Popular Posts

Search This Blog

Tuesday, 23 August 2016

এয়েইটো জীৱন (This is Life)!


বাহিৰত চিপচিপকৈ বৰষুণ দিবলৈ ধৰিছে লগত অলপ বতাহো বলি আছে সেয়ে মাজে মাজে বতাহৰ কোবত খুলি থোৱা খিড়িকীখনে বৰষুণৰ চিটিকণি আহি এনিশা বহি থকা কোঠাটোতো পৰিছে। আগতে হোৱা হ'লে এনেকুৱা বৰষুণত তিতিবলৈ দৌৰ মাৰিলেহেঁতেন ছয়বছৰীয়া সন্তান ধ্যানকো লগত লৈ লয়। এটা সন্তানৰ মাক হৈও কিছুমান সৰু সৰু ভাল লগা স্বভাৱ তাই এতিয়াও এৰিব পৰা নাই, সেই আগৰ দৰে চটফটি এনিয়ে হৈ আছে। এনেকে বৰষুণত তিতি থকা দেখিলে জীতৰ বিৰাত খং উঠে, মাকজনী হৈ পুতেকক মানা কৰা সলনি উৎসাহহে দিছে। এইবিলাক কথাৰ কাৰণে তাই অকল জীতৰ পৰাই নহয় মাক-দেউতাক, শাহু-শহুৰ সকলোৰে পৰা গালি খায়। কিন্তু সলনি ন'হল এনিশা, এনেকুৱা সৰু ল'ৰা ছোৱালীৰ নিচিনা স্বভাৱৰ কাৰণে পুতেক ধ্যানেও সুবিধা নোলোৱা নহয়।
'মা, কি তুমি সৰু ছোৱালীৰ নিচিনা কৰি আছা বৰষুণ পৰি আছে গাত আৰু খিড়িকীখন মাৰি দিয়া নাই' ধ্যানৰ মাততহে এনিশাৰ ধ্যান ভাঙিল। লৰালৰিকৈ বতাহে খেলিমেলি কৰি থৈ যোৱা চুলিখিনি ঠিক কৰি খিড়িকীখন মাৰিবলৈ উঠি গ'ল।
'ব'লা মা আইতাই গাখীৰ গৰমাইছে আমাৰ দুয়োলৈকে, তুমি বোলে আজি একো খোৱা নাই এনেকুৱা কিয় কৰিছা...' আৰু কিবা কিবি কৈ কৈ মাকক ধ্যানে হাতত ধৰি লৈ গ'ল। এই তিনিমাহতে যেন ল'ৰাটো তাই ভবাতকৈ বহুত ডাঙৰ হৈ গ'ল। তাই যেন ধ্যানৰ মাক নহয় ভনীয়েকহে তাৰ কথাকেইটা তাইৰ তেনেকুৱাই লাগিল। সঁচাকৈয়ে তাক ভনীয়েক ন'হলে ভায়েক এটা লাগে যিটো কথা এনিশাই বুজি পাবলৈ অলপ সময় লৈছিল। তাইৰ মতে এটা সন্তানেই যথেষ্ট আজিকালিৰ দিনত, কিন্তু জীতে কথাটো কোনোপধ্যেই মানি লোৱা নাছিল। ধ্যানক এটা লগৰ দৰকাৰ, যাৰ জৰিয়তে মৰম কি, দায়িত্ব কি সি বুজি পাব ভালকৈ। শেষত তাই মান্তি হৈছিল দ্বিতীয় সন্তানটিৰ কথা ভাবিবলৈ।
'আৰে মা তুমি দেখোন গাখীৰখিনি খোৱাই নাই এতিয়াও। খোৱা খোৱা দিতামণিয়ে কৈছিল নহয় এতিয়া তুমি ভালকৈ খোৱা বোৱা কৰিব লাগিব।' ছয়বছৰীয়া সন্তান ধ্যানক কি বুলি ক'ব তাইৰ যে একো কৰিবৰ মন যোৱা নাই।
তিনিমাহৰ আগতে যিজাক ধুমুহা পাৰ হৈ গ'ল সেইজাকে এনিশাই সযতনে গঢ় দিয়া জুপুৰীটো একেবাৰে ভাঙি থৈ গ'ল। পেটত তাইৰ হ'বলগীয়া ছয়মহীয়া সন্তান যিয়ে পৃথিৱীলৈ অহাৰ আগতেই দেউতাকৰ মৰম হেৰুৱালে। বুকুখন ধৰফৰাই উঠিল তাইৰ, কি কৰো কি নকৰো কৈ উঠি যাবলৈ ধৰোতেই হাতৰপৰা পৰি গাখীৰৰ গিলাচটো ভাঙিল। গাখীৰখিনি খাই পঢ়িবলৈ উঠি যোৱা ধ্যান একেকোবে মাকৰ ওচৰ পালেহি 'মা কি কৰিছা তুমি, এনেকুৱা সময়ত তুমি সাৱধানে থাকিব লাগে। দিতামণিয়ে কৈছিল নহয় মোক তোমাৰ গাত লাগি থাকোতে এতিয়া বোলে তোমাক একেবাৰে ভালকৈ ৰাখিব লাগিব য'ত ত'ত দুখ পালে বেয়া।' ধ্যানৰ কথা শুনি এনিশাৰ এনেকুৱা লাগিছে জীতে কেনেবাকৈ গম পাইছিল নেকি তাৰ কমি অহা আয়ুসৰ কথা, পুতেকক ইমান ডাঙৰ কৰি থৈ গ'ল কথাই বতৰাই। তাইৰ সুধিবৰ মন গ'ল দিতামণিয়ে তাক আৰু কি কি শিকাই থৈ গ'ল। সেইদিনা এক্সিডেণ্টত পতিত হোৱা জীতৰ গাড়ীখনত সিহঁত তিনিওটা থকা হ'লেই ভাল আছিল এনিশাই কেতিয়াবা ভাৱে। আহিবলগীয়াটোৰ সৈতে সিহঁত চাৰিটা হ'লহেঁতেন এখন সুখৰ সংসাৰ কিন্তু খন্তেকতে সকলো শেষ। দিশহাৰা এনিশাই ভাঙি যোৱা জুপুৰীটো আকৌ বান্ধিব কেনেকৈ? ধ্যান আৰু ফুলিবলগীয়া ফুলপাহক মৰহি যাবলৈ দিব নোৱাৰে কিন্তু জীতৰ অবিহনে তাই কৰিব কি? এইবোৰ কথাই এনিশাজনীক একেবাৰে দহি নিছে। ধ্যানৰ লগত এইকেইমাহ তাই অলপো বহিব পৰা নাই সিও আমনি কৰা নাই মাকক আইতাক ককাকৰ লগতে আছে।
আজি বহুত দিনৰ মূৰত ধ্যানৰ ওচৰত বহিবলৈ আহি দেখিলে আইতাকৰ লগত লুডুখন লৈ খেলি আছে লগতে আইতাকক বুজাই আছে ' জানা আইতা মা দিতামণিয়ে কৈছিল মই যে এতিয়া দাদা হ'ম সেয়ে চব কাম মইয়ে কৰিব লাগিব মাক দিগদাৰ কৰিলে কষ্ট পাব আৰু এতিয়াটো দিতামণিও নাই মাক মইয়ে চাব লাগিব।' কথাবিলাক শুনি এনিশাৰ বিশ্বাসেই হোৱা নাই তাইৰ কণমানিটো যে এই তিনিমাহত ইমান ডাঙৰ হ'ল। তাই ধৈৰ্য ধৰিব লাগিব দুখৰ চোলাটো সোলোকাই ভাঙি থানবান হোৱা জুপুৰীটো নতুনকৈ গঢ় দিব লাগিব নিজৰ কাৰণে ন'হলেও ধ্যান আৰু আহিবলগীয়া সন্তানৰ বাবে,এয়েইটো জীৱন। বৰষুণজাক দিয়েই আছে এতিয়াও, তাই ধ্যানক লৈ ওলাই গ'ল বৰষুণৰ পানীত দুখবোৰ ধুই পেলাবলৈ।
Post a Comment