Tuesday 23 August 2016

জেনেৰেশ্ব্যন গেপ (Generation Gap)


আজি কেইবাদিনৰ মূৰত ফেচবুকটো লগইন কৰিছে মালবিকাই। কেইবাটাও নটিফিকেচনৰ লগতে কেইবাটাও ফ্ৰেইণ্ড ৰিকুৱেষ্ট। আগতে ফেচবুকৰ একাণ্টটো লগ আউতেই নকৰে। এইকেইদিন ল'ৰাৰ পৰীক্ষা তাৰ লগত লাগি থাকোতে এইবোৰলে বাদ পৰিছে। মাকে মোবাইলটো চাই থাকিলে পুতেকে কেতিয়াবা নিবিচৰা নহয়। কিন্তু ক্লাছ চিক্সত পঢ়োতেই কিহৰ মোবাইল বুলি চকু কেইটা ডাঙৰ কৰি দিলে সেমেনা-সেমেনিকৈ গুচি যায়। এই খেলা-ধূলা কৰা বয়সত সিহঁতক এন্ড্ৰইড মোবাইলৰ কি প্ৰয়োজন তাই ভাবি নাপায়। যেতিয়া দৰকাৰ হ'ব দিব নহয়। মালবিকাই যিমান মৰম কৰিলেও এইবোৰ ক্ষেত্ৰত বহুত সচেতন লাগিলে তাইক আউটডেটেদ বুলিয়েই কঁওক। 


প্ৰথমতে ৰিকুৱেষ্ট কেইটাই চাই লোৱা যাঁওক বুলি মালবিকাই চাবলৈ ধৰিলে। বহুতো চিনাকি অচিনাকিৰ মাজত এটা নাম দেখি ৰৈ গ'ল তাই। নামটো ঙবৰ ধুনীয়া দেবাংগ কিশোৰ। কোননো হ'ব পাৰে দেখাত সৰু ল'ৰা যেন লাগিছে কিন্তু ইমানেই এডিটিং যে ভালকৈ মুখখন ধৰিবই পৰা নাই। প্ৰফাইলটোকে চোৱা ভাল হ'ব বুলি ল'ৰাজনৰ প্ৰফাইলটো চাঁওতেহে তাই গম পালে এইটো দেখোন কিশোৰ দাৰ ল'ৰা। আচলতে তাক সকলোৱে দিকু বুলিহে জানে। সি বেছি ডাঙৰ ল'ৰা নহয়টো হিচাবমতে ক্লাছ চিক্স মানত হ'ব লাগে। কিন্তু ইমান সৰুতেই তাৰ ফেচবুকত একাণ্ট আছে। ভাবি কিবা আচৰিত লাগিল।


এদিন কিশোৰ দাহঁতৰ ঘৰলৈ যাঁওতে দিকুৰ কথা বৌৰ ওচৰত এনেই উলিয়াই চালে মালবিকাই। পঢ়া শুনাৰ পৰা গৰমৰ বন্ধত কি কৰিলে মালবিকাই সকলোবোৰ খবৰেই ল'লে। কিন্তু মাক হিচাবে বৌৰ মুখৰ পৰা শুনা কথাখিনি কিবা ভাল নালাগিল তাইৰ। গৰমৰ বন্ধত বোলে দিকু জেঠায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। স্কুল থাকিলেটো ক'তো যাব নোৱাৰেই গৰম বন্ধতে ফুৰিবলৈ গৈছিল। তাতে আকৌ জেঠায়েকৰ ল'ৰা ছোৱালীকেইটাকো লগ পালে ভাল পাব বুলি পঠাই দিছিল, ঘৰত অকলে থকাতকৈ। সেইখিনিলৈকে বাৰু ঠিকেই আছিল এনেও ল'ৰা ছোৱালীয়ে গৰমৰ বন্ধত ক'ৰবাত যাবলৈ মন কৰেই। কিন্ত জেঠায়েকৰ ঘৰত থাকি বোলে বৰ ভাল নাপালে। মোবাইলটো লগত লৈ যোৱাৰ কাৰণে জেঠপেহায়কে বোলে অলপ শাসন কৰে।

 মাক দেউতাকৰ মৰমত ডাঙৰ হোৱা ল'ৰা যে কোনোবাই কিবা এটা টানকৈ ক'লেই দুখ পায়।সন্তান বিলাক মাক দেউতাকৰ মৰমৰেই হয় কিন্তু মালবিকাৰ মতে এনেকুৱা অন্ধ মৰমে বেয়াহে কৰিব সন্তানক। কিবা সুধিম বুলিও একো সোধা নাই বেয়াও পাব পাৰে। নোসোধোতেই বৌয়েকে নিজেই উলিয়াই ল'লে কথাটো। কাহিনীবিলাক শুনি মালবিকাৰ নিজকে বহুত আগৰদিনৰ ছোৱালী যেন অনুভৱ হ'ল। খবৰ খাতি বিলাক নাপালে মনটো ভাল নালাগে আৰু বাৰে বাৰে জেঠায়েকলৈনো কিমান ফোন কৰিব বুলি ভাবিয়েই এন্দ্ৰইদ মোবাইলটো ক্লাছ চিক্সত পঢ়া ল'ৰাটোৰ হাতত দি পঠাইছে। আচলতে দিকু অকলশৰে ঘৰত অকলশৰীয়া কাৰণে টাইম পাছ কৰিবলৈ বোলে দেউতাকে মোবাইল এটা কিনি দিছে। সেইটো পাই বোলে তাৰ কি আনন্দ। মোবাইলটো দিয়াৰ পিছৰ পৰা সি ঘৰতে থাকিবলৈ লৈছে, নিজৰ ৰুমতেই থাকে মাতিলেহে ওলাই আহে। ন'হলে আগতে স্কুলৰ পৰা আহিয়েই ওচৰৰ ল'ৰা কেইটামানৰ লগত খেলিবলৈ গৈ একেবাৰে পঢ়াত মন নিদিয়া হৈছিল। কথাবিলাক যিমান শুনি শুনি গৈ আছে সিমানেই খংটো উঠি গৈ আছে। তাক বেয়া ল'ৰাৰ লগৰ পৰা মুক্ত কৰিবলৈ সৰু ল'ৰাটোৰ হাতত মোবাইল তুলি দিছে। কিন্তু সি সেই মোবাইলটোৰ ব্যৱহাৰ কি বুজি পাব এই কম বয়সত। বৌ বাৰু বৌয়েই কিন্তু কিশোৰ দাৰ ভাবিব পৰা শক্তিখিনি ক'ত হেৰাল! তেঁওলোকৰ অলপো আইডিয়া আছে নে ল'ৰাই মোবাইলটো লৈ কি কৰে। মোবাইলটো লৈয়ে যদি ব্যস্ত থাকে তেন্তে তাক জেঠায়েকৰ ঘৰলৈ পঠোৱাৰ লাভটো কি হ'ল। দিকুক বেয়া সংগৰ পৰা আঁতৰাই ৰাখিবলৈ যাঁওতে যে সি মাক দেউতাকৰ পৰাই আঁতৰি গৈছে সেই কথা দাদা বৌয়ে গম পাইছে নে নাই। বৌয়েকে কথাবিলাক যি উৎসাহেৰে কৈ গৈছে সেইবোৰ শুনি মালবিকাৰ অনুভৱ হ'ল ক'ৰবাত তেওঁলোকে ভুল কৰা নাইটো। নে এইবোৰ সকলো জেনেৰেশ্ব্যন গেপ যি কাৰণে কথাবিলাক মালবিকাই সহজভাৱে ল'ব পৰা নাই।

No comments: