্দি উঠিল। ভুলটো তাইৰে! অচিনাকি ঠোৰা তাইয়ে লগাই লৈছিল

@@@@

’ল’ৰাই কি কৰে’ বিয়া খবৰ কৰিবলৈ অহা কোনোবাই মাকক সুধি আছে।
’ফাৰ্ণিচাৰৰ দোকান আছে। কেও কিছু নোহোৱা ল’ৰা। খুড়াকৰ ঘৰত ডাঙৰ হোৱা ল’ৰা। এতিয়া ঘৰ বনাই অকলে থাকে।’
’হঁওক দিয়া একো লেঠা-পিঠা নোহোৱা, ভাল হ’ব।ভালে এনেও ভালক পায়।’ কথাকেইষাৰ কৈ মানুহকেইগৰাকী যাবলৈ ওলাল।
ভিতৰৰপৰা শুনি থকা নিজৰাৰ আকৌ চকুপানী ওলাই আহিল। তাই এতিয়াও সহজ হ’বই পৰা নাই। সেইদিন ধৰি মানসৰ একো খবৰো নাই। মানুহ কেনেকৈ ইমান নিৰ্দয় হ’ব পাৰে।

@@@@

’দৰা আহিল, দৰা আহিল।’ কোনোবা সৰু ল’ৰা-ছোৱালীকেইটামানে চি়ঞৰি চিঞৰি বাহিৰলৈ দৌৰ মাৰিলে। খবৰটো পাইয়ে নিজৰাৰ বুকুখন ধান বনাদি বানিলে।কোন মূৰ্হূততনো তাইক ডাংকোলা কৰি হোমৰ গুৰিলৈ লৈ গ’ল গমেই নাপালে।নাচাওঁ বুলিয়েই ল’ৰাৰ মুখখন নোচোৱাকৈ বিয়াত বহা নিজৰাৰ সেইসময়ত কি হ’ল জানো যেতিয়া ককায়েকে তাইৰ হাতখন অমলৰ হাতত দি কন্যাদান কৰিলে। সেইসময়কণত তাইৰ অমলৰ মুখথখন চাবলৈ খুব মন গ’ল। ওৰণিৰ ফাকেৰে চাওঁ বুলিও চাব নোৱাৰা নিজৰাই অতীতৰ সকলো কথা পাহৰি সুখে-দুখে অমলৰ লগত একেলগে থকাৰ প্ৰতিশ্ৰুতি ল’লে মনতে।

@@@@

’নিজু, নিজু’ বুলি গিৰিয়েকে সৰু সৰুকৈ দুবাৰ মাতোতেই চিলমিলকৈ টোপনি যোৱা নিজৰা খপজপকৈ উঠি বিছনাৰ কাষতে থকা লাইটটো জলাই দিলে।তাই উঠোতেই অমলে বাহিৰলৈ যোবাৰ ইংগিত দিলে। তাইও বিছনাৰপৰা উঠি গৈ হুইল চেয়াৰখন আনি অমলক বহুৱাই লাহে লাহে বাথৰুমলৈ লৈ গ’ল।

সিঁহতৰ সংসাৰখন একেবাৰে সুখতে চলি গৈ আছিল।অমল যে ইমান ভাল হ’ব, তাইৰ প্ৰতিটো কথাই বুজি পাব নিজৰাই কেতিয়াও ভাবিবই পৰা নাছিল। বিয়াৰ পিছত সি তাইক জোৰ কৰি এম.এ কৰিবলৈ আইডলতে এডমিছন দিয়ালে। তাই ধুনীয়াকৈ পাছো কৰিলে। কৰবাত চাকৰি কৰা কথাও কৈছিল তাইহে বৰ এটা মন নকৰি গিৰিয়েকৰপৰা দোকানৰ কামবোৰকে এটা-দুটাকৈ শিকি লৈ যিমান পাৰে সহায় কৰিবলৈ ধৰিলে।মুঠতে এখন ক’তো ঘূণে নধৰা সংসাৰ।
চবৰে দিন সমানে নাযায়। এদিন গিৰিয়েকে গা ধুই থাকোতে বাথৰুমত পৰিল আৰু সেইটোৱে সিঁহতৰ সংসাৰলৈ কাল হৈ আহিল। বাথৰুমত পৰিয়ে মানুহজনৰ কুৱাড্ৰিপ্লেগীয়া পেৰেলাইচিচত পৰিল য’ত মানুহজনৰ হাতৰপৰা ভৰিলৈকে কাম নকৰা হ’ল। তেতিয়াৰপৰা অমলৰ হুইল চেয়াৰৰ অবিহনে চলা-ফুৰা বন্ধ।ঘৰৰ দোকানৰ সকলো কামেই এতিয়া নিজৰাই চম্ভালে।মাজে মাজে অমলৰ কাৰণে নিজৰাই ভোগা কষ্টবোৰ দেখিলে তাৰ নিজকে দোষী দোষী লাগে।এতিয়া তাৰ এনেকিৱা লাগে নিজৰাৰ শিৰৰ সেন্দুৰকণৰ কাৰণেহে সি জীয়াই আছে। সেই কথা নিজৰাক ক’লে তাই খঙতে তাক অলপ সময়ন কাৰণে নমতাকৈও থাকে।সি তাইৰ লগৰ আছে সেইটোৱেই বহুত, তাইৰ কাৰণে সেইটোৱে সাহস। সন্তানহীন নিজৰাৰ আজিকালি অমলেই কেচুৱাৰ নিচিনা, তাক লৈ দুখ নকৰে।নিজৰা অমলৰ লগত বহুত সুখী।ইমান ভাল ল’ৰা এটা চাই দিয়াৰ কাৰণে তাই ককায়েকক কি বুলি ধন্যবাদ দিব ভাবিয়েই নাপায়। বাকীখিনি তাই তাইৰ ভাগ্য বুলি ধৰি লৈছে । কিবা দুৰ্কপালত পৰি অমলে হাত-ভৰি চব হেৰুৱালে, কিন্তু তাই অমলক কেতিয়াও হেৰুৱাব নিবিচাৰে।ককায়েকে গতাই দিয়া হাতখনত ধৰি নিজৰা আগুৱাই যাব আৰু অমলকো আগুৱাই নিব। 

অমলক বাথৰুমৰপৰা আনি বিছনাত শুৱাই আঠুৱাখনৰ ভিতৰত মহ-চহ সোমাইছে নেকি এবাৰ পৰীক্ষা কৰি লাইটটো নুমুৱাই তাইৰ বাওঁহাতখনৰে অমলৰ সোঁহাতখন ধৰি টোপনি যাবলৈ চেষ্টা কৰিলে।সেইখনেই হাত তাইৰ আজীৱন লগৰী। সেই হাতখনে তাইৰ স্পৰ্শ অনুভৱ কৰক বা নকৰক তাইটো কৰে, তেনেকৈয়ে অমলৰ হাতত ধৰি নিজৰা আগুৱাই যাব লাগিব।যৌৱনৰ কিবা প্ৰৰোচনাত পৰি প্ৰথম প্ৰেমত ব্যৰ্থ হৈ অমলৰ মুখখন নোচোৱাকৈয়ে বিয়াত বহা নিজৰাই বুজিছে এতিয়া সঁচা প্ৰেম কি। এইবোৰেই প্ৰেম যাক নজনা নুশুনাকৈ নিস্বাৰ্থভাৱে ভাল পাই পেলোৱা হয় আজীৱন লগত থকাৰ প্ৰতিশ্ৰুতিৰে।

Sunday 12 July 2020

ভালপোৱাৰ সুবাস

’মামু কথাবোৰ তই অলপ ভালকৈ ভাবি চাবি। স্বাৰ্থ আৰু জেদৰ বশৱৰ্তী হৈ সকলোবোৰ সিদ্ধান্ত তৎক্ষণাতে লৈ নেপেলাবিচোন’

’তোমালোকে কিয় নুবুজা কথাবোৰ মই বুজি নাপাওঁ মা।’

’চা তই এতিয়া সাধাৰণ মানুহ নহয়। তোৰ প্ৰতিটো লিখাই, তোৰ এটা ভাষণে বহুতকে জীয়াই থকাৰ অনুপ্ৰেৰণা দিয়ে। বহুতৰ ভাঙি যোৱা সংসাৰখন যোৰা লগায়।

’হ’ব মা, মোৰ প্ৰফেচন লাইফক এই মিনিংলেছ কথাবোৰৰ লগত সাঙুৰিলে বেয়া পাওঁ।’

’অহ, এতিয়া তোৰ সংসাৰখন মানে তোৰ কাৰণে মিনিংলেছহে হ’ল। আচলতে তোৰ এই পপুলাৰিটীয়ে বেয়াকৈ মূৰত ধৰিছে অ আই। শেষ কৰি পেলাইছ তই নিজকে। তই এনেকৈ চব হেৰুৱাইছ আৰু এদিন মোকো হেৰুৱাবি। চাই থাক।'

’হ’ব এইচব কথা মোৰ এতিয়া শুনি থাকিবলৈ সময় নাই মা, ৰাখিছো।’

কথাকেইটা কৈ মামু ওৰফে মন্দাকিনী বৰুৱায়ে মাকৰ লগত কথা পাতি থকা ফোনটো কাটি বিছনাত দলিয়াই দি বৃহতাকায় ড্ৰেছিংখনৰ ওচৰলৈ গ’ল। ইমান সময় মাকৰ লগত অদৰকাৰী কথাত লাগি থাকোঁতে তাইৰ আচল কামখিনি সামৰিবলৈকে আছে। মামুৱে জানিছিলেই এইটো কথা শুনাৰ পিছত যে মাকে দীঘলকৈ লেকচাৰ দিব, লগতে ইম'শ্যনেল অত্যাচাৰ। আজি ৰাতি তাই নতুন দিল্লীলৈ যাব লাগিব। কাইলৈ তাতে অনুষ্ঠিত হ’বলগীয়া মিটিং এখনত তাইক মুখ্য অতিথি হিচাবে আমন্ত্ৰণ কৰিছে। আজি সন্ধিয়ালৈ ফ্লাইট আৰু মামুৰ এতিয়ালৈকে পেকিং কৰা হোৱাই নাই। শুই উঠি পেকিং কৰাৰ কথা ভাবোঁতেই মাকি ফ’ন কৰি মিছামিছি কিছুমান কথা কৈ তাইৰ মূৰটো চোবাইছে। ইফালে আজি একসপ্তাহমান তাই ভালকৈ শুবলৈও পোৱা নাই। কালি ৰাতিও মিটিং এখন কৰি ঘৰ আহি পাই মানে প্ৰায় এঘাৰটামানেই বাজিল। আজি পুৱা একো কাম নথকা স্বত্বেও সাৰ পাই আছিল যদিও দেৰিকে উঠিব বুলি ভাবি এনেই বিছনাত  পৰি থাকোঁতেই মাকৰ ফ’নটো আহিল।

আইনাখনৰ ওচৰলৈ আহি সোঁফালে থকা ড্ৰয়াৰটো খুলি বিভিন্ন ৰঙৰ নেইল পলিচৰ ভিতৰৰপৰা আকাশী ৰঙৰ নেইল পলিচটোৰ সৈতে ৰিম’ভাৰ এটা উলিয়াই আনিলে। কাইলৈ পিন্ধিব লগা আকাশী ৰঙৰ শাৰীখনৰ লগত মিলাই লগাওঁ বুলিয়েই নখৰ পৰা মামুৱে পৰহি লগোৱা ক’লা ৰঙটো এৰুৱাবলৈ ধৰিলে।

তাই বাৰু জীৱনটোক মাকে কোৱাৰ দৰে চিনেমাৰ নিচিনা কৰি পেলাইছে নেকি! সকলো গুচি যোৱাৰ দৰে যদি মাকো গুচি যায়! দেউতাকেতো তাইক অকল বিয়াখন দিবলৈহে ৰৈ আছিল। এহ যাহ তাই যি কৰি আছে ঠিকেই কৰি আছে। এইবোৰ কথা ভাবিবলৈ হ’লে তাই জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিব। দিল্লীৰপৰা আহিয়েই ডিভ'ৰ্ছৰ কেছ ফাইল কৰিব লাগিব। এনেকৈ আৰু নোৱাৰি। চাৰে তিনিবছৰ হ'ল একেলগে নথকা ইফালে আইনীভাৱে একো হোৱাও নাই।

নেইলপলিছৰ কামবোৰ কৰি উঠি মামুৱে তাইৰ দিল্লী জাৰ্ণিৰ কাৰণে লগা যাৱতীয় বস্তুবোৰ পেকিং কৰি গা-পা ধুই ওলাই গ’ল মাইনা আৰু বুবুক লগ কৰিবলৈ। এসপ্তাহৰ কাৰণে তাই অসমত নাথাকে। গতিকে সিহঁতক যদি আজি তাই লগ কৰি নাহে, পিছত দুইটাই তাইক খাই মাৰিব। ড্ৰাইভিং চিটত বহি মামুৱে লুকিং মিৰৰকেইখন ঠিক কৰি লওঁতে তাই নিজৰ মুখখনলৈ চকু গ'ল। আচলতে ছোৱালীবোৰৰ কৰবাত আইনা এখন পালে নিজৰ মুখখন এবাৰলৈ হ’লেও চোৱাটো অভ্যাসেই গতিকে থাউকতে পাওঁতে মামুৱেনো কিয় নাচাব! দীঘল ভিজা চুলিখিনিৰে সৈতে আজি মামুৱে নিজকে বৰ ধুনীয়া দেখিলে। এনেও ধুনীয়া শব্দটো তাইৰ কাৰণে একো নতুন শব্দ নহয়। কিন্তু তাই নিজকে ধুনীয়া খুব কমেই দেখে। অকমানতে সন্তুষ্ট নোহোৱাটো মামুৰ জন্মগত স্বভাৱ বুলিবই পাৰি। সেয়ে চাগে আজি তাই বিচৰামতে চব পাইছে। আৰু পোৱাবোৰৰ বাবে থকাখিনিক চাগে অজানিতে হেৰুৱাইও পেলাইছে। আইনাত নিজকে আকৌ এবাৰ চাই মামুৱে ষ্টিয়েৰিং পকালে।

আইনাখনত আজি মামুৱে তাইক নিজকে ধুনীয়া দেখিছিল যদিও উকা কপালখনৰ সৈতে চকুহাল খুব ভাগৰুৱা যেন লাগিছিল।কপালখনত সেন্দুৰৰ আঁক নপৰা আজি চাৰে তিনিবছৰমানেই হ’ল চাগে। ’এহ এইকেইদিন ৰেষ্টলেছ ভাবে ঘূৰি আছে কাৰণে চাগে তেনেকুৱা লাগিছে, লগতে চকুত আজি কাজলো লগোৱা নাই ’ বুলি মনতে ভাবি এক্সিলেটৰডাল দবালে।

মাইনা আৰু বুবু তাই যাব বুলি শুনি স্কুল নগ'লেই। মামু গৈ পোৱালৈকে ঘৰৰ গেটৰ ওচৰতে ৰৈ আছিল দুইটা। পেহীয়েক বুলি ক’লে সিহঁত দুইটাই চব পাহৰি যায়। আনকি মাক-দেউতাককো নালাগে। মামুৱে সিহ‍ঁত দুটালৈ লৈ যোৱা বস্তুবোৰ দি অলপ সময় থাকি গুচি আহিল। ককায়েক নাই অফিচ গ’ল বৌৱেকো কিবা মহিলা সমিতিৰ কামত ওলাই গ’ল। আজিকালি মামুৱে বুজা হৈছে কিয় ককায়েক বৌৱেকৰ তাইৰ প্ৰতি ইমান আগ্ৰহ নোহোৱা হৈছে। তাই আহিব বুলি গম পালে কিবা এটা কৰি ইহঁত দুটাক ঘৰত থৈ ওলাই যায়। নাযাও বুলি ভাবিলেও বুবু মাইনাৰ কাৰণেই সপ্তাহত দুবাৰকৈ যাব লগা হয়। লাহে লাহে যে মাকো তাইৰপৰা আঁতৰি গৈছে মামুৱে বুজি পাইছে। মামুৱে ভাবে তাইনো এনেকুৱা কি ভুল কৰিলে নিজৰ মানুহবোৰো যে তাইৰপৰা আ‍ঁতৰি গৈছে।

জালুকবাৰীৰপৰা চানমাৰি পাওঁতে আজি তাইক বেছা সময় নালাগিল। আচলতে এই দুপৰীয়া সময়কণত ট্ৰেফিক অলপ কম থাকে সেয়ে চাগে। ঘৰ পাইয়ে তাই নাইটিটো গাত সোমোৱাই বাথৰূম পালেগে। কিয় জানো আজি তাইৰ মনটো ভাল লগা নাই। আৰু উকা কপালখন দেখাৰপৰাই অমিতলৈ দেখোন বৰকৈ মনত পৰিছে। হাত-মুখকেইটা ধুই আহি তাই পাণবজাৰৰ ফুডভিল্লাৰপৰা পেক কৰাই অনা চিকেন ৰ’লটো খাবলৈ লৈ ৰৈ গ’ল, মনেই যোৱা নাই দেখোন খাবলৈ। আজি বহুতদিনৰ মূৰত তাইৰ নিজকে ভাগৰুৱা আৰু অকলশৰীয়া যেন লাগিল। মাকে কোৱাৰ দৰে তাইৰ বাৰু পপুলাৰিটীবোৰে আমুৱাইছে নেকি! 

কি কৰিম কি নকৰিম কৈ তাই ড্ৰেছিঙৰ ড্ৰয়াৰতে থৈ দিয়া নিজৰ বিয়াৰ ভিডিঅ কেছেটখন বিছনাতে থকা লেপটপটোত লগাই ল’লে। ৰঙা টিকটিকিয়া ফোটটোৰে তাইক..... আহ কি যে এক অধ্যায় আছিল এইটোও এটা। বিয়া হৈ অমিতৰ লগত মাত্ৰ দুটা বছৰ কটাবলৈকে মামুৱে ঘৰৰ লগত ইমান যুঁজিছিল নেকি বাৰু। ধেই আজিনো তাই কি পাহৰণিৰ গৰ্ভখনক আকৌ কুৰুকি কুৰুকি খান্দিছে। এই চাৰে তিনিবছৰ দেখোন মামুৱে আগতকে বহুত সুখত আছে। নিজৰ মতে উঠিছে, নিজৰ মতে ঘূৰিছে সকলো নিজৰ মতেই কৰিব পাৰিছে। সুখতেই যদি আছে মাজে মাজে বিয়াৰ কেছেটটো কিয় উলিয়াই চাই তাই!

’চেহ আজি কি অদৰকাৰী কথাবোৰ মনত পেলাই আছো’ বুলি মামুৱে লেপটপটো বন্ধ কৰি আকৌ এবাৰ বাথৰূম পালেগে। বাথৰূমৰ চাৱাৰটো খুলি দি মামু তাতে বহি পৰিল।আজি সন্ধিয়ালৈ ফ্লাইট আছে অলপ পিছতে ওলাই যাব লাগিব। আৰু তাই এতিয়া কি কৰি আছে। ফ্লাইটৰ কথা মনলৈ অহাৰ লগে লগে মামুৱে ঘপকৈ চাৱাৰৰ তলৰপৰা উঠি আহিবলৈ বিচাৰিলে যদিও নোৱাৰিলে। তেনেকৈয়ে একঘন্টামান বহি থাকি পুনৰ ৰূমলৈ আহিল। তাই আজি সঁচাকৈয়ে ভাগৰি পৰিছে। ইমানদিনে কেতিয়াবা কোনোবাখিনিত ভাগৰুৱা যেন লাগিলেও জুবিন গাৰ্গৰ 'মই ভাগৰা নাই জীৱন হেৰুৱা নাই' গান শুনিলে সকলো দূৰ হৈছিল। কিন্তু আজি তাই পৰা নাই। এনেকৈ হ'লে কাইলৈ থকা মিটিংখন এটেণ্ড কৰিব নোৱাৰিব য'ত তাই পতি পত্নীৰ সম্পৰ্কক লৈ বৰ বৰ ভাষণ দিব। যাৰ ভাষণে বহুত সংসাৰ ভাঙি যোৱাৰপৰা যোৰা লগাইছে। কিন্তু তেওঁৰ নিজৰ সংসাৰখনেই কৰিছে বা কি।

চাইক'লজীত এম এ এম ফিল পি এইচ ডি মন্দাকিনী বৰুৱা। সৰুৰেপৰা নিজক নিজৰ ভৰিত থিয় কৰাবলৈ অদম্য হেঁপাহ থকা ছোৱালীজনী, বহুতৰ কাৰণে প্ৰেৰণাৰ উৎস। জীৱনত যিটোকে কৰিব বিচাৰিছে নিজৰ বলত তাকেই পাৰিছে। এতিয়া সন্দিকৈ কলেজত লেকচাৰাৰ হিচাপে কৰ্মৰত মন্দাকিনিজনীতকৈও মানুহে চিনি পায় 'ৰিলেশ্যনশ্বিপ মটিভেশ্বনেল স্পিকাৰ'গৰাকীক। নিজৰ কলেজৰ দিনৰ প্ৰেমক বিবাহেৰে সফল কৰি এসময়ত ৰিলেশ্যনশ্বিপ আৰু লাইফৰ ওপৰত বক্তৃতা দি বিশেষভাৱে জনপ্ৰিয় হৈ উঠা মামুৰ আজিকালি এটা YouTube ভিডিঅ  এৰাতিৰ ভিতৰত মিলিয়ন ভিউজ পায়, তাতকৈ আৰু কি লাগে। 

অমিত দাস আৰু মন্দাকিনী বৰুৱাৰ এফেয়াৰ চলি আছে। এই খবৰটো ডিগ্ৰী ছেকেন্ড ইয়েৰ নালাগে কলেজখনতে বিগ ব্ৰেকিং নিউজ আছিল। এই খবৰটো এসময়ত সেইখন কলেজৰে বুৰঞ্জীৰ প্ৰফেচৰ মন্দাৰ দেউতাক অমল বৰুৱাৰ কাণতো পৰিছিল। যিয়ে সিহঁতৰ ঘৰখনলৈ আহিছিল অশান্তিৰ ৰূপত। 

অমিত দাস এজন ল'ৰা হিচাপে খুবেই ভাল একমাত্ৰ তাৰ কাষ্টটো বাদ দি। এখন ব্ৰাহ্মণ ঘৰৰ ছোৱালীক কেনেকৈ দাস উপাধিৰ ল'ৰাটোৰ লগত বিয়াত বহিবলৈ মত দিয়ে মাক-দেউতাকে। কিন্তু মন্দা নাচোৰবান্দা। কলেজ পাছ কৰি দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আহিল কিন্তু সিহঁতৰ প্ৰেম অটুত থাকিল। অৱশেষত তাইৰ যুদ্ধৰ অন্ত পৰিল আৰু কটন কলেজৰ ফিজিক্সৰ লেকচাৰাৰ অমিত দাসৰ পত্নী হিচাপে নতুন পৰিচয় ল'লে।

মন্দা অমিতৰ প্ৰেম কাহিনীৰে মামুৱে ইউনিভাৰ্চিটিত থাকোতে এটা ব্লগ লিখাৰ আৰম্ভ কৰিছিল যিটোৱে অতি কম সময়ৰ ভিতৰতে পপুলাৰ হৈ পৰিছিল। Google ত ৰেংক কৰিবলৈও সক্ষম হৈছিল তেতিয়াৰ পৰা তাই ৰিলেশ্যনশ্বিপ ব্লগাৰ হিচাপে আন এটা পৰিচয় হ'ল। ফেচবুক টুইটাৰত তাইৰ পোষ্টবোৰ কিছু ভাইৰেল হ'বলৈ ধৰিলে। লাহে লাহে অমিতৰ কথামতে YouTubeত ভিডিঅও দিবলৈ ল'লে। YouTube চেনেলটোৱেও কমসময়তে জনপ্ৰিয়তা লাভ কৰিলে। তাৰপিছৰপৰাই তাইৰ প্ৰায় সময় নোহোৱা নিচিনাৰ। কলেজৰপৰা আহিয়েই প্ৰায়ে মিটিঙলৈ ওলাই যাব লাগে। অমিতেও এইক্ষেত্ৰত মামুক বহুত সহায় কৰিছিল। যেতিয়া সিহঁতৰ বিয়া হৈছিল বুলি মামুৰ ফেন ফল'ৱাৰবোৰে গম পাইছিল তাইৰ মেইল মেছেজৰ ইনবক্স বিয়াৰ শুভেচ্ছাৰে ভৰ্তি হৈ গৈছিল। সকলোৰে শুভেচ্ছাৰে মন্দা অমিতৰ সংসাৰ দুবছৰ ঠিকেই চলি থাকিল। কিন্তু কেণাটো লাগিল সেইখিনিত যেতিয়া অমিতে সংসাৰ বঢ়োৱাৰ কথা মামুক ক'লে। মামু এইক্ষেত্ৰত কোনোপধ্যেই একমত নহয়। তাই বৰ্তমান এইবোৰ ভাবিবই নোৱাৰে। মামুক অমিতৰ লগতে ঘৰৰ মানুহেও বহুত বুজাইও বুজাব নোৱাৰিলে আৰু অৱশেষত জেদী মামুৱে অমিতৰপৰা বেলেগে থকাৰ সিদ্ধান্ত ল'লে।

হঠাৎ কেনেকৈ মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে। অমিতৰ লগতে মামুৰ ঘৰৰ মানুহো আচৰিত হৈছিল। কেনেকৈ অধিক জনপ্ৰিয়তাই মানুহক অন্ধ কৰিব পাৰে সেইয়া মামুৱে ভালদৰে দেখুৱাই দিলে। তথাপিও যিমান ভুল কৰিলেও নিজৰেই পেটৰ সন্তানকটো মাক-দেউতাকে দলিয়াই পেলাব নোৱাৰে। সেয়ে যি কৰ কৰি থাক বুলি লাহে লাহে মাক-দেউতাকে গা এৰা দিলে। তেওঁলোকৰ দুখ লাগিল অমিতলৈহে। আইনীভাৱে সিহঁতৰ মাজত বিবাহ বিচ্ছেদ নহ'লেও মামু অমিত এতিয়া বেলেগকৈ থাকে। মামুৱে তাক বিচ্ছেদ দিবলৈও ৰাজি আছিল কিন্তু সেইটো অমিতে হ'বলৈ দিয়া নাছিল। যিমান যি কৰিলেও কিয় জানো তাৰ প্ৰেমত কিবা এটা বিশ্বাস আছিল। এদিন হ'লেও যেন মামুৱে নিজৰ ভুল বুজি পাব। আশাত বন্দী অমিত আজি চাৰে তিনিবছৰে মামুৰ বাবে অপেক্ষাৰত। কিন্তু মামুৰ কোনো খবৰেই নাই সেইবোৰলৈ। আজিকালি তাই ফেন ফল'ৱাৰবোৰৰপৰা বেলেগ কথা ভাবিবলৈ সময়েই নাই। কলেজৰ বেছিখিনি সময় ছুটিত থাকি মিটিং কৰি থাকোতেই যায়। তাই তেনেকৈয়ে সুখী।

কেতিয়াবা অমিতৰ মন যায় তাইক লগ ধৰিবলৈ। কিন্তু 'মেন ইগ' বুলি বস্তু এটাও আছেটো। সেয়ে সি ৰৈ যায়। আজিকালি সি হেঙেৰাবাৰীত মামুৰ মাকৰ ঘৰৰ কাষতে ভাড়া ঘৰ লৈ থাকে। তথাপিও সি মামুক লগ পোৱা নাই। মানে তাইৰ যিহে ব্যস্ততা মাকৰ ঘৰলৈও আহিবলৈ সময় নাপায়। আহিলেও ৰাতি আহি ভাতকেইটা খাই গুচি যায়। ব্যস্ততা নে তাই পলাই ফুৰিছে তাৰপৰা! 

কিন্তু মামু যিমান ব্যস্ত থাকিলেও যে ককায়েকৰ যঁজা ল'ৰা-ছোৱালী দুটালৈ কেনেবাকৈ সময় উলিয়াব সি জানে। সিহঁতৰ বিয়াৰ কেইমাহমানৰ আগে আগে এক দুই মিনিটৰ অগাপিছাকৈ জন্ম হোৱা বুবু মাইনালৈ তাইৰ খুব মৰম। সিহঁত হালেও পেহীয়েক বুলি ক'লে পৰি মৰে। এটা কথা অমিতৰ আচৰিত লাগে যিজনী ছোৱালীয়ে নিজৰ ভতিজাকক ইমান মৰম কৰিব পাৰে সেই একেজনী ছোৱালীয়েই নিজৰ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত ইমান বিৰোধ কিয়? যাৰ কাৰণে প্ৰেম বিবাহকো দলিয়াই পেলাইছে। সঁচাকৈয়ে আচৰিত মানুহ নামৰ প্ৰাণীটো দেই!

মামুৱে ইমান বছৰে নভবাকৈ থকা কথাবোৰে তাইক আজি বৰকৈ আমনি কৰিছে। ইমান সৰু কথা এটাতে তাই অমিতৰ নিচিনা ল'ৰাটো যাৰ লগত সাতবছৰ প্ৰেম কৰি ঘৰৰ লগত সমাজৰ লগত যুদ্ধ কৰি সংগ্ৰামৰ মাজেৰে প্ৰেমক পূৰ্ণাংগ ৰূপ দিছিল। সেই অমিতকে নিজৰ স্বাৰ্থৰ কাৰণে দলিয়াই পেলাবলৈ এবাৰো নাভাবিলে। তাক এৰি অহাৰ পিছত এবাৰলৈও তাৰ কথা নোসোধা ছোৱালীজনী কিমান নিষ্ঠুৰ হ'ব পাৰে। আকৌ বোলে তাই বেলেগৰ সংসাৰ যোৰা লগায়। তাইৰ ঘূণে ধৰা সংসাৰখনৰ কথা ফেন ফল'ৱাৰবোৰে গম পালে কি হ'ব? চাৰে তিনিবছৰৰ আগতে ভাঙি যোৱা সংসাৰখনৰ কথা ভাবি থাকোতে তাই যে এয়াৰপৰ্টলৈ ওলোৱাৰ সময় হ'ল গমেই নাপালে। 

নাই তাই আজি কোনোপধ্যেই দিল্লী যাব নোৱাৰে। তাই আজি বহুত ভাগৰুৱা। আজিহে উপলব্ধি কৰিলে মামুৱে তাই কিমান অকলশৰীয়া। মামুৱে দিল্লীলৈ নোযোৱাটোকে সিদ্ধান্ত লৈ মিটিংখনৰ কনটেক্ট পাৰ্চনলৈ হাততে থকা স্মাৰ্টফোনটোতে ক্ষমাপ্ৰাৰ্থনাৰ মেইল এটা কৰি তাইৰ প্ৰফেচনেল নম্বৰটো বন্ধ কৰি দিলে।

এনেদৰেই দুপৰীয়া পাৰ হৈ আবেলি হ'ল। কাক ফ'ন কৰিব ধৰিব পৰা নাই। অমিতক নে মাকক। অমিতক ফ'ন কৰিলে সি তাইৰ ফ'ন ৰিচিভ কৰিব জানো! ইমানদিনে  ফ'নটো বাদেই  মেছেজৰ ৰিপ্লাই নকৰা মামুজনীক জানো অমিতে ক্ষমা কৰিব। সকলোবোৰ ভাবি মামুৱে গধূলি মাককে ফ'নটো লগালে। বহুত সময় ৰিং কৰি থকাৰ পিছত মাকে তাইৰ কলটো ৰিচিভ কৰোতেই 'মা অমিত ক'ত আছে?' মাকে তাইৰ মাতত প্ৰথমতে থতমত খাই আকৌ সুধিলে 'কি কৈছ?'

' মা প্লিজ মোক অমিতৰ ওচৰলৈ লৈ ব'লানা।' বুলি তাই নিজৰ কান্দোনক বাধা দিব নোৱাৰিলে। আজি বহুত দিনৰ মূৰত মামুৱে নজনাকৈয়ে তাইৰ বুকুখন দহি থকা দুখবোৰ কান্দোন হিচাপে ওলাই আহিল। তাইৰ কান্দোন শুনি মাকো ৰৈ থাকিব নোৱাৰিলে। কান্দি কান্দি এসময়ত মামুৱে নিজেই ফ'নটো কাটি বহি থকা জেগাতে শুই পৰিল। পুৱা কলিংবেলৰ শব্দতহে তাই সাৰ পালে। কান্দি ফুলি থকা চকুকেইটা মোহাৰি যেতিয়া দুৱাৰ খুলিলে তাই অলপ সময়ৰ কাৰণে বৰ্জপাত পৰা মানুহৰ দৰে স্থৱীৰ হৈ পৰিল। এইয়া কি দেখিছে তাই অমিতৰ লগত দেখোন তাইৰ মাক থিয় হৈ আছে।

অমিতক দেখি মামুৱে কি কৰিব কি নকৰিব থিয় হৈ থাকোতে যেতিয়া অমিতে 'মানা' বুলি সেই বিশেষ নামটোৰে তাইক মাতিলে, মামু আৰু ৰৈ থাকিব নোৱাৰিলে। মাকৰ উপস্থিতিকো পাহৰি তাক গবা মাৰি ধৰি সৰু ছোৱালীৰ দৰে উচুপি উঠিল। ভালপোৱাৰ সুবাসে আকৌ এবাৰ ঘৰটো মলমলাই তুলিলে।

Thursday 9 July 2020

লক্ষী

'মা দেউতাই লক্ষীক কিয় ইমান ধুনীয়াকৈ উলিয়াই আছে? আজি তাইক কোনোবাই লৈ যাব নেকি?' স্কুলীয়া চাৰ্টটো পেন্টটোত খুচি খুচি বাবুৱে বহুত দেৰিৰপৰা দেউতাকক লক্ষীৰ ওচৰত ৰৈ থকা খিড়িকীখনেদি দেখি মাকক সুধিলে।

'সদায় দেখোন দেউতাৰে লক্ষীক এনেকৈয়ে মৰম কৰে। তঁহত এতিয়া স্কুললৈ যা।' বাবুৰ মাকেও ককালৰ খুচনিৰপৰা ওলাই যোৱা চাদৰখন আকৌ এবাৰ খুচি বাবুক আৰু মাইনাক স্কুললৈ আগবঢ়াই দিবলৈ ওলাই আহিল।

'ঠিক আছে তঁহত যাবি, গৰমটোও বৰ পৰিছে বেছি দৌৰি-ঢাপৰি নুফুৰিবি স্কুলত।' বাবু মাইনা দুয়ো গেটখন মাৰি ওলাই যাবলৈ লঁওতেই মাকে চিঞৰি কথাকেইটা কৈ দেউতাকৰ ওচৰ পালেহি। অথনিৰেপৰা মানুহজন আৰু লক্ষীয়েনো কি কথা পাতিছে সিঁহতেহে জানে। মানুহজনে বাৰে বাৰে তাইৰ গালে-মুখে হাত ফুৰাই দিয়ে আৰু তাইঝ কাণ মূৰ জোকাৰি জিভাখন উলিয়াই তেখেতৰ হাতখনকে চেলেকিবলৈ ধৰে।

'বেয়া লাগিছে চাগে মনটো।'

'হা হা... ওহো হো... অলপ' বুলি ঘৈণীয়েকে সোধা কথাষাৰত চোবাই থকা তামোলখিনিৰ পিকখিনি পেলাই মূৰটো জোকাৰি মানুহজনে উত্তৰটো দি আকৌ এবাৰ লক্ষীলৈ চালে। লক্ষীৰো চকুৰ কোণকেইটা চকুপানী ওলাবলৈ ধৰাৰ দৰে সেমেকি আছে। তাইও যেন কিবা এটা বুজিহে পাইছে। কথা ক'ব নোৱাৰিলেনো কি হ'ল তাইও এটা জীৱহে। জীৱ-জন্তু হ'লেও মৰমবোৰটো সিঁহতেও বুজি পায়।

'কথা এটা কচোন আজি এইৰ এইখন ঘৰলৈ অহাৰ কেইবছৰ হ'ল।' মানুহজনে লক্ষীৰ চকুৱে মুখে হাত ফুৰাই ঘৈণীয়েকক সুধিলে।

'ৰ'ব দেই, কৈ আছোঁ।' বুলি মানুহগৰাকীয়ে কিবা এটা আঙুলি মূৰত হিচাপ কৰিবলৈ ধৰিলে। কেঞা আঙুলিটোৰ ওপৰৰ পাবৰপৰা তলৰ পাবটোলৈকে কেইবাবাৰো হিচাপ কৰি মানুহজনীয়ে উত্তৰ দিলে 'কিয় তাই আমাৰ বাবুৰ লগৰে নহয় জানো। বাবুৰ জন্মৰ দুমাহৰ পিছতে এইৰ জন্ম আকৌ। সেইখিনি কথা মোৰ ভালদৰে মনত আছে। যিকণ সময়ত মোক ঘৰুৱা গাখীৰ অকণমানৰ অতি প্ৰয়োজন আছিল সেইসময়কণতে যেনিবা এইৰ মাকে এইক জন্ম দি আমাক বহুতখিনি সকাহ দিছিল।'

'মানে এতিয়া এইৰ নবছৰ হ'ল। হয় দে নবছৰে সৰুৰেপৰা ডাঙৰ কৰি এতিয়ানো নজনা-নুশুনা মানুহৰ হাতত কেনেকৈ গতাই দিওঁ।' মানুহজনে মানুহগৰাকীৰ কথাত হয়ভৰ দি আকৌ এবাৰ হুমুনিয়াহ কাঢ়িলে।

লক্ষী কাকতিহঁতৰ ঘৰৰ একেবাৰে সন্তানৰ দৰে। কাকতিৰ সৰু ল'ৰাটোৰ জন্ম বছৰে লক্ষীৰো জন্ম। তাই পিয়ন এৰাৰ কিছুদিনৰ পিছতে বুঢ়ীমাকজনী মৰি থাকে। সেই তেতিয়াৰেপৰা কাকতিৰ দেখোন তাইৰ প্ৰতি থকা মৰম দুগুণে বাঢ়ে। কাকতিক দেখিলে যিটো কায়দাতহে আগবাঢ়ি আহি কাকতিৰ ভৰিখনত চেলেক এটা মাৰে, তাইৰ সেই স্বভাৱটোৰ কাৰণেই চাগে কাকতিৰ তাইৰ প্ৰতি মৰমটো বেছি হয়।

দেখাত আন দেছী গৰুবোৰতকৈ ওখ-পাখ হিষ্ট-পুষ্ট কাৰণে বহুতে আকৌ তাইৰ কাষ চাপিবলৈকে ভয় কৰে। মৰমতে কাকতিয়ে লক্ষী বুলি মাতোতে সেইকণৰ গোটেই চুবুৰীটোৰ কাৰণে তাই লক্ষী হৈ পৰিছিল।

লক্ষীৰ লগত কাকতিয়ে যেনেকৈহে কথা পাতি থাকে চকুৰে নেদেখিলে কোনোবা মানুহৰ লগত কথা পতা বুলি ভুলেই হ'ব। লক্ষীয়ে যদি কোনোবাদিনা কাকতিক দেখিও হেম্বেলনি এটা নামাৰে সেইদিনা কাকতিৰ চিন্তা হৈ যায় কেনেবাকৈ তাইৰ গা বেয়া নেকি। পাৰিলেটো ওচৰতে থকা ভেটেনেৰি হস্পিতেলখনলৈ লৈ যায়। কাকতি আৰু লক্ষীৰ এই মৰমৰ সম্পৰ্কটো ঘৰৰ আন সদস্যলৈও বিয়পিবলৈ বেছি দিন নালাগিল।

কাকতিৰ ল'ৰা-ছোৱালীকেইটাৰো যেন লক্ষীৰ প্ৰতি মৰমবোৰ দিনে দিনে বাঢ়িবলৈ ধৰিলে। বাবুৰ কথাটো ক'বই নালাগে লক্ষী মানে তাৰ দেহলাওটোহে। আজি যে লক্ষীক কোনোবাই নিবলৈ আহিব সেইকথা সিহঁতক কোৱা নাই। দুয়ো গিৰিয়েক ঘৈণীয়েকে লক্ষীৰ লগত লাগি থাকোতে সিফালে আগফালে চাইকেলৰ টিলিঙাৰ শব্দ শুনি মানুহগৰাকী ওলাই গ'ল।

বাঁওহাতখনৰ তলুৱাত চাধা এপালি লৈ সোঁহাতখনৰে মলি চাইকেল খনৰ গাতে ভেজা দি ৰৈ আছে তেওঁলোকৰ ঘৰৰ ওচৰৰে হাজৰিকা। হাজৰিককা দেখিয়েই বুজিবলৈ বাকী নাথাকিল কাকতিৰ ঘৈণীয়েকৰ। এওঁ নিশ্চয় আজিও লক্ষীৰ গোচৰ তৰিবলৈকে আহিছে।

লক্ষীৰ লগত অহি-নকুল সম্পৰ্ক হাজৰিকাৰ। কিমানবাৰ যে তাইক তেঁও খোৱাৰত নাই থোৱা। এতিয়া গৰুহে মানুহটো নহয় বুজি পাবলৈ যে এবাৰ জেইলত সোমাই অহাৰ পিছত পিছৰবাৰ আকৌ বেয়া কাম নকৰাৰ শপত ল'বলৈ। তাইৰ কাৰণে কাকতিও হাজৰিকাৰ লগত কেতিয়াবা ফেপেৰি পাতি লাগে। গোচৰ এটাই যে লক্ষীয়ে জপনা পাৰ হৈ তেওঁৰ চোতালত লহপহকৈ গজি থকা ঘাঁহখিনি খালেগৈ। তেওঁ তাইক সঠিক সময়ত নেদেখা হ'লে চাগে বাৰীখনত গজা লাওপুলি, জিকাপুলি এটাও নাথাকিলহেঁতেন।

কেতিয়াবা এনেকৈ গোচৰ দিবলৈ আহিলেও কাকতিয়ে হাঁহি হাঁহি কয় আপুনিনো গৰুবোৰৰ লোভ লগাই চোতালত ঘাঁহবোৰ গজাই কিয়? আৰু লক্ষীয়ে জানো জেওৰা ভাঙিছে তাইটো এডালো জেওৰা নলৰোৱাকৈ পাৰ হৈ গৈছে। ইফালে যদি বাৰী অনিষ্ট কৰাৰ কথা ভাবিছে আপুনি দেখোন সময়ত উপস্থিত হ'লেই। কাকতিৰ কথা শুনি হাজৰিকাৰ বুজিবলৈ বাকী নাথাকে যে এইজনাক গোচৰ দি লাভ নাই নিজেই ব্যৱস্থা ল'ব লাগিব। সেয়েহে তাৰপিছৰপৰাই তেখেতে নিজেই তাইক খোৱাৰত সোমোৱাই থৈ আহি কাকতিহঁতক খবৰ দিয়ে।

আজিও হাজৰিকাই লক্ষীৰে গোচৰ লৈ আহিছে বুলি নিশ্চিত হৈ আগবাঢ়ি যোৱা মিছেচ কাকতিক ভুল প্ৰমাণিত কৰি হাজৰিকাই ক'লে যে কাকতিক এবাৰ তেওঁলোকৰ ঘৰলৈ পঠাই দিবলৈ তামোল একবস্তা পুতিব লগা আছে। তাৰ গাতৰ জোখটো চাই দিবলৈ। তেতিয়াহে মিচেছ কাকতিৰ মনটো ভাল লাগিল হাওক তেওঁ আজি অন্ততঃ তাইৰ গোচৰ লৈ অহা নাই।

আজি বাৰু তেওঁ তেওঁৰ ল'ৰা-ছোৱালী দুটিক ফুচুলাই স্কুললৈ যাবলৈ বাধ্য কৰালে। কাইলৈ কি বুলি বুজনি দিব সেইটোহে বিচাৰি পোৱা নাই। এনে ইহঁত দুটাৰ লগত লক্ষীও ওলাই যায়, সিহঁতৰ স্কুলৰ ফিল্ডতে চৰি থাকেগৈ। ছুটিৰ লগে লগে সিহঁতৰ লগত আহি ঘৰৰ ওচৰ পাইহি, তাতে অলপ দেৰি চৰি থাকি সন্ধিয়া হোৱাৰ আগে আগে ঘৰ সোমাইহি। কোনোদিনে তাইক বিচাৰি যাব লগা হোৱা নাই, খোৱাৰত থকা কেইদিন বাদ দি। তাইৰ প্ৰকাণ্ড শৰীৰটো দেখি বহুতে কাষেদি যাবলৈও ভয় কৰে। শৰীৰটোহে প্ৰকাণ্ড কিন্তু স্বভাৱ একেবাৰে নম্ৰ। কেতিয়াবা বাবুয়ে কয় 'আমাৰ লক্ষীৰ নিচিনা ভদ্ৰ গৰু নাইয়ে। কাকো খুচিবলৈও নাহে আৰু কাৰো ঘৰৰ জেওৰাও নাভাগে। বীৰৰ দৰে পাৰ হৈ সোমাই যায়।

কেতিয়াবা তাই মেইন ৰাষ্টাত এনেকৈ থিয় হৈ থাকে যে গাড়ীয়ে হৰ্ণ মাৰি থাকিলেও ৰাষ্টা এৰি নিদিয়ে। গাড়ীৰপৰা কোনোবা নামি আহি তাইক খেদাব লগা হয়। কিন্তু এই কাণ্ড কাকতিয়ে দেখি এবাৰ মাত্ৰ লক্ষী বুলি মাতটো লগোৱাৰ লগে লগে তাই আতৰি যায়।

কাকতি কেতিয়াবা সন্ধিয়া ঘৰত নাথাকিলে ল'ৰা-ছোৱালীহালে পঢ়াৰ টেবুলত মুঠেও নবহে। কিন্তু কাকতি জপনা খুলি সোমাল কি নোসোমাল সিহঁত দুইটা গৈ পঢ়া টেবুলত বহি যায়। মানে লক্ষীৰ 'হেম্বে'শব্দই সিহঁতক সচকিত কৰি দিয়ে যে দেউতাক আহি পালেহি। সেই লক্ষীকে আজি লৈ যাব সিহঁতৰ ঘৰৰপৰাই। উপায় নাই বহুত কষ্টত এই সিদ্ধান্ত লোৱা হৈছে। জীৱ-জন্তু হ'লেও সিহঁতে মৰম বুজি পায়।

তাই বিক্ৰী কৰিবলৈ ওলাই কাকতিৰ নিজকে স্বাৰ্থপৰ যেন লাগিছে। ইমানদিনে তাই গাখীৰ কেইটোপাল দি আছিল কাৰণে ভাল আছিল, মৰম কৰিছিল। এতিয়া গাখীৰ নালাগে তাইৰ পেটত পোৱালিয়ে নোৰাৱা হৈছে। ভেটেনেৰি ডাক্তৰৰ মতে তাইৰ আশা এৰি বেলেগ এজনী গৰু অনাই ভাল। সেই কথামতেই কাকতিৰ এই সিদ্ধান্ত। কিমান স্বাৰ্থপৰ হ'ব পাৰে এই মানুহজাতিটো। আচলতে অইন জীৱতকৈ বেছিকৈ চিন্তা কৰিব পাৰে কাৰণেই চাগে এনেবোৰ সিদ্ধান্ত সময়তকৈ আগতে ল'ব পাৰে। মিচেছ কাকতি কথাবোৰ ভাবি ভাবি ভিতৰলৈ সোমাই আহিল। নিজকে তেওঁৰ দোষী যেন লাগিল। তাইও চাগে কিবা এটা গম পাইছে সেইকাৰণে পুৱাৰেপৰা হেম্বেলনি এটাও মৰা নাই।

হাজৰিকাক বিদায় দি ভিতৰলৈ আহিবলৈ ধৰোতেই আকৌ গেটখন খোলাৰ শব্দ হোৱাত পিছলৈ ঘূৰি চাই মিচেছ কাকতিয়ে দেখিলে এজন অচিনাকি মানুহ সোমাই আহিছে। এইজনেই চাগে সেইজন যাৰ হাতত আজি লক্ষীক গতাব। মিচেছ কাকতি ভিতৰলৈ সোমাই নগৈ মানুহজন অহালৈ ৰৈ থাকিল। কাষতে খুচুক খাচাক শব্দ শুনি চাই দেখিলে কাকতিয়েও লাহে লাহে লক্ষীক উলিয়াই আনিছে। তাইও মূৰটো তললৈ কৰি গজি থকা ঘাঁহবোৰৰ এডাল দুডাল চিঙি আগবাঢ়িছে। আজিৰপৰা মানে লক্ষী এইখন ঘৰৰ লক্ষী হৈ নাথাকে।