Wednesday 31 August 2016

আন্ধাৰ (Darkness)


'বিলত তিৰেবিৰাই পদুমৰ পাহি অই.......' গানটো গাইয়ে তাই লৰালৰিকৈ হেড্ বাইদেউৰ ওচৰলৈ গ'ল। ইমান দেৰি হ'ব বুলি জনা হ'লে তাই গানটো গাবলৈ নাথাকিলেই হেঁতেন কিন্তু উপায় নাই চাৰ-বাইদেউহঁতে ইমান জোৰ কৰাৰ পিছত নোগোৱাকৈ কেনেকৈ থাকিব। আগতে বিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠান দিনতে শেষ হৈ যায় কিন্তু এইবাৰ সকলোৱে ছাত্র ছাত্ৰীয়ে নেৰা নেপেৰাকৈ লগা কাৰণে সাংস্কৃতিক সন্ধ্যাৰো আয়োজন কৰিছে সেয়ে অলপ দেৰি হৈছে।

 'বাইদেউ মই নাথাকো যাওঁগে, আন্ধাৰো হৈ আহিছে আৰু মোৰ গাঁৱলৈ যোৱা বেলেগ ল'ৰা-ছোৱালী নাই গতিকে বেছি দেৰিলৈকে থাকিলে মোৰ ভয় লাগিব' সুগন্ধিয়ে গৈ হেড বাইদেউক ক'লে। কিন্তু হেড বাইদেউয়ে তাইক ঘৰলৈ যাবলৈ দিবলে মন কৰা নাই কিয়নো তাই বৰ ভাল গান গাই আৰু ইমান মনোমোহা কণ্ঠ যে শুনিলে শুনি থাকিব মন যায়, সেয়ে অনুষ্ঠানৰ সামৰণি মাৰিবলৈও তাইৰ কাৰণে এটা গানৰ প্ৰগ্ৰেম  থৈ দিছে।

'একো নহয় দিয়া সুগন্ধি আজি তুমি আমাৰ ঘৰতে থাকি দিবা, ঘৰলৈ মই খবৰ পঠাই দিম' বুলি কৈ বাইদেউ নিজৰ কামত লাগিল। কথাটো শুনি সুগন্ধিয়ে হেড বাইদেউৰ ওপৰত ক'বলৈও সাহস গোটাব পৰা নাই কিন্তু ঘৰখনৰ অৱস্থা যিহে তাই ন'গলে কিযে হ'ব! হেড বাইদেউৱে অলপ অচৰপকৈ জানে যদিও বৰ বিশেষ নাজানে সুগন্ধিৰ ঘৰৰ কথা। নাই তাই যেনেকে হ'লেও যাবই লাগিব ঘৰলৈ, বাইদেউৱে যদি বেয়া পাই কাইলৈ দেখা যাব। কাইলৈ পুৱা এনেও মাক হেড বাইদেউৰ ঘৰলৈ আহিবই কাম কৰিবলৈ, গতিকে কিবা গণ্ডগোল হ'লে তাই গম পাই যাব আৰু তাৰপিছত ভাবিব কি কৰে।

কথাবোৰ মনতে পাগুলি তাই বাইদেউক আৰু একো নকৈ চাইকেলখন লৈ ওলাই গ'ল। ইফালে আন্ধাৰ হ'বলৈও বেছি দেৰি নাই কোনোমতে মাছৰ বজাৰখন পাৰ হৈ পথাৰখন পাৰ হ'ব পাৰিলেই তাই নিজৰ গাঁওখন পাব। তাৰপিছত দেৰি হ'লেও চিন্তা নাই গাঁৱৰ চিনাকি মানুহ পাই যাব কোনোবাই তাইক ঘৰলৈকে আগবঢ়াই দিব পাৰিব। কথাবোৰ ভাবি ভাবি তাই যিমান পাৰে সিমান জোৰকৈ পেডেল ঘূৰাবলৈ ধৰিলে। আঁতৰৰপৰাই মাছৰ বজাৰত ধিমিক ধামাককৈ জ্বলি থকা চাকিবিলাক তাইৰ চকুত পৰিল মানে সন্ধ্যা লাগিলেই। তাইৰ এতিয়াহে মনত পৰিল মাকে কোৱা কথাটোলৈ, কিন্তু তাইহে বেছি ওস্তাদি মাৰি তিনি বেটেৰী টৰ্ছটো ঘৰতে থৈ আহিল। যিমান হ'লেও তাই এতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী লাজ বুলি কথা এটা আছে নহয়, হ'ল বুলিনো দিনৰ পোহৰতে সেই মস্ত টৰ্ছটো লৈ আহিব পাৰি নেকি আৰু প্ৰৱালে দেখিলে কি ক'ব। দশম শ্ৰেণীৰ ছাত্র প্ৰৱালৰ কথা মনত পৰাৰ লগে লগে তাইৰ মুখখনে লাজতে বৰণেই সলাই পেলালে, মিচিকিয়া হাঁহি এটাও ওলাই গ'ল। কৰবাৰ পৰা এজাক শীতল বতাহেও তাইক চুমি যেন জোকাই থৈ গ'ল। কি যে হয় আজিকালি প্ৰৱালক দেখা পালে!

ইসৰাম তাই এইবিলাক কি কৰিছে পোহৰ হৈ থকা হ'লে মানুহে তাইক দেখি অকলে হাঁহি থকাৰ কাৰণে পাগল বুলি ক'লেহেঁতেন। প্ৰৱালক দেখা পালে তাইৰ কিবা হাত ভৰিবিলাক ঠাণ্ডা পৰি যায় বুকুখনৰ ঢপঢপনিও বেছি হয়। কিয় যে ইমান মৰম লাগে ল'ৰাটো তাই নিজেই নাজানে। প্ৰৱালৰ কথা ভাবি ভাবি আহোতে কেতিয়া মাছৰ বজাৰ পাৰ হৈ পথাৰখন পালেহি তাই গমেই নাপালে। ঘটংকৈ শব্দ হৈ চাইকেলখন ৰৈ যাওঁতেহে তাই দিঠকলৈ ঘূৰি আহিল।

'এইখনৰ আকৌ এতিয়াহে চেইন পৰিবলৈ পালে মানে বিপদ আহিলে চব একেলগে আহে' বুলি ভোৰভোৰাই তাই চাইকেলখনৰ চেইন উঠোৱাত লাগিল। পুৰণাও হৈছে নহয় তাতে তাই যিমানহে ঘূৰাই ফুৰাই, ছেকেণ্ডহেণ্ড হেড বাইদেউৰ ছোৱালীজনীৰ আছিল তাই নচলোৱা হোৱাৰ পিছত এনে পৰি থকাতকৈ তাইকে দি দিলে। হেড বাইদেউজনী এনে ভালেই খংটো উঠিলেহে ভয় লাগে। কেনেবাকৈ যদি প্ৰৱালৰ প্ৰতি থকা দুৰ্বলতাৰ কথা গম পায় সুদাই নেৰিব তাইক, সুগন্ধিৰ ঘৰ আৰু প্ৰৱালৰ মানে হেড বাইদেউৰ ঘৰৰ অৱস্থা আকাশ পাতাল পাৰ্থক্য। কিন্তু কেনেকৈনো গম পাব, কথাটো দেখোন তাইৰ বাদে কোনোৱে নাজানে আনকি প্ৰৱালেও। অহ্ কোনোমতে চেইনডাল উঠিল এতিয়া আৰু ৰ'বলৈ নাই ধাই ধাই যাব লাগে বুলি পেডেল ঘূৰালে।

আন্ধাৰ লাহে লাহে নামি আহিছে আৰু গোটেই পথাৰখনক যেন এইমূহুৰ্ততে গ্ৰাসহে কৰি পেলাব। ৰাতি দিন হৈ থাকিব প্ৰকৃতিৰ নিয়মানুসাৰে, তাইৰ জীৱনতহে পোহৰৰ ৰশ্মি কেতিয়া পৰে ঠিক নাই। এই চৈধ্য-পোন্ধৰৰ বয়সতে ইমানবোৰ বোজা বব লগা হৈছে আগলৈবা আৰু কত কি আছে। আন্ধাৰ যিমান হৈ আহিছে তাইৰ গাঁৱখন বেছি দূৰ যেন অনুভৱ হৈছে, আৰু অলপ দূৰ গ'লেই পাবগৈয়ে বুলি নিজকে সান্তনা দি আহি থাকোতে দেখিলে ৰাস্তাটোৰ কাষতে কিবা এটা পৰি আছে। আন্ধাৰে মুন্ধাৰে আঁতৰৰপৰা ধৰিব পৰা নাই যদিও মানুহ বুলিয়েই অনুমান কৰি আহি ওচৰ পাই দেখিলে তাই যিটো ভয় খাই আছিল সেইটোৱে হ'ল মদাহী দেউতাক লাং খাই পৰি আছে হুঁচ একেবাৰেই নাই। আজি যে তাই ঘৰত নাই দেউতাক ওলাই আহিবলৈ সুবিধা পালে আৰু এতিয়া এই অৱস্থা। কি কৰিব তাই একো ভাবি নাপায় মূৰ তুলি চাওতেই দেখিলে টৰ্ছ মাৰি কোনোবা সিহঁতৰ গাঁৱৰফালৰ পৰাই আহি আছে। কোন ধৰিব নোৱাৰিলেও কোনোবা চিনাকি হ'ব বুলি বহি থাকিল কিয়নো এনেকৈ দেউতাকক এৰি থৈও যাব নোৱাৰে আৰু ইফালে তাই অকলে লৈ যাবও নোৱাৰে। তাইৰ কেতিয়াবা নিজৰ ওপৰতে খং উঠে কি আগৰ জনমত কিবা পাপ কামেই কৰিছিল নেকি। টৰ্ছৰ পোহৰটো ওচৰ পাওঁতেহে মাক বুলি মণিব পাৰিলে, দেৰি হোৱাৰ কাৰণে তাইকে বিচাৰি আহিছিল নে দেউতাককে তাই গম নাপালেও মুঠতে মাকে দুয়োকে একেলগে লগ পালে।

'এতিয়া কি কৰ? এই মদাহীক লৈ শান্তি নোহোৱা হৈছে, মৰিনো নাথাকে কিয় জানো এটা গ'লেও শান্তি হ'ব।' মাকৰ মুখত একেটা কথাই শুনি শুনি তাইৰ কাণ পকি গৈছে। উপায়টো নাই মাকৰো অকলে ঘৰেই চম্ভালিব নে মানুহকেই। লোকৰ ঘৰে ঘৰে কাম কৰি ঘৰ চলি থকা মাকৰ খীনাই শুকাই জেং খৰি নিচিনা হৈ যোৱা শৰীৰটোৰে যে ইমানখিনি টানিব পাৰিছে।

'দাদা নাই নেকি তাকেই পঠাব পাৰিলিহেঁতেন' নোসোধো বুলিও তাইৰ মুখেদি ওলাই গ'ল। ককায়েকৰ কথা শুনি মাকৰ যেন জ্বলা জুইত ঘিউহে ঢালিলে 'ক'ত যাব ভঙুৱা, ঘৰতে ভাং খাই বহি আছে আৰু একো কাম বন নাইয়ে।' এটা মদাহী, এটা ভঙুৱা আৰু মানসিকভাৱে অসুস্হ ককাক আছেই। এই গোটেইবোৰকে চম্ভালোতে মাক জীয়েকৰ অৱস্থা কাহিল হয়, ইমান বেয়া ভাগ্য লৈ এই পৃথিৱীলৈ আহিব লাগে নে সুগন্ধিৰ ভাবিলে কেতিয়াবা কৰবালৈ গুচি যাবলৈ মন যায়।

ককায়েকে আধাতে স্কুল বাদ দি কাম কৰিবলৈ যোৱাৰ নামত গোটেই দিনতো ভাং খাই পৰি থাকে। দেউতাকৰ চাকৰি এটা আছিল পিছে থাকিলে কি হ'ব মদেই মানুহটোক শেষ কৰিলে, মদৰ জালত ক'ত কি ফুৰে ঠিক নাই কাৰণে মাকে জীয়েকে ঘৰতে বন্ধ কৰি থৈ দিয়ে কিন্তু আজি মাকে ককাকৰ লগত লাগি থাকোতে, জীয়েক নথকাৰ সুযোগ লৈ মদ খাবলৈ গৈ পৰি আছে ৰাস্তাত। মাকে জীয়েকে কোনোমতে মানুহটোক থিয় কৰাই কেকো জেকোকৈ আনি ঘৰ পোৱালেহি। সুগন্ধি পঢ়া-শুনাত ভাল, ঘৰত পঢ়াৰ পৰিৱেশ নাই যদিও যি পাৰে পঢ়িবলৈ চেষ্টা কৰে বাকীখিনি স্কুলতে পঢ়ে, পঢ়া-শুনা কৰি ভাল কিবা এটা কৰিবলৈ মন তাইৰ, ভাল গানো গাই সেয়ে স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰে মৰমৰ। মাকে কেতিয়াবা কয় আমাৰ নিচিনা মানুহৰ মন থাকিলেওনো কি কৰিব পাৰিবি তথাপিও যিমান পাৰি চেষ্টা কৰাত কি যায়। হেড বাইদেউজনীয়েও বৰ মৰম কৰে সেয়ে আজি অবাধ্য কৰি অহাৰ ইচ্ছা নাছিল যদিও উপায় নোহোৱাত আহিল। হেড বাইদেউৰ কথা মনত পৰোতে আকৌ প্ৰৱালৰ মুখখন মনত পৰি গ'ল। ইমান ধুনীয়া, ভদ্ৰ, পঢ়া-শুনাতো চোকা ল'ৰাটোলৈ তাইৰ কিয় জানো কেইদিনমানৰ পৰা বেলেগ কিবা অনুভৱ হয়, যিটো ভাল লগা ভাবিলে ভাবি থাকিবলৈ মন যায়, আচলতে বয়সটোৱেই এনেকুৱা। কিন্তু প্ৰৱালে দেখোন তাইলৈ ঘূৰিও নাচায়, ক'তনো চাব সিঁহতৰ ঘৰত কাম কৰা বাইৰ জীয়েকক আৰুনো কি বেলেগ দৃষ্টিৰে চাব। ঠিকেই হেড বাইদেউৱে তাইক মৰম কৰিলে বুলিয়েই তাই কিয় পাহৰি যায় যে মদাহী দেউতাক, ভঙুৱা ককায়েক, মানসিকভাৱে অসুস্হ ককাকৰ সৈতে তাইৰ ঘৰৰ অৱস্থা।

ভাগৰত লেবেজান সুগন্ধি প্ৰৱালৰ কথা মনত পৰোতে যিমান প্ৰাণ পাই উজলি উঠিছিল ঘৰৰ অৱস্থাটোৱে পথাৰখনক আন্ধাৰে গিলাৰ দৰে তাইৰো ভাৱবোৰক গিলি থ'লে। কি যে দুৰ্কপাল সুগন্ধিৰ, ভাল লগা মূহূৰ্তবোৰো নিজৰ মতে উপভোগ কৰিবলৈ শক্তি নাই সকলোবোৰৰে শেষত যেন আন্ধাৰ নামৰ ৰাক্ষসটোহে ৰৈ থাকে তাইলৈ।

No comments: