Saturday 3 September 2016

আঙুঠি (Ring)


মোবাইলত দি থোৱা এলাৰ্মটোৰ কৰ্কশ শব্দই সুন্দৰ পুৱাটোৰ গোটেই মাদকতাখিনি মোহাৰিহে পেলাব এতিয়া। কোনোমতে খেপিয়াই খেপিয়াই টোপনিৰ জালতে এলাৰ্মটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তাই গাৰু তলতে থৈ দিয়া মোবাইলটো বিচাৰিয়ে পোৱা নাই। ইফালে ৰুমমেট দুজনীয়ে যে অশান্তি পাইছে সেইটো মুখেৰে ফুটাই ন'কলেও কিছুমান শব্দ কৰি আকাৰে ইংগিতে জনাই দিলে। এই পাঁচবছৰীয়া হোষ্টেলীয়া জীৱনে তাইক বহুত কথাই শিকালে যিবোৰ এতিয়া আকাৰ ইংগিততে বুজিব পৰা হ'ল। মোবাইলটো খেপিয়াই কোনোমতে বিচাৰি পালে যিটো সেই সৰু যেনেতেনে এজনী মানুহ শুব পৰাকৈ বনোৱা বিচনাখনৰ সিটো মূৰত আঁঠুৱাখনত কথমপি নপৰাকৈ উলমি আছে।এলাৰ্মটো অফ কৰি তাই এঙামুৰি কেইটামান মাৰি অনামিকা আঙুলিটোত পিন্ধি থকা আঙুঠিটো আকৌ এবাৰ চাই ল'লে। চাই থাকি যেন হেঁপাহেই নপলাব, কালি সন্ধিয়া হোষ্টেলত সোমোৱাৰ পিছৰ পৰা অকল আঙুঠিটোৱেই চাই আছে। ৰাতি শুবলৈ বিচনাত পৰা পিছতো চকু আঙুঠিটোতে। ৰুমমেটৰ কোনোবা এজনীয়ে শুই থাক ন'হলে এলাৰ্ম শোৱাৰ আগতেই বাজিব বুলি লাইটটো অফ কৰি দিলে। তথাপিও তাই টোপনি যাব পৰা নাই মাজে মাজে মোবাইলটোৰ পোহৰতো চাই আছে। ইমান মৰম লগা আঙুঠিটো সৰু পান এখিলাতে কাঁড় চিন এডাল আৰু মাজতে এটা অকণমানি বগা পাথৰ।  সেইটোকে চাই চাই কেতিয়া টোপনি গ'ল তাই গম নাপায় আৰু টোপনিতে মোবাইল ক'ত পৰি থাকিল খবৰ নাই। আচলতে দিনটো ঘূৰি থকাৰ কাৰণে টোপনি অহাৰ পিছত একেবাৰে এলাৰ্মৰ শব্দতহে সাৰ পালে প্ৰণামীয়ে।

আঙুঠিটো চাই থাকোতে পাহৰিয়ে গৈছিল তাই সোনকালে উঠাৰ কাৰণতো। সময়টো চাই দেৰিয়েই হ'ল বুলি প্ৰণামী লৰালৰিকৈ গা ধুবলৈ গ'ল। আজি বাস্তৱ দিল্লীলৈ যাবগৈ গতিকে তাই কালিয়ে কৈ থৈছে তাই তাক এয়াৰপৰ্টত থ'বলৈ যাব। সি ইমান পুৱাতেই তাই কষ্ট নকৰিলেও হ'ব বুলি কোৱাৰ পিছতো তাই নামানে। আকৌ বা কেতিয়া লগ পাব ঠিক নাই, পালেও ছমাহ সাতমাহৰ মূৰত। এইকেইদিন তাইৰ ইমান ভাল লাগিছিল, এইপোন্ধৰটা দিন কেনেকৈ হাতৰ মুঠিতে গ'ল গমেই নাপালে। ভাল লগা মূহূৰ্তবিলাক আহে আৰু যায় দুখৰ দিনবিলাকহে নাযায় নুপুৱায়। এতিয়া ছমাহলৈ বাট চাই থকাটো কিমান কষ্টকৰ তাইতকৈ ভালকৈ কোনে জানিব,একেবাৰে ছয়বছৰ যেন লাগে।
চাৰে তিনিবছৰীয়া সিহঁতৰ সম্পৰ্কটোলৈ প্ৰণামীৰ মাজে মাজে চিন্তাও হয়, ভালে থাকিবতো! এই 'সম্পৰ্ক' নামটো একেবাৰে থুনুকা, সযতনে আলফুলে ৰাখিলেও কেতিয়া ভাঙি যায় গমেই নাপায়। কিন্তু কালিৰেপৰা যেন সম্পৰ্কটো আৰু অলপ গাঢ় হ'ল। তাইৰ অনামিকা আঙুলিত সোণৰ আঙুঠিটো সোমোৱাই দি সি কোৱা কথাখিনিয়ে আৰু অলপ বিশ্বাস বঢ়াইহে দিলে। লগতে কথাও দিলে ছমাহৰ পিছত আহি ঘৰে ঘৰে চিনাকি হৈ সম্পৰ্কটো আৰু অলপ আগবঢ়োৱাৰ। ইমানদিনে সিহঁত দুয়োহে জানে এইবাৰ আহিলে দুয়ো ঘৰতে জনাব লাগিব। সি আকৌ অহালে তাইৰ এম এৰ লাষ্ট ছেমিষ্টাৰ শেষ হ'বগে। কথাবিলাক মনতে পকতিয়াই থাকোতে বাস্তৱ ইতিমধ্যে তাইৰ হোষ্টেলৰ ওচৰ পাই ফোন কৰিলে তেতিয়াহে তাই ওলাই যে যাব লাগে মনলৈ আহিল।

তাক এয়াৰপৰ্টত থৈ আহি প্ৰণামীৰ মনটো কিবা এটা বেয়া লাগি আছে। ক্লাছ যাবলৈ মন নকৰি ৰুমতে ক্লাছৰ কিবাকিবি অলপ কৰি থাকোতে টোপনি গ'ল। শুই উঠি দেখে হোৱাটচআপত কেইবাটাও মেছেজ তাৰ মাজতে এটা বাস্তৱৰ 'জাষ্ট ৰীচদ, কল ইউ লেটাৰ'। মেচেজটো দিয়া অলপ সময় হ'ল তাই চাইচেহে দেৰিকৈ। ফোন এটাকে কৰো বুলি তাই ফোনটো লগালে। 'অ প্ৰণা মই আহি পাইয়ে অফিচ আহিব লগা হ'ল ৰাতি কল কৰি আছো।' বুলি কৈ তাইক ক'বলৈ একো সুবিধা নিদি ফোনটো কাটি দিলে। তাইৰ এইবোৰ কথাতে খং উঠে দিল্লীত থাকিলে তাৰ যে কথা পাতিবলৈ সময় নাথাকে ইমান ব্যস্ত হৈ যায়। এইবাৰ ছেমিষ্টাৰ শেষ হ'লে তাইও যাবগৈ দিল্লীলৈ তেতিয়া চাবচোন কিমান ব্যস্ত সি। ঘৰলৈ আহিলে দেখোন এৰি দিবই মন নকৰে, তাই তাৰ কাৰণে ক্লাছো বাং মাৰিব লগা হয় কেতিয়াবা। উপায় নাই ইমান দিনৰ মূৰত আহে আৰু যিহে সৰু ল'ৰাৰ নিচিনা আবদাৰ তাইৰ মৰম লাগি যায়। কথাবিলাক ভাবি ভাবি তাইৰ আকৌ আঙুঠিটোলৈ চকু গ'ল।

ইচ্ ইমান দামী আঙুঠি দিয়াৰ কি প্ৰয়োজন! ইমান ডাঙৰ উপহাৰ জীৱনত এইবাৰেই প্ৰথম পাইছে তাই। প্ৰথমতে ল'বলৈ বেয়া পাইছিল যদিও তাৰ অভিমানী কথাত সন্মত হৈ ল'ব লগা হ'ল।

প্ৰণামীৰ আঙুঠি সৰুকালৰে পৰা প্ৰিয়। এতিয়া ইমান দামী সোণৰ আঙুঠি পাই আনন্দত ক'ব নোৱাৰা হৈ আছে। সৰুতে আঙুঠি পিন্ধাৰ বৰ চখ আছিল তাইৰ। মাকে উপায় নাপায় নাৰিকল গছৰ পাতেৰে ন'হলে বনগুটি জাতীয় কিবাৰে পকাই মেলি আঙুঠি বনাই দিয়ে। সেইটোকে নোপোৱালৈকে মাকক হাৰাশাস্তি কৰি দিয়ে কান্দি কান্দি। অলপ ডাঙৰ হোৱাৰ পিছত যেতিয়া স্কুল যাবলৈ আৰম্ভ কৰিলে তেতিয়া তেতেলীত পোৱা আঙুঠি পিন্ধিবলৈ ল'লে। কিমান যে ভাল পাই গোটেই কেইটা আঙুলিতে ৰঙা নীলা আঙুঠি কেইটা পিন্ধি। লাহে লাহে তেতেলীৰ আঙুঠি ভাল নলগা হৈ আহিল। কিন্তু আঙুঠি পিন্ধাৰ চখটো হ'লে মৰা নাই। অলপ ডাঙৰ হোৱাৰ পিছত মাকৰ আঙুঠিটো আজুৰিবলৈ ল'লে যিটো দেউতাকে মাকক বিয়া কৰাই আনোতেই দিয়া। সেইটো মাকে ইমান সযতনে ৰাখে, তাইক পিন্ধিবলৈ দিবলৈ মন নকৰে। নিদিয়াৰ কাৰণো নোহোৱা নহয়, প্ৰথম কথা বিয়াত দেউতাকে দিয়া আঙুঠি আৰু দ্বিতীয়তে এইটো হেৰুৱালে বেলেগ এটা যে ল'ব পাৰিব সেইটো সম্ভৱ নহয়। কিন্তু তাইক লাগিবই ইমান আঁকোৰগোজীয়া ছোৱালী। উপায় নোহোৱাত কৰবালৈ গ'লে মাকে আঙুঠিটো উলিয়াই দিয়ে লগতে সকিয়াইও দিয়ে নেহেৰুৱাবলৈ।
দেউতাকৰ এল পি স্কুলৰ চাকৰিটোৰ দৰমহাৰে সিহঁত ছোৱালী দুজনী আৰু ভায়েকটোক পঢ়োৱাৰ পৰা ঘৰ চলোৱালৈকে সহজ কথা নহয়। গতিকে সোণৰ আঙুঠি পিন্ধাটো সিহঁতৰ কাৰণে বিলাসিতাৰ নিচিনা আছিল। যিমান পাৰে মাকৰটো পিন্ধিয়ে চখ পূৰাইছিল যদিও এদিন কেনেবাকৈ সেইটো তাইৰ আঙুলিৰপৰাই নোহোৱা হ'ল। কেনেকৈ কি হ'ল তাই নিজেও গম নাপালে। আঙুঠিটো হেৰাওতে মাকৰ মুখখন যে কেনেকুৱা হৈছিল এতিয়া মনত পৰিলেও তাইৰ দুখ লাগি আহে। তেতিয়াৰ পৰাই তাই শপত খালে যেতিয়ালৈকে নিজৰ বুলি নাথাকে তেতিয়ালৈকে তাই আঙুঠি নিপিন্ধে। আঙুঠিটো চাই কথাবিলাক ভাবি থাকোতে তাই কেতিয়া সন্ধিয়া লাগিল গমেই নাপায়। ফোনটো বাজোতেহে তাই বাস্তৱলৈ উভতি আহিল। মাকক ক'ব নেকি আঙুঠিটোৰ কথা, নালাগে থাকক মাকে বা কেনেকৈ লয় কথাটো ঠিক নাই।

এনেকৈয়ে প্ৰণামীৰ দিনবিলাক গৈ আছে। পৰীক্ষা ওচৰ পোৱাত একো ভাবিবলৈ সময় নোহোৱা হৈছে। ভাল ৰিজাল্ট এটা কৰিব লাগিব তেতিয়াহে তাইক মাক দেউতাকে দিল্লীলৈ পঠাব। ভাল চাকৰি এটা পালে ভায়েকক পঢ়োৱাৰ দায়িত্ব তাইয়ে ল'ব, দেউতাকে অলপ হ'লেও সকাহ পাব। কিমাননো কৰিব দেউতাকে অকলে অকলে, বেয়াও লাগে তাইৰ।
আজি তাইৰ পৰীক্ষা শেষ আৰু এসপ্তাহৰ পিছতে বাস্তৱ আহিব। কথাটো মনত পৰি পুৱাৰেপৰা তাইৰ ভাল লাগি আছে। পৰীক্ষাটো দি সি অহাৰ আগতেই কেইদিনমানৰ কাৰণে ঘৰৰ পৰা আহিব লাগিব। আজিৰ পেপাৰখন ভাল হ'লেই হ'ল বাকী কেইখনৰ নিচিনাকৈ বুলি ওলাই গ'ল পৰীক্ষালৈ।

শেষৰটো ছেমিষ্টাৰৰ শেষ পৰীক্ষা সেয়ে হোষ্টেল পাঁওতে অলপ দেৰিয়েই হ'ল। পৰীক্ষাৰ কাৰণে এইকেইদিন বাস্তৱৰ লগত ভালকৈ কথাই পাতিব পৰা নাই আজি অলপ পাতিব লাগিব। কাইলৈ পুৱাই আকৌ ঘৰলৈ যাব গতিকে কাপোৰ-কানি বিলাকো ঠিক কৰিব লাগিব। তাই হোষ্টেল পাইয়ে বাস্তৱক ফোন লগালে, সেই একেই উত্তৰ ব্যস্ত আছে পিছত ফোন কৰিব। তাই ঘৰলৈ যোৱাৰ কথাটো কঁওতে ইমান গুৰুত্ব নিদিলে। তাইৰ আজি সঁচাকৈয়ে বেয়া লাগিল ইমান ব্যস্ত থাকেনে মানুহ। সি ফোন নকৰালৈকে তাইও নকৰে বুলি তাই বস্তুবিলাক ঠিক কৰাত লাগিল। কিন্তু বাৰে বাৰে চকু মোবাইলত। নাই তাইৰ অপেক্ষাক যেন ফোনটোৱেও ভেঙুচালি কৰি হাঁহিলে। পিছদিনা  পুৱাই উঠি প্ৰণামী খৰখেদাকৈ ঘৰলৈ বুলি ওলাল। কিন্তু তাইৰ অপেক্ষিত ফোনকলটো এতিয়াও নাহিল। তাই বাছত ঘৰলৈ গৈ আছে যদিও মুকলি হ'ব পৰা নাই। মনত কিছুমান নাভাবিব লগা কথাই আহি আউল লগালে। কি যে কৰিব, আকৌ এবাৰ ফোন কৰি চাব নেকি বুলি ভাবোতেই ফোনটো বাজি উঠিল। স্ক্ৰীণত জিলিকি উঠা নামটো দেখি অলপ অভিমানো হ'ল আৰু ভালো লাগিল। ৰিচিভ কৰো নকৰোকৈ ৰিচিভৰ বুটনটো ডবাওতেই সিফালৰ পৰা চিঞঁৰি উঠিল ' ৰিচিভ কৰোতে ইমান সময় লাগে নে, কি কৰি থাকা ইমান।' কালি ৰাতিৰ পৰা খবৰেই নাই এতিয়া আকৌ তেওঁৰ উৎপাতটো বেছি। খংটো উঠি আহিছিল যদিও প্ৰণামীয়ে নিজকে সম্বৰণ কৰি ঘৰলৈ যোৱাৰ খবৰটো দিলে। কথাটো শুনি সি যেন খুব ভাল পাইছে তেনেকুৱা কৰি ক'লে 'যোৱা থাকি আহা মই গৈ তোমাক লৈ আহিম' ফোনত সি কোৱা কথাকেইটাই যেন তাইক নতুনকৈ জীৱনহে দিলে। যিমান খং আছিল তাৰ ওপৰত সকলোবোৰ নিমিষতে মাৰ গ'ল। আনন্দতে পখিলীজনী হৈ তাই ঘৰ পালেগে। ঘৰত তাই তাৰ লগত ইমান ভালকৈ কথা পাতিব পৰা নাই যদিও যি পাৰে পাতিছে, প্ৰণামীয়ে এইবাৰ ঘৰত কথাবিলাক অলপ অচৰপকৈ  কাণ চোৱাইছে। গতিকে সি আহিম বুলি কঁওতে মাক-দেউতাকে ভাল পাইছে যি হ'লেও ল'ৰাটো লগ পালে গম পাব কেনেকুৱা প্ৰকৃততে।

কিন্তু আজি দুদিনমানৰ পৰা দেখোন তাৰ মোবাইলটো অফ। সিটো পৰহিয়েই অহা কথা ঘৰলৈ, তাৰপিছত সিহঁতৰ ঘৰলৈ আহি তাইক লৈ যোৱাৰ কথা।ফেচবুকটো মেচেজ কৰিছে কোনো ৰিপ্লাই নাই। তাই কেইদিনমান বাট চালে কিন্তু নাই কোনো শুংসূত্ৰই নাই। তাইৰ খুবেই চিন্তা হ'ল এনেকুৱাতো কাহানিও নকৰে। কেতিয়াবা কিবা কথাৰ কটাকটি হ'লে এদিনমান এনেকুৱা কৰে কিন্তু পিছত ঠিক হৈ যায়। কিবা বিপদ আপদ হোৱা নাইতো, কথাটো মনলৈ অহাত তাই শংকিত হৈ উঠিল। নাই কাইলৈ পুৱাই তাই যাবগৈ হোষ্টেল। কিন্তু এতিয়া কাৰ ওচৰত খবৰ ল'ব তেনেকুৱা তাৰ লগৰ চিনাকিও কোনো নাই। ফোনটোত কেনেবাকৈ কাৰোবাৰ নম্বৰ থাকিব পাৰে বুলি ফোন লিষ্টখন চাই থাকোতে তাৰ মাকৰ নম্বৰটো চকুত পৰিল। বাস্তৱে এদিন তাইলৈ এইটো নম্বৰৰ পৰা ফোন কৰোতে মাকৰ নম্বৰ বুলি কোৱাত তাই চেভ কৰি থৈ দিছিল। তাই নম্বৰটো উলিয়াই কৰো নকৰোকৈ এইটোতে ডাইল কৰিলে, বহুত সময় ৰিং কৰাৰ পিছত ৰিচিভ কৰিলে।

'হেল্ল কোনে ক'লে?' সিফালৰপৰা মাকৰ মাতটো শুনি তাই থতমত  খালে যদিও সোধো নোসোধোকৈ ক'লে ' মই মানে বাস্তৱৰ লগৰ, তাৰ ফোনটো নোপোৱাৰ কাৰণে' তাইৰ কথাখিনি শেষ কৰিবলৈ নাপাওঁতেই মাকে কৈ গ'ল 'বাস্তৱে ড্ৰাইভ কৰি আছে আৰু আজি দিনটো সি ব্যস্ত আছিল যে, এতিয়া তাৰ কইনাৰ আঙুঠি পিন্ধাই ঘৰলৈ আহি আছো, গৈ পাই.....' মাকে উৎসাহেৰে আৰু কি কি কৈ আছিল তাইৰ শুনিবলৈ ধৈৰ্য্য নাছিল। ভৰিৰ তলৰ মাটিবোৰ ফাটি তাই যেন তললৈ সোমাই গৈ আছে, চকুৰে ধোৱা-কোৱা দেখিলে। কি হৈছে তাইৰ এইবোৰ কাণখনো গধুৰ হৈ আহিল।
বাস্তৱে আঙুঠি পিন্ধালে আজি, কিন্তু কাক? তাইক ছমাহৰ আগতে যে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিৰে পিন্ধাই গৈছিল সেইয়া কি মিছা আছিল নেকি? কিন্তু সেই আঙুঠিৰ সাক্ষী কেৱল বাস্তৱ আৰু তাই আছিল। কিন্তু আজি সকলোকে সাক্ষী কৰি বেলেগ এগৰাকীক জীৱন লগৰী কৰা প্ৰতিশ্ৰুতি দি আহিল। কথাবোৰ যিমান মনলৈ আহিল তাইৰ নিজৰ ওপৰতে ঘৃণা উপজিবলৈ ধৰিলে। কিয় তাই তাৰ মিঠা কথাত ভোল গৈ কেইদিনমানৰ চিনাকিতে বহুত দূৰলৈকে ভাবিবলৈ ধৰিলে। নামত সিহঁতৰ সম্পৰ্কটো আছিল চাৰে তিনিবছৰীয়া কিন্তু এইকেইটা বছৰত তাই তাৰ চলাহী কথাবোৰ বুজি কিয় নাপালে। সেই নিজান দুপৰীয়াৰ ক্ষণটো যিতো তাইৰ জীৱনৰ ভাললগা মূহূৰ্তবিলাকৰ এটা বুলি ভাবিছিল আজি সেই ক্ষণটোৱে তাইৰ বুকুতে কামোৰটো মাৰিলে।

আঙুঠিটো তাইৰ আঙুলিত পিন্ধাই সি তাইৰ উষ্ম ওঁঠত আঁকি দিয়া চুমাকেইটা এই মূহূৰ্তত এটা বিষাক্ত পৰুৱাই কামোৰ মৰা যেন লাগিল। ধীৰ গতিত তললৈ নামি অহা তাৰ হাতখন বিজলুৱা কুমজেলেকুৱা এডাল তাইৰ গাত বগাই গোটেই গাটো লেতেৰা কৰা নিচিনা লাগিল, যি তাই বাৰম্বাৰ ধুইও চাফা কৰিব নোৱাৰে। যিটো মূহূৰ্তত সি দিয়া আঙুঠিটো পিন্ধি আনন্দত ক'ব নোৱাৰা হৈছিল, আজি সেই আঙুঠিটোৰ বিনিময়ত হেৰুৱাই পেলোৱা অমূল্য সম্পদৰ কথা ভাবি তাই শিয়ৰি উঠিল। যিটো আঙুঠি চাই থাকিও হেঁপাহ পলোৱা নাছিল, আজি সেইটোৱে যেন বাস্তৱৰ ৰূপেৰে তাইলৈ চাই দাঁত নিকটাই বিকৃত হাঁহিৰে উপলুঙাহে কৰি আছে। আঙুঠিটোলৈ চকু যাঁওতেই সেইটো খুলি দলিয়াই পেলালে, যাক পিন্ধি চাই থাকোতে বাস্তৱৰ বাস্তৱ ৰূপটো দেখা পোৱা নাছিল। কিন্তু আঙুঠিটো দলিয়াই পেলালে কি হ'ব, তাই জানো বাস্তৱে প্ৰেমৰ নামত দেহে-মনে বহাই যোৱা কামোৰৰ দাগবিলাক আঁতৰাব পাৰিব! সৰুৰে পৰা আঙুঠি পিন্ধি ভালপোৱা ছোৱালীজনীৰ এতিয়া 'আঙুঠি' শব্দটো শুনিবলৈও বেয়া পোৱা হ'ল।

No comments: