Monday 2 October 2017

মোৰ বুঢ়া হ'বলৈ মন নাই (I do not want to be become an Old)!

বাকচৰ চাবিকোচা বিচাৰি আছো, পোৱা নাই ক'ত বা থ'লো। অলপ সময়ৰ আগতেটো ইয়াতেই থৈ গৈছিলো! এই সৰু কথাটোকে পাহৰিব লাগে নে! ছেহ, বৰ বেয়া কথা হ'ল। কেইদিনমানৰ আগতে বিয়া পতা কাষৰ ঘৰৰ ল'ৰাটোৱে কইনাজনী ফুৰাবলৈ আনি গামোছা এখনে আৰু ধূতি এখনে দি সেৱা এটা কৰিলে। মই বাৰু ন-দম্পত্তিহালক আৰ্শীবাদ এটা দিলোৱেই। তথাপিও ন-ছোৱালীজনীক কিবা এটা নিদিলে বৰ বেয়া লাগিব। 

অন্তত: মিনতিয়ে কথাটো গম পালে বৰ দুখ পাব। আজি মিনতি থকা হ'লে তাই লৰালৰিকৈ গৈ তাইৰ যৌতুকত অনা ট্ৰাংকটোৰপৰা চাদৰেই হওক বা ব্লাউজেই হওক কিবা এটা খুচৰি উলিয়ালেহেঁতেন। এতিয়া মইনো এই অকলশৰীয়া মানুহটোৱে ছোৱালীজনীক কি দিম! সেয়ে এশটকা দুশটকা কি আছে তাকে বিচাৰিবলৈ ট্ৰাংকটো খুলিবলৈ আহি চাবিটোৱে বিচাৰি পোৱা নাই। ইফালে ঘৰৰ বস্তু ইফাল সিফাল কৰিবলৈ আছেনো কোন! বস্তবোৰ উলিয়াই থ'লেও ঠাইতে থাকে। কিন্তু আগৰেপৰা সকলোবোৰ বস্তু ট্ৰাংকতে থোৱাৰ অভ্যাস যে সেয়ে এটকাটোও তাতে ভৰাই থওঁঁ। চাবি বিচাৰি উথপথপখন কৰি থাকোঁঁতেই সিহঁতহাল যাবলৈ বুলি উঠি মাত লগাবলৈ একেবাৰে ভিতৰ পালেহি।

'ৰ'বাহে ক'ত যোৱা?' বুলি মুখখন মেলোঁঁতেই নকইনাই বিদায় জনোৱাৰ উদ্দেশ্যে মাত লগালে 'হ'ব বৰতা আপোনাৰ দৰে বয়সীয়াল মানুহৰ পৰা পোৱা আৰ্শীবাদেই যথেষ্ট। আৰু একো বিচাৰি কষ্ট কৰিব নালাগে।' এহ মনটো বেয়া লাগিল নহয় এনেকৈ যাবলৈ দিবলৈ। কিন্তু উপায়টো নাই, সেয়ে সিহঁতক বিদায় দিবলৈকে পদূলিলৈ ওলাই আহিলো। আজি মিনতি হোৱা হ'লে ক'লেহেঁতেন 'দেখিছে বয়স হৈছে বুলি ক'লে মানি নলয়, এতিয়া দেখোন অলপ সময়ৰ আগতে থোৱা চাবিটোকে বিচাৰি নাপালে।'

তেওঁ পিচে মোক বয়সৰ কথা কৈ কৈ মোতকৈ আগতেই একো এটা গম নিদিয়াকৈ এই সংসাৰৰপৰা ফালৰি কাটিলে। অথচ মোতকৈ সাতবছৰৰ সৰুও আছিল। একচল্লিশটা বছৰে একেলগে থাকি শেষত একো এটা গম নিদিয়াকৈ মিনতি সিপুৰী পালেগৈ। মানুহ কিছুমানে কয় মিনতি বৰ ভাগ্যশালী শিৰৰ সেন্দুৰকণ নোমোচাকৈয়ে বাৰ্ধক্যৰ একো কষ্ট ভোগ নকৰাকৈয়ে যাব পাৰিলে। কিন্তু কোনে বুুজিব তেওঁ যে মোক অকলশৰীয়া কৰি থৈ গ'ল। কেতিয়াবা মোৰো অনুভৱ হয় তেওঁৰ লগতে একেলগে মোকো লৈ যোৱা হ'লে দুয়ো ওপৰত আকৌ এবাৰ একেলগে থাকিলোহেঁতেন। কিন্তু পাঁঁচবছৰীয়া নাতিটোৰ মাতটো শুনিলে দেখোন আকৌ দহ বিশবছৰমান জীয়াই থাকিবলৈ মন যায় হে।

অৱশ্যে মোৰো নিজকে বুঢ়া বুলি মানি ল'বলৈ মন নাযায়। সত্তৰবছৰহে হৈছে তথাপিও মানুহবোৰে আজিকালি মোক দেখিলে আলৰ বুঢ়াক কৰাৰ দৰে পুতৌ কৰে হেৰৌ। মোক নালাগে ঔ এইবোৰ পুতৌ! ওলাই-মেলি গ'লে এতিয়াটো আৰু ডেকা যেন অনুভৱ হয় হে। ডেকা যেন নালাগিবনো কিয়? ল'ৰাই যে এইবাৰ পূজাত আহি সৰি সৰি বাকীথকা দাঁঁতকেইটা একেবাৰে সৰুৱাই নতুন দুপাৰি ডালিমগুটীয়া দাঁত লগাই থৈ গৈছে। কেইদিনমান অৱশ্যে অলপ দিগদাৰ হৈছিল কৃত্ৰিম দাঁত দুপাৰি সৈতে গোটা বস্তুবোৰ চোবাবলৈ। তথাপিও অভ্যাস কৰোঁঁতে এতিয়া মাংস খাব পৰা হৈছোঁঁ। চকু কেইটাও দেখোৱাওঁঁতে অলপ পাৱাৰ বঢ়াই দিলে। এতিয়া আৰু আগৰদৰে জলক তবক নেদেখো।  চুলিকেইডালতো কলপ লগাই বগা হোৱা কেইডাল ক'লা কৰি পেলালো। মানে এতিয়া আৰু মোক কোনেও বুঢ়া হৈছো বুলি সকীয়াই নাথাকে।কথাটো ভাবোঁঁতেই মিচিকিয়া হাঁহি এটা ওলাই গ'ল। 

ল'ৰা-বোৱাৰী পুনৰ উভতি যোৱাৰ আগদিনা নাতিটোক লগত লৈ চোতালতে চকী এখন লৈ বহি আছো। তাক বোলে আজি মই যিমান সাধু জানো সকলোবোৰ কৈ শেষ কৰিব লাগে। ন'হলে আৰু কেতিয়া আকৌ শুনিবলৈ পাই ঠিক নাই। সাধু শুনি থকাৰ মাজতে সি মোৰ সোতোৰা-সোতোৰ পৰা হাঁতখন টানি টানি সুধিলে
'ককা তোমাৰ স্কিনখন ইমান লুজ কিয়? ব'ডী লোশ্যন নলগোৱা নেকি? মই দেউতাক ক'ম তোমাক ব'ডী লোশ্যন এটা আনি দিব...' তাৰ কথা শুনি মোৰ হাঁহি থকা মুখখন হঠাতে গোমা হৈ পৰিল। আৰু সি সি কি কৈ আছিল মোৰ মূৰত নোসোমাল। এইবোৰ যে এতিয়া লোচন নে ফোচনে  কাম নিদিয়ে, বয়স হোৱাৰ কাৰণেহে এনেকুৱা হৈছে বুলি ক'বলৈ গৈও ক'ৰবাত কিবা এটায়ে মোক হেঁচা মাৰি ধৰিলে দেখোন। মানে ইও মোক বুঢ়া হৈছো বুলি গম পালে নেকি? দাঁত কেইপাৰি আৰু চকুকেইটাৰ দৰে চালখনৰো কিবা ব্যৱস্থা কৰি আগৰ নিচিনা শিতশিতিয়া কৰিব নোৱাৰিনে!

ল'ৰাটোৱে এইবাৰ মোকো লগতে যোৱাৰ কথা কৈছিল। কিন্তু মিনতিৰ স্মৃতিখিনিক এই প্ৰকাণ্ড ঘৰটোত অকলশৰে তলা মাৰি থৈ যাবলৈ মন নগ'ল। বহুত কাকূতি-মিনতি কৰাৰ পিছতো মোৰ মন নলৰাত যোৱাৰ আগে আগে পুত্ৰই কৈ থৈ গ'ল 'অকলে অকলে ঘূৰি নুফুৰিবা। হাতত ফোনটো ৰাখিবাই, কিবা গা চা বেয়া লাগিলেই মোক ফোন কৰিবা'

কি যে দিন আহিল! সেই পিটকণি ল'ৰাটো, পত্ৰিশবছৰৰ আগতে যি আমাৰ জীৱনলৈ আহি আমাক সম্পূৰ্ণ কৰিছিল। আমাৰ বিয়াৰ পাঁচ ছয় বছৰৰ পিছত যাৰ আগমনে আমালৈ কঢ়িয়াই আনিছিল এটা নতুন জীৱন যিয়ে জীয়াই থকাৰ হেঁঁপাহ দুগুণে বঢ়াইছিল। ক'ৰবাত কিবা টোপ পৰে বুলি আতৌপুতৌকৈ ডাঙৰ কৰা মোৰ নিজৰ সন্তানেও ভাবিলে মই যে বুঢ়া হ'লো! এতিয়াও জলজল পতপতকৈ মনত আছে তাৰ জন্মত ওচৰৰ সকলোকে মাছ বিলোৱা কথাটো। মিনতিৰ কি যে ফূৰ্তি সেইদিনা সকলোৱে যেতিয়া কৈছিল ল'ৰাই মাকৰ গঢ় ল'লে। তোমাৰ সেই হাঁহিটোলৈ আজিও মনত পৰে ও মিনতি।

কেইদিনমানৰ আগতে নন্দেশ্বৰ উকীলৰ ল'ৰা ৰাজাক লগ পালো। নন্দেশ্বৰ আৰু মই আকৌ ক মানৰ পৰাই একেলগে পঢ়া। তাৰ পুতেকটো মোৰ ল'ৰা বাবাৰ লগৰ। কেনেকুৱা লাগে ভাবিলে দুয়োটা একেলগে ডাঙৰ হোৱা ল'ৰা সেইদিনাৰ কথা যেন লাগে। এতিয়া আকৌ দুয়োটা এটা এটা সন্তানৰ বাপেকী হ'ল। সি মোক লগ পাই খা খবৰ সুধিলে, লগতে বাপেকৰ কথাও ক'লে। আজিকালি বোলে বাপেকে বৰকৈ অকলে ওলাই সোমাই ফুৰিব নোৱাৰে মানে সিহঁতে নিদিয়ে। সি আকৌ মোকো সকীয়াই থৈ গ'ল যাতে অকলে ঘূৰি ফুৰি নুফুৰো। মানে নন্দেশ্বৰৰ অৱস্থাও মোৰ দৰে। কেঁচা ৰবাব টেঙাকে ফুটবল কৰি কিমাননো নেখেলিলো অই। ইটোৱে সিটোক লেং মাৰি কিমান পৰিলো তেতিয়াই হাত ভৰি একো নাভাঙিল। এতিয়া আকৌ সিহঁতে আমাক ওলাই সোমাই ফুৰিবলৈ নিদিয়ে! কিবা এটা খং আহি চুলিৰ আগ পালেহি‌।

কথাবোৰ ভাবিলে সৌ সিদিনাৰ ঘটনা যেন লাগে। নাতিটো পৰহি গুচি যোৱাৰ পিছত ঘৰখন একেবাৰে মৰিশালি যেন হ'ল। ক'তো কাৰো মাত নাই। তাতে দুপৰীয়া সময়খিনিত ওচৰ চুবুৰীয়া সকলো ভাতকেইটা খাই অলপ বিছনাত পৰে। এইখিনি সময় আৰু নিৰৱতাই বিৰাজ কৰে। মইহে দিনত শুবলৈ বাদ দিলো। দিনত শুলে ৰাতি টোপনি নাহে আৰু এইহেন ঘৰটোত অকলে ৰাতিটো উজাগৰে থাকিবলগীয়া হোৱাৰ সমান কষ্টকৰ কাম নাই। কি কৰিম কি নকৰিম ভাবি খন্তিখন উলিয়াই লৈ ফুলনিখনকে অলপ চাফা কৰো বুলি সোমালো। সেইসময়তে দুপৰীয়া ভাতখোৱা বাচন কেইটা ধুবলৈ অহা বনকৰা মানুহজনী পমিলাই মোক খন্ততিখনৰ সৈতে দেখি 'এই বুঢ়া বয়সত আপোনাক কিহে পাইছে! থকা দিনকেইটা ভালকৈ থাকক....' বুলি যিহে বকনি মেলিলে একেকোবে আহি শুৱনিকোঠা পালোহি। মানে এইও মোক তেনেকৈয়ে ভাবিবলৈ ল'লে। কথাবোৰ মূৰত পাক খাই মূৰটো কিবা আচন্দ্ৰাই কৰা যেন লাগিল। ইমান ডেকা তজবজীয়া মানুহটোক আজিকালি যে চবেই বয়স হৈছে বুলি খেঙখেঙাই থকা হ'ল। বয়স যেনিবা হ'লেই, সেইবুলিয়েই মই এতিয়া বিছনাত পৰি থাকিম নেকি!

খঙতে খন্তি চন্তি বাহিৰত পেলাই শুৱনি কোঠাৰ বিছনাখন পালোহি। বিছনাৰ মূৰৰ শিতানতে আমাৰ বিয়াৰ কেইদিনমান পিছতে ষ্টুডিঅ'ত গৈ তোলা ফটোখন বুকুতে সাৱতি বিছনাত পৰিলো। মিনতিলৈ আজি বৰকৈ মনত পৰিল। তাই যেন মোতকৈ আগতে গৈ বৰ ভাল কাম কৰিলে। অন্তত: এইবোৰ কথা শুনিব লগা নহ'ল। যদিও মই জানো সকলোৱে মোৰ ভালৰ কাৰণে কয়। অকলশৰীয়া মানুহ কিবা এটা হৈ বিছনাত পৰি থাকিলে কি হ'ব। কিন্তু মোৰ যে নিজকে তেনেদৰে ভাবিবলৈ মন নাযায়। পৰালৈকে অন্তত নিজৰ কামকেইটা নিজে কৰি থাকিবলৈ মন যায়। মন যায় ওলাই গৈ লগৰবোৰৰ লগত ক্ষন্তেক মনৰ কথা পাতিবলৈ। নিজকে বুঢ়াৰ দৰে ভাবি লোকৰ পুতৌৰ পাত্ৰ হ'বলৈ একেবাৰে মন নাযায়। তাকেই যে বাকীবোৰে নুবুজে। আজি মিনতি তুমি কাষত থকা হ'লে সকলোবোৰ খুলি ক'লোহেঁতেন। তুমিটো মোক বুঢ়া বুঢ়া বুলি ধেমালিতেহে কৈছিলা, তুমি যে মোতকৈ সাতবছৰৰ সৰু আছিলা সেইকাৰণে। কিন্তু আজি মোক সকলোৱে সঁচাকৈয়ে কয় মোৰ বয়স হ'ল। মানে এতিয়া মই তোমাৰ ওচৰলৈ যাবলৈহে সাজু হ'ব লাগে অ মিনতি। বুঢ়া হ'বলৈ মন নাযায়, মৰিবলৈ মন নগ'লেও এতিয়া ভাবিছো সোনকালে ভগৱানে তোমাৰ ওচৰলৈ লৈ যাওক। তুমি য'তেই আছা তালৈকে মইও গৈ আকৌ এবাৰ দুয়ো একেলগে থাকিম। মনৰ কথাবোৰ পাতিম। 

ভাবি থকা কথাবোৰ যে মোৰ কেতিয়া ডাঙৰ ডাঙৰ শব্দৰে বাহিৰলৈ ওলাই আহিল গমেই নাপাও। অকলে অকলে কথা পাতি থকা দেখি চাগে পমিলাই ভয় খাই ল'ৰাক জনালে নেকি। সিও ভয় খাই মোক ফোন কৰি সুধিলে 'দেউতা তুমি ঠিকে আছাতো, চুগাৰৰ দৰৱ খাই আছানে। মই মহেনক পঠিয়াইছো প্ৰেছাৰটো জোখাবলৈ.. ' আৰু কি কি সুধি আছিল শুনিবলৈ মোৰ মন নগ'ল। ফোনটো কাটি দি আমাৰ ফটোখন পুনৰ বুকুৰ মাজত লৈ শুই পৰিলো। 

কাষত এইয়া মিনতি, মোৰ মূৰৰ শিতানতে বহিছে। মোৰ মূৰটো আলফুলকৈ তেওঁৰ কোলাত লৈ পিহি দিছে আৰু কৈছে 'তুমি বুঢ়া হোৱা নাই অ'। অকলে থাকা কাৰণেহে মানুহবোৰে অলপ বেছিকৈ ভয় কৰে। তুমি থাকা নিজৰ মনৰ মতে। ল'ৰাৰ কথা নুশুনাকৈ নাথাকিবা। সকলোৱে বিচাৰে তুমি ভালে থকাতো ...' কথাখিনি কৈয়ে মিনতি হঠৎ নোহোৱা হৈ যোৱাত মই ধৰফৰাই উঠি বহি পৰিলোঁ। চাৰিওফালে চাই দেখোঁ কোনো নাই। আচলতে এটা আলফুলিয়া সপোন আহিহে মোৰ চকুত দোলা দিছিলহি। 

Tuesday 19 September 2017

শৰতৰ সন্ধিয়াত শেৱালি ফুলাৰ বতৰা (Autumn Blossoms)

'এইবাৰ পূজাত তোক আইফোন লাগিব নেকি অই ৰজিতা?' ফেচবুকৰ জোৰতে দেশ বিদেশৰ খবৰ ৰখা চাইকেল মেকানিক বিপুলে ৰজিতাক ধেমালি কৰিবলৈকে সুধিলে।

'কি আইফোন।' বুলি যিটোহে ভেকাহি মাৰিলে অলপ নহয় ভালকৈয়ে যে তাই তাৰ কথাত আচৰিত হৈছে সেইটো বিপুলৰ বুজিবলৈ বাকী নাথাকিল।

'সৰুতেই আই বোপাই দুয়োৱে এৰি অনাথ কৰি থৈ গ'ল এতিয়া আৰু আইফোন নে বোপাইফোন সেইডালে কি কৰিম।' বুলি বকি বকি ৰজিতাই ছাগলীজনী লৰাবলৈ ঢাপলি মেলিলে। পিছে পিছে বিপুল। আচলতে ৰজিতাই ভাবিছে সি তাইক কিবা পেংলাইহে কৰিছে। সেয়ে খংটো তাইৰ বেছিয়ে উঠিল।  এইখিনি সময় সিহঁতৰ বাবে য'ত নিৰিবিলিকৈ বহি সুখ দুখবোৰৰ আদান প্ৰদান কৰিব পাৰে। সকলোৱে ভাত খাই অলপ জিৰাবলৈ যোৱাৰ সময়খিনিলৈ ৰৈ থকাটো এটা শেষ নহ'ব যেন লগা ক্ষণ।

অনাথ দুটি শিশু বিপুল আৰু ৰজিতা আৰঘৰে তাৰঘৰে খেলি খেলিয়ে ডাঙৰ হ'ল। তামোলৰ ঢকোৱা চোচৰাই খেলাৰ পৰা একেলগে ডাঙৰ হোৱা দুয়ো এতিয়া যৌৱনপ্ৰাপ্ত হ'ল। শৈশৱৰ বন্ধুত্ব এতিয়া যৌৱনৰ প্ৰেমলৈ ৰূপান্তৰিত হ'ল। আজিকালি বেলেগে দেখাকৈ কথা পাতিবলৈও কিবা আফচোচ কৰা হ'ল। সময়বোৰো বৰ নিষ্ঠুৰ। যেতিয়া সকলোৱে দেখাকৈ লগ পাইছিল তেতিয়া দেখোন একোৱে অনুভৱ হোৱা নাছিল। কিন্তু আজিকালি এখন্তেক নেদেখিলেই যেন বুকুখন ধৰফৰাই উঠে আৰু সকলোৱে দেখাকৈ লগো কৰিব নোৱাৰি।

একেখন গাঁৱৰে দুয়ো মাত্ৰ কেঁকুৰি এটা পাৰ হ'ব লাগে। তথাপিও সি দেখোন তাইক সকলোৱে দেখাকৈ লগ কৰিবলৈ যাব নোৱাৰে। বিপুলৰ ভয় কেনেবাকৈ যদি ৰজিতা বদনামী হয় তাৰ কাৰণেই। সেয়েহে পাৰ ভাঙি অহা যৌৱনৰ আৱেগকো বাধা দি বাট চাই থাকে কেৱল তাইৰ ফোনটোৰপৰা অহা মিছকলটোলে।

কেতিয়া কেনেকৈ আহি ৰজিতা সিহঁতৰ গাঁৱত উপস্থিত হৈছিল কোনোৱে সঠিককৈ নাজানে। বিপুলে যিমানদূৰলৈকে জানে গাঁৱৰে পান দোকানী অতুলে কৰবাৰ মেলাত পাই লৈ আহি এল পি স্কুলৰ হেডমাষ্টৰণী সৰলা বাইদেউৰ হাতত গতালে। আৰু সেইদিন ধৰি ৰজিতা সেইখন ঘৰৰ সদস্য। দুখে সুখে বাইদেউৰ তাইয়ে লগৰী। জোৰ কৰি হ'লেও বাইদেউৱে তাইক প্ৰাইমেৰী শিক্ষা সাং কৰাব পাৰিলেও পঢ়া-শুনাত অমনোযোগী ৰজিতাই তাতকৈ ওপৰত ভাবিবলৈ মন নকৰিলে। কিন্তু কাজে কামে হ'লে তাই পাকৈত। গাঁৱৰ ছোৱালীবিলাকৰ ভিতৰত নাম আছে তাইৰ। তিনি-চাৰি বছৰৰপৰা বাইদেউৰ হাতত ডাঙৰ হোৱা ৰজিতা এতিয়া ঊনৈশ-বিশ বছৰীয়া হ'ল। ইফালে কেও কিছু নোহোৱা বিপুলো খুড়াকৰ ঘৰত ডাঙৰ হোৱা ল'ৰা। বিপুলে চোচৰি বাগৰি কোনোমতে নাইনলৈকে পঢ়ি সামৰণি মাৰিলে। খুড়াকেও নিজৰ কামত সহায় হঁওক বুলিয়েই চাইকেল দোকানখনতে সোমোৱাই কামবোৰ শিকাই ল'লে। আজিকালি সি এক্সপাৰ্ট কামত। উপাৰ্জনো বেয়া নহয়। ভৱিষ্যতে যে সিও ঘৰ এখন পাতিব লাগিব সেইবোৰ ভাবি-চিন্তিয়ে খুড়াকে নিজৰ ঘৰটোৰ কাষতে মাটি অকণমান তাৰ নামত কৰি দিলে।

এতিয়া বিপুল এজন থূলন্তৰ ডেকা। চাইকেলৰ দোকানত থাকিয়ে খুড়াকে দিয়া মাটি কণতে ঘৰ এটা সাজিলে। সৰুকৈ হ'লেও ধুনীয়া! ৰজিতাক সুখত ৰখাটোৱে যেন তাৰ এতিয়া লক্ষ্য। সেয়ে কামত কষ্ট হ'লেও দুখ নালাগে তাৰ। অলপদিনৰ আগতে ফেচবুক কৰিব পৰা মোবাইল এটাও কিনিছে। ৰজিতাকো সৰু মোবাইল এটা কিনি দিছে যাতে সময় পালেই মিছকল এটা দিয়ে। সময়নো কি পায় অইনে ঘণ্টা ধৰি ঘণ্টা কথা পতাৰ দৰে পাতিব নোৱাৰে! সেয়ে ছাগলীজনীক লৰাবলৈ বা পানী খুৱাবলৈ অহাৰ চলতে ওলাই আহোতে তাক জনাই দিয়ে যাতে সিও সেইঠাইলৈকে আহে। বিপুলে দোকানত কাম নথকা সময়খিনিত ফেচবুক কৰি দেশত কি চলি আছে সেইখিনি খবৰ জনা হৈছে। অইন ন'হলেও আইফোন বুলি যে বহুত দামী ফোন এটা ওলাইছে সেইটো গম পাইছে। কিন্তু আধা কামোৰা আপেলেৰে বনোৱা কিনো ফোন হ'ব পাৰে সেইটোহে বুজা নাই! বেলেগকনো কি সুধিব নজনা কথাটো সেয়ে অলপ ওস্তাদি মাৰো বুলি ৰজিতাকে শুনালে। কিন্তু প্ৰতুত্তৰত যিটোহে ভেকাহি পেলালে একো নকৈ মনে মনে তাইৰ পাছ ল'লে।

সিহঁতহালৰ যে মাজত কিবা এটা ঘটি আছে দেখাবিলাকে সকলোৱে গম পাই কিন্তু কোনোৱে মুখহে খোলা নাই। এটাৰো কেও কিছু নাই, গতিকে দুয়ো দুয়োৰে লগ এটা হঁওক বুলিয়েই সকলো চুপে-চাপে আছে। কথাটো গম পোৱা নাই সিহঁতেহে। সেয়ে তাইৰ পিছ ল'বলৈও বিপুলে বহুতবাৰ ভাবে, কিন্তু আজি একেচাটে আহিল।

দুয়ো ৰাস্তাৰ আলিৰে নামি গৈ পথাৰৰ মাজতে থকা আঁহতজোপাৰ তলতে ৰ'ল। ৰজিতাই ছাগলীটোৰ খুটিটো লৰাই লৰাই সুধিলে এতিয়া ক কি আই-বোপাইৰ ফোনৰ কথা কৈ আছিলি?

'এহ্ বাদ দে এইবোৰ ফোন তোৰ মোৰ বাবে নহয় বহুত দামী ফোন নাজানিলেও হ'ব। তই ক মোক আজি এটাৰ ঠাইত তিনিটা মিছকল যে কিয়? মোক ফোনটো ওলোটাই লগাবলৈও নিদিলি একেবাৰে ওলাইয়ে আহিলি যে।'

তাইৰ খংটো ইমানেই উঠিছিল যে এতিয়াহে আচল কথাটোলৈ মনত পৰিল। তাই ছাগলীজনীৰ খুটিটো উঠাই আনি বেলেগ এটা জেগাত মাৰি বিপুলৰ কাষতে বহিলগৈ। ৰজিতাই চূৰ্ণীখনতে বান্ধি অনা মৰহিবলৈ ধৰা শেৱালি দুপাহ বিপুলৰ হাতত তুলি দিলে। তাই কি কৰিছে বিপুলে যে বুজি পোৱা নাই সেইটো কথা গম পাইয়ে তাই আৰম্ভ কৰিলে।

'অই মনত আছে নে আমি যে পাঁচবছৰমানৰ আগতে কাতি বিহুৰ দিনা তুলসী পুলিটো ৰোওঁঁতে কাষতে শেৱালি পুলি এটাও ৰুইছিলো।'

'অ আছে, শেৱালিজোপা ফুলিল নেকি?' সি আচৰিত হৈ ৰজিতালৈ চালে। তাৰ যেন সৰ্বশৰীৰক বিন্ধি কাড় এপাতহে পাৰ হৈ গ'ল। সি তাইৰ উত্তৰলৈ ৰখিব নোৱাৰি আকৌ এবাৰ সুধিলে 'এই দুটা ফুল সেইজোপাৰে নেকি ৰজিতা?'

'অ সেইজোপাৰে। কালি সন্ধিয়া সময়ত দেখিলো দুপাহ ফুলি আছে। আজি ৰাতিপুৱা সেই দুপাহ নিয়ৰত ভিজি মাটিতে পৰি থকা দেখি মই বুটলি তোলৈ বুলি থৈ দিছিলো। আৰু জাননে আজি মোৰ তোক লগ পোৱা সময়খিনি বেছিয়ে দীঘলীয়া নিচিনা লাগিছিল। সেইকাৰণে তিনিটা মিছকল দিলো।' বিপুলে তাইৰ কথাখিনি শুনি আনন্দত ৰ'ব পৰা নাই। এইমাত্ৰই যেন তাইক তাৰ বুকুৰ মাজত সোমোৱাই মৰম কৰিব। তাইৰ কপালত পৰি আমনি কৰি থকা চুলি কেইডাল আঁতৰাই সি সুধিলে 'এতিয়া কি কৰিবি?'

'এতিয়া কি কৰিবি তইহে জান। সেইদিনাই কৈছিলে যেতিয়াই শেৱালিজোপা ফুলিব তেতিয়াই তোক বিয়া কৰাম। আৰু এইয়া তোৰ শেৱালি ফুলিল। ইমানবছৰে সৰলা বৰমাৰ লগত থাকি ডাঙৰ হ'লো। মোৰ নিচিনা অঘৰীক চালি এখন দিছিল থাকিবলৈ। একো কষ্ট পোৱা নাই নিজৰ ঘৰৰ দৰেই আছো। কিন্তু তথাপিও কিবা এটা নাই বিপুল। ক কি কৰিবি বিপুল ক সোনকালে?' তাই সৰু ছোৱালীৰ দৰে ফেকুৰি উঠিল। আজি প্ৰথমবাৰৰ বাবে ৰজিতাই কান্দিছে তাকো তাৰ কাৰণে। তাইৰ চকুপানীখিনি তাৰ মুচি দিবলৈ মন ন'গল। ৰঙা হৈ উঠা নাকটোৰ লগত চকুপানীখিনিৰে তাইক কিবা এটা মৰম লাগিছে।

'চা ৰজিতা তোক আজিয়ে মই মোৰ নিজৰ কৰি লৈ যাম। আমাৰ নিচিনা মানুহৰনো কি ধামধুমেৰে বিয়া পাতিবলৈ আছে। কেৱল ৰাইজৰ আৰ্শীবাদটো হ'লেই হ'ল। তইও বৰমাক ক মইও খুড়াক কওঁঁগৈ। আজি এই শৰতৰ সন্ধিয়াতেই তোক লৈ আহিম।' মৰহিবলৈ ধৰা শেৱালি দুপাহৰ গোন্ধ লৈ লৈ সি এনেকুৱাকৈ কথাখিনি কৈ পেলালে যে ৰজিতা আচৰিত হ'ল। তাইৰ বুজিবলৈ নাথাকিল যে তলে তলে বিপুল কিমান আগবাঢ়ি আছিল। কেৱল সি অপেক্ষা কৰিছিল শেৱালি ফুলাৰ খবৰতো পাবলৈ। কথাটো ভাবিয়ে কৰবাৰপৰা লাজ এটা আহি তাইৰ ৰঙা পৰা নাকটো আৰু অলপ ৰঙা কৰি থৈ গ'ল। মৰহি যোৱা শেৱালি দুপাহেও বহুত যেন চেষ্টা কৰিছে সিহঁতৰ সেই আপুৰুগীয়া সময়খিনি শেৱালিৰ সুবাসেৰে সুবাসিত কৰিবলৈ।

Wednesday 2 August 2017

দুচকুৰ মিঠা ভাষা (A Sweet Language of Eyes)

চিঠিখন বাৰে বাৰে লিখিবলৈ চেষ্টা কৰিও তাই সম্পূৰ্ণ কৰিব নোৱাৰিলে। চিঠি বুলি আচলতে ক'ব নোৱাৰি। সি দিয়া দীঘল চিঠিখনৰ উত্তৰত মাত্ৰ তিনিটা শব্দ লিখিব লাগে তথাপিও তাই পৰা নাই। এনেই তাইৰ কাউৰীঠেঙীয়া আখৰ, তাৰ ওপৰতে আকৌ কঁপি থকা হাঁতৰ লিখনিত সেই আখৰকেইটাও কিবাহে হৈছে। মুঠতে বাৰে বাৰে লিখে আৰু কাটে। ইফালে তাৰ কথা মনত পৰিলে আকৌ যিহে বুকুৰ ঢপঢপনি বাঢ়ে। কেতিয়াবা সেইখিনিও ওচৰে পাজৰে থকা চবেই শুনিব যেনেই লাগে। চিঠিখন হাতত লৈ তাই বাৰে বাৰে পঢ়ে। যেতিয়াই পঢ়ে তেতিয়াই কিবা এটা লাজে তাইক আৱৰি ধৰেহি। চিঠিখনৰ ক'ত কমা, ক'ত দাৰি সেইখিনিও মুখস্থ হৈ গৈছে তাইৰ। খালী উত্তৰটোহে লিখি দিব পৰা নাই। এবাৰ লিখে এবাৰ কাটে। সেইবোৰ কৰি থাকোঁঁতেই নিপ পেনটোৱেদি লিক হৈ থকা চিঞাহীখিনিয়ে মধ্যমা আৰু তৰ্জনী আঙুলিৰ মাজৰখিনি একেবাৰে নীলা কৰি পেলাইছে। কিনো আৰু সেই আঙুলিত লগা চিঞাহীখিনিকে ধুবলৈ যাব চুলিখিনিতে লগাই থৈ চিঠি লিখা পৰ্বৰ সামৰণি মাৰি শুবলৈ যায়। এইটো ঘটনা নতুন নহয়। তাৰপৰা পোৱা চিঠিখনৰ পিছৰপৰাই একেখিনি ঘটনাই ঘটি আছে তাইৰ লগত। কিয় যে সি লিখি দিলে 'চিঠিৰ উত্তৰ দিবা।'


তাই চিঠিখনৰ কথা ভাবিয়ে মাক শুই থকা বিছনাখনতে দীঘল দি পৰে। কাইলৈ নহ'লে তাক স্কুলৰ লেজাৰতে একাষৰীয়াকৈ মাতি নি মুুখেৰেই কৈ দিব। কিন্তু সেইটোও জানো সহজ! লগৰখিনিয়ে জোকাবলৈ ৰৈহে থাকে সিঁহত দুয়োটাকে। তাইৰ বাৰু তাৰ লগত জোকালে ইমানো বেয়া নালাগে তথাপিও বেলেগক দেখুৱাবলৈকে মুখখন উন্দোলাই গুচি আহে। 


আজিও চিঠিখনৰ উত্তৰটো লিখিব নোৱাৰিহে তাইৰ বেয়া লাগি আছে। সোহাঁতৰ আঙুলিত লাগি থকা চিঞাহীখিনি আন্ধাৰতে এনেই আকৌ এবাৰ চাই ল'লে। সেই চিঞাহীখিনিকো তাইৰ কিবা ভাল লাগি আহিবলৈ ধৰিলে। সেইখিনিও যে তাইৰ প্ৰেমৰে চিন। এনেই পঢ়া টেবুলত নবহা ছোৱালীজনী যে প্ৰেমপত্ৰ লিখাৰ নামতে টেবুলখনৰ মুখ দেখিছে। তাৰ ওপৰতো খং উঠিল তাইৰ। নীলা হোৱা আঙুলিকেইটা দেখিও সি বুজি পাব নালাগেনে যে তাই তাৰ চিঠিৰ উত্তৰ লিখি লিখিয়ে এই অৱস্থা।


আগতে জানো ইমান দেৰিলৈকে পঢ়া টেবুলত বহিব পাৰিছিল। দেৰিটো বাদেই স্কুলতে যি পঢ়া-শুনা কৰে সেইয়াই। স্কুলৰপৰা আহি মাকৰ লগত ঘৰৰ কামত লাচনি-পাচনি কৰি দিওঁঁতেই সময়বোৰ পাৰ হয়। আজি দুদিনমানৰপৰাহে ৰাতি ৰাতি টেবুলত বহিবলৈ লৈছে। মাক আকৌ আচৰিত নোহোৱাও নহয়। তথাপিও জীয়েকৰ মতিগতি ভাললৈ আহিছে বুলি একো কোৱা নাই। লাইটোৱেও মাজে মাজে লুকা-ভাকু নেখেলা নহয়। তথাপিও জীয়েকৰ পঢ়া ক্ষতি হয় বুলিয়েই কাষতে হাত লেম্পটো জলাই থৈ তেওঁ শুবলৈ যায়। আৰু জীয়েকেও পঢ়াৰ নামত হাতটো চিঞাহীৰে নীলা কৰি বহীপাত কেইখিলামান নষ্ট কৰা বাদ দি একো নকৰে। অ অৱশ্যে মাজে আঁহত পাতটো আকি মাজেৰে কাঁড় চিন এডাল মাৰি সিহঁত দুয়োৰে নামটো নিলিখা নহয়।কিন্তু সেইখিলা আকৌ মাকে কেনেবাকৈ দেখা পাই বুলিয়েই লৰালৰিকৈ সোতোৰ মোচোৰ কৰি নষ্ট কৰি পেলাই দিয়া বহীপাতসোপাৰ মাজতেই পেলাই দিয়ে। সেইখিলা পেলাই দিয়াৰ সময়ত তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইৰ হিয়াৰ এফালহে লৈ গৈছে। চিঞাহীৰে নীলা কৰি থোৱা আঙুলিকেইটা তাইৰ পিছদিনা ধুবলৈও মন নাযায়। ধুলেই যেন নীলাখিনিৰ লগতে ভালপোৱাৰ সেউজীয়াবিলাকো গুচি যাব।


প্ৰাৰ্থনা গাবলৈ লাইন পাটি সিটো মূৰত তাইলৈ চাওঁঁ নাচাওঁঁকৈ চাই থকা মৰম লগা ল'ৰাটো। তাৰ চকুত চকু পৰিলেই কিবা এটা লাজে আবৰি ধৰেহি। হাঁহো নাহাঁহোকৈ ওঁঁঠখন লৰাবলৈ ধৰোতেই কাষৰজনীয়েই হওক পিছফালৰজনীয়ে খুচ এটা সদায় মাৰিবই। তেতিয়াই আকৌ দুয়ো কোনোবাই দেখাৰ ভয়ত সচকিত হৈ পাৰ ভাঙি বৈ অহা প্ৰেমক ভেটা দিবলগীয়া হয়। ইফালে তাৰ মনত খদমদম জানোচা তাই চাদৰৰ মিহি মিহি ভাজৰপৰা এইমাত্ৰ চিঠিখন উলিয়াৱেই। কিন্তু সেইয়া কেতিয়াও হৈ নুঠেগৈ।


ক্লাছ নাইনৰ কথা পঢ়া-শুনা অলপ কৰিছে চাগে! তাইৰ দীঘল দীঘল আঙুলিকেইটাত লাগি থকা চিঞাহীখিনি দেখি সি মনতে সান্ত্বনা লয়।  আঙুলিৰ নীলাখিনিৰ সৈতে ধুনীয়া নখকেইটাত লগাই থোৱা টিকটিকিয়া জেতুকাৰ ৰংটো একেবাৰে মিলা নাই। তথাপিও যেন বেয়া লগা নাই। এনদৰে দূৰৈৰপৰা দুয়ো দুয়োকে চাই থাকোঁঁতেই সময় বাগৰে। চিঠিখনৰ উত্তৰ নাপালেও ইমানদিনে তাইৰ চকুৰ ভাষাতেই সকলো উত্তৰ ইতিমধ্যে সি পাই গৈছে। দুচকুৰ ভাষাৰে দিয়া উত্তৰটোও যে ইমান মিঠা সিঁহতহালৰ বাদে কোনে বুজিব।

'মা ভাত দিয়া।' বুলি চাৰিবছৰীয়া ছোৱালীজনীয়ে মাকৰ ওচৰত আহি ঠেনঠেনাওঁতেহে মাকৰ তন্দ্ৰা ভাঙে। আচলতে নিউজত বাৰে বাৰে সুৰ লগাই ভিচিডি কেছেট বজোৱা দি বজাই থকা 'বাবু ভাত খালা' নিউজটোৱে তাইক বহুত কথাই ভবাই তুলিলে। প্ৰেমনো নহয় কাৰ! কিন্তু হ'ল বুলি এনেকৈ ঢোল পিতি ৰাইজক দেখুওৱাটো কিমান সমীচিন! নিউজটো চাই চাইয়ে কেতিয়া মনাশ্ৰীয়ে নিজৰ অতীতলৈ উভতি গ'ল গমেই নাপালে। এতিয়াহে জীয়েকৰ মাতটো শুনি খপজপকৈ টোপনিৰপৰা সাৰ পোৱাৰ দৰে উঠি জীয়েকক ভাতকেইটা বাঢ়ি দিবলৈ পাকঘৰ পালেগৈ।