Tuesday 29 November 2022

ভ্ৰাম্যমান থিয়েটাৰ-এক সূক্ষ্ম আলোচনা

ভ্ৰাম্যমান থিয়েটাৰৰ লগত আমাক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন হয়তো নাই। আমাৰ বাবে ই এক আৱেগ। লগতে এতিয়াৰ বতৰটোৱেই হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ বতৰ। প্ৰায়বোৰ ঠাইতেই এতিয়া থিয়েটাৰৰ দলবোৰ গৈ তিনি চাৰিৰাতিৰ বাবে নাটকবোৰ মঞ্চস্থ কৰি আমাৰ ৰাইজক মনোৰঞ্জনৰ যোগান ধৰিছে। ঠিক দুৰ্গা পূজাৰ সময়ৰ পৰা থিয়েটাৰৰ দলবোৰে নাটক মঞ্চস্থ কৰিবলৈ আৰম্ভ কৰে বছৰটোৰ প্ৰায় আঠমাহেই। এইখিনি সময় ভ্ৰাম্যমান নাটকে অসমখনত খলকনি লগাই থাকে।

ভ্ৰাম্যমান থিয়েটাৰ অসম ৰাজ্যৰ অন্যতম অনন্য সাংস্কৃতিক ঐতিহ্য। ভ্ৰাম্যমান শব্দটোৰ জৰিয়তেই গম পোৱা যায় যে ই এঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰা নাটকৰ এটা গোটএই ভ্ৰাম্যমান থিয়েটাৰসমূহ হৈছে অভিনেতা, প্ৰযোজক, পৰিচালক, সংগীতজ্ঞ, নৃত্য পৰিচালক, পোহৰ, শব্দ, মঞ্চৰ কাৰিকৰী বিশেষজ্ঞ, ছেটিংছ, ৰান্ধনিকে ধৰি সকলোৰে এক সংমিশ্ৰণত গঠিত গোট, যি হৈছে অসমৰ অন্যতম ব্যাপক মনোৰঞ্জন। ই হৈছে ৰাজ্যখনৰ এক একচেটিয়া সাংস্কৃতিক উদ্যোগ যিয়ে বাণিজ্যিক আৰু নান্দনিকভাৱে আমাৰ কলা-সংস্কৃতিখনত অৰিহণা যোগায় আহিছে।

আমি যদি ভ্ৰাম্যমান নাটকৰ ইতিহাস খুঁচৰিবলৈ যাওঁ তেতিয়া উভতি যাব লাগিব ১৯৩০ চনলৈ যেতিয়া কহিনুৰ অপেৰাই ধুবুৰীৰ পৰা শদিয়ালৈ, ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ নাট প্ৰদৰ্শন কৰি এক নাট্য আন্দোলন গঢ়ি তোলে। কহিনুৰ অপেৰাই হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ যাক গঢ়ি তুলিছিল নাট্যাচাৰ্য ব্ৰজনাথ শৰ্মাই। কহিনুৰ অপেৰাই নাট্য আন্দোলন আৰম্ভ কৰাৰ উপৰিও অসমৰ মঞ্চত সহ-অভিনয়ৰ প্ৰৱৰ্তন কৰে। ১৯৩১ চনত ব্রজনাথ শর্মাই ফণী শর্মাৰ সহায়ত প্রথমবাৰৰ বাবে মহিলা অভিনেত্রীক তেওঁলোকৰ নাট্য প্রডাকচনত অভিনয় কৰিবলৈ চিনাকি কৰাই দিয়ে, যি সময়ত পুৰুষ অভিনয় সম্পূর্ণ প্রধান আছিল, সেই সময়তে অসমীয়া নাট্যৰ স্বৰূপত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল৷

পিছলৈ, অচ্যুত লহকৰে একেধৰণৰ পথ অনুসৰণ কৰি ১৯৬৩ চনত নটৰাজ থিয়েটাৰ আৰম্ভ কৰে, যাক অসমৰ প্ৰথম পূৰ্ণাংগ ভ্ৰাম্যমাণ থিয়েটাৰ গোট বুলি গণ্য কৰা হয়। লহকৰক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ হিচাপে জনা যায়। তেতিয়াৰ পৰাই, ভ্ৰাম্যমাণ থিয়েটাৰে আজি ইয়াক সংজ্ঞায়িত কৰা পৰিচয় আৰু পেছাদাৰী, নান্দনিক আৰু পৰিচালনা পদ্ধতিৰ বিকাশ ঘটালে। এইদৰেই বৰপেটাৰ পাঠশালা নামৰ সৰু চহৰখন হৈ পৰিল অনন্য সাংস্কৃতিক উৎপত্তিৰ ঐতিহাসিক স্থান। ৰাজ্যখনৰ পৰম্পৰা অনুসৰি এতিয়া প্ৰায় পঁচিশটা সক্ৰিয় ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আছে। বিশ্ব নাটক আৰু পৰিবেশন কলাৰ ইতিহাসত এনে ভ্ৰাম্যমাণ নাটকীয় প্ৰণয়নৰ উল্লেখ আছেই৷ প্ৰাচীন গ্ৰীক সাহিত্যতো এনে ভ্ৰাম্যমাণ নাটকীয় দলৰ কথা কোৱা হৈছে। উইলিয়াম শ্বেক্সপীয়েৰৰ নাটকসমূহো তেওঁৰ সমসাময়িক নাটকীয় সংস্থাসমূহে মঞ্চস্থ কৰিছিল৷কিন্তু এনে পূৰ্ণাংগ, স্বায়ত্তশাসিত আৰু দীৰ্ঘস্থায়ী নাটকীয় পৰম্পৰাৰ অস্তিত্ব অতি বিৰল।

মঞ্চৰূপ থিয়েটাৰে ১৯৬৮ চনত প্ৰথম বাৰৰ বাবে দ্বৈতমঞ্চ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, দুটা মঞ্চ থাকে  যাৰ সহায়ত কোনো বিৰতি নোহোৱাকৈ নাটকীয় অভিনয় কৰিব পাৰি। প্ৰতিটো নাটকীয় মুহূৰ্তৰ লগত প্ৰাসংগিক দৃশ্য, পৰিৱেশ আৰু সংগীত থাকে।

নাটক আৰু নাট্য পৰিবেশন হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ আত্মা। একো একোখন নাটক হৈছে অসমীয়া সাংস্কৃতিক জহতখনৰ এক সম্পদ। সেয়েহে ভ্ৰাম্যমান থিয়েটাৰত মঞ্চস্থ কৰিবৰ কাৰণে লিখা নাটকবোৰ ভালকৈ পৰীক্ষা কৰাটো অতি জৰুৰী। গণমাধ্যমৰ অন্যতম জনপ্ৰিয় ৰূপ হোৱাৰ বাবে মোবাইল থিয়েটাৰৰ মূল লক্ষ্য হৈছে দৰ্শকৰ মনোৰঞ্জন। কিন্তু, মনোৰঞ্জনৰ নীতিক কেন্দ্ৰ কৰিও তেওঁলোকে সাহিত্যিক, কলাত্মক আৰু পৰিবেশনমূলক মূল্যবোধেৰে অতি চহকী অসমীয়া নাটকৰ বৃহৎ সংখ্যক অৱদান আগবঢ়াইছে। এনে নাটক কেৱল অস্থায়ী ছলনাৰ মনোৰঞ্জনমূলক টুকুৰা নহয় ,সমাজ ,ৰাজনীতি ,অৰ্থনীতি ,সংস্কৃতি বা মানৱ মনোবিজ্ঞানৰ বিভিন্ন দিশৰ এক প্ৰয়োজনীয় অংশ৷ কিন্তু আজি কেইবছৰৰ পৰা ভ্ৰাম্যমান থিয়েটাৰসমূহত মঞ্চস্থ কৰা নাটসমূহ চাই অনুভৱ হৈছে নাটকসমূহৰ মৌলিকতা যেন কৰোবাত হেৰাই গৈছে। আজিকালি নাটকৰ কাহিনীবোৰ যেন কেৱল ব্যৱসায়িকধৰ্মীৰ বাবেহে ৰচিত যিবোৰ অপ্ৰয়োজনীয় গীত, একশ্যন, দৃশ্যৰে মেদবহুল হৈ পৰিছে। এইবোৰৰ মাজত হেৰাই গৈছে। অতীতৰ আৰু বৰ্তমানৰ ভ্ৰাম্যমান থিয়েটাৰৰ নাটকসমূহৰ মাজত এক সাংঘাটিক তফাত পৰিলক্ষিত হয়। আগৰ বেছিভাগ নাটকেই সামাজিক আৰু মানৱীয় মূল্যৰ সমলৰ ওপৰত আধাৰিত আছিল। এই নাটকবোৰত ব্যৱহৃত ভাষা সাধাৰণ জনতাৰ বাবে সহজ আৰু সহজে বোধগম্য আছিল। সেই নাটকীয় ৰচনাবোৰত কাৰিকৰী অযথা একশ্যন, গীতৰ প্ৰয়োভৰ খুব কমেই আছিল। বৰ্তমান দিনৰ নাটকসমূহে সেই মান হেৰুৱাই পেলাইছে বিশেষকৈ কাহিনীৰ বিষয়বস্তুৰ কাৰণে যিবোৰত প্ৰায়ে পৰিলক্ষিত হয় বলীউড বা দাক্ষিণাত্য চিনেমাসমূহৰ নকল উপস্থাপন। যিবোৰে থিয়েটাৰৰ নাটকক অতি সস্তীয়া আৰু কলাহীন কৰি তোলে। যাৰ ফলত অতি নামী দামী শিল্পীৰ সুন্দৰ অভিনয়ৰ পিছতো থিয়েটাৰৰ দলটো সমালোচনাৰ সন্মুখীন হয়। এটা বছৰতে কেইবাখনো নাটক বিক্ৰীৰ মনোভাৱেৰে লিখা নাট্যকাৰসকলে এই কথাবোৰ বিবেকেৰে বিবেচনা কৰা উচিত। নহ' লে যে অসমৰ ভ্ৰাম্যমান নাটকে অতি কম সময়তে নিজৰ মৰ্যাদা হেৰুৱাব সেয়া ধুৰূপ। বাণিজ্যিকীকৰণে কলাত্মক সংবেদনশীলতাক ছাঁৰ আৱৰি পেলাইছে যিটো ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে সাংস্কৃতিকভাৱে চহকী পৰম্পৰাৰ বাবে ই এক অতি কৰুণ লক্ষণ।

ভ্ৰাম্যমান থিয়েটাৰৰ নাটকৰ বিষয়বস্তুৰ ওপৰিও আন এটা কথা মন কৰিবলগীয়া ইয়াৰ অৰ্থনৈতিক দিশটো। নামী দামী থিয়েটাৰৰ দলবোৰ লগতে নামী দামী কেইজনমান অভিনেতা অভিনেত্ৰীক বাদ দি বাকীবোৰৰ অৱস্থা আৰ্থিকভাৱে কিমান চচ্ছল। তেওঁলোকে তেওঁলোকৰ কষ্টনুযায়ী ফল পাইনে! এতিয়া অসম চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিকাশৰ বাবে কি কৰিছে সেয়া এটা ডাঙৰ প্ৰশ্ন। বৰ্তমান অসমৰ ৰাজ্য চৰকাৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ উন্নতিৰ বাবে কোনো পদক্ষেপ লোৱা নাই। ১৯৮৭ চনত চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ আৰু অভিনেতা-অভিনেত্ৰীসকলক উৎসাহিত কৰিবলৈ দুটা বঁটা ঘোষণা কৰে। এটা হ’ল ‘অতুল চন্দ্ৰ হাজৰিকা শ্ৰেষ্ঠ নাট্যকাৰ বঁটা’ আৰু আনটো হৈছে ‘নটসূৰ্য্য ফণী শৰণিয়া শ্ৰেষ্ঠ অভিনেতা / অভিনেত্ৰী বঁটা’। ১৯৮৭ চনত এই প্ৰতিষ্ঠিত অতুল চন্দ্ৰ হাজৰিকা বঁটাটি হেঙুল থিয়েটাৰে পৰিবেশন কৰা মুখ্যমন্ত্ৰী নাটকৰ বাবে জনপ্ৰিয়া নাট্যকাৰ, পৰিচালক মহেন্দ্ৰ বৰঠাকুৰক প্ৰদান কৰা হয়। লগতে জিবেশ্বৰ ডেকাক মকুন্দ থিয়েটাৰে পৰিবেশন কৰা দধিছি নাটকত উৎকৃষ্ট অভিনয়ৰ বাবে আৰু সুৰেণ মহন্তক কোহিনূৰ থিয়েটাৰত আইআইহাড আৰু অডিচি নাটকত উৎকৃষ্ট অভিনয়ৰ বাবে যৌথভাৱে সন্মানীয় নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয়। এই বঁটাসমূহ প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত। তাৰপিছত দীৰ্ঘ ব্যৱধানৰ অন্তত এই বঁটা ২০০৯ চনত অচ্যুত লহকৰক প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ছয় হাজাৰৰো অধিক পৰিয়াল প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা উদ্যোগ এটাক অসম চৰকাৰে আওকাণ কৰাটো কৰুণ।

বিগত দুবছৰ কৰোণা মহামাৰীয়েও এই দলসমূহ অধিক ক্ষতিগ্ৰস্ত কৰিলে। তেওঁলোকৰ শ্বোবোৰ স্থগিত ৰাখিবলগীয়া হোৱাত এই উদ্যোগটোৰ সৈতে জড়িত লোকসকল বাৰুকৈয়ে অৰ্থনৈতিক সংকটৰ সন্মুখীন হয়। এই শিল্পীসকলৰ পানীত হাঁহ নচৰা হোৱা অৱস্থালৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২০২০-২০ চনত ৯৭৪জন শিল্পীলৈ ৫০০০০ হাজাৰ টকাকৈ আৰ্থিক সাহায আগবঢ়ায়। তদুপৰি ১৭টা ভ্ৰাম্যমান থিয়েটাৰ দলৰ প্ৰযোজকসকলৰ প্ৰত্যেকলৈ ১০ লাখ টকা আৰ্থিক বৰঙণি দি সহায় কৰে।

অৱশ্যে বহুতো এনজিঅ' বা সংগঠনে উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ ফালৰ পৰা পুৰস্কাৰ ঘোষণা কৰি এই থিয়েটাৰ দলবোৰৰ বিকাশৰ বাবে কাম কৰি আহিছে। প্ৰতি বছৰে এই অনন্য সংস্থাটোৱে প্ৰতিটো ভ্ৰাম্যমাণ থিয়েটাৰ সংগঠনক একৈশটা অনুষ্ঠানত ষাঠিটাতকৈও অধিক বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও তেওঁলোকে এই উদ্যোগটোক আজিৰ স্থানত উপনীত হ’বলৈ মহিমামণ্ডিত কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবাজনো কৰ্মীক সম্বৰ্ধনা জনায়।

ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰধান লক্ষ্য হৈছে দৰ্শক। মোবাইল থিয়েটাৰ উদ্যোগটো মূলতঃ গ্ৰাম্য জনসাধাৰণৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বৰ্তমান নাটকৰ টিকেটৰ দাম যি হাৰত বৃদ্ধি পাইছে ই এনেধৰণৰ দৰ্শকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। কিছুমানৰ নাটক চাবলৈ অতিপাত মন থকা স্বত্তেও দৈনিক উপাৰ্জনৰ পৰা এটা টিকেটৰ দাম উলিয়াব নোৱাৰাৰ ফলতে মনৰ আশা মনতে ৰাখিবলগীয়া হয়।

যি নহওক, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটো এনেকুৱা এটা উদ্যোগ যিয়ে থিয়েটাৰ আৰু নাটকৰ ক্ষেত্ৰত বহুতো প্ৰতিভাৰ উন্মোচন কৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে অসমৰ কেইবাজনো নাট্যকাৰে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰি তীক্ষ্ণ কলমৰ প্ৰমাণ দিছে। এই সকলোবোৰ সমস্যাৰ মাজতো আমি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যতক লৈ আশাবাদী। অনাগত দিনত আৰু অধিক ভ্ৰাম্যমান থিয়েটাৰৰ উন্মেষ ঘটিব। নাটকৰ কাহিনীৰ পৰা যি যিমান সমস্যা আছে সকলোবোৰ সমাধান কৰি ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলকো এনেধৰণৰ দলসমূহত নিযুক্তি দি আৰ্থিকভাৱে অলপ হলেও স্বচ্ছল হোৱাত সহায় কৰিব।