Sunday 25 September 2016

শেৱালি ফুলাৰ বতৰত...



'এখন দেশত এজন ৰজা আছিল। ৰজাৰ দুজনী ঘৈণীয়েক আছিল.....' সিটো ৰুমত বুলুক আইতাকে কৈ থকা সাধুটো মাকণৰ কাণত ঠহৰ ঠহৰকৈ বাজিবলৈ ধৰিছে। বুলুক সদায় এনেকৈ শুৱাব লাগে নহ'লে তাই শুবলৈ মন নকৰে। দিনটো খেলি ভাগৰত লেবেজান হৈ সন্ধিয়াতে টোপনি আহে তাইৰ। কিন্তু আইতাকে সাধু কৈ গাটো মোহাৰি নিদিয়ালৈকে তাই নোশোৱে। শাহুৱেকৰ মুখৰ সাধুটো কাণত পৰাত এনেকুৱা লাগিছে এইমাত্ৰই গৈ বুলুৰ লগতে শাহুমাকৰ বুকুৰ মাজত মাাকণ নিজেও সোমাই পৰি সাধুৰ মজা ল'ব।
যেতিয়া তাই বুলুৰ বয়সৰ আছিল সাধু নুশুনিলে তাইৰো টোপনিয়ে নাহিছিল। আইতাকৰ খহটা হাত দুখনৰ পৰশ, নৱৰত্ন তেলেৰে মলমলাই থকা চুলিখিনিৰ গোন্ধ; আস এতিয়াই যেন গুচি যাব আইতাকৰ ওচৰলৈ। কেতিয়াবা আকৌ সেই গোন্ধোৱা তেলবোৰৰ কাৰণে গালিও পাৰিছিল। কিন্তু এইবোৰ সকলো ধেমালি যে আইতাকেও বুজি পাইছিল। আইতাক ঢোকোৱাৰ বহুতদিনলৈকে তাই সেই চিনাকি গোন্ধটো বিচাৰি হাবাথুৰি খাই ফুৰিছিল। । আইতাকে খুন্দি ৰঙা কৰি থৈ দিয়া তামোলখনৰ সোৱাদ তাই এতিয়াও পাহৰিব পৰা নাই। তামোল খাই সেলেঙী বোৱাই থোৱা মৰমৰ আইতাকজনী তাইৰ! আইতাকৰ কোলাখনৰ সমান নিৰাপত্তাৰ স্থান একোৱেই নাছিল তাইৰ কাৰণে। তথাপিও মাহীমাকে কমখন চেষ্টা কৰা নাছিল সেইখিনিও আজুৰি আনিবলৈ। মাহীমাকৰ কথা মনলৈ আহোঁঁতে তাইৰ মনত পৰিল এতিয়া তায়োতো কাৰোবাৰ মাহীমাক। কিন্তু মাকণ তাইৰ মাহীমাকৰ দৰে নিষ্ঠুৰ কেতিয়াও নহয়। যিমান পাৰে তাই সতিনীয়েকৰ জীয়েকক মৰম কৰিবলৈহে চায়।
চিলনী আই মোৰ আগতে পৰে...' আগৰখিনি কি আছিল বাৰু! ইমান চেষ্টা কৰিছে যদিও মনত পেলাব পৰা নাই মাকণে গানটো। আগতে আইতাকৰ মুখত শুনি শুনি মনত ৰৈ গৈছিল। এতিয়া কিমান বছৰ হ'ল আইতাকো নাই, সাধুও নাই শুনিবলৈ। লগতে সংসাৰৰ বোজাই সকলোবোৰ পাহৰাই পেলালে। আগতে এই সাধুটো তাইৰ আটাইতকৈ ভাল লগা সাধু আছিল। কেতিয়াবা মাহীমাকৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিলনীৰ জীয়েকে মতাৰ দৰে মাতিও চাইছিল কেনেবাকৈ মাকজনী আহেই বা! কিন্তু ক'ৰপৰানো আহিব মাকজনী, সেইবোৰ সাধুকথাহে।
আইনাখনৰ সন্মুখত ৰৈ চিলনীৰ জীয়েকৰ সাধুটো যিমান পাৰে মনত পেলাইছে মাকণে। চিলনীৰ নিচিনা মাক এজনী তাইৰো থকা হ'লে! এতিয়াই গানটো আঁওৰোৱাৰ লগে লগে তাইৰ সন্মুখত পৰিলহেঁতেন। মাকণৰ নিজৰ মাকজনীনো কেনেকুৱা আছিল বাৰু! যিমান চেষ্টা কৰিলেও মনত পেলাব পৰা নাই। তাইৰ দৰেই আছিল চাগে। কিয়নো যিয়েই তাইক দেখে সাইলাখ মাকৰ মুখখনে বুলিয়েই কয়। আকৌ এবাৰ আইনাখনত তাই মুখখন চাই ল'লে। এতিয়া চাগে শিৰত সেন্দুৰ, কপালত উদয় হ'বলৈ ধৰা বেলিটোৰ দৰে টিকটিকীয়া ৰঙা ফোটটোৰে গোটেই জনী মাকেই হৈ পৰিছে তাই। মাকৰ মৰম নোপোৱা মাকণে আইনাত নিজকে চাই থাকোঁঁতে যেন হঠাৎ কৰবাৰ পৰা উফৰি এটা শব্দ তাইৰ কাণত সোমাল 'মাৰৰ মূৰ খাইটি'। কোনে ক'লে বাৰু কথাষাৰ! গিৰিয়েকৰ ঘৰতো তাইক এইটো শব্দই লগ এৰা নাই। কোনো নাই দেখোন ইয়াত মাহীমাকজনীৰ নিচিনাকৈ তাইক গালি পাৰিবলৈ। দেউতাকৰ ঘৰত থাকোঁঁতে অতি চিনাকি আছিল এই শব্দটোৰ লগত তাইৰ।
'কি হ'ল ইমান মাতি আছো কোনখন জগতত আছ, যা ভাতকেইটা বাঢ়গে' গিৰিয়েকে কাণৰ কাষত আহি কোৱা কথাষাৰত তাইৰ ধ্যান ভাগিল। খকা-মকাকৈ ওৰণিখন আগলৈ টানি কোঠাৰপৰা ওলাই পাকঘৰ পালেগৈ। পুৰণি কথাবিলাক ভাবি থাকোঁতে ইমানেই পাকঘূৰণি খালে যে শাহুৱেক গিৰিয়েকক ভাত দিব লাগে বুলি পাহৰিয়ে গৈছিল। ভাতকেইটা সকলোকে দি নিজেও খাই চব অতাই মেলি আহে মানে বাকীবোৰ ইতিমধ্যে ঢাৰি পাটি ল'লেই। শাহুৱেকৰ ৰুমত পানীৰ ঘটিটো দি গিৰিয়েকৰ ৰুমৰ লাইটটো অফ কৰি তাই নিজৰ কোঠাত সোমাল।
এই ৰাতিবোৰ যিমান গভীৰ হৈ আহে তাইৰ দেখোন টোপনিও চকুৰপৰা নোহোৱা হয়। নিদ্ৰাবিহীন ৰাতিবোৰে তাইক কেতিয়াও লগ নেৰিবই চাগে। অকলে অকলে ইমান ডাঙৰ কোঠাটোত মাকণৰ কিবা অকলশৰীয়া যেন অনুভৱ হয়। বিয়া হোৱাৰ এবছৰেই হ'বৰ হ'ল কিন্তু তাই এনেকৈ অকলশৰেই কটাই আহিছে ৰাতিবোৰ। যদিও মাকণে বিয়া হৈ সতিনীয়েকৰ কোঠা বিছনা সকলো পালে, গিৰিয়েকৰ মনত পত্নী হিচাপে সেই স্থান কেতিয়াও দখল কৰিব নোৱাৰিলে।
মাকণক গিৰিয়েকে প্ৰথমদিনা চাবলৈ যাওঁঁতে যেতিয়া গিৰিয়েকৰ ৰংটো দেখিছিল, তাইৰ মূৰ ঘূৰাই পৰি যোৱাৰ উপক্ৰম হৈছিল। একেবাৰে কিচকিচিয়া ইমান ক'লা মানুহো থাকেনে! চল্লিশৰ উৰ্দ্ধ মানুহটোলৈ সেই ফুলকুমলীয়া ছোৱালীজনীক বিয়া দিয়া মাহীয়েকজনীও কম নিষ্ঠুৰ নহয়। কলপ লগাই বগা চুলিক ক'লা কৰিবলৈ কৰা ক্ৰুটিহীন চেষ্টাক চেৰ পেলাইও কাণৰ কাষেদি ওলাই থকা পকা চুলি কেইডাল দেখি ভায়েকৰ মুখেদি ওলায়েই গৈছিল 'ভিনদেউটো বুঢ়া।' সেইদিনা মানুহটোক দেখি তাইৰ যিমান ভয় লাগিছিল, এতিয়া সেই মানুহটোৰ সংগ পাবলৈ তাই সিমানেই  ব্যাকুল হৈ থাকে। বিয়াৰ প্ৰথমনিশাই যি তাইৰ লগত বহি অলপ কথা পাতিছিল, তাৰপিছৰপৰা তাই ভালকৈ গিৰিয়েকৰ ছাঁটোও নেদেখে। কেতিয়াবা দৰকাৰ পৰিলে ওচৰলৈ আহে ক'বলগা কথাটোহে কয়। কিন্তু পত্নী হিচাপে যি মৰ্যাদা পাব লাগিছিল মাকণ এতিয়াও বঞ্চিত। 

তাই কেতিয়াও এইবোৰক লৈ গিৰিয়েকৰ ওচৰত গোচৰ তৰা নাই। কিয়নো বিয়াৰ প্ৰথমনিশাই তাইক সকলোবোৰ কথা বুজাই কৈছে প্ৰথমা পত্নী তেওঁৰ কাৰণে কি আছিল। একমাত্ৰ কণমানি ছোৱালীজনীৰ কাৰণেহে এই বিয়া পাতিবলগা হ'ল যাতে তাই 'মাৰ মৰম ' কি বুজি পায়। সেইদিন ধৰি গিৰিয়েকৰ কথা মনত ৰাখি মাকণে নিজৰ দায়িত্ব পালন কৰি আহিছে। কিন্তু জীয়েকেহে তাইৰ ছাঁটোও সহ্য নকৰে। প্ৰথমদিনাতো মাকৰ কোঠাটোত মাকণক শুবলৈ দিয়াৰ কাৰণে তাই কান্দি কাটি যিখনহে হুলস্হূল কৰিছিল। মাকণৰ সেইখন ঘৰৰপৰা ওলাই গুচি যাবলৈ মন গৈছিল। কিন্তু যাব ক'ত! মাহীমাকৰ কিলটো, গুৰটো খাই থকাতকৈ তাই এইখন ঘৰত থকাই ভাল। দিন গ'লে সকলো ঠিক হৈ যাব বুলিয়েই তাই এতিয়াও আশাত বন্দী। 

খিড়ীকিৰ ওচৰত কিবা চৰাই এটা আহি ঢপঢপাই থকা শব্দত তাইৰ জড়তা ভাঙিল। ৰাতিবোৰ তাইৰ সদায় এনেকৈয়ে যায় ভাবত ডুবি থাকোঁঁতে। শেষ নিশাহে নিদ্ৰাদেৱীৰ কোলাত পৰে মাকণ। মাকণৰ অৱস্থা দেখি বেৰত ওলমি থকা সতিনীয়েকৰ ফটোখনেও যেন তাইক ভেঙুচালিহে কৰে। সতিনীয়েকৰ ফটোখনলৈ চকু যোৱাত সেইখন মোহাৰি ভাঙি পেলাবলৈ মন গ'ল। কিন্তু তাই সেইবোৰ একোৱে কৰিব নোৱাৰে যে! মাকণ কেতিয়াও তাইৰ মাহী ওৰফে মাহীমাকৰ দৰে কঠিন হৃদয়ৰ হ'ব নোৱাৰে যে।
টোপনি অহাৰ আশা আজিও নাই। তাই লাহেকৈ খিড়ীকিখন খুলি দি বাহিৰলৈ চাই পঠিয়ালে। এটা চিনাকি যেন লগা মিঠা গোন্ধ তাইৰ নাকত লাগিলহি। তাইৰ কোঠাৰপৰা ধুনীয়াকৈ দেখা পোৱা শেৱালিজোপা ফুলি গোটেই গছজোপা বগা হৈ আছে । জোনাকৰ পোহৰত এনেকুৱা লাগিছে যেন তাত আকাশৰ তৰাবোৰ আহি মেলাহে পাতিছে। শেৱালিজোপালৈ চকু যাওঁঁতে তাইৰ মনলৈ আহিল কেতিয়াও পাহৰিব নোৱাৰা সেই ঘটনাটো। মাহীমাকে লগোৱা শেৱালি পুলিটো ঘৰৰে ছাগলীজনী আহি মহতিয়াই থৈ যাওঁঁতে তাইক কমখন বকিছিলনে। আইতাক আছিল বুলি কোনোমতে মাৰখোৱাৰ পৰা ৰক্ষা পৰিছিল। ঘৰখনত তাইক বাদ দি আৰু তিনিটা প্ৰাণী থকাৰ পিছতো মাহীমাকে ফুলজোপাৰ কাৰণে তাইকহে ধৰিলে। সেইটো মাত্ৰ আছিল এটা অজুহাতহে। 'মাৰৰ মূৰ খাইটী এতিয়া বাপেৰৰ মূৰটোও চোবাইছ' বুলি তাইক মাৰিবলৈ চোচা লৈ আহোঁঁতেই আইতাকে মাহীমাকক কোৱা শুনা পাইছিল তাই 'পেটত পোৱালি লৈ এনেকুৱা কাম নকৰিবি অ আই'। তেতিয়াহে তাই মন কৰিছিল মাহীমাকৰ দিনে দিনে আগলৈ বাঢ়ি অহা পেটটো। সেই ঘটনাৰ কেইদিনমানৰ পিছতেই এটা মৰমলগা ভায়েকৰ জন্ম হয়।
নিজৰ মাহীয়েকজনী মাহীমালৈ পৰিৱৰ্তন হৈ ইমান যে বেয়া হৈ যাব তাই ভাবিবই পৰা নাছিল। জন্মতেই মাকক হেৰুওৱা ছোৱালীজনীৰ দায়িত্ব মাহীয়েকে লৈছিল অন্ততঃ বুজা নোহোৱালৈকে তাইয়ে ডাঙৰ কৰিব। মাকণ বুজা হোৱাৰ পিছত মাহীয়েকক ল'ৰা এটা চাই বিয়া হৈ যাবলৈ আইতাকে কৈছিল। কিয়নো বয়সে কাৰোলৈকে বাট নাচায়। কিন্তু আইতাকে মাহীয়েকৰ ছলনা বুজি পোৱা নাছিল। যেতিয়া বুজি পাইছিল তেতিয়া বহুত দেৰিয়েই হ'ল। এদিন চোতালতে কিবা কৰি থাকোঁঁতে মূৰ ঘূৰাই পৰি যাঁওতেহে মাহীয়েকে কেইবামাহো গা নোধোৱা কথাটো আইতাকে লক্ষ্য কৰিলে। বেছি পলম নকৰি আইতাকে সৰুকৈ কিবা এটা নিয়ম কৰি সেইদিনাৰ পৰা মাকণক আইতাকৰ লগত শুবলৈ কৈ মাহীয়েকক দেউতাকৰ কোঠাত থাকিবলৈ দিলে। 

সেইদিনাৰ পৰাই মাহী গুচি 'মাহীমা' হ'ল। মাহীমাক হোৱাৰ দিন ধৰি মানুহজনী এনেকুৱাকৈ সলনি হৈ গ'ল; আইতাকৰ সাধুত থকা মাহীমাক কেইজনীৰ নিচিনা যেন লাগে তাইৰ। আইতাকৰ মুখত সাধুবিলাক শুনি শুনি এদিন তাই নজনাকৈ কৈয়ে পেলাইছিল 'মই মাহীমাক হ'লে কিন্তু সতিনীৰ ল'ৰা-ছোৱালীক মৰমহে কৰিম, শাস্তি নিদিওঁঁ'। আইতাকে তাইৰ মূৰতে খকৰামূকটি কেইটামান দি ভিতৰলৈ নি এইবোৰ কথা আকৌ নক'বলৈ সকিয়াই দিলে। মাহীমাক হ'ম বুলি কোৱা কথাটো সৰুতে নজনাকৈ কৈছিল যদিও এতিয়া মাকণৰ কাৰণে এইটোৱে বাস্তৱ। 

মাকণ এজনী মাহীমা আৰু তাইৰ সতিনীয়েকৰ জীয়েক যিয়ে তাইৰ ছাঁটোকে নসহে।
মাকণৰ দেউতাক এনেকুৱা আছিল যিয়ে মাহীমাকৰ ভয়ত তাইক আগতে একোলা ল'বলৈ মন যোৱা স্বত্বেও ল'ব নোৱাৰে। এতিয়া তাইৰ গিৰিয়েক যিয়ে জীয়েকৰে আৰু আগৰজনী ঘৈণীয়েকৰ মৰমত মাকণ যে তেওঁৰ পত্নী সেই কথা মানিবলৈ টান পায়। তাইক বিয়া কৰাই আনিও আজিলৈকে পত্নীৰ মৰ্যাদাখিনিও দিয়া নাই। গিৰিয়েকৰ এই কথাটোত মাজে মাজে তাইৰ দুখ নলগাও নহয় কিন্তু উপায় নাই। মাকৰ ঘৰখনতকৈ সুখতেই আছে বহুত।
তাই বিয়া হৈ অহাৰ পৰা দেউতাকৰ ঘৰখনলৈ যোৱাই নাই সেই আঠমঙলা খাবলৈয়ে যোৱা। কেতিয়াবা মন গ'লে দেউতাক মনে মনে আহি মথাউৰিটোতে লগ কৰি যায়হি। সেইবোৰ কথাও যদি মাহীমাকে গম পায় সেইফালেও আধ্যা পৰিব। বহুত দিন হ'ল দেউতাক অহাও নাই তাইক চাবলৈ। একো খবৰো পোৱা নাই, কেনেবাকৈ মাহীয়েকে গম পোৱা নাইতো! কাইলৈ পাৰিলে গিৰিয়ককে লগত লৈ এপাক গৈ আহিব। এতিয়া চাগে মাহীমাকৰ স্বভাৱটো অলপ হ'লেও সলনি হৈছে। গিৰিয়েকৰ লগত গ'লে চাগে তাইক সেই চিনাকি শব্দটোৰে গালি নিদিয়ে। ভাবত বিভোৰ হৈ থাকোতে আকাশখনে যে আন্ধাৰৰ আৱৰণ ফালি নতুন পুৱাৰ উৰণিখন পিন্ধিবলৈ যোজা চলাইছে চৰাইবিলাকৰ কিচিৰ-মিচিৰ মাততহে মাকণে গম পালে। লৰালৰিকৈ খিড়ীকিখন জপাই যিকণ পাৰে শুই লওঁঁ বুলি বিছনাত পৰিলহি।
কেতিয়ালৈকে শুলে গম নাপায় দুৱাৰত কোনোবাই ডাঙৰকৈ শব্দ কৰাতহে সাৰ পাই লৰালৰিকৈ উঠি গ'ল। 'অতি সোনকালে ঘৰলৈ ওলা দেউতাৰে মাতি পঠাইছে।' গিৰিয়েকে কোৱা কথাকেইটা শুনি নিজৰ কাণকেইখনকে বিশ্বাস কৰিব নোৱাৰিলে। দেউতাকে এনেকৈ মাতি পঠাইছে মানে মাহীয়েকজনী ভাল হ'ল নেকি আজিকালি! হওক যি হ'লেও বিয়া হোৱাৰ এবছৰৰ পিছত হ'লেও মাহীয়েকৰ মনটো গলিছে। তাই জানিছিলেই এদিন হ'লেও মাহীয়েকে তাইক বুজি পাব। মাকণেও একো পাপ কৰা নাই গোটেই জীৱনটো শাস্তি পাবলৈ। কিন্তু এবাৰ আকৌ ভয়ো খালে এনেকৈ মাতি পঠোৱাৰ কাৰণ বেলেগ নেকি কিবা। নাই নাই আচলতে বহুতদিন তাই ঘৰত নাই যে সেয়ে মাহীয়েকৰ অলপ হ'লেও মনতো ভাল চাগে।
মনৰ আনন্দতে মুখতে গান এটা গুণগুণাই তাই কিবা এটা ৰান্ধি জীয়েককে শাহুৱেককে খাবলৈ দি ঘৰলৈ যাবলৈ সাজু হ'ল। তাই সতিনীয়েকৰ জীয়েকজনীক ইমান মৰম কৰে তথাপিও তাই তাইৰ ছাঁটোকে সহ্য নকৰে। সেইকাৰণে তাইৰ অলপ দুখ লাগে। মাকণেতো তাইক কেতিয়াও মাহীমাকৰ চকুৰে নাচায়। এদিন তাইও বুজি পাব তাইৰ সঁচা মৰম আৰু গিৰিয়েকেও বুজিব তাইক 'মাকণ যে এতিয়া তেওঁৰ পত্নী'। কথাবোৰ মনতে ভাবি শাহুৱেকক সেৱা এটা কৰি গিৰিয়েকৰ চাইকেলত উঠিল।
আজি তাইৰ ইখন গাঁৱৰপৰা সিখন গাঁৱ পাৰ হ'বলৈ বহুত সময় লোৱা যেন লাগিল। চাইকেলখনৰো বেগ কমি যোৱা যেন লাগিল। 'অলপ জোৰকৈ চলাব নোৱাৰেনে চাইকেলখন' মনতে ভোৰভোৰাবলৈ ধৰিলে। দেউতাকে চাগে তাইলৈ বাট চাই পদূলিতে ৰৈ আছে। ভায়েকটো চাগে আগতকৈ অলপ ওখ হ'ল,কিমান দিন যে হ'ল নেদেখা তাক! মাহীমাকৰ কথা বাৰু ক'ব নোৱাৰে। কিয়নো আগৰ কথাবিলাক মনত পৰিলে দেখোন তাইক যে এতিয়া মাহীমাকে মাতি পঠাইছে বিশ্বাসেই নহয়। মাকণ যিমান ঘৰৰ ওচৰ পাইছেহি সেই চিনাকি শেৱালিফুলৰ গোন্ধটো নাকত লাগিবলৈ ধৰিলেহি।
মাহীয়েকে ৰোৱা পুলিটো ছাগলীয়ে খোৱাত তাই যিকেইটা ঢকা খাইছিল মাহীয়েকৰপৰা, পিছদিনা নতুন পুলি এটা লগাওঁঁতেহে মাহীয়েকৰ চোকা মুখখন বন্ধ হৈছিল। তাইৰ বিয়া হোৱাৰ বছৰটোত ফুলজোপা ফুলিবলৈ লৈছিল। কিন্তু সেই শেৱালিৰ গোন্ধ তাই বেছিদিন ল'ব নোৱাৰিলেই। মাহীয়েকে বিয়া দি দিলে তাইক। এতিয়া সেই গোন্ধটো নাকত লগাতহে অনুভৱ হ'ল- শেৱালি ফুলাৰ বতৰতে তাই এইখন ঘৰৰপৰা ওলাই আনখন ঘৰলৈ গৈছিল আজি আকৌ সেই বতৰতে ঘৰলৈ আহিছে। মানে এবছৰেই হ'ল তাইৰ বিয়া হোৱা। কথাবিলাক পাগুলি আহোঁঁতে তাই আৰু গিৰিয়েক আহি ঘৰৰ চোতাল পালেহি। গিৰিয়েকে চাইকেলৰপৰা নামিবলৈ কওতেহে মাকণ ভাবৰ জগতৰপৰা উভতি আহিল। চাইকেলখনৰ পৰা জপিয়াই নমাদি নামি গিৰিয়েকক চোতালতে এৰি মাকণে 'দেউতা দেউতা' বুলি মাতি ভিতৰ পালেগে। কিন্তু ঘৰখন যে ইমান নিজান পৰি আছে, তাই ভাবি অহাৰ নিচিনা একোৱে নাইচোন। তাইৰ বুকুখন কিবা অজান আশংকাত কঁপি উঠিল। পাকঘৰৰ ফালে ভুমুকি মাৰিবলৈ লঁওতেই কোনোবাই পিছফালৰপৰা মাত দিয়াত তাই ৰৈ গ'ল
'ক'ত সোমাব ধৰিছ মাৰৰ মূৰ খাইটি, জন্মতেই মাৰৰ মূৰটো খালি এতিয়া আকৌ বাপেৰৰ মূৰটো চোবাব লাগিছ। বিয়া দিয়াৰ পিছতো এইখন ঘৰৰ সৰ্বনাশ কৰিবলৈ এৰা নাই। বাপেৰলৈ ইমান মৰম যদি ঘৰলৈ আহি লগ নকৰ কিয়? মথাউৰিত মনে মনে লগ কৰাৰ ফল চা কেনেকৈ পৰি আছে মানুহটো......' আৰু মাহীয়েকে কি ক'লে মাকণৰ কাণত একো নোসোমাল। তাই লাহে লাহে দেউতাক কোঠাটোত সোমাই দেখিলে পৰি আছে বিছনাত হাতে-ভৰিয়ে প্লাষ্টাৰ লগাই।
এইটো কাৰণতে তাইক কেইবাদিনো লগ কৰিবলৈ যোৱা নাই দেউতাক। সেইদিনা লগ কৰি আহোঁঁতে আন্ধাৰ হোৱাত মাহীয়েকে গম পাই বুলি দৌৰি দৌৰি আহোঁঁতে ক'ৰবাত উজুতিত কৰ্ফাল খাই একেবাৰে ৰাস্তাৰপৰা গৈ গেলা খাল এটাত পৰি এই অৱস্থা হ'ল‌। আচলতে তাইক দেউতাকে মতা নাছিল মাহীয়েকে এজাউৰি জাৰিবলৈহে মাতি পঠাইছিল। দেউতাকৰপৰা কথাখিনি শুনি তাইৰ শোকে খুন্দা মাৰি ধৰিলে। সঁচাকৈয়ে চাগে তাই কুলক্ষণী নহ'লেনো তাইক লগ কৰি আহোঁঁতে এই অৱস্থা হয়নে। যি হয় সকলোবোৰ তাইৰ কাৰণেই হয়। সেয়ে গিৰিয়েকেও চাগে তাইৰ প্ৰাপ্যখিনিক অৱমাননা কৰি মৃত্যু হোৱা ঘৈণীয়েকৰ স্মৃতি লৈ জীয়াই আছে। জীয়েকজনীতো জীয়েকেই, শাহুৱেকে যি অলপ তাইক বুজি পায়। মনৰ দুখতে তাই কোঠাৰপৰা ওলাই আহি চোতাল পালেহি।চোতালত আহি শুনিলে গিৰিয়েক আৰু মাহীয়েকৰে কথোপকথন।
'তেনেকৈ নক'ব আপুনি মাকণৰ কথা। এতিয়া তাই মোৰ মানুহজনী, কেনেকৈ তাই সেইখন ঘৰ ধৰি ৰাখিছে আপুনি গম নাপায়। নিজৰ জীয়েক নহ'লেও মোৰ ছোৱালীজনীক টোপ এটা নপৰাকৈ এই এটা বছৰে তাইয়ে.....' গিৰিয়েকৰ মুখত কথাবিলাক শুনি তাই শিল পৰা কপৌৰ দৰে হ'ল। যিজন মানুহৰ ওপৰত তাইক পত্নীৰ দৃষ্টিৰে নোচোৱা কাৰণে যি অকণমান দুখ আছিল সেইকণো নোহোৱা হ'ল। কেৱল প্ৰয়োজনত তাইক মাত দিয়া মানুহজনে আজি মাকণৰ হকে মাত মাতিছে। যি হ'লেও তাইৰ কাৰণেতো কোনোবা এজন মানুহ আছে যিয়ে তাইক বিপদত সহায় কৰিব পাৰে। সেইজনেই তাইৰ শ্ৰদ্ধাৰ মানুহজন। গিৰিয়েকৰ কথাবোৰত অলপ সাহস পাই মাকণে মাহীয়েকৰ চকুৰ আগেদিয়েই আহি তেওঁক মাত নলগোৱাকৈয়ে গিৰিয়েকৰ চাইকেলত উঠিলহি। গিৰিয়েকেও মুখেৰে একো নামাতি চাইকেলৰ পেডেল ঘূৰালে। ইমান গালি শুনিও মাকণৰ কিবা এক নজনা আনন্দত বুকুখন ভৰি পৰিল।  গিৰিয়েকে তাইক বুজি পাইছে যে সেইটো নিশ্চিত। এতিয়া মাত্ৰ তাইৰ ছোৱালীজনীয়ে তাইক মা বুলি মানি ল'লেই মাকণে জীৱনটোত পোৱা দুখবোৰ পাহৰিব পাৰিব। 
শৰতৰ বতৰা কঢ়িয়াই অনা শেৱালিৰ সুবাসে মাকণৰ জীৱনলৈও যেন কিবা এটা ভাল বতৰাহে কঢ়িয়াই আনিছে।

Wednesday 14 September 2016

বিজনেছ মেন (Business Man)

সাজ লাগি ভাগিছে, চৰাই-চিৰিকতি নিজৰ বাঁহলৈ উভতিছে, ঘৰৰ গৰু-ছাগলীবিলাকো ঘৰলৈ উভতিল। নগেন মাষ্টৰে নিজৰ ঘৰৰ উভতি অহা গৰুকেইটা বান্ধি গোহালীত জাক দি ওলাই আহি দেখিলে ডাঙৰ পুতেক দীপুৱে চোতালতে পাইচাৰি কৰি আছে। ইমান ঠাণ্ডা পৰিছে, এতিয়ানো চোতালত এনেকৈ থাকিব লাগে নে। ৰহ্ জুই একোৰাকে ধৰো এনেইটো লগৰ অভাৱত জুই সেকাই নহয়। এনেকুৱা ঠাণ্ডাত জুইৰ তাপ লোৱা কিমান মজা কোনে বুজিব। আজিকালি চহৰৰ দৰে গাঁৱৰ মানুহে জুই সেকিব এৰিছে। আজি সুবিধাটো পাই আজি এৰাত নাই তাতে কাইলৈ যাবগে সি। জুইকোৰা জলাই দীপুক মাতি মূঢ়াটো নিজই আনি ল'লে।
'তইনো এই ঠাণ্ডাত চোতালত কি কৰি আছিলি?' দেউতাকে তেনেকৈ পাইচাৰী কৰি থকা দীপুক সুধিলে।
'গৰুৱেও জানে সময়মতে যে ঘৰলৈ আহিব লাগে আমাৰ এইটোৰহে ঘৰলৈ উভতিবৰ হোৱাই নাই এতিয়াও। ইফালে দুদিনমানৰ পিছত মেট্ৰিক পৰীক্ষা' দীপুৱে দেউতাকৰ কথাখিনি শুনিবলৈহে পালে ভমককৈ জলি উঠিল।
'কিনো কৰিবি নিজেই যদি বুজি নাপায়।'
দেউতাকৰ কথা শুনি দীপুৰ বকনি দুগুণে চৰিলহে। পুতেক দেউতাকৰ কথা শুনি মাকো ভিতৰৰপৰা ওলাই আহিল। নগেন মাষ্টৰেনো কৰিব কি ডাঙৰটোক একো কষ্ট নকৰাকৈয়ে মানুহ কৰিলে কিন্তু সৰুটোকলৈহে চিন্তা।মেট্ৰিকৰ দেওনাখন যেনেতেনে পাৰ কৰাব পাৰিলে আৰু তাক পঢ়াৰ কথা নকয়। ঘৰৰ আগফালে থকা মাটিদোখৰতে সৰুকৈ ঘৰ এটা বনাই দোকান এখন দিয়াই দিব। দীপুৰ মতে সেই কথাই কথা নহয়, এনেকৈ এৰি দিব নোৱাৰি নহয় সিয়েই কিবা এটা কৰিব লাগিব। দেউতাকহঁতৰ ওপৰত খং উঠে কেতিয়াবা ৰীপুক ইমান ঢিলাই দিয়াৰ কাৰণে।
দীপু চাকৰিসূত্ৰে ঘৰৰপৰা দূৰত থাকে যদিও মাহেকৰ মূৰত আহে এপাক ঘৰলৈ। সি আজিকালি ঘৰলৈ আহিলে ৰীপু ঘৰত থাকিবলৈ অশান্তি পায়।পঢ়াৰ কথা সুধি কম অশান্তি কৰেনে। ক্লাছ এইটত থাকোতে অংক ধৰি যি পিতিলে সেইদিন ধৰি ৰীপুৱে দীপুৰ ওচৰত শিকিবলৈ বাদেই দিলে।মাকৰ কেতিয়াবা ভয়েই হয় দীপু আৰু ৰীপুৰ কথা ভাবিলে। ৰীপুৰ যি স্বভাৱ একেবাৰে মুক্তি গল্পটোৰ সুকুমাৰৰ দৰে। দীপুৱে তাক ভাল পথলৈ আনিবলৈ গৈ 'মুক্তি'ৰ নিচিনা ঘটনা যেন নঘটে, সেয়ে মাকে ৰীপু গাধ হয়, গৰু হয় হৈ থাকক খালি ভালকৈ থাকক বুলিয়েই দীপুৰ ওচৰত পঢ়িবলৈ নিদিয়ে।কিনো কৰিব মাকৰ মন, পুতেকৰ মৰমত গলি যায়। দীপু আজিকালি ঘৰলৈ আহিলে পঢ়া নধৰিলেও গালি এজাউৰি নিদিয়া নহয়। কিয় যে গাত কথা নলগা ল'ৰা হ'ল! আগতে দীপুৰ পৰীক্ষা বেয়া হোৱা বুলি ক'লে মাকহঁতে সোধে আশীমান হ'লেও পাবি চাগে আৰু ৰীপুৰ ক্ষেত্ৰত ভাল হোৱা মানে যেনেতেনে ত্ৰিশ পাই পাছ কৰা। দীপুৰ কাৰণে যেনেকৈ মাকহঁতে প্ৰশংসা বুটলিছিল ৰীপুৰ কাৰণে গোচৰ শুনোতেই যায়। মুঠতে এখন ঘৰতে দুটা বিপৰীত ককায়েক-ভায়েক। নগেন মাষ্টৰৰ চিন্তা হয় ৰীপুক লৈ কিন্তু কৰিব কি সুধিলেও তাৰ যি কথা সেইবোৰ মাষ্টৰৰ কাণত নোসোমায়। সি বোলে বিজনেছ কৰিব আৰু যিবোৰ বিজনেছৰ কথা কয় সেইবোৰ শুনিবলৈ ধৈৰ্য থাকিব লাগিব। দিনৰ দিনতো মুকুলৰ দোকানত আড্ডা দি, কেৰম খেলি ৰাতি ঘৰ সোমাবহি আগত যে মেট্ৰিক পৰীক্ষা তাৰ কোনো ভয়-ভীত নাই।
'দেউতা আজি কিন্তু মই তাক সুধিমেই কি কাৰণত এনেকুৱা কৰে তোমালোকে মাজত একো নামাতিবা। এনেকৈ চব কথাতে তাক তাৰ মতে চলিবলৈ দিব নোৱাৰি নহয়।' দীপুৱে ইমান বেছি ডাঙৰকৈ চিঞঁৰিলে যে কাষতে শুই থকা তিনিবছৰীয়া জীয়েকে ভয় খাই দেউতা দেউতা বুলি তাক সাৱতি ধৰোতেহে সাৰ পালে।
ইমান সময় মানে সি সপোনৰ জগততহে আছিল। এনেকুৱা লাগি আছিল সি যেন আকৌ সেই দিনবিলাকলৈ উভতি গৈছিল। সৰুতে ৰীপুৰ কাণ্ড-কাৰখানাবিলাক সি একেবাৰে ভাল নাপাইছিল।সেয়ে সি যিমান পাৰে শাসন কৰি তাক ভাল কৰিবলৈ চাইছিল। কালি ৰাতি ৰীপুৱে নতুনকৈ কিনা গাড়ীখন লৈ ককায়েকৰ ওচৰলৈ আহিম বুলি কোৱাৰ পিছৰপৰাই দীপুৰ সেই তাহানিৰ কথাবিলাকে মনত দোলা দি আছিল। সেইবোৰকে  ভাবি ভাবি সি সপোনতো তাকে দেখি আছিল। দীপুৱে নিজৰ কাণ্ড দেখি জীয়েকৰ ওচৰত অলপ লাজো পালে। সি সেমেনা সেমেনি কৰি ঘড়ীটোলৈ চাইহে দেখিলে আঠবাজি গ'ল। জীয়েকে জগাই নিদিয়া হ'লে দীপু আজি কিমান দেৰিলৈকে শুই থাকিলহেঁতেন ঠিক নাই। ইফালে চাগে শ্ৰীমতীৰ মুখ ফুলি এপাচি হৈ আছে। কথাটো মনলৈ আহোতেই লৰালৰিকৈ উঠি গৈ ঘৈণীয়েকৰ ওচৰ পালেগৈ। কিন্তু সি ভবাৰ নিচিনা একো নাই বৰণ্চ মনটো ফৰকালহে।
'হেৰা উঠিলা যেতিয়া একেবাৰে গা ধুই ফ্ৰেছ হৈ আহা। ৰীপুৱে ফোন কৰি আমাক ওলাই থাকিবলৈ দিছে, নতুন গাড়ীখন বোলে কামাখ্যালৈ নিব প্ৰথমতে, আমাকো লগতে লৈ যাব। বৰ ভাল লাগিছে জানা তোমালোকে চিন্তা কৰি থকা ল'ৰাটো আজি ইমানখিনি পালেহি। তুমিহে তাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ শাসন কৰি থাকা' ঘৈণীয়েকে কথাকেইটা কৈয়ে নিজকে সজাবলৈ গ'ল আৰু দীপুও বাথৰুমত সোমাল।
দেৰি হয় বুলিয়েই লৰালৰিকৈ গাটো তিয়াই আহি ওলাই মেলি দীপু আগফালে বহি ৰীপুলে ৰৈ আছে। কণমানিজনীও খুড়া আহিব আহিব বুলি দেউতাকৰ লগত শাৰী পূৰাই বহি ল'লে। কি মৰম তাই খুড়াকলৈ, খুড়াকেও কুঁহি বুলি ক'লে পৰি মৰে।
পঢ়াত মন নোহোৱা একো কৰিব নোৱাৰিব বুলি ভবা ল'ৰাটো এতিয়া সেই সৰু ল'ৰা হৈ থকা নাই। কি ল'ৰা আছিল কি হ'ল। সি পঢ়াত দীপুৰ নিচিনা ভাল নাছিল ঠিকেই কিন্তু মেট্ৰিকৰ দেওনা পাৰ নোহোৱা বিধৰো নাছিল। নপঢ়ো নপঢ়ো বুলি এম বি এ পৰ্যন্ত কৰিলেগৈ।
পঢ়াত ৰীপু কেঁচা আছিল অলপ সৰুৰেপৰা, এক অৰ্থত ক'বলৈ গ'লে দীপুৰ উল্টা। দীপুতকৈ বয়সতো অলপ ব্যৱধান নথকা নহয়। কিন্তু বুদ্ধিত হ'লে কোনেও টলাব নোৱাৰে। পঢ়াৰ নামত টেবুলখনত বহি তাৰ দেশৰ কথা ভাবি থাকোতেই যায় আৰু ঘৰৰ সৰু বুলিও অলপ বেছি মৰম পালে। তাক ডাঙৰ হৈ কি কৰিবা বুলি সুধিলে কয় বিজনেছ কৰিম। তাৰ মতে বিজনেছ কৰিলে বোলে পঢ়িব নালাগে অকল চাকৰি কৰিবলৈহে পঢ়িব লাগে। যেতিয়া দেউতাকে তাক ক'লে বিজনেছ কৰিবলৈও অংক পাৰিব লাগিব তেতিয়া সি কোনোমতে নেঁওতাকেইখনহে মুখস্হ কৰিছিল। তাৰ বিজনেছৰ লক্ষণ মাকে সৰুৰেপৰা ধৰিব পাৰিছিল। দেউতাকে ঘৰলৈ বজাৰ কৰোতে সদায় বস্তু বিলাক জোখতকৈ বেছিকৈ আনিছিল আৰু সেইখিনিকে ৰীপুৱে তাৰ লগৰতোক বেছি দিছিল। মাকে কাণ্ড দেখি এনেকুৱা কৰাৰ কাৰণ সোধোতে ৰীপুৰপৰা গহীনত এটা উত্তৰ আহিছিল 'বিজনেছ কৰিছো।' ৰীপুৰ মতে বস্তবোৰ বেছিকে আনি ঘৰত ৰখাতকৈ বেছি দিয়াই ভাল। মাকে তাৰ কথা শুনি মূৰে-কপালে হাত দিছিল। এইয়াই আছিল তাৰ বিজনেছ। পিছত যেতিয়া এনেকুৱা কৰিব নাপায় বুলি মাকে বুজোৱাত সি ঠিকেই বুজিলে কিন্তু বিজনেছৰ ভুতটো হ'লে মূৰৰপৰা নোলাল। তাৰ বোলে চিনেমাবিলাকত দেখুওৱা নিচিনা 'বিজনেছ মেন' হ'বৰ মন যায়। সেয়ে দেউতাকে তাক বুজাইছিল 'যি কৰ কৰিবি খালী সৎ পথত থাকি কৰিবি। নগেন মাষ্টৰৰ নাম কটাকে একো কামেই নকৰিবি।'
এই পঢ়া-শুনা নামৰ বস্তুটোৰপৰা কেনেকৈ হাত সাৰিব পাৰি ৰীপুৱে সেইটোহে বিচাৰি থাকিছিল। কিন্তু মেট্ৰিকটো পাছ কৰাৰ পিছত অলপ মতিগতি ভাললৈ আহিল। কথাবিলাক দকৈ ভাবিব পৰা হ'ল। মেট্ৰিক পাছ কৰি নপঢ়ো বুলি কোৱা ল'ৰাটো এমবিএ কৰিবলৈও মন কৰিলে দেখোন। এমবিএ কৰি এবছৰ চাকৰি কৰাৰ পিছত তাৰ বিজনেছৰ ভূতটোৱে আকৌ লম্ভিলে। চাকৰি-বাকৰি বাদ দি ঘৰৰ ল'ৰা ঘৰলৈ উভতি গ'ল। লগৰ দুটামান লগ-লাগি সৰু সুৰাকৈ কিছুমান ব্যৱসায় আৰম্ভ কৰিলে। সিহঁতৰ ব্যৱসায় বেয়া নচলিল লাহে লাহে বঢ়াই গৈ সি একোবত অকলে হাৰ্ডৱেৰৰ ব্যৱসায় আৰম্ভ কৰিলে। তাৰপৰা সি ৰ'ব লগা হোৱা নাই। তাৰ কষ্ট পৰিশ্ৰমৰ ফল স্বৰূপে সি এতিয়া সমাজত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী।
'হেৰা কিনো ভাবি আছা অথনিৰে পৰা ৰীপু আহি যে পালেহি খবৰ আছেনে নাই?' বুলি দীপুক ঘৈণীয়েকে মাত দিয়াতহে সি দেখিলে চোতালত ক'লা ৰঙৰ স্কৰপিঅ'খন।
'সি তেন্তে ক'ত?' ৰীপুক নেদেখি দীপুৱে আচৰিত হৈ ঘৈণীয়েকক সুধিলে।
'ক'তনো যাব কুঁহিক কোচত লৈ ভিতৰ পালেগে। তোমাৰ লগত সি কেতিয়াবা একেলগে বহি কথা পাতি পাইছে জানো। কি যে ককায়েক-ভায়েক কেইটা হ'লা আৰু দেই।' ঘৈণীয়েকৰ কথাকেইটা শুনিহে সি মন কৰিলে ইমান সময় তাৰ কাষত বহি থকা কুঁহি যে নাই। সঁচাকৈ সি মানে সেই পুৰণি কথাবিলাকৰ মাজত ইমানেই আপোনপাহৰা হৈ আছিল যে ক'ত কি ঘটি আছে একোৱে গম পোৱা নাই। ৰীপুৱে চাগে সেই আগৰ নিচিনাকৈ তাৰ ওচৰলৈ আহিবলৈ আপচোচ কৰিছে বুলি নিজেই তাৰ ওচৰলৈ যাঁও বুলি উঠি গৈ শুনিলে বৌৱেক-দেওৰেকৰ কথা 'বুজিছা বৌ দাদা নথকা হ'লে মোৰ চাগে অকল বিজনেছ কৰিম বুলি কৈহে থকা হ'লহেঁতেন। আগতে সি শাসন কৰিলে খং উঠিছিল, এতিয়া ভালকৈ বুজিছো সেইবোৰৰ মূল্য কিমান..' তাৰ কথাই দীপুক আকৌ এবাৰ সোঁৱৰাই দিলে ইমানদিনে সৰু সৰু বুলি ভাবি থকা খটাসুৰ ভায়েক ডাঙৰ হ'ল।

Friday 9 September 2016

দেওলগা গছ


কাষৰ সুসজ্জিত ঘৰদুটাক ঘেৰি ৰখা ওখ ওখ দেৱাল দুখনৰ মাজত থকা অকমানি খেৰী ঘৰটো মানুুহৰ ভালকৈ চকুত নপৰে। নপৰিবৰে কথা, সেই ওখ ঘৰ দুটাৰ উপৰিও ঘৰটোৰ আগফালে প্ৰকাণ্ড এজোপা জামুগছ। দেওলগা গছ বোলে সেইজোপা। লাহে লাহে জহিবলৈ ধৰা ঘৰটোৰ চাৰিওফালে বনৰীয়া গছ লতিকা গজি একেবাৰে হাবিৰ দৰে হৈ গৈছে। মাজে মাজে ঘৰটোৰ পৰা মানুহ এজনী ওলাই দৌৰ মাৰে পিছে পিছে ছোৱালী এজনী গৈ ঘূৰাই লৈ আনে। এইটো নৈমিত্তিক ঘটি থকা ঘটনা। সন্ধ্যালগাৰ পিছত ল'ৰা এটা আহে কান্ধতে মোনা এখন পেলাই।

প্ৰকাণ্ড জামুজোপা ক'ৰ কেতিয়া কোনে ৰুলে কাৰোৰে মনত নাই আনকি মাকণৰ শহুৰেকেও এইটো উত্তৰ দিব পৰা নাছিল। কিন্তু দেখাতে গম পাই এইজোপা যে বহুবছৰ পুৰণি গছ। মাকণ এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পিছত জামুজোপাৰ তলখন দেখি খং উঠি গৈছিল। জামু, পাত গেলি ইমান লেতেৰা হৈ থাকে জামুজোপাৰ তলখন। অৱশ্যে মাইকী মানুহ নোহোৱা ঘৰ ক'তনো আৰু ইমান চাফা হ'ব।
মাকণৰ বেয়া লাগে লেতেৰা হৈ থাকিলে কিয়নো বাটৰুৱাবিলাক আহি গৰমত গছজোপাৰ তলতে জিৰণি লয়। সৰু ল'ৰা-ছোৱালীবিলাকে জামু খাবলৈ আহি তলতে বহি লৈ মেল মাৰে। জামু নলগা দিনতো গছজোপাৰ আহৰি নাই। গৰু-ছাগলী, মানুহ সকলোৱে আহি ছাঁ লয়। জেওৰাখনৰ ভিতৰত মানুহ আৰু বাহিৰত গৰু-ছাগলী। তাই অহাৰ আগলৈকে সকলো জেওৰাখনৰ সিটো পাৰতে ৰৈছিল। কিন্তু মাকণৰ ভাল নালাগে তেনেকৈ মানুহবিলাকক ৰ'বলৈ দিবলৈ। যিহেতুকে চোতালখনো ডাঙৰ সেয়ে গিৰিয়েকৰ হতোৱাই বাঁহ দুডালমানেৰে মানুহ বহিব পৰাকৈ জামুজোপাৰ তলতে চাংখন সাজি দিয়ালে। লগতে তাঁতশালখনো বহাই ল'লে। যিয়ে মন যায় আহি এখন্তেক বহে সময় থকাসকলে দুআষাৰমান কথাও পাতে। মাকণৰ কাম দেখি শহুৰেকে ভালেই পালে অন্তত: তেওঁৰ ডেকাকালৰ বীৰত্বৰ কাহিনী মানে মাকণহঁতৰ ভাষাত সাধুকথা বাটৰুৱাকো শুনাব পাৰিব।

কেতিয়াবা মাকণে গিৰিয়েক মেহেঙা পিয়ন মানে মহিমক অবিশ্বাসৰ সুৰত সোধে দেউতাকৰ সঁচাকৈয়ে ইমান সাহস আছিল নেকি। মেহেঙাই মেহেঙা-মেহেঙি কৰি কৈ থৈছিল 'আগতে ইমান সাহস আছিল যদিও সিহঁতে সেই সাহ কাহানিও দেখা পোৱা নাছিল।' গিৰিয়েকৰপৰা কথাখিনি শুনাৰ পিছত শহুৰেকে কাহিনী আৰম্ভ কৰিলেই মাকণৰ মুখেদি মিচিকিয়া হাঁহি এটা ওলাই যায়।তথাপিও তাই কাহিনীবোৰ বৰ মনোযোগৰে শুনে। মেহেঙাৰ আচলতে নাম আছিল মহিম। কিন্তু তাৰ নামটো মেহেঙালৈ কেনেকৈ কেতিয়া পৰিৱৰ্তন হ'ল সিও নাজানে।

গিৰিয়েক আৰু ল'ৰা-ছোৱালী দুটা স্কুললৈ ওলাই যোৱাৰ পিছত মাকণৰ বৰ বিশেষ কাম নাথাকে। সেয়ে ঘৰৰ কামবিলাক কৰি মাকণ তাঁতত বহে আৰু ওচৰতে শহুৰেক লগত বহি থাকে। এনেকৈ বহিবলৈ পালে শহুৰেকে আৰু সুবিধা পায় তেওঁৰ কাহিনী শুনাবলৈ। কোনোবা বাটৰুৱা আহিলে তাই ভালেই পাই অলপ সময় দেউতাকৰ লগত কথাৰ জুটি ল'বলৈ দি তাই পানী অনাৰ চলেৰে ভিতৰ পাইগৈ।

শহুৰেকৰ একেবোৰ কথা শুনি আমনি পাইছিল যদিও শহুৰেকৰ অনুপস্থিতিয়ে এতিয়া ঘৰখন শেষ কৰিলে। যদিও শহুৰেকে কোৱাৰ দৰে তেওঁৰ সাহস দেখা নাছিল, কিন্তু পুতেক মেহেঙাই অত্যন্ত ভয় কৰিছিল দেউতাকক। দেউতাকক সমীহ কৰি চলা পুতেকৰ আচল ৰূপ তেওঁৰ মৃত্যুৰ পিছতহে ওলাইছিল। শহুৰেক জীয়াই থকা হ'লে চাগে আজিও জামুগছৰ তলত বাটৰুৱাৰ ভিৰ লাগিলহেঁতেন। কিন্তু কেনেকৈ কাহিনী বিলাকে ওলোটা খৰ মাৰিলে কোনোৱে গমেই নাপালে। তাইৰ কি ভুল আছিল আৰু গিৰিয়েকে কি ভুল কৰিলে ভাবিলে আচৰিত লাগে!

সাজি সাজি ফু মাৰি ভাত খাব পৰা কৰি থোৱা জামুগছৰ তলখিনিত আজি কেইবামাহো হ'ল বাঢ়নিৰ আচোৰ নপৰা। আজিকালি তলছোৱা গছৰ পাতে, গেলা জামুৰে, চৰাই-চিৰিকতিৰ গুৱে ভৰ্ত্তি হৈ থাকে। গৰু-ছাগলীৰ অবাধ বিচৰণ হ'বলৈ ধৰিছে চোতালখনত। পুৰণা ঘৰটোৰ আগফালে নতুনকৈ পকাৰে ঘৰ এটা সাজিবলৈ লৈছিল মেহেঙাই। কিন্তু ফাউণ্ডেচনলৈকে উঠাৰ পিছত সেইটো তেনেকৈয়ে পৰি থাকিল। এতিয়া বনৰীয়া গছ-লতাৰ ঘৰ হৈছে। জপনাৰ ওচৰৰপৰা ভালকৈ যদি লক্ষ্য নকৰে সেই জেগাখিনিত মানুহ থকা ঘৰ এখন আছে বুলি গম নাপায়। বৰষুণৰ পানী পৰি সেউজীয়া হৈ আহিবলৈ ধৰা সৌডাল বাঢ়নী লাং খাই পৰি আছে পিৰালিতে আৰু কাষতে আউল বাউল চুলিৰে মাকণ। আগৰ মাকণ আৰু এতিয়াৰ মাকণৰ মাজত আকাশ-পাতাল পাৰ্থক্য‌।

দেউতাক ঢুকোৱাৰ পিছৰেপৰা মেহেঙাৰ সন্ধিয়াৰ পিছত এটুপি নিগিলিলে তাৰ গা শাত নপৰা হ'ল। আগতে তামোলখন খালেও বেয়া পোৱা মানুহটোৱে লগ ল'বলৈ ল'লে জুৱাৰী-মদাহীৰ। স্কুলৰ পিয়নৰ চাকৰিৰে ঘৰ সাজিবলৈ ৰখা সাঁচতীয়া ধনখিনি জুৱাৰ নামত উৰুৱালে। স্কুলৰপৰা নটিচ জাৰি কৰিছে চাকৰিত অনিয়মীয়া হোৱাৰ কাৰণে। এদিন প্ৰধান শিক্ষক মেহেঙাক ঘৰ পালেহি। মেহেঙাক ঘৰতে পাই বুজাই থৈও গ'ল কিন্তু লাভ ন'হল। লাহে লাহে ঘৰ গুচি সেইখন বাঁহতললৈ পৰিৱৰ্তন হ'ল। আগৰ বাটৰুৱাসকল বহাৰ জেগাকণ মেহেঙাৰ জুৱাস্থলীলৈ পৰিণত হ'ল। নিজৰ চকুৰ আগত ঘটি থকা ঘটনাবোৰ দেখি মাকণে কি কৰিব একো উপায় ভাবি নাপালে। কাণৰ কাষতেই নিজৰ ঘৰখনৰ ধ্বংসৰ কোলাহল শুনিবলৈ পালে। ল'ৰা-ছোৱালীকেইটা ডাঙৰ হৈ আহিছে, দেউতাকৰ এই গতি হ'লে সিহঁতক মানুহ কেনেকৈ কৰিব।

মেহেঙা পিয়নে পিয়নৰ চাকৰিলৈ যোৱা বাদ দি জামুতলতে জুৱা-মদৰ আদ্দা পাতিলে। জুৱাৰী, ভঙুৱাৰ বাদে বেলেগ বাটৰুৱা আহি বাঁহৰ চাঙত বহিবলৈ এৰিলে। বৰ বেছি ভাগৰ লাগিলে জেওৰাৰ সিটো পাৰেই গছৰ ছাঁ লয়, কিন্তু জুৱাৰীৰ মুখৰপৰা যিকেইটা শব্দ আখৈ ফুটা দি ফুটে মানুহবোৰে লাজেই পায় ৰ'বলৈ।

কাণিমুণি বেলিকা মাকণে হাতলেম্পটো জলাবলৈ গৈ দেখিলে তলিতে অকণমান কেৰাছিন তেল লাগি আছে। সেইকণেদি ফিটাডাল তিয়াবও নোৱাৰে। কেইবামাহো বিল নিদিয়াৰ কাৰণে সেইদিনা ইলেকট্ৰিচিটিৰ মানুহ আহি লাইটোও কাটি দিলে। ইফালে পোৱালিকেইটাই পেটৰ ভোকতে কৰা থেনথেননিয়ে তাইৰ মূৰটো খাইছে। আবেলিতে দুয়োটা ল'ৰা-ছোৱালীয়ে খুচুৰাপইচা গোটাই ৰখা টেকেলি দুটা ভাঙিলে। ডাঙৰ ল'ৰাটোৰ টেকেলিত বোলে দুটকা এটা বেছি ওলাল। সেয়ে ছোৱালীজনীয়ে মাকক লাগি আছে দুটকা এটা দিবলৈ। মাকে ক'ৰপৰা দিয়ে, জুৱাৰী দেউতাকৰপৰা আজিকালি এটকা এটাও পৰি নাথাকে। আগতে দৰমহা যিকেইটকা পাই তাৰে অলপ মাকণক দিয়ে ঘৰ চলাবলৈ। সেই পইচাৰে চেকিমেলি নিজেই ৰাখে কেতিয়াবা দৰকাৰ হয় বুলি। কিন্তু মানুহটো বেয়া হোৱাৰ পৰা সেইখিনিও নোপোৱা হ'ল। সেইদিনা তাইৰ সাঁচতীয়া টকাকেইটা দেখি তাৰ চকুত টোপনি নোহোৱা হ'ল। টানি-আজুৰি দকা হকা দি লৈ গৈ জুৱা খেলিলে। জুৱাত হাৰি আহি মাকণৰ পিঠিত ঔ তুলিলেহি‌। এতিয়া ছোৱালীজনীক ক'ৰপৰা দিয়ে দুটকা।
বাপেকৰ এই অৱস্থা হোৱাৰে পৰা সিহঁতে নতুন বস্তুৰ মুখ নেদেখাই হ'ল। ছোৱালীজনীক বুজাব নোৱাৰি মাক মাকণে ঢেকীঘৰৰ খুটা এটাতে সাঁচি থোৱা পইচাকে দিব বুলি তাইক নিচুকাই থ'লে। সেই খুটাৰ পইচাকেইটা আকৌ তাইৰ শহুৰেকে গাঁৱৰে নাম-প্ৰসংগত পোৱা। সেইবোৰ তাইকে দিয়ে নাতিনীয়েক দুটাক কিবা এটা কিনি দিবলৈ। সেইদিনা খুটাটো তাই কাটিম বুলি ভাবিয়েই আছিল ন'হলে পেটৰ ভাত মুঠি গোটাওতেই অসুবিধা। বেলেগৰ ঘৰত কাম কৰা কথা ক'লে মেহেঙাৰ সন্মানত লাগে, সেয়ে সেইফেৰা কামো কৰিব পৰা নাই। তাই পেটত গামোছা মাৰি থাকিব পাৰিলেও ল'ৰা-ছোৱালীকেইটাক নোৱাৰে নহয় তেনেকৈ থাকিবলৈ দিবলৈ।

গিৰিয়েক নাথাকোঁঁতেই খুুটাতো কাটি ল'ব পাৰিলে ভাল নহ'লে যিকেইটকা আছে সি হাত কৰিব। সেয়ে হাতলেম্পটো জ্বলাব নোৱাৰি কেৰাছিন তেলৰ চাকিটোকে লৈ খুটাটো কাটিবলৈ ঢেকীঘৰ পালেগৈ। তাইৰ অনুমানতকৈ পইচাকেইটামান অলপ বেছিকৈ ওলালে এইবাৰ পূজা বুলি ৰঙা চাদৰ এখন ল'ব। যিমান হ'লেও তাইৰো মন যায়, নতুন চাদৰ কেতিয়া কিনিছিল মনতেই নাই। পইচাকেইটা উলিয়াই ল'ৰাটোক পঠাই দিব আলিকাণৰ দোকানখনৰ পৰা ৰাতিৰ সাজৰ জোখাৰে চাউল কেইটামান আনিবলৈ। বাকীখিনি তাই যৌতুকত অনা কাঠৰ বাকচতে থৈ দিব এনেও দৰকাৰ পৰিলে উলিয়াবই লাগিব। কথাবোৰ ভাবি খুটাটো কাটি থাকোঁঁতেই ভেটকৈ মুখখন মেলি ছোৱালীজনী দৌৰি আহিল পিছে পিছে ল'ৰাটো। আকৌ সিহঁতৰ কাজিয়া লাগিল বুলি খংটো ভমককৈ উঠিল। কিন্তু কথা এইবাৰ উলোটা। দেউতাক আহি বোলে সিহঁতৰ হাতত থকা টকাকেইটা দেখি থাপ মাৰি লৈ দৌৰ মাৰিলে।এইবাৰ মাকণৰ সঁচাকৈয়ে ধৈৰ্যৰ সীমা চেৰাল। হাতত থকা দাখনকে লৈ জুৱা খেলি থকা মেহেঙাৰ লগতে লগৰ কেইটাকো খেদি গ'ল। তাইৰ ৰুদ্ৰমূৰ্ত্তি দেখি গোটেইকেইটাই ফৰিং চিটিকা দিলে। 
কি সোমাইছিল সেইদিনা সিহঁতৰ ঘৰখনত! মাকৰ এই ৰূপ কাহানিও নেদেখা ল'ৰা-ছোৱালী কেইটাৰ পেটতে হাত-ভৰি লুকাল। সেইদিনা মাকৰ গাত সাইলাখ গোঁসানীহে লম্ভিছিল যেন। দেউতাক মাকৰ ভয়তে ৰাতি ঘৰলৈ ঘূৰি নাহিল। সিহঁতেও কৰবাত জুৱা খেলি পৰি আছে বুলি বিচাৰ নকৰিলে। সেইদিনা মাকৰে লগতে সিহঁতহালৰো লঘোণ হ'ল। ভোক লাগিছিল যদিও মাকৰ ভয়তে শুই থাকিল দুয়োটা। ছোৱালীজনীটো মাকৰ ভয়ত ঘৰত নাথাকো বুলিও কৈছিল। কিন্তু ককায়েকৰ কথা শুনি থাকিল। সিহঁতহালক বুকুতে লৈ মাক শেষনিশালৈ টোপনি গ'ল। পুৱানিশা চৰাই কিচিৰ-মিচিৰ মাত আৰু মানুহৰ হুলস্হূলত সাৰ পাই মাকণ আহি বাহিৰ পালেহি। জামুজোপাৰ তলত মানুহৰ জুমটো দেখি আগুৱাবলৈ ধৰোঁঁতেই দেখিলে গছৰে ঠাল এটাত ওলমি থকা মেহেঙাক। পিন্ধি থকি লুঙিখন টেটুতে গাঠি দি ওলমি আছে। সেই নিশাটো সিহঁতৰ কাৰণে আছিল কালৰাত্ৰি। কালনাগ আহি দংশি গ'ল সকলোকে। জুৱাৰী মদাহী মেহেঙা পিয়নৰ এই কাণ্ডত সকলোৱে তাইকে দোষাৰোপ কৰিলে আৰু সকলোকে শীতল বতাহ দিয়া জামুজোপাক নাম দিলে 'দেওলগা গছ'। 

তাইৰ গাত বোলে দেওলগা গছৰপৰা দেও লাগিছিল। সেইদিন ধৰি মাকণৰ ঘৰলৈ কোনেও ঘূৰি নোচোৱা হ'ল। ৰাস্তাৰ কাষেদি গ'লেও ভগৱানৰ নামলৈহে যোৱা হ'ল। ল'ৰা-ছোৱালীকেইটাৰো বিলৈ নোহোৱা হ'ল; দেওলগা মাকৰ সন্তান। গিৰিয়েকে এইটো কাম কৰাতকৈ সেইদিনা তাই দাখনৰ সৈতে চোঁচা লৈ আহোঁঁতে উভতি ধৰি তিনিওকে ঠেকেচা মাৰি মাৰি থোৱা হ'লেই ভাল আছিল। তেতিয়া অন্তত্ব মাকণ এই বদনামৰ ভাগি হ'ব লগা ন'হলহেঁতেন। জুৱাৰী গিৰিয়েকে ঢাৰৰ বোজা সহিব নোৱাৰি এই অঘটন ঘটাই সকলোবোৰ অপবাদ জীয়াই থকাকেইটাৰ ওপৰত জাপি থৈ গ'ল।
বাটৰুৱাই ভিৰ কৰা জামুজোপাৰ তলখন এতিয়া নিমাত নিতাল। সন্ধিয়া কেইটামান শুনিবলৈ বেয়া চৰাইৰ মাতত জয়াল হৈ পৰে পৰিৱেশটো। কেইবামাহো নসজা চোতাল, নিজৰ ইচ্ছামতে গজি উঠা বনৰীয়া গছ-বনবোৰ খাবলৈ অহা গৰু-ছাগলীৰ অবাধ বিচৰণ। জহি-খহি যাবলৈ ধৰা ইকৰাৰ বেৰখনত মুৰটো থৈ আউল-বাউল চুলিৰে কাপোৰ পিন্ধাৰ কোনো হিচাব নোহোৱা মাকণ। মাজে মাজে কেইটামান চিঞঁৰ 'আহ আহ গছৰ তলত বহিবি আহ....জামু খাবি আহ।'

Thursday 8 September 2016

অনুভৱ (The Feeling)

লতাই সেইদিনাহে তাইৰ নিজৰ ল'ৰা ছোৱালী নোহোৱা কথাটো বাৰুকৈয়ে অনুভৱ কৰিলে আৰু লগতে মানুহৰ ঠেক চিন্তা ধাৰাৰো উমান পালে যেতিয়া সৰুৰ পৰাই নিজৰ সন্তানৰ নিচিনাকৈ ডাঙৰ কৰা বৰজনাকৰ ল'ৰা প্ৰীতমৰ জোৰোণৰ দিনা কৰিবলগীয়া নীতি নিয়মসমূহ কৰিবলৈ যাওঁতে ওচৰতে বহি থকা প্ৰীতমৰ মাহীয়েকে ল'ৰা ছোৱালী নোহোৱা মানুহবিলাকে পবিত্ৰ কামবিলাকত আগ ভাগ ন'ললে নহয় নেকি বুলি কাষৰ কাৰোবাক মনেমনে কোৱা কথাষাৰ কাণত পৰোতে ।

টুকী আৰু জেকৰ কাহিনী (A Story of Jack & Tuky)


জেকৰ চিন্তাতে তেঁওৰ টোপনি অহা নাই। ক'ত বা আছে! যদি সি একেবাৰে ঘূৰিয়েই নাহে টুকটুকীক তেওঁ কি উত্তৰ দিব। কিমান মৰমৰ আছিল জেক তাইৰ। সি অহাৰ পৰা ইমান দিনটো টুকীয়ে তাক চম্ভালি আছিল। এতিয়া তাই এই গৰমৰ বন্ধ দিনকেইটা আইতাকৰ লগত কটাবলৈ যাওঁতেই অঘটনটো হ'বলৈ পালেনে! এইবোৰ ভাবি ভাবি টুকীৰ মাকৰ টোপনি নহা হ'ল। টুকী আইতাকৰ ঘৰলৈ যোৱাৰ দুদিন পিছৰ পৰাই জেক ঘৰলৈ অহা নাই। ইমানদিনে চিন্তা কৰা নাছিল, কিন্তু গৰমৰ বন্ধ খুলিবলৈ যিমান ওচৰ চাপি আহিছে সিমান মাকৰ চিন্তা বাঢ়ি আহিছে। তাই যোৱাৰ পৰা মাকলৈ ফোন কৰাই প্ৰতি জেকৰ কথা সুধি আছে। মাকেও মিছাকৈ আছে বুলি কৈ থৈ দিছে ন'হলে তাই কি কৰিব ঠিক নাই। এইকেইদিন জেক নহা কাৰণে মাকে বৰ এটা বেয়া পোৱা নাছিল কিয়নো তাইৰ নিচিনাকে মাকে ইমান লাগি থাকিব নোৱাৰে। টুকীয়ে মৰম কৰি কৰি জেকক বেয়া কৰি পেলাইছে, বৰ বেছি ঠেঁহ পেচ ধৰা হ'ল আজিকালি। কিন্তু এতিয়াযে তাই আহি তাক নাপালে কি অঘটন ঘটাব ঠিক নাই।

ক'ৰ পৰা যে গোটাই লৈছিল, মাকৰ খঙেই উঠি যায়। স্কুলৰ বাছৰ পৰা নামি ছয় সাত মিনিট খোজকাঢ়ি আহিব লগা ৰাস্তাটোৱেদি ঘৰ আহি পাঁওতে যে তাইৰ কিমান সময় লাগে ঠিক নাই। মাকে আকৌ বিচাৰি যাব লাগে। ৰাস্তাত কুকুৰ-মেকুৰী,গৰু-ছাগলী চাই চাই আহোতেই তাই পাহৰে ঘৰ এখন যে আছে। সেইবোৰ দেখি আহি ঘৰত সদায় আপত্তি তাইক সকলোবিলাক জীৱ-জন্তু আনি দিব লাগে। মাক-দেউতাকে কোনোমতে বুজাই-মেলি ৰাখে। কিন্তু এদিন স্কুলৰ পৰা আহোঁতে লগত লেৰেলা চেপেটা কুকুৰ পোৱালি এটা তাইৰ পিছে পিছে কু কু কৈ আহি আছে। সেইদিনা যে কি আনন্দ তাইৰ। কোনোবাই চাগৈ ৰাস্তাত এৰি থৈ গৈছিল।টুকীয়ে চাগে তাক অলপ মৰম কৰিলে ৰাস্তাত পাই, সিও সেই মৰমতে তাইৰ পিছ ল'লে। তেতিয়া তাই তৃতীয় শ্ৰেণীৰ ছাত্ৰী আৰু সেইদিন ধৰি আজি দুবছৰে স্কুলীয়া সময়খিনি বাদ দি জেকক এৰি দিয়া নাই অকলে। এইবাৰ বন্ধতহে এনেকৈ জেকক এৰি আছে।

খাবলৈ নাপাই হাড়ে চালে লগা পোৱালীটো দেখি মাকৰ খঙ উঠিছিল। তাইৰ যি মৰম লাগিলে নিজৰ ভাগৰে খোৱাব। কিন্তু তাই তাৰ ইমান যত্ন লৈছিল যে অতি কম দিনতে সি গতলৈ আহিছিল। পিছত এনেকুৱা হৈছিল স্কুল বাছত উঠাবলৈও জেক যায় আৰু আনিবলৈও যায়। টুকী বাছত উঠাৰ আগে আগে সি পেটটো ওপৰলৈ দি পৰি থাকিব তাই ভৰিটোৱেদি অলপ মোহাৰি নিদিয়ালৈকে। তাৰ ভাষা যেন অকল টুকীয়েহে বুজি পায়।মাকে বৰ এটা ভাল নাপায় ইমান লাগি থকাটো যিমান হ'লেও জন্তু। তেতিয়া টুকীৰ খঙ উঠি মাকক কয় জন্তু হ'লেও সি মৰম বুজি পায়। মৰম কৰিলে চবেই মৰম দিব। এতিয়া জেক তাই যোৱাৰ পিছৰ পৰা যে ঘৰত নাই কেনেকৈ ক'ব। মাকে সেইদিনা যে খঙতে বকি দিছিল সেইটো কেনেবাকৈ বাৰু সি বুজি পালে নেকি। তেতিয়াৰ পৰা সি ঘৰত নাই, মাকৰ এতিয়াহে মনত পৰিল। কিন্তু ঘৰ এৰি সি ক'তনো যাবগৈ। যদি ৰাস্তালৈ ওলাই যাঁওতে গাড়ী মটৰে খুন্দিয়াই থৈ গ'ল! মাকৰ কথাটো ভাবি বুকুখন ধমহকৈ মাৰিল। টুকীৰ মৰমতেই নে এই দুইবছৰে ঘৰত ৰাখি নজনাকৈ কিবা এটা মৰম সোমাই যোৱাৰ কাৰণেই গম নাপায়, কিন্তু যি হ'লেও মাকৰ দুখ লাগি আহিল। নাই কাইলে টুকী অহাৰ আগতেই কিবা এটা কৰিব লাগিব বুলি ভাবি শুই থাকিল। পিছদিনা সকলোতে বিচাৰিও জেকৰ সন্ধান উলিয়াব নোৱাৰিলে। মাকে কি কৰিব একো ভাবি নাপালে। আবেলি গেটখন খোলাৰ শব্দ শুনি বাহিৰলৈ ওলাই আহি দেখিলে ককাকৰ লগত টুকী আৰু পিছে পিছে নিশকতীয়া জেক ঠিক দুবছৰৰ আগতে প্ৰথমদিনা যি ৰূপ লৈ আহিছিল সেই একেদৰেই। কিন্তু ইমানদিন জেক আছিল ক'ত! তেওঁ বেছি সময় ভাবিব লগা ন'হলেই।

মা জানানে মই যোৱাৰ দুদিনৰ পিছতেই বোলে জেক গজেনৰ দোকানৰ পিছফালে থাকিবলৈ লৈছিল। গজেনৰ দোকানৰ বিস্কুট খাইয়ে ইমানদিন থাকিল।চোৱাচোন কেনেকৈ খিনাই গ'ল সি। আজিও তেনেকৈ বিস্কুট খাই থাকোতে মোক দেখি কোনোমতে উঠি আহি পেটটো ওপৰলৈ দি পৰি দিছিল। বেচেৰাটোৰ অৱস্থাই নাই বুলি কৈ টুকীয়ে কান্দিয়ে দিলে। এই ছোৱালীজনী বৰ বেছি ভাল পাই ঔ জীৱ-জন্তু বিলাক। উপায় নাই আৰু তাইৰ পৰা।মাকে তাইক কেনেকৈ ক'ব যে কেৱল তেওঁৰ কাৰণেই যে জেক গুচি গৈছিল ঘৰৰপৰা। সঁচাকৈয়ে টুকীয়ে ঠিক কথাই কৈছিল যে মৰমেহে মৰম বুজি পায়।

Saturday 3 September 2016

আঙুঠি (Ring)


মোবাইলত দি থোৱা এলাৰ্মটোৰ কৰ্কশ শব্দই সুন্দৰ পুৱাটোৰ গোটেই মাদকতাখিনি মোহাৰিহে পেলাব এতিয়া। কোনোমতে খেপিয়াই খেপিয়াই টোপনিৰ জালতে এলাৰ্মটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তাই গাৰু তলতে থৈ দিয়া মোবাইলটো বিচাৰিয়ে পোৱা নাই। ইফালে ৰুমমেট দুজনীয়ে যে অশান্তি পাইছে সেইটো মুখেৰে ফুটাই ন'কলেও কিছুমান শব্দ কৰি আকাৰে ইংগিতে জনাই দিলে। এই পাঁচবছৰীয়া হোষ্টেলীয়া জীৱনে তাইক বহুত কথাই শিকালে যিবোৰ এতিয়া আকাৰ ইংগিততে বুজিব পৰা হ'ল। মোবাইলটো খেপিয়াই কোনোমতে বিচাৰি পালে যিটো সেই সৰু যেনেতেনে এজনী মানুহ শুব পৰাকৈ বনোৱা বিচনাখনৰ সিটো মূৰত আঁঠুৱাখনত কথমপি নপৰাকৈ উলমি আছে।এলাৰ্মটো অফ কৰি তাই এঙামুৰি কেইটামান মাৰি অনামিকা আঙুলিটোত পিন্ধি থকা আঙুঠিটো আকৌ এবাৰ চাই ল'লে। চাই থাকি যেন হেঁপাহেই নপলাব, কালি সন্ধিয়া হোষ্টেলত সোমোৱাৰ পিছৰ পৰা অকল আঙুঠিটোৱেই চাই আছে। ৰাতি শুবলৈ বিচনাত পৰা পিছতো চকু আঙুঠিটোতে। ৰুমমেটৰ কোনোবা এজনীয়ে শুই থাক ন'হলে এলাৰ্ম শোৱাৰ আগতেই বাজিব বুলি লাইটটো অফ কৰি দিলে। তথাপিও তাই টোপনি যাব পৰা নাই মাজে মাজে মোবাইলটোৰ পোহৰতো চাই আছে। ইমান মৰম লগা আঙুঠিটো সৰু পান এখিলাতে কাঁড় চিন এডাল আৰু মাজতে এটা অকণমানি বগা পাথৰ।  সেইটোকে চাই চাই কেতিয়া টোপনি গ'ল তাই গম নাপায় আৰু টোপনিতে মোবাইল ক'ত পৰি থাকিল খবৰ নাই। আচলতে দিনটো ঘূৰি থকাৰ কাৰণে টোপনি অহাৰ পিছত একেবাৰে এলাৰ্মৰ শব্দতহে সাৰ পালে প্ৰণামীয়ে।

আঙুঠিটো চাই থাকোতে পাহৰিয়ে গৈছিল তাই সোনকালে উঠাৰ কাৰণতো। সময়টো চাই দেৰিয়েই হ'ল বুলি প্ৰণামী লৰালৰিকৈ গা ধুবলৈ গ'ল। আজি বাস্তৱ দিল্লীলৈ যাবগৈ গতিকে তাই কালিয়ে কৈ থৈছে তাই তাক এয়াৰপৰ্টত থ'বলৈ যাব। সি ইমান পুৱাতেই তাই কষ্ট নকৰিলেও হ'ব বুলি কোৱাৰ পিছতো তাই নামানে। আকৌ বা কেতিয়া লগ পাব ঠিক নাই, পালেও ছমাহ সাতমাহৰ মূৰত। এইকেইদিন তাইৰ ইমান ভাল লাগিছিল, এইপোন্ধৰটা দিন কেনেকৈ হাতৰ মুঠিতে গ'ল গমেই নাপালে। ভাল লগা মূহূৰ্তবিলাক আহে আৰু যায় দুখৰ দিনবিলাকহে নাযায় নুপুৱায়। এতিয়া ছমাহলৈ বাট চাই থকাটো কিমান কষ্টকৰ তাইতকৈ ভালকৈ কোনে জানিব,একেবাৰে ছয়বছৰ যেন লাগে।
চাৰে তিনিবছৰীয়া সিহঁতৰ সম্পৰ্কটোলৈ প্ৰণামীৰ মাজে মাজে চিন্তাও হয়, ভালে থাকিবতো! এই 'সম্পৰ্ক' নামটো একেবাৰে থুনুকা, সযতনে আলফুলে ৰাখিলেও কেতিয়া ভাঙি যায় গমেই নাপায়। কিন্তু কালিৰেপৰা যেন সম্পৰ্কটো আৰু অলপ গাঢ় হ'ল। তাইৰ অনামিকা আঙুলিত সোণৰ আঙুঠিটো সোমোৱাই দি সি কোৱা কথাখিনিয়ে আৰু অলপ বিশ্বাস বঢ়াইহে দিলে। লগতে কথাও দিলে ছমাহৰ পিছত আহি ঘৰে ঘৰে চিনাকি হৈ সম্পৰ্কটো আৰু অলপ আগবঢ়োৱাৰ। ইমানদিনে সিহঁত দুয়োহে জানে এইবাৰ আহিলে দুয়ো ঘৰতে জনাব লাগিব। সি আকৌ অহালে তাইৰ এম এৰ লাষ্ট ছেমিষ্টাৰ শেষ হ'বগে। কথাবিলাক মনতে পকতিয়াই থাকোতে বাস্তৱ ইতিমধ্যে তাইৰ হোষ্টেলৰ ওচৰ পাই ফোন কৰিলে তেতিয়াহে তাই ওলাই যে যাব লাগে মনলৈ আহিল।

তাক এয়াৰপৰ্টত থৈ আহি প্ৰণামীৰ মনটো কিবা এটা বেয়া লাগি আছে। ক্লাছ যাবলৈ মন নকৰি ৰুমতে ক্লাছৰ কিবাকিবি অলপ কৰি থাকোতে টোপনি গ'ল। শুই উঠি দেখে হোৱাটচআপত কেইবাটাও মেছেজ তাৰ মাজতে এটা বাস্তৱৰ 'জাষ্ট ৰীচদ, কল ইউ লেটাৰ'। মেচেজটো দিয়া অলপ সময় হ'ল তাই চাইচেহে দেৰিকৈ। ফোন এটাকে কৰো বুলি তাই ফোনটো লগালে। 'অ প্ৰণা মই আহি পাইয়ে অফিচ আহিব লগা হ'ল ৰাতি কল কৰি আছো।' বুলি কৈ তাইক ক'বলৈ একো সুবিধা নিদি ফোনটো কাটি দিলে। তাইৰ এইবোৰ কথাতে খং উঠে দিল্লীত থাকিলে তাৰ যে কথা পাতিবলৈ সময় নাথাকে ইমান ব্যস্ত হৈ যায়। এইবাৰ ছেমিষ্টাৰ শেষ হ'লে তাইও যাবগৈ দিল্লীলৈ তেতিয়া চাবচোন কিমান ব্যস্ত সি। ঘৰলৈ আহিলে দেখোন এৰি দিবই মন নকৰে, তাই তাৰ কাৰণে ক্লাছো বাং মাৰিব লগা হয় কেতিয়াবা। উপায় নাই ইমান দিনৰ মূৰত আহে আৰু যিহে সৰু ল'ৰাৰ নিচিনা আবদাৰ তাইৰ মৰম লাগি যায়। কথাবিলাক ভাবি ভাবি তাইৰ আকৌ আঙুঠিটোলৈ চকু গ'ল।

ইচ্ ইমান দামী আঙুঠি দিয়াৰ কি প্ৰয়োজন! ইমান ডাঙৰ উপহাৰ জীৱনত এইবাৰেই প্ৰথম পাইছে তাই। প্ৰথমতে ল'বলৈ বেয়া পাইছিল যদিও তাৰ অভিমানী কথাত সন্মত হৈ ল'ব লগা হ'ল।

প্ৰণামীৰ আঙুঠি সৰুকালৰে পৰা প্ৰিয়। এতিয়া ইমান দামী সোণৰ আঙুঠি পাই আনন্দত ক'ব নোৱাৰা হৈ আছে। সৰুতে আঙুঠি পিন্ধাৰ বৰ চখ আছিল তাইৰ। মাকে উপায় নাপায় নাৰিকল গছৰ পাতেৰে ন'হলে বনগুটি জাতীয় কিবাৰে পকাই মেলি আঙুঠি বনাই দিয়ে। সেইটোকে নোপোৱালৈকে মাকক হাৰাশাস্তি কৰি দিয়ে কান্দি কান্দি। অলপ ডাঙৰ হোৱাৰ পিছত যেতিয়া স্কুল যাবলৈ আৰম্ভ কৰিলে তেতিয়া তেতেলীত পোৱা আঙুঠি পিন্ধিবলৈ ল'লে। কিমান যে ভাল পাই গোটেই কেইটা আঙুলিতে ৰঙা নীলা আঙুঠি কেইটা পিন্ধি। লাহে লাহে তেতেলীৰ আঙুঠি ভাল নলগা হৈ আহিল। কিন্তু আঙুঠি পিন্ধাৰ চখটো হ'লে মৰা নাই। অলপ ডাঙৰ হোৱাৰ পিছত মাকৰ আঙুঠিটো আজুৰিবলৈ ল'লে যিটো দেউতাকে মাকক বিয়া কৰাই আনোতেই দিয়া। সেইটো মাকে ইমান সযতনে ৰাখে, তাইক পিন্ধিবলৈ দিবলৈ মন নকৰে। নিদিয়াৰ কাৰণো নোহোৱা নহয়, প্ৰথম কথা বিয়াত দেউতাকে দিয়া আঙুঠি আৰু দ্বিতীয়তে এইটো হেৰুৱালে বেলেগ এটা যে ল'ব পাৰিব সেইটো সম্ভৱ নহয়। কিন্তু তাইক লাগিবই ইমান আঁকোৰগোজীয়া ছোৱালী। উপায় নোহোৱাত কৰবালৈ গ'লে মাকে আঙুঠিটো উলিয়াই দিয়ে লগতে সকিয়াইও দিয়ে নেহেৰুৱাবলৈ।
দেউতাকৰ এল পি স্কুলৰ চাকৰিটোৰ দৰমহাৰে সিহঁত ছোৱালী দুজনী আৰু ভায়েকটোক পঢ়োৱাৰ পৰা ঘৰ চলোৱালৈকে সহজ কথা নহয়। গতিকে সোণৰ আঙুঠি পিন্ধাটো সিহঁতৰ কাৰণে বিলাসিতাৰ নিচিনা আছিল। যিমান পাৰে মাকৰটো পিন্ধিয়ে চখ পূৰাইছিল যদিও এদিন কেনেবাকৈ সেইটো তাইৰ আঙুলিৰপৰাই নোহোৱা হ'ল। কেনেকৈ কি হ'ল তাই নিজেও গম নাপালে। আঙুঠিটো হেৰাওতে মাকৰ মুখখন যে কেনেকুৱা হৈছিল এতিয়া মনত পৰিলেও তাইৰ দুখ লাগি আহে। তেতিয়াৰ পৰাই তাই শপত খালে যেতিয়ালৈকে নিজৰ বুলি নাথাকে তেতিয়ালৈকে তাই আঙুঠি নিপিন্ধে। আঙুঠিটো চাই কথাবিলাক ভাবি থাকোতে তাই কেতিয়া সন্ধিয়া লাগিল গমেই নাপায়। ফোনটো বাজোতেহে তাই বাস্তৱলৈ উভতি আহিল। মাকক ক'ব নেকি আঙুঠিটোৰ কথা, নালাগে থাকক মাকে বা কেনেকৈ লয় কথাটো ঠিক নাই।

এনেকৈয়ে প্ৰণামীৰ দিনবিলাক গৈ আছে। পৰীক্ষা ওচৰ পোৱাত একো ভাবিবলৈ সময় নোহোৱা হৈছে। ভাল ৰিজাল্ট এটা কৰিব লাগিব তেতিয়াহে তাইক মাক দেউতাকে দিল্লীলৈ পঠাব। ভাল চাকৰি এটা পালে ভায়েকক পঢ়োৱাৰ দায়িত্ব তাইয়ে ল'ব, দেউতাকে অলপ হ'লেও সকাহ পাব। কিমাননো কৰিব দেউতাকে অকলে অকলে, বেয়াও লাগে তাইৰ।
আজি তাইৰ পৰীক্ষা শেষ আৰু এসপ্তাহৰ পিছতে বাস্তৱ আহিব। কথাটো মনত পৰি পুৱাৰেপৰা তাইৰ ভাল লাগি আছে। পৰীক্ষাটো দি সি অহাৰ আগতেই কেইদিনমানৰ কাৰণে ঘৰৰ পৰা আহিব লাগিব। আজিৰ পেপাৰখন ভাল হ'লেই হ'ল বাকী কেইখনৰ নিচিনাকৈ বুলি ওলাই গ'ল পৰীক্ষালৈ।

শেষৰটো ছেমিষ্টাৰৰ শেষ পৰীক্ষা সেয়ে হোষ্টেল পাঁওতে অলপ দেৰিয়েই হ'ল। পৰীক্ষাৰ কাৰণে এইকেইদিন বাস্তৱৰ লগত ভালকৈ কথাই পাতিব পৰা নাই আজি অলপ পাতিব লাগিব। কাইলৈ পুৱাই আকৌ ঘৰলৈ যাব গতিকে কাপোৰ-কানি বিলাকো ঠিক কৰিব লাগিব। তাই হোষ্টেল পাইয়ে বাস্তৱক ফোন লগালে, সেই একেই উত্তৰ ব্যস্ত আছে পিছত ফোন কৰিব। তাই ঘৰলৈ যোৱাৰ কথাটো কঁওতে ইমান গুৰুত্ব নিদিলে। তাইৰ আজি সঁচাকৈয়ে বেয়া লাগিল ইমান ব্যস্ত থাকেনে মানুহ। সি ফোন নকৰালৈকে তাইও নকৰে বুলি তাই বস্তুবিলাক ঠিক কৰাত লাগিল। কিন্তু বাৰে বাৰে চকু মোবাইলত। নাই তাইৰ অপেক্ষাক যেন ফোনটোৱেও ভেঙুচালি কৰি হাঁহিলে। পিছদিনা  পুৱাই উঠি প্ৰণামী খৰখেদাকৈ ঘৰলৈ বুলি ওলাল। কিন্তু তাইৰ অপেক্ষিত ফোনকলটো এতিয়াও নাহিল। তাই বাছত ঘৰলৈ গৈ আছে যদিও মুকলি হ'ব পৰা নাই। মনত কিছুমান নাভাবিব লগা কথাই আহি আউল লগালে। কি যে কৰিব, আকৌ এবাৰ ফোন কৰি চাব নেকি বুলি ভাবোতেই ফোনটো বাজি উঠিল। স্ক্ৰীণত জিলিকি উঠা নামটো দেখি অলপ অভিমানো হ'ল আৰু ভালো লাগিল। ৰিচিভ কৰো নকৰোকৈ ৰিচিভৰ বুটনটো ডবাওতেই সিফালৰ পৰা চিঞঁৰি উঠিল ' ৰিচিভ কৰোতে ইমান সময় লাগে নে, কি কৰি থাকা ইমান।' কালি ৰাতিৰ পৰা খবৰেই নাই এতিয়া আকৌ তেওঁৰ উৎপাতটো বেছি। খংটো উঠি আহিছিল যদিও প্ৰণামীয়ে নিজকে সম্বৰণ কৰি ঘৰলৈ যোৱাৰ খবৰটো দিলে। কথাটো শুনি সি যেন খুব ভাল পাইছে তেনেকুৱা কৰি ক'লে 'যোৱা থাকি আহা মই গৈ তোমাক লৈ আহিম' ফোনত সি কোৱা কথাকেইটাই যেন তাইক নতুনকৈ জীৱনহে দিলে। যিমান খং আছিল তাৰ ওপৰত সকলোবোৰ নিমিষতে মাৰ গ'ল। আনন্দতে পখিলীজনী হৈ তাই ঘৰ পালেগে। ঘৰত তাই তাৰ লগত ইমান ভালকৈ কথা পাতিব পৰা নাই যদিও যি পাৰে পাতিছে, প্ৰণামীয়ে এইবাৰ ঘৰত কথাবিলাক অলপ অচৰপকৈ  কাণ চোৱাইছে। গতিকে সি আহিম বুলি কঁওতে মাক-দেউতাকে ভাল পাইছে যি হ'লেও ল'ৰাটো লগ পালে গম পাব কেনেকুৱা প্ৰকৃততে।

কিন্তু আজি দুদিনমানৰ পৰা দেখোন তাৰ মোবাইলটো অফ। সিটো পৰহিয়েই অহা কথা ঘৰলৈ, তাৰপিছত সিহঁতৰ ঘৰলৈ আহি তাইক লৈ যোৱাৰ কথা।ফেচবুকটো মেচেজ কৰিছে কোনো ৰিপ্লাই নাই। তাই কেইদিনমান বাট চালে কিন্তু নাই কোনো শুংসূত্ৰই নাই। তাইৰ খুবেই চিন্তা হ'ল এনেকুৱাতো কাহানিও নকৰে। কেতিয়াবা কিবা কথাৰ কটাকটি হ'লে এদিনমান এনেকুৱা কৰে কিন্তু পিছত ঠিক হৈ যায়। কিবা বিপদ আপদ হোৱা নাইতো, কথাটো মনলৈ অহাত তাই শংকিত হৈ উঠিল। নাই কাইলৈ পুৱাই তাই যাবগৈ হোষ্টেল। কিন্তু এতিয়া কাৰ ওচৰত খবৰ ল'ব তেনেকুৱা তাৰ লগৰ চিনাকিও কোনো নাই। ফোনটোত কেনেবাকৈ কাৰোবাৰ নম্বৰ থাকিব পাৰে বুলি ফোন লিষ্টখন চাই থাকোতে তাৰ মাকৰ নম্বৰটো চকুত পৰিল। বাস্তৱে এদিন তাইলৈ এইটো নম্বৰৰ পৰা ফোন কৰোতে মাকৰ নম্বৰ বুলি কোৱাত তাই চেভ কৰি থৈ দিছিল। তাই নম্বৰটো উলিয়াই কৰো নকৰোকৈ এইটোতে ডাইল কৰিলে, বহুত সময় ৰিং কৰাৰ পিছত ৰিচিভ কৰিলে।

'হেল্ল কোনে ক'লে?' সিফালৰপৰা মাকৰ মাতটো শুনি তাই থতমত  খালে যদিও সোধো নোসোধোকৈ ক'লে ' মই মানে বাস্তৱৰ লগৰ, তাৰ ফোনটো নোপোৱাৰ কাৰণে' তাইৰ কথাখিনি শেষ কৰিবলৈ নাপাওঁতেই মাকে কৈ গ'ল 'বাস্তৱে ড্ৰাইভ কৰি আছে আৰু আজি দিনটো সি ব্যস্ত আছিল যে, এতিয়া তাৰ কইনাৰ আঙুঠি পিন্ধাই ঘৰলৈ আহি আছো, গৈ পাই.....' মাকে উৎসাহেৰে আৰু কি কি কৈ আছিল তাইৰ শুনিবলৈ ধৈৰ্য্য নাছিল। ভৰিৰ তলৰ মাটিবোৰ ফাটি তাই যেন তললৈ সোমাই গৈ আছে, চকুৰে ধোৱা-কোৱা দেখিলে। কি হৈছে তাইৰ এইবোৰ কাণখনো গধুৰ হৈ আহিল।
বাস্তৱে আঙুঠি পিন্ধালে আজি, কিন্তু কাক? তাইক ছমাহৰ আগতে যে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিৰে পিন্ধাই গৈছিল সেইয়া কি মিছা আছিল নেকি? কিন্তু সেই আঙুঠিৰ সাক্ষী কেৱল বাস্তৱ আৰু তাই আছিল। কিন্তু আজি সকলোকে সাক্ষী কৰি বেলেগ এগৰাকীক জীৱন লগৰী কৰা প্ৰতিশ্ৰুতি দি আহিল। কথাবোৰ যিমান মনলৈ আহিল তাইৰ নিজৰ ওপৰতে ঘৃণা উপজিবলৈ ধৰিলে। কিয় তাই তাৰ মিঠা কথাত ভোল গৈ কেইদিনমানৰ চিনাকিতে বহুত দূৰলৈকে ভাবিবলৈ ধৰিলে। নামত সিহঁতৰ সম্পৰ্কটো আছিল চাৰে তিনিবছৰীয়া কিন্তু এইকেইটা বছৰত তাই তাৰ চলাহী কথাবোৰ বুজি কিয় নাপালে। সেই নিজান দুপৰীয়াৰ ক্ষণটো যিতো তাইৰ জীৱনৰ ভাললগা মূহূৰ্তবিলাকৰ এটা বুলি ভাবিছিল আজি সেই ক্ষণটোৱে তাইৰ বুকুতে কামোৰটো মাৰিলে।

আঙুঠিটো তাইৰ আঙুলিত পিন্ধাই সি তাইৰ উষ্ম ওঁঠত আঁকি দিয়া চুমাকেইটা এই মূহূৰ্তত এটা বিষাক্ত পৰুৱাই কামোৰ মৰা যেন লাগিল। ধীৰ গতিত তললৈ নামি অহা তাৰ হাতখন বিজলুৱা কুমজেলেকুৱা এডাল তাইৰ গাত বগাই গোটেই গাটো লেতেৰা কৰা নিচিনা লাগিল, যি তাই বাৰম্বাৰ ধুইও চাফা কৰিব নোৱাৰে। যিটো মূহূৰ্তত সি দিয়া আঙুঠিটো পিন্ধি আনন্দত ক'ব নোৱাৰা হৈছিল, আজি সেই আঙুঠিটোৰ বিনিময়ত হেৰুৱাই পেলোৱা অমূল্য সম্পদৰ কথা ভাবি তাই শিয়ৰি উঠিল। যিটো আঙুঠি চাই থাকিও হেঁপাহ পলোৱা নাছিল, আজি সেইটোৱে যেন বাস্তৱৰ ৰূপেৰে তাইলৈ চাই দাঁত নিকটাই বিকৃত হাঁহিৰে উপলুঙাহে কৰি আছে। আঙুঠিটোলৈ চকু যাঁওতেই সেইটো খুলি দলিয়াই পেলালে, যাক পিন্ধি চাই থাকোতে বাস্তৱৰ বাস্তৱ ৰূপটো দেখা পোৱা নাছিল। কিন্তু আঙুঠিটো দলিয়াই পেলালে কি হ'ব, তাই জানো বাস্তৱে প্ৰেমৰ নামত দেহে-মনে বহাই যোৱা কামোৰৰ দাগবিলাক আঁতৰাব পাৰিব! সৰুৰে পৰা আঙুঠি পিন্ধি ভালপোৱা ছোৱালীজনীৰ এতিয়া 'আঙুঠি' শব্দটো শুনিবলৈও বেয়া পোৱা হ'ল।