Wednesday 20 December 2017

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী

'মাটি পেঞ্চিল এডাল দিম, আমলখি এটা দিবা' হাতৰ মুঠিটোৰে অকণমানকৈ ওলাই থকা আমলখিটো দেখি সেমেনা-সেমেনিকৈ মূৰটো খজুৱাই খজুৱাই কাষৰ বেঞ্চখনত বহি থকা ল'ৰাটোৱে নতুনকৈ দ্বিতীয় শ্ৰেণীলৈ অহা ছোৱালীজনীক সুধিলে।

'কিমান দীঘল পেঞ্চিলডাল চাব লাগিব তেতিয়াহে দিম।' সি যিমান মৰমত কথাকেইটা সুধিছিল সিমান দমত যিহে চকু পকাই তাই তাক সুধিলে সি অলপ সময়ৰ কাৰণে তভক মাৰিলে। তথাপিও আমলখিটোৰ লোভ সামৰিব নোৱাৰা বেচেৰাটোৰ এতিয়াই যে মুখৰ পানী পৰিবহি সেইটো ধুৰূপ। কোনোমতে বাহিৰ ওলাবলৈ ধৰা পানীখিনি মুখৰ ভিতৰলৈ 'চুচুচু....'বুলি দীঘলকৈ টানি আমলখি, শিলিখাৰ ৰসেৰে কেহেৰাজ বৰণ ধৰা চাৰ্টৰ পকেটটোৰপৰা এডাল পেঞ্চিল উলিয়াই ফলিখনৰ ওপৰতে থৈ তাইলৈ চালে।

'অহহম ন'হব এইডাল বহুত চুটি মোৰ আমলখিটো এইডালতকৈ ডাঙৰ' বুলিকৈ হাতৰ মুঠিটো অলপ ঢীলা কৰি তাৰ ফাকটোৱেদি আমলখি তিনিটা দেখুৱাই আকৌ মুঠিটো বন্ধ কৰি সিফালে মুখ কৰিলে।

'এইজনী যে তিনিটা আমলখি থকাৰ কাৰণে ইমান ফুটনি, নতুন ছোৱালী নোহোৱা হ'লে দিলোহেঁতেন ভালকৈ' যিহে দন্দুৰী ভালকৈ দিয়াটো দূৰৰে কথা একো সুধিবই নোৱাৰি সেইজনীক। আমলখি এটা খোৱাৰ স্বাৰ্থত আকৌ সি বেগটো খুচৰিলে। তিনিটা খাপ থকা দীঘলীয়া পিঠিবেগটো যিটো 'বেকপেক' বুলি কয় গোটেইকেইডাল চেইনেই বেয়া। কিবা এটা বিচাৰিবলৈ চেইনডাল খোলাৰ দৰকাৰেই নাই। জীপডাল চেইনৰ মাজতে ৰাখি মেলা মুখখনেদি  কিতাপ-বহীকেইখন কোনোমতে নপৰাকৈ থৈছে। দুফালে খোলখাই থকা এটা ফালেদি হাতখন ভৰাই আৰু পেঞ্চিল আছে নেকি বিচাৰি থাকোতে এডাল একদম নতুন ব্যৱহাৰ নকৰা পেঞ্চিল এডালেই পালে। পেঞ্চিলডাল উলিয়াই আনোতে মাটি পেঞ্চিলৰ নতুন নতুন গোন্ধটো আৰু তাৰ আঙুলিটো অকণমান বগা বগা পেঞ্চিলৰ গাত লাগি থকা পাউদাৰ অকণমান লাগি আহিল।

নতুন মাটি পেঞ্চিলডাল দেখি তাইৰ মুখখন উজলি উঠিল মানে এইডালৰ বিনিময়তহে তাইৰ আমলখিকেইটাৰ এটা তাক দিব পাৰি। মাটি পেঞ্চিলডাল তাইক দিবলৈ লৈও ৰৈ আছে মানে দিবলৈও মন যোৱা নাই ইমান নতুন পেঞ্চিলডাল। মাকে চাগে তাৰ পুৰণা চুটি হৈ অহা পেঞ্চিলডাল দেখিয়েই এইডাল চাগে বেগত ভৰাই দিছিল। তথাপিও আমলখিৰ লোভটো সামৰিব নোৱাৰি তাইৰ ফালে পেঞ্চিলডাল আগবঢ়াই দিলে।

'এনেকে ন'হব হাতে হাতে দে' বুলি টেপেককৈ তাই মাত মাতিলে। তাইৰ মানে তাৰ ওপৰত বিশ্বাস নাই, এইজনী কম ছোৱালী নহয় দেই। এতিয়া হাতে হাতে দিবলৈ কৈছে। মানে এখন হাতেৰে তাই আমলখি দিব আনখন হাতেৰে পেঞ্চিল ল'ব। আমলখি পেঞ্চিল সলনা-সলনি কৰি থাকোতেই পৰিৱেশ অধ্যয়ণৰ বাইদেউ আহোতে খৰখেদাকৈ নিজৰ বস্তুকেইটা লৈ নিজৰ জেগাত বহিলগৈ। বাইদেউ আহি পঢ়াবলৈ আৰম্ভ কৰিলে যদিও সি আমলখিটো একামোৰ নমৰাকৈ থাকিব নোৱাৰিলে।
বেগৰ ভিতৰলৈ মুখখন সোমোৱাই খেচেককৈ একামোৰ মাৰি চাৰ্টৰ পকেটত আমলখিটো ভৰাই কিতাপত চকু দিলে। আমলখিটো বহুত সময় হাতৰ মুঠিত থকাৰ কাৰণেই চাগে গৰম হৈ আমলখিৰ চালখনত ঘাম লাগি তেল লগাৰ নিচিনা হৈ গৈছিল।

আমলখি মাটি পেঞ্চিলেৰে গঢ়ি উঠা সিহঁতহালৰ সেই বন্ধুত্বৰ জৰীডাল যে যুগ-যুগান্তৰ এনেদৰেই থাকিব কোনে ভাবিছিল। সেই অহংকাৰী দন্দুৰী ছোৱালীজনী আৰু শান্ত-শিষ্ট ল'ৰাটো।

সেইদিনা আমলখিটোৰ কাৰণে নতুন মাটি পেঞ্চিলডাল দি থৈ আহি মাকৰ চেকনিৰ কোবত ক'লা হৈ যোৱা কলাফুলকেইটা উলিয়াই পিছদিনা স্কুল যাবলৈ যে তাৰ কিমান লাজ লাগিছিল। আৰু লগতে যদি সেই দন্দুৰীজনীৰ চকু পৰে হ'লেই। চিঞঁৰি চবেই শুনাকৈয়ে সুধি দিব পাৰিলে 'ভৰিত এইবোৰ কি হ'ল'। সি যি ভাবি আহিছিল সেইটোৱেই হ'ল সেইজনীয়ে তাক দেখি আমলখি এটা তাইৰ স্কাৰ্টৰ পকেটৰপৰা উলিয়াবলৈ ধৰোতেই তাৰ কলাফুল দুটাত চকু পৰাত যিহে 'অই এইয়া ভৰিত কি হ'ল বুলি' চিঞঁৰ মাৰিলে। সি পিঠিত লৈ অহা বেগটো পিঠিৰপৰা উলিয়াই মুখখনলৈ টানি আনি মুখখন ঢাকি একেলৰে শ্ৰেণীকোঠা পালেহি। কোনোবাই দেখিলেনেকি ভাবি তাৰ এধেনিমান হিয়াখনি এতিয়াও ধান বনাদি বানি আছে।

***

সেই অকণমানি লাজুকুৰীয়া শান্ত-শিষ্ট ল'ৰাটোৰ স্বভাৱ সলনি ন'হল। এতিয়াও তাৰ বহুত মানুহ দেখিলে হাৰ্টবিটৰ গতিবেগ বেছি হৈ আহে। আৰু সেই সাহসী, দন্দুৰী ছোৱালীজনী তাইও একে থাকিল। কেতিয়াও ক'তো হাৰ নমনা ছোৱালীজনীক সি সেইদিনা প্ৰথমবাৰৰ কাৰণে কন্দা দেখিছিল যিদিনা তাইৰ সাহসী হিয়াখন মিছা মৰমৰ হিয়া এখনৰ কবলত পৰিছিল। সেইদিনা সি তাইক সাহস দিবলৈ ভাষা বিচাৰি পোৱা নাছিল। সেইদিনাই শান্ত-শিষ্ট খঙত কঁপি উঠা তাই দেখিছিল।

***

নমি দ্বিতীয় শ্ৰেণীলৈ পাঁওতে দেউতাকৰ নতুন ঠাইলৈ ট্ৰেন্সফাৰ হোৱাৰ হেতুকে গোটেই পৰিয়ালটোকে লৈ আহিছিল। আৰু নমিক নতুন ঠাইৰ ঘৰৰ ওচৰতে এল পি স্কুল এখনত নাম লগাই দিছিল। সেই স্কুলতে প্ৰথম দিনাই আমলখি মাটি পেঞ্চিলৰ সলনা-সলনি কৰি নমি ৰিণ্টুৰ বন্ধুত্বই গঢ় লয়। কেইদিন পিছত গম পালে ৰিণ্টুৰ ঘৰ নমিহঁতৰ ঘৰৰপৰা দুঘৰ পাৰ হৈয়ে। যিখন ঘৰৰ বগৰীগছডাল সেই ঠাইলৈ প্ৰথম আহোতেই নমিৰ চকু পৰিছিল। আৰু দাংকাতি নমিয়ে অহাৰ দিনাই ওলাই গৈ সিহঁতৰ ঘৰৰপৰা সেইখনঘৰ কিমান দূৰত হিচাপটো কৰি আহিছিল।

এই বন্ধুত্বত কিমানে যে সন্দেহৰ চকুৰে চাইছিল ঠিক নাই। লোকৰ কাৰণে সিহঁতৰ ঘৰৰ ডাঙৰবিলাকৰ মাজতো কাজিয়া লগাৰ উপক্ৰম হৈছিল। সিহঁতহালেহে কোনোমতে বুজাই-বঢ়াই ৰাখিছিল। মাক দুজনীয়ে এই অৱশ্যে এই সন্দেহ সঁচা হ'লেও বেয়া নাপালেহেঁতেন অন্ততঃ ঘৰৰ ল'ৰা-ছোৱালী ঘৰতে থাকিব।

***

ৰিণ্টু বৰ বেছি উচ্চাকাংক্ষী নাছিল। পঢ়া-শুনাত যদিও মেধাৱী তথাপিও কিবা এটা পোৱাৰ হেপাহত কিবা এটাক হেৰোৱাই দৌৰি থকা মানুহ সি নহয়। এগ্ৰী এম.এছচি ৰিণ্টুৱে চাকৰি নোপোৱাৰ দুখতো বহি থকা নাছিল, দেউতাকৰ খেতিত যিমান পাৰে সহায় কৰিছিল আৰু এতিয়া এজন সফল খেতিয়ক হিচাপে পৰিচিত। আজিকালি কিবা নহয় কিবা খেতি-বাতি সন্দৰ্ভত সি য'তে ত'তে গৈয়েই থাকিব লাগে। লাজকুৰীয়া ল'ৰাটো আজিকালি মিটিঙত ভাষণ দিবলৈ লাজ নকৰে। তথাপিও মানুহৰ জুমৰ মাজত প্ৰথমতে অলপ আপচোচ কৰে। আনহাতে নমি সম্পূৰ্ণ ওলোটা উৰাৰ হেঁপাহ নমৰালৈকে যেন উৰিয়েই থাকিব। কাম এটা কৰিম বুলি ভাবিলে নকৰাকৈ থাকিব নোৱাৰা ছোৱালীজনী। তাই আকৌ ৰিণ্টুৰ স্বভাৱটো একেবাৰেই ভাল নাপায়। মেট্ৰিক পাছ কৰিয়েই গুৱাহাটীলৈ পঢ়িবলৈ আহোতে ৰিণ্টুকো লগ লৈ চাইছিল কিন্তু সি কোনোপধ্যেই মান্তি হোৱা নাছিল। তথাপিও সিহঁতৰ বন্ধুত্বত দূৰত্ব অহা নাছিল। পঢ়া-শুনাতকৈ সামাজিক কামত ঘূৰি ফুৰি ভালপোৱা নমিয়ে গুৱাহাটী আহিয়েই কিবা-কিবি এনজিঅ' দুটামানৰো সদস্য হৈ সমাজ সেৱা কামটো লাগি থাকিল। তেতিয়াই তাই যে হৃদয়হীন ল'ৰাৰ প্ৰেমত পৰি হাবু-দুবু খাব কোনেনো ভাবিছিল। তথাপিও তাই ভাঙি নপৰিল, জীৱনৰ শিক্ষা হিচাপে লৈ নিজৰ কামত আগবাঢ়িল।

***

'নমি বহুত সমাজৰ কামত ঘূৰিলি এতিয়া নিজৰ ঘৰখন সজোৱাৰ কথা ভাব' ৰিণ্টুৱে এদিন তাই ঘৰলৈ আহোতে কৈ চাইছিল।

'কিয় তোক চাগে মাহঁতে ক'বলৈ দিছে নহয় জানো' অকণো সলনি নোহোৱা নমিয়ে টেপচকৈ মাতিলে।
'নহয় চা, মইও কেইমাহমানৰ পিছত ল'ৰা বা ছোৱালী কাৰোবাৰ বাপেক হ'ম। মোৰ ল'ৰা ছোৱালীয়ে তোৰ বিয়া নোহোৱাকৈয়ে তোক জেঠাই বুলি মাতিলে ভাল পাবি জানো? তোকতো জেঠাইয়ে মাতিব যিহেতুকে তই মোতকৈ সাতদিনৰ ডাঙৰ।' তাৰ কথা শুনি তাই তাক মাৰিহলৈ খেদি আহিল যেন সিহঁত এতিয়াও সেই প্ৰাথমিক বিদ্যালয়ৰ ল'ৰা ছোৱালীকেইটাহে।

***

মিটিং এখনৰপৰা আহি ঘৰ পাঁওতে ৰাতি নটাই বাজিল। আজিকালি ৰিণ্টুৱে এইবোৰৰপৰা আহৰিয়েই নাপায়। আহিয়েই ঘৈণীয়েক, মাক-দেউতাকৰ লগত একেলগে ভাতকেইটা খায় সিহঁতৰ হোৱালৈ নোৰোৱাকৈয়ে উঠি আহিল। দিনটোৰ ভাগৰে তাক টিভিটোও চাবলৈ নিদিলে একেবাৰে বিছনাখনলৈহে টানি আনিলে। শুবলৈ বুলি লঁওতেই তাৰ ফোনটো বাজি উঠিল। এনে সময়তনো কোনে আমনি কৰে বুলি নধৰো বুলি ভাবিও ফোনৰ স্ক্ৰীণত নমিৰ নামটো দেখি নধৰাকৈ নোৱাৰিলে। তাইৰ ফোন যদি সি নধৰে সেইখন কি হ'বগৈ ঠিক নাই।

'অই শুন না মই প্ৰেমত পৰিছো' সি ফোনটো ৰিচিভ কৰোতেই সিফালৰপৰা অহা বাক্যকেইটা তাৰ কাণখনত একেবাৰে খুন্দিয়াই থৈ গ'ল। 'কি কৈছ' বুলি কথাকেইটা ভালকৈ শুনিবলৈ কাণখনত কেৰা আঙুলিটো সোমোৱাই ঘটঘটকৈ লৰাই ল'লে।

'কি নুশুন নেকি মই প্ৰেমত পৰিছো আৰু তাৰ লগতেই বিয়া হ'ম। সেইবাৰ ঘৰ যাঁওতে তই যে কৈছিলি মোৰ ঘৰ এখন পাতিবলৈ। এতিয়া পাতিম বুলি ভাবিছো। তাই মাহঁতক ক'বি' বুলি ফোনটো কাটি দিলে। কি যে হ'ব এই ছোৱালীজনীৰ! এনেকৈনো কোনোবাই কথা কয়নে তাতে ইমান এটা ডাঙৰ কথা। এতিয়ানো মই খুড়া-খুড়ীক কি বুলি ক'ম। সি কি কৰিব ভাবি নাপায় ঘৈণীয়েক শুবলৈ অহালৈ বাট চাই থাকিল।

বাচন-বৰ্তনকেইটা ধুই থৈ চাদৰৰ আচলত হাতখন মচি মচি ৰিণ্টুৰ ঘৈণীয়েক ৰিমা সিহঁতৰ ৰূমত সোমালহি।
'হেৰি শুনিছা, নমিয়ে ফোন কৰিছিল তাই হেনো বিয়া পাতিব খুড়া-খুড়ীক ক'বলৈ দিছে' ৰিণ্টুৰ কথাকেইটা শুনি একো নামাতি ঘৈণীয়েকে ফণিখন লৈ আইনাখনৰ ওচৰত বহিলগৈ। যিমানেই সিহঁত বন্ধু নহঁওক ৰিণ্টুৰ ঘৈণীয়েকৰ সিহঁতৰ বন্ধুত্বকলৈ অলপ ঈৰ্ষা নোহোৱাও নহয়।

'বিয়া পাতিব খুজিছে যোৱা লাগি-ভাগি ধুম-ধামেৰে পাতি আহাগৈ।' ঘৈণীয়েকৰ উত্তৰত একো নামাতি সি ইফালে মুখ কৰি শুই থাকিল। সি জানে ৰিমাই যে নমিক বেয়া নাপায়, তথাপিও মাইকী মানুহৰ এইবোৰ স্বভাৱ থাকেই বুলি এইটোও সি গম পায়। শুবলৈ বুলি বাগৰ সলালেও তাৰ মনত এটা চিন্তাই কুৰুকি থাকিল 'এইবাৰ বা তাই কেনেকুৱা ল'ৰা পাল্লাত পৰিছে!'

***

'হেল্ল নমি, খুড়া-খুড়ীক কোৱাৰ আগতে তই ল'ৰাটোৰ বিষয়ে অলপ মোক কছোন' ৰিণ্টুৱে নমিক পিছদিনা পুৱা ফোন কৰিলে।

'ৰ মই এতিয়া ঘৰ গৈ আছো বাছত, আজি সন্ধিয়া তোক লগ কৰি সকলো ক'ম।' বুলি ফোনটো কাটি দিলে।

আজি ৰিণ্টু বৰ বিশেষ কাম নাই কাৰণে ঘৰতে আছে। তাৰ সন্ধিয়াটোলৈ বহুত বেলি যেন লাগিছে। অৱশেষত সেই ক্ষণটো আহিল। নমি সিহঁতৰ ঘৰলৈ আহিয়ে তাক ড্ৰইংৰূমত বহুৱাই দুৱাৰখন মাৰি দিলে। আজি যে সি ৰাতি শুৱাৰ সময়ত ভাৰ্যাদেৱীৰপৰা এক আধ্যা নুশুনাকৈ যে শুব নোৱাৰিব সেইটো খাটাং হ'ল। তথাপিও এইজনীৰ পাল্লাত পৰিল যেতিয়া সহজে এৰ খাব নোৱাৰে।

'এইখন চা' মোবাইলৰ ফটো গেলাৰীৰপৰা এখন ফটো বাচি নমিয়ে ৰিণ্টুক দেখুৱালে। চানগ্লাচ সহিতে এটা বগা মৰম লগা ল'ৰা আৰু কাষতে নমি।

'ইমান ধুনীয়া ল'ৰাটো আৰু তোতকৈ যে সৰু যেন লাগিছে, এইটো মানে তোৰ হ'বলগা দৰা। চানগ্লাচৰ সৈতে আৰু চালিয়া লাগিছে অই' ফটোখন দেখিয়ে সি তাইক জোকাও বুলিয়েই অলপ বেছিকৈয়ে কৈ দিলে।
কিন্তু তাৰ কথাত কোনো গুৰুত্ব নিদি তাই কৈ গ'ল
'চানগ্লাচযোৰে তাক চালিয়া বনাই দিয়ে কিন্তু খুলিলে গম পাবি। আৰু সি কেতিয়াও সেইযোৰ নুখুলো তাৰ জন্মৰে লগৰী হৈ আহিছিল সেইযোৰ। জন্মগতভাৱে সি দৃষ্টিহীন আৰু তাকে মই বিয়া পাতিম। কথাবোৰ শুনি তোৰ আলপ আচহুৱা লাগিব, গতিকে তই ধৈৰ্য ধৰি কথাবোৰ শুনি নিজক বুজাবি তাৰ পিছত মা-দেউতা ক'বি। তই ঠিকেই কৈছ তাক মোতকৈ সৰু যেন লাগিছে। হয়, সি মোতকৈ দুবছৰৰ সৰু। মনত আছেনে তোৰ, আগতে মৌচাকত, পিছলৈ প্ৰান্তিকত কবিতা লিখা ল'ৰা এজনৰ প্ৰেমত পৰিছিলো? সেইজনেই সি অন্তৰীপ দুৱৰা। ইমান ধুনীয়া কবিতা যে লিখে তাৰ কবিতা তোক প্ৰায়ে মই পঢ়ি শুনাইছিলো। এদিন এনজিঅ'ৰ মিটিং এখনত শিৱসাগৰলৈ যাওতে তাক লগ পাইছিলো য'ত তাক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আনিছিল। তাৰ নামটো মিটিংখনত ঘোষণা কৰোতে মোৰ চিনাকি যেন লাগিছিল, পিছত গৈ ভালদৰে চিনাকি হ'লো। বৰ্তমান সি বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ লেকচাৰাৰ লগতে সামাজিক কাম সমূহতো নিয়োজিত। অন্ধ ল'ৰা-ছোৱালীবোৰৰ কাৰণে সি কাম কৰে। নাজানো কেতিয়া কেনেকৈ তাৰ প্ৰেমত পৰিলো, এতিয়া ঠিৰাং কৰিছো তাৰ লগতেই বিয়া পাতিম। তোক ক'ম বুলি ভাবি আছিলো যদিও তই বা কি ভাব সেয়ে ক'বলৈ সাহ হোৱা নাছিল। কিন্তু নিজকে বুজালো তাৰ লগত বিয়া হোৱাৰ সপোন দেখিবলৈ সাহ কৰিব পাৰো যেতিয়া ঘৰত কিয় ক'ব নোৱাৰিম। সেয়ে আজি ঘৰলৈ গুচি আহিলো। প্ৰথমতে তোক ক'লো, কাইলৈ ঘৰত ক'ম খালী তই মোৰ লগত থাকিবি মাহঁতক বুজাবলৈ।' কথাখিনি কৈয়ে তাৰ উত্তৰলৈ বাট নাচাই তাই দুৱাৰখন খুলি ৰূমৰপৰা ওলাই গ'ল। সি বহাতে বহি থাকিল। তাইৰ কথাখিনি একেৰাহে ৰিণ্টুৰ কাণত বাজি থাকিল।নমিৰ মাক-দেউতাকক কাইলৈ বুজোৱাৰ আগতে আজি ৰাতি ৰিণ্টুৱে নিজকে বহুত বুজাব লাগিব।

***

আজি নমিৰ বিয়া। তাই কোৱাৰ দিয়ে আজিকালি বিয়াৰ দৰে বাহ্যিকতাৰে অতিৰঞ্জিত নকৰাকৈ কেৱল দৰকাৰী নিয়ম নীতিৰে বিয়াখন পাতিছে। নমিজনীক কইনাৰ সাজত বৰ ধুনীয়া লাগিছে আৰু সৰুতেই সিহঁতৰ মাজত হোৱা চুক্তি অনুসৰি ৰিণ্টুৱে তাইক কোচত উঠাই আনি হোমৰ গুৰিত বহোৱাই দিলেহি।
প্ৰথমতে নমিৰ মাক-দেউতাকক বুজাবলৈ অলপ কষ্ট হৈছিল। শেষত দুয়ো তাইৰ সিদ্ধান্তত মান্তি হৈছিল। সহজতেনো মান্তি কেনেকৈ হ'ব? একমাত্ৰ সন্তান নমি। গতিকে যিমান হ'লেও এনেকুৱা এটা ল'ৰালৈনো জানি-বুজি কেনেকৈ বিয়া দিয়ে। কিন্ত নিজৰ সিদ্ধান্তত অলৰ-অচৰ নমিৰ যুক্তিয়ে তেওঁলোকক সৈমান হ'বলৈ বাধ্য কৰালে।

'মই দুটা চকুৰে দেখো নহয়, গতিকে ইমান কিহৰ চিন্তা।' এইবোৰ আছিল তাইৰ কথা।

এই ছোৱালীজনী সঁচাই বৰ সাহসী আৰু মহান। আনে নকৰা কাম কৰি ভালপোৱা, আনে যোৱা বাটে নোযোৱা এইজনী ছোৱালী, তাইৰ জীৱনৰ ইমান এটা ডাঙৰ সিদ্ধান্ত কি সাহসেৰে লৈছে! হোমৰ গুৰিত দৰাৰ কাষত বহি থকা নমিৰ ওৰণিখনৰ তলেদি ওলাও নোলাওকৈ উলাই থকা কপালৰ উজ্জল সেন্দুৰৰ ফোটটো চাই চাই ৰিণ্টুৱে কথাবোৰ ভাবি থাকিল।

Saturday 2 December 2017

চিগনেল, ফুল বেচা ছোৱালীজনী আৰু ফুলথোপা

চিগনেলটো ৰঙা হোৱাৰ লগে লগে গাড়ীচালকসকলৰ মুখকেইখন যিমান ক'লা পৰি যায়, ৰাস্তাৰ কাষত হাতে হাতে কিবা এটা লৈ ৰৈ থকা মানুহখিনিৰ মুখকেইখন সিমানেই উজ্জ্বল হৈ উঠে। গাড়ীবোৰ ৰৈ যোৱাৰ লগে লগে আহি যায় তেওঁলোক। চিগনেলৰ আগত ৰৈ থকা গাড়ীসমূহৰ খিড়িকীখিনিত টুকুৰিয়াই কিবা এটা পোৱাৰ আশাত ৰৈ থাকে। কাৰোবাৰপৰা সহাৰি পায় কাৰোবাৰপৰা নাপায়। কোনোবাই হয়তো দাবী দিয়াৰ দৰেই খেদাই পঠায়, কোনোবাই যেন গমেই নাপায়। সেইটো অৱশ্যে সিহঁতৰ বাবে একো ডাঙৰ কথা নহয়। দৈনন্দিন জীৱনৰে এটা অংশ বুলি ভাবি লৈ আগৰখনৰ পৰা পিছৰ গাড়ীখনৰ কাষলৈ যায়। সেই একে আশাৰে জানোচা কোনোবাই কিবা এটা দিয়েই। মটৰবাইকত থকা ল'ৰা ছোৱালীবোৰক আকৌ কিবা এটা পোৱাৰ আশাতেই নে মৰম লাগিয়েই গালে মুখে হাত ফুৰাই থৈও যায়। কিছুমানে এনেই বস্তু বা পইছা খুজিবলৈ বেয়া পায় কাৰণে হাতত ফুলেই হওক বা পেন এপেকেটেই হওক লৈ ফুৰায়। হয়তো কোনোবাই যদি কিনে তাৰ বিনিময়ত পোৱা পইছাটোৰে পেটৰ জুইকুৰা নুমাব পাৰে। কিন্তু এনেকুৱা ভাগ্যেও দুই এজনক বাদ দি বেছিলোকৰ নহয়েই। মানুহ হোৱা স্বত্তেও যাৰ কোনো সঠিক ঠিকনা নাই। আজি ৰাতি যদি ইয়াত, কাইলৈ হয়তো কোনোবা এজেগাত। তথাপিও জীয়াই থকাৰ তাড়নাতে কিবা এটাটো কৰিবই লাগিব। সেয়ে যাকে যি পাই খোজে। সেই তাৰ মাজৰে এজনী কণমানি ছোৱালীয়ে নতুনকৈ ৰিটায়াৰ হৈ গুৱাহাটীলৈ অহা হৰিকান্ত চলিহাৰ জীৱনত বৰ বেলেগকৈ প্ৰভাৱ পেলালে।

ৰিটায়াৰ হ'বলৈ কেইটাবছৰ আছেনো নতুন জেগাৰ সোৱাদ ল'বলৈকে বুলি চাগে হৰিকান্ত চলিহাক মহানগৰীলৈ ট্ৰন্সফাৰ দিলে। এনেই এৰাতিৰ কাৰণেও গুৱাহাটীত থাকিব নোৱাৰা চলিহাৰ এতিয়া কিমান দিনলৈকে থাকিব লগা হয় ঠিক নাই। ৰিটায়াৰো যদি গুৱাহাটীৰ হাৱা-পানী খাইয়ে হ'ব লগা হয় সেইটোও ঠিক নাই। পুতেক-বোৱাৰীয়েকে মাতি মাতিও আনিব নোৱাৰি এতিয়া ভালেই পাইছে তেওঁৰ ট্ৰেন্সফাৰ হোৱা কাৰণে। কেতিয়াবা জাগীৰোদৰপৰা আহিলেও চাকৰি অজুহাত দি গুচিয়ে যায় দিনতো থাকি। এতিয়া অন্তত: চাাকৰিৰ অজুহাততে পুত্ৰ বোৱাৰীৰ লগত একেলগে থাকিব লাগিব।

যান-যঁটৰ সমস্যাতো এতিয়া মানে মহানগৰীত প্ৰধান সমস্যা। যান বাহনসমূহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ট্ৰেফিকৰো পৰিমাণো বাঢ়ি গৈছে। সময়তকৈ আগত নোলালে অফিচ কেইটাত পাবগৈ সেইটোও ক'ব পৰা নাযায়।  চিগনেলবোৰত অতিকমেও দুইমিনিট ৰ'বই লাগে। তাৰপিছত আকৌ কেতিয়াবা এনেকুৱা হয় যে চিগনেলটো সেউজীয়া হয়হে পিছৰ গাড়ীবোৰ যাবলৈ যো-জা চলাওঁঁতেই আকৌ লাইটটো কমলা ৰঙৰ হৈ ৰঙা হয়েই নহয়। এই ৰঙা সেউজীয়াৰ যুদ্ধখনত মৰেগৈ গাড়ী, মটৰবাইকত থকাসকল। 

হৰিকান্তৰ থকা ঠাইৰপৰা অফিচলৈ অলপদূৰ হয়, সেয়ে অটো এখনকে ঠিক কৰি লৈছে অহা-যোৱা কৰিবলৈ। আজি কেইবাদিনৰপৰা তেওঁৰ লগত এটা ঘটনা ঘটিবলৈ লৈছে। সৰু ছোৱালী এজনী আহে হাঁতত ফুল এমুঠি লৈ। বিৰাট ধুনীয়া সতেজ ফুল। ফুল মুঠিৰ দাম ৩০ টকা। কোনোবাই যদি কিনে তাইৰ পুৱাবেলাৰ কাৰণে কিবা এটা ওলাই যায়। সেয়ে বহুত আশাৰে আহে কোনোবাই কিনে যদি কিনক। কিন্তু তাইৰ মাতত তাইলৈ ঘূৰি চোৱাৰ সংখ্যাও চাগে তেনেই তাকৰ।
আজি কেইবাদিৰপৰাও এই দৃশ্য দেখি আহি চাগে মনতো বেয়া লাগিল নে কণমানিজনীলৈ দৰদ উপজিল চলিহাই ফুলৰ থোপা এটা কিনি ল'লে। 

ছোৱালীজনীকো সহায় কৰা হ'ব আৰু ঘৈণীয়েককো ফুলথোপা দিয়া হ'ব। সেইকাৰণে একো দাম-দৰ নকৰাকৈ কিনি ল'লে। একো নোকোৱাকৈ কিনি লোৱা মানুহ হয়তো জীৱনত তাই প্ৰথমবাৰৰ কাৰণে দেখিছিল, সেয়ে তাই চলিহাৰ মুখখনলৈ ৰ লাগি চাই ৰৈছিল।

'যা যা এইটোৰে কিবা কিনি খাবি। আৰু সদায় এটা ফুলৰ থোপা মোলৈ আনিবি দেই মই কিনিম।' কথাকেইটা কৈ শেষ কৰে মানে ইফালে চিগনেলো খুলিল আৰু বিশেষ কথা পতা নহ'ল। তাইও টকা ত্ৰিশটা লৈ দৌৰ মাৰিলে ওচৰতে থকা দোকানখনলৈ বুলি।

আজিকালি সেই বিশেষ চিগনেলটো তেওঁৰ ভাল লগা হৈ আহিছে। তেওঁৰ কথা মতে ছোৱালীজনী সদায় আহে, সেই সময়কণতে চলিহাক ফুলৰ থোপাতো দি ত্ৰিশটকা লৈ দৌৰ মাৰে। তেওঁ কিবা এটা সুধিম বুলি ভাবিলেও তাইৰ ৰ'বলৈ সময় নাই, হয়তো ভোকত তাই ৰ'ব নোৱাৰা হৈ থাকে। সেই টকা ত্ৰিশটা লৈয়ে ওচৰৰ দোকানখনলৈ দৌৰ মাৰে। তাইনো কি কিনি খাাই সেইটো অৱশ্যে চলিহাৰো চাবলৈ সময় নাথাকে। চিগনেলটো সেউজীয়া হোৱাৰ লগে লগে তেওঁৰো যাবৰ হয়।

সতেজ ফুলৰ থোপাটো লৈ তেওঁৰ মনতো ভাল লাগি যায়। বিয়াৰ পিছত হয়তো এই ফুলৰ থোপাটোৱেই ঘৈণীয়েকে নোখোজাকৈ উপযাচি লৈ যোৱা প্ৰথম উপহাৰ। ডেকা হৈ থাকোঁঁতেই একো এটা নিবলৈ মনত নপৰা মানুহজনৰ এই বয়সত যে ফুল কিনিছে ঘৈণীয়েকলৈ বুলি। অৱশ্যে এই ক্ষেত্ৰতো সেই পেটৰ ভোক মাৰিবলৈ ফুল বেচা ছোৱালীজনীৰে অৱদান বুলি ক'ব লাগিব। তথাপিও ....

'আহহহ' ঘৈণীয়েকৰ কথা মনলৈ আহোতে তেওঁৰ মুখেদি এটা দীঘলকৈ হুমুনিয়াহৰ দৰে কিবা এটা ওলাই আহিল। সুখে দুখে সকলোৰে লগৰীজনীলৈ সময়ত তেওঁ নিজেই নোকোৱালৈকে একো এটা নিবলৈ কিয় মনত নপৰিছিল বাৰু! অথচ মানুুহজনীয়ে কোনো বেয়াও নাপাইছিল। ল'ৰাটো আৰু মানুহজনৰ সুখতকৈ যেন একো বিশেষ তেওঁ বিচৰা নাছিল। খালী তেওঁৰ ফুললৈ বৰ হেঁপাহ আছিল। য'তে নতুন ফুলৰ পুলি দেখিছিল যেনে তেনে হ'লেও বিচাৰে ঘৰত ৰুবলৈ। বাগিচাখন বৰ মৰম যত্নৰে প্ৰতি পালন কৰে নিজৰ সন্তানৰ দৰে। চলিহাকো এটাই আবদাৰ কৰিছিল কৰবাত যদি ফুল দেখে আনিবলৈ নাপাহৰিবলৈ। চলিহা, পুত্ৰ আৰু ফুলৰ বাগিচাখনেই ঘৈণীয়েকৰ কাৰণে জীৱনৰ সকলো আছিল। তাতকৈ বেছি একোৱেই নিবিচাৰে।

এইকেইদিন ফুলৰ থোপাটো ঘৈণীয়েকলৈ বুলি কিনি চলিহাৰ মনতো কিবা এটা আৱেগেৰে ভৰি পৰিছে। কিয় ইমান নিমাখিত তেওঁৰ মানুহজনী, জটিলতাবিহীন এগৰাকী মহিলা। লোকৰ সুখেই তেওঁৰ সুখ তথাপিও সময়ত তেওঁৰ কাৰণেই পাহৰি যায় কিবা এটা ল'বলৈ।

ফুল কিনি অনাতো তেওঁৰ আজিকালি দৈনন্দিন কাৰ্যত পৰিণত হৈছে। এইবোৰ দেখি পুত্ৰ-বোৱাৰী আচৰিত নোহোৱাও নহয়। তথাপিও একো নকয়। এই বয়সত যে দেউতাকৰ মনত পৰিছে মাকলৈ কিবা এটা আনিবলৈ। মনে মনে সিহঁতৰ হাঁহি ও উঠে, দুখো লাগে দেউতাকলৈ।

আজি চিগনেলটো খোলাৰ পিছতো চলিহা অলপ সময়ৰ কাৰণে ৰ'ল। বহুত সময়েই ৰ'ল ক'বলৈ গ'লে, কিন্তু ছোৱালীজনী নাহিল। ত্ৰিশটকাতো হাতৰ মুঠিতে লৈ অটোখনৰপৰা নামি ইফালে সিফালে চালে। কিন্তু তাইক নেদেখিলে। মনটো কিবা দেখোন ৰাই-জাই কৰিলে 'কিয় বা নাহিল আজি'। 'হ'ব কাইলৈ আহিব চাগে' মনতে ভাবি তেওঁ পুনৰ অফিচলৈ বুলি গুচি গ'ল। আজি তেওঁৰ হাতখন কিবা খালী লাগিছে দেখোন আৰু সেই ধুনীয়া সতেজ ফুলৰ গোন্ধটোৱেও তেওঁক খেদি ফুৰিছে। প্ৰায় এমাহেই হ'বৰ হ'ল তেওঁ ফুল কিনি লৈ অনাতো। আজিও চাগে ঘৈণীয়েকে আশাৰে বাট চাই থাকিব। কথাটো ভাবি তেওঁৰ মনটো দেখোন কেনেবা কৰি উঠিল। আগতেতো চলিহাই এনেদৰে কেতিয়াও নাভাবিছিল। কিবা এটা আনিবলৈ কোৱাৰ পিছতো পাহৰি গ'লে সেইটো বৰ বিশেষ কথা বুলি নাভাবিছিল। কিন্তু আজি! ঘৈণীয়েকে চাগে অলপ অভিমানো কৰিব, তাতে আকৌ এনেও ফুলৰ প্ৰতি মোহটো বেছি।

অভিমান, অভিমান জানো তেওঁ কৰিব জানে? উনত্ৰিশবছৰে একেলগে থাকিও যিগৰাকী মহিলাই অভিমান, খং কৰিব নাজানিলে, এতিয়ানো দেৱালত উলমাই থোৱা ফটোখনে কি অভিমান কৰিব। হয়তো অভিমান কৰিব নজনাতোৱেই চলিহাই সুযোগ হিচাপে লৈছিল আৰু সেই সুযোগতেই ঘৈণীয়েকৰ হৈ থকা ৰোগটোৱে বেছি সুযোগ লৈ মানুহজনীক একেবাৰে তেওঁৰ পৰা আঁতৰাই লৈ গ'ল। কাকো একো খবৰো নিদিলে। এতিয়া ফুল কিনি ঘৈণীয়েকৰ ফটোখনতহে দিয়া হয়। জীয়াই থাকোঁঁতে যদি এনেকে আনি ঘৈণীয়েকৰ খোপাত ফুল এপাহো পিন্ধাব পাৰিলেহেঁতেন, কিমান যে ভাল পালে হয়!

'কিয় নাজানিলা মামণি অভিমান কৰিবলৈ, বস্তু এটা খুজি খং কৰিবলৈ, তেতিয়া হয়তো মই অলপ সলনি হ'লোহেঁতেন। শিকিলোহেঁতেন তোমাৰ মনটো বুজিবলৈ। এতিয়া তোমাৰ ফটোখনত ফুলৰ থোপাটো দিবলৈও যেন সেই কণমানিজনীয়েহে শিকালে মোক।'  কথাবোৰে তেওঁৰ মনত এনেকৈ খুন্দিয়ালে যেন চলিহাই এতিয়াই গৈ ঘৈণীয়েক য'তেই আছে লৈ আহিব।
বিয়াৰ পিছৰপৰাই নজনাকৈয়ে মানুহজনীৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছিল যে তেওঁ ঢুকোৱাৰ পিছতো বহুতদিনলৈকে অফিচ যাবলৈ চাৰ্টটোও ঘৈণীয়েকে আনি দিব বুলিয়েই ৰৈ আছিল। ছমাহ পৰ্যন্ত লাগি গৈছিল ঘৈণীয়েকৰ মৃত্যুটোক সহজভাৱে ল'বলে। 
ছোৱালীজনীক লগ পোৱাৰ পিছৰেপৰা সদায় চলিহাই
ফুলথোপা এটা উৎসাহেৰে কিনি লয়। আৰু যাতে নষ্ট হৈ নাযায় সেয়ে অফিচত গিলাচ এটাত পানী ভৰাই তাতে থৈ দিছিল। অফিচৰ কোনোবাই তেওঁক দেখি ফিচিঙাফিচিং কৰে যদিও সেইবোৰ চলিহাই গুৰুত্ব নিদিয়ে। ঘৰলৈ আহি ধুনীয়াকৈ ফটোখনৰ ওচৰত ফুলৰ থোপাতো থৈ অলপসময়ৰ কাৰণে ৰৈ থাকে। কিবা এটা শুনাৰ আশাত যেন ফটোখনে কিবা এটা কৈয়েই দিয়ে। এইবোৰ কাণ্ড-কাৰখানা পুতেক বোৱাৰীয়েকে দেখিলেও একো নকয়, বুজি পায় তেওঁলোকে।

'বা দেউতা আজিকালি সদায় ফুল আনে যে' বুলি বোৱাৰীয়েকে কেতিয়াবা তেওঁক ধেমালি কৰি চায়। হাঁহি এটা মাৰি চলিহা ভিতৰলৈ সোমাই গুচি যায়।
আজি, কালিকৈ কেইবাদিনো হ'ল ছোৱালীজনী নাহিল। তাইলৈ সদায় বাট চাই থাকে সেই বিশেষ চিগনেলটোত। কিন্তু তাই নহাই হ'ল। নিজেই নিজকে বুজালে যে তাই আৰু নাহে। থাকিবলৈ যাৰ স্থায়ী ঘৰ নাই, দুসাজ খাবলৈ খুদকণ নাই সিহঁতৰ দৰে মানুহবিলাক একেটা জেগাতে কেনেকৈ থাকিব। গ'লগৈ চাগে কৰবালৈ। মনতো দুদিনমান বেয়া লাগিছিল। লাহে লাহে আকৌ ঠিক হৈ গ'ল, তথাপিও কিবা এটা আশা কিজানি তাই আহেই। চিগনেলটো পোৱাৰ লগে লগে অটোৰপৰা মূৰটো উলিয়াই ইফালে সিফালে চাই থাকে কৰবাত কেনেবাকৈ দেখা পাইয়ে নেকি। সেই অকণমানি ছোৱালীজনীৰ মুখখনে চলিহাক আমনি কৰে। 

যদিও ছোৱালীজনী নহা হ'ল কিন্তু চলিহাই ফুল নিবলৈ নেৰিলে। অটোচালকজনে তেওঁক ফুল কিনিবলৈ এখন দোকান ঠিক কৰি দিলে আৰু সদায় অফিচৰপৰা ঘূৰি যোৱা সময়খিনিত ফুল কিনি লৈ যায় মৰমৰ মানুহজনীলৈ বুলি। ঘৰ গৈয়ে ফুলখিনি ফটোখনৰ ওচৰত থৈ বাহিৰলৈ ওলাই আহি আকাশখনলৈ চাই হাঁহি এটা মাৰে। আকাশখনলৈ চাওঁঁতে এনেকুৱা লাগে যেন সেই ফুলৰথোপাটো খোপাতে লগাই তৰা এটি হৈ ঘৈণীয়েকেও তেওঁলৈ চাই হাঁহিছে।

Friday 10 November 2017

লাফটাৰ ক্লাব

আজিকালি সপোনৰ ব্যৱসায় ডাঙৰ হৈছে, নামফলক এখনৰ প্ৰয়োজন খুবেই হৈছে। কোনোবা নহয় কোনোবাই দিনটোত এবাৰ হ'লেও বিচাৰি আহেই। সি ভাবিবই পৰা নাছিল যে এনেকুৱা সামান্য কিবা এটাই তাক ইমান 'পপুলাৰ' কৰি দিব। এতিয়া সি কাৰোবাৰ প্ৰশ্নৰ উত্তৰ মানুহক ভালকৈয়ে দিব পাৰে আজিকালি সি কি কৰে। অন্ততঃ কাৰো হাতলৈ মুখলৈ নোচোৱাকৈ সুখত তিনিবেলা তিনিসাজ খাব পাৰে, বায়েক তিনিজনীৰ বিয়াতো দেউতাকক অলপ হ'লেও সহায় কৰিব পাৰিব। আৰু এনেদৰে থাকিলে হয়তো অতি কমদিনতে তাৰ মৰমৰ ফুলকলিকো ঘৰ সোমোৱাব পাৰিব। অ এটা কথা কিন্তু! বেলেগে ভবাৰ দৰে সি কিন্তু আনক ঠগি পেটৰ ভাত মোকলাই থকা নাই। এখন ফলকৰ কথা সকলোৱে কৈ থকাৰ কাৰণে সি আজি বনাবলৈ দি থৈ আহিল আৰু নাম দিছে 'যোগা আৰু হাঁহিৰ কেন্দ্ৰ'।

ঘৰৰপৰা ওলাই আহিছিল মহানগৰীলৈ কিবা এটা কৰাৰ খাটিৰত। ঘৰত থাকিলে অকমণ্য বুলি খোজে প্ৰতি শুনিব লগা হোৱাতো দৈনন্দিন কামৰ এটা হৈ পৰিছিল। এৰা ন'হবই বা কিয়? বিএ পাছ কৰি ঘৰত এনেদৰে বহি থাকিলে কাৰনো চাই থাকিবলৈ মন যাব। আৰু তো ধনী দেউতাকৰ পুতেক নহয় ৰিটায়াৰড শিক্ষকৰ পুতেকহে। পাঁচজনী ছোৱালীৰ তলৰ একেবাৰে সৰু। তথাপিও বিয়া দিবলৈ বাকী থকা তিনিজনীৰ কথাই ভাবিব নে তাৰ কথাই! সি নিজৰ কপাল নিজেই লিখিব।হঁও হঁও বুলি হ'বলৈ ধৰা পাঁচলখীয়া তাৰ পিয়নৰ চাকৰিটো টকাৰ অভাৱত ন'হল। অৱশ্যে তাৰ ইচ্ছাও নাছিল দেউতাকৰ মূৰত মাধমাৰটো সোধাবলৈ।
পঢ়া-শুনাত মন নথকা সপোনৰ ডাঙৰ হৈ কি কৰাৰ সপোন সেইটোও ক'ব নোৱাৰিছিল। সেয়ে কৈছিল যি কৰিম সৎ পথেৰে কৰিম কিন্তু কি কৰিম নাজানো। দেউতাকৰ যেন তাৰ ওপৰত কিবা এটা ভৰসা আছিল। খেলি-ধূলি ভালপোৱা সপোনৰ নিজৰ দেহাটোক লৈও এটা সপোন আছিল যে অইন কৰিব নোৱাৰিলেও চলমান খানৰ দৰে ব'ডীটোৱে বনাব। সেয়ে ঘৰতে কিবা কিবি ব্যায়াম কৰি থাকে। সেইফালৰপৰা অৱশ্যে তাৰ গাৰ গঠনটোও বেয়া নহয়। সুবিধা পালে নিজকে ব'ডী বিল্দিং প্ৰতিযোগীতাবোৰতো অংশগ্ৰহণ কৰিব পৰাকৈ গঢ়িব পাৰিব। কিন্তু এইবোৰো সপোনহে সপোনৰ!

গাঁৱৰপৰা অলপ আতৰত থকা সৰু টাউনত অৱস্থিত কলেজখনৰপৰাই বিএটো কোনোমতে পাছ কৰিলে যদিও বিএ পাছৰ ডিগ্ৰীয়ে তালৈ দুখহে কঢ়িয়াই আনিলে। যদিও দেউতাকে তাক বোজা বুলি নাভাবে কিন্তু মাককে ধৰি বায়েক তিনিজনীৰ কাৰণে যে হয় ন'কলেও বুজিব পাৰি। কথাই প্ৰতি অমুকাৰ ল'ৰাই কি কৰি আছে বুলিহে আৰম্ভ কৰে। সি কৰিব কি একো ভাবি নাপায় গুৱাহাটী যাও বুলিয়েই ওলাই আহিল। গুৱাহাটীত বোলে কিবা নহয় কিবা এটা পাইয়ে। কিন্তু সেই 'কিবা' টো পোৱা কিমান টান সি আহিহে গম পালে।

আগলৈ পিছলৈ বুলিবলৈ ল'ৰা এটাই। এনেকৈ ওলাই অহাত দেউতাকে বৰ এটা ভাল নাপালে। সেয়েহে বাল্যকালৰ বন্ধু এতিয়া গুৱাহাটীৰ নিৱাসী হোমেনকে ক'লে তেওঁৰ লগতে ল'ৰাটো ৰাখিবলৈ। মাহেকে যি পাৰে কিবা এটা পঠাই দিব।

দেউতাকৰ বন্ধু হোমেন খুড়াকেও সপোনক লগত ৰাখিবলৈ বৰ এটা বেয়া নাপালে। ল'ৰা দুয়োটা বাহিৰত থাকে বছৰেকৰ মূৰত এবাৰ ঘৰলৈ আহে। পাঁচবছৰৰ আগতেই ঘৈণীয়েকেও এৰি সিপুৰি পালেগৈ। গতিকে ইমান প্ৰকাণ্ড ঘৰটোত অকলে থকাতকৈ চিনাকি বিশ্বাসযোগ্য ল'ৰা এটাই থকা ভাল। সপোনৰ দেউতাক ভাড়া দিয়াৰ কথা কঁওতে একেষাৰে অমান্তি হৈ কৈছিল 'সি ভালকৈ থাকক আৰু একো নালাগে।'
সেইদিন ধৰি সপোন হোমেন খুড়াৰ ঘৰত আৰু ল'ৰা দুটাইও যেন সি থকাৰ কাৰণে কিবা এটা সকাহ পালে। গুৱাহাটীলৈ আহিয়ে সি দুই তিনিদিন চাকৰি সন্ধানত ঘূৰিছিল। দুই তিনিটা কন্সালটেন্চিত নামটোও ৰেজিষ্টাৰ কৰি আহিল। কিন্তু সেইবোৰে যিহে চাকৰিৰ কথা কয়, সি যে সেইবোৰ কৰিব পাৰিব মনে নকয়।
তাৰ কাৰণে সময়বোৰ নাযায় নুপুৱায়। এতিয়াহে ভালকৈ নপঢ়াৰ ফল অনুভৱ কৰিছে। ইমানদিনে ঘৰৰ আটাইতকৈ সৰুটো কেইদিনমানতে পৰিপক্ক হৈ উঠিছে। দেউতাকৰ মোবাইলটোলৈ ফোন কৰিলে মাকে যিটো উৎসাহেৰে ধৰে যেন সি চাকৰি পোৱাৰ খবৰ দিবলৈহে ফোন কৰিছে। ন'কলেও মাকে সোধা কথাকেইটাতে গম পায়। তথাপিও সি বেয়া নাপায়, মাকৰ মন, ল'ৰাই কিবা এটা কৰিব বুলি থকা আশাকণ নেদেখুৱাই নোৱাৰে।

হোমেন খুড়াক হে মাজে মাজে বৰ উদাস যেন লাগে। সকলোবোৰ থাকিও একো নাইৰ দৰে। খুড়াকেটো দেউতাকৰ দৰে দোকানৰ বাকী মাৰিবলৈ পেন্সনকেইটালৈ ৰ'ব নালাগে। পেন্সনৰ টকাটো সাচিব নালাগে জীয়েকৰ বিয়ালৈ। তথাপিও যেন কিবা এটা নাই। নিজৰ মনৰ কথাকেইটা পাতিবলৈও মানুহৰ অভাৱ। তেওঁৰ লগৰকেইজনো একেই। তেঁওলোকে কথা পাতিবলৈও একো বিশেষ বিচাৰি নাপায় একমাত্ৰ ইজনে সিজনৰ খবৰকেইটা লোৱা বাদ দি। কেইদিনমান সি এইবোৰ চাই থাকি ঠিক কৰিলে যে খুড়াকৰ এই উদাস উদাস মনটো সলনি কৰিব। কিন্তু কেনেকৈ সি নাজানে।

'খুড়া আপোনাৰ লগৰ কোনোবা যদি আছে কওক মই আপোনালোকক যোগা শিকাম, যোগাৰ কৰাৰ চলেৰে সকলোকে লগ পাব মনটো ভাল লাগি থাকিব।' সি ঘৰলৈ অহাৰ আগলৈকে ব্যায়াম যোগা নিজেই কৰি কৰি পৈণত হৈ উঠিছে। এতিয়া যে বেলেগকো শিকাব পাৰিব বিশ্বাস আছে।

তাক একেবাৰতে নিৰাশ উত্তৰ দি থ'লে 'কোন আহিব এই বয়সত যোগা কৰিবলৈ, এতিয়া আমাৰ এইবোৰ দিন গ'ল। কেৱল এতিয়া ভগৱানে সিপুৰীলৈ নিয়া দিনটোহে গণনা কৰিব লাগে' কিন্তু সি এইবোৰ কথা মানি লোৱা ভকত নহয়। 'আচলতে খুড়া আপোনালোক সকলোৱে হাঁহিবলৈ পাহৰিলে। সেয়ে বয়সতকৈ বেছি দুৰ্বল হৈ গৈছে। কিন্তু আমাৰ দেউতাৰ চাবলৈ গ'লে চিন্তা বেছি তথাপিও তেওঁ হাঁহি আছে সেয়ে এতিয়াও সুস্থ সবল হৈ আছে। গাঁৱৰ মানুহবোৰক লগ পায়, নামঘৰলৈ যাঁওতে পথাৰলৈ যাঁওতে। আৰু গাঁৱততো ভাওনাই হওক, নাম-প্ৰসংগই হওক কিবা হৈ থাকেই। সেইবোৰ 'এটেণ্ড' কৰি থাকোতেই দেউতাৰ সময়বোৰ গুচি যায়'
সেই কথাষাৰে হোমেন শইকীয়াক অলপ সময়ৰ কাৰণেও স্থবিৰ কৰি তুলিলে। হয় দেই একেলগে ডাঙৰ হোৱা সপোনৰ দেউতাক আৰু তেওঁ। পঢ়ি-শুনি সকলোৰে জীৱনটো সলনি হৈ গ'ল। তেওঁ চাকৰি কৰিবলৈ গুৱাহাটী আহিল আৰু তাতে মাটি বাৰী কিনি ঘৰ বনাই থাকিবলৈ ল'লে। আৰু সপোনৰ দেউতাকে ভেন্সাৰ স্কুলত সোমাই ৰিটায়াৰ হোৱাৰ দুবছৰৰ আগে আগে দৰমহাৰ পইছাকেইটা চুবলৈ পাইছিল। তেওঁলোকৰ লগৰখিনিৰ ভিতৰত হোমেনৰে অৱস্থা ভাল। টকা-পইছাৰফালৰ পৰাও আৰু ল'ৰা দুটিৰপৰাও। দুয়ো বিদেশত থাকে বছৰেকৰ মূৰত এবাৰ আহে। বাকী সময়ছোৱা সিহঁতৰ ফোনলৈ বাট চাবলগা হয়। সময়ৰ অমিল কাৰণে ফোনটোকেইটা আহোতেও গণ্ডগোল হয়। হয়তো ৰাতি তেওঁ শুবৰ সময়ত নতুবা পুৱা শুই নুঠুতেই। উপায়টো নাই। ইমান পঢ়া-শুনা কৰাইছিল যেতিয়া এইখিনিটো মানি ল'বই লাগিব।

কিমান বছৰ হ'ল বাৰু তেওঁ নহঁহা! হয়তো এমাহ, হয়তো দুমাহ, নহয় আজি পাঁচবছৰেই হ'ল নঁহহা। শেষ হাঁহি চাগে তেতিয়াই মাৰিছিল যেতিয়া ডাক্তৰে ঘৈণীয়েকক সকলো বিপদৰপৰা মুক্ত বুলি হস্পিতেলৰপৰা মুক্তি দিছিল। আৰু সেই মুক্তিতেই ঘৈণীয়েকে সকলোৰেপৰা মুক্ত হৈ গুচি গ'ল হস্পিতেলৰপৰা অহা পোন্ধৰদিন পিছতেই বাথৰুমত লুটি খাই পৰাৰ অজুহাত লৈ। ‌এতিয়াৰ সময়বোৰ নাযায় নুপুৱাই।

বিশেষ কথা একো আগনবঢ়াই সপোন ওলাই গ'ল খুড়াকৰ লগৰখিনিক লগ কৰিবলৈ। পিছদিনাৰপৰা খুড়াকৰ ঘৰৰ ল'নখনতে আৰম্ভ হ'ল হাঁহিৰ খলকনি। প্ৰথমতে কোনোৱেই বিশেষ একো বুজি পোৱা নাছিল যদিও সি নতুনকৈ কিনা এন্ড্ৰইড মোবাইলটোত কেইটামান ভিডিঅ' দেখুওৱাৰ পিছত উৎসাহী হৈ পৰিল। খুড়াকৰ লগৰবোৰো তেওঁৰ দৰেই একেই। সকলোবোৰ থাকিও কিবা এটা নাই তেঁওলোকৰ কোনো ভিন্ন ভিন্ন কাৰণত। হাঁহিবলৈ গৈও কৰবাত থমকি ৰয়।

আজিকালি সপোনৰ জোৰত সকলোবোৰ আহে পুৱাই খুড়াকৰ ঘৰলৈ আৰু ছটা বজাৰপৰাই আৰম্ভ হৈ যায় হাঁহিৰ খলকণি। সেই হাঁহি বিয়পি পৰে দূৰ দিগন্তলৈ। দূৰৰপৰা উফৰি অহা হাঁহিৰ টুকুৰাবোৰে মানুহক বাধ্য কৰাই কি হৈ আছে চাই যাবলৈ। চাই যোৱাবোৰৰ মাজৰে কোনোবা পিছদিনা পুৱা সেই হাঁহিত যুগ দিবলৈ। সপোনে যেন সকলোৰে জীৱনটোলৈ এক পৰিৱৰ্তন আনিলে। সকলোৱে নতুনকৈ হাঁহিবলৈ শিকিলে। খুড়াককো কেইদিনমানৰপৰা তজবজীয়া যেন দেখা গৈছে। ল'ৰাকেইটাই ফোন কৰিলে তেওঁৰ আজিকালি ক'বলৈ বহুত কথাই থাকে। মাজে মাজে সপোনৰ মোবাইলৰপৰা জিঅ' চিমত হুৱাটচ্আপত ভিডিঅ' কলিং কৰি দেখুৱাই।

এনেদৰে সপোনৰ লাফটাৰ ক্লাব চলি গৈ আছে। সপোনৰো ভাল লাগিছে অন্ততঃ কাৰোবাৰ জীৱনলৈ হাঁহি ঘূৰাই আনিছে। কিন্তু মাক আৰু বায়েককেইজনীৰ কাৰণে যেন এলাগী হে হৈ আহিছে। কথাটো আওকাণ কৰিবলগাও নহয় অৱশ্যে। এনেকে ডেং ডেংকৈ ডেকা ল'ৰা এটাই একো এটা নকৰিলে কাৰনো ভাল লাগিব। কেতিয়াবা সপোনৰ মাকৰ লগত কথা পাতিলে এই কথা আলোচনা হয়। এটা ডেকা ল'ৰা এনেদৰে লোকক হহুৱাই থাকিলেটতো পেট নভৰে। সেয়ে এদিন তাক এই কামটোৰ বাবদ পইছা লোৱাৰ কথা ক'লে।
সপোনে খুড়াকৰ প্ৰস্তাৱত আদৰি লোৱাৰ সলনি দুখহে পালে। সিটো তেঁওলোকক হাঁহিবোৰ বেছা নাই, হাঁহিবোৰ ঘূৰাই আনিবলৈহে চেষ্টা কৰিছে। সি যদি এনেকুৱা কৰে আগতে কোনোবাই কৈ যোৱা কথাখিনি দেখোন মিছা হ'ব। হাঁহিবলৈ আৰু সপোন দেখিবলৈ পইছা নালাগে। কিন্তু সপোন দেখিবলৈতো পইছা লাগে। তাৰ কেৰাণীৰ চাকৰিতোৰ সপোন পাঁচলাখ টকাৰ বিনিময়তহে দেখাৰ কথা কৈছিল। আৰু কিমান কি আছে তেনেকুৱা আগতে পইছা, পিছত সপোন। সিও তাৰ মিনি লাফটাৰ ক্লাবত যদি হাঁহিবলৈ অহা মানুহখিনিৰপৰা পইছা লয় তেতিয়া কি পাৰ্থক্য থাকিব। কিন্তু খুড়াকৰ অশেষ বুজনিত সি থিৰাং কৰিলে তেঁওলোকক যোগা শিকাব তাৰ বিনিময়তহে পইছা ল'ব কিন্তু কোনোবাই মন নকৰিলে জোৰ নকৰে। সেই প্ৰস্তাৱটো খুড়াকে পিছদিনা সকলোৰে আগত আগবঢ়ালে আৰু সকলোৱে বিন প্ৰতিবাদে মানি ল'লে।

আজিকালি সপোনৰ কাম বাঢ়িল। তেঁওলোকক প্ৰথমতে যোগা কৰায় তাৰপিছত হাঁহি। লাহে লাহে মানুহো বাঢ়ি আহিছে। হোমেন খুড়াতো তাকলৈ ইমানেই আনন্দিত যে মানুহক কেতিয়াও ক'বলৈ নাপাহৰে সপোনে কমিবলৈ ধৰা বয়সখিনি বঢ়াই দিলে। আনকি তাৰ দেউতাককো ক'বলৈ নাপাহৰে যে সি কিমান পুণ্য কাম কৰি তাৰ জীৱিকাৰ পথ উলিয়াইছে।

সপোনক বিচাৰি অহা মানুহৰ সংখ্যা বাঢ়িছে। সপোন আচৰিত হৈছে কিমান যে হাঁহিবলৈ পাহৰা মানুহ আছে এই পৃথিৱীত! সকলোৱে জীৱনৰ লগত দৌৰি দৌৰি সকলোবোৰ গোটালে তাৰ বিনিময়ত হেৰুৱাইছে হাঁহি। হাঁহিবলৈও দৰকাৰ হৈছে নিৰ্দিষ্ট এক সময়ৰ।

হোমেন খুড়াকে সপোনক এখন নাম ফলক গেটৰ ওচৰত লগাবলৈ বহুতদিনৰপৰাই কৈ আছে। ন'হলে মানুহে সদায় তাৰ ঠিকনা বিচাৰি ঘূৰি ফুৰিব লগা হয়। সেয়ে আজি দুয়ো ওলাই আহিছে ফলকখন বনাবলৈ দিবলৈ।

Monday 2 October 2017

মোৰ বুঢ়া হ'বলৈ মন নাই (I do not want to be become an Old)!

বাকচৰ চাবিকোচা বিচাৰি আছো, পোৱা নাই ক'ত বা থ'লো। অলপ সময়ৰ আগতেটো ইয়াতেই থৈ গৈছিলো! এই সৰু কথাটোকে পাহৰিব লাগে নে! ছেহ, বৰ বেয়া কথা হ'ল। কেইদিনমানৰ আগতে বিয়া পতা কাষৰ ঘৰৰ ল'ৰাটোৱে কইনাজনী ফুৰাবলৈ আনি গামোছা এখনে আৰু ধূতি এখনে দি সেৱা এটা কৰিলে। মই বাৰু ন-দম্পত্তিহালক আৰ্শীবাদ এটা দিলোৱেই। তথাপিও ন-ছোৱালীজনীক কিবা এটা নিদিলে বৰ বেয়া লাগিব। 

অন্তত: মিনতিয়ে কথাটো গম পালে বৰ দুখ পাব। আজি মিনতি থকা হ'লে তাই লৰালৰিকৈ গৈ তাইৰ যৌতুকত অনা ট্ৰাংকটোৰপৰা চাদৰেই হওক বা ব্লাউজেই হওক কিবা এটা খুচৰি উলিয়ালেহেঁতেন। এতিয়া মইনো এই অকলশৰীয়া মানুহটোৱে ছোৱালীজনীক কি দিম! সেয়ে এশটকা দুশটকা কি আছে তাকে বিচাৰিবলৈ ট্ৰাংকটো খুলিবলৈ আহি চাবিটোৱে বিচাৰি পোৱা নাই। ইফালে ঘৰৰ বস্তু ইফাল সিফাল কৰিবলৈ আছেনো কোন! বস্তবোৰ উলিয়াই থ'লেও ঠাইতে থাকে। কিন্তু আগৰেপৰা সকলোবোৰ বস্তু ট্ৰাংকতে থোৱাৰ অভ্যাস যে সেয়ে এটকাটোও তাতে ভৰাই থওঁঁ। চাবি বিচাৰি উথপথপখন কৰি থাকোঁঁতেই সিহঁতহাল যাবলৈ বুলি উঠি মাত লগাবলৈ একেবাৰে ভিতৰ পালেহি।

'ৰ'বাহে ক'ত যোৱা?' বুলি মুখখন মেলোঁঁতেই নকইনাই বিদায় জনোৱাৰ উদ্দেশ্যে মাত লগালে 'হ'ব বৰতা আপোনাৰ দৰে বয়সীয়াল মানুহৰ পৰা পোৱা আৰ্শীবাদেই যথেষ্ট। আৰু একো বিচাৰি কষ্ট কৰিব নালাগে।' এহ মনটো বেয়া লাগিল নহয় এনেকৈ যাবলৈ দিবলৈ। কিন্তু উপায়টো নাই, সেয়ে সিহঁতক বিদায় দিবলৈকে পদূলিলৈ ওলাই আহিলো। আজি মিনতি হোৱা হ'লে ক'লেহেঁতেন 'দেখিছে বয়স হৈছে বুলি ক'লে মানি নলয়, এতিয়া দেখোন অলপ সময়ৰ আগতে থোৱা চাবিটোকে বিচাৰি নাপালে।'

তেওঁ পিচে মোক বয়সৰ কথা কৈ কৈ মোতকৈ আগতেই একো এটা গম নিদিয়াকৈ এই সংসাৰৰপৰা ফালৰি কাটিলে। অথচ মোতকৈ সাতবছৰৰ সৰুও আছিল। একচল্লিশটা বছৰে একেলগে থাকি শেষত একো এটা গম নিদিয়াকৈ মিনতি সিপুৰী পালেগৈ। মানুহ কিছুমানে কয় মিনতি বৰ ভাগ্যশালী শিৰৰ সেন্দুৰকণ নোমোচাকৈয়ে বাৰ্ধক্যৰ একো কষ্ট ভোগ নকৰাকৈয়ে যাব পাৰিলে। কিন্তু কোনে বুুজিব তেওঁ যে মোক অকলশৰীয়া কৰি থৈ গ'ল। কেতিয়াবা মোৰো অনুভৱ হয় তেওঁৰ লগতে একেলগে মোকো লৈ যোৱা হ'লে দুয়ো ওপৰত আকৌ এবাৰ একেলগে থাকিলোহেঁতেন। কিন্তু পাঁঁচবছৰীয়া নাতিটোৰ মাতটো শুনিলে দেখোন আকৌ দহ বিশবছৰমান জীয়াই থাকিবলৈ মন যায় হে।

অৱশ্যে মোৰো নিজকে বুঢ়া বুলি মানি ল'বলৈ মন নাযায়। সত্তৰবছৰহে হৈছে তথাপিও মানুহবোৰে আজিকালি মোক দেখিলে আলৰ বুঢ়াক কৰাৰ দৰে পুতৌ কৰে হেৰৌ। মোক নালাগে ঔ এইবোৰ পুতৌ! ওলাই-মেলি গ'লে এতিয়াটো আৰু ডেকা যেন অনুভৱ হয় হে। ডেকা যেন নালাগিবনো কিয়? ল'ৰাই যে এইবাৰ পূজাত আহি সৰি সৰি বাকীথকা দাঁঁতকেইটা একেবাৰে সৰুৱাই নতুন দুপাৰি ডালিমগুটীয়া দাঁত লগাই থৈ গৈছে। কেইদিনমান অৱশ্যে অলপ দিগদাৰ হৈছিল কৃত্ৰিম দাঁত দুপাৰি সৈতে গোটা বস্তুবোৰ চোবাবলৈ। তথাপিও অভ্যাস কৰোঁঁতে এতিয়া মাংস খাব পৰা হৈছোঁঁ। চকু কেইটাও দেখোৱাওঁঁতে অলপ পাৱাৰ বঢ়াই দিলে। এতিয়া আৰু আগৰদৰে জলক তবক নেদেখো।  চুলিকেইডালতো কলপ লগাই বগা হোৱা কেইডাল ক'লা কৰি পেলালো। মানে এতিয়া আৰু মোক কোনেও বুঢ়া হৈছো বুলি সকীয়াই নাথাকে।কথাটো ভাবোঁঁতেই মিচিকিয়া হাঁহি এটা ওলাই গ'ল। 

ল'ৰা-বোৱাৰী পুনৰ উভতি যোৱাৰ আগদিনা নাতিটোক লগত লৈ চোতালতে চকী এখন লৈ বহি আছো। তাক বোলে আজি মই যিমান সাধু জানো সকলোবোৰ কৈ শেষ কৰিব লাগে। ন'হলে আৰু কেতিয়া আকৌ শুনিবলৈ পাই ঠিক নাই। সাধু শুনি থকাৰ মাজতে সি মোৰ সোতোৰা-সোতোৰ পৰা হাঁতখন টানি টানি সুধিলে
'ককা তোমাৰ স্কিনখন ইমান লুজ কিয়? ব'ডী লোশ্যন নলগোৱা নেকি? মই দেউতাক ক'ম তোমাক ব'ডী লোশ্যন এটা আনি দিব...' তাৰ কথা শুনি মোৰ হাঁহি থকা মুখখন হঠাতে গোমা হৈ পৰিল। আৰু সি সি কি কৈ আছিল মোৰ মূৰত নোসোমাল। এইবোৰ যে এতিয়া লোচন নে ফোচনে  কাম নিদিয়ে, বয়স হোৱাৰ কাৰণেহে এনেকুৱা হৈছে বুলি ক'বলৈ গৈও ক'ৰবাত কিবা এটায়ে মোক হেঁচা মাৰি ধৰিলে দেখোন। মানে ইও মোক বুঢ়া হৈছো বুলি গম পালে নেকি? দাঁত কেইপাৰি আৰু চকুকেইটাৰ দৰে চালখনৰো কিবা ব্যৱস্থা কৰি আগৰ নিচিনা শিতশিতিয়া কৰিব নোৱাৰিনে!

ল'ৰাটোৱে এইবাৰ মোকো লগতে যোৱাৰ কথা কৈছিল। কিন্তু মিনতিৰ স্মৃতিখিনিক এই প্ৰকাণ্ড ঘৰটোত অকলশৰে তলা মাৰি থৈ যাবলৈ মন নগ'ল। বহুত কাকূতি-মিনতি কৰাৰ পিছতো মোৰ মন নলৰাত যোৱাৰ আগে আগে পুত্ৰই কৈ থৈ গ'ল 'অকলে অকলে ঘূৰি নুফুৰিবা। হাতত ফোনটো ৰাখিবাই, কিবা গা চা বেয়া লাগিলেই মোক ফোন কৰিবা'

কি যে দিন আহিল! সেই পিটকণি ল'ৰাটো, পত্ৰিশবছৰৰ আগতে যি আমাৰ জীৱনলৈ আহি আমাক সম্পূৰ্ণ কৰিছিল। আমাৰ বিয়াৰ পাঁচ ছয় বছৰৰ পিছত যাৰ আগমনে আমালৈ কঢ়িয়াই আনিছিল এটা নতুন জীৱন যিয়ে জীয়াই থকাৰ হেঁঁপাহ দুগুণে বঢ়াইছিল। ক'ৰবাত কিবা টোপ পৰে বুলি আতৌপুতৌকৈ ডাঙৰ কৰা মোৰ নিজৰ সন্তানেও ভাবিলে মই যে বুঢ়া হ'লো! এতিয়াও জলজল পতপতকৈ মনত আছে তাৰ জন্মত ওচৰৰ সকলোকে মাছ বিলোৱা কথাটো। মিনতিৰ কি যে ফূৰ্তি সেইদিনা সকলোৱে যেতিয়া কৈছিল ল'ৰাই মাকৰ গঢ় ল'লে। তোমাৰ সেই হাঁহিটোলৈ আজিও মনত পৰে ও মিনতি।

কেইদিনমানৰ আগতে নন্দেশ্বৰ উকীলৰ ল'ৰা ৰাজাক লগ পালো। নন্দেশ্বৰ আৰু মই আকৌ ক মানৰ পৰাই একেলগে পঢ়া। তাৰ পুতেকটো মোৰ ল'ৰা বাবাৰ লগৰ। কেনেকুৱা লাগে ভাবিলে দুয়োটা একেলগে ডাঙৰ হোৱা ল'ৰা সেইদিনাৰ কথা যেন লাগে। এতিয়া আকৌ দুয়োটা এটা এটা সন্তানৰ বাপেকী হ'ল। সি মোক লগ পাই খা খবৰ সুধিলে, লগতে বাপেকৰ কথাও ক'লে। আজিকালি বোলে বাপেকে বৰকৈ অকলে ওলাই সোমাই ফুৰিব নোৱাৰে মানে সিহঁতে নিদিয়ে। সি আকৌ মোকো সকীয়াই থৈ গ'ল যাতে অকলে ঘূৰি ফুৰি নুফুৰো। মানে নন্দেশ্বৰৰ অৱস্থাও মোৰ দৰে। কেঁচা ৰবাব টেঙাকে ফুটবল কৰি কিমাননো নেখেলিলো অই। ইটোৱে সিটোক লেং মাৰি কিমান পৰিলো তেতিয়াই হাত ভৰি একো নাভাঙিল। এতিয়া আকৌ সিহঁতে আমাক ওলাই সোমাই ফুৰিবলৈ নিদিয়ে! কিবা এটা খং আহি চুলিৰ আগ পালেহি‌।

কথাবোৰ ভাবিলে সৌ সিদিনাৰ ঘটনা যেন লাগে। নাতিটো পৰহি গুচি যোৱাৰ পিছত ঘৰখন একেবাৰে মৰিশালি যেন হ'ল। ক'তো কাৰো মাত নাই। তাতে দুপৰীয়া সময়খিনিত ওচৰ চুবুৰীয়া সকলো ভাতকেইটা খাই অলপ বিছনাত পৰে। এইখিনি সময় আৰু নিৰৱতাই বিৰাজ কৰে। মইহে দিনত শুবলৈ বাদ দিলো। দিনত শুলে ৰাতি টোপনি নাহে আৰু এইহেন ঘৰটোত অকলে ৰাতিটো উজাগৰে থাকিবলগীয়া হোৱাৰ সমান কষ্টকৰ কাম নাই। কি কৰিম কি নকৰিম ভাবি খন্তিখন উলিয়াই লৈ ফুলনিখনকে অলপ চাফা কৰো বুলি সোমালো। সেইসময়তে দুপৰীয়া ভাতখোৱা বাচন কেইটা ধুবলৈ অহা বনকৰা মানুহজনী পমিলাই মোক খন্ততিখনৰ সৈতে দেখি 'এই বুঢ়া বয়সত আপোনাক কিহে পাইছে! থকা দিনকেইটা ভালকৈ থাকক....' বুলি যিহে বকনি মেলিলে একেকোবে আহি শুৱনিকোঠা পালোহি। মানে এইও মোক তেনেকৈয়ে ভাবিবলৈ ল'লে। কথাবোৰ মূৰত পাক খাই মূৰটো কিবা আচন্দ্ৰাই কৰা যেন লাগিল। ইমান ডেকা তজবজীয়া মানুহটোক আজিকালি যে চবেই বয়স হৈছে বুলি খেঙখেঙাই থকা হ'ল। বয়স যেনিবা হ'লেই, সেইবুলিয়েই মই এতিয়া বিছনাত পৰি থাকিম নেকি!

খঙতে খন্তি চন্তি বাহিৰত পেলাই শুৱনি কোঠাৰ বিছনাখন পালোহি। বিছনাৰ মূৰৰ শিতানতে আমাৰ বিয়াৰ কেইদিনমান পিছতে ষ্টুডিঅ'ত গৈ তোলা ফটোখন বুকুতে সাৱতি বিছনাত পৰিলো। মিনতিলৈ আজি বৰকৈ মনত পৰিল। তাই যেন মোতকৈ আগতে গৈ বৰ ভাল কাম কৰিলে। অন্তত: এইবোৰ কথা শুনিব লগা নহ'ল। যদিও মই জানো সকলোৱে মোৰ ভালৰ কাৰণে কয়। অকলশৰীয়া মানুহ কিবা এটা হৈ বিছনাত পৰি থাকিলে কি হ'ব। কিন্তু মোৰ যে নিজকে তেনেদৰে ভাবিবলৈ মন নাযায়। পৰালৈকে অন্তত নিজৰ কামকেইটা নিজে কৰি থাকিবলৈ মন যায়। মন যায় ওলাই গৈ লগৰবোৰৰ লগত ক্ষন্তেক মনৰ কথা পাতিবলৈ। নিজকে বুঢ়াৰ দৰে ভাবি লোকৰ পুতৌৰ পাত্ৰ হ'বলৈ একেবাৰে মন নাযায়। তাকেই যে বাকীবোৰে নুবুজে। আজি মিনতি তুমি কাষত থকা হ'লে সকলোবোৰ খুলি ক'লোহেঁতেন। তুমিটো মোক বুঢ়া বুঢ়া বুলি ধেমালিতেহে কৈছিলা, তুমি যে মোতকৈ সাতবছৰৰ সৰু আছিলা সেইকাৰণে। কিন্তু আজি মোক সকলোৱে সঁচাকৈয়ে কয় মোৰ বয়স হ'ল। মানে এতিয়া মই তোমাৰ ওচৰলৈ যাবলৈহে সাজু হ'ব লাগে অ মিনতি। বুঢ়া হ'বলৈ মন নাযায়, মৰিবলৈ মন নগ'লেও এতিয়া ভাবিছো সোনকালে ভগৱানে তোমাৰ ওচৰলৈ লৈ যাওক। তুমি য'তেই আছা তালৈকে মইও গৈ আকৌ এবাৰ দুয়ো একেলগে থাকিম। মনৰ কথাবোৰ পাতিম। 

ভাবি থকা কথাবোৰ যে মোৰ কেতিয়া ডাঙৰ ডাঙৰ শব্দৰে বাহিৰলৈ ওলাই আহিল গমেই নাপাও। অকলে অকলে কথা পাতি থকা দেখি চাগে পমিলাই ভয় খাই ল'ৰাক জনালে নেকি। সিও ভয় খাই মোক ফোন কৰি সুধিলে 'দেউতা তুমি ঠিকে আছাতো, চুগাৰৰ দৰৱ খাই আছানে। মই মহেনক পঠিয়াইছো প্ৰেছাৰটো জোখাবলৈ.. ' আৰু কি কি সুধি আছিল শুনিবলৈ মোৰ মন নগ'ল। ফোনটো কাটি দি আমাৰ ফটোখন পুনৰ বুকুৰ মাজত লৈ শুই পৰিলো। 

কাষত এইয়া মিনতি, মোৰ মূৰৰ শিতানতে বহিছে। মোৰ মূৰটো আলফুলকৈ তেওঁৰ কোলাত লৈ পিহি দিছে আৰু কৈছে 'তুমি বুঢ়া হোৱা নাই অ'। অকলে থাকা কাৰণেহে মানুহবোৰে অলপ বেছিকৈ ভয় কৰে। তুমি থাকা নিজৰ মনৰ মতে। ল'ৰাৰ কথা নুশুনাকৈ নাথাকিবা। সকলোৱে বিচাৰে তুমি ভালে থকাতো ...' কথাখিনি কৈয়ে মিনতি হঠৎ নোহোৱা হৈ যোৱাত মই ধৰফৰাই উঠি বহি পৰিলোঁ। চাৰিওফালে চাই দেখোঁ কোনো নাই। আচলতে এটা আলফুলিয়া সপোন আহিহে মোৰ চকুত দোলা দিছিলহি। 

Tuesday 19 September 2017

শৰতৰ সন্ধিয়াত শেৱালি ফুলাৰ বতৰা (Autumn Blossoms)

'এইবাৰ পূজাত তোক আইফোন লাগিব নেকি অই ৰজিতা?' ফেচবুকৰ জোৰতে দেশ বিদেশৰ খবৰ ৰখা চাইকেল মেকানিক বিপুলে ৰজিতাক ধেমালি কৰিবলৈকে সুধিলে।

'কি আইফোন।' বুলি যিটোহে ভেকাহি মাৰিলে অলপ নহয় ভালকৈয়ে যে তাই তাৰ কথাত আচৰিত হৈছে সেইটো বিপুলৰ বুজিবলৈ বাকী নাথাকিল।

'সৰুতেই আই বোপাই দুয়োৱে এৰি অনাথ কৰি থৈ গ'ল এতিয়া আৰু আইফোন নে বোপাইফোন সেইডালে কি কৰিম।' বুলি বকি বকি ৰজিতাই ছাগলীজনী লৰাবলৈ ঢাপলি মেলিলে। পিছে পিছে বিপুল। আচলতে ৰজিতাই ভাবিছে সি তাইক কিবা পেংলাইহে কৰিছে। সেয়ে খংটো তাইৰ বেছিয়ে উঠিল।  এইখিনি সময় সিহঁতৰ বাবে য'ত নিৰিবিলিকৈ বহি সুখ দুখবোৰৰ আদান প্ৰদান কৰিব পাৰে। সকলোৱে ভাত খাই অলপ জিৰাবলৈ যোৱাৰ সময়খিনিলৈ ৰৈ থকাটো এটা শেষ নহ'ব যেন লগা ক্ষণ।

অনাথ দুটি শিশু বিপুল আৰু ৰজিতা আৰঘৰে তাৰঘৰে খেলি খেলিয়ে ডাঙৰ হ'ল। তামোলৰ ঢকোৱা চোচৰাই খেলাৰ পৰা একেলগে ডাঙৰ হোৱা দুয়ো এতিয়া যৌৱনপ্ৰাপ্ত হ'ল। শৈশৱৰ বন্ধুত্ব এতিয়া যৌৱনৰ প্ৰেমলৈ ৰূপান্তৰিত হ'ল। আজিকালি বেলেগে দেখাকৈ কথা পাতিবলৈও কিবা আফচোচ কৰা হ'ল। সময়বোৰো বৰ নিষ্ঠুৰ। যেতিয়া সকলোৱে দেখাকৈ লগ পাইছিল তেতিয়া দেখোন একোৱে অনুভৱ হোৱা নাছিল। কিন্তু আজিকালি এখন্তেক নেদেখিলেই যেন বুকুখন ধৰফৰাই উঠে আৰু সকলোৱে দেখাকৈ লগো কৰিব নোৱাৰি।

একেখন গাঁৱৰে দুয়ো মাত্ৰ কেঁকুৰি এটা পাৰ হ'ব লাগে। তথাপিও সি দেখোন তাইক সকলোৱে দেখাকৈ লগ কৰিবলৈ যাব নোৱাৰে। বিপুলৰ ভয় কেনেবাকৈ যদি ৰজিতা বদনামী হয় তাৰ কাৰণেই। সেয়েহে পাৰ ভাঙি অহা যৌৱনৰ আৱেগকো বাধা দি বাট চাই থাকে কেৱল তাইৰ ফোনটোৰপৰা অহা মিছকলটোলে।

কেতিয়া কেনেকৈ আহি ৰজিতা সিহঁতৰ গাঁৱত উপস্থিত হৈছিল কোনোৱে সঠিককৈ নাজানে। বিপুলে যিমানদূৰলৈকে জানে গাঁৱৰে পান দোকানী অতুলে কৰবাৰ মেলাত পাই লৈ আহি এল পি স্কুলৰ হেডমাষ্টৰণী সৰলা বাইদেউৰ হাতত গতালে। আৰু সেইদিন ধৰি ৰজিতা সেইখন ঘৰৰ সদস্য। দুখে সুখে বাইদেউৰ তাইয়ে লগৰী। জোৰ কৰি হ'লেও বাইদেউৱে তাইক প্ৰাইমেৰী শিক্ষা সাং কৰাব পাৰিলেও পঢ়া-শুনাত অমনোযোগী ৰজিতাই তাতকৈ ওপৰত ভাবিবলৈ মন নকৰিলে। কিন্তু কাজে কামে হ'লে তাই পাকৈত। গাঁৱৰ ছোৱালীবিলাকৰ ভিতৰত নাম আছে তাইৰ। তিনি-চাৰি বছৰৰপৰা বাইদেউৰ হাতত ডাঙৰ হোৱা ৰজিতা এতিয়া ঊনৈশ-বিশ বছৰীয়া হ'ল। ইফালে কেও কিছু নোহোৱা বিপুলো খুড়াকৰ ঘৰত ডাঙৰ হোৱা ল'ৰা। বিপুলে চোচৰি বাগৰি কোনোমতে নাইনলৈকে পঢ়ি সামৰণি মাৰিলে। খুড়াকেও নিজৰ কামত সহায় হঁওক বুলিয়েই চাইকেল দোকানখনতে সোমোৱাই কামবোৰ শিকাই ল'লে। আজিকালি সি এক্সপাৰ্ট কামত। উপাৰ্জনো বেয়া নহয়। ভৱিষ্যতে যে সিও ঘৰ এখন পাতিব লাগিব সেইবোৰ ভাবি-চিন্তিয়ে খুড়াকে নিজৰ ঘৰটোৰ কাষতে মাটি অকণমান তাৰ নামত কৰি দিলে।

এতিয়া বিপুল এজন থূলন্তৰ ডেকা। চাইকেলৰ দোকানত থাকিয়ে খুড়াকে দিয়া মাটি কণতে ঘৰ এটা সাজিলে। সৰুকৈ হ'লেও ধুনীয়া! ৰজিতাক সুখত ৰখাটোৱে যেন তাৰ এতিয়া লক্ষ্য। সেয়ে কামত কষ্ট হ'লেও দুখ নালাগে তাৰ। অলপদিনৰ আগতে ফেচবুক কৰিব পৰা মোবাইল এটাও কিনিছে। ৰজিতাকো সৰু মোবাইল এটা কিনি দিছে যাতে সময় পালেই মিছকল এটা দিয়ে। সময়নো কি পায় অইনে ঘণ্টা ধৰি ঘণ্টা কথা পতাৰ দৰে পাতিব নোৱাৰে! সেয়ে ছাগলীজনীক লৰাবলৈ বা পানী খুৱাবলৈ অহাৰ চলতে ওলাই আহোতে তাক জনাই দিয়ে যাতে সিও সেইঠাইলৈকে আহে। বিপুলে দোকানত কাম নথকা সময়খিনিত ফেচবুক কৰি দেশত কি চলি আছে সেইখিনি খবৰ জনা হৈছে। অইন ন'হলেও আইফোন বুলি যে বহুত দামী ফোন এটা ওলাইছে সেইটো গম পাইছে। কিন্তু আধা কামোৰা আপেলেৰে বনোৱা কিনো ফোন হ'ব পাৰে সেইটোহে বুজা নাই! বেলেগকনো কি সুধিব নজনা কথাটো সেয়ে অলপ ওস্তাদি মাৰো বুলি ৰজিতাকে শুনালে। কিন্তু প্ৰতুত্তৰত যিটোহে ভেকাহি পেলালে একো নকৈ মনে মনে তাইৰ পাছ ল'লে।

সিহঁতহালৰ যে মাজত কিবা এটা ঘটি আছে দেখাবিলাকে সকলোৱে গম পাই কিন্তু কোনোৱে মুখহে খোলা নাই। এটাৰো কেও কিছু নাই, গতিকে দুয়ো দুয়োৰে লগ এটা হঁওক বুলিয়েই সকলো চুপে-চাপে আছে। কথাটো গম পোৱা নাই সিহঁতেহে। সেয়ে তাইৰ পিছ ল'বলৈও বিপুলে বহুতবাৰ ভাবে, কিন্তু আজি একেচাটে আহিল।

দুয়ো ৰাস্তাৰ আলিৰে নামি গৈ পথাৰৰ মাজতে থকা আঁহতজোপাৰ তলতে ৰ'ল। ৰজিতাই ছাগলীটোৰ খুটিটো লৰাই লৰাই সুধিলে এতিয়া ক কি আই-বোপাইৰ ফোনৰ কথা কৈ আছিলি?

'এহ্ বাদ দে এইবোৰ ফোন তোৰ মোৰ বাবে নহয় বহুত দামী ফোন নাজানিলেও হ'ব। তই ক মোক আজি এটাৰ ঠাইত তিনিটা মিছকল যে কিয়? মোক ফোনটো ওলোটাই লগাবলৈও নিদিলি একেবাৰে ওলাইয়ে আহিলি যে।'

তাইৰ খংটো ইমানেই উঠিছিল যে এতিয়াহে আচল কথাটোলৈ মনত পৰিল। তাই ছাগলীজনীৰ খুটিটো উঠাই আনি বেলেগ এটা জেগাত মাৰি বিপুলৰ কাষতে বহিলগৈ। ৰজিতাই চূৰ্ণীখনতে বান্ধি অনা মৰহিবলৈ ধৰা শেৱালি দুপাহ বিপুলৰ হাতত তুলি দিলে। তাই কি কৰিছে বিপুলে যে বুজি পোৱা নাই সেইটো কথা গম পাইয়ে তাই আৰম্ভ কৰিলে।

'অই মনত আছে নে আমি যে পাঁচবছৰমানৰ আগতে কাতি বিহুৰ দিনা তুলসী পুলিটো ৰোওঁঁতে কাষতে শেৱালি পুলি এটাও ৰুইছিলো।'

'অ আছে, শেৱালিজোপা ফুলিল নেকি?' সি আচৰিত হৈ ৰজিতালৈ চালে। তাৰ যেন সৰ্বশৰীৰক বিন্ধি কাড় এপাতহে পাৰ হৈ গ'ল। সি তাইৰ উত্তৰলৈ ৰখিব নোৱাৰি আকৌ এবাৰ সুধিলে 'এই দুটা ফুল সেইজোপাৰে নেকি ৰজিতা?'

'অ সেইজোপাৰে। কালি সন্ধিয়া সময়ত দেখিলো দুপাহ ফুলি আছে। আজি ৰাতিপুৱা সেই দুপাহ নিয়ৰত ভিজি মাটিতে পৰি থকা দেখি মই বুটলি তোলৈ বুলি থৈ দিছিলো। আৰু জাননে আজি মোৰ তোক লগ পোৱা সময়খিনি বেছিয়ে দীঘলীয়া নিচিনা লাগিছিল। সেইকাৰণে তিনিটা মিছকল দিলো।' বিপুলে তাইৰ কথাখিনি শুনি আনন্দত ৰ'ব পৰা নাই। এইমাত্ৰই যেন তাইক তাৰ বুকুৰ মাজত সোমোৱাই মৰম কৰিব। তাইৰ কপালত পৰি আমনি কৰি থকা চুলি কেইডাল আঁতৰাই সি সুধিলে 'এতিয়া কি কৰিবি?'

'এতিয়া কি কৰিবি তইহে জান। সেইদিনাই কৈছিলে যেতিয়াই শেৱালিজোপা ফুলিব তেতিয়াই তোক বিয়া কৰাম। আৰু এইয়া তোৰ শেৱালি ফুলিল। ইমানবছৰে সৰলা বৰমাৰ লগত থাকি ডাঙৰ হ'লো। মোৰ নিচিনা অঘৰীক চালি এখন দিছিল থাকিবলৈ। একো কষ্ট পোৱা নাই নিজৰ ঘৰৰ দৰেই আছো। কিন্তু তথাপিও কিবা এটা নাই বিপুল। ক কি কৰিবি বিপুল ক সোনকালে?' তাই সৰু ছোৱালীৰ দৰে ফেকুৰি উঠিল। আজি প্ৰথমবাৰৰ বাবে ৰজিতাই কান্দিছে তাকো তাৰ কাৰণে। তাইৰ চকুপানীখিনি তাৰ মুচি দিবলৈ মন ন'গল। ৰঙা হৈ উঠা নাকটোৰ লগত চকুপানীখিনিৰে তাইক কিবা এটা মৰম লাগিছে।

'চা ৰজিতা তোক আজিয়ে মই মোৰ নিজৰ কৰি লৈ যাম। আমাৰ নিচিনা মানুহৰনো কি ধামধুমেৰে বিয়া পাতিবলৈ আছে। কেৱল ৰাইজৰ আৰ্শীবাদটো হ'লেই হ'ল। তইও বৰমাক ক মইও খুড়াক কওঁঁগৈ। আজি এই শৰতৰ সন্ধিয়াতেই তোক লৈ আহিম।' মৰহিবলৈ ধৰা শেৱালি দুপাহৰ গোন্ধ লৈ লৈ সি এনেকুৱাকৈ কথাখিনি কৈ পেলালে যে ৰজিতা আচৰিত হ'ল। তাইৰ বুজিবলৈ নাথাকিল যে তলে তলে বিপুল কিমান আগবাঢ়ি আছিল। কেৱল সি অপেক্ষা কৰিছিল শেৱালি ফুলাৰ খবৰতো পাবলৈ। কথাটো ভাবিয়ে কৰবাৰপৰা লাজ এটা আহি তাইৰ ৰঙা পৰা নাকটো আৰু অলপ ৰঙা কৰি থৈ গ'ল। মৰহি যোৱা শেৱালি দুপাহেও বহুত যেন চেষ্টা কৰিছে সিহঁতৰ সেই আপুৰুগীয়া সময়খিনি শেৱালিৰ সুবাসেৰে সুবাসিত কৰিবলৈ।

Wednesday 2 August 2017

দুচকুৰ মিঠা ভাষা (A Sweet Language of Eyes)

চিঠিখন বাৰে বাৰে লিখিবলৈ চেষ্টা কৰিও তাই সম্পূৰ্ণ কৰিব নোৱাৰিলে। চিঠি বুলি আচলতে ক'ব নোৱাৰি। সি দিয়া দীঘল চিঠিখনৰ উত্তৰত মাত্ৰ তিনিটা শব্দ লিখিব লাগে তথাপিও তাই পৰা নাই। এনেই তাইৰ কাউৰীঠেঙীয়া আখৰ, তাৰ ওপৰতে আকৌ কঁপি থকা হাঁতৰ লিখনিত সেই আখৰকেইটাও কিবাহে হৈছে। মুঠতে বাৰে বাৰে লিখে আৰু কাটে। ইফালে তাৰ কথা মনত পৰিলে আকৌ যিহে বুকুৰ ঢপঢপনি বাঢ়ে। কেতিয়াবা সেইখিনিও ওচৰে পাজৰে থকা চবেই শুনিব যেনেই লাগে। চিঠিখন হাতত লৈ তাই বাৰে বাৰে পঢ়ে। যেতিয়াই পঢ়ে তেতিয়াই কিবা এটা লাজে তাইক আৱৰি ধৰেহি। চিঠিখনৰ ক'ত কমা, ক'ত দাৰি সেইখিনিও মুখস্থ হৈ গৈছে তাইৰ। খালী উত্তৰটোহে লিখি দিব পৰা নাই। এবাৰ লিখে এবাৰ কাটে। সেইবোৰ কৰি থাকোঁঁতেই নিপ পেনটোৱেদি লিক হৈ থকা চিঞাহীখিনিয়ে মধ্যমা আৰু তৰ্জনী আঙুলিৰ মাজৰখিনি একেবাৰে নীলা কৰি পেলাইছে। কিনো আৰু সেই আঙুলিত লগা চিঞাহীখিনিকে ধুবলৈ যাব চুলিখিনিতে লগাই থৈ চিঠি লিখা পৰ্বৰ সামৰণি মাৰি শুবলৈ যায়। এইটো ঘটনা নতুন নহয়। তাৰপৰা পোৱা চিঠিখনৰ পিছৰপৰাই একেখিনি ঘটনাই ঘটি আছে তাইৰ লগত। কিয় যে সি লিখি দিলে 'চিঠিৰ উত্তৰ দিবা।'


তাই চিঠিখনৰ কথা ভাবিয়ে মাক শুই থকা বিছনাখনতে দীঘল দি পৰে। কাইলৈ নহ'লে তাক স্কুলৰ লেজাৰতে একাষৰীয়াকৈ মাতি নি মুুখেৰেই কৈ দিব। কিন্তু সেইটোও জানো সহজ! লগৰখিনিয়ে জোকাবলৈ ৰৈহে থাকে সিঁহত দুয়োটাকে। তাইৰ বাৰু তাৰ লগত জোকালে ইমানো বেয়া নালাগে তথাপিও বেলেগক দেখুৱাবলৈকে মুখখন উন্দোলাই গুচি আহে। 


আজিও চিঠিখনৰ উত্তৰটো লিখিব নোৱাৰিহে তাইৰ বেয়া লাগি আছে। সোহাঁতৰ আঙুলিত লাগি থকা চিঞাহীখিনি আন্ধাৰতে এনেই আকৌ এবাৰ চাই ল'লে। সেই চিঞাহীখিনিকো তাইৰ কিবা ভাল লাগি আহিবলৈ ধৰিলে। সেইখিনিও যে তাইৰ প্ৰেমৰে চিন। এনেই পঢ়া টেবুলত নবহা ছোৱালীজনী যে প্ৰেমপত্ৰ লিখাৰ নামতে টেবুলখনৰ মুখ দেখিছে। তাৰ ওপৰতো খং উঠিল তাইৰ। নীলা হোৱা আঙুলিকেইটা দেখিও সি বুজি পাব নালাগেনে যে তাই তাৰ চিঠিৰ উত্তৰ লিখি লিখিয়ে এই অৱস্থা।


আগতে জানো ইমান দেৰিলৈকে পঢ়া টেবুলত বহিব পাৰিছিল। দেৰিটো বাদেই স্কুলতে যি পঢ়া-শুনা কৰে সেইয়াই। স্কুলৰপৰা আহি মাকৰ লগত ঘৰৰ কামত লাচনি-পাচনি কৰি দিওঁঁতেই সময়বোৰ পাৰ হয়। আজি দুদিনমানৰপৰাহে ৰাতি ৰাতি টেবুলত বহিবলৈ লৈছে। মাক আকৌ আচৰিত নোহোৱাও নহয়। তথাপিও জীয়েকৰ মতিগতি ভাললৈ আহিছে বুলি একো কোৱা নাই। লাইটোৱেও মাজে মাজে লুকা-ভাকু নেখেলা নহয়। তথাপিও জীয়েকৰ পঢ়া ক্ষতি হয় বুলিয়েই কাষতে হাত লেম্পটো জলাই থৈ তেওঁ শুবলৈ যায়। আৰু জীয়েকেও পঢ়াৰ নামত হাতটো চিঞাহীৰে নীলা কৰি বহীপাত কেইখিলামান নষ্ট কৰা বাদ দি একো নকৰে। অ অৱশ্যে মাজে আঁহত পাতটো আকি মাজেৰে কাঁড় চিন এডাল মাৰি সিহঁত দুয়োৰে নামটো নিলিখা নহয়।কিন্তু সেইখিলা আকৌ মাকে কেনেবাকৈ দেখা পাই বুলিয়েই লৰালৰিকৈ সোতোৰ মোচোৰ কৰি নষ্ট কৰি পেলাই দিয়া বহীপাতসোপাৰ মাজতেই পেলাই দিয়ে। সেইখিলা পেলাই দিয়াৰ সময়ত তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইৰ হিয়াৰ এফালহে লৈ গৈছে। চিঞাহীৰে নীলা কৰি থোৱা আঙুলিকেইটা তাইৰ পিছদিনা ধুবলৈও মন নাযায়। ধুলেই যেন নীলাখিনিৰ লগতে ভালপোৱাৰ সেউজীয়াবিলাকো গুচি যাব।


প্ৰাৰ্থনা গাবলৈ লাইন পাটি সিটো মূৰত তাইলৈ চাওঁঁ নাচাওঁঁকৈ চাই থকা মৰম লগা ল'ৰাটো। তাৰ চকুত চকু পৰিলেই কিবা এটা লাজে আবৰি ধৰেহি। হাঁহো নাহাঁহোকৈ ওঁঁঠখন লৰাবলৈ ধৰোতেই কাষৰজনীয়েই হওক পিছফালৰজনীয়ে খুচ এটা সদায় মাৰিবই। তেতিয়াই আকৌ দুয়ো কোনোবাই দেখাৰ ভয়ত সচকিত হৈ পাৰ ভাঙি বৈ অহা প্ৰেমক ভেটা দিবলগীয়া হয়। ইফালে তাৰ মনত খদমদম জানোচা তাই চাদৰৰ মিহি মিহি ভাজৰপৰা এইমাত্ৰ চিঠিখন উলিয়াৱেই। কিন্তু সেইয়া কেতিয়াও হৈ নুঠেগৈ।


ক্লাছ নাইনৰ কথা পঢ়া-শুনা অলপ কৰিছে চাগে! তাইৰ দীঘল দীঘল আঙুলিকেইটাত লাগি থকা চিঞাহীখিনি দেখি সি মনতে সান্ত্বনা লয়।  আঙুলিৰ নীলাখিনিৰ সৈতে ধুনীয়া নখকেইটাত লগাই থোৱা টিকটিকিয়া জেতুকাৰ ৰংটো একেবাৰে মিলা নাই। তথাপিও যেন বেয়া লগা নাই। এনদৰে দূৰৈৰপৰা দুয়ো দুয়োকে চাই থাকোঁঁতেই সময় বাগৰে। চিঠিখনৰ উত্তৰ নাপালেও ইমানদিনে তাইৰ চকুৰ ভাষাতেই সকলো উত্তৰ ইতিমধ্যে সি পাই গৈছে। দুচকুৰ ভাষাৰে দিয়া উত্তৰটোও যে ইমান মিঠা সিঁহতহালৰ বাদে কোনে বুজিব।

'মা ভাত দিয়া।' বুলি চাৰিবছৰীয়া ছোৱালীজনীয়ে মাকৰ ওচৰত আহি ঠেনঠেনাওঁতেহে মাকৰ তন্দ্ৰা ভাঙে। আচলতে নিউজত বাৰে বাৰে সুৰ লগাই ভিচিডি কেছেট বজোৱা দি বজাই থকা 'বাবু ভাত খালা' নিউজটোৱে তাইক বহুত কথাই ভবাই তুলিলে। প্ৰেমনো নহয় কাৰ! কিন্তু হ'ল বুলি এনেকৈ ঢোল পিতি ৰাইজক দেখুওৱাটো কিমান সমীচিন! নিউজটো চাই চাইয়ে কেতিয়া মনাশ্ৰীয়ে নিজৰ অতীতলৈ উভতি গ'ল গমেই নাপালে। এতিয়াহে জীয়েকৰ মাতটো শুনি খপজপকৈ টোপনিৰপৰা সাৰ পোৱাৰ দৰে উঠি জীয়েকক ভাতকেইটা বাঢ়ি দিবলৈ পাকঘৰ পালেগৈ।

Thursday 15 June 2017

এটি নতুন বেলি (Rising Sun)

তাই নাচিছে আজি উলাহতে দেও দি দি নাচিছে। কৰবাৰপৰা ভাঁহি অহা ঢোলৰ চেওত টাকোৰ ঘূৰাদি ঘূৰিছে। আজি বহুত বছৰৰ মূৰত তাইৰ মনলৈ আহিছে তাই যে ভালকৈ নাচিব পাৰিছিল।নানাচিবনো কিয় আজি এই পহিলা ব'হাগতে যে তাইৰ অতদিনৰ জল্পনা কল্পনাৰ ওৰ পেলাই সি যে উভতি আহিছে একেবাৰে তাইৰ কাষলৈ। ইমানদিনৰ অপেক্ষাৰ ওৰ পেলাই। এনেই জানো কোনোবাই কয় সঁচা অন্তৰ দি যদি কিবা বিচাৰে সেইয়া এদিন ন'হলেও এদিন পাবই। কালি ৰাতিয়ে লগাই থোৱা দুহাতৰ জেতুকাৰ ৰংখিনি আজি পুৱালৈ উদয় হোৱা বেলিটোৰ দৰে টিকটিকিয়া হৈ পৰিছে। ৰং নধৰে কমখন ভয় খাই আছিলনে। হঁওক তেওঁ সি যে আহিয়ে তাইৰ ৰংবুলীয়া হাঁত দুখন দেখিলে কেনে স্ফূৰ্টি পাব। আজি কাম কৰিবলৈও বহুত আছে কিন্তু ভিতৰ সোমাবলৈও মন যোৱা নাই জানোচা তাইৰ ভিতৰত থাকোতেই সি সিহঁতৰ ঘৰখন পাৰ হৈ গুচিয়ে যায়। একেবাৰে ঘৰত নোসোমাই সিহঁতৰ ঘৰত সোমালে বৰমাৰ মনতো অলপ হ'লেও বেয়া লাগিব। আৰু তাইৰো জানো তাক চাবলৈ কম মন গৈ আছেনে। সেয়ে তাইয়ে পদূলিতে কচৰত কৰাত লাগিছে আহিলেই যাতে তাই আগতে দেখা পায়। গামোছাকেইখনো উলিয়াব লাগিব। এইবাৰ বিহুটোক মিলাই সৰ্বমুঠ আঠখন গামোছা আৰু ৰুমালৰটো গন্তিয়ে নাই। তাৰ নামত বিহু বুলি প্ৰত্যেকবছৰে প্ৰথমতেই থৈ লোৱা এইবোৰ ভমকাফুলীয়া গামোছা। বাকীবোৰটো আছেই জন্মদিন কিবাদিন মিলাই এগালমান। প্ৰেমবোৰো যে কেনেকুৱা! এবাৰ পৰাজনেহে গম পায়।

মাকে মাজে মাজে তাইক চাই যায়হি ইমান কামৰ মাজত জীয়েকেনো পদূলিমুখত কাৰ কাৰণে তাঁতবাতি কৰি আছে। বুজিবলৈ তেঁওৰো বাকী নাই, বুজিছেই যি বুজিবলগা আছে। গাভৰু কালত হোৱা এনে উথপথপ তেঁও ভালকৈ জানে। সেয়ে জীয়েকক একো নকয় তথাপিও দুখ এটাই কৰবাত খুঁচ এটা মাৰেহি তাইৰ ভৱিষ্যতটো ভাবিলে। যদিওবা চিন-জনা ঘৰৰ ওচৰৰে ভাল ঘৰৰ ল'ৰা কিন্তু সি জানো তাইৰ আৱেগবোৰ বুজি পাব। মাক-দেউতাকৰ মৰমক নেওচিয়ে যেতিয়া এটা অদ্ভূত ৰাস্তা ল'লে তাইৰ কথা জানো কেতিয়াবা বুজিব। তথাপিও দেখোন তাইৰ তাৰ বিশ্বাস আৰু মৰমবোৰ দেখিলে মানা কৰিবলৈ মন নাযায়। আশা বিশ্বাসবোৰৰ মাজতেই ভালপোৱা। জানোছা তাইৰ এই ভালপোৱাই মাক-দেউতাকে হেৰুৱাই পেলোৱা ল'ৰাটো ঘূৰাই পাইয়েই। মাকে তাইলৈ চাই কথাবোৰ ভাবি থাকোতে দুয়ো দুয়োৰে চকু পৰাত তাইক কিবা অচিনাকি লাজ এটাই আৱৰি ধৰিলে। কি কৰো কি নকৰো বুলি তাঁতৰশালতে বহিল তথাপিও মনডাল দেখোন গুচি যায় কোনোবা অজান দেশলৈ য'ত তাই আৰু তাইৰ আপোনজন!

আঠবছৰৰ আগৰ কোনোবা এটা পুৱাই কান্দি কান্দি সিহঁতৰ ঘৰলৈ অহা বৰমাক আৰু বৰদেউতাকৰ মুখখন মনত পৰিলে তাইৰ এতিয়াও হিয়াৰ কোনোবা এটা কোণ বিষাই উঠে। সেই চিঠিখন যিয়ে সকলোলৈকে অমানিশাৰ কালৰাত্ৰি নমাই আনিছিল। তাইৰ শৈশৱৰ বন্ধু যৌৱনৰ প্ৰেমলৈ ৰূপান্তৰিত হঁওতেই যেন সকলো মোহাৰ খাই গৈছিল। সিহঁতৰ ঘৰৰপৰা দুঘৰ পাৰ হৈয়ে দীনবন্ধু বৰতাকৰ ঘৰ। তেওঁৰ একমাত্ৰ ল'ৰা মানসেই মামণিৰ সুখ দুখৰ লগৰী। সৰুৰপৰা একেলগে ডাঙৰ কোনো কথা নোলোকোৱা ল'ৰাটোৱে শেষত ইমান এটা ডাঙৰ সিদ্ধান্ত লৈ গুচি গ'ল মনে মনে। য'ত তাৰ একমাত্ৰ আশ্ৰয় হাবি-বননি আৰু ঘৰলৈ অহাৰ সময় মাজনিশা। প্ৰায় আঠবছৰেই হ'ল তাক দিনৰ পোহৰত নেদেখা। কেতিয়াবা চকা-মকা পোহৰত দেখা তাৰ হাত মুখৰ দাগবোৰে মামণিৰ বুকুখনত হাতুৰিৰে কোব দিয়া যেন লাগে। ইমান কষ্ট কৰি কি পাইছেনো মানুহৰ মাজলৈ ঘূৰি আহিলেই দেখোন সকলো শেষ। তাক ক'লেও কয় সেইবোৰ বোলে তাই বুজি নাপাব।

কিন্তু সি কি বুজি পায়! সি যে ঘৰলৈ অহাৰ পিছদিনা বৰমা বৰতাৰ লগত পুলিছবিলাকে কৰা হাৰাশাস্তিবোৰ জানো দেখে। ঠেটুৱৈ লগা জাৰত তাৰ কথা সুধি যে বাহিৰত যে কিমানদিন থিয় কৰাই থৈছিল। কিমানটা ৰাতি বৰতাকক মামণিৰ দেউতাকে পুলিছৰ হাতৰপৰা আনিব লাগে! বৰমাৰ হাঁতৰ কাণৰ গহনা বুলিবলৈ একোৱে নাই সকলোবোৰ হেৰাল তাক বিচাৰি কৰা উৎপাতত। এইবোৰ তাক ক'লেও দুচকু ধূলধূলীয়া কৰা বাদ দি তাৰ মন সলনি নকৰে।

কিমানটা বসন্ত পাৰ কৰিলে তাই তাৰ আশাত। ঘৰত বিয়াৰ কথা উলিয়ালেই গা এৰা দিয়ে। কিহৰ কাৰণে তাইও নাজানে কিন্তু কোনোবা এদিন সি আহিব উভতি! তাইৰ উকা কপালখনত ৰং দিবলৈ। মাকে বুজি পালেও দেউতাকে নুবুজে। সময়ত বিয়া নিদি গাভৰু ছোৱালী ঘৰত এনেকৈ ৰাখি থোৱাটো বেয়া কথা। মানুহেওনো ক'ব কি? চাবলৈ গ'লে একোটে খুট নথকা ছোৱালীজনীৰ ল'ৰাৰনো অভাৱ ক'ত?
আগদিনা ৰাতি দেউতাকে দিয়া খবৰটোৰপৰা তাই শুব পৰা নাই। সি বোলে ঘূৰি আহিব, পুলিছে ইতিমধ্যে সকলোবোৰ কাম কৰিছেই মাত্ৰ ঘৰৰ কোনোবা যাব লাগে। আজি সেয়ে দেউতাক আৰু বৰতাক দুয়ো গৈছে ওলাই। তাইৰ বুকুখনে ধান বানিয়ে আছে কথাটো শুনাৰেপৰা। শেষত যেনিবা ভগৱানে তাইৰ প্ৰাৰ্থনাবিলাক শুনিলে। সি যোৱাৰে দিন ধৰি য'লৈকে যায় যিয়ে কৰে তাইৰ এটাই প্ৰাৰ্থনা সি যাতে অতি সোনকালে সৎপথলৈ ঘূৰি আহে। ইমানদিনৰ মূৰত তাৰ চকুৱে শুদ্ধ পথটো দেখিলে। এতিয়া চাগে তাৰ মুখখন পুৰুষ যেন লগা হ'ল আঠাইছ বছৰীয়া হ'ল যেতিয়া। তাইও জানো সৰু হৈ আছে যিয়েই দেখে চবেই ইমান ধুনীয়া ছোৱালী ভাল ল'ৰা এটা চাব লাগিব। কিন্তু তাইৰ তাৰ কথা মনত পৰিলে আকৌ সেই উনৈশ-বিশ বছৰীয়া ল'ৰাটোলৈহে মনত পৰে।

কথাবোৰ ভাবোতে ভাবোতে বেলি আহি মূৰত উঠিল। সিহঁতৰ ঘৰলৈ সৰু সৰু ল'ৰা-ছোৱালীৰ হুঁচৰি এযোৰা সোমাই আহিল। পহিলাটো বহাগৰ পহিলাটো হুঁচৰি। তাতে আকৌ আছে ইমান ভাল খবৰ। লৰালৰিকৈ তাঁতৰশালৰপৰা উঠি গৈ তাই টিকটিকিয়া ৰঙা বোৱা কাপোৰ এযোৰ পিন্ধি খোপাতে তগৰ ফুল এডাল গুজি চোতাল পালেহি। মাকৰ লগতে মামণিয়েও অহাবছৰ ৰঙালীত তাইৰ নতুনঘৰত প্ৰিয়জনৰ লগত একেলগে বিহু পতাৰ উদ্দেশ্যৰে হুঁচৰিৰ ওচৰত আঠু ল'লে। আজি তাইৰ অন্তৰত এটি নতুন বেলিৰ উদয় হৈছে য'ত চমকিত হৈছে তাইৰ ভৱিষ্যত।

Sunday 4 June 2017

ক্ৰিকেটো এক আৱেগ অনুভূতি (Cricket is an Emotion)


বহুত দিনৰ মূৰত মাৰ মুখত শুনিলো ক্ৰিকেট খেলৰ কথা। ফোনটো ৰিচিভ কৰিয়েই অইন বেলেগ কথা সোধাৰ সলনি ক'লে ইণ্ডিয়া পাকিস্তানৰ খেল চাই আছো প্ৰায় দুবছৰ মানৰ মূৰত। ক্ৰিকেট নামটো শুনিয়ে মইও টিভিটো লগাই বহি ল'লো। বহুত দিনেই হৈ গ'ল খেল নোচোৱা সেয়ে খেলুৱৈসকলকো যুৱৰাজ, কোহলি আৰু কেইটামানক বাদ দি বাকীবোৰক বৰ ভালদৰে চিনি নাপাও। কিন্তু ভাল লাগিছে চাই আৰু আগৰদিনৰ কথাবিলাকো মনত পৰিছে। খেল বুলি ক'লেই আগতে বহি যাঁও একেলগে সকলো, এটা ধুনীয়া পৰিৱেশ। সকলোবোৰ একেলগে বহি খেল চোৱাৰ মজাই বেলেগ আৰু তাৰ মাজে মাজে যিবোৰ কাণ্ড ঘটে সেইবোৰ হয়তো প্ৰায় সকলোৰে লগতে ঘটে।

এতিয়া কেনেকুৱা নাজানো কিন্তু আগতে যেতিয়া খেল চাইছিলো বিশেষকৈ ভাৰত পাকিস্তানৰ খেল চলি থকা সময়ত আমাৰ দৰ্শকমণ্ডলী ইমানেই খেলৰ জগতত সোমাই থাকে যে কাকো একো ক'ব নোৱাৰা অৱস্থাত। পাৰিলে যেন টিভিটোৱেদি সোমাই গৈ খেল চলি থকা ফিল্ডখনত গৈ নিজেও ভাগ ল'ব। যদি কেনেবাকৈ আমাৰ টিমৰ কোনোবাই বেয়া খেলি আছে তেতিয়া হৈছেই আৰু। দৰ্শকবৃন্দক চাহ ভাতৰ কথা সোধিবলৈ নোযোৱাই ভাল ন'হলে ওৰহৰ খং কেতিয়া ভগা ঢাৰিত পৰে ঠিক নাই। আৰু খেলুৱৈ কেইজনকটো গালি পাৰিবলৈ আছেই। এনেকুৱাকৈয়ে গালি দিব আৰু লগতে উপদেশকেইটামান যেন তেওঁলোকৰ কথা নুশুনি খেলাৰ কাৰণেহে এই গতি! আকৌ খেল চাই থকাৰ সময়ত যদি কাৰোবাৰ মুখেদি আউট শব্দটো কেনেবাকৈ ওলাই যায় আৰু তাৰ পিছ মূহূৰ্ততে যদি আমাৰ এজন আউট হৈ যায় তেতিয়াটো সেই বেয়া শব্দটো কওতাজনৰ অৱস্থা একেবাৰে তথৈবচ। এজাউৰিমান গালি শুনাৰ উপৰিও যে খেলখন শেষ নোহোৱালৈকে তেঁওৰ যে সেই ৰুমটোলৈ 'ন এণ্ট্ৰি'ৰ জাননী আহি যাব সেইটো ধুৰূপ। দীঘল চুলীয়ি ধোনীয়ে খেলি থকাৰ সময়ৰ কথা। কেনেবাকৈ যদি খেলখন বেয়া হয় অথবা ধোনীয়ে ভালকৈ খেলিব নোৱাৰে। তেতিয়া সকলোবোৰ দোষৰ আৰত ধোনীৰ চুলিখিনি। সেই দীঘল চুলিখিনিৰ কাৰণেই খেলত ইমান বাধা। সেইটোসময়তে যদি ছিক্স ফ'ৰ কেইটামান শোধাই দিয়ে অহ মাই গড সেইটো মূহূৰ্ত! যদি বহি থকা বিছনাখন অলপ মজবুত কাঠৰ নহয় তেতিয়াটো সেইখন কি হ'ব সেইকথা ন'কলেও হ'ব। আৰু সেই খেলি থকা খেলুৱৈকেইটাক ওচৰত পালে ক'ত থ'ব ক'ত বহুৱাব লগতে উপদেশ 'অ এনেকৈয়ে খেলি থাক'। ইফালে এনেকুৱা খেলৰ সময়তে কাৰেণ্টেও যদি তাৰ নিজৰ লুকা-ভাকু খেল আৰম্ভ কৰি দিয়ে সেইফালে তেন্তে ইলেকট্ৰিছিটি ব'ৰ্ডৰ মানুহকেইটালে বেয়া লাগি যাব। এনেকুৱা জাউৰিয়ে জাউৰিয়ে গুৱাল গালি হয়তো জীৱনত খাই নাপায় যিমান খেল চলি থকাৰ সময়ত খাই। খেলখনৰ শেষ মূহূৰ্তত জিকিবলৈ কেইটামান বলত কেইটামান ৰাণহে লাগে সেই সময়খিনিৰ নিচিনা উত্তেজনা পূৰ্ণ একোৱে নাই। মানুহবোৰ কেইছেকেণ্ডমানলৈ স্থৱিৰ হৈ যায় যেন অলপ ইফাল সিফাল কৰিলেই সকলোবোৰ সলনি হৈ যাব। উশাহটো ল'বলৈও যেন পাহৰি যায়। কোনোবাই যদি মুখৰ ভিতৰতে ভগৱানৰ নাম লয়, কোনোবাই আকৌ মনৰ ভিতৰত দমাই ৰাখিব নোৱাৰি সকলোৱে শুনাকৈয়ে ওপৰৰজনাৰ নাম ল'ব। মুঠতে সকলোৰে এটাই প্ৰাৰ্থনা 'ভগৱান আমাৰ ভাৰতক জিকাই দিয়া।' আচলতে যিমান যি কৰা হয় সেইয়া আচলতে আমাৰ আৱেগ আমাৰ ভালপোৱা দেশখনকলৈ। এক আৱেগ অনুভূতি দেশখনৰ কাৰণে ক্ৰিকেটৰ মাজেৰে। সেই আৱেগৰে বশৱৰ্তী হৈয়ে খেলখন চলি থাকোতে যিমান যি কৰা হয় সেইবোৰ যদি পিছত মনত পৰে সঁচাই হাঁহি উঠে। 

Saturday 27 May 2017

চিনাকি অচিনাকী (Known Unknown)

পাণবজাৰৰ বাছ স্তপেজটোত সি তাৰ গাড়ীখন অলপসময়ৰ কাৰণে ৰখাই দিলে। মাজনিশা একবজাৰ নীৰৱতাই চাৰিওফালে বিৰাজ কৰিছে কেইটামান নিশাচৰ চৰাইৰ শুনিবলৈ ভাল নলগা চিঞঁৰক বাদ দি। মাজে মাজে গছকেইডালত ওলমি থকা বাদুলিকেইটাই বিষ্ঠা ত্যাগ কৰি উৰা মৰা শব্দত নিৰৱতাই সাৰ পাই উঠে। দিনৰ ব্যস্ততাৰ ভাগৰত মহানগৰী শুই পৰিছে। সিহঁতো যাৰ শুবলৈ নাই এখন বিছনা, থাকিবলৈ নাই ঘৰ, ফুটপাঠেই শেষ আশ্ৰয় শুই পৰিছে। কি সুন্দৰকৈ শুইছে! যেনিয়ে য'তে ঠাই পাইছে মাথো পৰি দিছে কিন্তু তথাপিও সিহঁত শুব পাৰিছে। মহ-ডাঁহৰ কামোৰণিয়েও সিহঁতক আমনি কৰিব পৰা নাই। কেনেকৈনো কৰিব দিনটো কিবা এটা খাবলৈ পোৱাৰ আশাত কিমান কি কৰিব লাগে সিহঁতে কেতিয়াবা হয়তো ৰাস্তাৰ কুকূৰকেইটাৰ লগতো যুঁজিব লগা হয়। তথাপিও সিহঁত জীয়াই আছে। জীয়াই থাকিবৰ কাৰণেইটো ইমান কষ্ট। ৰাতিটো পুওৱাৰ লগে লগেতো সিহঁতে নিজৰ জেগা এৰি ৰাস্তাটো এৰি দিব লাগিব। হয় দেই মানুহৰ জীৱনবোৰো যে!


কিন্তু আকাশ! তাৰটো জীৱনটোক লৈ একো সমস্যাই নাই। কিন্তু সি আজি কেইদিনমানৰপৰা শুব পৰা নাই। এনেহেন বৃহৎ ঘৰটো, আটোমটোকাৰিকৈ অকল তাৰ কাৰণে বুলি বনাই দিয়া ঘৰটোত থাকিও যেন তাৰ শান্তিৰে শুবলৈ ঠাই নোহোৱা হৈছে। শুবলৈ লৈ সি গুচি আহে পানবজাৰ শুক্ৰেশ্বৰ মন্দিৰটোৰ ওচৰলৈ। তাৰ ফুটপাঠত শুই থকা মানুহবোৰক চাবলৈ, টোপনিত লালকাল হৈ থকা নিৰীহ শিশুকেইটাৰ শান্ত মুখকেইখন চাবলৈ।।কিমান যে নিস্পাপ! অলপ সময় ৰৈ থাকি আকাশ গুচি গ'ল ঘৰলৈ। ঘৰখনত সোমালেই দেখোন আজিকালি তাৰ অচিনাকি যেন ভাব এটা হয়। কেইটা উজাগৰী ৰাতি পাৰ কৰিছে সি ঠিক নাই। কিহৰ দুখ আছেনো তাৰ? আজি ছাব্বিশ-সাতাইশ বছৰে সি আজিলৈকে অভাৱ কাক কয় দুখ কাক কয় বুজি নাপালে। কিন্তু আজি এমাহতকৈ বেছিদিন হ'ল সুখৰ সন্ধানত থকাৰ। তাৰ প্ৰকৃত পৰিচয় বিচাৰি সি হাহাকাৰ কৰি ফুৰিছে। সি সেইকথা গম পালেহে যেন হেৰোৱা সুখ ঘূৰাই পাব। ক'ৰপৰা তুলি আনিছিল তাক ডাক্তৰ মাক-দেউতাকে? এই উত্তৰ কাৰ হাঁতত আছে? যাক ইমানদিনে মা-দেউতা জ্ঞান কৰি আহিছিল সেইয়াতো তাৰ নিজৰ নহয় বোলে। এই কথা গম পোৱাৰ পিছৰেপৰা সি শুব পৰা নাই। সদায় শুবলৈ ধৰি উঠি গুচি আহে শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰলৈ  কি ঠিক তাতেই যদি আছে তাৰ আচল কোনোবা!


মাক-দেউতাকে তাক বহুত বেছি মৰম কৰে। কেতিয়াবা মৰমৰ প্ৰকোপ ইমান বেছি হয় যে অস্বস্তি লাগি যায়। মাইল ব্ৰনছনৰ পৰা আই আই এম বেংগালুৰুলৈকে সি যেনেকৈ পঢ়ে যেনেকৈ থাকে তাৰ মতে কৰিবলৈ দিয়া এইহাল পিতৃ-মাতৃ কেনেকৈ তাৰ নিজৰ নহয়? তেঁওলোকেইটো তাৰ জীৱন আছিল। যদিও সৰুৰেপৰা সি মাক-দেউতাকৰ লগত থকা নাই তথাপিও সি কেতিয়াও ভবা নাছিল যে সি একেবাৰে অকলশৰীয়া হৈ পৰিব। সকলোবোৰ থাকিও আজি তাৰ একো নাই।


সি বেংগালুৰুত তাৰ পঢ়াৰ সামৰণি মাৰি তিনিবছৰ চাকৰি কৰি সি অসমলৈ উভতি আহিছে। অসমৰ শিক্ষিত নিবনুৱাৰ কাৰণে কিবা এটা কৰিবলৈ। সেয়ে মাক-দেউতাকৰ লগত আলোচনা কৰি অসমত এটা ষ্টাৰ্ট-আপ কৰাৰ কথা ভাবিছে য'ত কেইজনমান শিক্ষিত নিবনুৱাক নিয়োগ কৰি অলপ হ'লেও তেঁওলোকক সকাহ দিব পাৰে। দিল্লীত থকা আকাশৰ পিতৃ-মাতৃয়ে তাৰ কথা একেষাৰতে মানি লৈ তাক সকলোফালৰেপৰা সহায় কৰিম বুলি কথা দিছিল। কিন্তু অসমলৈ ঘূৰি আহি যে এটা অপ্ৰিয় বাস্তৱ কথা গম পাব ভুলতো ভবা নাছিল।


'তই সৰুৰেপৰা মাৰ-দেউতাৰৰপৰা দূৰে দূৰে থকা। এতিয়া পঢ়ি-শুনি উঠি মাৰৰ ওচৰতে থাকি কৰচোন যি কৰ। ৰূপাৰ ল'ৰা-ছোৱালী নোহোৱাৰ দুখটো তোক অনাৰ পৰাই দূৰ হৈছিল।...' আইতাকে কথা কৈ গৈ থাকোতে এইবোৰ কি কৈ পেলাইছিল। 'মোক অনাৰপৰা মানে কি আইতা ভালকৈ কোৱাছোন' বুলি সি যিমান আইতাকক খাতনি ধৰিছিল সিমান যেন আইতাকে তাৰ কথাটোৰপৰা ফালৰি কাটি গৈছিল। সিটো এতিয়া সৰু নহয় যে কথাবিলাক নুবুজিবলৈ। নি:সন্তান ডাক্তৰ মাক-দেউতাকে ল'ৰা-ছোৱালী নোহোৱাত তাক কৰবাৰপৰা আনি যে ডাঙৰ-দীঘল কৰিছে সেই কথা বুজিবলৈ বাকী নাথাকিল। কিন্তু আইতাকৰ মুখৰপৰা ভুলতে ওলোৱা কথাখিনিৰপৰা আৰু সি উলিয়াব নোৱাৰিলে। আৰু এইটোও জনা আছে মাক-দেউতাকক কিবা এই বিষয়ে সুধিবলৈ যোৱা মানে ডাঙৰ যে কিবা এটা নঘটাকৈ থাকিব তাৰ মানে নাই। কাইলৈ আইতাকৰ ওচৰলৈকে আকৌ এবাৰ যাব কিবা ওলায়েই বা মুখৰপৰা।


এই বৃহৎ ঘৰটো, ঘৰৰ সকলো বস্তু, তাৰ মাক-দেউতাক, আইতাক-ককাক সকলোবোৰ যেন অচিনাকি। এখন্তেকো যেন থাকিবলৈ মন নোযোৱা হৈ গৈছে। কোননো তাৰ নিজৰ তেন্তে? যিয়ে নিজৰ পেটৰ সন্তানক এনেদৰে এৰি দিব পাৰে।


পিছদিনা পুৱাই সি আইতাকৰ ওচৰ পালেগৈ। আইতাকৰ তাক দেখি বুজিবলৈ বাকী নাথাকিল তাৰ অহাৰ কাৰণ। আকাশৰ কেইবাদিনো নোশোৱা গাতত সোমোৱা চকুহাল দেখিয়ে গম পাইছে সি যে কি যান্ত্ৰনাত ভুগি আছে। এনেকুৱা এটা দিনৰ কাৰণে তেঁওলোক সাজু আছিল যদিও হঠাতে যে তেওঁৰ মুখৰপৰাই গম পাব সেই পৰিস্থিতিৰ কাৰণেহে সাজু নাছিল। নিঃসন্তান পুত্ৰ-বোৱাৰীৰ সন্তানৰ কাৰণে কি কৰা নাছিল তেঁওলোকে, যিয়ে যিটোকে কৈছিল সেয়ে কৰিছিল। কিন্তু দিন যোৱাৰ লগে লগে বুজিছিল যে তেঁওলোকৰ যে সন্তান নহয়। এদিন নিজৰ হস্পিতালতে খবৰ পাইছিল আকাশৰ কথা। বিয়াৰ আগতেই সন্তান জন্ম দি তাক নিজৰ সন্তান বুলি স্বীকৃতি দিব নিবিচৰা মাতৃৰ পৰা ডাক্তৰ ডাক্তৰণীয়ে তাক নিজৰ সন্তান কৰি লৈ আহিছিল। এই কথা যাতে সি ঘূণাক্ষৰেও গম নাপায় সেই লৈ বহুত সাৱধান আছিল তেঁওলোক। আকাশক স্কুলত দিবৰ সময়তে তেঁওলোক চাকৰিসূত্ৰে দিল্লীলৈ যাব লগা হোৱাত তাক মাইল ব্ৰনছন ৰেছিডেনছিয়েল স্কুলতে নাম লগাই দিয়ে। তাতেই সি হায়াৰছেকেণ্ডাৰীৰ শিক্ষা শেষ কৰি বেংগালুৰুত গ্ৰেজুৱেছন, মাষ্টাৰছ কৰি সি গুৱাহাটীলৈ উভতি আহিছিল কিবা এটা কৰাৰ আশাত।


পুতেক/বোৱাৰীয়েক, গিৰিয়েকৰ লগত আলোচনা কৰি সকলোবোৰ কথা আকাশক কৈ দিয়াটোৱেই ভাল হ'ব বুলি ভাবি তেওঁ নিজকে প্ৰস্তুত কৰিয়ে ৰাখিছিল। এতিয়া পুৱাই আকাশক দেখি আইতাকৰ মনটোৱে ঠিকেই চেবাইছে তাৰ অহাৰ কাৰণ।


আইতাকে তাক দি গৈছে তাৰ অতীত বৰ্ণনা। মাজে মাজে আইতাকৰ ঠুকাঠুকি মাতটো ভালকৈ নুশুনা হৈ যায়। নিৰ্মম বাস্তৱ কথাবোৰে তাৰ দুগাল তিয়াই গৈছে, গোটেই মানহটোক কঁপাই তুলিছে। তাৰ এইহাল ভগৱান সদৃশ মাক-দেউতাকক সি কি বুলি দিব ধন্যবাদ। যিয়ে তাক এটা নতুন জীৱন দিলে, তাৰ জীৱনটো সিঁহতবোৰৰ দৰে যে ন'হলহেঁতেন কি ঠিক! তাক নালাগে আজি তাৰ সঁচা মাতৃ-পিতৃ কোন, নালাগে তাক তাৰ পৰিচয়। সি এটাই জানে আকাশ দত্ত ডাক্তৰ বিভাষ দত্ত আৰু ডাক্তৰ ৰূপা দত্তৰ একমাত্ৰ সন্তান। নকটায় আৰু উজাগৰী ৰাতি। আজি আকাশ বহুত দিনৰ মূৰত ভালকৈ শুব পাৰিব। ইমানদিনে চিনাকি অচিনাকীৰ দোমোজাই তাক বাৰুকৈয়ে শিকালে। আগতকৈও এতিয়া তাৰ এইহাল পিতৃ-মাতৃলৈ আৰু শ্ৰদ্ধা উপজিছে। আকাশ এতিয়া নিজৰ কামৰ কাৰণে আগবাঢ়িব কিন্তু তাৰ আগতে যাব তাৰ মাক-দেউতাৰ ওচৰলৈ। বহুতদিন হ'ল মাকৰ কোলাত, দুহাতৰ পৰশত টোপনি নোযোৱা।

Saturday 6 May 2017

ব্লাডগ্ৰুপ (Blood Group)


'কি তুমি সঁচাকৈয়ে নাজানা মালা?'
'অ নাজানো, তাতে ইমান আচৰিত হ'বলগা কি আছে?'
'তেন্তে তুমি তোমাৰ আই-কাৰ্ড, পাছপৰ্ট এইবোৰত কি লিখিছা?'
'এনেই কিবা এটা লিখি দিও আৰু'
'অহ্ হ' মালা এইটো কিন্তু তুমি বৰ বেয়া কাম কৰিছা, নাপায় এনেকুৱা কৰিব'
'হ'ব যোৱা তুমি খালী মোৰ দোষেই ধৰি থাকা' মুখখন ওন্দোলাই উচাত মাৰি মালা ধীৰাজৰ ওচৰৰপৰা গুচি গ'ল।
আহ্ হা, এই ছোৱালীজনীক যে একো এটা ক'বই নোৱাৰি! ইমান সৰু সৰু কথাতে ঠেঁহ লাগে। আজিনো সি কি মিছা কথাটো ক'লে তাই যে উচাত মাৰি তাৰ ওচৰৰপৰা উঠি গুচি গ'ল। তাইৰ খোজৰ চেৱে চেৱে নাচি যোৱা দীঘল চুলিকোছালৈ এপলক চাই ধীৰাজে বাকী থকা ক্লাছটো কৰিবলৈ বাট ল'লে। এতিয়া যদি এইটো কথাও ক'বলৈ যায়, তাই চাগে অফটোৰ পিছত থকা ক্লাছটো নকৰি ঘৰলৈ বাট মেলিব। আজি ন'কলেও কাইলৈ পৰহিলৈ হ'লেও তাইক বুজাব লাগিব যে তাই যিমান সৰু বুলি ভাবি আছে কথাটো সিমান সৰু নহয়। কেতিয়াবা তাইৰ এই কথাটোৱে কাৰোবাক বিপদৰপৰা সহায় কৰিম বুলিও কৰিব নোৱাৰিব। কি যে হ'ল এই ছোৱালীজনী! কেতিয়াবা বহুত কথাই বুজি পায়, কেতিয়াবা আকৌ একোৱেই নাপায়। তথাপিও মালা ধীৰাজৰ বহুত বেছি আপোন। তাইক বাদ দি তাৰ নিজৰ বুলি আছেনো কোন কেতিয়া যে এইজনীক একেবাৰে নিজৰ কৰি ল'ব পাৰিম!

***

ধীৰাজৰ কথাখিনি বাৰু সঁচা নেকি? আচলতে মালাই জানি-বুজিহে চবতে তাইৰ ব্লাড গ্ৰুপটো দিয়াতো প্ৰয়োজন। নজনা-নেমেলাকৈ দিয়াতে তাই বৰ বেয়া কাম কৰিছে। তাৰ কথাখিনি শুনি উচাত মাৰি গুচি আহিলে ঠিকেই কিন্তু ঘৰ আহি পায় তাই শান্তি পোৱা নাই। মালাই ধীৰাজৰ ওপৰত বেছিয়ে অভিমান কৰিলে চাগে। তাইও মানে তাৰ মৰম পাই জোখতকৈ বেছিয়ে আৱেগিক হৈ যায় অকণমান কথাতে।

***

'হেল্ল' ধীৰাজ'
'অ কোৱা' ধীৰাজে অলপ জানি বুজিয়ে মাতটো গহীনত দিলে।
'আজি ব'লাচোন মোৰ ব্লাড-গ্ৰুপতো চেক কৰি আহো' দোষী দোষী সুৰেৰে মালাই কোনোমতে মাতটো উলিয়ালে।
'এতিয়া কিয় মন গ'ল বা? অথনি দেখোন মই দোষ ধৰি থাকো বুলি উচাত মাৰি গুচি গৈছিলা' তাইক অকণমান জোকাই চাঁও বুলি ধীৰাজে কলেজৰ কথাখিনি তাইক মনত পেলাই দিলে। কিন্তু মালাই তাক কিবা কোৱাৰ সলনি পৰাজয়ৰ সুৰতহে তাক কিবাকিবি কোৱা আৰম্ভ কৰিলে। তাইৰ কথা শুনি ধীৰাজে গম পালে যে সঁচাকৈয়ে মানে তাৰ কথাখিনি তাইৰ গাত লাগিছে। ন'হলে মালাৰ নিচিনা জেদী অভিমানী ছোৱালীজনীয়ে কেতিয়াও সহজতে কথাবোৰ মানি নলয়‌। যি হ'লেও ধীৰাজৰ মনতো কিবা এটা ভাল লাগি গ'ল। এতিয়াই যেন গৈ তাইৰ দুগাল তাৰ মৰমৰ চুমাৰে ভৰাই পেলাব।
''আজি যাবা নে নাই কোৱা? ন'হলে মই হোষ্টেলৰ ছোৱালী এজনী লৈয়ে গুচি যাম' তাৰ ভাললগা ভাবত যতি পেলাই মালাই আকৌ মাত দিলে। এতিয়া ন'গলে গোটেইখন খাণ্ডব দাহ নকৰাকৈ যে নেৰে ধীৰাজে সেই কথা ভালকৈয়ে জানে।
'ঠিক আছে আজি ক্লাছৰপৰা আহি ন'হলে কাইলৈ যাম। এনেও কাইলৈ কলেজ বন্ধ।'
'ঠিক আছে তেন্তে কাইলৈ যাম, আজি মোৰ প্ৰেক্টিকেলখিনি খটম কৰিবলৈও আছে।'
সোনকালে টেষ্টতো কৰাই আহিব লাগিব। ইমানদিনে সকলোতে মিছা ব্লাড গ্ৰুপতো লিখি থাকোতে একো অনুভৱ হোৱা নাছিল মালাৰ। কিন্তু যেতিয়া ধীৰাজৰ মুখত কথাবিলাক শুনিলে তেতিয়াহে তাই যেন ইমানদিনে এটা পাপহে কৰি আছিল, তেনে অনুভৱ হ'ল। কিয় বাৰু তাই এনেকুৱা কৰিছিল? আৰু সেই কলেজৰ ফাৰ্ষ্ট ইয়েৰৰ ছোৱালীজনী, যিয়েই কেইদিনমানৰ আগতে মৃত্যুক সাৱতিলে! কি ঠিক মালাৰ যদি ব্লাডগ্ৰুপটো তাইৰ লগত মিলেই। হেহ নহয় চাগে এইটো ব্লাডৰ মানুহ খুব কম থাকে মালাৰ নহয় চাগে বুলি নিজকে তাই সান্তনা দিলে।

***

নিশান্ত ধীৰাজৰ বেষ্টফ্ৰেণ্ড সুশান্তৰ ভায়েক আজি কেইবাদিনৰ মোৰত ঘৰলৈ উভতি আহিছে হস্পিতালৰপৰা। ডাক্তৰৰ অপৰিসীম চেষ্টাত সি তাৰ জীৱনতো কোনোমতে ঘূৰাই পাইছে। মালাই সি অহা খবৰ পাই লৰালৰিকৈ ওলাই গৈছে তাৰ ঘৰলৈ বুলি। তাই নিশান্তৰ কাৰণে তেজ দি ইমানদিনে ভুগি থকা অশান্তিৰপৰা অলপ হ'লেও শান্তি পাইছে। কিছুদিনৰ আগতে কাৰ এক্সিডেণ্টত কোনোমতে জীৱনতো ঘূৰাই পাবলৈ সক্ষম হোৱা নিশান্তক অ' নিগেটিভ ব্লাডৰ প্ৰয়োজন হোৱাত মালাই অনতিপলমে গৈ দি আহিছিল। যদিও সি ঘূৰি অহাত ডাক্তৰসকলৰ কষ্ট আৰু যত্নৰ কথা স্বীকাৰ কৰিবই লাগিব তথাপিও তাইৰ কথাও নোকোৱাকৈ নোৱাৰি। সময়ত যদি মালাই গৈ পাবলৈ নোহোৱা ব্লাড গ্ৰুপটো তাই নিদিলেহেঁতেন হয়তো নিশান্তো যদি মালাৰ কলেজৰ জুনিয়ৰ ছোৱালীজনীৰ দৰে! যিটো কথাই আজিও তাইক বৰকৈ কষ্ট দিয়ে।

***

অতি সোনকালে অ' নিগেটিভ ব্লাডৰ যোগাৰ কৰিব লাগে। চাৰিওফালে হাহাকাৰ লাগিছে। কলেজত যিয়ে যাকে লগ পাইছে তাকে কথাতো জনাইছে। ইউনিয়ন বডীৰ সদস্যকেইজনে লগ লাগি সকলোৰে ক্লাছত জাননিখন দি গৈছে। যেনেকৈ হ'লেও যাতে যোগাৰ কৰে। সিহঁতৰ কলেজৰ ফাৰ্ষ্ট ইয়েৰৰ ছোৱালী এজনীৰ এক্সিডেণ্ট হৈ অৱস্থা একেবাৰে বেয়া। লগে লগে জিএনআৰচি ত ভৰ্তি কৰালে যদিও কিছু তেজৰ প্ৰয়োজন কিন্তু তাইৰ ব্লাড গ্ৰুপতো অলপ পাবলৈ সমস্যা। সেয়ে সকলোতে হুলস্থূল লাগিছে। যিয়ে যিমান পাৰে চেষ্টা কৰিছে কিন্তু লাভ ন'হল, ইতিমধ্যে খবৰ আহিল ছোৱালী জনীয়ে এই সংসাৰৰপৰা বিদায় লৈছে। সেই ঘটনাতো ঘটিছিল মালাৰ ধীৰাজৰ লগত ব্লাড গ্ৰুপলৈ লগা কাজিয়াখনৰ কেইদিনমান আগত। মালাই সেইদিনালৈকে একো বিশেষ চিন্তা কৰা নাছিল কিন্তু যেতিয়া তাই তাইৰ ব্লাডগ্ৰুপ টেষ্ট কৰাই গম পালে যে তাই দিব পাৰিলেহেঁতেন কিন্তু নজনা হেতুকে মালাই একো কৰিব নোৱাৰিলে। সেইদিন ধৰি মালাৰ  অন্তৰে মাজে মাজে কান্দি উঠে। কিবা এটা মনোকষ্ট পাই থাকে যিটো কাৰো আগত প্ৰকাশ কৰিবও নোৱাৰে। যদি তাই আগতেই তাইৰ ব্লাডগ্ৰুপটো আগতেই জানিলেহেঁতেন। এই হেঁতেন শব্দটো বৰ দুৰ্ভগীয়া, এই শব্দটোৱে তাইক দহি দহি পোৰে। কিন্তু আজি নিশান্ত ঘৰলৈ ঘূৰি অহাৰ খবৰে তাই অলপ হ'লেও সেই অৰ্ন্তদন্দৰপৰা সকাহ পাইছে। যি হ'লেও তাইৰ দুটোপাল তেজৰ কাৰণে কোনোবাই জীৱনটোক ঘূৰাই পোৱাৰ সুখত আজি মালা সুখী। তাইৰ ইমানদিনে বুকুৰমাজত লৈ ফুৰা দোষী দোষী ভাবৰ কলীয়া ডাৱৰবোৰ লাহে লাহে আতৰি গৈছে।

Tuesday 18 April 2017

বিগেষ্ট ফেন অৱ জুবিন (Zubeen Garg)!


অসমীয়া পৰীক্ষা হে আছে। ইমান টোপনি ক্ষতি কৰি নপঢ়িলেও হ'ব। অংক, ইংৰাজী থকাৰ দিনা কথাটো বেলেগ। সেইকেইটালে অৱশ্যে ভয় লাগি থাকে ভালকৈ নোৱাৰো যে। তথাপিও এইটো সাধাৰণ পৰীক্ষা নহয় কিন্তু এনেকৈ ইমান সহজ কৈ ল'বলৈ। মেট্ৰিক মেট্ৰিকেই ইয়াত সহজ বুলি একো নাই সকলোবোৰ বিষয়েই একেই সমানেই পঢ়িব লাগিব। এইবোৰ বহুত দিনৰেপৰা শুনি অহা কথা বৰ বেছি গুৰুত্ব নিদিলেই হ'ল। নিজেই জানো নহয় কোনটো বিষয় কিমান পঢ়িব লাগে। বেলেগ বিষয়কেইটা থকাৰ আগদিনা ৰাতি শুবই নোৱাৰি।নিজৰ ভাষাটোও যদি ইমান টোপনি ক্ষতি কৰি পৰীক্ষা দিব লাগে তেন্তে ইমান বছৰেনো কি শিকিলো। আজি মই অলপ সোনকালে শুম বুলি ভাবিছো তাতো খেচখেচনি। এইবোৰৰ পৰা হাত সাৰিবলৈ ৰুমতে মিহিকৈ বাহিৰলৈ শব্দ নোযোৱাকৈ জুবিন দাৰ 'পাখি পাখি এই মন' গানটো লগাই লৈ বিছনাখন ঠিক কৰি ল'লো।

'কি হে এতিয়াই শুবলৈ ল'লা যে কাইলৈ পৰীক্ষা নাই?' পিছলৈ ঘূৰি চাই মই চকুৰে কিবা জলক তবক দেখিলো। কি এইয়া! মই শুম বুলি ভাবিছিলোহে কিন্তু শুৱাৰ আগতেই মই সপোন দেখিলো নেকি? নিজৰ আগতে চিকুট এটা মাৰি চালো। অ মা এইয়া সঁচা দেখোন! মোৰ মৰমৰ জুবিন দা আমাৰ ঘৰত মোৰ ৰূমত। কেনেকৈ সম্ভৱ এইটো! মই কিবা ক'ম বুলিও মেলা মুখ মেলাতেই থাকিল তাৰ আগতেই জুবিন দাই বাজি থকা গানটো বন্ধ কৰি অসমীয়া কিতাপখন লৈ মোৰ বিছনাত বহি ল'লে।

আৰে মই কি বুৰ্বকৰ নিচিনা কৰি আছো। মোৰ ঘৰত জুবিন দা উপস্থিত আৰু মই বহিবলৈ দিব লাগে যে সেইটো কথা অধমৰ মূৰত খেলোৱাই নাই। কি সুধিম কি নুসুধিমকে দেখোন মুখখন মেলিবই পৰা নাই। কি হৈছে মোৰ!
'হ'ব ইমান ভাবি থাকিব নালাগে কি কি পঢ়িলা তাকে কোৱা।' মই কোৱা নোকোৱাৰ দোমোজাত থাকোতে জুবিন দাই আকৌ মাত দিলে। মানে কি মোক এতিয়া পঢ়া ধৰিবলৈহে আহিল নেকি। আহিছেও আহিছে পৰীক্ষাৰ আগদিনা গান এটা শুনো বুলিলেও শুনিব নোৱাৰো আৰু তাতোকৈ আচৰিত কথা জুবিন আহিছে বুলি যে আমাৰ ঘৰত কাৰো হাল্লা নাই। মানে চবেই আগতেই লগ ধৰি ল'লে মই ৰূমত সোমাই থকাতেই গ'ল। বাৰু যি কি নহওক এনেকৈ থাকিলে ন'হব ওচৰতে বহোগে। এখোজ দুখোজকৈ গৈ তেওঁৰ ওচৰতে বহিলোগৈ। কিন্তু জুবিন দাই মোক বেলেগ কিবা সোধাৰ সলনি ওৰাই ঘূৰাই অকল কি পঢ়িলো কি কথা এইবোৰহে সুধি আছে। মাজে মাজে আকৌ ব্যাকৰণো সুধিবলৈ পাহৰা নাই কিন্তু মইহে একোৰে উত্তৰ দিব পৰা নাই। পঢ়াতটো ঠিকেই পঢ়িছিলো কিন্তু এতিয়াহে মনলৈ একো অহা নাই। আচলতে জুবিন দাক কাষতে পাই অলপ নাৰ্ভাছ ফিল কৰিছো চাগে ন'হলেতো এইবোৰ মই চব পাৰিছিলো। তথাপিও কিন্তু মই কম নহয়, একো নোৱাৰিলেও অকণো ভয়-ভীত নোহোৱাকৈ জুবিন দাৰ মৰম লগা মুখখনলৈ চাই থাকোতেই গৈছে। ইফালে তেওঁ যে মোক সোধা কিতাপৰ প্ৰশ্নৰ এটাৰো উত্তৰ দিব পৰা নাই। লাজ পাব লগীয়া কথা, তথাপিও মোৰ কেৰেপ নাই। এইবোৰ মায়ে গম পাব লাগিলে মোক দিব এপালি।

'জুবিন দা গান এটা গাওকনা।'অৱশেষত বহুত চেষ্টাৰ মূৰত মাত এটা ওলাল।

কি কোনে গান গাব লাগে বুলি যিটোহে মাত মোৰ কাণত বাজিল ভয়ত চক্ খাই বহাৰপৰা উঠি গ'লো আচলতে বহাৰপৰা নহয় শোৱাৰপৰাহে ঠতমত খাই উঠি গ'লো। টোপনিৰ জলাকলাতে 'মা জুবিন দা.....' বাকী খিনি মুখেৰে ভালকৈ ফুটিবলৈ নাপালেই 'কালিও সোনকালে শুই গৈছ আৰু এতিয়া জুবিনৰ গান শুন, উঠ যা সন্ধি, সমাসখিনি আকৌ এবাৰ চাই ল পৰীক্ষা শেষ কৰি জুবিনৰ লাইভ চাৱ গান শুন যি কৰ কৰি থাকিবি' বুলি মাৰ কেছেটখন বাজি উঠিলেই। এইখন কেছেট বৰ ভাল একো কষ্ট নকৰাকৈয়ে বাজি উঠে।

শুবলৈ বুলি লৈ যে গানটো লগাই ল'লোহে একেবাৰে জুবিন দা সাক্ষাত আহি ঘৰ পালেহি। মইও জুবিন দাৰ মৰম লগা মুখখনলৈ চাই থাকোতে ৰাতি পুৱাল আৰু একেবাৰে মাৰ মাততহে জুবিন পৰা আঁতৰি অসমীয়া পৰীক্ষালৈ মনত পৰিল। হায় হায় এনেকুৱা 'বিগেষ্ট ফেন অফ জুবিন' হ'লে দেখোন দিগদাৰেই আছে। 

সঁচাকৈয়ে জুবিন জুবিনেই। আমাৰ মৰমৰ জুবিন দা। যাৰ মিঠা মাতে সকলো ভাগৰ অৱসাদ সকলোবোৰ দূৰ কৰিব পাৰে,  আমাৰ কাৰণে অসমৰ কাৰণে যি কৰিছে সেইয়া অতুলনীয়। আৰু ভাল হঁওক আপোনাৰ আগবাঢ়ি যাঁওক আপোনাৰ কৰ্মক্ষেত্ৰত। কেৱল কিছুমান কথাত আৱেগিক হৈ নিজৰ পৰিচয়তো বিনষ্ট নকৰিব। আমি আজিও আপোনাক ভালপাঁও আৰু সদায়েই ভালপাই থাকিম। আপুনি অসমৰ সম্পদ, দেশৰ সম্পদ।

Friday 7 April 2017

ভালপোৱা ( The Love)


'তোমাতকৈ আৰু মোৰ জীৱনত ডাঙৰ সম্পত্তি একোৱে নাই' বুলি কৈ থৈ অফিচলৈ ওলাই যোৱা গিৰিয়েক বিধানৰ মুখখন বাৰে বাৰে মনত পৰি থকা বৰষাৰ নিজকে আকৌ এবাৰ অপৰাধী যেন লাগিল; কিছুমান স্থাৱৰ সম্পত্তিৰ লগত তাৰ অকৃত্ৰিম ভালপোৱাক তুলনা কৰি উপহাস কৰা কাৰণে। হয়, বিধানে ধনে-সোণে এগালমানৰে তাইক পুতি ৰাখিব নোৱাৰিলেও বৰষাক বাৰে বাৰে তাৰ প্ৰেমত পেলাব পৰাকৈ বিধান আজি সফল।

Friday 24 March 2017

বিগেষ্ট ফেন অৱ জুবিন!


অসমীয়া পৰীক্ষা হে আছে। ইমান টোপনি ক্ষতি কৰি নপঢ়িলেও হ'ব। অংক, ইংৰাজী থকাৰ দিনা কথাটো বেলেগ। সেইকেইটালে অৱশ্যে ভয় লাগি থাকে ভালকৈ নোৱাৰো যে। তথাপিও এইটো সাধাৰণ পৰীক্ষা নহয় কিন্তু এনেকৈ ইমান সহজ কৈ ল'বলৈ। মেট্ৰিক মেট্ৰিকেই ইয়াত সহজ বুলি একো নাই সকলোবোৰ বিষয়েই একেই সমানেই পঢ়িব লাগিব। এইবোৰ বহুত দিনৰেপৰা শুনি অহা কথা বৰ বেছি গুৰুত্ব নিদিলেই হ'ল। নিজেই জানো নহয় কোনটো বিষয় কিমান পঢ়িব লাগে। বেলেগ বিষয়কেইটা থকাৰ আগদিনা ৰাতি শুবই নোৱাৰি।নিজৰ ভাষাটোও যদি ইমান টোপনি ক্ষতি কৰি পৰীক্ষা দিব লাগে তেন্তে ইমান বছৰেনো কি শিকিলো। আজি মই অলপ সোনকালে শুম বুলি ভাবিছো তাতো খেচখেচনি। এইবোৰৰ পৰা হাত সাৰিবলৈ ৰুমতে মিহিকৈ বাহিৰলৈ শব্দ নোযোৱাকৈ জুবিন দাৰ 'পাখি পাখি এই মন' গানটো লগাই লৈ বিছনাখন ঠিক কৰি ল'লো।

'কি হে এতিয়াই শুবলৈ ল'লা যে কাইলৈ পৰীক্ষা নাই?' পিছলৈ ঘূৰি চাই মই চকুৰে কিবা জলক তবক দেখিলো। কি এইয়া! মই শুম বুলি ভাবিছিলোহে কিন্তু শুৱাৰ আগতেই মই সপোন দেখিলো নেকি? নিজৰ আগতে চিকুট এটা মাৰি চালো। অ মা এইয়া সঁচা দেখোন! মোৰ মৰমৰ জুবিন দা আমাৰ ঘৰত মোৰ ৰূমত। কেনেকৈ সম্ভৱ এইটো! মই কিবা ক'ম বুলিও মেলা মুখ মেলাতেই থাকিল তাৰ আগতেই জুবিন দাই বাজি থকা গানটো বন্ধ কৰি অসমীয়া কিতাপখন লৈ মোৰ বিছনাত বহি ল'লে।

আৰে মই কি বুৰ্বকৰ নিচিনা কৰি আছো। মোৰ ঘৰত জুবিন দা উপস্থিত আৰু মই বহিবলৈ দিব লাগে যে সেইটো কথা অধমৰ মূৰত খেলোৱাই নাই। কি সুধিম কি নুসুধিমকে দেখোন মুখখন মেলিবই পৰা নাই। কি হৈছে মোৰ!
'হ'ব ইমান ভাবি থাকিব নালাগে কি কি পঢ়িলা তাকে কোৱা।' মই কোৱা নোকোৱাৰ দোমোজাত থাকোতে জুবিন দাই আকৌ মাত দিলে। মানে কি মোক এতিয়া পঢ়া ধৰিবলৈহে আহিল নেকি। আহিছেও আহিছে পৰীক্ষাৰ আগদিনা গান এটা শুনো বুলিলেও শুনিব নোৱাৰো আৰু তাতোকৈ আচৰিত কথা জুবিন আহিছে বুলি যে আমাৰ ঘৰত কাৰো হাল্লা নাই। মানে চবেই আগতেই লগ ধৰি ল'লে মই ৰূমত সোমাই থকাতেই গ'ল। বাৰু যি কি নহওক এনেকৈ থাকিলে ন'হব ওচৰতে বহোগে। এখোজ দুখোজকৈ গৈ তেওঁৰ ওচৰতে বহিলোগৈ। কিন্তু জুবিন দাই মোক বেলেগ কিবা সোধাৰ সলনি ওৰাই ঘূৰাই অকল কি পঢ়িলো কি কথা এইবোৰহে সুধি আছে। মাজে মাজে আকৌ ব্যাকৰণো সুধিবলৈ পাহৰা নাই কিন্তু মইহে একোৰে উত্তৰ দিব পৰা নাই। পঢ়াতটো ঠিকেই পঢ়িছিলো কিন্তু এতিয়াহে মনলৈ একো অহা নাই। আচলতে জুবিন দাক কাষতে পাই অলপ নাৰ্ভাছ ফিল কৰিছো চাগে ন'হলেতো এইবোৰ মই চব পাৰিছিলো। তথাপিও কিন্তু মই কম নহয়, একো নোৱাৰিলেও অকণো ভয়-ভীত নোহোৱাকৈ জুবিন দাৰ মৰম লগা মুখখনলৈ চাই থাকোতেই গৈছে। ইফালে তেওঁ যে মোক সোধা কিতাপৰ প্ৰশ্নৰ এটাৰো উত্তৰ দিব পৰা নাই। লাজ পাব লগীয়া কথা, তথাপিও মোৰ কেৰেপ নাই। এইবোৰ মায়ে গম পাব লাগিলে মোক দিব এপালি।

'জুবিন দা গান এটা গাওকনা।'অৱশেষত বহুত চেষ্টাৰ মূৰত মাত এটা ওলাল।

কি কোনে গান গাব লাগে বুলি যিটোহে মাত মোৰ কাণত বাজিল ভয়ত চক্ খাই বহাৰপৰা উঠি গ'লো আচলতে বহাৰপৰা নহয় শোৱাৰপৰাহে ঠতমত খাই উঠি গ'লো। টোপনিৰ জলাকলাতে 'মা জুবিন দা.....' বাকী খিনি মুখেৰে ভালকৈ ফুটিবলৈ নাপালেই 'কালিও সোনকালে শুই গৈছ আৰু এতিয়া জুবিনৰ গান শুন, উঠ যা সন্ধি, সমাসখিনি আকৌ এবাৰ চাই ল পৰীক্ষা শেষ কৰি জুবিনৰ লাইভ চাৱ গান শুন যি কৰ কৰি থাকিবি' বুলি মাৰ কেছেটখন বাজি উঠিলেই। এইখন কেছেট বৰ ভাল একো কষ্ট নকৰাকৈয়ে বাজি উঠে।

শুবলৈ বুলি লৈ যে গানটো লগাই ল'লোহে একেবাৰে জুবিন দা সাক্ষাত আহি ঘৰ পালেহি। মইও জুবিন দাৰ মৰম লগা মুখখনলৈ চাই থাকোতে ৰাতি পুৱাল আৰু একেবাৰে মাৰ মাততহে জুবিন পৰা আঁতৰি অসমীয়া পৰীক্ষালৈ মনত পৰিল। হায় হায় এনেকুৱা 'বিগেষ্ট ফেন অফ জুবিন' হ'লে দেখোন দিগদাৰেই আছে।

Sunday 19 March 2017

বয়সবোৰো যে!



'সেই কলেজীয়া দাদা-বাইদেউ কেইজনৰে ভাল দেই ক্লাছ কৰিব লাগিব বুলি একো চিন্তা নাই নিজৰ মতে ক্লাছ কৰিলেই হ'। হোমউৰ্ৱকো নকৰিলেও চলি যায়।' বাহুত বাহু লগাই গা ঘেলাই গৈ থকা কলেজীয়া ল'ৰা-ছোৱালীকেইটালৈ চাই চাই নিজৰ মাজতে ভোৰভোৰাই আবিৰ স্কুললৈ গৈ থাকিল। সঁচাকৈ সি যে কেতিয়া ডাঙৰ হ'ব কেতিয়া কলেজ পাবগৈ! সদায় স্কুল, হোমউৰ্ৱকবিলাকে তাৰ নগুৰ-নাগতি বাহিৰ কৰি দিছে। নিজৰমতে কিবা এটা কৰিবলৈও মাক-দেউতাকৰ ৰঙা চকুকেইটায়ে যিহে চাৱনি দিব! দূৰতে বিদূৰ হ'ব লগা হয়। আদিত্য দাদাৰো ভাল এতিয়া ঘৰলৈ আহিছে  পঢ়িবও নালাগে, বৰমা-বৰতাইও একো নকয় দেৰিলৈকে বাহিৰত ঘূৰি থাকিলে। সকলোৱে সোধে এতিয়া কি কৰিবা মানে নিজৰমতে চব কৰিলেই হ'ল যি কৰে।

***

আবিৰৰ বৰদেউতাকৰ ল'ৰা আদিত্য। এইবাৰ ইঞ্জিনীয়াৰিংৰ শেষ ছেমিষ্টাৰ দি ঘৰলৈ আহিছে। কেইদিনমান ঘৰত থাকি যাবগে আকৌ। ৰিজাল্ট ওলোৱালৈকে আছে। সেয়েহে এইকেইদিন অলপ লগৰ ল'ৰাৰ লগত ঘূৰা-পকা কৰি স্ফূৰ্টি কৰাৰ কথা ভাবিছে। কিন্তু সি কাৰো ঘৰলৈকে যাব নোৱাৰা হৈছে এটা প্ৰশ্নই তাৰ সকলোবোৰতে চেঁচা পানী ধালি দিয়ে। 'হেৰা ডেকা ল'ৰা এতিয়া পিছে কি কৰিম বুলি ভাবিছা?' নাই একেবাৰেই শান্তি নাই অ' এইবোৰৰ পৰা। এই প্ৰশ্নটোৱে তাক থকা-সৰকা কৰি দিয়ে। জীৱনৰ আধাবয়স পঢ়ি থাকোতেই গ'ল এতিয়া ভাবিছিলে অলপ শান্তি পাব কিন্তু এইটো সময়ৰ সমান মাৰাত্মক আৰু একো নাই। তাতকৈ সৰু হৈ থকাই ভাল আছিল আবিৰৰ নিচিনাকৈ! 'তই ডাঙৰ ন'হবি আবিৰ থাক এনেকৈয়ে বহুত শান্তিত আছ।' একো চিন্তা মূৰত নোলোৱাকৈ স্কুল যোৱা, খেলা, খোৱা, শোৱা।

***

অদিতিৰ আকৌ বেলেগ এটা কথাৰ কাৰণে আজিকালি ক'তো ওলাই যাব মন নোযোৱা হৈছে। মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা এবছৰেই হ'ল। এতিয়া নেটৰ কাৰণে লাগি আছে। জে আৰ এফটো লগাব পাৰিলে ভাল আছিল। কিন্তু ওচৰ-চুবুৰীয়াৰ চকুত তাই বুঢ়ী হৈ গ'ল। 'অকল পঢ়িয়েই থাকিবানে বিয়া-বাৰুৰ কথা ভাবিবা' এই প্ৰশ্নটোত তাই বিৰাতেই বিৰক্ত হৈ পৰিছে। নিজৰ কেৰিয়াৰৰ কথা ভাবি তাই যেন  এটা পাপকামহে কৰিছে। মাষ্টাৰো কমপ্লিট কৰিলে তথাপিও বিয়া হোৱা নাই মানে ন'হবই চাগে! মানুহবিলাকে যেন এইটো কথাহে আকাৰে-ইংগিতে বুজাবলৈ যায়। কি যে হ'ব! সেয়ে আজিকালি বৰ বিশেষ প্ৰয়োজন ন'হলে তাই বৰকৈ ওলাই-মেলি নুফুৰে। বিয়া-বাৰু কৰি এটামান ল'ৰা-ছোৱালীৰ মাক হ'লেহে যেন ওচৰ-চুবুৰীয়াৰ মুখখন বন্ধ হ'ব!

***

আবিৰৰ ককাকৰ বয়স হৈ আহিছে আজিকালি আগৰ নিচিনাকৈ ঘূৰি-ফুৰি থাকিব নোৱাৰে। কাৰোবাৰ লগত মনৰ কথা দুআষাৰমানো পাতিব মন যায়। কিমাননো আৰু চকীখনতে বহি থাকি ৰাস্তাৰ মানুহবিলাকক চাই থাকিব। তেওঁৰ লগত কথা পাতিবপৰাকৈ লগৰবিলাক এজন এজনকৈ ওপৰৰজনাই নিছেই আৰু বাকীথকাকেইজন ঢাৰি-পাতি লৈছে। গতিকে তেওঁৰো লগ-সংগবোৰ কমি আহিল। আবিৰ অলপ সৰু থাকোতে ককাকৰ লগ লৈছিল, খাটনি ধৰিছিল সাধু শুনাবলৈ। কিন্তু সিও স্কুললৈ যাবলৈ লোৱাৰপৰা তেওঁৰ ওচৰলৈ অহাটোও কমিল। আবেলি সময়কণ খেলিবলৈ ওলাই যায়, সন্ধিয়া পঢ়িবলৈ বহে গতিকে সময়ৰ নাটনি হোৱাটো স্বাভাৱিক। সেয়ে ককাকৰ বাটৰ মানুহ চোৱা বাদ দি আৰু বিশেষ কৰিবলগা নাই। মানুহবোৰকে চাই নিজৰ অতীত ৰোমন্থন কৰি যায়। আবিৰ, আদিত্যৰ বয়সত তেওঁ কি আছিল আৰু এতিয়া কি হ'ল। কথাদুটামান পাতিবলৈ শ্ৰোতাৰ অভাৱ।
হোমউৰ্ৱকৰ ভয়ত ডাঙৰ হ'বলৈ মন যোৱা, মানুহৰ প্ৰশ্নবাণৰপৰা হাত সাৰিবলৈ সৰু হ'বলৈ মন যোৱা আৰু এটা বয়স এনেকুৱা যে কৰিবলৈও একো নাই, কথা পাতিবলৈও লগ নাই কেৱল নিজৰ অতীত ৰোমন্থন কৰাক বাদ দি উপায়ইও নাই।

Monday 13 March 2017

সংসাৰৰ লীলা!

মুনমুন আজি প্ৰথমবাৰৰ কাৰণে মামাকৰ ঘৰলৈ যাব। কাৰোৰে গাত তত নাই। তাক কেনেকৈ নিব, কিহত নিব আগদিনাৰপৰাই মাক-দেউতাকৰ মাজত আলোচনা। মামাকৰ ঘৰলৈ যদিও এবেলাৰ বাত তথাপিও মুনমুনক লৈ যোৱাৰ কথা যে সেয়ে অলপ দোমোজাত পৰিছে।

আজিকালি মুনমুন হাজৰিকাহঁতৰ ঘৰৰে এজন সদস্যৰ দৰে হৈ পৰিছে। সি অহাৰপৰাই সকলোবোৰ মৰম যেন সিয়েই কাঢ়ি লৈ গৈছে আনকি পাঁচবছৰীয়া ছোৱালী মুনিৰো যেন মুনমুনৰ লগত লাগি থাকোতে খেলিবৰ কাৰণে আহৰি নোহোৱা হৈ গৈছে। এতিয়া হাজৰিকানীও তাৰ কাৰণে কতো ওলাই যাব নোৱাৰা হৈছে। জীয়েককে যদি অলপ দেৰি কাৰণে এৰি যাব পাৰে কিন্তু তাক এৰি কতো ওলাই যাব নোৱাৰে। অলপসময়ৰ কাৰণে অকলে থাকিব লগা হ'লেই সি গোটেইখন হুলস্থূল লগাই দিয়ে। এতিয়া তেওঁলোকৰ এটা নহয় দুটা সন্তান।

'মা মা মুনমুনে ইমান ডাঙৰ ডাঙৰকৈ পেক পেক কৰিছে ব'লাছোন' জীয়েকে ঢপলিয়াই আহি মাকৰ ওচৰ পালেহি। জীয়েকৰ টেটুফলা চিঞঁৰত হাজৰিকানীয়েও য'ৰ কাম ত'তে এৰি চাদৰ ওপৰ পালেহি। অলপসময়ৰ আগতে মুনমুনক খাবলৈ দি জীয়েকক ৰখিয়া পাতি থৈ গৈছিল বেলেগ চৰাই আহি যাতে মুনমুনৰ ভাগৰখিনি নাখায়হি। কিন্তু এনেকৈ চিঞঁৰিবলৈ কি হ'ল তাৰ! দেখাততো একোৱেই হোৱা নাই য'ৰ ভাত তাতেই আছে কিন্তু সি খাবলৈ এৰি চিঞঁৰিছে কিয়? একো বুজিব নোৱাৰি হাজৰিকানীয়ে তাক একাষত বহাই এটা হাতত ভাতকেইটামান লৈ তাৰ ঠোটৰ ওচৰত দিয়াত টপাটপ গিলি থ'লে। কথাটো এতিয়াহে তেখেতে বুজি পালে, মানে এওক আজিৰপৰা কোছত লৈ খোৱালেহে খাব। হায় ভগৱান, ই বাৰু কোনোবাজনমত মানুহ আছিল নেকি বাৰু! সকলোবোৰ আদব-কায়দা মানুহৰ নিচিনা ৰূপটোহে হাঁহ। কুকুৰবিলাক বাৰু দেখিছে এনেকুৱা মৰম আকলুৱা কিন্তু এটা হাঁহ হৈও সি দেখোন বেলেগ। মানুহৰ সমাগম য'ত বেছি তাৰো উপস্থিতি তাতেই। এখন্তেকৰ কাৰণেও অকলে থাকিব নোৱাৰে আৰু বেলেগ হাঁহ দেখিলে কুঁছিমুছি হাজৰিকানীৰ কোলাত সোমাইহি যেন সিহঁতবোৰ তাৰ শত্ৰুহে।

মুনমুনৰ মাকজনীক ৰাতি মেকুৰী নে হেঁপাই মাৰি থোৱাৰ পিছত তাক হাজৰিকাহঁতে কোনোমতে ৰক্ষা কৰিলে। সেই তেতিয়াৰপৰাই সি ঘৰৰে এজন হোৱাৰ দৰেই হ'ল। তেওঁলোকৰ পাঁচবছৰীয়া সন্তান মুনিয়ে তাৰ নাম থ'লে মৰমৰতে মুনমুন। আজিকালি মুনমুনক ওচৰ-চুবুৰীয়া কোনোৱে চিনি নোপোৱাকৈ থকা নাই। সৰু সৰু ল'ৰা-ছোৱালীবোৰো মুনমুন বুলিলে পাগল। তাৰ বহল ভৰিকেইখনেদি থুপুক-থাপাককৈ সিহঁতৰ পিছে পিছে পেকপেক কৰি যি দৌৰি ফুৰে দেখিলে মৰম লাগি যায়। হাজৰিকানিয়ে গা ধুই কাপোৰকেইটাও মেলিবলৈ যাব নোৱাৰে সিও পেকপেকাই পিছে পিছে যাব। গঁড়াল বনাই দিয়ে সত্বেও থাকিব নিবিচাৰে এদিন গঁড়ালত থঁওতে যিহে চিঞঁৰ ধৰিলে   সেইদিনাৰপৰা ঘৰতোৰ এটা আঁচুটীয়া ৰুম এটাৰ পকাতে বিছনা এখন বনাই দিলে আৰু ৰাতি হ'লেই টুপুককৈ গৈ বিছনাখনত উঠি শুই থাকে।

মুনমুনৰ কথা শুনি শুনি এতিয়া মুনিৰ মামাকৰ ল'ৰা-ছোৱালী কেইটাই উৎপাত লগাই আছে এদিনৰ কাৰণে হ'লেও তাক সিহঁতৰ ঘৰলৈ লৈ যাব লাগে। কিন্তু এতিয়া নিয়ে কেনেকৈ! কিন্তু সিহঁতেও নেৰে যেনেকৈ হ'লেও এবাৰ নিব লাগে মুনমুনক। শেষত হাজৰিকাৰ পৰিয়ালে সিহঁতৰ কথা শুনি ৰাজি হ'ল মুনমুনক লৈ যাবলৈ।

আজি মুনমুনৰ মামাকৰ ঘৰলৈ যাত্ৰা। মাক-দেউতাকৰ পিছে পিছে থুপুক-থাপাককৈ ওলাই আহিছে মুনমুন। তাৰ পিছে পিছে মুনি তাৰ বিছনাখন লৈ। মুনিৰ লগৰ ল'ৰা-ছোৱালীও ওলাই আহিছে মুনমুনক মামাকৰ ঘৰলৈ পঠাবলৈ। মুনিৰ দেউতাকে লাহেকৈ গাড়ীৰ ডিকিটো খুলি তাৰ বিছনাখন পাৰি মুনমুনক বহুৱাই দিলে। মুনি আৰু মাকো পিছৰ ছিটটোতে বহি ল'লে। মুনিৰ দেউতাকে গাড়ীখন ষ্টাৰ্ট কৰোতেই মুনমুনে যেন কিবা বুজিহে পালে সি পেকপেককৈ মূৰটো দীঘলকৈ মেলি মুনিৰ লগৰকেইটাক বিদায় দিয়াৰ দৰে তাৰ ভাষাতে কিবা-কিবি ক'বলৈ চেষ্টা কৰিলে। এটা একো নজনা নিৰীহ প্ৰাণী যদিও মানুহৰ মাজত থাকি থাকি সিও আদব-কায়দাবোৰ শিকি পেলাইছে। 'এইয়া সংসাৰৰে লীলা' হাজৰিকানীৰ ভাষাত।

Wednesday 1 March 2017

বিবেক দংশন

হয় আপুনি ঠিকেই বুজিছে। মই কি ক'বলৈ গৈ আছো। পুনৰ এবাৰ আপোনাক সোঁৱৰাই দিও আপুনি প্ৰকৃততে হয় কোন? আপুনি এজন সভ্য সমাজৰ অহ্ নহয় সভ্য শব্দতো ক'লে হয়তো ভুল হ'ব কাৰণ সকলো ব্যক্তিয়ে সভ্য, কিন্তু সৎ হোৱাতোহে ডাঙৰ কথা। আপুনি ইমান এজন সৎ ব্যক্তি তথাপিও কেতিয়াবা কিছুমান ক্ষন্তেকীয়া সুখৰ কাৰণে সেই সততাক বৰ্জন কৰিব কিয় বিচাৰে? যদি মই আপোনাৰ কাষত প্ৰত্যকতো মূহূৰ্ততে  থিয় নোহোৱা হ'লে আপুনি হয়তো কেতিয়াবাই সৎ মানুহৰ চোলাটো সোলোকাই থ'ব লগা হ'ল হয়। নিজৰ ছাঁটোৱেও আন্ধাৰৰ হোৱাৰ লগে লগে গা এৰা দিয়ে কিন্তু মই এজন সেইজন যিয়ে আপোনাৰ লগ এৰিব নোৱাৰো, আচলতে নিবিচাৰো।

আগৰ কেইবাৰৰ দৰে আজিও অফিচৰ চহী নকৰা ফাইলকেইটা লৈ বহি আছে। এইবাৰো মানে ময়েই মনত পেলাই দিব লাগিব চহীকেইটা মাৰি দিবলৈ।লগতে থকা ফাইলকেইটা মাত্ৰ কলমটোৰ সাঁফৰতো খুলি চহী এটা মাৰি দিব লাগে। কলমৰ খুটমান চিঞাঁহীকণ খৰছ হোৱাৰ বাদে আপোনাৰতো একোৱে ক্ষতি নহয়। কিন্তু তাকে নকৰি কাষতে বহা কলিতা, দাস, শৰ্মাহঁতলৈ চাই কিহৰ আশাত বহি আছে? অহ ঠিকেই আপোনাৰো চাগে তেওঁলোকৰ দৰে সততাৰে ঘটা দৰমহাকেইটাৰে ভোক গুচা নাই। টেবুলৰ তলেৰে দিয়াকেইটাৰেহে পেটৰ জুই নুমাব। কিন্তু সেই সেইকেইটাৰে আপোনাৰ জুই নুমাবলৈ যাঁওতেযে কিমানৰ পেটত জুইকুৰা দগমগাই জ্বলি উঠিব সেই কথা কিয় ভবা নাই? আপুনিতো সকলোবোৰ কাম ভাবি-চিন্তিয়ে কৰে তথাপিও জানি-শুনিও কিছুমান ভুল কিয় কৰিবলৈ যায়। আপুনিতো এজন সৎ নিষ্ঠাৱান শিক্ষকৰ সৎ পুত্ৰ আছিল যিয়ে নিজৰ কষ্টৰ বলত ইমানখিনি পাইছেহি, কিন্তু নিজৰ সন্তানৰ, মানুহজনীৰ মৰমত কিয় সকলোখিনি জলাই দি ছাই কৰিব বিচাৰিছে। সন্তানক কষ্ট কৰিবলৈ বুজোৱাৰ পৰিৱৰ্তে সিহঁতক লেৰেলা সাদৰ কৰি সিহঁতৰ জীৱনটো জাহ যাবলৈ নিদিব। সিহঁতক শিকিবলৈ দিয়ক জীৱনৰ অৰ্থ কি?আপোনাৰ সন্তান, পত্নীয়েতো কেতিয়াও কোৱা নাই বেলেগৰ টকাৰে তেওঁলোকৰ জীৱন সজাবলৈ। তেন্তে আপুনি কিহৰ প্ৰৰোচনাত পৰি চহীটো কৰিবলৈ হাঁতত কলমটো ল'ব পৰা নাই।
সহকৰ্মীয়ে কৰা বেয়া কামবোৰত সহযোগ নকৰি তেঁওলোকক মই আপোনাক বুজোৱাৰ দৰে বুজাওক শুদ্ধ পথলৈ আহিবলৈ কঁওক। তেওঁলোকে হয়তো বিবেকৰ লগত আপুনি পতাৰ দৰে কথা পাতি নাথাকে। আচলতে নিজেই কি কৰি আছে সেইয়া চাবলৈহে নিবিচাৰে। সেয়েহে ইমানদিনে শুধৰণি পথতো ধৰিব পৰা নাই। অহ্ তাৰ আগতে আপোনাৰ বাকী থকা ফাইলকেইটাত চহীকেইটা কৰি লওঁক।

***

'হেৰা তোমাৰ কি হৈছেহে? অথনিৰেপৰা চাই আছো তোমাক শুবলৈ লৈ ইচাট বিচাট কৰি আছা। ইমান ঘামিচা যে? ইমানো গৰম পৰা নাই এনেকে ঘামি জোল বৈ যাবলৈ।' কাষতে শুই থকা চলিহাৰ ঘৈণীয়েকে মাত দিওতেহে চলিহাৰ সম্বিত ঘূৰি আহিল। ইমান দেৰি কথাবিলাক ভাবি থাকোতে গমেই পোৱা নাই তেওঁৰ ইফালে যে ঘামী গোটেই মানুহতো ভিজি গৈছে।
নাই নাই তেওঁ কেতিয়াও এনেকৈ লোকক ঠগিব নোৱাৰে। দৰকাৰ হ'লে ল'ৰাক অসমৰে এখন কলেজত পঢ়াব, যদি ইঞ্জিনীয়াৰিং, মেডিকলত চিট নাপায়, বিএছিয়ে পঢ়াব তথাপিও কিন্তু এনেকৈ লোকৰ টকাৰে কেতিয়াও তাক দামী কলেজত পঢ়ায় মানুহ কৰিব নোৱাৰে। হয় দেই মাজে মাজে তেওঁ কিয় জানো পথভ্ৰষ্ট হৈ যায় ক'ব নোৱাৰে। কিন্তু কেনেবাকৈ যদি অসৎ ৰাষ্টাৰ কথা মনলৈ আহে আজিলৈকে সেই ৰাষ্টাত ভৰি থ'ব পৰা নাই। তেনে হ'লে আজিৰ দৰে বিবেক দংশনত ভুগি পুনৰ তেওঁ উভতি আহে। হয় তেওঁ এজন সৎ নিষ্ঠাৱান শিক্ষকৰ সৎ পুত্ৰ আৰু সদায় সৎ হৈ থাকিবও। কাৰোৰে ক্ষতি কৰি নিজেই ভোগ কৰিব নোৱাৰে।