Wednesday 20 May 2020

চন্দনৰ ফোট!



শুধ বগা ধূতি, বগা পাঞ্জাবী, বগা চন্দনৰ ফূটটোৰে মিঠাবৰণীয়া দীৰ্ঘকায় সত্য শৰ্মাক দেখিলেই মনত কিবা এটা ভক্তিভাৱে চুই যায়। ক'লা আগলৈ অলপ দীঘলীয়া পামচুযোৰ পিন্ধি ধূতিৰ আগটো হাতত লৈ ওলাওঁ নোলাওঁকৈ পাতল চুলিখিনিৰ মাজেৰে ওলাই থকা তালুখনতে ফুল এপাহ লৈ মানুহজন সদায় দুপৰীয়া বাৰটামান বজাত ওলাই আহে। তেওঁক সদায়ে তেনেকৈ দেখি দেখি অভস্ত্য হৈ যোৱা মানুহখিনিয়ে আজিকালি নোসোধে আৰু "বৰতা কৰবালৈ যায় হবলা।" বুলি। চবেই জানে এইটো সময়ত বৰতা গৈ আলিকাণত থকা আহঁতজোপাৰ তলত বহি চিলিম এচিলিক টানি আহে। সেইকণ টানি অহাৰ পিছত বৰতাৰ মুখৰ পৰা সেই মিলমিলিয়া হাঁহিটো নুগুচেই।

বৰতাক প্ৰথম দেখাতেই ক'ব পাৰি যে তেওঁ পূজা-পাতলৰ লগত জড়িত ব্যক্তিয়েই হ'ব। তেখেতক দেখিলে বয়সৰ হিচাপটো উলিয়াওৱাটো অলপ টানেই হ'ব। ধূতিখনৰ সৈতে তেওঁক দেখাত ৮০ৰ ওপৰৰ যেনেই লাগে। কিন্তু ভাদমহীয়া দুপৰীয়াৰ টিকাফটা ৰ'দত চাইকেল মাৰি ওলাই অহা দেখিলে কোনেও ক'ব নোৱাৰে তেওঁৰ বয়স যে আশীৰ ওপৰ হ'ল। হওঁতে বৰতা ৮২ বছৰীয়াই কিন্তু মনৰ জোৰটো কিন্তু সাংঘাতিক। এতিয়াও পূজা কৰিবলৈ বুলি ৫/৬ কিলোমিটাৰ চাইকেল মৰাৰ ৰেকৰ্ড আছে। চাইকেলখন আৰু দীঘলনলীয়া ক'লা ছাতিটো থাকিলে বৰতা চিলিম টানি আৰু কোনখিনি পাই যায় কোনেও ভাবিব নোৱাৰে।

সদায় ধূতি পৰিহিত সত্য বৰতাক দেখিলে কিয় জানো এনেকুৱা লাগে জন্মৰ পৰাই বৰতাই ধূতিয়েই পিন্ধি আহিছে। সৰুতে বৰতাক এই কথাটো লৈ খুউব জোকাইছিলো। সেই কথা যদি বৰতাৰ কাণত কেতিয়াবা পেলাই কওঁ তেতিয়া তেওঁ সেই মিচিকিয়া হাঁহিটিৰেই উত্তৰটো দি থয় "ধূতি চবেই জন্মৰ পিছৰপৰাই পিন্ধে। তহঁতে হবলা পিন্ধা নাই। তহঁতৰ কেইখন মাৰে মোৰপৰাই আনিছিল অ সোণাইহঁত। খালী ডাঙৰ হৈ তহঁতে লংপেন পিন্ধিবলৈ শিকিলি আৰু মই নিশিকিলো।" বৰতাই যে লয় কপালত চন্দনৰ ফোটটো সেইটোৱে আমাক বৰ বেয়াকৈ আকৰ্ষণ কৰিছিল। গাটো ধুইয়ে বৰতাৰ ঘৰলৈ লৰ মাৰো চন্দনৰ ফোটটো ল'বলৈ। বৰতাইও বৰ আনন্দমনৰে ফোটটো আঁকি দিছিল কপালত। আমাৰে লগৰে এজন ধ্ৰুৱজ্যোতি দাস। সদায় সংকোচ কৰিছিল বৰতাৰ ঘৰলৈ যাবলৈ। কিয় জানো তাৰ মনত যেন সেই 'দাস' উপাধিটোৱে 'শৰ্মা' পদূলিত সোমাবলৈ বাধা দিছিল। কিন্তু সেই সংকোচ ভাৱটো নোহোৱা কৰিলে বৰতাই। 

'তইনো তাত সেমেনাসেমেনিখন কৰি আছ কিয়? ইহঁতৰ লগৰে নহয় জানো। আহ্ আহ্ ফোটটো লৈ যাহি।' বৰতাৰ উচ্ছাহত সেইদিন ধৰি ধ্ৰুৱৰ সেই সংকোচ মৰিল। বৰতাৰ মতে ল'ৰা-ছোৱালী, সূদিৰ-বামুণ এইবোৰৰ বৰ এটা বাচ-বিচাৰ কৰিব নাপায়।

সত্য শৰ্মাৰ পৰিয়াল বুলিবলৈ বৰমা আৰু নাতিনী ছোৱালী এজনী। হওঁতে নাতিনীজনী আমাতকৈ দুবছৰমানৰ সৰু হ'ব। কিন্তু আমাৰ লগতে খেলি-মেলি ডাঙৰ হোৱা নাতিনী হীৰা এতিয়া আমাৰ সমনীয়াৰ নিচিনাই। আমাৰ নিচিনাকৈ তাইও বৰতাৰ সেই চন্দনৰ ফোটটিলৈ বৰ হেঁপাহ কৰিছিল। সেই অভ্যাস পিচে তাইৰ থাকিয়েই গ'ল। এতিয়াও কৰবাত গ'লে কপালখন সৰুকৈ ফোটটো লয়েই। সৰুতে কথাবোৰ কিবা বৰ খেলিমেলি লাগিছিল। বৰতা বৰমা আৰু ল'ৰা ছোৱালী নোহোৱাকৈ নাতিনীজনী আহিল ক'ৰ পৰা। সৰুতে সোধা প্ৰশ্নটোৰ পৰা মাহঁত যেন সদায় ফালৰি কাটিছিল। 'ইহ, ওঁঠ চেপিলে গাখীৰ ওলাব আৰু এতিয়াই সিহঁতৰ এইবোৰ কথা।'। তেতিয়া বুজি পোৱা নাছিলোঁ এইটো কথানো কি আমাৰ পৰা লুকুৱাবলগীয়া হ'ল।

'অই হীৰা, এইখন কাৰ ফটো?' পাছপৰ্ট চাইজৰ ব্লেক এণ্ড হুৱাইট ফটো এখন একেবাৰে চকুৰ ওচৰলৈ আনি চাই থাকোঁতে থাপ মাৰি আনি সুধিলোঁ। ফটোখন মই থাপ মাৰি লোৱাত তাই এনেকুৱা কৰিলে ফটো নহয় যেন হীৰা এটুকুৰাহে ল'লো। চকামকাকৈ দেখিলোঁ ফটোখনত দুফালে বেণী গুঠা হীৰাৰ নিচিনা দেখিবলৈ ছোৱালী এজনী। ফটোখন মোৰপৰা টানি আনি হীৰাই ফেকুৰি উঠিল। 'এইজনী মোৰ মা।'

'তোৰ মা মানে। তোৰ মা আছে নেকি?' মই আৰু অলপ উৎসাহেৰে সুধিলোঁ।

'চা পৰাগ, এইবোৰ ধেমালি মোৰ লগত নকৰিবি। মা নাথাকিলে মই কিবা জন্ম হ'ব পাৰিম নেকি?' মই যিমান উৎসাহ দেখুৱাই কথাটো সুধিছিলো সিমান খঙেৰে হীৰাই উত্তৰটো দিলে। সেই খং দেখুৱালে যদিও অলপ সময় পিছতে তাই ফেকুৰিবলৈহে লাগিল।

আচলতে হীৰা মই একেলগে ডাঙৰ হোৱা। মই তাইতকৈ দুবছৰ মানৰ ডাঙৰ যদিও সেইটো হিচাপ তাই নকৰে। বৰতাহঁতৰ ঘৰৰ সন্মুখতেই আমাৰ ঘৰখন। ওলাইয়েই আমাকে দেখে। খেলিবলৈও লগ বুলিবলৈ মইয়ে আছিলোঁ। বৰমাৰ লগ বুলিবলৈও আমাৰ মায়েই। ডাঙৰ হৈ অহাত মোৰ য'ৰে ত'ৰে বন্ধুবোৰ বেছি হোৱাত তাইও অলপ আপচোচ কৰা হ'ল আগৰ দৰে আহ যাহ কৰিবলৈ। তথাপিও মাহঁতৰ ওচৰলৈ নহাকৈ নাথাকে।  

সেইদিনা হীৰাক আৰু বিশেষ একো নুসুধি মই গুচি আহিলোঁ। পিছতহে মাক কুটুৰি কুটুৰি সোধাত উত্তৰটো পালোঁ।

এইজনী বৰমাৰ আগতে বোলে বৰতাৰ আৰু এজনী বৰমা আছিল। ছোৱালী এজনী জন্ম দিয়েই মৰি থাকিল। বৰমাৰ ভনীয়েক আহি ভাগিনীয়েকক প্ৰতিপাল কৰা দেখি বোলে সকলোৰে পৰামৰ্শ অনুসৰি ভনীয়েকজনীকে বৰতাই বিয়া পাতি থৈ দিলে। তেতিয়া অকমানিজনীৰ দুমাহমান হৈছিল। তাৰপিছত বৰতা বৰমাই বেলেগ ল'ৰা-ছোৱালীৰ কথা নাভাবিলে। সেই ছোৱালীৰে ছোৱালী হীৰা। কিন্তু হীৰাৰ বাপেক কোন তেন্তে! সেইটো প্ৰশ্নৰ উত্তৰ হ'লে মায়ে কাহানীও নিদিলে। পিছতহে ডাঙৰ হৈ গম পালোঁ বৰতাৰ লগত পূজাই-পাতলে যোগালী কৰি দিয়া দেখনীয়া যুৱক এজনৰ লগতে হীৰাৰ মাক বোলে কম বয়সতে গুচি গৈছিল। কিন্তু এমাহমান থাকিয়েই বোলে ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিছিল। কিয় আহিলে কি কথা আজিও গম নাপালোঁ। ঘূৰি আহোঁতেই বোলে তাইৰ গাত লেঠা। আৰু তাইও বোলে মাকৰ দৰে হীৰাক জন্ম দিয়াৰ তিনিমাহতে এনিমীয়াত ভূগি ঢুকাই থাকিল।

কাহিনীবোৰ জনাৰ পিছত আমি লগৰবোৰৰ মাজতে কথা পাতো হীৰাই বা ইমান দীঘল কাহিনী গম পাই নে নাপায়। ইমানবোৰ কাহিনীৰ পিছতো বৰতাৰ মনোবল দেখিলে আচৰিত লাগে। বৰতাক কেতিয়াও দুখত থকা নেদেখিলো। সেই বগা চন্দনৰ ফোটটোতে যেন সকলোবোৰ শক্তি সোমাই আছে। কিয়নো সেই ফোটটোৰ অবিহনে বৰতাক কিবা উদাস উদাস লাগে। শংখ, টিলিঙা বজাই ফোটটোৰ সৈতে গোঁসাই ঘৰৰ পৰা ওলাই অহা বৰতাজন যেন বেলেগ এজন পুৰুষ। আৰু হীৰা! হীৰা বৰতাৰ কাৰণে সঁচাকৈয়ে হীৰাৰ দৰে আছিল। ইমান যে আলফুলে ৰাখিছিল তাইক। সুখে দুখে কেৱল হীৰা। তাইও বৰমা বৰতাক কম ভাল নাপাইছিল। কিমান যে প্ৰতিপাল নকৰিছিল তাই।

জুলাই মাহৰ কোনোবা এটা তাৰিখৰ দুপৰীয়া মায়ে হঠাৎ ফোন কৰিলে বৰতাৰ বোলে গাটো বেয়া 'পাৰ যদি পোনা সোনকালে ঘৰলৈ আহচোন। হীৰাৰ ওচৰত থাকিব লগা হ'ব পাৰে।' ফোনটো পাই নৰ'লোৱেই।  গাড়ীলৈ বাট নাচায় চাকৰিৰ জেগাৰ পৰা তিনিঘণ্টীয়া ৰাস্তা বাইক লৈয়ে গুচি আহিলো। কিন্তু সময়ত মই নাপালোঁ। মই অহালৈ ইতিমধ্যে বৰতাৰ শৱদেহ বাহিৰলৈ উলিয়ালেই। কালে নিবলৈ আহিলে কোনে ৰখাব পাৰে। গোঁসাই ঘৰৰ পৰা ওলাই আহোঁতেই মূৰটো কিবা আচন্দ্ৰাই কৰা যেন লাগি বহি দিলে। দেউতাহঁতে ধৰি মেলি ভিতৰলৈ নিলেহে বেছি সময় নাথাকিলেই। মায়ে ফোন কৰি খবৰটোৰ দিয়াৰ অলপ সময়ৰ পিছতেই...

জাপৰি চুলিৰে হীৰাজনীৰ কান্দি কান্দি চকু উখহি গৈছে। চোতালতে তাইৰ কাষতে বৰমা বহি আছে। গম্ভীৰ খোজেৰে জুম ঠেলি সোমাই যোৱা মোক যেন চবেই বাঘ চোৱাদি চাইছে। হীৰাৰ ওচৰত অলপ সময় কটোৱাৰ পিছত লক্ষ্য কৰিলোঁ চোতালখনৰ এটাফালে দেউতাহঁত যেন গভীৰ চিন্তাত আছে। 'কিনো চিন্তাত আছে' বুলি ময়ো কাষ চাপি গ'লো। অলপ সময় ৰৈয়ে কথাটো বুজিবলৈ বেছি সময় নালাগিল মোক। অকণো নভবা নিচিন্তাকৈ টপককৈ মাত লগালো 'কিয় হীৰাই কৰিব আকৌ।' মই যেন একেবাৰে নক'বলগীয়া কথা এটাহে ক'লো। কেতিয়াও নেদেখা নুশুনা মানুহ এজনে বেওবেওকৈ ধৰিলে 'হীৰা ছোৱালীজনী হৈ কেনেকৈ পাৰিব হে। মই অতদূৰৰ পৰা এনেই আহিছোঁ নেকি।' 

মানুহজনৰ অতপালি দেখি ময়ো ৰৈ থাকিব নোৱাৰিলোঁ 'আপুনি কোন? আপোনাকতো দেখা কেতিয়াও মনত নপৰে।' সুধিবলৈ পালোহে মানুহজনে টেপেচকৈ মাতিলে 'মই কোন তুমি নাজানিলেও হ'ব। ওচৰ চুবুৰীয়া হৈ ইমান ওপৰত কথা নক'বা।' 

তেওঁৰ লগত আৰু কথা নাপাতি দেউতাক সুধিহে গম পালোঁ তেওঁ বোলে বৰতাৰ লগত কোনোদিনে সম্পৰ্ক নথকা খুড়াকৰ পুতেক। হীৰাৰ মাকৰ কাহিনীটোৰ পৰা বৰতাৰ লগত সম্পৰ্ক নাছিল। এতিয়া গম পাইহে আহিছে। আহিয়েই মুখাগ্নি কৰা কথাটো লৈ লাগি আছে। এইবাৰ মোৰ সঁচাকৈয়ে খঙটো উঠি আহিল। একেকোবে হীৰাৰ ওচৰলৈ আহি তাইৰ হাতখনত ধৰি দেউতাহঁতৰ ওচৰলৈ লৈ গ'লো। 

'চাওক আপোনালোকে, এইবোৰ ক্ষেত্ৰত মাত মাতিব পৰা হোৱা নাই যদিও মোৰ বোধেৰে মুখাগ্নি কৰিব লাগে হীৰাইহে। আগলৈ পিছলৈ বুলিবলৈ বৰতা বৰমাৰ একমাত্ৰ সাৰথি আছিল হীৰা। তেওঁলোকৰ কাৰণে যি কৰিছিল একমাত্ৰ হীৰাই কৰিছিল। বৰতাই তাইক পঢ়া-শুনাই ডাঙৰ কৰিলে। তাইও বৰতাই দুখ পাবলগা কাম একো এটা নকৰিলে। এতিয়া তাইক এই কামটোৰ পৰা একমাত্ৰ ছোৱালী বুলিয়েই বঞ্চিত কৰি কেতিয়াও নেদেখা নুশুনা মানুহ এজনে বৰতাৰ শেষ কৃত্য সমাপন কৰিলে বৰতাই আত্মাই কষ্ট পাব বুলি মই ভাবোঁ।'

আৰু বিশেষ একো নকৈ মই বৰমাৰ ওচৰলৈ আহিলোঁ। মোৰ কথাত তেওঁলোকৰ মাজত অৰিয়াঅৰি অলপ নলগা নহয়। শুনো নুশোনোকৈ শুনা মানুহজনৰ কিছুমান কথাত খঙত গাটো কঁপি উঠিছিল 'কিয় পাৰিব তাই ছোৱালী এজনী হৈ দহন কৰিবলৈ। তাতে বাপেক কোন হিচাপ নাইকিয়া ছোৱালী এজনীক এই কাম কৰিবলৈ দি পাপ কৰিব নোৱাৰোঁ নহয়......'। অলপ সময়ৰ পিছত দেখিলোঁ মানুহজন যি ডেমাকি দেখুৱাই মোক কথা কৈছিল সেইটো ডেমাকিতে গপগপাই ওলাই গুচি গৈছে। কোনোবা এজনীয়ে হীৰাক মেখেলা চাদৰ এযোৰ পিন্ধাই উলিয়াই আনিছে। উচুপি উচুপি ওলাই অহা হীৰাই বৰতাক চিতাত উঠোৱাৰ আগতে শেষবাৰৰ বাবে ভৰি দুখন চুই সেৱা কৰি বৰতাৰ কপালত আধা মোচ খাই যোৱা ফোটটোৰ ওপৰতে আকৌ এবাৰ ধুনীয়াকৈ বগা চন্দনৰ ফোটটো আঁকি দিলে। দৃশ্যটো দেখি এনেকুৱা লাগিছে যেন বৰতা এইমাত্ৰই সাৰ পাই উঠি হীৰাক সাৱতি ধৰি ক'ব 'হীৰা অ তই সঁচাকৈয়ে হীৰা আই।'