Tuesday 22 November 2016

বিয়া (Wedding)


ৰিমঝিম বৰঠাকুৰ

শইকীয়ানীয়ে কেইবাযোৰাও কাপোৰ উলিয়াই থৈছে ঘৰৰ ওচৰৰ বিয়াখনৰ ৰিচিপচনখনলৈ পিন্ধি যাবলৈ। দুযোৰমান উলিয়াই থৈ আকৌ সোমোৱাই থ'লে সেইকেইযোৰ বোলে আগতে দুখনমান বিয়াত পিন্ধিছে। পুনৰ যদি পিন্ধে 'গোট'ৰ লগৰকেইজনীয়ে দেখিলে সেইটোকে হ'বলগীয়া মিটিংখনৰ আলোচনাৰ বিষয় হ'ব। কাকতিৰ ঘৈণীয়েকে দেখিলেতো হ'লেই আৰু। এনেই বহল মুখখন আৰু অলপ ডাঙৰকৈ মেলি সকলোৱে শুনাকৈ কৈয়েই পেলাব আগতে কাপোৰযোৰ তেওঁ ক'ত পিন্ধা দেখিছিল। তেতিয়া 'গোট'ৰ ধন্য-মান্য সম্পাদিকা শইকীয়ানীয়ে মুখখন ক'ত লুকুৱাব জেগাই বিচাৰি নাপাব।
কি কৰিব কি নকৰিব বিচাৰি নাপায় ৰিমাৰ মাককে সোধো বুলি ফোনতো লগাবলৈ ধৰি দেখিলে বেলেঞ্চো নাই। কি যে নহয় এইবোৰ! সৰু ছোৱালীজনী মাকৰ মোবাইলটোত খুব লাগি থাকে নহয় তাইয়ে শেষ কৰিলে চাগে। হোৱাটচাপতে মেছেজ এটা কৰি সোধা যাঁওক। মানুহজনী এইবিলাকত বৰ এক্টিভ, মেছেজ কৰাৰ লগে লগে ৰিপ্লাই কৰে। মেছেজটো পঠিয়াই শইকীয়ানীয়ে বাকী থকা কামকেইটা কৰি আজৰি হৈ ল'বলৈ বুলি কামত ধৰিলেগৈ। লগতে তিয়াই থৈ দিয়া মচুৰ দালিকণো গালদুখনত লেপি ল'ব লাগিব। পাৰ্লাৰৰ মুখ নেদেখা শইকীয়ানীয়ে ক'ৰবাত বিয়াখাবলৈ যোৱাৰ আগতে এইফেৰা কাম নকৰিলে নহয়েই। লগৰকেইজনীৰ আগত আকৌ কোনোবা এখন ভাল পাৰ্লাৰৰ নামতো কৈ ফুটনি মাৰিবলৈ কেতিয়াও নাপাহৰে।
অলপ সময়ৰ পিছত আহি মোবাইলটো চাই দেখে তেওঁৰ মেছেজৰ কোনো ৰিপ্লাই নাই। ৰিমাৰ মাকে যে মেছেজটো চাইছে সেই কথা শইকীয়ানীয়ে খাটাংকৈ গম পালে নীলা হৈ পৰা চিনকেইডাল দেখি। মেছেজটো চাই থৈছে কিন্তু ৰিপ্লাইটো কৰিবলৈ ইমান সময় নাইনে? শইকীয়ানীৰ বিৰাতেই খং উঠিল ৰিমাৰ মাকৰ কাণ্ড দেখি। ৰিপ্লাই কৰিবলৈ মনো নকৰিব পাৰে যিহে হিংসাকুৰীয়া মানুহ, শইকীয়ানীক কেনেবাকৈ সিহঁত গোটেইকেইজনীতকৈ ধুনীয়া লাগিব বুলি ভয়ো খাব পাৰে। খংৰ ভমকত নিজেই নিজকে বকি বকি বাকী থকা মচুৰ দালিখিনি পিচি ল'লে। বকি থাকোতেহে মনলৈ আহিল যে বিয়াঘৰীয়া ৰিমাৰ মাকৰ কিবা সম্পৰ্ক লাগে গতিকে তেখেত চাগে তাতে ব্যস্ত হৈ আছে। আকৌ এবাৰ ফোনটো লৈ মেছেজ কৰিবলৈ ধৰোতেই ৰিমাৰ মাকৰ ফোনটো আহিল।
'শইকীয়ানী ন'কব আৰু বুজিছেনে বিয়াঘৰত যিহে অঘটন ঘটিল, সেইবোৰত লাগি থাকোতে আপোনাক ৰিপ্লাই কৰিবই পৰা নাই। এতিয়া এটা কথা জানি থওক যে বিয়াখন ন'হল বাকীখিনি আবেলি গৈ কৈ আছো।' কথাখিনি একে উশাহে কৈ ফোনটো থৈ দিলে। শইকীয়ানীয়ে ৰিমাৰ মাকৰ কথাখিনি শুনিলেহে কিন্তু একোৱে বুজি নাপালে। কি হ'ল হঠাতে! বিয়াখন দেখোন পৰহিয়ে হোৱা কথা আছিল মন্দিৰত আৰু আজি ৰিচিপচন। কিন্তু ৰিমাৰ মাকৰ কথাখিনিৰ মতেতো বিয়াখন ন'হলেই যেতিয়া ৰিচিপচন কেনেকৈ হ'ব।
'এস কি যে নহয় এইবিলাক। কথাখিনিও ভালকৈ ক'ব নোৱাৰে' শইকীয়ানীৰ এনেই খং উঠি আছিল এতিয়া কথাবোৰ ভালকৈ নোকোৱাৰ বাবে খংৰ ভমক আৰু একোব চৰিল। যিমান খং উঠিলেও এটা কথা সঁচা যে তেওঁ ইমানকৈ সাজি-কাঁচি থাকি লাভ নাই, তথাপিও পিচি থৈ দিয়া দালিকণ নলগাবনে!
আবেলি চাৰিটামান বজাত ৰিমাৰ মাক শইকীয়ানীৰ ঘৰ ওলালহি। শইকীয়ানীৰতো তেওঁলৈ বাট চাই চাই চকু বিষাল। এনেই লোকৰ কথা শুনি ভালপোৱা মানুহ, তাতে আকৌ হ'বলগা বিয়া ভাঙিছে। গতিকে ইয়াতকে বেছি চৰ্চাৰ কথা কি থাকিব পাৰে। কথা শুনিবলৈ থিয় হৈ থকা কাণদুখনে ৰিমাৰ মাকৰ উপস্থিতিতহে শান্তি পাইছে। অকণো পলম নকৰি শইকীয়ানীয়ে ৰিমাৰ মাকক প্ৰশ্নৰ বাণেৰে ধাৰাসাৰ কৰিলে।
'কিনো ক'ব এইবোৰ মানে দীঘল কাহিনী.....' বুলি ৰিমাৰ মাকে আৰম্ভ কৰি গ'ল। কথাখিনি যিমান শুনি গৈছে শইকীয়ানীয়ে যেন সিমান ৰস পাইছে।
দেখাই-শুনাই বৰ মৰম লগা ছোৱালী এজনীৰ লগত ঘন ভূঞাৰ ল'ৰাতোৰ বিয়া ঠিক কৰিছিল। ধনীৰ দুলাল ভূঁঞাৰ ক'বলৈ গ'লে আগে-পিছে একোটিয়েই ল'ৰা। যিমানখিনিহে ধনৰ গৰাকী এটা ল'ৰাই যে খাই ধুকুৱাব পাৰিব সেইয়া কোৱাতো অলপ কঠিন। সেয়ে পুতেকে সৰুৰেপৰা যিটোকে বিচাৰে সেইটোকে দিবলৈ চেষ্টা কৰিছিল। যাতে পুতেকে কাহানীও বাপেকক ক'ব নোৱাৰে যে টকা থাকিও তাৰ কাৰণে একো কৰিব নোৱাৰিলে। এনেকৈ ডাঙৰ হোৱা ল'ৰা এটা সময়ত ইমানেই উদণ্ড হ'ল যে মৰম কি, সন্মান কি, অভাৱ কি একো বুজি নোপোৱা হ'ল। তাৰ মতি-গতি দেখি ভূঁঞা-ভূঁঞানীয়েও নিজৰ ভুলতো বুজিবলৈ ধৰিলে কিন্তু ইতিমধ্যে দেৰি হ'লেই। পুতেকতো যে এনে বদমাছ হ'ল একেবাৰে এৰাল চিঙা গৰুৰ দৰে অৱস্থা তাৰ। ল'ৰাটোৰ কাৰণে মাক-দেউতাককো কোনো ওচৰ-পাজৰে থকা মানুহেও ভাল নোপোৱা হৈছিল।তাৰ উৎপাতত ছোৱালী-বোৱাৰী কোনো শান্তিত থাকিব নোৱাৰে। ইমান টকা-পইচাৰ মালিক হোৱা স্বতেও বিয়াৰ বয়স হৈ যোৱাৰ পিছতো তাৰ কাৰণে ছোৱালী বিচাৰি পোৱাতো টান হৈ পৰিছে। তাৰ নাম শুনাৰ পিছতেই ছোৱালী দিয়া মানুহ আহিও ঘূৰি যায়। কিন্তু হঠাতে জানো বিয়াখন কেনেকৈ ঠিক হ'ল, ভূঁঞা-ভূঁঞানীয়ে একেবাৰে বিয়াৰ নিমন্ত্ৰণী চিঠি লৈ আহোতেহে সকলোৱে গম পালে। আনকি সম্পৰ্কীয় মানুহবিলাকেও সময়তহে গম পালে।
ছোৱালীজনীৰ ঘৰ অলপ দূৰত, এদিনতে অহা-যোৱা কৰিব নোৱাৰি। বৰ মৰম লগা আৰু বয়সো বোলে বেছি নহয়। ইমান ভাল ছোৱালী এজনী তাৰ নিচিনা ল'ৰা এটাই ক'ত পালে সেইটোহে সকলোৰে মুখে মুখে। কিছুমানৰ মতে সি আগতকৈ ভাল হোৱাৰ কাৰণে পালে চাগে, কিছুমানৰ মতে আকৌ মিছা কথা কৈ মন ভোলালে চাগে। কিন্তু যিয়েই নহঁওক ভূঁঞাৰ ঘৰত বিয়া খাবলৈ যোৱাৰ মজাই বেলেগ হ'ব। ধনৱানৰ ধন বিয়াখনতে খৰছ নকৰি কৰিব ক'ত? মাছে-মাংসই এগালমান খোৱাব! ল'ৰা কেনেকুৱা আছিল সেইটো কথা নহয়, দগৰি এসাজ খাবলৈ পোৱাটোহে কথা। তেনেকৈয়ে ভাবি শইকীয়ানীও ৰচকিজনী হৈ আছিল। কিন্তু বিয়াখন ভাগিহে...!!
ঘৰত অতকে ডাঙৰ চোতালখন থকাৰ পিছতো বিয়াখন ঘৰত নাপাতি মন্দিৰত পাতিবলৈ গৈছিল। লগত পিছে দহ-বাৰজন মানুহতকৈ বেছি মানুহ নিয়া নাই। বাকী মানুহক ৰিচিপচনৰ কাৰণেহে মাতিছিল। কিন্তু দগৰি ৰিচিপচন খোৱাৰ আশাত থকাবিলাকৰ আশাত চেঁচা পানী পৰিল। বিয়া পাতিবলৈ গৈ তেঁওলোক এনেকুৱা সমস্যাত পৰিল যে বিয়া নাপাতি গুচি আহিবলগাত পৰিল। কেনেবাকৈ অচিনাকি ছোৱালী এজনী পায় ফাকি-ফুকা দি বিয়াখন ঠিক কৰিছিল যদিও ছোৱালীৰ বোলে সোতৰ বছৰো হোৱা নাই। গতিকে মন্দিৰৰ কমিটীৰ কৰ্তৃপক্ষই বিয়াখন পাতিবলৈ অনুমতি দিব নোৱাৰে ছোৱালীৰ বিয়াৰ বয়স নোহোৱাকৈ। সেই কথা গম পায় লগত যোৱা কেইজনেও সেই বিয়াৰ বিৰুদ্ধে মাত মাতিলে। ইফালে কইনাৰ ঘৰে তেতিয়াহে ভূঁঞাৰ পুতেকৰ আচল কথা গম পালে। সা-সম্পত্তিৰ লোভত পৰি বিবাহ উপযুক্ত নোহোৱাকৈয়ে বিয়া দিবলৈ ওলোৱা মাক-দেউতাকে মানুহৰ ককৰ্থনা শুনি সেই ঠাই এৰি ঘৰলৈ বাট ল'লে। এনেকে ফাঁকি দি বিয়া কৰোৱাৰ মজা ওলাই গ'ল দৰাৰ। নিজেতো অধোপতনে গ'লেই, ইফালে ফাকি দি বিয়া পাতি ফুলকুমলীয়া ছোৱালীৰো জীৱনতো শেষ কৰিলেহেঁতেন!
'ব'লকচোন বাইদেউ আমিও ল'ৰাতোক এসেকা দি আহো যাতে গোটেই জীৱনলৈ সি মনত ৰাখে। এই ছোৱালীজনীৰ মাক-দেউতাককো লগ পালে ভাল আছিল টকাৰ লোভ উলিয়াই দিলোহেঁতেন সিহঁতক। পঢ়া-শুনা কৰোৱাবলৈ খবৰ নাই খালী বিয়াৰ কথা উপযুক্ত নৌ-হওতেই।' কথাবোৰ শুনি থাকি হঠাতে শইকীয়ানী এনেকুৱাকৈ ভমককৈ জলি উঠিল যে ৰিমাৰ মাকেও ভয় খাই গ'ল।