Friday 10 November 2017

লাফটাৰ ক্লাব

আজিকালি সপোনৰ ব্যৱসায় ডাঙৰ হৈছে, নামফলক এখনৰ প্ৰয়োজন খুবেই হৈছে। কোনোবা নহয় কোনোবাই দিনটোত এবাৰ হ'লেও বিচাৰি আহেই। সি ভাবিবই পৰা নাছিল যে এনেকুৱা সামান্য কিবা এটাই তাক ইমান 'পপুলাৰ' কৰি দিব। এতিয়া সি কাৰোবাৰ প্ৰশ্নৰ উত্তৰ মানুহক ভালকৈয়ে দিব পাৰে আজিকালি সি কি কৰে। অন্ততঃ কাৰো হাতলৈ মুখলৈ নোচোৱাকৈ সুখত তিনিবেলা তিনিসাজ খাব পাৰে, বায়েক তিনিজনীৰ বিয়াতো দেউতাকক অলপ হ'লেও সহায় কৰিব পাৰিব। আৰু এনেদৰে থাকিলে হয়তো অতি কমদিনতে তাৰ মৰমৰ ফুলকলিকো ঘৰ সোমোৱাব পাৰিব। অ এটা কথা কিন্তু! বেলেগে ভবাৰ দৰে সি কিন্তু আনক ঠগি পেটৰ ভাত মোকলাই থকা নাই। এখন ফলকৰ কথা সকলোৱে কৈ থকাৰ কাৰণে সি আজি বনাবলৈ দি থৈ আহিল আৰু নাম দিছে 'যোগা আৰু হাঁহিৰ কেন্দ্ৰ'।

ঘৰৰপৰা ওলাই আহিছিল মহানগৰীলৈ কিবা এটা কৰাৰ খাটিৰত। ঘৰত থাকিলে অকমণ্য বুলি খোজে প্ৰতি শুনিব লগা হোৱাতো দৈনন্দিন কামৰ এটা হৈ পৰিছিল। এৰা ন'হবই বা কিয়? বিএ পাছ কৰি ঘৰত এনেদৰে বহি থাকিলে কাৰনো চাই থাকিবলৈ মন যাব। আৰু তো ধনী দেউতাকৰ পুতেক নহয় ৰিটায়াৰড শিক্ষকৰ পুতেকহে। পাঁচজনী ছোৱালীৰ তলৰ একেবাৰে সৰু। তথাপিও বিয়া দিবলৈ বাকী থকা তিনিজনীৰ কথাই ভাবিব নে তাৰ কথাই! সি নিজৰ কপাল নিজেই লিখিব।হঁও হঁও বুলি হ'বলৈ ধৰা পাঁচলখীয়া তাৰ পিয়নৰ চাকৰিটো টকাৰ অভাৱত ন'হল। অৱশ্যে তাৰ ইচ্ছাও নাছিল দেউতাকৰ মূৰত মাধমাৰটো সোধাবলৈ।
পঢ়া-শুনাত মন নথকা সপোনৰ ডাঙৰ হৈ কি কৰাৰ সপোন সেইটোও ক'ব নোৱাৰিছিল। সেয়ে কৈছিল যি কৰিম সৎ পথেৰে কৰিম কিন্তু কি কৰিম নাজানো। দেউতাকৰ যেন তাৰ ওপৰত কিবা এটা ভৰসা আছিল। খেলি-ধূলি ভালপোৱা সপোনৰ নিজৰ দেহাটোক লৈও এটা সপোন আছিল যে অইন কৰিব নোৱাৰিলেও চলমান খানৰ দৰে ব'ডীটোৱে বনাব। সেয়ে ঘৰতে কিবা কিবি ব্যায়াম কৰি থাকে। সেইফালৰপৰা অৱশ্যে তাৰ গাৰ গঠনটোও বেয়া নহয়। সুবিধা পালে নিজকে ব'ডী বিল্দিং প্ৰতিযোগীতাবোৰতো অংশগ্ৰহণ কৰিব পৰাকৈ গঢ়িব পাৰিব। কিন্তু এইবোৰো সপোনহে সপোনৰ!

গাঁৱৰপৰা অলপ আতৰত থকা সৰু টাউনত অৱস্থিত কলেজখনৰপৰাই বিএটো কোনোমতে পাছ কৰিলে যদিও বিএ পাছৰ ডিগ্ৰীয়ে তালৈ দুখহে কঢ়িয়াই আনিলে। যদিও দেউতাকে তাক বোজা বুলি নাভাবে কিন্তু মাককে ধৰি বায়েক তিনিজনীৰ কাৰণে যে হয় ন'কলেও বুজিব পাৰি। কথাই প্ৰতি অমুকাৰ ল'ৰাই কি কৰি আছে বুলিহে আৰম্ভ কৰে। সি কৰিব কি একো ভাবি নাপায় গুৱাহাটী যাও বুলিয়েই ওলাই আহিল। গুৱাহাটীত বোলে কিবা নহয় কিবা এটা পাইয়ে। কিন্তু সেই 'কিবা' টো পোৱা কিমান টান সি আহিহে গম পালে।

আগলৈ পিছলৈ বুলিবলৈ ল'ৰা এটাই। এনেকৈ ওলাই অহাত দেউতাকে বৰ এটা ভাল নাপালে। সেয়েহে বাল্যকালৰ বন্ধু এতিয়া গুৱাহাটীৰ নিৱাসী হোমেনকে ক'লে তেওঁৰ লগতে ল'ৰাটো ৰাখিবলৈ। মাহেকে যি পাৰে কিবা এটা পঠাই দিব।

দেউতাকৰ বন্ধু হোমেন খুড়াকেও সপোনক লগত ৰাখিবলৈ বৰ এটা বেয়া নাপালে। ল'ৰা দুয়োটা বাহিৰত থাকে বছৰেকৰ মূৰত এবাৰ ঘৰলৈ আহে। পাঁচবছৰৰ আগতেই ঘৈণীয়েকেও এৰি সিপুৰি পালেগৈ। গতিকে ইমান প্ৰকাণ্ড ঘৰটোত অকলে থকাতকৈ চিনাকি বিশ্বাসযোগ্য ল'ৰা এটাই থকা ভাল। সপোনৰ দেউতাক ভাড়া দিয়াৰ কথা কঁওতে একেষাৰে অমান্তি হৈ কৈছিল 'সি ভালকৈ থাকক আৰু একো নালাগে।'
সেইদিন ধৰি সপোন হোমেন খুড়াৰ ঘৰত আৰু ল'ৰা দুটাইও যেন সি থকাৰ কাৰণে কিবা এটা সকাহ পালে। গুৱাহাটীলৈ আহিয়ে সি দুই তিনিদিন চাকৰি সন্ধানত ঘূৰিছিল। দুই তিনিটা কন্সালটেন্চিত নামটোও ৰেজিষ্টাৰ কৰি আহিল। কিন্তু সেইবোৰে যিহে চাকৰিৰ কথা কয়, সি যে সেইবোৰ কৰিব পাৰিব মনে নকয়।
তাৰ কাৰণে সময়বোৰ নাযায় নুপুৱায়। এতিয়াহে ভালকৈ নপঢ়াৰ ফল অনুভৱ কৰিছে। ইমানদিনে ঘৰৰ আটাইতকৈ সৰুটো কেইদিনমানতে পৰিপক্ক হৈ উঠিছে। দেউতাকৰ মোবাইলটোলৈ ফোন কৰিলে মাকে যিটো উৎসাহেৰে ধৰে যেন সি চাকৰি পোৱাৰ খবৰ দিবলৈহে ফোন কৰিছে। ন'কলেও মাকে সোধা কথাকেইটাতে গম পায়। তথাপিও সি বেয়া নাপায়, মাকৰ মন, ল'ৰাই কিবা এটা কৰিব বুলি থকা আশাকণ নেদেখুৱাই নোৱাৰে।

হোমেন খুড়াক হে মাজে মাজে বৰ উদাস যেন লাগে। সকলোবোৰ থাকিও একো নাইৰ দৰে। খুড়াকেটো দেউতাকৰ দৰে দোকানৰ বাকী মাৰিবলৈ পেন্সনকেইটালৈ ৰ'ব নালাগে। পেন্সনৰ টকাটো সাচিব নালাগে জীয়েকৰ বিয়ালৈ। তথাপিও যেন কিবা এটা নাই। নিজৰ মনৰ কথাকেইটা পাতিবলৈও মানুহৰ অভাৱ। তেওঁৰ লগৰকেইজনো একেই। তেঁওলোকে কথা পাতিবলৈও একো বিশেষ বিচাৰি নাপায় একমাত্ৰ ইজনে সিজনৰ খবৰকেইটা লোৱা বাদ দি। কেইদিনমান সি এইবোৰ চাই থাকি ঠিক কৰিলে যে খুড়াকৰ এই উদাস উদাস মনটো সলনি কৰিব। কিন্তু কেনেকৈ সি নাজানে।

'খুড়া আপোনাৰ লগৰ কোনোবা যদি আছে কওক মই আপোনালোকক যোগা শিকাম, যোগাৰ কৰাৰ চলেৰে সকলোকে লগ পাব মনটো ভাল লাগি থাকিব।' সি ঘৰলৈ অহাৰ আগলৈকে ব্যায়াম যোগা নিজেই কৰি কৰি পৈণত হৈ উঠিছে। এতিয়া যে বেলেগকো শিকাব পাৰিব বিশ্বাস আছে।

তাক একেবাৰতে নিৰাশ উত্তৰ দি থ'লে 'কোন আহিব এই বয়সত যোগা কৰিবলৈ, এতিয়া আমাৰ এইবোৰ দিন গ'ল। কেৱল এতিয়া ভগৱানে সিপুৰীলৈ নিয়া দিনটোহে গণনা কৰিব লাগে' কিন্তু সি এইবোৰ কথা মানি লোৱা ভকত নহয়। 'আচলতে খুড়া আপোনালোক সকলোৱে হাঁহিবলৈ পাহৰিলে। সেয়ে বয়সতকৈ বেছি দুৰ্বল হৈ গৈছে। কিন্তু আমাৰ দেউতাৰ চাবলৈ গ'লে চিন্তা বেছি তথাপিও তেওঁ হাঁহি আছে সেয়ে এতিয়াও সুস্থ সবল হৈ আছে। গাঁৱৰ মানুহবোৰক লগ পায়, নামঘৰলৈ যাঁওতে পথাৰলৈ যাঁওতে। আৰু গাঁৱততো ভাওনাই হওক, নাম-প্ৰসংগই হওক কিবা হৈ থাকেই। সেইবোৰ 'এটেণ্ড' কৰি থাকোতেই দেউতাৰ সময়বোৰ গুচি যায়'
সেই কথাষাৰে হোমেন শইকীয়াক অলপ সময়ৰ কাৰণেও স্থবিৰ কৰি তুলিলে। হয় দেই একেলগে ডাঙৰ হোৱা সপোনৰ দেউতাক আৰু তেওঁ। পঢ়ি-শুনি সকলোৰে জীৱনটো সলনি হৈ গ'ল। তেওঁ চাকৰি কৰিবলৈ গুৱাহাটী আহিল আৰু তাতে মাটি বাৰী কিনি ঘৰ বনাই থাকিবলৈ ল'লে। আৰু সপোনৰ দেউতাকে ভেন্সাৰ স্কুলত সোমাই ৰিটায়াৰ হোৱাৰ দুবছৰৰ আগে আগে দৰমহাৰ পইছাকেইটা চুবলৈ পাইছিল। তেওঁলোকৰ লগৰখিনিৰ ভিতৰত হোমেনৰে অৱস্থা ভাল। টকা-পইছাৰফালৰ পৰাও আৰু ল'ৰা দুটিৰপৰাও। দুয়ো বিদেশত থাকে বছৰেকৰ মূৰত এবাৰ আহে। বাকী সময়ছোৱা সিহঁতৰ ফোনলৈ বাট চাবলগা হয়। সময়ৰ অমিল কাৰণে ফোনটোকেইটা আহোতেও গণ্ডগোল হয়। হয়তো ৰাতি তেওঁ শুবৰ সময়ত নতুবা পুৱা শুই নুঠুতেই। উপায়টো নাই। ইমান পঢ়া-শুনা কৰাইছিল যেতিয়া এইখিনিটো মানি ল'বই লাগিব।

কিমান বছৰ হ'ল বাৰু তেওঁ নহঁহা! হয়তো এমাহ, হয়তো দুমাহ, নহয় আজি পাঁচবছৰেই হ'ল নঁহহা। শেষ হাঁহি চাগে তেতিয়াই মাৰিছিল যেতিয়া ডাক্তৰে ঘৈণীয়েকক সকলো বিপদৰপৰা মুক্ত বুলি হস্পিতেলৰপৰা মুক্তি দিছিল। আৰু সেই মুক্তিতেই ঘৈণীয়েকে সকলোৰেপৰা মুক্ত হৈ গুচি গ'ল হস্পিতেলৰপৰা অহা পোন্ধৰদিন পিছতেই বাথৰুমত লুটি খাই পৰাৰ অজুহাত লৈ। ‌এতিয়াৰ সময়বোৰ নাযায় নুপুৱাই।

বিশেষ কথা একো আগনবঢ়াই সপোন ওলাই গ'ল খুড়াকৰ লগৰখিনিক লগ কৰিবলৈ। পিছদিনাৰপৰা খুড়াকৰ ঘৰৰ ল'নখনতে আৰম্ভ হ'ল হাঁহিৰ খলকনি। প্ৰথমতে কোনোৱেই বিশেষ একো বুজি পোৱা নাছিল যদিও সি নতুনকৈ কিনা এন্ড্ৰইড মোবাইলটোত কেইটামান ভিডিঅ' দেখুওৱাৰ পিছত উৎসাহী হৈ পৰিল। খুড়াকৰ লগৰবোৰো তেওঁৰ দৰেই একেই। সকলোবোৰ থাকিও কিবা এটা নাই তেঁওলোকৰ কোনো ভিন্ন ভিন্ন কাৰণত। হাঁহিবলৈ গৈও কৰবাত থমকি ৰয়।

আজিকালি সপোনৰ জোৰত সকলোবোৰ আহে পুৱাই খুড়াকৰ ঘৰলৈ আৰু ছটা বজাৰপৰাই আৰম্ভ হৈ যায় হাঁহিৰ খলকণি। সেই হাঁহি বিয়পি পৰে দূৰ দিগন্তলৈ। দূৰৰপৰা উফৰি অহা হাঁহিৰ টুকুৰাবোৰে মানুহক বাধ্য কৰাই কি হৈ আছে চাই যাবলৈ। চাই যোৱাবোৰৰ মাজৰে কোনোবা পিছদিনা পুৱা সেই হাঁহিত যুগ দিবলৈ। সপোনে যেন সকলোৰে জীৱনটোলৈ এক পৰিৱৰ্তন আনিলে। সকলোৱে নতুনকৈ হাঁহিবলৈ শিকিলে। খুড়াককো কেইদিনমানৰপৰা তজবজীয়া যেন দেখা গৈছে। ল'ৰাকেইটাই ফোন কৰিলে তেওঁৰ আজিকালি ক'বলৈ বহুত কথাই থাকে। মাজে মাজে সপোনৰ মোবাইলৰপৰা জিঅ' চিমত হুৱাটচ্আপত ভিডিঅ' কলিং কৰি দেখুৱাই।

এনেদৰে সপোনৰ লাফটাৰ ক্লাব চলি গৈ আছে। সপোনৰো ভাল লাগিছে অন্ততঃ কাৰোবাৰ জীৱনলৈ হাঁহি ঘূৰাই আনিছে। কিন্তু মাক আৰু বায়েককেইজনীৰ কাৰণে যেন এলাগী হে হৈ আহিছে। কথাটো আওকাণ কৰিবলগাও নহয় অৱশ্যে। এনেকে ডেং ডেংকৈ ডেকা ল'ৰা এটাই একো এটা নকৰিলে কাৰনো ভাল লাগিব। কেতিয়াবা সপোনৰ মাকৰ লগত কথা পাতিলে এই কথা আলোচনা হয়। এটা ডেকা ল'ৰা এনেদৰে লোকক হহুৱাই থাকিলেটতো পেট নভৰে। সেয়ে এদিন তাক এই কামটোৰ বাবদ পইছা লোৱাৰ কথা ক'লে।
সপোনে খুড়াকৰ প্ৰস্তাৱত আদৰি লোৱাৰ সলনি দুখহে পালে। সিটো তেঁওলোকক হাঁহিবোৰ বেছা নাই, হাঁহিবোৰ ঘূৰাই আনিবলৈহে চেষ্টা কৰিছে। সি যদি এনেকুৱা কৰে আগতে কোনোবাই কৈ যোৱা কথাখিনি দেখোন মিছা হ'ব। হাঁহিবলৈ আৰু সপোন দেখিবলৈ পইছা নালাগে। কিন্তু সপোন দেখিবলৈতো পইছা লাগে। তাৰ কেৰাণীৰ চাকৰিতোৰ সপোন পাঁচলাখ টকাৰ বিনিময়তহে দেখাৰ কথা কৈছিল। আৰু কিমান কি আছে তেনেকুৱা আগতে পইছা, পিছত সপোন। সিও তাৰ মিনি লাফটাৰ ক্লাবত যদি হাঁহিবলৈ অহা মানুহখিনিৰপৰা পইছা লয় তেতিয়া কি পাৰ্থক্য থাকিব। কিন্তু খুড়াকৰ অশেষ বুজনিত সি থিৰাং কৰিলে তেঁওলোকক যোগা শিকাব তাৰ বিনিময়তহে পইছা ল'ব কিন্তু কোনোবাই মন নকৰিলে জোৰ নকৰে। সেই প্ৰস্তাৱটো খুড়াকে পিছদিনা সকলোৰে আগত আগবঢ়ালে আৰু সকলোৱে বিন প্ৰতিবাদে মানি ল'লে।

আজিকালি সপোনৰ কাম বাঢ়িল। তেঁওলোকক প্ৰথমতে যোগা কৰায় তাৰপিছত হাঁহি। লাহে লাহে মানুহো বাঢ়ি আহিছে। হোমেন খুড়াতো তাকলৈ ইমানেই আনন্দিত যে মানুহক কেতিয়াও ক'বলৈ নাপাহৰে সপোনে কমিবলৈ ধৰা বয়সখিনি বঢ়াই দিলে। আনকি তাৰ দেউতাককো ক'বলৈ নাপাহৰে যে সি কিমান পুণ্য কাম কৰি তাৰ জীৱিকাৰ পথ উলিয়াইছে।

সপোনক বিচাৰি অহা মানুহৰ সংখ্যা বাঢ়িছে। সপোন আচৰিত হৈছে কিমান যে হাঁহিবলৈ পাহৰা মানুহ আছে এই পৃথিৱীত! সকলোৱে জীৱনৰ লগত দৌৰি দৌৰি সকলোবোৰ গোটালে তাৰ বিনিময়ত হেৰুৱাইছে হাঁহি। হাঁহিবলৈও দৰকাৰ হৈছে নিৰ্দিষ্ট এক সময়ৰ।

হোমেন খুড়াকে সপোনক এখন নাম ফলক গেটৰ ওচৰত লগাবলৈ বহুতদিনৰপৰাই কৈ আছে। ন'হলে মানুহে সদায় তাৰ ঠিকনা বিচাৰি ঘূৰি ফুৰিব লগা হয়। সেয়ে আজি দুয়ো ওলাই আহিছে ফলকখন বনাবলৈ দিবলৈ।

No comments: