Friday 28 October 2016

মৰমৰ ৰেডিঅ'টো (Radio)



ৰিমঝিম বৰঠাকুৰ


বেয়া হৈ থকা ৰেডিঅ'টো ভাল কৰিবলৈ নি উদাস মনেৰে উভতি আহিল মহেন শইকীয়া। দুনাই বোলে আৰু ভাল হোৱাৰ আশা নাই, বহুত পুৰণি হ'ল যে ভিতৰৰ বস্তু সকলো বেয়া হ'ল। কথাষাৰ শুনি শইকীয়াৰ নিজৰ কাৰোবাৰ মৃত্যুৰ বাতৰি শুনাতকৈও বেচি দুখ পালে। কোনোবাই যেন আহি বুকুখনত শেল এপাতহে বহুৱাই থৈ গ'ল। ৰেডিঅ'টো নাছিল কি তেওঁৰ কাৰণে?

'অলপ আৰু চেষ্টা কৰি চাব নোৱাৰিবা নে যদি কেনেবাকৈ ঠিক হয়েই' অতি আশাৰে মেকানিকজনৰ মুখলৈ চাই ৰ'ল যেন তেওঁ এতিয়া সত্তৰবছৰ বয়সৰ বৃদ্ধ নহয় এটা সাতবছৰীয়া ল'ৰাহে, যিয়ে নিজৰ লোভৰ বস্তুটোলৈ মুখ মেলি আশাপালি ৰৈ আছে। কিন্তু লাভ ন'হল যিটো মোনাত লৈ আহিছিল সেইটো মোনাতে মেকানিকজনে ৰেডিঅ'টো ভৰাই দি শইকীয়াক বিদায় দিলে।

হঠাতে একেবাৰে অমাত হৈ পৰা তেওঁৰ মৰমৰ ৰেডিঅ'টো কোলাতে লৈ টিকটিকিয়া ৰ'দত ঘামি-জামি শইকীয়া ঘৰ পালেহি। ৰ'দত ভাগৰে-জোগৰে আহি পোৱা শহুৰেকক আতৌ পিতৌকৈ নেমু পানীকণ দিবলৈ গৈ বোৱাৰীয়েকে দেউতাকৰ মৰহা মুখখন দেখিয়েই বুজিলে ঘটনাটো কি। তথাপিও নজনাৰ দৰেই ওচৰলৈ গৈ নেমু পানীকণ দিয়াৰ চলেৰে কথাৰ উম ল'বলৈ ওচৰতে বহিল। কিন্তু দেউতাকৰ শুকাই যোৱা মুখখন দেখি সোধো বুলিও একো সুধিব নোৱাৰি অলপ সময় তেওঁৰ ওচৰতে উচপিচাই থাকি গুচি আহিল। আজি পুৱাই বন্দনা শুনিবলৈ গৈ ৰেডিঅ'টো বহুত চেষ্টা কৰিও বজাব নোৱাৰি শহুৰেকৰ যিহে অৱস্থা হৈছিল তাকে দেখি পুতেকে অফিচলৈ যাওঁতেই ৰেডিঅ'টো লৈ গৈ গাঁৱৰপৰা অলপ দূৰত থকা ৰেডিঅ', ঘড়ী ভাল কৰা দোকানখনতে ঠিক কৰিবলৈ দি থৈ গ'ল। ভাল হয় যদি হওক, এইটো ন'হলে যে দেউতাকৰ কি দশা হ'ব জনা আছে। আকৌ ঘূৰি আহোতে লৈ অনাৰ কথা আছিল। কিন্তু শইকীয়াই পুতেকলৈ বাট চাব নোৱাৰিলে, পুতেক অফিচলৈ যোৱাৰ পিছতেই ছাতিটো লৈ ওলাই গ'ল। ভাল কৰি একেবাৰে লগতেই লৈ আনিব। বোৱাৰীয়েকে হাজাৰ মানা কৰাৰ পিছতো কথা নুশুনি খাওখাও ৰূপ লৈ থকা ৰ'দডালতে দোকান পালেগে। সেই তেতিয়াৰ পৰা দোকানখনতে বহি থাকি ভাল কৰিব নোৱাৰা যন্ত্ৰবিধ লৈ আনি ঘৰ পাইছেহি।


ৰেডিঅ'টো একেবাৰে বেয়া হৈ যোৱাৰ কাৰণে বোৱাৰীয়েকে ভালেই পাইছে। ন'হলে ৰেডিঅ'ৰ উৎপাতত না তাই ভালকৈ শুব পাৰে না ভালকৈ প্ৰিয় হিন্দী চিৰিয়েল কেইখন চাব পাৰে। যেতিয়াই টিভিটো লগাব তেতিয়াই শহুৰেকে ৰেডিঅ'টো লগাই ওচৰতে বহি ল'ব। কেতিয়াবা তাইৰ ক'বলৈ মন যায় টিভি চাই যদি টিভি চাওক ন'হলে ৰেডিঅ' শুনক। কিন্তু মন গ'লেও ক'ব নোৱাৰে, খংতে টিভিটো অফ কৰি উঠি গ'লেও পিছে পিছে শহুৰেক আহি ৰেডিঅ'ৰ সাৰমৰ্ম ক'বলৈ উঠি পৰি লাগিব। অলপো বুজি নাপায় মানুহে যে অশান্তি পায়। পুৱাবেলাৰ কথাটো ক'বই নালাগে পুৱাটো হ'বলৈ পায় নে নাপায় সিফালে শহুৰেকৰ আকাশবাণী কেন্দ্ৰ বাজিবলৈ আৰম্ভ কৰেই। এতিয়াৰ পৰা অলপ হ'লেও এইবোৰৰপৰা মুক্তি পাব। এতিয়া সোনকালে দুপৰীয়া সাজ খোৱাই বোৱাই চিৰিয়েল কেইখন চাব পৰাকে আজৰি হৈ লও বুলি লৰালৰিকৈ ভাতকেইটা বাঢ়িবলৈ গ'ল।


ভাতকেইটা আগত লৈ আছে যদিও দুখতে তেওঁ এগৰাহো মুখলৈ নিব পৰা নাই। সুখে-দুখে যিটো তেওঁৰ লগৰী আছিল আজি সেইটোও নিমাত হৈ ৰ'ল। যি পাৰে ভাতকেইটা কোনোমতে শেষ কৰি পাতৰপৰা উঠি গৈ আগফালৰ বাৰান্দাখনতে বহিল। যেতিয়া তেওঁ স্কুলত শিক্ষকতা কৰি আছিল তেতিয়া তেওঁক কোনোদিনেই ঘড়ী চাবলৈ আৱশ্যক হোৱা নাছিল। ৰেডিঅ'টোৱে সকলোবোৰ আছিল। ৰেডিঅ'ৰ অনুষ্ঠান  অনুসৰি সময় কিমান হৈছিল গম পাই গৈছিল। কেৱল তেওঁৱে নহয় তেওঁৰ পত্নীও একেই আছিল। ৰেডিঅ'টো লগাই থৈ কাম কৰি থাকিছিল যদিও সময়ৰ খিয়াল ৰাখি তেওঁক, ল'ৰা ছোৱালী কেইটাক সময়মতে স্কুললৈ উলিয়াই পঠাব পাৰিছিল। পুৱাৰ 'বন্দনা' অনুষ্ঠানটোৱে দিনটোৰ কাৰণে যেন মনলৈ কিবা এক শান্তিহে কঢ়িয়াই আনে। 'আজি-পুৱা' আৰম্ভ হৈ যায় মানে ঘৈণীয়েক তৰুলতাই য'ৰ কাম তাতে পেলাই লৰালৰিকৈ গা-ধুবলৈ সোমাই ন'হলে সময়ত ভাতকেইটা হোৱাব নোৱাৰিলে গোটেইমখাই পেটৰ ভোক পেটতে ৰাখি স্কুল যাব লাগিব। লেহেমীয়া গতিত ষ্টাইল কৰি স্কুললৈ ওলাই থকা জীয়েক মামণিও পুৱাৰ আঞ্চলিক বাতৰি শুনি খৰ-খেদা কৰি ওলাই যায়। সকলোকে স্কুললৈ পঠিয়াই শইকীয়া মাষ্টৰৰ ঘৈণীয়েকে অতি আগ্ৰহেৰে ৰৈ থাকে 'আইদেউৰ বুলনি'লৈ।


'আহ্ কি যে এক ভাল লগা মূহূৰ্ত আছিল, কিন্তু এতিয়া...' পুনৰ তেওঁৰ মনটোৱে উচাট বিচাট কৰিবলৈ ধৰিলে।
'আজি ন'হলে বাবাকে ক'ব লাগিব, কেনেবাকৈ টাউনলৈ যোৱা মানুহ আছে নেকি খবৰ কৰিবলৈ। তেতিয়া তেওঁৰ হাততে ৰেডিঅ'টো ভাল কৰিবলৈ দিব পাৰিব' কথাকেইটা মনতে পাগুলি পুতেক কেইটামানত পাবহি সুধিবলৈ বোৱাৰীয়েকৰ ওচৰ পালেগৈ। আপোনভোলা হৈ চিৰিয়েল চাই থকা বোৱাৰীয়েকক দেখি শইকীয়াৰ ঘৈণীয়েকলৈ বৰ মনত পৰিল। আজি যদি ঘৈণীয়েক তেওঁৰ কাষত থকা হ'লে ৰেডিঅ'টো বেয়া হোৱা বুলি গম পোৱা হ'লে কম দুখ পালেহেতেন নে। যিকোনো প্ৰকাৰে ভাল কৰোৱাৰ চেষ্টা চলালেহেঁতেন, তেওঁ কাৰ আগত প্ৰকাশ কৰিব তেওঁৰ বেদনা কিমান ৰেডিঅ'টোৰ কাৰণে। চিৰিয়েলত মছগুল হৈ থকা বোৱাৰীজনীক কিবা ক'লে যে তাই এতিয়া মন দিব শইকীয়াৰ নালাগিল। সেয়ে বাৰাণ্ডাখনতে বহি পুতেক অহালৈ বাট চাই ৰ'ল।


আজি তেওঁৰ নিজকে বৰ অকলশৰীয়া যেন অনুভৱ হৈছে। আগতে তেওঁৰ লগত কথা পাতিবলৈ মানুহ নাথাকিলেও ৰেডিঅ'টো বজাই থ'লে কিবা এটা ভাল লাগি থাকে। কিন্তু আজি একেবাৰে মুদাই মৰি থাকিল। কেতিয়াবা পুতেক-বোৱাৰীয়েকে তেওঁক ৰেডিঅ'ৰ কাৰণে কথা নুশুনোৱাকৈও থকা নাই। কিন্তু তেওঁ সেইবোৰলৈ কাণ নিদিয়ে কেতিয়াবা পুতেকক ক'বলৈহে মন যায় আগতে দেখোন সেইটোৱে সকলো আছিল। এতিয়া টিভি, এফ এম নে কি সেইডাল হোৱাৰপৰা ৰেডিঅ'টো এলাগী হৈ পৰিল। সৰুকালত আকৌ 'অকণিৰ মেল' শুনিবলৈ ককায়েক ভনীয়েক দুয়োৰে যি উৎপাত, বুধবৰীয়া নাটকখন নুশুনিলে সিহঁত এটাৰো ভালেই নালাগিছিল এতিয়া আকৌ কয় ৰেডিঅ'টো বেয়া হৈ থকায়েই ভাল।  সন্ধ্যা লাগিবৰ হ'ল এতিয়াও পুতেক আহি পোৱা নাই, বোৱাৰীয়েক টিভিৰ ওচৰৰপৰা উঠাই নাই। পুতেক আহি নোপোৱালৈকে শান্তিত বহি থাকিব নোৱাৰি চোতালখনতে পাইচাৰি কৰি থাকিল। সন্ধ্যাৰ আঞ্চলিক বাতৰি শুনিবলৈ তেওঁ উচপিচাই আছে, এবাৰ ভিতৰলৈ গৈ ৰেডিঅ'টো আনি এনেই লিৰিকি বিদাৰি চালে কেনেবাকৈ মাত ওলাইয়ে নেকি। বেয়া হোৱা ৰেডিঅ'টো কোলাতে লৈ তেওঁ ভাবৰ সাগৰত ইমানেই বুৰ গ'ল যে কাষেদি পুতেক পাৰ হৈ যোৱাও গম নাপালে।


ৰেডিঅ'ৰ বেদনাত দগদগ মাষ্টৰ কাইলৈ নিজেই টাউনলৈ যাবলৈ ওলাল, এনেকৈ লোকলৈ আশা কৰি থাকিলে চাউল নিসিজে। আজি ৰাতিটো কেনেবাকৈ পাৰ হওক কাইলৈ পুৱাই কাৰোবাক সোধ-পোছ কৰি লৈ যাব তেওঁৰ দেহলাওটোৰ মাতটো ঘূৰাই আনিবলৈ। সুখ-দুখৰ লগৰী ৰেডিঅ'টোৰ মাতটো ঘূৰি নাহিলে যে তেওঁ একেবাৰেই অকলশৰীয়া হৈ পৰিব।

Sunday 25 September 2016

শেৱালি ফুলাৰ বতৰত...



'এখন দেশত এজন ৰজা আছিল। ৰজাৰ দুজনী ঘৈণীয়েক আছিল.....' সিটো ৰুমত বুলুক আইতাকে কৈ থকা সাধুটো মাকণৰ কাণত ঠহৰ ঠহৰকৈ বাজিবলৈ ধৰিছে। বুলুক সদায় এনেকৈ শুৱাব লাগে নহ'লে তাই শুবলৈ মন নকৰে। দিনটো খেলি ভাগৰত লেবেজান হৈ সন্ধিয়াতে টোপনি আহে তাইৰ। কিন্তু আইতাকে সাধু কৈ গাটো মোহাৰি নিদিয়ালৈকে তাই নোশোৱে। শাহুৱেকৰ মুখৰ সাধুটো কাণত পৰাত এনেকুৱা লাগিছে এইমাত্ৰই গৈ বুলুৰ লগতে শাহুমাকৰ বুকুৰ মাজত মাাকণ নিজেও সোমাই পৰি সাধুৰ মজা ল'ব।
যেতিয়া তাই বুলুৰ বয়সৰ আছিল সাধু নুশুনিলে তাইৰো টোপনিয়ে নাহিছিল। আইতাকৰ খহটা হাত দুখনৰ পৰশ, নৱৰত্ন তেলেৰে মলমলাই থকা চুলিখিনিৰ গোন্ধ; আস এতিয়াই যেন গুচি যাব আইতাকৰ ওচৰলৈ। কেতিয়াবা আকৌ সেই গোন্ধোৱা তেলবোৰৰ কাৰণে গালিও পাৰিছিল। কিন্তু এইবোৰ সকলো ধেমালি যে আইতাকেও বুজি পাইছিল। আইতাক ঢোকোৱাৰ বহুতদিনলৈকে তাই সেই চিনাকি গোন্ধটো বিচাৰি হাবাথুৰি খাই ফুৰিছিল। । আইতাকে খুন্দি ৰঙা কৰি থৈ দিয়া তামোলখনৰ সোৱাদ তাই এতিয়াও পাহৰিব পৰা নাই। তামোল খাই সেলেঙী বোৱাই থোৱা মৰমৰ আইতাকজনী তাইৰ! আইতাকৰ কোলাখনৰ সমান নিৰাপত্তাৰ স্থান একোৱেই নাছিল তাইৰ কাৰণে। তথাপিও মাহীমাকে কমখন চেষ্টা কৰা নাছিল সেইখিনিও আজুৰি আনিবলৈ। মাহীমাকৰ কথা মনলৈ আহোঁঁতে তাইৰ মনত পৰিল এতিয়া তায়োতো কাৰোবাৰ মাহীমাক। কিন্তু মাকণ তাইৰ মাহীমাকৰ দৰে নিষ্ঠুৰ কেতিয়াও নহয়। যিমান পাৰে তাই সতিনীয়েকৰ জীয়েকক মৰম কৰিবলৈহে চায়।
চিলনী আই মোৰ আগতে পৰে...' আগৰখিনি কি আছিল বাৰু! ইমান চেষ্টা কৰিছে যদিও মনত পেলাব পৰা নাই মাকণে গানটো। আগতে আইতাকৰ মুখত শুনি শুনি মনত ৰৈ গৈছিল। এতিয়া কিমান বছৰ হ'ল আইতাকো নাই, সাধুও নাই শুনিবলৈ। লগতে সংসাৰৰ বোজাই সকলোবোৰ পাহৰাই পেলালে। আগতে এই সাধুটো তাইৰ আটাইতকৈ ভাল লগা সাধু আছিল। কেতিয়াবা মাহীমাকৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিলনীৰ জীয়েকে মতাৰ দৰে মাতিও চাইছিল কেনেবাকৈ মাকজনী আহেই বা! কিন্তু ক'ৰপৰানো আহিব মাকজনী, সেইবোৰ সাধুকথাহে।
আইনাখনৰ সন্মুখত ৰৈ চিলনীৰ জীয়েকৰ সাধুটো যিমান পাৰে মনত পেলাইছে মাকণে। চিলনীৰ নিচিনা মাক এজনী তাইৰো থকা হ'লে! এতিয়াই গানটো আঁওৰোৱাৰ লগে লগে তাইৰ সন্মুখত পৰিলহেঁতেন। মাকণৰ নিজৰ মাকজনীনো কেনেকুৱা আছিল বাৰু! যিমান চেষ্টা কৰিলেও মনত পেলাব পৰা নাই। তাইৰ দৰেই আছিল চাগে। কিয়নো যিয়েই তাইক দেখে সাইলাখ মাকৰ মুখখনে বুলিয়েই কয়। আকৌ এবাৰ আইনাখনত তাই মুখখন চাই ল'লে। এতিয়া চাগে শিৰত সেন্দুৰ, কপালত উদয় হ'বলৈ ধৰা বেলিটোৰ দৰে টিকটিকীয়া ৰঙা ফোটটোৰে গোটেই জনী মাকেই হৈ পৰিছে তাই। মাকৰ মৰম নোপোৱা মাকণে আইনাত নিজকে চাই থাকোঁঁতে যেন হঠাৎ কৰবাৰ পৰা উফৰি এটা শব্দ তাইৰ কাণত সোমাল 'মাৰৰ মূৰ খাইটি'। কোনে ক'লে বাৰু কথাষাৰ! গিৰিয়েকৰ ঘৰতো তাইক এইটো শব্দই লগ এৰা নাই। কোনো নাই দেখোন ইয়াত মাহীমাকজনীৰ নিচিনাকৈ তাইক গালি পাৰিবলৈ। দেউতাকৰ ঘৰত থাকোঁঁতে অতি চিনাকি আছিল এই শব্দটোৰ লগত তাইৰ।
'কি হ'ল ইমান মাতি আছো কোনখন জগতত আছ, যা ভাতকেইটা বাঢ়গে' গিৰিয়েকে কাণৰ কাষত আহি কোৱা কথাষাৰত তাইৰ ধ্যান ভাগিল। খকা-মকাকৈ ওৰণিখন আগলৈ টানি কোঠাৰপৰা ওলাই পাকঘৰ পালেগৈ। পুৰণি কথাবিলাক ভাবি থাকোঁতে ইমানেই পাকঘূৰণি খালে যে শাহুৱেক গিৰিয়েকক ভাত দিব লাগে বুলি পাহৰিয়ে গৈছিল। ভাতকেইটা সকলোকে দি নিজেও খাই চব অতাই মেলি আহে মানে বাকীবোৰ ইতিমধ্যে ঢাৰি পাটি ল'লেই। শাহুৱেকৰ ৰুমত পানীৰ ঘটিটো দি গিৰিয়েকৰ ৰুমৰ লাইটটো অফ কৰি তাই নিজৰ কোঠাত সোমাল।
এই ৰাতিবোৰ যিমান গভীৰ হৈ আহে তাইৰ দেখোন টোপনিও চকুৰপৰা নোহোৱা হয়। নিদ্ৰাবিহীন ৰাতিবোৰে তাইক কেতিয়াও লগ নেৰিবই চাগে। অকলে অকলে ইমান ডাঙৰ কোঠাটোত মাকণৰ কিবা অকলশৰীয়া যেন অনুভৱ হয়। বিয়া হোৱাৰ এবছৰেই হ'বৰ হ'ল কিন্তু তাই এনেকৈ অকলশৰেই কটাই আহিছে ৰাতিবোৰ। যদিও মাকণে বিয়া হৈ সতিনীয়েকৰ কোঠা বিছনা সকলো পালে, গিৰিয়েকৰ মনত পত্নী হিচাপে সেই স্থান কেতিয়াও দখল কৰিব নোৱাৰিলে।
মাকণক গিৰিয়েকে প্ৰথমদিনা চাবলৈ যাওঁঁতে যেতিয়া গিৰিয়েকৰ ৰংটো দেখিছিল, তাইৰ মূৰ ঘূৰাই পৰি যোৱাৰ উপক্ৰম হৈছিল। একেবাৰে কিচকিচিয়া ইমান ক'লা মানুহো থাকেনে! চল্লিশৰ উৰ্দ্ধ মানুহটোলৈ সেই ফুলকুমলীয়া ছোৱালীজনীক বিয়া দিয়া মাহীয়েকজনীও কম নিষ্ঠুৰ নহয়। কলপ লগাই বগা চুলিক ক'লা কৰিবলৈ কৰা ক্ৰুটিহীন চেষ্টাক চেৰ পেলাইও কাণৰ কাষেদি ওলাই থকা পকা চুলি কেইডাল দেখি ভায়েকৰ মুখেদি ওলায়েই গৈছিল 'ভিনদেউটো বুঢ়া।' সেইদিনা মানুহটোক দেখি তাইৰ যিমান ভয় লাগিছিল, এতিয়া সেই মানুহটোৰ সংগ পাবলৈ তাই সিমানেই  ব্যাকুল হৈ থাকে। বিয়াৰ প্ৰথমনিশাই যি তাইৰ লগত বহি অলপ কথা পাতিছিল, তাৰপিছৰপৰা তাই ভালকৈ গিৰিয়েকৰ ছাঁটোও নেদেখে। কেতিয়াবা দৰকাৰ পৰিলে ওচৰলৈ আহে ক'বলগা কথাটোহে কয়। কিন্তু পত্নী হিচাপে যি মৰ্যাদা পাব লাগিছিল মাকণ এতিয়াও বঞ্চিত। 

তাই কেতিয়াও এইবোৰক লৈ গিৰিয়েকৰ ওচৰত গোচৰ তৰা নাই। কিয়নো বিয়াৰ প্ৰথমনিশাই তাইক সকলোবোৰ কথা বুজাই কৈছে প্ৰথমা পত্নী তেওঁৰ কাৰণে কি আছিল। একমাত্ৰ কণমানি ছোৱালীজনীৰ কাৰণেহে এই বিয়া পাতিবলগা হ'ল যাতে তাই 'মাৰ মৰম ' কি বুজি পায়। সেইদিন ধৰি গিৰিয়েকৰ কথা মনত ৰাখি মাকণে নিজৰ দায়িত্ব পালন কৰি আহিছে। কিন্তু জীয়েকেহে তাইৰ ছাঁটোও সহ্য নকৰে। প্ৰথমদিনাতো মাকৰ কোঠাটোত মাকণক শুবলৈ দিয়াৰ কাৰণে তাই কান্দি কাটি যিখনহে হুলস্হূল কৰিছিল। মাকণৰ সেইখন ঘৰৰপৰা ওলাই গুচি যাবলৈ মন গৈছিল। কিন্তু যাব ক'ত! মাহীমাকৰ কিলটো, গুৰটো খাই থকাতকৈ তাই এইখন ঘৰত থকাই ভাল। দিন গ'লে সকলো ঠিক হৈ যাব বুলিয়েই তাই এতিয়াও আশাত বন্দী। 

খিড়ীকিৰ ওচৰত কিবা চৰাই এটা আহি ঢপঢপাই থকা শব্দত তাইৰ জড়তা ভাঙিল। ৰাতিবোৰ তাইৰ সদায় এনেকৈয়ে যায় ভাবত ডুবি থাকোঁঁতে। শেষ নিশাহে নিদ্ৰাদেৱীৰ কোলাত পৰে মাকণ। মাকণৰ অৱস্থা দেখি বেৰত ওলমি থকা সতিনীয়েকৰ ফটোখনেও যেন তাইক ভেঙুচালিহে কৰে। সতিনীয়েকৰ ফটোখনলৈ চকু যোৱাত সেইখন মোহাৰি ভাঙি পেলাবলৈ মন গ'ল। কিন্তু তাই সেইবোৰ একোৱে কৰিব নোৱাৰে যে! মাকণ কেতিয়াও তাইৰ মাহী ওৰফে মাহীমাকৰ দৰে কঠিন হৃদয়ৰ হ'ব নোৱাৰে যে।
টোপনি অহাৰ আশা আজিও নাই। তাই লাহেকৈ খিড়ীকিখন খুলি দি বাহিৰলৈ চাই পঠিয়ালে। এটা চিনাকি যেন লগা মিঠা গোন্ধ তাইৰ নাকত লাগিলহি। তাইৰ কোঠাৰপৰা ধুনীয়াকৈ দেখা পোৱা শেৱালিজোপা ফুলি গোটেই গছজোপা বগা হৈ আছে । জোনাকৰ পোহৰত এনেকুৱা লাগিছে যেন তাত আকাশৰ তৰাবোৰ আহি মেলাহে পাতিছে। শেৱালিজোপালৈ চকু যাওঁঁতে তাইৰ মনলৈ আহিল কেতিয়াও পাহৰিব নোৱাৰা সেই ঘটনাটো। মাহীমাকে লগোৱা শেৱালি পুলিটো ঘৰৰে ছাগলীজনী আহি মহতিয়াই থৈ যাওঁঁতে তাইক কমখন বকিছিলনে। আইতাক আছিল বুলি কোনোমতে মাৰখোৱাৰ পৰা ৰক্ষা পৰিছিল। ঘৰখনত তাইক বাদ দি আৰু তিনিটা প্ৰাণী থকাৰ পিছতো মাহীমাকে ফুলজোপাৰ কাৰণে তাইকহে ধৰিলে। সেইটো মাত্ৰ আছিল এটা অজুহাতহে। 'মাৰৰ মূৰ খাইটী এতিয়া বাপেৰৰ মূৰটোও চোবাইছ' বুলি তাইক মাৰিবলৈ চোচা লৈ আহোঁঁতেই আইতাকে মাহীমাকক কোৱা শুনা পাইছিল তাই 'পেটত পোৱালি লৈ এনেকুৱা কাম নকৰিবি অ আই'। তেতিয়াহে তাই মন কৰিছিল মাহীমাকৰ দিনে দিনে আগলৈ বাঢ়ি অহা পেটটো। সেই ঘটনাৰ কেইদিনমানৰ পিছতেই এটা মৰমলগা ভায়েকৰ জন্ম হয়।
নিজৰ মাহীয়েকজনী মাহীমালৈ পৰিৱৰ্তন হৈ ইমান যে বেয়া হৈ যাব তাই ভাবিবই পৰা নাছিল। জন্মতেই মাকক হেৰুওৱা ছোৱালীজনীৰ দায়িত্ব মাহীয়েকে লৈছিল অন্ততঃ বুজা নোহোৱালৈকে তাইয়ে ডাঙৰ কৰিব। মাকণ বুজা হোৱাৰ পিছত মাহীয়েকক ল'ৰা এটা চাই বিয়া হৈ যাবলৈ আইতাকে কৈছিল। কিয়নো বয়সে কাৰোলৈকে বাট নাচায়। কিন্তু আইতাকে মাহীয়েকৰ ছলনা বুজি পোৱা নাছিল। যেতিয়া বুজি পাইছিল তেতিয়া বহুত দেৰিয়েই হ'ল। এদিন চোতালতে কিবা কৰি থাকোঁঁতে মূৰ ঘূৰাই পৰি যাঁওতেহে মাহীয়েকে কেইবামাহো গা নোধোৱা কথাটো আইতাকে লক্ষ্য কৰিলে। বেছি পলম নকৰি আইতাকে সৰুকৈ কিবা এটা নিয়ম কৰি সেইদিনাৰ পৰা মাকণক আইতাকৰ লগত শুবলৈ কৈ মাহীয়েকক দেউতাকৰ কোঠাত থাকিবলৈ দিলে। 

সেইদিনাৰ পৰাই মাহী গুচি 'মাহীমা' হ'ল। মাহীমাক হোৱাৰ দিন ধৰি মানুহজনী এনেকুৱাকৈ সলনি হৈ গ'ল; আইতাকৰ সাধুত থকা মাহীমাক কেইজনীৰ নিচিনা যেন লাগে তাইৰ। আইতাকৰ মুখত সাধুবিলাক শুনি শুনি এদিন তাই নজনাকৈ কৈয়ে পেলাইছিল 'মই মাহীমাক হ'লে কিন্তু সতিনীৰ ল'ৰা-ছোৱালীক মৰমহে কৰিম, শাস্তি নিদিওঁঁ'। আইতাকে তাইৰ মূৰতে খকৰামূকটি কেইটামান দি ভিতৰলৈ নি এইবোৰ কথা আকৌ নক'বলৈ সকিয়াই দিলে। মাহীমাক হ'ম বুলি কোৱা কথাটো সৰুতে নজনাকৈ কৈছিল যদিও এতিয়া মাকণৰ কাৰণে এইটোৱে বাস্তৱ। 

মাকণ এজনী মাহীমা আৰু তাইৰ সতিনীয়েকৰ জীয়েক যিয়ে তাইৰ ছাঁটোকে নসহে।
মাকণৰ দেউতাক এনেকুৱা আছিল যিয়ে মাহীমাকৰ ভয়ত তাইক আগতে একোলা ল'বলৈ মন যোৱা স্বত্বেও ল'ব নোৱাৰে। এতিয়া তাইৰ গিৰিয়েক যিয়ে জীয়েকৰে আৰু আগৰজনী ঘৈণীয়েকৰ মৰমত মাকণ যে তেওঁৰ পত্নী সেই কথা মানিবলৈ টান পায়। তাইক বিয়া কৰাই আনিও আজিলৈকে পত্নীৰ মৰ্যাদাখিনিও দিয়া নাই। গিৰিয়েকৰ এই কথাটোত মাজে মাজে তাইৰ দুখ নলগাও নহয় কিন্তু উপায় নাই। মাকৰ ঘৰখনতকৈ সুখতেই আছে বহুত।
তাই বিয়া হৈ অহাৰ পৰা দেউতাকৰ ঘৰখনলৈ যোৱাই নাই সেই আঠমঙলা খাবলৈয়ে যোৱা। কেতিয়াবা মন গ'লে দেউতাক মনে মনে আহি মথাউৰিটোতে লগ কৰি যায়হি। সেইবোৰ কথাও যদি মাহীমাকে গম পায় সেইফালেও আধ্যা পৰিব। বহুত দিন হ'ল দেউতাক অহাও নাই তাইক চাবলৈ। একো খবৰো পোৱা নাই, কেনেবাকৈ মাহীয়েকে গম পোৱা নাইতো! কাইলৈ পাৰিলে গিৰিয়ককে লগত লৈ এপাক গৈ আহিব। এতিয়া চাগে মাহীমাকৰ স্বভাৱটো অলপ হ'লেও সলনি হৈছে। গিৰিয়েকৰ লগত গ'লে চাগে তাইক সেই চিনাকি শব্দটোৰে গালি নিদিয়ে। ভাবত বিভোৰ হৈ থাকোতে আকাশখনে যে আন্ধাৰৰ আৱৰণ ফালি নতুন পুৱাৰ উৰণিখন পিন্ধিবলৈ যোজা চলাইছে চৰাইবিলাকৰ কিচিৰ-মিচিৰ মাততহে মাকণে গম পালে। লৰালৰিকৈ খিড়ীকিখন জপাই যিকণ পাৰে শুই লওঁঁ বুলি বিছনাত পৰিলহি।
কেতিয়ালৈকে শুলে গম নাপায় দুৱাৰত কোনোবাই ডাঙৰকৈ শব্দ কৰাতহে সাৰ পাই লৰালৰিকৈ উঠি গ'ল। 'অতি সোনকালে ঘৰলৈ ওলা দেউতাৰে মাতি পঠাইছে।' গিৰিয়েকে কোৱা কথাকেইটা শুনি নিজৰ কাণকেইখনকে বিশ্বাস কৰিব নোৱাৰিলে। দেউতাকে এনেকৈ মাতি পঠাইছে মানে মাহীয়েকজনী ভাল হ'ল নেকি আজিকালি! হওক যি হ'লেও বিয়া হোৱাৰ এবছৰৰ পিছত হ'লেও মাহীয়েকৰ মনটো গলিছে। তাই জানিছিলেই এদিন হ'লেও মাহীয়েকে তাইক বুজি পাব। মাকণেও একো পাপ কৰা নাই গোটেই জীৱনটো শাস্তি পাবলৈ। কিন্তু এবাৰ আকৌ ভয়ো খালে এনেকৈ মাতি পঠোৱাৰ কাৰণ বেলেগ নেকি কিবা। নাই নাই আচলতে বহুতদিন তাই ঘৰত নাই যে সেয়ে মাহীয়েকৰ অলপ হ'লেও মনতো ভাল চাগে।
মনৰ আনন্দতে মুখতে গান এটা গুণগুণাই তাই কিবা এটা ৰান্ধি জীয়েককে শাহুৱেককে খাবলৈ দি ঘৰলৈ যাবলৈ সাজু হ'ল। তাই সতিনীয়েকৰ জীয়েকজনীক ইমান মৰম কৰে তথাপিও তাই তাইৰ ছাঁটোকে সহ্য নকৰে। সেইকাৰণে তাইৰ অলপ দুখ লাগে। মাকণেতো তাইক কেতিয়াও মাহীমাকৰ চকুৰে নাচায়। এদিন তাইও বুজি পাব তাইৰ সঁচা মৰম আৰু গিৰিয়েকেও বুজিব তাইক 'মাকণ যে এতিয়া তেওঁৰ পত্নী'। কথাবোৰ মনতে ভাবি শাহুৱেকক সেৱা এটা কৰি গিৰিয়েকৰ চাইকেলত উঠিল।
আজি তাইৰ ইখন গাঁৱৰপৰা সিখন গাঁৱ পাৰ হ'বলৈ বহুত সময় লোৱা যেন লাগিল। চাইকেলখনৰো বেগ কমি যোৱা যেন লাগিল। 'অলপ জোৰকৈ চলাব নোৱাৰেনে চাইকেলখন' মনতে ভোৰভোৰাবলৈ ধৰিলে। দেউতাকে চাগে তাইলৈ বাট চাই পদূলিতে ৰৈ আছে। ভায়েকটো চাগে আগতকৈ অলপ ওখ হ'ল,কিমান দিন যে হ'ল নেদেখা তাক! মাহীমাকৰ কথা বাৰু ক'ব নোৱাৰে। কিয়নো আগৰ কথাবিলাক মনত পৰিলে দেখোন তাইক যে এতিয়া মাহীমাকে মাতি পঠাইছে বিশ্বাসেই নহয়। মাকণ যিমান ঘৰৰ ওচৰ পাইছেহি সেই চিনাকি শেৱালিফুলৰ গোন্ধটো নাকত লাগিবলৈ ধৰিলেহি।
মাহীয়েকে ৰোৱা পুলিটো ছাগলীয়ে খোৱাত তাই যিকেইটা ঢকা খাইছিল মাহীয়েকৰপৰা, পিছদিনা নতুন পুলি এটা লগাওঁঁতেহে মাহীয়েকৰ চোকা মুখখন বন্ধ হৈছিল। তাইৰ বিয়া হোৱাৰ বছৰটোত ফুলজোপা ফুলিবলৈ লৈছিল। কিন্তু সেই শেৱালিৰ গোন্ধ তাই বেছিদিন ল'ব নোৱাৰিলেই। মাহীয়েকে বিয়া দি দিলে তাইক। এতিয়া সেই গোন্ধটো নাকত লগাতহে অনুভৱ হ'ল- শেৱালি ফুলাৰ বতৰতে তাই এইখন ঘৰৰপৰা ওলাই আনখন ঘৰলৈ গৈছিল আজি আকৌ সেই বতৰতে ঘৰলৈ আহিছে। মানে এবছৰেই হ'ল তাইৰ বিয়া হোৱা। কথাবিলাক পাগুলি আহোঁঁতে তাই আৰু গিৰিয়েক আহি ঘৰৰ চোতাল পালেহি। গিৰিয়েকে চাইকেলৰপৰা নামিবলৈ কওতেহে মাকণ ভাবৰ জগতৰপৰা উভতি আহিল। চাইকেলখনৰ পৰা জপিয়াই নমাদি নামি গিৰিয়েকক চোতালতে এৰি মাকণে 'দেউতা দেউতা' বুলি মাতি ভিতৰ পালেগে। কিন্তু ঘৰখন যে ইমান নিজান পৰি আছে, তাই ভাবি অহাৰ নিচিনা একোৱে নাইচোন। তাইৰ বুকুখন কিবা অজান আশংকাত কঁপি উঠিল। পাকঘৰৰ ফালে ভুমুকি মাৰিবলৈ লঁওতেই কোনোবাই পিছফালৰপৰা মাত দিয়াত তাই ৰৈ গ'ল
'ক'ত সোমাব ধৰিছ মাৰৰ মূৰ খাইটি, জন্মতেই মাৰৰ মূৰটো খালি এতিয়া আকৌ বাপেৰৰ মূৰটো চোবাব লাগিছ। বিয়া দিয়াৰ পিছতো এইখন ঘৰৰ সৰ্বনাশ কৰিবলৈ এৰা নাই। বাপেৰলৈ ইমান মৰম যদি ঘৰলৈ আহি লগ নকৰ কিয়? মথাউৰিত মনে মনে লগ কৰাৰ ফল চা কেনেকৈ পৰি আছে মানুহটো......' আৰু মাহীয়েকে কি ক'লে মাকণৰ কাণত একো নোসোমাল। তাই লাহে লাহে দেউতাক কোঠাটোত সোমাই দেখিলে পৰি আছে বিছনাত হাতে-ভৰিয়ে প্লাষ্টাৰ লগাই।
এইটো কাৰণতে তাইক কেইবাদিনো লগ কৰিবলৈ যোৱা নাই দেউতাক। সেইদিনা লগ কৰি আহোঁঁতে আন্ধাৰ হোৱাত মাহীয়েকে গম পাই বুলি দৌৰি দৌৰি আহোঁঁতে ক'ৰবাত উজুতিত কৰ্ফাল খাই একেবাৰে ৰাস্তাৰপৰা গৈ গেলা খাল এটাত পৰি এই অৱস্থা হ'ল‌। আচলতে তাইক দেউতাকে মতা নাছিল মাহীয়েকে এজাউৰি জাৰিবলৈহে মাতি পঠাইছিল। দেউতাকৰপৰা কথাখিনি শুনি তাইৰ শোকে খুন্দা মাৰি ধৰিলে। সঁচাকৈয়ে চাগে তাই কুলক্ষণী নহ'লেনো তাইক লগ কৰি আহোঁঁতে এই অৱস্থা হয়নে। যি হয় সকলোবোৰ তাইৰ কাৰণেই হয়। সেয়ে গিৰিয়েকেও চাগে তাইৰ প্ৰাপ্যখিনিক অৱমাননা কৰি মৃত্যু হোৱা ঘৈণীয়েকৰ স্মৃতি লৈ জীয়াই আছে। জীয়েকজনীতো জীয়েকেই, শাহুৱেকে যি অলপ তাইক বুজি পায়। মনৰ দুখতে তাই কোঠাৰপৰা ওলাই আহি চোতাল পালেহি।চোতালত আহি শুনিলে গিৰিয়েক আৰু মাহীয়েকৰে কথোপকথন।
'তেনেকৈ নক'ব আপুনি মাকণৰ কথা। এতিয়া তাই মোৰ মানুহজনী, কেনেকৈ তাই সেইখন ঘৰ ধৰি ৰাখিছে আপুনি গম নাপায়। নিজৰ জীয়েক নহ'লেও মোৰ ছোৱালীজনীক টোপ এটা নপৰাকৈ এই এটা বছৰে তাইয়ে.....' গিৰিয়েকৰ মুখত কথাবিলাক শুনি তাই শিল পৰা কপৌৰ দৰে হ'ল। যিজন মানুহৰ ওপৰত তাইক পত্নীৰ দৃষ্টিৰে নোচোৱা কাৰণে যি অকণমান দুখ আছিল সেইকণো নোহোৱা হ'ল। কেৱল প্ৰয়োজনত তাইক মাত দিয়া মানুহজনে আজি মাকণৰ হকে মাত মাতিছে। যি হ'লেও তাইৰ কাৰণেতো কোনোবা এজন মানুহ আছে যিয়ে তাইক বিপদত সহায় কৰিব পাৰে। সেইজনেই তাইৰ শ্ৰদ্ধাৰ মানুহজন। গিৰিয়েকৰ কথাবোৰত অলপ সাহস পাই মাকণে মাহীয়েকৰ চকুৰ আগেদিয়েই আহি তেওঁক মাত নলগোৱাকৈয়ে গিৰিয়েকৰ চাইকেলত উঠিলহি। গিৰিয়েকেও মুখেৰে একো নামাতি চাইকেলৰ পেডেল ঘূৰালে। ইমান গালি শুনিও মাকণৰ কিবা এক নজনা আনন্দত বুকুখন ভৰি পৰিল।  গিৰিয়েকে তাইক বুজি পাইছে যে সেইটো নিশ্চিত। এতিয়া মাত্ৰ তাইৰ ছোৱালীজনীয়ে তাইক মা বুলি মানি ল'লেই মাকণে জীৱনটোত পোৱা দুখবোৰ পাহৰিব পাৰিব। 
শৰতৰ বতৰা কঢ়িয়াই অনা শেৱালিৰ সুবাসে মাকণৰ জীৱনলৈও যেন কিবা এটা ভাল বতৰাহে কঢ়িয়াই আনিছে।

Wednesday 14 September 2016

বিজনেছ মেন (Business Man)

সাজ লাগি ভাগিছে, চৰাই-চিৰিকতি নিজৰ বাঁহলৈ উভতিছে, ঘৰৰ গৰু-ছাগলীবিলাকো ঘৰলৈ উভতিল। নগেন মাষ্টৰে নিজৰ ঘৰৰ উভতি অহা গৰুকেইটা বান্ধি গোহালীত জাক দি ওলাই আহি দেখিলে ডাঙৰ পুতেক দীপুৱে চোতালতে পাইচাৰি কৰি আছে। ইমান ঠাণ্ডা পৰিছে, এতিয়ানো চোতালত এনেকৈ থাকিব লাগে নে। ৰহ্ জুই একোৰাকে ধৰো এনেইটো লগৰ অভাৱত জুই সেকাই নহয়। এনেকুৱা ঠাণ্ডাত জুইৰ তাপ লোৱা কিমান মজা কোনে বুজিব। আজিকালি চহৰৰ দৰে গাঁৱৰ মানুহে জুই সেকিব এৰিছে। আজি সুবিধাটো পাই আজি এৰাত নাই তাতে কাইলৈ যাবগে সি। জুইকোৰা জলাই দীপুক মাতি মূঢ়াটো নিজই আনি ল'লে।
'তইনো এই ঠাণ্ডাত চোতালত কি কৰি আছিলি?' দেউতাকে তেনেকৈ পাইচাৰী কৰি থকা দীপুক সুধিলে।
'গৰুৱেও জানে সময়মতে যে ঘৰলৈ আহিব লাগে আমাৰ এইটোৰহে ঘৰলৈ উভতিবৰ হোৱাই নাই এতিয়াও। ইফালে দুদিনমানৰ পিছত মেট্ৰিক পৰীক্ষা' দীপুৱে দেউতাকৰ কথাখিনি শুনিবলৈহে পালে ভমককৈ জলি উঠিল।
'কিনো কৰিবি নিজেই যদি বুজি নাপায়।'
দেউতাকৰ কথা শুনি দীপুৰ বকনি দুগুণে চৰিলহে। পুতেক দেউতাকৰ কথা শুনি মাকো ভিতৰৰপৰা ওলাই আহিল। নগেন মাষ্টৰেনো কৰিব কি ডাঙৰটোক একো কষ্ট নকৰাকৈয়ে মানুহ কৰিলে কিন্তু সৰুটোকলৈহে চিন্তা।মেট্ৰিকৰ দেওনাখন যেনেতেনে পাৰ কৰাব পাৰিলে আৰু তাক পঢ়াৰ কথা নকয়। ঘৰৰ আগফালে থকা মাটিদোখৰতে সৰুকৈ ঘৰ এটা বনাই দোকান এখন দিয়াই দিব। দীপুৰ মতে সেই কথাই কথা নহয়, এনেকৈ এৰি দিব নোৱাৰি নহয় সিয়েই কিবা এটা কৰিব লাগিব। দেউতাকহঁতৰ ওপৰত খং উঠে কেতিয়াবা ৰীপুক ইমান ঢিলাই দিয়াৰ কাৰণে।
দীপু চাকৰিসূত্ৰে ঘৰৰপৰা দূৰত থাকে যদিও মাহেকৰ মূৰত আহে এপাক ঘৰলৈ। সি আজিকালি ঘৰলৈ আহিলে ৰীপু ঘৰত থাকিবলৈ অশান্তি পায়।পঢ়াৰ কথা সুধি কম অশান্তি কৰেনে। ক্লাছ এইটত থাকোতে অংক ধৰি যি পিতিলে সেইদিন ধৰি ৰীপুৱে দীপুৰ ওচৰত শিকিবলৈ বাদেই দিলে।মাকৰ কেতিয়াবা ভয়েই হয় দীপু আৰু ৰীপুৰ কথা ভাবিলে। ৰীপুৰ যি স্বভাৱ একেবাৰে মুক্তি গল্পটোৰ সুকুমাৰৰ দৰে। দীপুৱে তাক ভাল পথলৈ আনিবলৈ গৈ 'মুক্তি'ৰ নিচিনা ঘটনা যেন নঘটে, সেয়ে মাকে ৰীপু গাধ হয়, গৰু হয় হৈ থাকক খালি ভালকৈ থাকক বুলিয়েই দীপুৰ ওচৰত পঢ়িবলৈ নিদিয়ে।কিনো কৰিব মাকৰ মন, পুতেকৰ মৰমত গলি যায়। দীপু আজিকালি ঘৰলৈ আহিলে পঢ়া নধৰিলেও গালি এজাউৰি নিদিয়া নহয়। কিয় যে গাত কথা নলগা ল'ৰা হ'ল! আগতে দীপুৰ পৰীক্ষা বেয়া হোৱা বুলি ক'লে মাকহঁতে সোধে আশীমান হ'লেও পাবি চাগে আৰু ৰীপুৰ ক্ষেত্ৰত ভাল হোৱা মানে যেনেতেনে ত্ৰিশ পাই পাছ কৰা। দীপুৰ কাৰণে যেনেকৈ মাকহঁতে প্ৰশংসা বুটলিছিল ৰীপুৰ কাৰণে গোচৰ শুনোতেই যায়। মুঠতে এখন ঘৰতে দুটা বিপৰীত ককায়েক-ভায়েক। নগেন মাষ্টৰৰ চিন্তা হয় ৰীপুক লৈ কিন্তু কৰিব কি সুধিলেও তাৰ যি কথা সেইবোৰ মাষ্টৰৰ কাণত নোসোমায়। সি বোলে বিজনেছ কৰিব আৰু যিবোৰ বিজনেছৰ কথা কয় সেইবোৰ শুনিবলৈ ধৈৰ্য থাকিব লাগিব। দিনৰ দিনতো মুকুলৰ দোকানত আড্ডা দি, কেৰম খেলি ৰাতি ঘৰ সোমাবহি আগত যে মেট্ৰিক পৰীক্ষা তাৰ কোনো ভয়-ভীত নাই।
'দেউতা আজি কিন্তু মই তাক সুধিমেই কি কাৰণত এনেকুৱা কৰে তোমালোকে মাজত একো নামাতিবা। এনেকৈ চব কথাতে তাক তাৰ মতে চলিবলৈ দিব নোৱাৰি নহয়।' দীপুৱে ইমান বেছি ডাঙৰকৈ চিঞঁৰিলে যে কাষতে শুই থকা তিনিবছৰীয়া জীয়েকে ভয় খাই দেউতা দেউতা বুলি তাক সাৱতি ধৰোতেহে সাৰ পালে।
ইমান সময় মানে সি সপোনৰ জগততহে আছিল। এনেকুৱা লাগি আছিল সি যেন আকৌ সেই দিনবিলাকলৈ উভতি গৈছিল। সৰুতে ৰীপুৰ কাণ্ড-কাৰখানাবিলাক সি একেবাৰে ভাল নাপাইছিল।সেয়ে সি যিমান পাৰে শাসন কৰি তাক ভাল কৰিবলৈ চাইছিল। কালি ৰাতি ৰীপুৱে নতুনকৈ কিনা গাড়ীখন লৈ ককায়েকৰ ওচৰলৈ আহিম বুলি কোৱাৰ পিছৰপৰাই দীপুৰ সেই তাহানিৰ কথাবিলাকে মনত দোলা দি আছিল। সেইবোৰকে  ভাবি ভাবি সি সপোনতো তাকে দেখি আছিল। দীপুৱে নিজৰ কাণ্ড দেখি জীয়েকৰ ওচৰত অলপ লাজো পালে। সি সেমেনা সেমেনি কৰি ঘড়ীটোলৈ চাইহে দেখিলে আঠবাজি গ'ল। জীয়েকে জগাই নিদিয়া হ'লে দীপু আজি কিমান দেৰিলৈকে শুই থাকিলহেঁতেন ঠিক নাই। ইফালে চাগে শ্ৰীমতীৰ মুখ ফুলি এপাচি হৈ আছে। কথাটো মনলৈ আহোতেই লৰালৰিকৈ উঠি গৈ ঘৈণীয়েকৰ ওচৰ পালেগৈ। কিন্তু সি ভবাৰ নিচিনা একো নাই বৰণ্চ মনটো ফৰকালহে।
'হেৰা উঠিলা যেতিয়া একেবাৰে গা ধুই ফ্ৰেছ হৈ আহা। ৰীপুৱে ফোন কৰি আমাক ওলাই থাকিবলৈ দিছে, নতুন গাড়ীখন বোলে কামাখ্যালৈ নিব প্ৰথমতে, আমাকো লগতে লৈ যাব। বৰ ভাল লাগিছে জানা তোমালোকে চিন্তা কৰি থকা ল'ৰাটো আজি ইমানখিনি পালেহি। তুমিহে তাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ শাসন কৰি থাকা' ঘৈণীয়েকে কথাকেইটা কৈয়ে নিজকে সজাবলৈ গ'ল আৰু দীপুও বাথৰুমত সোমাল।
দেৰি হয় বুলিয়েই লৰালৰিকৈ গাটো তিয়াই আহি ওলাই মেলি দীপু আগফালে বহি ৰীপুলে ৰৈ আছে। কণমানিজনীও খুড়া আহিব আহিব বুলি দেউতাকৰ লগত শাৰী পূৰাই বহি ল'লে। কি মৰম তাই খুড়াকলৈ, খুড়াকেও কুঁহি বুলি ক'লে পৰি মৰে।
পঢ়াত মন নোহোৱা একো কৰিব নোৱাৰিব বুলি ভবা ল'ৰাটো এতিয়া সেই সৰু ল'ৰা হৈ থকা নাই। কি ল'ৰা আছিল কি হ'ল। সি পঢ়াত দীপুৰ নিচিনা ভাল নাছিল ঠিকেই কিন্তু মেট্ৰিকৰ দেওনা পাৰ নোহোৱা বিধৰো নাছিল। নপঢ়ো নপঢ়ো বুলি এম বি এ পৰ্যন্ত কৰিলেগৈ।
পঢ়াত ৰীপু কেঁচা আছিল অলপ সৰুৰেপৰা, এক অৰ্থত ক'বলৈ গ'লে দীপুৰ উল্টা। দীপুতকৈ বয়সতো অলপ ব্যৱধান নথকা নহয়। কিন্তু বুদ্ধিত হ'লে কোনেও টলাব নোৱাৰে। পঢ়াৰ নামত টেবুলখনত বহি তাৰ দেশৰ কথা ভাবি থাকোতেই যায় আৰু ঘৰৰ সৰু বুলিও অলপ বেছি মৰম পালে। তাক ডাঙৰ হৈ কি কৰিবা বুলি সুধিলে কয় বিজনেছ কৰিম। তাৰ মতে বিজনেছ কৰিলে বোলে পঢ়িব নালাগে অকল চাকৰি কৰিবলৈহে পঢ়িব লাগে। যেতিয়া দেউতাকে তাক ক'লে বিজনেছ কৰিবলৈও অংক পাৰিব লাগিব তেতিয়া সি কোনোমতে নেঁওতাকেইখনহে মুখস্হ কৰিছিল। তাৰ বিজনেছৰ লক্ষণ মাকে সৰুৰেপৰা ধৰিব পাৰিছিল। দেউতাকে ঘৰলৈ বজাৰ কৰোতে সদায় বস্তু বিলাক জোখতকৈ বেছিকৈ আনিছিল আৰু সেইখিনিকে ৰীপুৱে তাৰ লগৰতোক বেছি দিছিল। মাকে কাণ্ড দেখি এনেকুৱা কৰাৰ কাৰণ সোধোতে ৰীপুৰপৰা গহীনত এটা উত্তৰ আহিছিল 'বিজনেছ কৰিছো।' ৰীপুৰ মতে বস্তবোৰ বেছিকে আনি ঘৰত ৰখাতকৈ বেছি দিয়াই ভাল। মাকে তাৰ কথা শুনি মূৰে-কপালে হাত দিছিল। এইয়াই আছিল তাৰ বিজনেছ। পিছত যেতিয়া এনেকুৱা কৰিব নাপায় বুলি মাকে বুজোৱাত সি ঠিকেই বুজিলে কিন্তু বিজনেছৰ ভুতটো হ'লে মূৰৰপৰা নোলাল। তাৰ বোলে চিনেমাবিলাকত দেখুওৱা নিচিনা 'বিজনেছ মেন' হ'বৰ মন যায়। সেয়ে দেউতাকে তাক বুজাইছিল 'যি কৰ কৰিবি খালী সৎ পথত থাকি কৰিবি। নগেন মাষ্টৰৰ নাম কটাকে একো কামেই নকৰিবি।'
এই পঢ়া-শুনা নামৰ বস্তুটোৰপৰা কেনেকৈ হাত সাৰিব পাৰি ৰীপুৱে সেইটোহে বিচাৰি থাকিছিল। কিন্তু মেট্ৰিকটো পাছ কৰাৰ পিছত অলপ মতিগতি ভাললৈ আহিল। কথাবিলাক দকৈ ভাবিব পৰা হ'ল। মেট্ৰিক পাছ কৰি নপঢ়ো বুলি কোৱা ল'ৰাটো এমবিএ কৰিবলৈও মন কৰিলে দেখোন। এমবিএ কৰি এবছৰ চাকৰি কৰাৰ পিছত তাৰ বিজনেছৰ ভূতটোৱে আকৌ লম্ভিলে। চাকৰি-বাকৰি বাদ দি ঘৰৰ ল'ৰা ঘৰলৈ উভতি গ'ল। লগৰ দুটামান লগ-লাগি সৰু সুৰাকৈ কিছুমান ব্যৱসায় আৰম্ভ কৰিলে। সিহঁতৰ ব্যৱসায় বেয়া নচলিল লাহে লাহে বঢ়াই গৈ সি একোবত অকলে হাৰ্ডৱেৰৰ ব্যৱসায় আৰম্ভ কৰিলে। তাৰপৰা সি ৰ'ব লগা হোৱা নাই। তাৰ কষ্ট পৰিশ্ৰমৰ ফল স্বৰূপে সি এতিয়া সমাজত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী।
'হেৰা কিনো ভাবি আছা অথনিৰে পৰা ৰীপু আহি যে পালেহি খবৰ আছেনে নাই?' বুলি দীপুক ঘৈণীয়েকে মাত দিয়াতহে সি দেখিলে চোতালত ক'লা ৰঙৰ স্কৰপিঅ'খন।
'সি তেন্তে ক'ত?' ৰীপুক নেদেখি দীপুৱে আচৰিত হৈ ঘৈণীয়েকক সুধিলে।
'ক'তনো যাব কুঁহিক কোচত লৈ ভিতৰ পালেগে। তোমাৰ লগত সি কেতিয়াবা একেলগে বহি কথা পাতি পাইছে জানো। কি যে ককায়েক-ভায়েক কেইটা হ'লা আৰু দেই।' ঘৈণীয়েকৰ কথাকেইটা শুনিহে সি মন কৰিলে ইমান সময় তাৰ কাষত বহি থকা কুঁহি যে নাই। সঁচাকৈ সি মানে সেই পুৰণি কথাবিলাকৰ মাজত ইমানেই আপোনপাহৰা হৈ আছিল যে ক'ত কি ঘটি আছে একোৱে গম পোৱা নাই। ৰীপুৱে চাগে সেই আগৰ নিচিনাকৈ তাৰ ওচৰলৈ আহিবলৈ আপচোচ কৰিছে বুলি নিজেই তাৰ ওচৰলৈ যাঁও বুলি উঠি গৈ শুনিলে বৌৱেক-দেওৰেকৰ কথা 'বুজিছা বৌ দাদা নথকা হ'লে মোৰ চাগে অকল বিজনেছ কৰিম বুলি কৈহে থকা হ'লহেঁতেন। আগতে সি শাসন কৰিলে খং উঠিছিল, এতিয়া ভালকৈ বুজিছো সেইবোৰৰ মূল্য কিমান..' তাৰ কথাই দীপুক আকৌ এবাৰ সোঁৱৰাই দিলে ইমানদিনে সৰু সৰু বুলি ভাবি থকা খটাসুৰ ভায়েক ডাঙৰ হ'ল।