Hi, welcome to Rimjhim's world. This is my personal Assamese blog where I share my feelings. Here, I am trying to write down a few things what I feel and see around the world every day.
Search This Blog
Sunday 19 March 2017
বয়সবোৰো যে!
Monday 13 March 2017
সংসাৰৰ লীলা!
মুনমুন আজি প্ৰথমবাৰৰ কাৰণে মামাকৰ ঘৰলৈ যাব। কাৰোৰে গাত তত নাই। তাক কেনেকৈ নিব, কিহত নিব আগদিনাৰপৰাই মাক-দেউতাকৰ মাজত আলোচনা। মামাকৰ ঘৰলৈ যদিও এবেলাৰ বাত তথাপিও মুনমুনক লৈ যোৱাৰ কথা যে সেয়ে অলপ দোমোজাত পৰিছে।
আজিকালি মুনমুন হাজৰিকাহঁতৰ ঘৰৰে এজন সদস্যৰ দৰে হৈ পৰিছে। সি অহাৰপৰাই সকলোবোৰ মৰম যেন সিয়েই কাঢ়ি লৈ গৈছে আনকি পাঁচবছৰীয়া ছোৱালী মুনিৰো যেন মুনমুনৰ লগত লাগি থাকোতে খেলিবৰ কাৰণে আহৰি নোহোৱা হৈ গৈছে। এতিয়া হাজৰিকানীও তাৰ কাৰণে কতো ওলাই যাব নোৱাৰা হৈছে। জীয়েককে যদি অলপ দেৰি কাৰণে এৰি যাব পাৰে কিন্তু তাক এৰি কতো ওলাই যাব নোৱাৰে। অলপসময়ৰ কাৰণে অকলে থাকিব লগা হ'লেই সি গোটেইখন হুলস্থূল লগাই দিয়ে। এতিয়া তেওঁলোকৰ এটা নহয় দুটা সন্তান।
'মা মা মুনমুনে ইমান ডাঙৰ ডাঙৰকৈ পেক পেক কৰিছে ব'লাছোন' জীয়েকে ঢপলিয়াই আহি মাকৰ ওচৰ পালেহি। জীয়েকৰ টেটুফলা চিঞঁৰত হাজৰিকানীয়েও য'ৰ কাম ত'তে এৰি চাদৰ ওপৰ পালেহি। অলপসময়ৰ আগতে মুনমুনক খাবলৈ দি জীয়েকক ৰখিয়া পাতি থৈ গৈছিল বেলেগ চৰাই আহি যাতে মুনমুনৰ ভাগৰখিনি নাখায়হি। কিন্তু এনেকৈ চিঞঁৰিবলৈ কি হ'ল তাৰ! দেখাততো একোৱেই হোৱা নাই য'ৰ ভাত তাতেই আছে কিন্তু সি খাবলৈ এৰি চিঞঁৰিছে কিয়? একো বুজিব নোৱাৰি হাজৰিকানীয়ে তাক একাষত বহাই এটা হাতত ভাতকেইটামান লৈ তাৰ ঠোটৰ ওচৰত দিয়াত টপাটপ গিলি থ'লে। কথাটো এতিয়াহে তেখেতে বুজি পালে, মানে এওক আজিৰপৰা কোছত লৈ খোৱালেহে খাব। হায় ভগৱান, ই বাৰু কোনোবাজনমত মানুহ আছিল নেকি বাৰু! সকলোবোৰ আদব-কায়দা মানুহৰ নিচিনা ৰূপটোহে হাঁহ। কুকুৰবিলাক বাৰু দেখিছে এনেকুৱা মৰম আকলুৱা কিন্তু এটা হাঁহ হৈও সি দেখোন বেলেগ। মানুহৰ সমাগম য'ত বেছি তাৰো উপস্থিতি তাতেই। এখন্তেকৰ কাৰণেও অকলে থাকিব নোৱাৰে আৰু বেলেগ হাঁহ দেখিলে কুঁছিমুছি হাজৰিকানীৰ কোলাত সোমাইহি যেন সিহঁতবোৰ তাৰ শত্ৰুহে।
মুনমুনৰ মাকজনীক ৰাতি মেকুৰী নে হেঁপাই মাৰি থোৱাৰ পিছত তাক হাজৰিকাহঁতে কোনোমতে ৰক্ষা কৰিলে। সেই তেতিয়াৰপৰাই সি ঘৰৰে এজন হোৱাৰ দৰেই হ'ল। তেওঁলোকৰ পাঁচবছৰীয়া সন্তান মুনিয়ে তাৰ নাম থ'লে মৰমৰতে মুনমুন। আজিকালি মুনমুনক ওচৰ-চুবুৰীয়া কোনোৱে চিনি নোপোৱাকৈ থকা নাই। সৰু সৰু ল'ৰা-ছোৱালীবোৰো মুনমুন বুলিলে পাগল। তাৰ বহল ভৰিকেইখনেদি থুপুক-থাপাককৈ সিহঁতৰ পিছে পিছে পেকপেক কৰি যি দৌৰি ফুৰে দেখিলে মৰম লাগি যায়। হাজৰিকানিয়ে গা ধুই কাপোৰকেইটাও মেলিবলৈ যাব নোৱাৰে সিও পেকপেকাই পিছে পিছে যাব। গঁড়াল বনাই দিয়ে সত্বেও থাকিব নিবিচাৰে এদিন গঁড়ালত থঁওতে যিহে চিঞঁৰ ধৰিলে সেইদিনাৰপৰা ঘৰতোৰ এটা আঁচুটীয়া ৰুম এটাৰ পকাতে বিছনা এখন বনাই দিলে আৰু ৰাতি হ'লেই টুপুককৈ গৈ বিছনাখনত উঠি শুই থাকে।
মুনমুনৰ কথা শুনি শুনি এতিয়া মুনিৰ মামাকৰ ল'ৰা-ছোৱালী কেইটাই উৎপাত লগাই আছে এদিনৰ কাৰণে হ'লেও তাক সিহঁতৰ ঘৰলৈ লৈ যাব লাগে। কিন্তু এতিয়া নিয়ে কেনেকৈ! কিন্তু সিহঁতেও নেৰে যেনেকৈ হ'লেও এবাৰ নিব লাগে মুনমুনক। শেষত হাজৰিকাৰ পৰিয়ালে সিহঁতৰ কথা শুনি ৰাজি হ'ল মুনমুনক লৈ যাবলৈ।
আজি মুনমুনৰ মামাকৰ ঘৰলৈ যাত্ৰা। মাক-দেউতাকৰ পিছে পিছে থুপুক-থাপাককৈ ওলাই আহিছে মুনমুন। তাৰ পিছে পিছে মুনি তাৰ বিছনাখন লৈ। মুনিৰ লগৰ ল'ৰা-ছোৱালীও ওলাই আহিছে মুনমুনক মামাকৰ ঘৰলৈ পঠাবলৈ। মুনিৰ দেউতাকে লাহেকৈ গাড়ীৰ ডিকিটো খুলি তাৰ বিছনাখন পাৰি মুনমুনক বহুৱাই দিলে। মুনি আৰু মাকো পিছৰ ছিটটোতে বহি ল'লে। মুনিৰ দেউতাকে গাড়ীখন ষ্টাৰ্ট কৰোতেই মুনমুনে যেন কিবা বুজিহে পালে সি পেকপেককৈ মূৰটো দীঘলকৈ মেলি মুনিৰ লগৰকেইটাক বিদায় দিয়াৰ দৰে তাৰ ভাষাতে কিবা-কিবি ক'বলৈ চেষ্টা কৰিলে। এটা একো নজনা নিৰীহ প্ৰাণী যদিও মানুহৰ মাজত থাকি থাকি সিও আদব-কায়দাবোৰ শিকি পেলাইছে। 'এইয়া সংসাৰৰে লীলা' হাজৰিকানীৰ ভাষাত।
Wednesday 1 March 2017
বিবেক দংশন
Wednesday 14 December 2016
চাইড-এফেক্টচ
বৰষুণজাকে আকৌ চিপচিপাবলৈ আৰম্ভ কৰি দিলে। কিমান সময়নো হৈছিল এৰিবৰ আকৌ আহিলেই। কালিৰেপৰা নেৰানেপেৰাকৈ লাগিছে, দুদিনত যে এৰিব একো আশা দেখা নাই। প্ৰথম জাক বৰষুণ ভাল লাগে! জিৰজিৰকৈ বলি থকা বতাহচাতিয়ে চিপচিপ বৰষুণজাকক উৰাই লৈ যাঁওতে গালে-মুখে চিটিকাই থৈ যোৱা টোপালবোৰ! আহ, কি যে এক ধুনীয়া অনুভূতি। কিন্তু ভাল লগা অনুভৱবোৰো খন্তেকীয়া। যেতিয়া বিচৰাতকৈ অধিক হৈ যায় সেই ভাল লগাবোৰো নোহোৱা হৈ যায়।
এনেকুৱা কিনকিনিয়া বৰষুণজাকৰ লগতে ঠাণ্ডা ঠাণ্ডা লগা বতৰতো। ঘৰৰপৰা বাহিৰ হ'বৰ মন নোযোৱা বতৰ, কিন্তু সেই বৰষুণতে ভিজি ভিজি ৰাতিৰ সাঁজ কোনোমতে উলিয়াবলৈ অবাধ্য বৰষুণকো আওকাণ কৰি ৰাস্তাৰ কাষত বহি থকা আমাৰ মৰমৰ কেঁচাচানা বেছা খুড়াজন। কেঁচাচানাৰ কথা মনত পৰোতেই খাবলৈ জিভাখন লকলকাই উঠিল। এতিয়া যেন সেই পিয়াজ, জলকীয়া, ধনীয়া দি চটপটা কৰি থোৱা চানাখিনি চোবাবলৈ নাপালে ঠাণ্ডা নমৰিবই। ইফালে বৰষুণ, ঠাণ্ডাকো আওকাণ কৰি চানাৱলা খুড়াজনৰ অপেক্ষা 'আজি যেন গ্ৰাহক অলপ বেছিকৈয়ে আহক যাতে মাংস অকণমান ঘৰলৈ নিব পাৰে। বতৰতোৰ লগত মিলাই ঘৈণীয়েকে জালুক দি ৰন্ধা মূৰ্গীমাংসখিনি এদিন খাই, সেইখিনিকে মনত পেলাই এমাহলৈ দালি-ভাতখিনিও সুখেৰে খাব পাৰিব।'
এনেকুৱা বতৰত গৰম গৰম ধোঁৱা ওলাই থকা ৰাস্তাৰ কাষৰ মম' খাবলৈও বেয়া নহয়। লগতে সৰু ডিজপজেল গ্লাছটোত দিয়া চুপখিনি। সেইখিনি এবাৰ পেটত পৰিলে ঠাণ্ডাই অলপ দেৰিলৈকে পাত্তাই নাপায়। মম'ৰ কথা মনলৈ আহোতে জিভাখন ৰ'বই পৰা নাই। নিজেই নজনাকৈয়ে 'সালৌপ সালৌপ' শব্দ বাহিৰ হ'বলৈ ধৰিছে। অহ চিঙৰাও বেয়া ন'হব দেখোন! লগতে পদিনা, নহৰু, আদা, জলকীয়াৰ চাটনিকণ পৰিলেতো কথাই নাই। 'গাখীৰতে মহৰ খুটি' বুলিবই পাৰি। এহ্ মজা, আজি তেন্তে দকচাহে কথা! পিছে আজি চিঙৰা পাঁও নে নাই ঠিক নাই। আজি কেইবাদিনো হ'ল চিঙৰা বেছা দাদাজন দেখা নাই। গতিকে এইটো বতৰত যে আহিব আশা নাই।
কি কৰা যায়! কি কৰা যায়! ভাবিয়ে পোৱা নাই। নাই ইমান খিনি ভবাৰ পিছত আৰু ৰৈ থাকিব নোৱাৰি। ছাতিতো লৈ ওলাইয়ে যাঁও। কেঁচাচানা, মম' যি পাঁও চব উঠাই আনি আজি ৰাজভোগ কৰিম। এনজয় কৰিম এই বৰষুণৰ বতৰ। চাঁওচোন বৰষুণজাকেনো কেনেকৈ কিমান আমনি লগাব পাৰে। কাষৰ ৰুমত থকা বাকীকেইজনী যাব নেকি সুধিবলৈ যাবলৈ লেপৰ তলৰপৰা উঠি যাব মন যোৱা নাই। মেছেজ এটা কৰিয়ে কনফাৰ্ম হৈ নিজেই ওলাই যাম। ফোনটো ক'ত মোৰ? আৰে মোৰ ফোনটো ক'ত?
ফোনটো বিচাৰি থাকোতেই সি কৰ্কশ ৰিংটনটোৰ সৈতে এনেকুৱাকৈ বাজি উঠিল যে সেইটো ৰিংটন নহৈ বেলেগ কিহবাই মোৰ কাণত চিঞৰিলে।
'হেল্লে'
'হাই, গুডমৰ্ণিং। আৰ ইউ কামিং টু ডি অফিচ টুডেই?'
অলপ দেৰিলৈকে কি হৈ আছে একো গম পোৱা নাই। হাহ? এইয়া কি? ক'ত মোৰ বিছনা, ক'ত মোৰ হোষ্টেল? কিন্তু বৰষুণজাক! সেইজাক ঠিকেই আহি আছে। কালি আবেলিৰেপৰা, গোটেই ৰাতিতো আৰু আজি এতিয়ালৈকে। কালি অফিচৰপৰা ঘূৰি কেবখনত বহি ভাবি অহা কথাবোৰৰ এইয়া 'চাইড এফেক্টচ'হে যিবোৰ দেখি সপোনতে সালৌপ সালৌপ মাৰি আছিলো।
Tuesday 22 November 2016
বিয়া (Wedding)
Friday 28 October 2016
মৰমৰ ৰেডিঅ'টো (Radio)
Sunday 25 September 2016
শেৱালি ফুলাৰ বতৰত...
মাকণৰ দেউতাক এনেকুৱা আছিল যিয়ে মাহীমাকৰ ভয়ত তাইক আগতে একোলা ল'বলৈ মন যোৱা স্বত্বেও ল'ব নোৱাৰে। এতিয়া তাইৰ গিৰিয়েক যিয়ে জীয়েকৰে আৰু আগৰজনী ঘৈণীয়েকৰ মৰমত মাকণ যে তেওঁৰ পত্নী সেই কথা মানিবলৈ টান পায়। তাইক বিয়া কৰাই আনিও আজিলৈকে পত্নীৰ মৰ্যাদাখিনিও দিয়া নাই। গিৰিয়েকৰ এই কথাটোত মাজে মাজে তাইৰ দুখ নলগাও নহয় কিন্তু উপায় নাই। মাকৰ ঘৰখনতকৈ সুখতেই আছে বহুত।