Wednesday 14 December 2016

চাইড-এফেক্টচ

ৰিমঝিম বৰঠাকুৰ

বৰষুণজাকে আকৌ চিপচিপাবলৈ আৰম্ভ কৰি দিলে। কিমান সময়নো হৈছিল এৰিবৰ আকৌ আহিলেই। কালিৰেপৰা নেৰানেপেৰাকৈ লাগিছে, দুদিনত যে এৰিব একো আশা দেখা নাই। প্ৰথম জাক বৰষুণ ভাল লাগে! জিৰজিৰকৈ বলি থকা বতাহচাতিয়ে চিপচিপ বৰষুণজাকক উৰাই লৈ যাঁওতে গালে-মুখে চিটিকাই থৈ যোৱা টোপালবোৰ! আহ, কি যে এক ধুনীয়া অনুভূতি। কিন্তু ভাল লগা অনুভৱবোৰো খন্তেকীয়া। যেতিয়া বিচৰাতকৈ অধিক হৈ যায় সেই ভাল লগাবোৰো নোহোৱা হৈ যায়।

এনেকুৱা কিনকিনিয়া বৰষুণজাকৰ লগতে ঠাণ্ডা ঠাণ্ডা লগা বতৰতো। ঘৰৰপৰা বাহিৰ হ'বৰ মন নোযোৱা বতৰ, কিন্তু সেই বৰষুণতে ভিজি ভিজি ৰাতিৰ সাঁজ কোনোমতে উলিয়াবলৈ অবাধ্য বৰষুণকো আওকাণ কৰি ৰাস্তাৰ কাষত বহি থকা আমাৰ মৰমৰ কেঁচাচানা বেছা খুড়াজন। কেঁচাচানাৰ কথা মনত পৰোতেই খাবলৈ জিভাখন লকলকাই উঠিল। এতিয়া যেন সেই পিয়াজ, জলকীয়া, ধনীয়া দি চটপটা কৰি থোৱা চানাখিনি চোবাবলৈ নাপালে ঠাণ্ডা নমৰিবই। ইফালে বৰষুণ, ঠাণ্ডাকো আওকাণ কৰি চানাৱলা খুড়াজনৰ অপেক্ষা 'আজি যেন গ্ৰাহক অলপ বেছিকৈয়ে আহক যাতে মাংস অকণমান ঘৰলৈ নিব পাৰে। বতৰতোৰ লগত মিলাই ঘৈণীয়েকে জালুক দি ৰন্ধা মূৰ্গীমাংসখিনি এদিন খাই, সেইখিনিকে মনত পেলাই এমাহলৈ দালি-ভাতখিনিও সুখেৰে খাব পাৰিব।'

এনেকুৱা বতৰত গৰম গৰম ধোঁৱা ওলাই থকা ৰাস্তাৰ কাষৰ মম' খাবলৈও বেয়া নহয়। লগতে সৰু ডিজপজেল গ্লাছটোত দিয়া চুপখিনি। সেইখিনি এবাৰ পেটত পৰিলে ঠাণ্ডাই অলপ দেৰিলৈকে পাত্তাই নাপায়। মম'ৰ কথা মনলৈ আহোতে জিভাখন ৰ'বই পৰা নাই। নিজেই নজনাকৈয়ে 'সালৌপ সালৌপ' শব্দ বাহিৰ হ'বলৈ ধৰিছে। অহ চিঙৰাও বেয়া ন'হব দেখোন! লগতে পদিনা, নহৰু, আদা, জলকীয়াৰ চাটনিকণ পৰিলেতো কথাই নাই। 'গাখীৰতে মহৰ খুটি' বুলিবই পাৰি। এহ্ মজা, আজি তেন্তে দকচাহে কথা! পিছে আজি চিঙৰা পাঁও নে নাই ঠিক নাই। আজি কেইবাদিনো হ'ল চিঙৰা বেছা দাদাজন দেখা নাই। গতিকে এইটো বতৰত যে আহিব আশা নাই।

 কি কৰা যায়! কি কৰা যায়! ভাবিয়ে পোৱা নাই। নাই ইমান খিনি ভবাৰ পিছত আৰু ৰৈ থাকিব নোৱাৰি। ছাতিতো লৈ ওলাইয়ে যাঁও। কেঁচাচানা, মম' যি পাঁও চব উঠাই আনি আজি ৰাজভোগ কৰিম। এনজয় কৰিম এই বৰষুণৰ বতৰ। চাঁওচোন বৰষুণজাকেনো কেনেকৈ কিমান আমনি লগাব পাৰে। কাষৰ ৰুমত থকা বাকীকেইজনী যাব নেকি সুধিবলৈ যাবলৈ লেপৰ তলৰপৰা উঠি যাব মন যোৱা নাই। মেছেজ এটা কৰিয়ে কনফাৰ্ম হৈ নিজেই ওলাই যাম। ফোনটো ক'ত মোৰ? আৰে মোৰ ফোনটো ক'ত?

ফোনটো বিচাৰি থাকোতেই সি কৰ্কশ ৰিংটনটোৰ সৈতে এনেকুৱাকৈ বাজি উঠিল যে সেইটো ৰিংটন নহৈ বেলেগ কিহবাই মোৰ কাণত চিঞৰিলে।

'হেল্লে'

'হাই, গুডমৰ্ণিং। আৰ ইউ কামিং টু ডি অফিচ টুডেই?'

অলপ দেৰিলৈকে কি হৈ আছে একো গম পোৱা নাই। হাহ? এইয়া কি? ক'ত মোৰ বিছনা, ক'ত মোৰ হোষ্টেল? কিন্তু বৰষুণজাক! সেইজাক ঠিকেই আহি আছে। কালি আবেলিৰেপৰা, গোটেই ৰাতিতো আৰু আজি এতিয়ালৈকে। কালি অফিচৰপৰা ঘূৰি কেবখনত বহি ভাবি অহা কথাবোৰৰ এইয়া 'চাইড এফেক্টচ'হে যিবোৰ দেখি সপোনতে সালৌপ সালৌপ মাৰি আছিলো।