Popular Posts

Search This Blog

Saturday, 2 December 2017

চিগনেল, ফুল বেচা ছোৱালীজনী আৰু ফুলথোপা

চিগনেলটো ৰঙা হোৱাৰ লগে লগে গাড়ীচালকসকলৰ মুখকেইখন যিমান ক'লা পৰি যায়, ৰাস্তাৰ কাষত হাতে হাতে কিবা এটা লৈ ৰৈ থকা মানুহখিনিৰ মুখকেইখন সিমানেই উজ্জ্বল হৈ উঠে। গাড়ীবোৰ ৰৈ যোৱাৰ লগে লগে আহি যায় তেওঁলোক। চিগনেলৰ আগত ৰৈ থকা গাড়ীসমূহৰ খিড়িকীখিনিত টুকুৰিয়াই কিবা এটা পোৱাৰ আশাত ৰৈ থাকে। কাৰোবাৰপৰা সহাৰি পায় কাৰোবাৰপৰা নাপায়। কোনোবাই হয়তো দাবী দিয়াৰ দৰেই খেদাই পঠায়, কোনোবাই যেন গমেই নাপায়। সেইটো অৱশ্যে সিহঁতৰ বাবে একো ডাঙৰ কথা নহয়। দৈনন্দিন জীৱনৰে এটা বুলি ভাবি লৈ পিছৰ গাড়ীখনৰ কাষলৈ যায়। সেই একে আশাৰে। মটৰবাইকত থকা ল'ৰা ছোৱালীবোৰক গালে মুখে হাত ফুৰাই থৈও যায়। কিছুমানে এনেই বস্তু বা পইছা খুজিবলৈ বেয়া পায় কাৰণে হাতত ফুলেই হওক বা পেন এপেকেটেই হওক লৈ ফুৰাই। হয়তো কোনোবাই যদি কিনে তাৰ বিনিময়ত পোৱা পইছাটোৰে পেটৰ জুইকুৰা নুমাব পাৰে। কিন্তু এনেকুৱা ভাগ্যেও দুই এজনক বাদ দি বেছিলোকৰ নহয়েই। মানুহ হোৱা স্বত্তেও যাৰ কোনো সঠিক ঠিকনা নাই। আজি ৰাতি যদি ইয়াত কাইলৈ হয়তো কোনোবা এজেগাত। তথাপিও জীয়াই থকাৰ তাড়নাতে কিবা এটাটো কৰিবই লাগিব। সেয়ে যাকে যি পাই খোজে। কিন্তু এজনী কণমানি ছোৱালীয়ে নতুনকৈ ৰিটায়াৰ হৈ গুৱাহাটীলৈ অহা হৰিকান্ত চলিহাৰ জীৱনত বৰ বেলেগকৈ প্ৰভাৱ পেলালে।

ৰিটায়াৰ হ'বলৈ কেইটাবছৰ আছেনো নতুন জেগাৰ সোৱাদ ল'বলৈকে বুলি চাগে হৰিকান্ত চলিহাক মহানগৰীলৈ ট্ৰন্সফাৰ দিলে। এনেই এৰাতিৰ কাৰণেও গুৱাহাটীত থাকিব নোৱাৰা চলিহাৰ এতিয়া কিমান দিনলৈকে থাকিব লগা হয় ঠিক নাই। ৰিটায়াৰো যদি গুৱাহাটীৰ হাৱা-পানী খাইয়ে হ'ব লগা হয় সেইটোও ঠিক নাই। পুতেক-বোৱাৰীয়েকে মাতি মাতিও আনিব নোৱাৰি এতিয়া ভালেই পাইছে তেওঁৰ ট্ৰেন্সফাৰ হোৱা কাৰণে। কেতিয়াবা জাগীৰোদৰপৰা আহিলেও চাকৰি অজুহাত দি গুচিয়ে যায় দিনতো থাকি। এতিয়া অন্তত: পুত্ৰ বোৱাৰীৰ লগতে থাকিব লাগিব।

যান-যঁটৰ সমস্যাতো এতিয়া মানে প্ৰধান সমস্যা।যান বাহনসমূহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ট্ৰেফিকৰো পৰিমাণো বাঢ়ি গৈছে। সময়তকৈ আগত নোলালে অফিচ কেইটাত পাবগৈ সেইটোও ক'ব পৰা নাযায়।  চিগনেলবোৰত অতিকমেও দুইমিনিট ৰ'বই লাগে। তাৰপিছত আকৌ কেতিয়াবা এনেকুৱা হয় যে চিগনেলটো সেউজীয়া হয়হে পিছৰ গাড়ীবোৰ যাবলৈ যো-জা চলাওতেই আকৌ ৰঙা হয়েই নহয়। এই ৰঙা সেউজীয়াৰ যুদ্ধখনত মৰেগৈ গাড়ী, মটৰবাইকত থকাসকল। তথাপিও উপায় নাই যিমান যি হ'লেও নিজৰ উদ্দেশ্যক্ষেত্ৰলৈতো যাবই লাগিব। এইয়াই জীৱন!

হৰিকান্তৰ থকা ঠাইৰপৰা অফিচলৈ অলপদূৰ হয় সেয়ে অটো এখনকে ঠিক কৰি লৈছে অহা-যোৱা কৰিবলৈ। আজি কেইবাদিনৰপৰা তেওঁৰ লগত এটা ঘটনা ঘটিবলৈ লৈছে। সৰু ছোৱালী এজনী আহে হাঁতত ফুল এমুঠি লৈ। বিৰাট ধুনীয়া সতেজ ফুল। ফুল মুঠিৰ দাম ৩০ টকা। কোনোবাই যদি কিনে তাইৰ পুৱাবেলাৰ কাৰণে কিবা এটা ওলাই। সেয়ে বহুত আশাৰে আহে কোনোবাই কিনে যদি কিনক। কিন্তু তাইৰ মাতত তাইলৈ ঘূৰি চোৱাৰ সংখ্যাও চাগে তেনেই তাকৰ।
আজি কেইবাদিৰপৰাও এই দৃশ্য দেখি আহি চাগে মনতো বেয়া লাগিল নে কণমানিজনীলৈ দৰদ উপজিল চলিহাই ফুলৰ থোপা এটা কিনি ল'লে। ছোৱালীজনীকো সহায় কৰা হ'ব আৰু ঘৈণীয়েককো ফুল দিয়া হ'ব। সেইকাৰণে একো দাম-দৰ নকৰাকৈ কিনি ল'লে। একো নোকোৱাকৈ কিনি লোৱা মানুহ হয়তো জীৱনত তাই প্ৰথমবাৰৰ কাৰণে দেখিছিল, সেয়ে তাই চলিহাৰ মুখখনলৈ ৰ লাগি চাই ৰৈছিল।

'যা যা এইটোৰে কিবা কিনি খাবি। আৰু সদায় এটা ফুলৰ থোপা মোলৈ আনিবি দেই মই কিনিম।' কথাকেইটা কৈ শেষ কৰে মানে ইফালে চিগনেলো খুলিল আৰু বিশেষ কথা পতা ন'হল। তাইও টকা ত্ৰিশটা লৈ দৌৰ মাৰিলে ওচৰতে থকা দোকানখনলৈ বুলি।

আজিকালি সেই বিশেষ চিগনেলতো তেওঁৰ ভাল লগা হৈ আহিছে। তেওঁৰ কথা মতে ছোৱালীজনী সদায় আহে সেই সময়কণতে চলিহাক ফুলৰ থোপাতো দি ত্ৰিশটকা লৈ দৌৰ মাৰে। তেওঁ কিবা এটা সুধিম বুলি ভাবিলেও তাইৰ ৰ'বলৈ সময় নাই, হয়তো ভোকত তাই ৰ'ব নোৱাৰা হৈ থাকে। সেই টকা ত্ৰিশটা লৈয়ে ওচৰৰ দোকানখনলৈ দৌৰ মাৰে। তাইনো কি কিনি সেইটো অৱশ্যে চলিহাৰো চাবলৈ সময় নাথাকে। চিগনেলটো সেউজীয়া হোৱাৰ লগে লগে তেওঁৰো যাবৰ হয়।
সতেজ ফুলৰ থোপাতো লৈ তেওঁৰ মনতো ভাল লাগি যায়। বিয়াৰ পিছত হয়তো এই ফুলৰ থোপাটোৱেই ঘৈণীয়েকে নোখোজাকৈ উপযাচি লৈ যোৱা প্ৰথম উপহাৰ। ডেকা হৈ থাকোতেই একো এটা নিবলৈ মনত নপৰা মানুহজনৰ এই বয়সত যে ফুল কিনিছে ঘৈণীয়েকলৈ বুলি। অৱশ্যে এই ক্ষেত্ৰতো সেই পেটৰ ভোক মাৰিবলৈ ফুল বেচা ছোৱালীজনীৰে অৱদান বুলি ক'ব লাগিব। তথাপিও ....

'আহহহ' ঘৈণীয়েকৰ কথা মনলৈ আহোতে তেওঁৰ মুখেদি এটা দীঘলকৈ হুমুনিয়াহৰ দৰে কিবা এটা ওলাই আহিল। সুখে দুখে সকলোৰে লগৰীজনীলৈ সময়ত তেওঁ নিজেই নোকোৱালৈকে একো এটা নিবলৈ কিয় মনত নপৰিছিল বাৰু! অথচ কোনো বেয়াও নাপাইছিল। ল'ৰাটো আৰু মানুহজনৰ সুখতকৈ যেন একো বিশেষ বিচৰা নাছিল। খালী তেওঁৰ ফুললৈ বৰ হেঁপাহ আছিল। য'তে নতুন ফুলৰ পুলি দেখিছিল যেনে তেনে হ'লেও বিচাৰে ঘৰত ৰুবলৈ। বাগিচাখন বৰ মৰম যত্নৰে প্ৰতি পালন কৰে নিজৰ সন্তানৰ দৰে। চলিহাকো এটাই আবদাৰ কৰিছিল কৰবাত যদি ফুল দেখে আনিবলৈ নাপাহৰিবলৈ। চলিহা, পুত্ৰ আৰু ফুলৰ বাগিচাখনেই ঘৈণীয়েকৰ কাৰণে জীৱনৰ সকলো আছিল। তাতকৈ বেছি একোৱেই নিবিচাৰে।
এইকেইদিন ফুলৰ থোপাতো ঘৈণীয়েকলৈ বুলি কিনি চলিহাৰ মনতো কিবা এটা আৱেগেৰে ভৰি পৰিছে। কিয় ইমান নিমাখিত তেওঁৰ মানুহজনী, জটিলতাবিহীন এগৰাকী মহিলা। লোকৰ সুখেই তেওঁৰ সুখ তথাপিও সময়ত তেওঁৰ কাৰণেই পাহৰি যায় কিবা এটা ল'বলৈ।
এনেদৰেই জীৱনৰ চকৰিতো ঘূৰি আছে। চিগনেল, ফুল বেচা ছোৱালীজনী আৰু ফুল কিনা ফুল ভালপোৱা মানুহজনীলৈ।

ফুল কিনি অনাতো তেওঁৰ দৈনন্দিন কাৰ্যত পৰিণত হৈছে। এইবোৰ দেখি পুত্ৰ-বোৱাৰী আচৰিত নোহোৱাও নহয়। তথাপিও একো নকয়। এই বয়সত যে দেউতাকৰ মনত পৰিছে মাকলৈ কিবা এটা আনিবলৈ। মনে মনে সিহঁতৰ হাঁহি ও উঠে, দুখো লাগে।

আজি চিগনেলতো খোলাৰ পিছতো চলিহা অলপ সময়ৰ কাৰণে ৰ'ল। কিন্তু ছোৱালীজনী নাহিল। ত্ৰিশটকাতো হাতৰ মুঠিতে লৈ অটোখনৰপৰা নামি ইফালে সিফালে চালে। কিন্তু তাইক নেদেখিলে। মনটো কিবা দেখোন ৰাই-জাই কৰিলে 'কিয় বা নাহিল আজি'। 'হ'ব কাইলৈ আহিব চাগে' মনতে ভাবি তেওঁ পুনৰ অফিচলৈ বুলি গুচি গ'ল। আজি তেওঁৰ হাতখন কিবা খালী লাগিছে দেখোন আৰু সেই ধুনীয়া সতেজ ফুলৰ গোন্ধটোৱেও তেওঁক খেদি ফুৰিছে। প্ৰায় এমাহেই হ'বৰ হ'ল তেওঁ ফুল কিনি লৈ অনাতো। আজিও চাগে ঘৈণীয়েকে আশাৰে বাট চাই থাকিব। কথাটো ভাবি তেওঁৰ মনটো দেখোন কেনেবা কৰি উঠিল। আগতেতো চলিহাই এনেদৰে কেতিয়াও নাভাবিছিল। কিবা এটা আনিবলৈ কোৱাৰ পিছতো পাহৰি গ'লে সেইটো বৰ বিশেষ কথা বুলি নাভাবিছিল। কিন্তু আজি! ঘৈণীয়েকে চাগে অলপ অভিমানো কৰিব, তাতে আকৌ এনেও ফুলৰ প্ৰতি মোহতো বেছি।

অভিমান, অভিমান জানো তেওঁ কৰিব জানে? উনত্ৰিশবছৰে একেলগে থাকিও যিগৰাকী মহিলাই অভিমান, খং কৰিব নাজিনিলে, এতিয়ানো দেৱালত উলমাই থোৱা ফটোখনে কি অভিমান কৰিব। হয়তো অভিমান কৰিব নজনাতোৱেই চলিহাই সুযোগ হিচাপে লৈছিল আৰু সেই সুযোগতেই ঘৈণীয়েকৰ হৈ থকা ৰোগটোৱে বেছি সুযোগ লৈ মানুহজনীক একেবাৰে তেওঁৰ পৰা আঁতৰাই লৈ গ'ল। কাকো একো খবৰো নিদিলে। এতিয়া ফুল কিনি ঘৈণীয়েকৰ ফটোখনতহে দিয়া হয়। জীয়াই থাকোতে যদি এনেকে আনি ঘৈণীয়েকৰ খোপাত ফুল এপাহো পিন্ধাব পাৰিলেহেঁতেন, কিমান যে ভাল পালে হয়!

'কিয় নাজানিলা মামণি অভিমান কৰিবলৈ, বস্তু এটা খুজি খং কৰিবলৈ তেতিয়া হয়তো মই অলপ সলনি হ'লোহেঁতেন। শিকিলোহেঁতেন তোমাৰ মনতো বুজিবলৈ। এতিয়া তোমাৰ ফটোখনত ফুলডাল পিন্ধাবলৈও সেই কণমানিজনীয়েহে শিকালে মোক।'  কথাবোৰে তেওঁৰ মনত এনেকৈ খুন্দিয়ালে যেন চলিহাই এতিয়াই গৈ ঘৈণীয়েক য'তেই আছে লৈ আহিব।
বিয়াৰ পিছৰপৰাই নজনাকৈয়ে মানুহজনীৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছিল যে তেওঁ ঢুকোৱাৰ পিছতো বহুতদিনলৈকে অফিচ যাবলৈ চাৰ্টতো ঘৈণীয়েকে আনি দিব বুলিয়েই ৰৈ আছিল। ছমাহ পৰ্যন্ত লাগি গৈছিল ঘৈণীয়েকৰ মৃত্যুতো সহজভাৱে ল'বলে। লাহে লাহে সকলোবোৰ চম্ভালি লৈছিল যদিও সেই কণমানিজনীক লগ পোৱাৰপৰা আজি ডেৰবছৰৰ পিছত আকৌ কিবা এটা পাহৰি গৈছিল।
ফুলথোপা উৎসাহেৰে কিনি লয় আৰু যাতে নষ্ট হৈ নাযায় সেয়ে অফিচত গিলাচ এটাত পানী ভৰাই তাতে থৈ দিছিল। অফিচৰ কোনোবাই তেওঁক দেখি ফিচিঙাফিচিং কৰে যদিও সেইবোৰ চলিহাই গুৰুত্ব নিদিয়ে। ঘৰলৈ আহি ধুনীয়াকৈ ফটোখনৰ ওচৰত ফুলৰ থোপাতো থৈ অলপসময়ৰ কাৰণে ৰৈ থাকে। কিবা এটা শুনাৰ আশাত যেন ফটোখনে কিবা এটা কৈয়েই দিয়ে। এইবোৰ কাণ্ড-কাৰখানা পুতেক বোৱাৰীয়েকে দেখিলেও একো নকয়, বুজি পায় তেওঁলোকে।

'বা দেউতা আজিকালি সদায় ফুল আনে যে' বুলি বোৱাৰীয়েকে কেতিয়াবা তেওঁক ধেমালি কৰি চায়। হাঁহি এটা মাৰি চলিহা ভিতৰলৈ সোমাই গুচি যায়।
আজি, কালিকৈ কেইবাদিনো হ'ল ছোৱালীজনী নাহিল। তাইলৈ সদায় বাট চাই থাকে সেই বিশেষ চিগনেলটোত। কিন্তু তাই নহাই হ'ল। নিজেই নিজকে বুজালে যে তাই আৰু নাহে। থাকিবলৈ যাৰ স্থায়ী ঘৰ নাই, দুসাজ খাবলৈ খুদকণ নাই সিহঁতৰ দৰে মানুহবিলাক একেটা জেগাতে কেনেকৈ থাকিব। গ'লগৈ চাগে কৰবালৈ। মনতো দুদিনমান বেয়া লাগিছিল। লাহে লাহে আকৌ ঠিক হৈ গ'ল, তথাপিও কিবা এটা আশা কিজানি তাই আহেই। চিগনেলটো পোৱাৰ লগে লগে অটোৰপৰা মূৰটো উলিয়াই ইফালে সিফালে চাই থাকে কৰবাত কেনেবাকৈ দেখা পাইয়ে নেকি।

যদিও ছোৱালীজনী নহা হ'ল কিন্তু চলিহাই ফুল নিবলৈ নেৰিলে। অটোচালকজনে তেওঁক ফুল কিনিবলৈ এখন দোকান ঠিক কৰি দিলে আৰু সদায় অফিচৰপৰা ঘূৰি যোৱা সময়খিনিত ফুল কিনি লৈ যায় মৰমৰ মানুহজনীলৈ বুলি। ঘৰ গৈয়ে ফুলখিনি ফটোখনৰ ওচৰত থৈ বাহিৰলৈ ওলাই আহি আকাশখনলৈ চাই হাঁহি এটা মাৰে। আকাশখনলৈ চাঁওতে এনেকুৱা লাগে যেন সেই ফুলৰথোপাতো খোপাতে লগাই ঘৈণীয়েকেও তেওঁলৈ চাই হাঁহিছে।
Post a Comment