Popular Posts

Search This Blog

Monday, 2 October 2017

মোৰ বুঢ়া হ'বলৈ মন নাই (I do not want to be become an Old)!

বাকচৰ চাবিকোচা বিচাৰি আছো, পোৱা নাই ক'ত বা থ'লো। অলপ সময়ৰ আগতেটো ইয়াতেই থৈ গৈছিলো! ছেহ, বৰ বেয়া কথা হ'ল। কেইদিনমানৰ আগতে বিয়া পতা কাষৰ ঘৰৰ ল'ৰাটোৱে কইনাজনী ফুৰাবলৈ আনি গামোছা এখনে আৰু ধূতি এখন দি সেৱা এটা কৰিলে। মই বাৰু নদম্পতিক আৰ্শীবাদ এটা দিলো। তথাপিও ছোৱালীজনীক কিবা এটা নিদিলে বৰ বেয়া লাগিব। অন্তত: মিনতিয়ে কথাটোত বৰ দুখ পাব। আজি মিনতি থকা হ'লে তাই লৰালৰিকৈ গৈ তাইৰ যৌতুকত অনা ট্ৰাংকটোৰপৰা চাদৰেই হঁওক বা ব্লাউজেই হঁওক কিবা এটা উলিয়ালেহেঁতেন। এতিয়া মইনো এই অকলশৰীয়া মানুহটোৱে কি দিম! সেয়ে এশটকা দুশটকা কি আছে তাকে বিচাৰিবলৈ ট্ৰাংকটো খুলিবলৈ আহি চাবিটোৱে বিচাৰি পোৱা নাই। ঘৰৰ বস্তু ইফাল সিফাল কৰিবলৈ আছেনো কোন! তথাপিও আগৰে সকলোবোৰ বস্তু ট্ৰাংকতে থোৱাৰ অভ্যাস যে সেয়ে এটকাটোও তাতে ভৰাই থও। চাবি বিচাৰি উথপথপ কৰি থাকোতেই সিহঁত যাবলৈ বুলি উঠি মাত লগাবলৈ একেবাৰে ভিতৰ পালেহি।

'ৰ'বাহে ক'ত যোৱা?' বুলি মুখখন মেলোতেই নকইনাই বিদায় জনোৱাৰ উদ্দেশ্যে মাত লগালে 'হ'ব বৰতা আপোনাৰ দৰে বয়সীয়াল মানুহৰ আৰ্শীবাদেই যথেষ্ট। আৰু একো বিচাৰি কষ্ট কৰিব নালাগে।' এহ মনটো বেয়া লাগিল নহয় এনেকৈ যাবলৈ দিবলৈ। কিন্তু উপায়টো নাই সেয়ে সিহঁতক বিদায় দিবলৈকে পদূলিলৈ ওলাই আহিলো। আজি মিনতি হোৱা হ'লে ক'লেহেঁতেন 'দেখিছে বয়স হৈছে বুলি ক'লে মানি নলয় এতিয়া দেখোন অলপ সময়ৰ আগতে থোৱা চাবিটোকে বিচাৰি নাপালে।'

তেওঁ পিছে মোক বয়সৰ কথা কৈ কৈ মোতকৈ আগতেই এই সংসাৰৰপৰা ফালৰি কাটিলে। অথচ মোতকৈ সাতবছৰৰ সৰুও আছিল। একচল্লিশটা বছৰে একেলগে থাকি শেষত একো এটা গম নিদিয়াকৈ মিনতি সিপুৰী পালেগৈ। মানুহ কিছুমানে কয় মিনতি বৰ ভাগ্যশালী শিৰৰ সেন্দুৰকণ নোমোচাকৈয়ে বাৰ্ধক্যৰ একো কষ্ট ভোগ নকৰাকৈয়ে যাব পাৰিলে। কিন্তু তেওঁ যে মোক অকলশৰীয়া কৰি থৈ গ'ল। কেতিয়াবা মোৰো অনুভৱ হয় তেওঁৰ লগতে একেলগে মোকো লৈ যোৱা হ'লে দুয়ো ওপৰত আকৌ এবাৰ একেলগে থাকিলোহেঁতেন। কিন্তু পাচবছৰীয়া নাতিটোৰ মাতটো শুনিলে দেখোন আকৌ দহ বিশবছৰমান জীয়াই থাকিবলৈ মন যায়।

অৱশ্যে মোৰো নিজকে বুঢ়া বুলি মানি ল'বলৈ মন নাযায়। সত্তৰবছৰহে হৈছে তথাপিও মানুহবোৰে আজিকালি মোক দেখিলে আলৰ বুঢ়াক কৰাৰ দৰে পুতৌ কৰে। মোক নালাগে ঔ এইবোৰ পুতৌ! এতিয়াটো আৰু ডেকা যেন অনুভৱ হয়। ল'ৰাই এইবাৰ পূজাত আহি সৰি সৰি বাকীথকা দাতকেইটা একেবাৰে সৰুৱাই নতুন দুপাৰি ডালিমগুটীয়া দাঁত লগাই থৈ গৈছে। কেইদিনমান অলপ দিগদাৰ হৈছিল কৃত্ৰিম দাঁত দুপাৰি সৈতে। তথাপিও অভ্যাস কৰোতে এতিয়া মাংস খাব পৰা হৈছো। চকু কেইটাও দেখোৱাওতে অলপ পাৱাৰ বঢ়াই দিলে। এতিয়া আৰু আগৰদৰে জলক তবক নেদেখো।  চুলিকেইডালতো কলপ লগাই বগা হোৱা কেইডাল ক'লা কৰি পেলালো। মানে এতিয়া আৰু মোক কোনেও বুঢ়া হৈছো বুলি সকীয়াই নাথাকে।কথাটো ভাবোতেই মিচিকিয়া হাঁহি এটা ওলাই গ'ল। ল'ৰা বোৱাৰী পুনৰ উভতি যোৱাৰ আগদিনা নাতিটোক লগত লৈ চোতালতে চকী এখন লৈ বহি আছো। তাক বোলে আজি মই যিমান সাধু জানো সকলোবোৰ কৈ শেষ কৰিব লাগে। ন'হলে আৰু কেতিয়া আকৌ শুনিবলৈ পায় ঠিক নাই। সাধু শুনি থকাৰ মাজতে সি মোৰ সোতোৰা সোতোৰ পৰা হাঁতখন টানি টানি সুধিলে

'ককা তোমাৰ স্কিনখন ইমান লুজ কিয়? ব'ডী লোশ্যন নলগোৱা নেকি? মই দেউতাক ক'ম তোমাক ব'ডী লোশ্যন এটা আনি দিব...' আৰু সি সি কি কৈ আছিল মোৰ মূৰত নোসোমাল। এইবোৰ যে এতিয়া লোশ্যনে কাম নিদিয়ে বয়স হোৱাৰ কাৰণেহে এনেকুৱা হৈছে বুলি ক'বলৈ গৈও ক'ৰবাত কিবা এটায়ে হেঁচা মাৰি ধৰিলে। মানে ইও মোক বুঢ়া হৈছো বুলি গম পালে নেকি? দাঁত কেইপাৰি আৰু চকুকেইটাৰ দৰে চালখনৰো কিবা ব্যৱস্থা কৰিব নোৱাৰিনে!

ল'ৰাটোৱে এইবাৰ মোকো লগতে যোৱাৰ কথা কৈছিল কিন্তু মিনতিৰ স্মৃতিখিনিক এই প্ৰকাণ্ড ঘৰটোত অকলশৰে তলা মাৰি থৈ যাবলৈ মন ন'গল। সেয়ে যোৱাৰ আগে আগে পুত্ৰই কৈ থৈ গ'ল 'অকলে অকলে ঘূৰি নুফুৰিবা। হাতত ফোনটো ৰাখিবাই কিবা গা চা বেয়া লাগিলেই মোক ফোন কৰিবা'

কি যে দিন আহিল! সেই পিটকণি ল'ৰাটো আজি পত্ৰিশবছৰৰ আগতে যি আমাৰ জীৱনলৈ আহি আমাক সম্পূৰ্ণ কৰিছিল। বিয়াৰ পাঁচ ছয় বছৰৰ পিছত যাৰ আগমণে আমালৈ কঢ়িয়াই আনিছিল এটা নতুন জীৱন। কাম কৰাৰ জীয়াই থকাৰ উৎসাহ দুগুণে বাঢ়িছিল। ক'ৰবাত কিবা টোপ পৰে বুলি আতৌপুতৌকৈ ডাঙৰ কৰা মোৰ নিজৰ সন্তানেও ভাবিলে মই যে বুঢ়া হ'লো! এতিয়াও জলজল পতপতকৈ মনত আছে তাৰ জন্মত ওচৰৰ সকলোকে মাছ বিলোৱা কথাটো। মিনতিৰ কি যে ফূৰ্তি সেইদিনা সকলোৱে যেতিয়া কৈছিল ল'ৰাই মাকৰ গঢ় ল'লে। তোমাৰ সেই হাঁহিটোলৈ আজিও মনত পৰে ও মিনতি।

কেইদিনমানৰ আগতে নন্দেশ্বৰ উকীলৰ ল'ৰা ৰাজাক লগ পালো। নন্দেশ্বৰ আৰু মই আকৌ কমানৰ পৰাই একেলগে পঢ়া। তাৰ পুতেকটো মোৰ ল'ৰা বাবাৰ লগৰ। কেনেকুৱা লাগে ভাবিলে দুয়োটা একেলগে ডাঙৰ হোৱা ল'ৰা সেইদিনাৰ কথা যেন লাগে। এতিয়া আকৌ দুয়োটা এটা এটা সন্তানৰ বাপেকী হ'ল। সি মোক লগ পাই খা খবৰ সুধিলে, লগতে বাপেকৰ কথাও ক'লে। আজিকালি বৰকৈ অকলে ওলাই সোমাই ফুৰিব নোৱাৰে মানে সিহঁতে নিদিয়ে। সি আকৌ মোকো সকীয়াই থৈ গ'ল যাতে অকলে ঘূৰি ফুৰি নুফোৰো। মানে নন্দেশ্ববৰৰ অৱস্থাও মোৰ দৰে। কেঁচা ৰবাব টেঙাকে ফুটবল কৰি কিমাননো নেখেলিলো অই। ইটোৱে সিটোকলেং মাৰি কিমান পৰিলো তেতিয়াই হাত ভৰি একো নাভাঙিল। এতিয়া আকৌ সিহঁতে আমাক ওলাই সোমাই ফুৰিব নিদিয়ে! কিবা এটা খং আহি চুলিৰ আগ পালেহি‌

কথাবোৰ ভাবিলে সৌ সিদিনাৰ ঘটনা যেন লাগে। নাতিটো পৰহি গুচি যোৱাৰ পিছত ঘৰখন একেবাৰে মৰিশালি যেন হ'ল। ক'তো কাৰো মাত নাই। তাতে দুপৰীয়া সময়খিনিত ওচৰ চুবুৰীয়া সকলো ভাতকেইটা খাই অলপ বিছনাত পৰে। এইখিনি সময় আৰু নিৰৱতাই বিৰাজ কৰে। মইহে দিনত শুবলৈ বাদ দিলো। দিনত শুলে ৰাতি নাহে আৰু এইহেন ঘৰটোত অকলে ৰাতিটো উজাগৰে থাকিবলগীয়া হোৱাৰ সমান কষ্টকৰ কাম নাই। কি কৰিম কি নকৰিম ভাবি খন্তিখন উলিয়াই লৈ ফুলনিখনকে অলপ চাফা কৰো বুলি সোমালো। সেইসময়তে দুপৰীয়া ভাতখোৱা বাচন কেইটা ধুবলৈ অহা বনকৰা মানুহজনী পমিলাই 'এই বুঢ়া বয়সত আপোনাক কিহে পাইছে! থকা দিনকেইটা ভালকৈ থাকক....' বুলি যিহে বকনি মেলিলে একেকোবে আহি শুৱনিকোঠা পালোহি। মানে এইও মোক তেনেকৈয়ে ভাবিবলৈ ল'লে। কথাবোৰ মূৰত পাক খাই মূৰটো কিবা আচন্দ্ৰাই কৰা যেন লাগিল।

বিছনাখনৰ মূৰৰ শিতানতে আমাৰ বিয়াৰ কেইদিনমান পিছতে ষ্টুডিঅ'ত গৈ তোলা ফটোখন বুকুতে সাৱতি বিছনাত পৰিলো। মিনতিলৈ বৰকৈ মনত পৰিল। তাই যেন মোতকৈ আগতে গৈ ভাল কাম কৰিলে। অন্তত: এইবোৰ কথা শুনিব লগা ন'হল। মই জানো সকলোৱে মোৰ ভালৰ কাৰণে কয়। অকলশৰীয়া মানুহ কিবা এটা হৈ বিছনাত পৰি থাকিলে কি হ'ব। কিন্তু মোৰ যে নিজকে তেনেদৰে ভাবিবলৈ মন নাযায়। নিজকে বুঢ়াৰ দৰে ভাবি লোকৰ পুতৌৰ পাত্ৰ হ'বলৈ মন নাযায়। আজি মিনতি তুমি কাষত থকা হ'লে সকলোবোৰ খুলি ক'লোহেঁতেন। তুমিটো মোক বুঢ়া বুঢ়া বুলি ধেমালিতেহে কৈছিলা, তুমি যে মোতকৈ সাতবছৰৰ সৰু আছিলা সেইকাৰণে। কিন্তু আজি মোক সকলোৱে সঁচাকৈয়ে কয় মোৰ বয়স হ'ল এতিয়া মই তোমাৰ ওচৰলৈ যাবলৈহে সাজু হ'ব লাগে অ মিনতি। বুঢ়া হ'বলৈ মন নাযায়, মৰিবলৈ মন ন'গলেও এতিয়া ভাবিছো সোনকালে ভগৱানে তোমাৰ ওচৰলৈ লৈ যাওক। তুমি য'তেই আছা তালৈকে মইও গৈ আকৌ এবাৰ দুয়ো একেলগে থাকিম। ভাবি থকা কথাবোৰ যে মোৰ কেতিয়া ডাঙৰ ডাঙৰ শব্দৰে বাহিৰলৈ ওলাই আহিল গমেই নাপাও। অকলে অকলে কথা পাতি থকা দেখি চাগে পমিলাই ভয় খাই ল'ৰাক জনালে। সিও ভয় খাই মোক ফোন কৰি সুধিলে 'দেউতা তুমি ঠিকে আছাতো, চুগাৰৰ দৰৱ খাই আছানে.. আৰু কি কি সুধি আছিল শুনিবলৈ মোৰ মন ন'গল ফোনটো কাটি দি ফটোখন পুনৰ বুকুৰ মাজত লৈ শুই পৰিলো। মিনতি আহি মোৰ মূৰৰ শিতানতে বহিছে। মোৰ মূৰটো আলফুলকৈ তেওঁৰ কোলাত লৈ পিহি দিছে আৰু মই মুখেৰে বিৰবিৰাই আছো 'মোৰ বুঢ়া হ'বলৈ মন নাই, মোক কোনোৱে ন'কবি মোৰ বয়স হৈছে বুলি...'
Post a Comment