Wednesday 20 December 2017

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী

'মাটি পেঞ্চিল এডাল দিম, আমলখি এটা দিবা' হাতৰ মুঠিটোৰে অকণমানকৈ ওলাই থকা আমলখিটো দেখি সেমেনা-সেমেনিকৈ মূৰটো খজুৱাই খজুৱাই কাষৰ বেঞ্চখনত বহি থকা ল'ৰাটোৱে নতুনকৈ দ্বিতীয় শ্ৰেণীলৈ অহা ছোৱালীজনীক সুধিলে।

'কিমান দীঘল পেঞ্চিলডাল চাব লাগিব তেতিয়াহে দিম।' সি যিমান মৰমত কথাকেইটা সুধিছিল সিমান দমত যিহে চকু পকাই তাই তাক সুধিলে সি অলপ সময়ৰ কাৰণে তভক মাৰিলে। তথাপিও আমলখিটোৰ লোভ সামৰিব নোৱাৰা বেচেৰাটোৰ এতিয়াই যে মুখৰ পানী পৰিবহি সেইটো ধুৰূপ। কোনোমতে বাহিৰ ওলাবলৈ ধৰা পানীখিনি মুখৰ ভিতৰলৈ 'চুচুচু....'বুলি দীঘলকৈ টানি আমলখি, শিলিখাৰ ৰসেৰে কেহেৰাজ বৰণ ধৰা চাৰ্টৰ পকেটটোৰপৰা এডাল পেঞ্চিল উলিয়াই ফলিখনৰ ওপৰতে থৈ তাইলৈ চালে।

'অহহম ন'হব এইডাল বহুত চুটি মোৰ আমলখিটো এইডালতকৈ ডাঙৰ' বুলিকৈ হাতৰ মুঠিটো অলপ ঢীলা কৰি তাৰ ফাকটোৱেদি আমলখি তিনিটা দেখুৱাই আকৌ মুঠিটো বন্ধ কৰি সিফালে মুখ কৰিলে।

'এইজনী যে তিনিটা আমলখি থকাৰ কাৰণে ইমান ফুটনি, নতুন ছোৱালী নোহোৱা হ'লে দিলোহেঁতেন ভালকৈ' যিহে দন্দুৰী ভালকৈ দিয়াটো দূৰৰে কথা একো সুধিবই নোৱাৰি সেইজনীক। আমলখি এটা খোৱাৰ স্বাৰ্থত আকৌ সি বেগটো খুচৰিলে। তিনিটা খাপ থকা দীঘলীয়া পিঠিবেগটো যিটো 'বেকপেক' বুলি কয় গোটেইকেইডাল চেইনেই বেয়া। কিবা এটা বিচাৰিবলৈ চেইনডাল খোলাৰ দৰকাৰেই নাই। জীপডাল চেইনৰ মাজতে ৰাখি মেলা মুখখনেদি  কিতাপ-বহীকেইখন কোনোমতে নপৰাকৈ থৈছে। দুফালে খোলখাই থকা এটা ফালেদি হাতখন ভৰাই আৰু পেঞ্চিল আছে নেকি বিচাৰি থাকোতে এডাল একদম নতুন ব্যৱহাৰ নকৰা পেঞ্চিল এডালেই পালে। পেঞ্চিলডাল উলিয়াই আনোতে মাটি পেঞ্চিলৰ নতুন নতুন গোন্ধটো আৰু তাৰ আঙুলিটো অকণমান বগা বগা পেঞ্চিলৰ গাত লাগি থকা পাউদাৰ অকণমান লাগি আহিল।

নতুন মাটি পেঞ্চিলডাল দেখি তাইৰ মুখখন উজলি উঠিল মানে এইডালৰ বিনিময়তহে তাইৰ আমলখিকেইটাৰ এটা তাক দিব পাৰি। মাটি পেঞ্চিলডাল তাইক দিবলৈ লৈও ৰৈ আছে মানে দিবলৈও মন যোৱা নাই ইমান নতুন পেঞ্চিলডাল। মাকে চাগে তাৰ পুৰণা চুটি হৈ অহা পেঞ্চিলডাল দেখিয়েই এইডাল চাগে বেগত ভৰাই দিছিল। তথাপিও আমলখিৰ লোভটো সামৰিব নোৱাৰি তাইৰ ফালে পেঞ্চিলডাল আগবঢ়াই দিলে।

'এনেকে ন'হব হাতে হাতে দে' বুলি টেপেককৈ তাই মাত মাতিলে। তাইৰ মানে তাৰ ওপৰত বিশ্বাস নাই, এইজনী কম ছোৱালী নহয় দেই। এতিয়া হাতে হাতে দিবলৈ কৈছে। মানে এখন হাতেৰে তাই আমলখি দিব আনখন হাতেৰে পেঞ্চিল ল'ব। আমলখি পেঞ্চিল সলনা-সলনি কৰি থাকোতেই পৰিৱেশ অধ্যয়ণৰ বাইদেউ আহোতে খৰখেদাকৈ নিজৰ বস্তুকেইটা লৈ নিজৰ জেগাত বহিলগৈ। বাইদেউ আহি পঢ়াবলৈ আৰম্ভ কৰিলে যদিও সি আমলখিটো একামোৰ নমৰাকৈ থাকিব নোৱাৰিলে।
বেগৰ ভিতৰলৈ মুখখন সোমোৱাই খেচেককৈ একামোৰ মাৰি চাৰ্টৰ পকেটত আমলখিটো ভৰাই কিতাপত চকু দিলে। আমলখিটো বহুত সময় হাতৰ মুঠিত থকাৰ কাৰণেই চাগে গৰম হৈ আমলখিৰ চালখনত ঘাম লাগি তেল লগাৰ নিচিনা হৈ গৈছিল।

আমলখি মাটি পেঞ্চিলেৰে গঢ়ি উঠা সিহঁতহালৰ সেই বন্ধুত্বৰ জৰীডাল যে যুগ-যুগান্তৰ এনেদৰেই থাকিব কোনে ভাবিছিল। সেই অহংকাৰী দন্দুৰী ছোৱালীজনী আৰু শান্ত-শিষ্ট ল'ৰাটো।

সেইদিনা আমলখিটোৰ কাৰণে নতুন মাটি পেঞ্চিলডাল দি থৈ আহি মাকৰ চেকনিৰ কোবত ক'লা হৈ যোৱা কলাফুলকেইটা উলিয়াই পিছদিনা স্কুল যাবলৈ যে তাৰ কিমান লাজ লাগিছিল। আৰু লগতে যদি সেই দন্দুৰীজনীৰ চকু পৰে হ'লেই। চিঞঁৰি চবেই শুনাকৈয়ে সুধি দিব পাৰিলে 'ভৰিত এইবোৰ কি হ'ল'। সি যি ভাবি আহিছিল সেইটোৱেই হ'ল সেইজনীয়ে তাক দেখি আমলখি এটা তাইৰ স্কাৰ্টৰ পকেটৰপৰা উলিয়াবলৈ ধৰোতেই তাৰ কলাফুল দুটাত চকু পৰাত যিহে 'অই এইয়া ভৰিত কি হ'ল বুলি' চিঞঁৰ মাৰিলে। সি পিঠিত লৈ অহা বেগটো পিঠিৰপৰা উলিয়াই মুখখনলৈ টানি আনি মুখখন ঢাকি একেলৰে শ্ৰেণীকোঠা পালেহি। কোনোবাই দেখিলেনেকি ভাবি তাৰ এধেনিমান হিয়াখনি এতিয়াও ধান বনাদি বানি আছে।

***

সেই অকণমানি লাজুকুৰীয়া শান্ত-শিষ্ট ল'ৰাটোৰ স্বভাৱ সলনি ন'হল। এতিয়াও তাৰ বহুত মানুহ দেখিলে হাৰ্টবিটৰ গতিবেগ বেছি হৈ আহে। আৰু সেই সাহসী, দন্দুৰী ছোৱালীজনী তাইও একে থাকিল। কেতিয়াও ক'তো হাৰ নমনা ছোৱালীজনীক সি সেইদিনা প্ৰথমবাৰৰ কাৰণে কন্দা দেখিছিল যিদিনা তাইৰ সাহসী হিয়াখন মিছা মৰমৰ হিয়া এখনৰ কবলত পৰিছিল। সেইদিনা সি তাইক সাহস দিবলৈ ভাষা বিচাৰি পোৱা নাছিল। সেইদিনাই শান্ত-শিষ্ট খঙত কঁপি উঠা তাই দেখিছিল।

***

নমি দ্বিতীয় শ্ৰেণীলৈ পাঁওতে দেউতাকৰ নতুন ঠাইলৈ ট্ৰেন্সফাৰ হোৱাৰ হেতুকে গোটেই পৰিয়ালটোকে লৈ আহিছিল। আৰু নমিক নতুন ঠাইৰ ঘৰৰ ওচৰতে এল পি স্কুল এখনত নাম লগাই দিছিল। সেই স্কুলতে প্ৰথম দিনাই আমলখি মাটি পেঞ্চিলৰ সলনা-সলনি কৰি নমি ৰিণ্টুৰ বন্ধুত্বই গঢ় লয়। কেইদিন পিছত গম পালে ৰিণ্টুৰ ঘৰ নমিহঁতৰ ঘৰৰপৰা দুঘৰ পাৰ হৈয়ে। যিখন ঘৰৰ বগৰীগছডাল সেই ঠাইলৈ প্ৰথম আহোতেই নমিৰ চকু পৰিছিল। আৰু দাংকাতি নমিয়ে অহাৰ দিনাই ওলাই গৈ সিহঁতৰ ঘৰৰপৰা সেইখনঘৰ কিমান দূৰত হিচাপটো কৰি আহিছিল।

এই বন্ধুত্বত কিমানে যে সন্দেহৰ চকুৰে চাইছিল ঠিক নাই। লোকৰ কাৰণে সিহঁতৰ ঘৰৰ ডাঙৰবিলাকৰ মাজতো কাজিয়া লগাৰ উপক্ৰম হৈছিল। সিহঁতহালেহে কোনোমতে বুজাই-বঢ়াই ৰাখিছিল। মাক দুজনীয়ে এই অৱশ্যে এই সন্দেহ সঁচা হ'লেও বেয়া নাপালেহেঁতেন অন্ততঃ ঘৰৰ ল'ৰা-ছোৱালী ঘৰতে থাকিব।

***

ৰিণ্টু বৰ বেছি উচ্চাকাংক্ষী নাছিল। পঢ়া-শুনাত যদিও মেধাৱী তথাপিও কিবা এটা পোৱাৰ হেপাহত কিবা এটাক হেৰোৱাই দৌৰি থকা মানুহ সি নহয়। এগ্ৰী এম.এছচি ৰিণ্টুৱে চাকৰি নোপোৱাৰ দুখতো বহি থকা নাছিল, দেউতাকৰ খেতিত যিমান পাৰে সহায় কৰিছিল আৰু এতিয়া এজন সফল খেতিয়ক হিচাপে পৰিচিত। আজিকালি কিবা নহয় কিবা খেতি-বাতি সন্দৰ্ভত সি য'তে ত'তে গৈয়েই থাকিব লাগে। লাজকুৰীয়া ল'ৰাটো আজিকালি মিটিঙত ভাষণ দিবলৈ লাজ নকৰে। তথাপিও মানুহৰ জুমৰ মাজত প্ৰথমতে অলপ আপচোচ কৰে। আনহাতে নমি সম্পূৰ্ণ ওলোটা উৰাৰ হেঁপাহ নমৰালৈকে যেন উৰিয়েই থাকিব। কাম এটা কৰিম বুলি ভাবিলে নকৰাকৈ থাকিব নোৱাৰা ছোৱালীজনী। তাই আকৌ ৰিণ্টুৰ স্বভাৱটো একেবাৰেই ভাল নাপায়। মেট্ৰিক পাছ কৰিয়েই গুৱাহাটীলৈ পঢ়িবলৈ আহোতে ৰিণ্টুকো লগ লৈ চাইছিল কিন্তু সি কোনোপধ্যেই মান্তি হোৱা নাছিল। তথাপিও সিহঁতৰ বন্ধুত্বত দূৰত্ব অহা নাছিল। পঢ়া-শুনাতকৈ সামাজিক কামত ঘূৰি ফুৰি ভালপোৱা নমিয়ে গুৱাহাটী আহিয়েই কিবা-কিবি এনজিঅ' দুটামানৰো সদস্য হৈ সমাজ সেৱা কামটো লাগি থাকিল। তেতিয়াই তাই যে হৃদয়হীন ল'ৰাৰ প্ৰেমত পৰি হাবু-দুবু খাব কোনেনো ভাবিছিল। তথাপিও তাই ভাঙি নপৰিল, জীৱনৰ শিক্ষা হিচাপে লৈ নিজৰ কামত আগবাঢ়িল।

***

'নমি বহুত সমাজৰ কামত ঘূৰিলি এতিয়া নিজৰ ঘৰখন সজোৱাৰ কথা ভাব' ৰিণ্টুৱে এদিন তাই ঘৰলৈ আহোতে কৈ চাইছিল।

'কিয় তোক চাগে মাহঁতে ক'বলৈ দিছে নহয় জানো' অকণো সলনি নোহোৱা নমিয়ে টেপচকৈ মাতিলে।
'নহয় চা, মইও কেইমাহমানৰ পিছত ল'ৰা বা ছোৱালী কাৰোবাৰ বাপেক হ'ম। মোৰ ল'ৰা ছোৱালীয়ে তোৰ বিয়া নোহোৱাকৈয়ে তোক জেঠাই বুলি মাতিলে ভাল পাবি জানো? তোকতো জেঠাইয়ে মাতিব যিহেতুকে তই মোতকৈ সাতদিনৰ ডাঙৰ।' তাৰ কথা শুনি তাই তাক মাৰিহলৈ খেদি আহিল যেন সিহঁত এতিয়াও সেই প্ৰাথমিক বিদ্যালয়ৰ ল'ৰা ছোৱালীকেইটাহে।

***

মিটিং এখনৰপৰা আহি ঘৰ পাঁওতে ৰাতি নটাই বাজিল। আজিকালি ৰিণ্টুৱে এইবোৰৰপৰা আহৰিয়েই নাপায়। আহিয়েই ঘৈণীয়েক, মাক-দেউতাকৰ লগত একেলগে ভাতকেইটা খায় সিহঁতৰ হোৱালৈ নোৰোৱাকৈয়ে উঠি আহিল। দিনটোৰ ভাগৰে তাক টিভিটোও চাবলৈ নিদিলে একেবাৰে বিছনাখনলৈহে টানি আনিলে। শুবলৈ বুলি লঁওতেই তাৰ ফোনটো বাজি উঠিল। এনে সময়তনো কোনে আমনি কৰে বুলি নধৰো বুলি ভাবিও ফোনৰ স্ক্ৰীণত নমিৰ নামটো দেখি নধৰাকৈ নোৱাৰিলে। তাইৰ ফোন যদি সি নধৰে সেইখন কি হ'বগৈ ঠিক নাই।

'অই শুন না মই প্ৰেমত পৰিছো' সি ফোনটো ৰিচিভ কৰোতেই সিফালৰপৰা অহা বাক্যকেইটা তাৰ কাণখনত একেবাৰে খুন্দিয়াই থৈ গ'ল। 'কি কৈছ' বুলি কথাকেইটা ভালকৈ শুনিবলৈ কাণখনত কেৰা আঙুলিটো সোমোৱাই ঘটঘটকৈ লৰাই ল'লে।

'কি নুশুন নেকি মই প্ৰেমত পৰিছো আৰু তাৰ লগতেই বিয়া হ'ম। সেইবাৰ ঘৰ যাঁওতে তই যে কৈছিলি মোৰ ঘৰ এখন পাতিবলৈ। এতিয়া পাতিম বুলি ভাবিছো। তাই মাহঁতক ক'বি' বুলি ফোনটো কাটি দিলে। কি যে হ'ব এই ছোৱালীজনীৰ! এনেকৈনো কোনোবাই কথা কয়নে তাতে ইমান এটা ডাঙৰ কথা। এতিয়ানো মই খুড়া-খুড়ীক কি বুলি ক'ম। সি কি কৰিব ভাবি নাপায় ঘৈণীয়েক শুবলৈ অহালৈ বাট চাই থাকিল।

বাচন-বৰ্তনকেইটা ধুই থৈ চাদৰৰ আচলত হাতখন মচি মচি ৰিণ্টুৰ ঘৈণীয়েক ৰিমা সিহঁতৰ ৰূমত সোমালহি।
'হেৰি শুনিছা, নমিয়ে ফোন কৰিছিল তাই হেনো বিয়া পাতিব খুড়া-খুড়ীক ক'বলৈ দিছে' ৰিণ্টুৰ কথাকেইটা শুনি একো নামাতি ঘৈণীয়েকে ফণিখন লৈ আইনাখনৰ ওচৰত বহিলগৈ। যিমানেই সিহঁত বন্ধু নহঁওক ৰিণ্টুৰ ঘৈণীয়েকৰ সিহঁতৰ বন্ধুত্বকলৈ অলপ ঈৰ্ষা নোহোৱাও নহয়।

'বিয়া পাতিব খুজিছে যোৱা লাগি-ভাগি ধুম-ধামেৰে পাতি আহাগৈ।' ঘৈণীয়েকৰ উত্তৰত একো নামাতি সি ইফালে মুখ কৰি শুই থাকিল। সি জানে ৰিমাই যে নমিক বেয়া নাপায়, তথাপিও মাইকী মানুহৰ এইবোৰ স্বভাৱ থাকেই বুলি এইটোও সি গম পায়। শুবলৈ বুলি বাগৰ সলালেও তাৰ মনত এটা চিন্তাই কুৰুকি থাকিল 'এইবাৰ বা তাই কেনেকুৱা ল'ৰা পাল্লাত পৰিছে!'

***

'হেল্ল নমি, খুড়া-খুড়ীক কোৱাৰ আগতে তই ল'ৰাটোৰ বিষয়ে অলপ মোক কছোন' ৰিণ্টুৱে নমিক পিছদিনা পুৱা ফোন কৰিলে।

'ৰ মই এতিয়া ঘৰ গৈ আছো বাছত, আজি সন্ধিয়া তোক লগ কৰি সকলো ক'ম।' বুলি ফোনটো কাটি দিলে।

আজি ৰিণ্টু বৰ বিশেষ কাম নাই কাৰণে ঘৰতে আছে। তাৰ সন্ধিয়াটোলৈ বহুত বেলি যেন লাগিছে। অৱশেষত সেই ক্ষণটো আহিল। নমি সিহঁতৰ ঘৰলৈ আহিয়ে তাক ড্ৰইংৰূমত বহুৱাই দুৱাৰখন মাৰি দিলে। আজি যে সি ৰাতি শুৱাৰ সময়ত ভাৰ্যাদেৱীৰপৰা এক আধ্যা নুশুনাকৈ যে শুব নোৱাৰিব সেইটো খাটাং হ'ল। তথাপিও এইজনীৰ পাল্লাত পৰিল যেতিয়া সহজে এৰ খাব নোৱাৰে।

'এইখন চা' মোবাইলৰ ফটো গেলাৰীৰপৰা এখন ফটো বাচি নমিয়ে ৰিণ্টুক দেখুৱালে। চানগ্লাচ সহিতে এটা বগা মৰম লগা ল'ৰা আৰু কাষতে নমি।

'ইমান ধুনীয়া ল'ৰাটো আৰু তোতকৈ যে সৰু যেন লাগিছে, এইটো মানে তোৰ হ'বলগা দৰা। চানগ্লাচৰ সৈতে আৰু চালিয়া লাগিছে অই' ফটোখন দেখিয়ে সি তাইক জোকাও বুলিয়েই অলপ বেছিকৈয়ে কৈ দিলে।
কিন্তু তাৰ কথাত কোনো গুৰুত্ব নিদি তাই কৈ গ'ল
'চানগ্লাচযোৰে তাক চালিয়া বনাই দিয়ে কিন্তু খুলিলে গম পাবি। আৰু সি কেতিয়াও সেইযোৰ নুখুলো তাৰ জন্মৰে লগৰী হৈ আহিছিল সেইযোৰ। জন্মগতভাৱে সি দৃষ্টিহীন আৰু তাকে মই বিয়া পাতিম। কথাবোৰ শুনি তোৰ আলপ আচহুৱা লাগিব, গতিকে তই ধৈৰ্য ধৰি কথাবোৰ শুনি নিজক বুজাবি তাৰ পিছত মা-দেউতা ক'বি। তই ঠিকেই কৈছ তাক মোতকৈ সৰু যেন লাগিছে। হয়, সি মোতকৈ দুবছৰৰ সৰু। মনত আছেনে তোৰ, আগতে মৌচাকত, পিছলৈ প্ৰান্তিকত কবিতা লিখা ল'ৰা এজনৰ প্ৰেমত পৰিছিলো? সেইজনেই সি অন্তৰীপ দুৱৰা। ইমান ধুনীয়া কবিতা যে লিখে তাৰ কবিতা তোক প্ৰায়ে মই পঢ়ি শুনাইছিলো। এদিন এনজিঅ'ৰ মিটিং এখনত শিৱসাগৰলৈ যাওতে তাক লগ পাইছিলো য'ত তাক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আনিছিল। তাৰ নামটো মিটিংখনত ঘোষণা কৰোতে মোৰ চিনাকি যেন লাগিছিল, পিছত গৈ ভালদৰে চিনাকি হ'লো। বৰ্তমান সি বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ লেকচাৰাৰ লগতে সামাজিক কাম সমূহতো নিয়োজিত। অন্ধ ল'ৰা-ছোৱালীবোৰৰ কাৰণে সি কাম কৰে। নাজানো কেতিয়া কেনেকৈ তাৰ প্ৰেমত পৰিলো, এতিয়া ঠিৰাং কৰিছো তাৰ লগতেই বিয়া পাতিম। তোক ক'ম বুলি ভাবি আছিলো যদিও তই বা কি ভাব সেয়ে ক'বলৈ সাহ হোৱা নাছিল। কিন্তু নিজকে বুজালো তাৰ লগত বিয়া হোৱাৰ সপোন দেখিবলৈ সাহ কৰিব পাৰো যেতিয়া ঘৰত কিয় ক'ব নোৱাৰিম। সেয়ে আজি ঘৰলৈ গুচি আহিলো। প্ৰথমতে তোক ক'লো, কাইলৈ ঘৰত ক'ম খালী তই মোৰ লগত থাকিবি মাহঁতক বুজাবলৈ।' কথাখিনি কৈয়ে তাৰ উত্তৰলৈ বাট নাচাই তাই দুৱাৰখন খুলি ৰূমৰপৰা ওলাই গ'ল। সি বহাতে বহি থাকিল। তাইৰ কথাখিনি একেৰাহে ৰিণ্টুৰ কাণত বাজি থাকিল।নমিৰ মাক-দেউতাকক কাইলৈ বুজোৱাৰ আগতে আজি ৰাতি ৰিণ্টুৱে নিজকে বহুত বুজাব লাগিব।

***

আজি নমিৰ বিয়া। তাই কোৱাৰ দিয়ে আজিকালি বিয়াৰ দৰে বাহ্যিকতাৰে অতিৰঞ্জিত নকৰাকৈ কেৱল দৰকাৰী নিয়ম নীতিৰে বিয়াখন পাতিছে। নমিজনীক কইনাৰ সাজত বৰ ধুনীয়া লাগিছে আৰু সৰুতেই সিহঁতৰ মাজত হোৱা চুক্তি অনুসৰি ৰিণ্টুৱে তাইক কোচত উঠাই আনি হোমৰ গুৰিত বহোৱাই দিলেহি।
প্ৰথমতে নমিৰ মাক-দেউতাকক বুজাবলৈ অলপ কষ্ট হৈছিল। শেষত দুয়ো তাইৰ সিদ্ধান্তত মান্তি হৈছিল। সহজতেনো মান্তি কেনেকৈ হ'ব? একমাত্ৰ সন্তান নমি। গতিকে যিমান হ'লেও এনেকুৱা এটা ল'ৰালৈনো জানি-বুজি কেনেকৈ বিয়া দিয়ে। কিন্ত নিজৰ সিদ্ধান্তত অলৰ-অচৰ নমিৰ যুক্তিয়ে তেওঁলোকক সৈমান হ'বলৈ বাধ্য কৰালে।

'মই দুটা চকুৰে দেখো নহয়, গতিকে ইমান কিহৰ চিন্তা।' এইবোৰ আছিল তাইৰ কথা।

এই ছোৱালীজনী সঁচাই বৰ সাহসী আৰু মহান। আনে নকৰা কাম কৰি ভালপোৱা, আনে যোৱা বাটে নোযোৱা এইজনী ছোৱালী, তাইৰ জীৱনৰ ইমান এটা ডাঙৰ সিদ্ধান্ত কি সাহসেৰে লৈছে! হোমৰ গুৰিত দৰাৰ কাষত বহি থকা নমিৰ ওৰণিখনৰ তলেদি ওলাও নোলাওকৈ উলাই থকা কপালৰ উজ্জল সেন্দুৰৰ ফোটটো চাই চাই ৰিণ্টুৱে কথাবোৰ ভাবি থাকিল।

Saturday 2 December 2017

চিগনেল, ফুল বেচা ছোৱালীজনী আৰু ফুলথোপা

চিগনেলটো ৰঙা হোৱাৰ লগে লগে গাড়ীচালকসকলৰ মুখকেইখন যিমান ক'লা পৰি যায়, ৰাস্তাৰ কাষত হাতে হাতে কিবা এটা লৈ ৰৈ থকা মানুহখিনিৰ মুখকেইখন সিমানেই উজ্জ্বল হৈ উঠে। গাড়ীবোৰ ৰৈ যোৱাৰ লগে লগে আহি যায় তেওঁলোক। চিগনেলৰ আগত ৰৈ থকা গাড়ীসমূহৰ খিড়িকীখিনিত টুকুৰিয়াই কিবা এটা পোৱাৰ আশাত ৰৈ থাকে। কাৰোবাৰপৰা সহাৰি পায় কাৰোবাৰপৰা নাপায়। কোনোবাই হয়তো দাবী দিয়াৰ দৰেই খেদাই পঠায়, কোনোবাই যেন গমেই নাপায়। সেইটো অৱশ্যে সিহঁতৰ বাবে একো ডাঙৰ কথা নহয়। দৈনন্দিন জীৱনৰে এটা অংশ বুলি ভাবি লৈ আগৰখনৰ পৰা পিছৰ গাড়ীখনৰ কাষলৈ যায়। সেই একে আশাৰে জানোচা কোনোবাই কিবা এটা দিয়েই। মটৰবাইকত থকা ল'ৰা ছোৱালীবোৰক আকৌ কিবা এটা পোৱাৰ আশাতেই নে মৰম লাগিয়েই গালে মুখে হাত ফুৰাই থৈও যায়। কিছুমানে এনেই বস্তু বা পইছা খুজিবলৈ বেয়া পায় কাৰণে হাতত ফুলেই হওক বা পেন এপেকেটেই হওক লৈ ফুৰায়। হয়তো কোনোবাই যদি কিনে তাৰ বিনিময়ত পোৱা পইছাটোৰে পেটৰ জুইকুৰা নুমাব পাৰে। কিন্তু এনেকুৱা ভাগ্যেও দুই এজনক বাদ দি বেছিলোকৰ নহয়েই। মানুহ হোৱা স্বত্তেও যাৰ কোনো সঠিক ঠিকনা নাই। আজি ৰাতি যদি ইয়াত, কাইলৈ হয়তো কোনোবা এজেগাত। তথাপিও জীয়াই থকাৰ তাড়নাতে কিবা এটাটো কৰিবই লাগিব। সেয়ে যাকে যি পাই খোজে। সেই তাৰ মাজৰে এজনী কণমানি ছোৱালীয়ে নতুনকৈ ৰিটায়াৰ হৈ গুৱাহাটীলৈ অহা হৰিকান্ত চলিহাৰ জীৱনত বৰ বেলেগকৈ প্ৰভাৱ পেলালে।

ৰিটায়াৰ হ'বলৈ কেইটাবছৰ আছেনো নতুন জেগাৰ সোৱাদ ল'বলৈকে বুলি চাগে হৰিকান্ত চলিহাক মহানগৰীলৈ ট্ৰন্সফাৰ দিলে। এনেই এৰাতিৰ কাৰণেও গুৱাহাটীত থাকিব নোৱাৰা চলিহাৰ এতিয়া কিমান দিনলৈকে থাকিব লগা হয় ঠিক নাই। ৰিটায়াৰো যদি গুৱাহাটীৰ হাৱা-পানী খাইয়ে হ'ব লগা হয় সেইটোও ঠিক নাই। পুতেক-বোৱাৰীয়েকে মাতি মাতিও আনিব নোৱাৰি এতিয়া ভালেই পাইছে তেওঁৰ ট্ৰেন্সফাৰ হোৱা কাৰণে। কেতিয়াবা জাগীৰোদৰপৰা আহিলেও চাকৰি অজুহাত দি গুচিয়ে যায় দিনতো থাকি। এতিয়া অন্তত: চাাকৰিৰ অজুহাততে পুত্ৰ বোৱাৰীৰ লগত একেলগে থাকিব লাগিব।

যান-যঁটৰ সমস্যাতো এতিয়া মানে মহানগৰীত প্ৰধান সমস্যা। যান বাহনসমূহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ট্ৰেফিকৰো পৰিমাণো বাঢ়ি গৈছে। সময়তকৈ আগত নোলালে অফিচ কেইটাত পাবগৈ সেইটোও ক'ব পৰা নাযায়।  চিগনেলবোৰত অতিকমেও দুইমিনিট ৰ'বই লাগে। তাৰপিছত আকৌ কেতিয়াবা এনেকুৱা হয় যে চিগনেলটো সেউজীয়া হয়হে পিছৰ গাড়ীবোৰ যাবলৈ যো-জা চলাওঁঁতেই আকৌ লাইটটো কমলা ৰঙৰ হৈ ৰঙা হয়েই নহয়। এই ৰঙা সেউজীয়াৰ যুদ্ধখনত মৰেগৈ গাড়ী, মটৰবাইকত থকাসকল। 

হৰিকান্তৰ থকা ঠাইৰপৰা অফিচলৈ অলপদূৰ হয়, সেয়ে অটো এখনকে ঠিক কৰি লৈছে অহা-যোৱা কৰিবলৈ। আজি কেইবাদিনৰপৰা তেওঁৰ লগত এটা ঘটনা ঘটিবলৈ লৈছে। সৰু ছোৱালী এজনী আহে হাঁতত ফুল এমুঠি লৈ। বিৰাট ধুনীয়া সতেজ ফুল। ফুল মুঠিৰ দাম ৩০ টকা। কোনোবাই যদি কিনে তাইৰ পুৱাবেলাৰ কাৰণে কিবা এটা ওলাই যায়। সেয়ে বহুত আশাৰে আহে কোনোবাই কিনে যদি কিনক। কিন্তু তাইৰ মাতত তাইলৈ ঘূৰি চোৱাৰ সংখ্যাও চাগে তেনেই তাকৰ।
আজি কেইবাদিৰপৰাও এই দৃশ্য দেখি আহি চাগে মনতো বেয়া লাগিল নে কণমানিজনীলৈ দৰদ উপজিল চলিহাই ফুলৰ থোপা এটা কিনি ল'লে। 

ছোৱালীজনীকো সহায় কৰা হ'ব আৰু ঘৈণীয়েককো ফুলথোপা দিয়া হ'ব। সেইকাৰণে একো দাম-দৰ নকৰাকৈ কিনি ল'লে। একো নোকোৱাকৈ কিনি লোৱা মানুহ হয়তো জীৱনত তাই প্ৰথমবাৰৰ কাৰণে দেখিছিল, সেয়ে তাই চলিহাৰ মুখখনলৈ ৰ লাগি চাই ৰৈছিল।

'যা যা এইটোৰে কিবা কিনি খাবি। আৰু সদায় এটা ফুলৰ থোপা মোলৈ আনিবি দেই মই কিনিম।' কথাকেইটা কৈ শেষ কৰে মানে ইফালে চিগনেলো খুলিল আৰু বিশেষ কথা পতা নহ'ল। তাইও টকা ত্ৰিশটা লৈ দৌৰ মাৰিলে ওচৰতে থকা দোকানখনলৈ বুলি।

আজিকালি সেই বিশেষ চিগনেলটো তেওঁৰ ভাল লগা হৈ আহিছে। তেওঁৰ কথা মতে ছোৱালীজনী সদায় আহে, সেই সময়কণতে চলিহাক ফুলৰ থোপাতো দি ত্ৰিশটকা লৈ দৌৰ মাৰে। তেওঁ কিবা এটা সুধিম বুলি ভাবিলেও তাইৰ ৰ'বলৈ সময় নাই, হয়তো ভোকত তাই ৰ'ব নোৱাৰা হৈ থাকে। সেই টকা ত্ৰিশটা লৈয়ে ওচৰৰ দোকানখনলৈ দৌৰ মাৰে। তাইনো কি কিনি খাাই সেইটো অৱশ্যে চলিহাৰো চাবলৈ সময় নাথাকে। চিগনেলটো সেউজীয়া হোৱাৰ লগে লগে তেওঁৰো যাবৰ হয়।

সতেজ ফুলৰ থোপাটো লৈ তেওঁৰ মনতো ভাল লাগি যায়। বিয়াৰ পিছত হয়তো এই ফুলৰ থোপাটোৱেই ঘৈণীয়েকে নোখোজাকৈ উপযাচি লৈ যোৱা প্ৰথম উপহাৰ। ডেকা হৈ থাকোঁঁতেই একো এটা নিবলৈ মনত নপৰা মানুহজনৰ এই বয়সত যে ফুল কিনিছে ঘৈণীয়েকলৈ বুলি। অৱশ্যে এই ক্ষেত্ৰতো সেই পেটৰ ভোক মাৰিবলৈ ফুল বেচা ছোৱালীজনীৰে অৱদান বুলি ক'ব লাগিব। তথাপিও ....

'আহহহ' ঘৈণীয়েকৰ কথা মনলৈ আহোতে তেওঁৰ মুখেদি এটা দীঘলকৈ হুমুনিয়াহৰ দৰে কিবা এটা ওলাই আহিল। সুখে দুখে সকলোৰে লগৰীজনীলৈ সময়ত তেওঁ নিজেই নোকোৱালৈকে একো এটা নিবলৈ কিয় মনত নপৰিছিল বাৰু! অথচ মানুুহজনীয়ে কোনো বেয়াও নাপাইছিল। ল'ৰাটো আৰু মানুহজনৰ সুখতকৈ যেন একো বিশেষ তেওঁ বিচৰা নাছিল। খালী তেওঁৰ ফুললৈ বৰ হেঁপাহ আছিল। য'তে নতুন ফুলৰ পুলি দেখিছিল যেনে তেনে হ'লেও বিচাৰে ঘৰত ৰুবলৈ। বাগিচাখন বৰ মৰম যত্নৰে প্ৰতি পালন কৰে নিজৰ সন্তানৰ দৰে। চলিহাকো এটাই আবদাৰ কৰিছিল কৰবাত যদি ফুল দেখে আনিবলৈ নাপাহৰিবলৈ। চলিহা, পুত্ৰ আৰু ফুলৰ বাগিচাখনেই ঘৈণীয়েকৰ কাৰণে জীৱনৰ সকলো আছিল। তাতকৈ বেছি একোৱেই নিবিচাৰে।

এইকেইদিন ফুলৰ থোপাটো ঘৈণীয়েকলৈ বুলি কিনি চলিহাৰ মনতো কিবা এটা আৱেগেৰে ভৰি পৰিছে। কিয় ইমান নিমাখিত তেওঁৰ মানুহজনী, জটিলতাবিহীন এগৰাকী মহিলা। লোকৰ সুখেই তেওঁৰ সুখ তথাপিও সময়ত তেওঁৰ কাৰণেই পাহৰি যায় কিবা এটা ল'বলৈ।

ফুল কিনি অনাতো তেওঁৰ আজিকালি দৈনন্দিন কাৰ্যত পৰিণত হৈছে। এইবোৰ দেখি পুত্ৰ-বোৱাৰী আচৰিত নোহোৱাও নহয়। তথাপিও একো নকয়। এই বয়সত যে দেউতাকৰ মনত পৰিছে মাকলৈ কিবা এটা আনিবলৈ। মনে মনে সিহঁতৰ হাঁহি ও উঠে, দুখো লাগে দেউতাকলৈ।

আজি চিগনেলটো খোলাৰ পিছতো চলিহা অলপ সময়ৰ কাৰণে ৰ'ল। বহুত সময়েই ৰ'ল ক'বলৈ গ'লে, কিন্তু ছোৱালীজনী নাহিল। ত্ৰিশটকাতো হাতৰ মুঠিতে লৈ অটোখনৰপৰা নামি ইফালে সিফালে চালে। কিন্তু তাইক নেদেখিলে। মনটো কিবা দেখোন ৰাই-জাই কৰিলে 'কিয় বা নাহিল আজি'। 'হ'ব কাইলৈ আহিব চাগে' মনতে ভাবি তেওঁ পুনৰ অফিচলৈ বুলি গুচি গ'ল। আজি তেওঁৰ হাতখন কিবা খালী লাগিছে দেখোন আৰু সেই ধুনীয়া সতেজ ফুলৰ গোন্ধটোৱেও তেওঁক খেদি ফুৰিছে। প্ৰায় এমাহেই হ'বৰ হ'ল তেওঁ ফুল কিনি লৈ অনাতো। আজিও চাগে ঘৈণীয়েকে আশাৰে বাট চাই থাকিব। কথাটো ভাবি তেওঁৰ মনটো দেখোন কেনেবা কৰি উঠিল। আগতেতো চলিহাই এনেদৰে কেতিয়াও নাভাবিছিল। কিবা এটা আনিবলৈ কোৱাৰ পিছতো পাহৰি গ'লে সেইটো বৰ বিশেষ কথা বুলি নাভাবিছিল। কিন্তু আজি! ঘৈণীয়েকে চাগে অলপ অভিমানো কৰিব, তাতে আকৌ এনেও ফুলৰ প্ৰতি মোহটো বেছি।

অভিমান, অভিমান জানো তেওঁ কৰিব জানে? উনত্ৰিশবছৰে একেলগে থাকিও যিগৰাকী মহিলাই অভিমান, খং কৰিব নাজানিলে, এতিয়ানো দেৱালত উলমাই থোৱা ফটোখনে কি অভিমান কৰিব। হয়তো অভিমান কৰিব নজনাতোৱেই চলিহাই সুযোগ হিচাপে লৈছিল আৰু সেই সুযোগতেই ঘৈণীয়েকৰ হৈ থকা ৰোগটোৱে বেছি সুযোগ লৈ মানুহজনীক একেবাৰে তেওঁৰ পৰা আঁতৰাই লৈ গ'ল। কাকো একো খবৰো নিদিলে। এতিয়া ফুল কিনি ঘৈণীয়েকৰ ফটোখনতহে দিয়া হয়। জীয়াই থাকোঁঁতে যদি এনেকে আনি ঘৈণীয়েকৰ খোপাত ফুল এপাহো পিন্ধাব পাৰিলেহেঁতেন, কিমান যে ভাল পালে হয়!

'কিয় নাজানিলা মামণি অভিমান কৰিবলৈ, বস্তু এটা খুজি খং কৰিবলৈ, তেতিয়া হয়তো মই অলপ সলনি হ'লোহেঁতেন। শিকিলোহেঁতেন তোমাৰ মনটো বুজিবলৈ। এতিয়া তোমাৰ ফটোখনত ফুলৰ থোপাটো দিবলৈও যেন সেই কণমানিজনীয়েহে শিকালে মোক।'  কথাবোৰে তেওঁৰ মনত এনেকৈ খুন্দিয়ালে যেন চলিহাই এতিয়াই গৈ ঘৈণীয়েক য'তেই আছে লৈ আহিব।
বিয়াৰ পিছৰপৰাই নজনাকৈয়ে মানুহজনীৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছিল যে তেওঁ ঢুকোৱাৰ পিছতো বহুতদিনলৈকে অফিচ যাবলৈ চাৰ্টটোও ঘৈণীয়েকে আনি দিব বুলিয়েই ৰৈ আছিল। ছমাহ পৰ্যন্ত লাগি গৈছিল ঘৈণীয়েকৰ মৃত্যুটোক সহজভাৱে ল'বলে। 
ছোৱালীজনীক লগ পোৱাৰ পিছৰেপৰা সদায় চলিহাই
ফুলথোপা এটা উৎসাহেৰে কিনি লয়। আৰু যাতে নষ্ট হৈ নাযায় সেয়ে অফিচত গিলাচ এটাত পানী ভৰাই তাতে থৈ দিছিল। অফিচৰ কোনোবাই তেওঁক দেখি ফিচিঙাফিচিং কৰে যদিও সেইবোৰ চলিহাই গুৰুত্ব নিদিয়ে। ঘৰলৈ আহি ধুনীয়াকৈ ফটোখনৰ ওচৰত ফুলৰ থোপাতো থৈ অলপসময়ৰ কাৰণে ৰৈ থাকে। কিবা এটা শুনাৰ আশাত যেন ফটোখনে কিবা এটা কৈয়েই দিয়ে। এইবোৰ কাণ্ড-কাৰখানা পুতেক বোৱাৰীয়েকে দেখিলেও একো নকয়, বুজি পায় তেওঁলোকে।

'বা দেউতা আজিকালি সদায় ফুল আনে যে' বুলি বোৱাৰীয়েকে কেতিয়াবা তেওঁক ধেমালি কৰি চায়। হাঁহি এটা মাৰি চলিহা ভিতৰলৈ সোমাই গুচি যায়।
আজি, কালিকৈ কেইবাদিনো হ'ল ছোৱালীজনী নাহিল। তাইলৈ সদায় বাট চাই থাকে সেই বিশেষ চিগনেলটোত। কিন্তু তাই নহাই হ'ল। নিজেই নিজকে বুজালে যে তাই আৰু নাহে। থাকিবলৈ যাৰ স্থায়ী ঘৰ নাই, দুসাজ খাবলৈ খুদকণ নাই সিহঁতৰ দৰে মানুহবিলাক একেটা জেগাতে কেনেকৈ থাকিব। গ'লগৈ চাগে কৰবালৈ। মনতো দুদিনমান বেয়া লাগিছিল। লাহে লাহে আকৌ ঠিক হৈ গ'ল, তথাপিও কিবা এটা আশা কিজানি তাই আহেই। চিগনেলটো পোৱাৰ লগে লগে অটোৰপৰা মূৰটো উলিয়াই ইফালে সিফালে চাই থাকে কৰবাত কেনেবাকৈ দেখা পাইয়ে নেকি। সেই অকণমানি ছোৱালীজনীৰ মুখখনে চলিহাক আমনি কৰে। 

যদিও ছোৱালীজনী নহা হ'ল কিন্তু চলিহাই ফুল নিবলৈ নেৰিলে। অটোচালকজনে তেওঁক ফুল কিনিবলৈ এখন দোকান ঠিক কৰি দিলে আৰু সদায় অফিচৰপৰা ঘূৰি যোৱা সময়খিনিত ফুল কিনি লৈ যায় মৰমৰ মানুহজনীলৈ বুলি। ঘৰ গৈয়ে ফুলখিনি ফটোখনৰ ওচৰত থৈ বাহিৰলৈ ওলাই আহি আকাশখনলৈ চাই হাঁহি এটা মাৰে। আকাশখনলৈ চাওঁঁতে এনেকুৱা লাগে যেন সেই ফুলৰথোপাটো খোপাতে লগাই তৰা এটি হৈ ঘৈণীয়েকেও তেওঁলৈ চাই হাঁহিছে।