Friday 27 September 2019

ভোলা দা গ্ৰেট ২

চিকমিকিয়া কাপোৰৰে ১০০ শতাংশ ভোলা বুলি চিনাকি দিয়াৰ পিছৰে পৰা এতিয়া ভোলাক বেলেগকৈ চিনাকি দিব লগা হোৱা নাই। সকলোৱে আজিকালি চিকমিকোৱা কাপোৰৰ সৈতে ভোলা বুলিহে সম্বোধন কৰা হ'ল। হওঁতে ভোলা হ'ল চাহ দোকানী। মানে চাহৰ দোকান এখন আছে, গাঁৱৰে তিনিআলিটোত থকা আহতজোপাৰ তলতে। তাতে গাখীৰ চাহ, লাল চাহৰ লগতে বৈয়াম এটাত বিস্কুট আৰু কেক দুটামান পোৱা যায়। সেমেকা বন নথকাও নহয়। আন এটা বৈয়ামত টেঙা মৰটন দুটামান। ভোলা আকৌ বলীউদ চিনেমাবোৰৰ সাংঘাতিক ফেন আৰু লগতে তাৰ মাজে মাজে দিয়া এডভাৰ্টাইজবোৰ। এডভাৰ্টাইজবোৰ ইমান মন দি চোৱা মানুহ চাগে অকল ভোলাই আছে নেকি! আজিকালি পিচে জিঅ' মোবাইল হোৱাৰ পৰা ৰং, ৰেঙনি চেনেলকেইটাৰো ভোলা বিৰাট ডাঙৰ বিচনী হৈ পৰিছে। গ্ৰাহক নহা সময়খিনিত ভোলা তাৰ মোবাইলটো লৈয়ে ব্যস্ত।

ভোলাৰ লগত আড্ডা মাৰিবলৈ মইও মাজে মাজে চাহ একাপ লৈ তাৰ দোকানতে থকা কাঠৰ বেঞ্চীখনতে বহোগৈ। এদিন এদিন কথাই কথাই ওলাল ভোলাৰ দুখৰ কথা। মানে প্ৰথম প্ৰেমৰ বিফল পৰিণতিৰ কাহিনী। প্ৰেমৰ নাম শুনিয়েই মই আৰু একাপ চাহ লৈ আঠা লাগি বেঞ্চীখনত বহি ল'লো। তাৰ প্ৰেমৰ দুখৰ পৰিসমাপ্তিৰ কথা শুনি মোৰ অৱস্থা হাঁহিম নে কান্দিম।

ভোলাৰ প্ৰেম হ'ল গাঁৱৰে তিলিকি মইনাৰ লগত। প্ৰথম চকুৰ মিলন, লাহে লাহে কথা-বতৰা। এদিন সুযোগ বুজি মাতিলে ডেটিঙলৈ। ভোলাৰ কথাৰ মতে মইনাও গৈ সময়তকৈ আগতে ডেটিং প্লেচত হাজিৰ। ভোলাৰহে অলপ দেৰি হ'ল। মইনা দেখিলে ভোলাই হাতত পানী বাল্টিং এটা আৰু বিচনী এখন লৈ আহিছে। মইনাৰ আচৰিত হোৱা মুখখন দেখিয়েই বোলে ভোলাই বুজি উঠিছিল। সেয়ে তাইক প্ৰথমতে বহিবলৈ দি পানীৰ বাল্টিটোত হাত ভৰাই একাজলি একাজলিকৈ পানী ওপৰলৈ চটিয়াই বিচনীখন লৈ তাইক বিচিবলৈ ধৰিলে। ভোলাৰ কামৰ আওভাও বুজি নোপোৱাত পানী পৰি ভিজি জুৰুলি জুপুৰি হোৱা মইনাই চিঞৰ বাখৰ লগাই সেইদিনাই তাৰ প্ৰেম ফটাপ্ৰেমলৈ পৰিণত কৰি ডেটিং প্লেছ এৰিল।

ইমান সময় তাৰ প্ৰেম কাহিনী মনে মনে শুনি থাকি পানী বাল্টি আৰু বিচনীৰ কাৰবাৰৰ কথাটো জানিবলৈ মনটো লকলকাই উঠিল। মোৰ মনৰ ভাৱ বুজি সি মাত লগালে 'মানে কি হিন্দী চিনেমাবোৰত যেনেকৈ হিৰো হিৰোইন লগ হ'লেই বৰষুণ বতাহ দিয়ে। হিৰোইনৰ চুলিখিনি বতাহত লৰিবলৈ ধৰে মইও মোৰ প্ৰেমত তেনেকুৱা এটা কৰাৰ কথাই ভাবিছিলোঁ। এই যে টিকাফটা ৰ'দত বতাহ বৰষুণ নিদিয়ে  মই জানিছিলোঁ সেয়ে আগতীয়াকৈ ৰেডী হৈ গৈছিলোঁ। তাতে মোৰ দোষ কি?'

মই তাৰ কথা শুনি মনতে বোলো 'হয় দে ভোলা টুচ্ছি গ্ৰেট হৌ।'

Tuesday 24 September 2019

ভোলা দা গ্ৰেট ১


'এইটো ভোলা নহয় নে?'

কি অ', গোটেইটো জিলিকি আছ যে? বোলো ভোলা হয় নে?

কি ঐ, মিউট হৈ আছ যে কেচটো কি?

ধেই এইডাল। মুখখনে এনেই দেখোন চেপচেপাই থাক আজি আকৌ কি হ'ল? এই জিলিকা জিলিক কাপোৰযোৰ ক'ত পালি ঐ?

কি হ'ল তোৰ? এই অবতৰত ৰাসৰ কৃষ্ণটো হৈ আহিছ, মুখৰ মাত এটা নাই। এনেকৈ তই কি পৰিচয় দিব বিচাৰিছ? ভোলা নহয় জানো তই?

ইমান কুৰুকিও এইটোৰ পৰা এটা শব্দ উলিয়াব পৰা নাই। ৰাসত পিন্ধা ড্ৰেছ এটা কৰি আহতজোপাৰ তলতে কেৰ মাৰি বহি আছে। কিন্তু মাত এটা দিয়া নাই। চকুকেইটা মেলি পিৰিক পাৰাক কৰি আছে যেতিয়া জীয়াই আছে বুলি গম পোৱা যায়। ইমান চিঞৰাৰ পিছতো একো কেটকুট নাপায় ওচৰলৈ গৈ কাণখনৰ ওচৰতে 'ঐ গোটেইটো চিকমিকাই আছ যে, এইয়া কিহৰ পৰিচয়? বোলো ভোলা হয় নে নহয় এইটো?'

কথাটো সুধিবলৈ পালোঁ হে। বাপু একেবাৰে জকজকাই উঠিল 'কি বাৰে বাৰে সুধি আছ ভোলা হয় নে নহয়। অ মইয়ে ভোলা। নাজান নেকি আপোনাৰ কাপোৰৰ চিকমিকনিয়েই হ'ল আপোনাৰ পৰিচয়। সেইজনীক চিকমিকোৱা কাপোৰত ১০০ শতাংশ বেংকাৰ যেন যদি লাগে। এইযোৰ চিকমিকিয়া কাপোৰত তই মই কোন চিনি পোৱা নাই নে? আজিৰ পৰা মানুহক বেলেগকৈ মোৰ পৰিচয় দিবলৈ নাই, এইযোৰ চিকমিকোৱা কাপোৰতে গম পাব লাগিব সকলোৱে মই ভোলা হয় নে নহয়? এতিয়া আঁতৰ হ মোক ডিষ্টাৰ্ব কৰি নাথাকিবি।'