Popular Posts

Search This Blog

Tuesday, 19 September 2017

শৰতৰ সন্ধিয়াত শেৱালি ফুলাৰ বতৰা (Autumn Blossoms)

'এইবাৰ পূজাত তোক আইফোন লাগিব নেকি অই ৰজিতা?' ফেচবুকৰ জোৰতে দেশ বিদেশৰ খবৰ ৰখা চাইকেল মেকানিক বিপুলে ৰজিতাক ধেমালি কৰিবলৈকে সুধিলে।

'কি আইফোন।' বুলি যিটোহে ভেকাহি মাৰিলে অলপ নহয় ভালকৈয়ে যে তাই তাৰ কথাত আচৰিত হৈছে সেইটো বিপুলৰ বুজিবলৈ বাকী নাথাকিল।

'সৰুতেই আই বোপাই দুয়োৱে এৰি থৈ অনাথ কৰি থৈ গ'ল এতিয়া আৰু আইফোননে সেইডালে কি কৰিম।' বুলি বকি বকি ৰজিতাই ছাগলীজনী লৰাবলৈ ঢাপলি মেলিলে। পিছে পিছে বিপুল। আচলতে ৰজিতাই ভাবিছে সি তাইক কিবা পেংলাইহে কৰিছে সেয়ে খংটো তাইৰ বেছিয়ে উঠিল।  এইখিনি সময় সিহঁতৰ বাবে য'ত নিৰিবিলিকৈ বহি সুখ দুখবোৰৰ আদান প্ৰদান কৰিব পাৰে। সকলো ভাতখাই অলপ জিৰাবলৈ যোৱাৰ সময়খিনিলৈ ৰৈ থকাটো এটা শেষ ন'হব যেন লগা ক্ষণ।

অনাথ দুটি শিশু বিপুল আৰু ৰজিতা আৰঘৰে তাৰঘৰে খেলি খেলিয়ে ডাঙৰ হ'ল। তামোলৰ ঢকোৱা চোচৰাই খেলাৰ পৰা একেলগে ডাঙৰ হোৱা দুয়ো এতিয়া যৌৱনপ্ৰাপ্ত হ'ল। শৈশৱৰ বন্ধুত্ব এতিয়া যৌৱনৰ প্ৰেমলৈ ৰূপান্তৰিত হ'ল। আজিকালি বেলেগে দেখাকৈ কথা পাতিবলৈও কিবা আফচোচ কৰা হ'ল। সময়বোৰো বৰ নিষ্ঠুৰ। যেতিয়া সকলোৱে দেখাকৈ লগ পাইছিল তেতিয়া দেখোন একোৱে অনুভৱ হোৱা নাছিল। কিন্তু আজিকালি এখন্তেক নেদেখিলেই যেন বুকুখন ধৰফৰাই উঠে আৰু সকলোৱে দেখাকৈ লগো কৰিব নোৱাৰি।

একেখন গাঁৱৰে মাত্ৰ কেঁকুৰি এটা পাৰ হ'ব লাগে। তথাপিও সি দেখোন তাইক লগ কৰিবলৈ যাব নোৱাৰে। বিপুলৰ ভয় কেনেবাকৈ যদি ৰজিতা বদনামী হয় তাৰ কাৰণেই। সেয়েহে পাৰ ভাঙি অহা যৌৱনৰ আৱেগকো বাধা দি বাট চাই থাকে কেৱল তাইৰ ফোনটোৰপৰা অহা মিছকলটোলে।

কেতিয়া কেনেকৈ আহি ৰজিতা সিহঁতৰ গাঁৱত উপস্থিত হৈছিল কোনোৱে সঠিককৈ নাজানে। বিপুলে যিমানদূৰলৈকে জানে গাঁৱৰে পান দোকানী অতুলে কৰবাৰ মেলাত পাই লৈ আহি এল পি স্কুলৰ হেডমাষ্টৰণী সৰলা বাইদেউৰ হাতত গতালে। আৰু সেইদিন ধৰি ৰজিতা সেইখন ঘৰৰ সদস্য। দুখে সুখে বাইদেউৰ তাইয়ে লগৰী। জোৰ কৰি হ'লেও বাইদেউৱে তাইক প্ৰাইমেৰী শিক্ষা সাং কৰাব পাৰিলেও পঢ়া-শুনাত অমনোযোগী ৰজিতাই তাতকৈ ওপৰত ভাবিবলৈ মন নকৰিলে। কিন্তু কাজে কামে হ'লে তাই পাকৈত। গাঁৱৰ ছোৱালীবিলাকৰ ভিতৰত নাম আছে তাইৰ। তিনি-চাৰি বছৰৰপৰা বাইদেউৰ হাতত ডাঙৰ হোৱা ৰজিতা এতিয়া ঊনৈশ-বিশ বছৰীয়া হ'ল। ইফালে কেও কিছু নোহোৱা বিপুলো খুড়াকৰ ঘৰত ডাঙৰ হোৱা ল'ৰা। বিপুলে চোচৰি বাগৰি কোনোমতে নাইনলৈকে পঢ়ি সামৰণি মাৰিলে। খুড়াকেও নিজৰ কামত সহায় হঁওক বুলিয়েই চাইকেল দোকানখনতে সোমোৱাই কামবোৰ শিকাই ল'লে। আজিকালি সি এক্সপাৰ্ট কামত। উপাৰ্জনো বেয়া নহয়। ভৱিষ্যতে যে সিও ঘৰ এখন পাতিব লাগিব সেইবোৰ ভাবি-চিন্তিয়ে খুড়াকে নিজৰ ঘৰটোৰ কাষতে মাটি অকণমান তাৰ নামত কৰি দিলে।

এতিয়া বিপুল এজন থূলন্তৰ ডেকা। চাইকেলৰ দোকানত থাকিয়ে খুড়াকে দিয়া মাটি কণতে ঘৰ এটা সাজিলে। সৰুকৈ হ'লেও ধুনীয়া! ৰজিতাক সুখত ৰখাটোৱে যেন তাৰ এতিয়া লক্ষ্য। সেয়ে কামত কষ্ট হ'লেও দুখ নালাগে তাৰ। অলপদিনৰ আগতে ফেচবুক কৰিব পৰা মোবাইল এটাও কিনিছে। ৰজিতাকো সৰু মোবাইল এটা কিনি দিছে যাতে সময় পালেই মিছকল এটা দিয়ে। সময়নো কি পায় অইনে ঘণ্টা ধৰি ঘণ্টা কথা পতাৰ দৰে পাতিব নোৱাৰে! সেয়ে ছাগলীজনীক লৰাবলৈ বা পানী খুৱাবলৈ অহাৰ চলতে ওলাই আহোতে তাক জনাই দিয়ে যাতে সিও সেইঠাইলৈকে আহে। বিপুলে দোকানত কাম নথকা সময়খিনিত ফেচবুক কৰি দেশত কি চলি আছে সেইখিনি খবৰ জনা হৈছে। অইন ন'হলেও আইফোন বুলি যে বহুত দামী ফোন এটা ওলাইছে সেইটো গম পাইছে। কিন্তু আপেলেৰে বনোৱা কিনো ফোন হ'ব পাৰে সেইটোহে বুজা নাই! বেলেগকনো কি সুধিব নজনা কথাটো সেয়ে অলপ ওস্তাদি মাৰো বুলি ৰজিতাকে শুনালে। কিন্তু প্ৰতুত্তৰত যিটোহে ভেকাহি পেলালে একো নকৈ মনে মনে তাইৰ পাছ ল'লে।

সিহঁতহালৰ যে মাজত কিবা এটা ঘটি আছে দেখাবিলাকে সকলোৱে গম পাই কিন্তু কোনোৱে মুখহে খোলা নাই। এটাৰো কেও কিছু নাই, গতিকে দুয়ো দুয়োৰে লগ এটা হঁওক বুলিয়েই সকলো চুপে-চাপে আছে। কথাটো গম পোৱা নাই সিহঁতেহে। সেয়ে তাইৰ পিছ ল'বলৈও বিপুলে বহুতবাৰ ভাবে, কিন্তু আজি একেচাটে আহিল।

দুয়ো ৰাস্তাৰ আলিৰে নামি গৈ পথাৰৰ মাজতে থকা আঁহতজোপাৰ তলতে ৰ'ল। ৰজিতাই ছাগলীটোৰ খুটিটো লৰাই লৰাই সুধিলে এতিয়া ক কি আই-বোপাইৰ ফোনৰ কথা কৈ আছিলি?

'এহ্ বাদ দে এইবোৰ ফোন তোৰ মোৰ বাবে নহয় বহুত দামী ফোন নাজানিলেও হ'ব। তই ক মোক আজি এটাৰ ঠাইত তিনিটা মিছকল যে কিয়? মোক ফোনটো ওলোটাই লগাবলৈও নিদিলি একেবাৰে ওলাইয়ে আহিলি যে।'

তাইৰ খংটো ইমানেই উঠিছিল যে এতিয়াহে আচল কথাটোলৈ মনত পৰিল। তাই ছাগলীজনীৰ খুটিটো উঠাই আনি বেলেগ এটা জেগাত মাৰি বিপুলৰ কাষতে বহিলগৈ। ৰজিতাই চূৰ্ণীখনতে বান্ধি অনা মৰহিবলৈ ধৰা শেৱালি দুপাহ বিপুলৰ হাতত তুলি দিলে। তাই কি কৰিছে বিপুলে যে বুজি পোৱা নাই যে সেইটো কথা গম পাইয়ে তাই আৰম্ভ কৰিলে।

'অই মনত আছে নে আমি যে পাঁচবছৰমানৰ আগতে কাতি বিহুৰ দিনা তুলসী পুলিটো ৰোওতে কাষতে শেৱালি পুলি এটাও ৰুইছিলো।'

'অ আছে, শেৱালিজোপা ফুলিল নেকি?' সি আচৰিত হৈ ৰজিতালৈ চালে। তাৰ যেন সৰ্বশৰীৰক বিন্ধি কাড় এপাতহে পাৰ হৈ গ'ল। সি তাইৰ উত্তৰলৈ ৰখিব নোৱাৰি আকৌ এবাৰ সুধিলে 'এই দুটা ফুল সেইজোপাৰে নেকি ৰজিতা?'

'অ সেইজোপাৰে। কালি সন্ধিয়াসময়ত দেখিলো দুপাহ ফুলি আছে। আজি ৰাতিপুৱা সেইদুপাহ নিয়ৰত ভিজি পৰি মাটিতে পৰি থকা দেখি মই বুটলি তোলৈ বুলি থৈ দিছিলো। আৰু জাননে আজি মোৰ তোক লগ পোৱা সময়খিনি বেছিয়ে দীঘলীয়া নিচিনা লাগিছিল। সেইকাৰণে তিনিটা মিছকল দিলো।' বিপুলে তাইৰ কথাখিনি শুনি আনন্দত ৰ'ব পৰা নাই। এইমাত্ৰই যেন তাইক তাৰ বুকুৰ মাজত সোমোৱাই মৰম কৰিব। তাইৰ কপালত পৰি আমনি কৰি থকা চুলি কেইডাল আঁতৰাই সি সুধিলে 'এতিয়া কি কৰিবি?'

'এতিয়া কি কৰিবি তইহে জান। সেইদিনাই কৈছিলে যেতিয়াই শেৱালিজোপা ফুলিব তেতিয়াই তোক বিয়া কৰাম। আৰু এইয়া তোৰ শেৱালি ফুলিল। ইমানবছৰে সৰলা বৰমাৰ লগত থাকি ডাঙৰ হ'লো মোৰ নিচিনা অঘৰীক চালি এখন দিছিল থাকিবলৈ। একো কষ্ট পোৱা নাই নিজৰ ঘৰৰ দৰেই আছো। কিন্তু তথাপিও কিবা এটা নাই বিপুল। ক কি কৰিবি বিপুল ক সোনকালে?' তাই সৰু ছোৱালীৰ দৰে ফেকুৰি উঠিল। আজি প্ৰথমবাৰৰ বাবে ৰজিতাই কান্দিছে তাকো তাৰ কাৰণে। তাইৰ চকুপানীখিনি তাৰ মুচি দিবলৈ মন ন'গল। ৰঙা হৈ উঠা নাকটোৰ লগত চকুপানীখিনিৰে তাইক কিবা এটা মৰম লাগিছে।

'চা ৰজিতা তোক আজিয়ে মই মোৰ নিজৰ কৰি লৈ যাম। আমাৰ নিচিনা মানুহৰনো কি ধামধুমেৰে বিয়া পাতিবলৈ আছে। কেৱল ৰাইজৰ আৰ্শীবাদটো হ'লেই হ'ল। তইও বৰমাক ক মইও খুড়াক কঁওগৈ। আজি এই শৰতৰ সন্ধিয়াতেই তোক লৈ আহিম।' মৰহিবলৈ ধৰা শেৱালি দুপাহৰ গোন্ধ লৈ লৈ সি এনেকুৱাকৈ কথাখিনি কৈ পেলালে যে ৰজিতা আচৰিত হ'ল। তাইৰ বুজিবলৈ নাথাকিল যে তলে তলে বিপুল কিমান আগবাঢ়ি আছিল। কেৱল সি অপেক্ষা কৰিছিল শেৱালি ফুলাৰ খবৰতো পাবলৈ। কথাটো ভাবিয়ে কৰবাৰপৰা লাজ এটা আহি তাইৰ ৰঙা পৰা নাকটো আৰু অলপ ৰঙা কৰি থৈ গ'ল। মৰহি যোৱা শেৱালি দুপাহেও বহুত যেন চেষ্টা কৰিছে সিহঁতৰ সেই আপুৰুগীয়া সময়খিনি শেৱালিৰ সুবাসেৰে সুবাসিত কৰিবলৈ।
Post a Comment