Popular Posts

Search This Blog

Sunday, 25 September 2016

শেৱালি ফুলাৰ বতৰত...



'এখন দেশত এজন ৰজা আছিল। ৰজাৰ দুজনী ঘৈণীয়েক আছিল.....' সিটো ৰুমৰ পৰা বুলুক আইতাকে কৈ থকা সাধুটো মাকণৰ কাণত ঠহৰ ঠহৰকৈ বাজিবলৈ ধৰিছে। বুলুক সদায় এনেকৈ শুৱাব লাগে ন'হলে তাই শুবলৈ মন নকৰে। দিনতো খেলি ভাগৰত লেবেজান হৈ সন্ধিয়াতে টোপনি আহে তাইৰ। কিন্তু আইতাকে সাধু কৈ গাটো মোহাৰি নিদিয়ালৈকে তাই নোশোৱে। শাহুৱেকৰ মুখৰ সাধুতো কাণত পৰাত এনেকুৱা লাগিছে এইমাত্ৰই গৈ বুলুৰ লগতে শাহুমাকৰ বুকুৰ মাজত নিজেও সোমাই পৰি সাধুৰ মজা ল'ব।
যেতিয়া তাই বুলুৰ বয়সৰ আছিল সাধু নুশুনিলে তাইৰো টোপনিয়ে নাহিছিল। আইতাকৰ খহটা হাত দুখনৰ পৰশ, নৱৰত্ন তেলেৰে মলমলাই থকা চুলিখিনিৰ গোন্ধ; আস এতিয়াই যেন গুচি যাব আইতাকৰ ওচৰলৈ। কেতিয়াবা আকৌ সেই গোন্ধোৱা তেলবোৰৰ কাৰণে গালিও পাৰিছিল।কিন্তু এইবোৰ সকলো ধেমালি যে আইতাকেও বুজি পাইছিল। আইতাক ঢোকোৱাৰ বহুতদিনলৈকে তাই সেই চিনাকি গোন্ধটো বিচাৰি হাবাথুৰি খাই ফুৰিছিল। । আইতাকে খুন্দি ৰঙা কৰি থৈ দিয়া তামোলখনৰ সোৱাদ তাই এতিয়াও পাহৰিব পৰা নাই। তামোল খাই সেলেঙী বোৱাই থোৱা মৰমৰ আইতাকজনী তাইৰ! আইতাকৰ কোলাখনৰ সমান নিৰাপত্তাৰ স্থান একোৱেই নাছিল তাইৰ কাৰণে। তথাপিও মাহীমাকে কমখন চেষ্টা কৰা নাছিল সেইখিনিও আজুৰি আনিবলৈ। মাহীমাকৰ কথা মনলৈ আহোতে তাইৰ মনত পৰিল এতিয়া তায়োতো এজনী মাহীমাক। কিন্তু মাকণ তাইৰ মাহীমাকৰ দৰে নিষ্ঠুৰ কেতিয়াও নহয়। যিমান পাৰে তাই সতিনীয়েকৰ জীয়েকক মৰম কৰিবলৈহে চায়।
চিলনী আই মোৰ আগতে পৰে...' আগৰখিনি কি আছিল বাৰু! ইমান চেষ্টা কৰিছে যদিও মনত পেলাব পৰা নাই মাকণে গানটো। আগতে আইতাকৰ মুখত শুনি শুনি মনত ৰৈ গৈছিল। এতিয়া কিমান বছৰ হ'ল আইতাকো নাই, সাধুও নাই শুনিবলৈ। লগতে সংসাৰৰ বোজাই সকলোবোৰ পাহৰাই পেলালে। আগতে এই সাধুটো তাইৰ আটাইতকৈ ভাল লগা সাধু আছিল। কেতিয়াবা মাহীমাকৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিলনীৰ জীয়েকে মতাৰ দৰে মাতিও চাইছিল কেনেবাকৈ মাকজনী আহেই বা! কিন্তু ক'ৰপৰানো আহিব মাকজনী সেইবোৰ সাধুকথাহে।
আইনাখনৰ সন্মুখত ৰৈ চিলনীৰ জীয়েকৰ সাধুটো যিমানপাৰে মনত পেলাইছে মাকণে। চিলনীৰ নিচিনা মাক এজনী তাইৰো থকা হ'লে! এতিয়াই গানটো আঁওৰোৱাৰ লগে লগে তাইৰ সন্মুখত পৰিলহেঁতেন। মাকণৰ নিজৰ মাকজনীনো কেনেকুৱা আছিল বাৰু! যিমান চেষ্টা কৰিলেও মনত পেলাব পৰা নাই। তাইৰ দৰেই আছিল চাগে, কিয়নো যিয়েই তাইক দেখে সাইলাখ মাকৰ মুখখনে বুলিয়েই কয়। আকৌ এবাৰ আইনাখনত তাই মুখখন চাই ল'লে। এতিয়া চাগে শিৰত সেন্দুৰ, কপালত উদয় হ'বলৈ ধৰা বেলিটোৰ দৰে টিকটিকীয়া ৰঙা ফোটটোৰে গোটেই জনী মাকেই হৈ পৰিছে তাই। মাকৰ মৰম নোপোৱা মাকণে আইনাত নিজকে চাই থাকোতে যেন হঠাৎ কৰবাৰ পৰা উফৰি এটা শব্দ তাইৰ কাণত সোমাল 'মাৰৰ মূৰ খাইটি'। কোনে ক'লে বাৰু কথাষাৰ! গিৰিয়েকৰ ঘৰতো তাইক এইটো শব্দই লগ এৰা নাই। কোনো নাই দেখোন ইয়াত মাহীমাকজনীৰ নিচিনাকৈ তাইক গালি পাৰিবলৈ। দেউতাকৰ ঘৰত থাকোতে অতি চিনাকি আছিল এই শব্দটোৰ লগত তাইৰ।
'কি হ'ল ইমান মাতি আছো কোনখন জগতত আছ, যা ভাতকেইটা বাঢ়গে' গিৰিয়েকে কাণৰ কাষত আহি কোৱা কথাষাৰত তাইৰ ধ্যান ভাগিল। খকা-মকাকৈ ওৰণিখন আগলৈ টানি কোঠাৰপৰা ওলাই পাকঘৰ পালেগৈ। কথাবিলাক ভাবি ইমানেই পাকঘূৰণি খালে যে শাহুৱেক গিৰিয়েকক ভাত দিব লাগে পাহৰিয়ে গৈছিল। ভাতকেইটা সকলোকে দি নিজেও খাই চব অতাই মেলি আহে মানে বাকীবোৰ ইতিমধ্যে ঢাৰি পাটি ল'লেই। শাহুৱেকৰ ৰুমত পানীৰ ঘটিটো দি গিৰিয়েকৰ ৰুমৰ লাইটো অফ কৰি তাই নিজৰ কোঠাত সোমাল।
এই ৰাতিবোৰ যিমান গভীৰ হৈ আহে তাইৰ দেখোন টোপনিও চকুৰপৰা নোহোৱা হয়। নিদ্ৰাবিহীন ৰাতিবোৰে তাইক কেতিয়াও লগ নেৰিবই চাগে। অকলে অকলে ইমান ডাঙৰ কোঠাটোত মাকণৰ কিবা অকলশৰীয়া যেন অনুভৱ হয়। বিয়া হোৱাৰ এবছৰেই হ'বৰ হ'ল কিন্তু তাই এনেকৈ অকলশৰেই কটাই আহিছে ৰাতিবোৰ। যদিও মাকণে বিয়া হৈ সতিনীয়েকৰ কোঠা বিছনা সকলো পালে কিন্তু গিৰিয়েকৰ মনত পত্নী হিচাপে সেই স্থান কেতিয়াও দখল কৰিব নোৱাৰিলে।
মাকণক গিৰিয়েকে প্ৰথমদিনা চাবলৈ যাঁওতে তাই গিৰিয়েকৰ ৰংটো দেখি মূৰ ঘূৰাই পৰি যোৱাৰ উপক্ৰম হৈছিল। একেবাৰে কিচকিচিয়া ইমান ক'লা মানুহো থাকেনে! চল্লিশৰ উৰ্দ্ধ মানুহটোলৈ সেই ফুলকুমলীয়া ছোৱালীজনীক বিয়া দিয়া মাহীয়েকজনীও কম নিষ্ঠুৰ নহয়। কলপ লগাই বগা চুলিক ক'লা কৰিবলৈ কৰা ক্ৰুটিহীন চেষ্টাক চেৰ পেলাইও কাণৰ কাষেদি ওলাই থকা পকা চুলি কেইডাল দেখি ভায়েকৰ মুখেদি ওলায়েই গৈছিল ভিনদেউটো বুঢ়া। সেইদিনা মানুহটোক দেখি তাইৰ যিমান ভয় লাগিছিল, এতিয়া সেই মানুহটোৰ সংগ পাবলৈ তাই সিমানেই আকুল হৈ থাকে। বিয়াৰ প্ৰথমনিশাই যি তাইৰ লগত বহি অলপ কথা পাতিছিল, তাৰপিছৰপৰা তাই ভালকৈ গিৰিয়েকৰ ছাঁটোও নেদেখে। কেতিয়াবা দৰকাৰ পৰিলে ওচৰলৈ আহে ক'বলগা কথাটোহে কয়, কিন্তু পত্নী হিচাপে যি মৰ্যাদা পাব লাগিছিল মাকণ এতিয়াও বন্চিত। তাই কেতিয়াও এইবোৰক লৈ গিৰিয়েকৰ ওচৰত গোচৰ তৰা নাই। কিয়নো বিয়াৰ প্ৰথমনিশাই তাইক সকলোবোৰ কথা বুজাই কৈছে প্ৰথমা পত্নী তেওঁৰ কাৰণে কি আছিল। একমাত্ৰ কণমানি ছোৱালীজনীৰ কাৰণেহে এই বিয়া পাতিবলগা হ'ল যাতে তাই 'মা' শব্দটো কি বুজি পায়। সেইদিন ধৰি গিৰিয়েকৰ কথা মনত ৰাখি নিজৰ দায়িত্ব পালন কৰি আহিছে। কিন্তু জীয়েকেহে তাইৰ ছাঁটোও সহ্য নকৰে। প্ৰথমদিনাটো মাকৰ কোঠাটোত মাকণক শুবলৈ দিয়াৰ কাৰণে তাই কান্দি কাটি যিখনহে হুলস্হূল কৰিছিল তাইৰ সেইখন ঘৰৰপৰা ওলাই গুচি যাবলৈ মন গৈছিল। কিন্তু যাব ক'ত! মাহীমাকৰ কিলটো, গুৰটো খাই থকাতকৈ তাই এইখন ঘৰত থকাই ভাল। দিন গ'লে সকলো ঠিক হৈ যাব বুলিয়েই তাইৰ আশা। খিড়ীকিৰ ওচৰত কিবা চৰাই এটা আহি ঢপঢপাই থকা শব্দত তাইৰ জড়তা ভাঙিল। ৰাতিবোৰ তাইৰ সদায় এনেকৈয়ে যায় ভাবত ডুবি থাকোতে। শেষ নিশাহে নিদ্ৰাদেৱীৰ কোলালৈ যায়। মাকণৰ অৱস্থা দেখি বেৰত ওলমি থকা সতিনীয়েকৰ ফটোখনেও যেন তাইক ভেঙুচালিহে কৰে। সতিনীয়েকৰ ফটোখনলৈ চকু যোৱাত সেইখন মোহাৰি ভাঙি পেলাবলৈ মন গ'ল। কিন্তু তাই সেইবোৰ একোৱে কৰিব নোৱাৰে যে! মাকণ কেতিয়াও মাহী ওৰফে মাহীমাকৰ দৰে কঠিন হৃদয়ৰ হ'ব নোৱাৰে।
টোপনি আজিও অহাৰ আশা নাই। তাই লাহেকৈ খিড়ীকিখন খুলি দি বাহিৰলৈ চাই পঠিয়ালে। এটা চিনাকি যেন লগা মিঠা গোন্ধ তাইৰ নাকত লাগিলহি। তাইৰ কোঠাৰপৰা ধুনীয়াকৈ দেখা পোৱা শেৱালিজোপা ফুলি গোটেই গছজোপা বগা হৈ আছে । জোনাকৰ পোহৰত এনেকুৱা লাগিছে যেন তাত আকাশৰ তৰাবোৰ আহি মেলাহে পাতিছে। শেৱালিজোপালৈ চকু যাঁওতে তাইৰ মনলৈ আহিল কেতিয়াও পাহৰিব নোৱাৰা সেই ঘটনাটো। মাহীমাকে লগোৱা শেৱালি পুলিটো ঘৰৰে ছাগলীজনী আহি মহতিয়াই থৈ যাঁওতে তাইক কমখন বকিছিলনে। আইতাক আছিল বুলি কোনোমতে মাৰখোৱাৰ পৰা ৰক্ষা পৰিছিল। ঘৰখনত তাইক বাদ দি আৰু তিনিটা প্ৰাণী থকাৰ পিছতো মাহীমাকে ফুলজোপাৰ কাৰণে তাইকহে ধৰিলে। সেইটো মাত্ৰ আছিল এটা অজুহাতহে। 'মাৰৰ মূৰ খাইটী এতিয়া বাপেৰৰ মূৰটোও চোবাইছ' বুলি তাইক মাৰিবলৈ চোচা লৈ আহোতেই আইতাকে মাহীমাকক কোৱা শুনা পাইছিল তাই 'পেটত পোৱালি লৈ এনেকুৱা কাম নকৰিবি অ আই'। তেতিয়াহে তাই মন কৰিছিল মাহীমাকৰ দিনে দিনে আগলৈ বাঢ়ি অহা পেটটো আৰু কেইদিনমানৰ পিছতেই এটা মৰমলগা ভায়েকৰ জন্ম হয়।
নিজৰ মাহীয়েকজনী মাহীমালৈ পৰিৱৰ্তন হৈ ইমান যে বেয়া হৈ যাব তাই ভাবিবই পৰা নাছিল। জন্মতেই মাকক হেৰুওৱা ছোৱালীজনীৰ দায়িত্ব মাহীয়েকে লৈছিল অন্ততঃ বুজা নোহোৱালৈকে তাইয়ে ডাঙৰ কৰিব। মাকণ বুজা হোৱাৰ পিছত মাহীয়েকক ল'ৰা এটা চাই বিয়া হৈ যাবলৈ আইতাকে কৈছিল। কিয়নো বয়সে কাৰোলৈকে বাট নাচায়। কিন্তু আইতাকে মাহীয়েকৰ ছলনা বুজি পোৱা নাছিল। যেতিয়া বুজি পাইছিল তেতিয়া বহুত দেৰিয়েই হ'ল। এদিন চোতালতে কিবা কৰি থাকোতে মূৰ ঘূৰাই পৰি যাঁওতেহে মাহীয়েকে কেইবামাহো গা নোধোৱা কথাটো আইতাকে লক্ষ্য কৰিলে। বেছি পলম নকৰি আইতাকে সেইদিনাৰ পৰা মাকণক আইতাকৰ লগত শুবলৈ কৈ মাহীয়েকক দেউতাকৰ কোঠাত থাকিবলৈ দিলে। সেইদিনাৰ পৰাই মাহী গুচি 'মাহীমা' হ'ল। মাহীমাক হোৱাৰ দিন ধৰি মানুহজনী এনেকুৱাকৈ সলনি হৈ গ'ল; আইতাকৰ সাধুত থকা মাহীমাক কেইজনীৰ নিচিনা যেন লাগে তাইৰ। আইতাকৰ মুখত সাধুবিলাক শুনি শুনি এদিন তাই নজনাকৈ কৈয়ে পেলাইছিল 'মই মাহীমাক হ'লে কিন্তু সতিনীৰ ল'ৰা-ছোৱালীক মৰমহে কৰিম, শাস্তি নিদিও'। আইতাকে তাইৰ মূৰতে খকৰামূকটি কেইটামান দি ভিতৰলৈ নি এইবোৰ কথা আকৌ ন'কবলৈ সকিয়াই দিলে। মাহীমাক হ'ম বুলি কোৱা কথাটো নজনাকৈ কৈছিল যদিও এতিয়া এইটোৱে বাস্তৱ। মাকণ এজনী মাহীমা আৰু তাইৰ সতিনীয়েকৰ জীয়েক যিয়ে তাইৰ ছাঁটোকে নসহে।
মাকণৰ দেউতাক এনেকুৱা আছিল যিয়ে মাহীমাকৰ ভয়ত তাইক আগতে একোলা ল'বলৈ মন যোৱা স্বত্বেও ল'ব নোৱাৰে আৰু এতিয়া তাইৰ গিৰিয়েক যিয়ে জীয়েকৰে আৰু আগৰজনী ঘৈণীয়েকৰ মৰমত মাকণ যে তেওঁৰ পত্নী সেই কথা মানিবলৈ টান পায়। তাইক বিয়া কৰাই আনিও আজিলৈকে পত্নীৰ মৰ্যাদাখিনিও দিয়া নাই। গিৰিয়েকৰ এই কথাটোত মাজে মাজে তাইৰ দুখ নলগাও নহয় কিন্তু উপায় নাই। মাকৰ ঘৰখনতকৈ সুখতেই আছে বহুত।
তাই বিয়া হৈ অহাৰ পৰা দেউতাকৰ ঘৰখনলৈ যোৱাই নাই সেই আঠমঙলা খাবলৈয়ে যোৱা। কেতিয়াবা মন গ'লে দেউতাক মনে মনে আহি মথাউৰিটোতে লগ কৰি যায়হি। সেইবোৰ কথাও যদি মাহীমাকে গম পায় সেইফালেও আধ্যা পৰিব। বহুত দিন হ'ল দেউতাক অহাও নাই তাইক চাবলৈ। একো খবৰো পোৱা নাই, কেনেবাকৈ মাহীয়েকে গম পোৱা নাইতো! কাইলৈ পাৰিলে গিৰিয়ককে লগত লৈ এপাক গৈ আহিব।এতিয়া চাগে মাহীমাকৰ স্বভাৱটো অলপ হ'লেও সলনি হৈছে। গিৰিয়েকৰ লগত গ'লে চাগে তাইক সেই চিনাকি শব্দটোৰে গালি নিদিয়ে। ভাবত বিভোৰ হৈ থাকোতে আকাশখনে যে আন্ধাৰৰ আৱৰণ ফালি নতুন পুৱাৰ উৰণিখন পিন্ধিবলৈ যোজা চলাইছে চৰাইবিলাকৰ কিচিৰ-মিচিৰ মাততহে মাকণে গম পালে। লৰালৰিকৈ খিড়ীকিখন জপাই যিকণ পাৰে শুই লও বুলি বিছনাত পৰিলহি।
কেতিয়ালৈকে শুলে গম নাপায় দুৱাৰত কোনোবাই ডাঙৰকৈ শব্দ কৰাতহে সাৰ পাই লৰালৰিকৈ উঠি গ'ল। 'অতি সোনকালে ঘৰলৈ ওলা দেউতাৰে মাতি পঠাইছে।' গিৰিয়েকে কোৱা কথাকেইটা শুনি নিজৰ কাণকেইখনকে বিশ্বাস কৰিব নোৱাৰিলে। দেউতাকে মাতি পঠাইছে মানে মাহীয়েকজনী ভাল হ'ল চাগে আজিকালি। হঁওক যি হ'লেও বিয়া হোৱাৰ এবছৰৰ পিছত হ'লেও মাহীয়েকৰ মনটো গলিছে। তাই জানিছিলেই এদিন হ'লেও মাহীয়েকে তাইক বুজি পাব। মাকণেও একো পাপ কৰা নাই গোটেই জীৱনটো শাস্তি পাবলৈ। কিন্তু এবাৰ আকৌ ভয়ো খালে এনেকৈ মাতি পঠোৱাৰ কাৰণ বেলেগ নেকি কিবা। নাই নাই আচলতে বহুতদিন তাই ঘৰত নাই যে সেয়ে মাহীয়েকৰ অলপ হ'লেও মনতো ভাল চাগে।
মনৰ আনন্দতে মুখতে গান এটা গুণগুণাই তাই কিবা এটা ৰান্ধি জীয়েককে শাহুৱেককে খাবলৈ দি ঘৰলৈ যাবলৈ সাজু হ'ল। তাই সতিনীয়েকৰ জীয়েকজনীক ইমান মৰম কৰে তথাপিও তাই তাইৰ ছাঁটোকে সহ্য নকৰে। সেইকাৰণে তাইৰ অলপ দুখ লাগে। মাকণেতো তাইক কেতিয়াও মাহীমাকৰ চকুৰে নাচায়। এদিন তাইও বুজি পাব তাইৰ সঁচা মৰম আৰু গিৰিয়েকেও বুজিব তাইক 'মাকণ যে এতিয়া তেওঁৰ পত্নী'। কথাবোৰ মনতে ভাবি শাহুৱেকক সেৱা এটা কৰি গিৰিয়েকৰ চাইকেলত উঠিল।
আজি তাইৰ ইখন গাঁৱৰপৰা সিখন গাঁৱ পাৰ হ'বলৈ বহুত সময় লোৱা যেন লাগিল। চাইকেলখনৰো বেগ কমি যোৱা যেন লাগিল। 'অলপ জোৰকৈ চলাব নোৱাৰেনে চাইকেলখন' মনতে ভোৰভোৰাবলৈ ধৰিলে। দেউতাকে চাগে তাইলৈ বাট চাই পদূলিতে ৰৈ আছে। ভায়েকটো চাগে আগতকৈ অলপ ওখ হ'ল,কিমান দিন যে হ'ল নেদেখা তাক! মাহীমাকৰ কথা বাৰু ক'ব নোৱাৰে কিয়নো আগৰ কথাবিলাক মনত পৰিলে দেখোন তাইক যে এতিয়া মাহীমাকে মাতি পঠাইছে বিশ্বাসেই নহয়। মাকণ যিমান ঘৰৰ ওচৰ পাইছেহি সেই চিনাকি শেৱালিফুলৰ গোন্ধটো নাকত লাগিবলৈ ধৰিলেহি।
মাহীয়েকে ৰোৱা পুলিতো ছাগলীয়ে খোৱাত তাই যিকেইটা ঢকা খাইছিল মাহীয়েকৰপৰা, পিছদিনা নতুন পুলি এটা লগাওতেহে মাহীয়েকৰ চোকা মুখখন বন্ধ হৈছিল। তাইৰ বিয়া হোৱাৰ বছৰটোত ফুলজোপা ফুলিবলৈ লৈছিল। কিন্তু সেই শেৱালিৰ গোন্ধ তাই বেছিদিন ল'ব নোৱাৰিলেই মাহীয়েকে বিয়া দি দিলে তাইক। এতিয়া সেই গোন্ধটো নাকত লগাতহে অনুভৱ হ'ল- শেৱালি ফুলাৰ বতৰতে তাই এইখন ঘৰৰপৰা ওলাই আনখন ঘৰলৈ গৈছিল আজি আকৌ সেই বতৰতে ঘৰলৈ আহিছে। মানে এবছৰেই হ'ল তাইৰ বিয়া হোৱা। কথাবিলাক পাগুলি আহোতে তাই আৰু গিৰিয়েক আহি ঘৰৰ চোতাল পালেহি। গিৰিয়েকে চাইকেলৰপৰা নামিবলৈ কঁওতেহে মাকণ ভাবৰ জগতৰপৰা উভতি আহিল। চাইকেলখনৰ পৰা জপিয়াই নমাদি নামি গিৰিয়েকক চোতালতে এৰি মাকণে 'দেউতা দেউতা' বুলি মাতি ভিতৰ পালেগে। কিন্তু ঘৰখন যে ইমান নিজান পৰি আছে, তাই ভাবি অহাৰ নিচিনা একোৱে নাইচোন। তাইৰ বুকুখন কিবা অজান আশংকাত কঁপি উঠিল। পাকঘৰৰ ফালে ভুমুকি মাৰিবলৈ লঁওতেই কোনোবাই পিছফালৰপৰা মাত দিয়াত তাই ৰৈ গ'ল
'ক'ত সোমাব ধৰিছ মাৰৰ মূৰ খাইটি, জন্মতেই মাৰৰ মূৰটো খালি এতিয়া আকৌ বাপেৰৰ মূৰটো চোবাব লাগিছ। বিয়া দিয়াৰ পিছতো এইখন ঘৰৰ সৰ্বনাশ কৰিবলৈ এৰা নাই। বাপেৰলৈ ইমান মৰম যদি ঘৰলৈ আহি লগ নকৰ কিয়? মথাউৰিত মনে মনে লগ কৰাৰ ফল চা কেনেকৈ পৰি আছে মানুহতো......' আৰু কি ক'লে মাকণৰ কাণত একো নোসোমাল। তাই লাহে লাহে দেউতাক কোঠাটোত সোমাই দেখিলে পৰি আছে বিছনাত হাতে-ভৰিয়ে প্লাষ্টাৰ লগাই।
সেইকাৰণে কেইবাদিনো লগ কৰিবলৈ যোৱা নাই দেউতাক। সেইদিনা লগ কৰি আহোতে আন্ধাৰ হোৱাত মাহীয়েকে গম পাই বুলি দৌৰি দৌৰি আহোতে ক'ৰবাত উজুতিত কৰ্ফাল খাই একেবাৰে ৰাস্তাৰপৰা গৈ গেলা খাল এটাত পৰি এই অৱস্থা হ'ল‌। আচলতে তাইক দেউতাকে মতা নাছিল মাহীয়েকে এজাউৰি জাৰিবলৈহে মাতি পঠাইছিল। দেউতাকৰপৰা কথাখিনি শুনি তাইৰ শোকে খুন্দা মাৰি ধৰিলে। সঁচাকৈয়ে চাগে তাই কুলক্ষণী ন'হলেনো তাইক লগ কৰি আহোতে এই অৱস্থা হয়নে। যি হয় সকলোবোৰ তাইৰ কাৰণেই হয়। সেয়ে গিৰিয়েকেও চাগে তাইৰ প্ৰাপ্যখিনিক অৱমাননা কৰি মৃত্যু হোৱা ঘৈণীয়েকৰ স্মৃতি লৈ জীয়াই আছে। জীয়েকজনীতো জীয়েকেই, শাহুৱেকে যি অলপ তাইক বুজি পায়। মনৰ দুখতে তাই কোঠাৰপৰা ওলাই আহি চোতাল পালেহি।চোতালত আহি শুনিলে গিৰিয়েক আৰু মাহীয়েকৰে কথোপকথন।
'তেনেকৈ ন'কব আপুনি মাকণৰ কথা। এতিয়া তাই মোৰ মানুহজনী, কেনেকৈ তাই সেইখন ঘৰ ধৰি ৰাখিছে আপুনি গম নাপায়। মাহীমাক হৈও মোৰ ছোৱালীজনীক টোপ এটা নপৰাকৈ তাইয়ে ডাঙৰ কৰিছে.....' গিৰিয়েকৰ মুখত কথাবিলাক শুনি তাই শিল পৰা কপৌৰ দৰে হ'ল। যিজন মানুহৰ ওপৰত তাইক পত্নীৰ দৃষ্টিৰে নোচোৱা কাৰণে যি অকণমান দুখ আছিল সেইকণো নোহোৱা হ'ল। কেৱল প্ৰয়োজনত তাইক মাত দিয়া মানুহজনে আজি মাকণৰ হকে মাত মাতিছে। যি হ'লেও তাইৰ কাৰণেতো কোনোবা এজন মানুহ আছে যিয়ে তাইক বিপদত সহায় কৰিব পাৰে। সেইজনেই তাইৰ শ্ৰদ্ধাৰ মানুহজন। মাকণে মাহীয়েকৰ চকুৰ আগেদিয়েই আহি তেওঁক মাত নলগোৱাকৈয়ে গিৰিয়েকৰ চাইকেলত উঠিলহি। গিৰিয়েকেও মুখেৰে একো নামাতি পেডেলত ভৰি দিলে। ইমান গালি শুনিও মাকণৰ কিবা এক নজনা আনন্দত বুকুখন ভৰি পৰিল। শৰতৰ বতৰা কঢ়িয়াই অনা শেৱালিৰ সুবাসে মাকণৰ জীৱনলৈও যেন কিবা এটা ভাল বতৰাহে কঢ়িয়াই আনিছে।
Post a Comment