Wednesday 14 December 2022

লগ পাম তোমাক ইপাৰে!

আইতা.....

সৱিতা.....
আইতা.....
সৱিতা.....
দহবছৰীয়া নাতিনীয়েক জিয়াই যিমান জোৰেৰে চিঞৰিছে ককাকে লগে লগে সমানে ঘৈণীয়েকৰ নাম ধৰি চিঞৰিছে। এইসময় সিহঁতৰ বাবে খুউব ধুনীয়া। ককাক আৰু নাতিনীয়েকৰ সময়।
আবেলি প্ৰায় চাৰিটামান বজাত জিয়াই ককাকক লৈ ওলাই যায় সিহঁতৰ ঘৰৰ পৰা অলপ দূৰৈত থকা পাৰ্কখনৰ ওচৰলৈ। তাতেই দুয়োটাই এক, ডেৰঘণ্টামান কটাই আকৌ ঘৰলৈ উভতি আহে। জিয়াৰ দেউতাকে ককাক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ অনাত তাইৰ বিৰাট ফূৰ্তি। অন্তত: এতিয়া তাইৰ লগত সকলো সময়তে থাকিবলৈ কোনোবা এজন আছে। তাইৰ মাক-দেউতাকেও ভাল পাইছে তেওঁলোকেও তেওঁলোকৰ দুয়োৰে কামত অলপ বেছি সময় দিব পাৰিব।
: ব'লা আজি আমি আইতাক চিঞৰি চিঞৰি মাতিম
ককাকৰ হাতত ধৰি ঘৰৰ গেটখন খুলি ওলাই অহা জিয়াই ককাক উদ্দেশ্যি ক'লে।
: আইতা, ক'ত আইতা?
তাইৰ কথাকেইটা শুনি হঠাৎ অস্থিৰ হৈ ককাকে তাইক সুধিলে।
: ব'লা আমি গৈ আছোঁ আইতাৰ ওচৰলৈ
জিয়ায়ো ককাকৰ কথাত মূৰটো জোঁকাৰি কথাটো কৈ তেওঁৰ হাতত ধৰি ফুটপাথটোত উঠিলগৈ।
দুয়ো গৈ পাৰ্কখনৰ ভিতৰলৈ সোমাই গৈ খালী হৈ থকা বেঞ্চ এখনতে বহিলগৈ।
: ককা চোৱানা বেলিটোলৈ
জিয়াই তাইৰ সোঁহাতখন পঠালিকৈ তাইৰ চেলাউৰিযোৰৰ ওপৰত ৰাখি মূৰৰ ওপৰৰ পৰা লাহে লাহে তললৈ নামিবলৈ ধৰা বেলিটোলৈ চাই ককাক ক'লে।
: হমম সৱিতাই বেয়া পাইছিল
: কি বেয়া পাইছিল
: অস্ত যোৱা বেলিটোলৈ চায়।
'অস্ত যোৱা' মানে বুলি মুখৰ ভিতৰতে কৈ নখটো কামুৰি জিয়াই ককাকক সোধে যদিও ককাকৰ পৰা একো উত্তৰ নাহিল।
: অ'কে বুজিলোঁ। ককা কোৱানা আইতাৰ লগত তুমি আগতে ক'ত ক'ত ফুৰিব গৈছিলা?
এনেকৈয়ে নাতিনী জিয়াই সদায় ইটো সিটো সুধি ককাকক ব্যতিব্যস্ত কৰি থাকে। কেতিয়াও ব্যতিক্ৰম নহয়। তাই জানে ককাকে আইতাকৰ অভাৱ যে প্ৰত্যেক মুহূৰ্ততে অনুভৱ কৰে। সেয়ে আইতাকৰ কথা সোধাকে সুধি থাকিলেও ককাকে আমনি নাপায়।
সদায় লেপটপ, মোবাইল লৈ নিজৰ নিজৰ কামত ব্যস্ত থকা মাক-দেউতাক দুয়োটাকে একেলগে পাবলৈ জিয়া আজিকালি আগৰ দৰে উদগ্ৰীৱ হৈ নাথাকে। কেৱল চাগে পাঁচ মিনিটৰ কাৰণে মাক-দেউতাকক তাই একেলগে পাই তাইৰ স্কুলৰ পেৰেণ্ট-টিচাৰ মীটত। দেউতাকটো প্ৰায়েই ইখন চহৰ, সিখন চহৰ অফিচৰ কামত ঘূৰিয়েই থাকিবলগীয়া হয়। পুৱাই ওলাই গৈ সন্ধিয়া ভাগৰে-জুগৰে ঘৰ সোমোৱা মাকৰো দিনটোত ককাকে কৰি থোৱা কিছুমান কাণ্ড দেখিলে খংটোৱে টিঙিচকৈ মাৰে। তথাপিও জিয়া আৰু শহুৱেকৰ মুখলৈ চায়েই খংটো দমাই থয়।
: ককা কোৱানা আইতাক ফাৰ্ষ্ট কেনেকৈ লগ পাইছিলা?
জিয়াই জানে ককাকে আইতাকৰ কথাবোৰ সুধিলে যিমান উৎফুল্লিত হৈ উত্তৰবোৰ দি যায়। বাকী কথাবোৰ সুধিলে ক'ৰবাত খোকোজা লাগে। আনকি দেউতাকৰ সৰু কালছোৱাৰ কথাবোৰতো ককাক আপোনপাহৰা হৈ উঠে। সেইদিনা ককাকক আইতাকক প্ৰথম লগ পোৱাৰ কথা সুধোঁতে ককাকৰ মুখত ফুটি উঠা উজ্জ্বল আভাখিনি জিয়াই বুজি নাপালেও কাষতে বহি কিবা কাম কৰি থকা মাকে ঠিকেই মন কৰিছিল। তেতিয়া আকৌ তেওঁৰ মনটোৱে কোনোবাখিনিত সুখ অকণ বুটলিছিল। তেওঁলোকে দিব নোৱাৰা সময়খিনি ককাক নাতিনীয়েক দুয়ো দুয়োৰে মাজত ভগাই ল'ব পাৰিছে। সেয়ে ৰাতি শুৱাৰ সময়ত মাকে উলিয়াও বুলিয়েই উলিয়াইছিল,
: জিয়া আইতাক ককাই কেনেকৈ লগ পাইছিল?
মাকৰ প্ৰশ্নটোত জিয়াই ককাকৰ সমানেই আনন্দ পাইছিল অন্তত: মাকে নিজৰ কাম এৰি তাইৰ কথা শুনিবলৈ বিচাৰিছে।
তেতিয়া ককাক চলফলীয়া এজন যুৱক। প্ৰথম চাকৰি পোৱাৰ পিছত ঘৰলৈ আহিছিল এসপ্তাহৰ ছুটিত। কোনোবা এটা পুৱা তেওঁৰ দেউতাকৰ খুউব ভাল লগৰ এজন আহিছিল তেওঁলোকৰ ঘৰলৈ আহিছিল এপাক খবৰ-খাতি কৰি যাওঁ বুলি। তেওঁৰ চাইকেলৰ কেৰিয়াৰতে বহি আহিছিল চৈধ্য পোন্ধৰ বছৰীয়া ছোৱালী এজনী। ছোৱালীজনীৰ পিন্ধনত এটা ফুটফুটীয়া ফ্ৰক, ৰঙা ফিটাৰ সৈতে দুফালে দুডালি বেণী, ভৰিত এযোৰ নীলা হাৱাই চেন্দেল। চোতালতে বহি দেউতাকহঁতৰ লগত কথা পাতি থকা তেওঁৰ চকু বাৰে বাৰে ছোৱালীজনীৰ মৰমলগা মুখখনে টানি নিছিল। তেওঁলোক গুচি যোৱাৰ পিছতো তেওঁৰ সেই মুখখন বাৰে বাৰে মনত পৰি থাকিল। তেওঁৰ আকৌ মাকে মনতে ভাবি থৈছিল এইবাৰ আহোঁতেই বিয়াখনৰ কথা উলিয়াব। ক'ৰবাত যদি নিজেই ঠিক-ঠাক কৰি থৈছে ক'ব লাগে, নহ'লে মাকহঁতে বিচাৰ-খোচাৰ কৰিব। সেইখিনিতেই সুযোগটো বুজি তেওঁ মনৰ কথা ক'লে আৰু পিছৰবাৰ ছুটিত আহোঁতে মৰমলগা মুখৰ অধিকাৰিণী তেওঁৰ ঘৰৰ লখিমী হ'ল।
: মা শুনাচোন ককাই সেইখন ঘৰলৈ যাবলৈ বিচাৰিছে।
জিয়াৰ মূৰত হাত বোলাই তাই কৈ থকা কাহিনী শুনি থকাৰ পৰাই মাকে মাত লগালে,
: কোনখন ঘৰ?
: তেওঁ চাকৰি কৰোঁতে থকা ঘৰখন, য'ত তেওঁ আইতাক বিয়া কৰাই লৈ গৈছিল।
জিয়াৰ কথাত মাকে কিবা এটা বুজি পাই মাত দিলে,
: তুমি এটা কাম কৰিবা, ককাক কাইলৈৰ পৰা ককাই কৰি ভালপোৱা কামবোৰ কৰিবলৈ দিবা।
মাকে যেন জিয়াক এক ডাঙৰ দায়িত্বহে সঁপি দিলে। মাকৰ কথাই জিয়াৰ সেই অকমানি মনটো চুই গ'ল "অন্তত: মাকহঁতে এতিয়া আৰু তাইক দহবছৰীয়া সৰু ছোৱালীজনী বুলি ভাবি থকা নাই।"
সেইদিনাৰ পৰা তাইৰ দায়িত্ব বাঢ়িল। স্কুললৈ যাওঁতে ককাক কিবাকিবি কৰিবলৈ দি যায়, ঘূৰি আহি তাই পৰীক্ষা কৰে। প্ৰায়বোৰ কামেই যদিও মাকলৈ আহুকালহে মাতে, জিয়াই কাণ্ড-কাৰখানাবোৰ চাই আনন্দ পাইছে। বেয়া হোৱাখিনি শিকাই দিয়ে। ককাকেও সৰু ল'ৰাটোৰ দৰে মূৰটো জোঁকাৰি শলাগি থয়। এদিন তাই ককাক তাইলৈ এখন চিঠি লিখিবলৈ দি থৈ গ'ল। স্কুলৰ পৰা আহি দেখিছে গোটেই বহীখনত আঁকি বাঁকি, মাজে মাজে দুই এটা পাতো ফালি থৈছে। তাকে দেখি তাই সিহঁতৰ ঘৰত কাম কৰা অনিতাবাক সুধোঁতে ক'লে যে বাৰে বাৰে মুখেৰে ভোৰভোৰাই কিবা কয় আৰু লিখিবলৈ চায়। লিখিব নোৱাৰি সেইবোৰকে কৰি কান্দিছে চিঞৰি চিঞৰি। তাই ককাকৰ অৱস্থাটো দেখি নিজেই বহী এখনেই, পেন এটাই আনি ককাকৰ কাষতে বহি ক'লে,
: তুমি কৈ যোৱা মই লিখি যাম।
"মৰমৰ গোঁসানী,
মোৰ ভাল। আশাকৰোঁ তোৰ ভাল। তোলৈ মোৰ খুউব মনত পৰে। চিঠি এখন লিখিম বুলিও... আজিকালি পাহৰি যাওঁ নেকি কথাবোৰ... অহ, মোৰ পেনটো তোৰ দেউতাৰে চুৰ কৰি...। গোঁসানী...ভালকৈ থাকিবি। ককা তোৰ লগত সদায়..."
ঘেঁহাই ঘেঁহাই, থোকুথুকি মাতেৰে ককাকে কৈ যোৱা কথাকেইটা জিয়াই জিয়াই বুজি বুজি লিখোঁতে অলপ সময় ল'লে। তলত মূৰ কৰি একান্ত মনেৰে চিঠিখন লিখি যোৱা জিয়াই শেষৰ শব্দটোলৈ বহুতপৰ বাট চোৱাৰ পিছত একো মাত নুশুনি মূৰ তুলি চাই দেখে ককাক সেই বহাতেই টোপনি গৈছে। শুই থকা ককাকৰ মুখখন দেখি জিয়াৰ কিবা এটা মৰম লাগি গ'ল। শয়নে সপোনে আইতাককে দেখি থকা ককাকে তাইক ইমান ভাল পায়। চিঠিখন লিখা কাগজপাতটো ফালি তাই জাপি-কুচি নিজৰ লগত ৰাখি লৈ অনিতাবাৰ সহায়ত বহাতেই শুই পৰা ককাকক বিছনাখনত শুৱাই দি কপালতে চুমা এটা দি তাই ৰূমটোৰ পৰা ওলাই আহিল।
"ভগৱান ককাক ভাল কৰাই দিয়াচোন"
আজিকালি জিয়াই মন্দিৰ, মছজিদ, গীৰ্জা যি দেখে মূৰটো দুৱাই কেৱল সেইটো প্ৰাৰ্থনাই কৰে। এদিন ককাকে তাইক কৈছিল সৰু ল'ৰা-ছোৱালীৰ প্ৰাৰ্থনা বোলে ভগৱানে শুনে। সেয়ে আইতাকৰ তেওঁৰ ওপৰত থকা অভিমান ভাঙি তেওঁক আকৌ ককাকৰ ওচৰলৈ উভতাই আনিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কৈছিল। ককাকৰ কথাত দহবছৰীয়া জিয়াৰ মনটো কান্দি উঠিছিল। ককাকে হয়তো সেই সময়ত পাহৰি গৈছিল আইতাক যে কেতিয়াও তেঁওৰ ওচৰলৈ উভতি আহিব নোৱাৰা দেশলৈ গ'লগৈ। কিন্তু ককাকৰ সেই কথাটো জিয়াৰ মনত ৰৈ গ'ল, ক'ৰবাত কিবা এটা আশা পুহি ৰাখিছেই সকলো নুশুনিলেও কিজানি দুই এটা কথা ভগৱানে শুনেই।
: সৱিতাই আগতে মোক চিগাৰেট খালে খুউব গালি দিছিল।
বাটত পৰি থকা কোনোবাই খাই থৈ শেষ কৰি থৈ যোৱা চিগাৰেটৰ টুকুৰাটো বুটলি লিৰিকি-বিদাৰি চাই ককাকে জিয়াক কয়।
: তুমিনো কিয় খাইছিলা চিগাৰেট।
: অকল ময়েই খাইছিলোঁ নেকি? আমাৰ মুন তেতিয়া চাগে ক্লাছ এইটত। মোৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই চলাইকাঠীটো মাৰি গেৰেজটোৰ পিছফালে চিগাৰটটো জ্বলাই লৈছিলহে দেখিলে নহয় সৱিতাই...
দুইখন হাতেৰে চাপৰি বজাই হাঁহি হাঁহি জিয়াক কথাকেইটা কৈ গ'ল।
: তাৰপিছত তুমি কেতিয়া এৰিলা চিগাৰেট?
জিয়াই যেন কিবা এটা জানিবলৈহে চেষ্টা কৰিছে তেনেদৰে ককাক কথাটো সুধিলে।
: সেইদিনাই। সৱিতাই ঘোষণা কৰি দিলে নহয়, হয় মই আৰু চিগাৰেট থাকিম, নহয় সৱিতা আৰু মুন থাকিব। বছ, হৈ গ'ল। সৱিতা আৰু মুনকটো এৰিব নোৱাৰোঁ চিগাৰেটেই এৰি দিওঁ।
এইবাৰ ককাকে হাঁহি হাঁহি কথাকেইটা কৈ সৰু ল'ৰা এটাৰ দৰে উচুপি উঠিল।
: দিয়া এতিয়া এইটো পেলাই দিয়া আৰু ঘৰলৈ যাওঁ ব'লা
জিয়াই ককাকৰ হাতৰ পৰা চিগাৰটেৰ টুকুৰাটো লৈ দলিয়াই দি তেওঁক ঘৰলৈ লৈ আহিল।
সেইদিনাও জিয়াই ককাকক পাৰ্কখনলৈ লৈ গৈছিল। ককাকক খালী বেঞ্চ এখন পাই বহুৱাই দি তায়ো কাষতে বহি ককাক কৈছিল আজি দুইটাই আইতাকক মাতিব। সেয়ে দুয়োয়ে 'আইতা, সৱিতা' বুলি চিঞৰাত লাগিল। অলপ সময়ৰ পিছত চিঞৰি জিয়াৰ ভাগৰ লগা ককাক আইতাকক ফুৰাবলৈ নিয়াৰ পৰা আৰম্ভ কৰি কিবাকিবি সুধিবলৈ লাগিল। এনেকৈ সুধি থকাৰ মাজতে ককাকে মাত লগালে,
: গোঁসানী সৌজনী চা সৱিতা আহিছে। চা সেয়া মুখখন ফুলাই আহিছে।
ককাকৰ কথা শুনি জিয়াই ইফালে সিফালে চাই কাকো ক'তো চিনাকি মানুহ নেদেখিলে। মাত্ৰ পাৰ্কখনৰ সিটো পাৰে সিহঁতৰ ঘৰৰ কাষৰে হাজৰিকা আংকলহঁতৰ আইতাকক পাৰ্কখনৰ গেইটৰ ওচৰলৈকে আহি থকা দেখিলে। ককাকে কেনেবাকৈ তেওঁৰ কথাকে কৈছে নেকি আকৌ এবাৰ ককাকৰ চকুলৈ চালে। নাই ককাকৰ চকু সেইফালে নাই। তাই এইবোৰে পৰ্যবেক্ষণ কৰি থাকোঁতে আকৌ ককাকে মাত দিলে,
: তুমি বেয়া নাপাবা, ইহঁতেহে মোক এৰি নিদিয়ে। মই ইমানদিন যাওঁ যাওঁ কৈয়ে আছিলোঁ।
ককাকৰ মাত শুনি জিয়াই এইবাৰ ককাকৰ ফালে মূৰটো ঘূৰাই দেখিলে ককাকে কাষত কোনোবা বহিলে কথা পতাৰ দৰে ভৰিৰ ওপৰত ভৰি তুলি এখন হাতেৰে নিজৰ আনখন হাত মোহাৰি মূৰ জোকাৰি কথা কৈ আছে।
: ককা কি কৰি আছা, কাৰ লগত কথা পাতিছা?
: কেলৈ এইজনী আইতাৱৰ নহয়, বেয়া পাইছে তহঁতক। মোক তহঁতে এৰি দিয়া নাই যাবলৈ।
তাইক কথাকেইটা কৈ ককাকে আকৌ সিফালে মুখখন ঘূৰাই কথা পতাত লাগিল।
জিয়াই অলপ সময় কি কৰিব ভাবি ল'লে। এতিয়া যদি ককাকক তাই জোৰ কৰি ইয়াৰ পৰা উঠাই নিয়ে তেওঁৰ খং উঠিব। ককাকৰ এনেকুৱা সময়ত যদি খং উঠে কি ঘটনা ঘটিব জিয়াৰ জনা আছে। হয়তো ককাকে নিজৰ ভুলটো গম পাই নিজৰ গালতে থপৰিয়াই চিঞৰি চিঞৰি কান্দিব নহ'লে 'তহঁতে চবেই মিছা কথা কৈ থাক' বুলি বেঞ্চখনৰ পৰা উঠি দৌৰ মাৰিব। সেয়ে তাই অকণমান সময় ককাকক তেনেকৈয়ে থাকিবলৈ দি তাই উঠি গৈ বেঞ্চখনৰ ওচৰতে ঘূৰা পকা কৰি থাকিল। দহমিনিটমান তেনেকৈয়ে থাকি যেতিয়া তাই ককাকলৈ ঘূৰি চাই দেখে ককাকে কাৰোবাক হাত জোঁকাৰি বিদায় দিয়াৰ দৰে কৰি আছে। তাই তেতিয়াই দৌৰ মাৰিব আহি,
: ককা ব'লা, আইতাৰ লগত যাওঁ।
তাইৰ কথাটো শুনিবলৈ পালেহে কোন তলকত ককাকে বেঞ্চৰ পৰা উঠি দৌৰ মাৰিলে তাই ততেই ধৰিব নোৱাৰিলে।
: ককা ৰ'বা ৰ'বা
বুলি চিঞৰি চিঞৰি তায়ো ককাকৰ পিছে পিছে দৌৰ মাৰিলে। তাইৰ চিঞৰ শুনি ককাকে পাছলৈ ঘূৰি চাওঁতেই শিল এটাত উজুতি খাই ধামকৈ মাটিত মুখখন তললৈ দি বাগৰি পৰে। ককাক পৰা দেখি তাই যিহে গগণ ফালন চিঞৰ মাৰিলে ওচৰে-পাজৰে য'ত যিমান মানুহ আছিল সেইখিনি পালেহি।
দুদিন হ'ল ককাক হস্পিটেলত থকা। ডাক্তৰে মাকহঁতক কি কৈছে তাই নাজানে ভালকৈ। তাই এই দুদিনত কিন্তু ককাক দেখি জিয়াৰ কিবা এটা দুখ লাগি আছে। হস্পিটেলৰ বেডত শুই থাকিয়ে মাজে মাজে হাতখন ওপৰলৈ ডাঙি তৰ্জনী আঙুলিটো টোঁৱাই কিবা এটা দেখুৱাই ফুচফুচাই কিবাকিবি কৈ থাকে। কিন্তু মাতটো স্পষ্ট নহয়। জিয়াৰ খুউব ভয় লাগিল ককাক দেখি।
"এইবাৰ বাৰু ককাক সঁচাকৈয়ে আইতাকৰ ওচৰলৈ যাবগৈ নেকি!"
জিয়াই ভাবিব নোৱাৰে ককাকে তাইক এৰি থৈ গুচি যোৱা কথাটো। এইকেইদিন বাৰে বাৰে জিয়াই সেই চিঠিখনকে পঢ়ি আছে। শেষৰ শাৰীটো সম্পূৰ্ণ হ'বলৈ থাকি গ'ল যদিও তাই নিজেই বুজি লৈছে যে ককাকে তাইৰ লগত সদায় থকা কথাটোৱেই কৈছিল।
মনটোক তাই যিমানেই সান্ত্বনা নিদিয়ক, তাইৰ কিন্তু আইতাকৰ মৃত্যুৰ সময়ত মাকে দেউতাকক কোৱা কথাটোৱে তাইৰ মনত বৰকৈ খুন্দিয়াবলৈ ধৰিলে 'আমি অহা আৰু যোৱাত কাকো ৰখাব নোৱাৰোঁ।'।
বাৰে বাৰে ভগৱানক ককাকক আগৰ দৰে কৰি দিবলৈ খাটি আছে বেচেৰী জিয়াই। তাই স্কুলৰ পৰা আহি ককাক চাবলৈ হস্পিটেললৈ গ'ল। নাকে-মুখে পাইপ গুজি বিছনাত পৰি থকা ককাক তাইক দেখি হাত বাউল দি ওচৰলৈ মাতিলে। তাই ককাকৰ ওচৰ পোৱাত ককাকে তাইৰ হাতখনত খেপিয়াই ধৰি কঁপা কঁপা মাতেৰে ফুচফুচাই কোৱাৰ দৰে ক'লে,
"সৱিতা চিন্তা নকৰিবা আজি যামেই তোমাৰ লগত"
ককাকৰ কথা শুনি জিয়া উচুপি উঠিল। ককাকৰ হাতখন সজোৰে চেপা মাৰি ধৰি তাই উচুপি উচুপিয়ে কৈ উঠিল,
"মই তোমাৰ গোঁসানী ককা, মোক এৰি তুমি ক'তো যাব নোৱাৰা।"।

Wednesday 7 December 2022

বিয়ানামবোৰ হেৰাই যাব নেকি?


এতিয়া বিয়া বতৰ। নিজেই এতিয়ালৈকে এখনো বিয়া খাবলৈ পোৱা নাই যদিও বেলেগৰ বিয়া ফটোবোৰ দেখিয়েই গম পোৱা গৈছে ৰাইজে কেনেকুৱা কাপোৰ পিন্ধি কেইখন বিয়াত গৈছে। আচলতে আজিকালি এইবোৰৰ খবৰ ৰাখিবলৈ একেবাৰে সহজ হৈ পৰিল কেৱল সামাজিক মাধ্যমবোৰৰ কাৰণে। বিয়া এখন খাবলৈ গৈ ফটো দিয়াটো বৰ্তমান পৰম্পৰাৰ ভিতৰত পৰে। সামাজিক মাধ্যমত ফটো এখন দি ৰাইজক 'মই বিয়া খালোঁ কথাটো'ৰ যুক্তিটো একেবাৰে নুই কৰিব নোৱাৰি। সাঁজি-কাচি বিয়া এখন খাবলৈ যোৱাত বহুত কথা সোমাই থাকে। আজিকালি ব্যস্তাপূৰ্ণ জীৱনত ঘৰৰ কাষতে থকা বন্ধুজনকো এবছৰমান লগ কৰা নহয়। বাকী মাহী, পেহী সম্পৰ্কবোৰটো বাদেই দিলোঁ। কিন্তু বিয়া এখনে সেই সুযোগ আমাক দিয়ে। গোটেই বছৰটোৰ ব্যস্ততাৰ পিছত, সেই সুযোগ আচলতে আমি হেৰুৱাবও নিবিচাৰোঁ। এবাৰ তেনে এখন বিয়ালৈ যোৱাৰ পিছত আটাইবোৰ মানুহ লগ পোৱাৰ পিছত মানুহৰ হাতে হাতে যদি কেমেৰা থাকিও ফটো এখন উঠা নহয় তেন্তে কেনেকৈ হ'ব। আৰু সেইবোৰ স্মৃতি হিচাপে সামাজিক মাধ্যমত ফটোখিনি দিয়াটো একো বেয়া কথা নহয়। লগতে আমাৰ নিচিনা বিয়া খাবলৈ নোপোৱা দূৰ্ভগীয়াবোৰেও এইবোৰ ফটো চাই বিয়া খাবলৈ/চাবলৈ নোপোৱাৰ দুখটো পাতলাব পাৰোঁ। তদুপৰি আজিকালি ট্ৰেণ্ডত কেনেধৰণৰ কাপোৰ, গহণা চলি আছে সেইটোও অকণমান চৌখিন মানুহে চকু ফুৰাই লয়। আচলতে এইবোৰৰ জৰিয়তে আমাৰ পৰম্পৰা সাঁজ-পাৰ, অসমীয়া গহণাবোৰো প্ৰদৰ্শন হয়, যিটো খুউব ভাল কথা। এইবোৰ দেখি-শুনি অনুভৱ হয় আমি এতিয়াও আমাৰ পৰম্পৰা হেৰাই যাবলৈ দিয়া নাই।

পিচে এই বিয়া-বাৰুবোৰ দেখিলে এটা কথাই মনটোত খু-দুৱাই থাকে। আজিকালি বাৰু আগৰ দৰে বিয়াঘৰবোৰত জাউৰিয়ে জাউৰিয়ে বিয়ানামবোৰে ঘৰখন উদুলি-মুদুলি কৰি ৰাখেনে? ২০০৪চন মানৰ কথা। মই তেতিয়া দশমমানত। মোৰ বৰতাৰ ছোৱালীজনীৰ বিয়া। দুই তিনিদিনমান আগৰ পৰাই মিটিৰে-কুটুম্বে বিয়াঘৰ উৰি যোৱা অৱস্থা। লগতে জাউৰিয়ে জাউৰিয়ে পৰা বিয়ানামবোৰে পৰিৱেশটো আৰু অলপ প্ৰাণময় কৰি তুলিছিল। ওলাওঁতে-সোমাওঁতে, বহোঁতে, পানী আনিবলৈ যাওঁতে কইনাৰ মাকক দেখি দুগৰাকীমানে বিয়ানাম, কোনোবা দুগৰাকীয়ে দেউতাকক দেখি, কোনোবাজনীয়ে আকৌ মৰ ফূৰ্তিতে বিয়ানামকে গুণগুণাইছিল। কোনোবাই আকৌ আহি যোৰানামকে যোৰে। মুঠৰ ওপৰত কোনে কিমান বিয়ানাম গাব পাৰে, কোনে কিমান জানে সেইবোৰ লৈ আখৰা, প্ৰতিযোগিতা সকলোবোৰ একেলগে চলি আছিল।

আচলতে আগৰ সেই দুই তিনিদিনীয়া বিয়াৰ স্থান পৰিপূৰ্ণ কৰিলে এদিনীয়া বিয়া। বৰ্তমান যুগত কাৰো ইমান সময় নাই কাৰোবাৰ ঘৰত বিয়া বুলিয়েই তিনি চাৰিদিন আগৰে পৰা আহি বিয়াঘৰত থাকিবলৈ। আজিকালি সময়ৰ অভাৱতেই হওক বা লাগি দিয়া মানুহৰ অভাৱতেই হওক বিয়াবোৰ এদিনতেই সামৰি থোৱা হয় য'ত নেকি আয়তীৰ সময়ো নুলায় জাউৰিয়ে জাউৰিয়ে বিয়া নাম তুলিবলৈ।

এইবোৰৰ উপৰিও আমাৰ অসমীয়া সংস্কৃতিৰ বস্তুবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰাৰ আঁৰত আছে উত্তৰ ভাৰতীয় সংস্কৃতি প্ৰীতি। আজিকালি প্ৰায়বোৰ বিয়াতেই দেখা যায় বিয়াখন ঠিকেই হয় তিনিদিনীয়া কাৰ্যসূচীৰে কিন্তু তাত থাকে মেহেন্দী, সংগীত ইত্যাদি য'ত বিয়ানামৰ পৰিৱৰ্তে শুনিবলৈ পোৱা উচ্চ স্বৰত বাজি থকা পাঞ্জাৱী গান আৰু তাৰ তালে তালে ভাংৰা। লোকৰ সংস্কৃতিৰ বিষয়ে শিকাটো বা জানিবলৈ ইচ্ছা কৰাটো বেয়া কথা নহয় কিন্তু নিজৰখিনিক এলাগী কৰি থোৱাটোহে কাম্য নহয়।

সেইখন বিয়াৰ পিছত এনেকুৱা এখন বিয়া খোৱা নাই য'ত বিয়ানামে লহৰ তুলিছিল। হয় গাই, একেবাৰে নোগোৱা নহয় কিন্তু বিয়ানাম গোৱাৰ সেই আগৰ উল্লাসটো যেন ক'ৰবাত হেৰাই গৈছে। বিয়ানাম হৈছে অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ যাক ধৰি ৰাখি নজনাসকলৰ মাজত বিলাই দিয়াটো আমাৰ দায়িত্ব।যেনেকৈ আমি উত্তৰ ভাৰতীয় মেহেন্দী, সংগীতৰ দৰে অনুষ্ঠানবোৰ আমি নজনা অসমীয়াসকলৰ আগত তুলি ধৰিছোঁ।

বিয়ানাম কেতিয়াও একক নহয়, ই হৈছে সমবেত গীত। বিয়ানাম আৰু উৰুলি এক বিবাহ অনুষ্ঠানৰ অবিচ্ছেদ্য অংগ আৰু এক মাংগলিক সংকেত বুলিও বিবেচনা কৰা হয়। এই বিয়ানামবোৰ বিভিন্ন সময়ৰ কাৰণে ভেদ ভেদ হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত, দৰা আদৰোঁতে, হোমৰ গুৰিত বহোঁতে বিধে বিধে এই গীতবোৰ গোৱা হয়।

অন্য লোকগীতসমূহৰ তুলনাত আমাৰ বিয়ানামৰ সংখ্যাই সৰহ। এইবোৰ কেতিয়া কোনে ৰচনা কৰিছিল সেইবোৰৰ হিচাপ উলিওৱাটো টান যদিও যুগে যুগে এইবোৰৰ ৰচনা ব্ৰতী আছে।

বিয়ানামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথমবিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰসমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰভাবে পৰিস্ফুত হোৱা দেখা যায়।

ওপৰত উল্লেখিত বিয়ানামবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰাঘৰীয়াই কইনাঘৰীয়াক আৰু কইনাঘৰীয়াই দৰাঘৰীয়াক ঠাট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনি অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামাচাৰে গোৱা হয়।

এই অৰ্থব্যঞ্জক বিয়ানামবোৰ আয়তীসকলৰ মুখে মুখে অতীজৰে পৰা চলি আহিছে। ইমান সুন্দৰ বিয়ানামবোৰ থকাৰ পিছতো আজিকালি এই আপুৰুগীয়া সম্পদবোৰ সময়ৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। বাহ্যিক জাকজমকতাক অধিক গুৰুত্ব দিবলৈ যাওঁতে বিবাহৰ দৰে এটি অনুষ্ঠান প্ৰাণৱন্ত কৰি ৰখা বিয়ানামবোৰক আমি আওকাণ কৰিবলৈ লৈছোঁ। যিটো নেকি আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। প্ৰকৃততে এই বিয়ানামবোৰ হৈছে মহিলাকেন্দ্ৰিক। আমি এইবোৰ শুনিলেই গম পাওঁ যে এই বিয়ানামবোৰৰ সাহিত্যিক আৰু সাংগীতিক মাধুৰ্য্যৰ কথা৷ ছন্দ, অলংকাৰৰ সুষম প্ৰয়োগে ইয়াৰ সাহিত্যিক সৌন্দৰ্য আৰু অলপ হলেও বঢ়াই তুলিছে। বিয়ানামবোৰ কেৱল কন্যা ঘৰৰ বিয়াতহে পৰিৱেশিত হয় এনে নহয়, দৰাঘৰীয়া বিয়াতো বিভিন্ন কাৰ্যৰ লগত সংগতি ৰাখি বিয়ানামবোৰ গোৱা হয়৷ অৱশ্যে কন্যাঘৰত গোৱা নামৰ সৈতে দৰাঘৰত গোৱা নাম একে নহয়৷ যিহেতু বিয়ানামবোৰ মহিলাকেন্দ্ৰিক গতিকে ইয়াৰ লগত জড়িত হৈ আছে আয়তীসকলৰ ৰং তামাচা। লাহে লাহে বিয়ানাম গোৱা পৰ্বটো কমি অহাত বৰ্তমানৰ বিয়াত সেই ৰং তামাচাৰ পৰা আয়তীসকলো বঞ্চিত হোৱাৰ দৰে হৈছে।

আমাৰ উত্তৰ পুৰুষক অসমীয়া লোকসাহিত্যসমূহৰ লগত চিনাকি কৰাই দিয়াৰ দায়িত্ব আমাৰ। এইখিনিতে এটা উল্লেখ কৰিব লাগিব যে লোকসাহিত্য বুলিলে কেৱল বিয়ানাম বা সাধুকথাকেই নুবুজায়। ই লোকগীত ,লোককথা বা সাধুকথা আৰু প্ৰবাদ ,প্ৰবচন, ফকৰা- যোজনা, ডাকৰ বচন, মন্ত্ৰ সাহিত্য ইত্যাদি এই সকলোবোৰকে একেলগে সমাৰি লয়। মুখ পৰম্পৰাৰে এই শ্ৰেণীৰ সাহিত্য এটা যুগৰ মানুহৰ পৰা আন এটা যুগলৈ চলি অহাৰ বাবে এইবোৰক মৌখিক সাহিত্য আৰু জনসাধাৰণৰ মাজত বৰ্তি থকাৰ বাবেই ইহঁতক কোৱা হয় “জনসাহিত্য”৷ গতিকে এইবোৰক কালক্ৰমত হেৰাই যাবলৈ নিদি আমি লোকৰ সংস্কৃতিবোৰ আদৰি লোৱাতকৈ নিজৰবোৰকে সমাজত উপস্থাপন কৰাৰ চেষ্টা চলোৱাটো প্ৰয়োজনীয়। নহলে কেতিয়া এইবোৰ আমাৰ চকুৰ আগতেই পাহৰণিৰ গৰ্ভত লোপ পাব আমি নিজেই গম নাপাম।