Wednesday 14 September 2016

বিজনেছ মেন (Business Man)

সাজ লাগি ভাগিছে, চৰাই-চিৰিকতি নিজৰ বাঁহলৈ উভতিছে, ঘৰৰ গৰু-ছাগলীবিলাকো ঘৰলৈ উভতিল। নগেন মাষ্টৰে নিজৰ ঘৰৰ উভতি অহা গৰুকেইটা বান্ধি গোহালীত জাক দি ওলাই আহি দেখিলে ডাঙৰ পুতেক দীপুৱে চোতালতে পাইচাৰি কৰি আছে। ইমান ঠাণ্ডা পৰিছে, এতিয়ানো চোতালত এনেকৈ থাকিব লাগে নে। ৰহ্ জুই একোৰাকে ধৰো এনেইটো লগৰ অভাৱত জুই সেকাই নহয়। এনেকুৱা ঠাণ্ডাত জুইৰ তাপ লোৱা কিমান মজা কোনে বুজিব। আজিকালি চহৰৰ দৰে গাঁৱৰ মানুহে জুই সেকিব এৰিছে। আজি সুবিধাটো পাই আজি এৰাত নাই তাতে কাইলৈ যাবগে সি। জুইকোৰা জলাই দীপুক মাতি মূঢ়াটো নিজই আনি ল'লে।
'তইনো এই ঠাণ্ডাত চোতালত কি কৰি আছিলি?' দেউতাকে তেনেকৈ পাইচাৰী কৰি থকা দীপুক সুধিলে।
'গৰুৱেও জানে সময়মতে যে ঘৰলৈ আহিব লাগে আমাৰ এইটোৰহে ঘৰলৈ উভতিবৰ হোৱাই নাই এতিয়াও। ইফালে দুদিনমানৰ পিছত মেট্ৰিক পৰীক্ষা' দীপুৱে দেউতাকৰ কথাখিনি শুনিবলৈহে পালে ভমককৈ জলি উঠিল।
'কিনো কৰিবি নিজেই যদি বুজি নাপায়।'
দেউতাকৰ কথা শুনি দীপুৰ বকনি দুগুণে চৰিলহে। পুতেক দেউতাকৰ কথা শুনি মাকো ভিতৰৰপৰা ওলাই আহিল। নগেন মাষ্টৰেনো কৰিব কি ডাঙৰটোক একো কষ্ট নকৰাকৈয়ে মানুহ কৰিলে কিন্তু সৰুটোকলৈহে চিন্তা।মেট্ৰিকৰ দেওনাখন যেনেতেনে পাৰ কৰাব পাৰিলে আৰু তাক পঢ়াৰ কথা নকয়। ঘৰৰ আগফালে থকা মাটিদোখৰতে সৰুকৈ ঘৰ এটা বনাই দোকান এখন দিয়াই দিব। দীপুৰ মতে সেই কথাই কথা নহয়, এনেকৈ এৰি দিব নোৱাৰি নহয় সিয়েই কিবা এটা কৰিব লাগিব। দেউতাকহঁতৰ ওপৰত খং উঠে কেতিয়াবা ৰীপুক ইমান ঢিলাই দিয়াৰ কাৰণে।
দীপু চাকৰিসূত্ৰে ঘৰৰপৰা দূৰত থাকে যদিও মাহেকৰ মূৰত আহে এপাক ঘৰলৈ। সি আজিকালি ঘৰলৈ আহিলে ৰীপু ঘৰত থাকিবলৈ অশান্তি পায়।পঢ়াৰ কথা সুধি কম অশান্তি কৰেনে। ক্লাছ এইটত থাকোতে অংক ধৰি যি পিতিলে সেইদিন ধৰি ৰীপুৱে দীপুৰ ওচৰত শিকিবলৈ বাদেই দিলে।মাকৰ কেতিয়াবা ভয়েই হয় দীপু আৰু ৰীপুৰ কথা ভাবিলে। ৰীপুৰ যি স্বভাৱ একেবাৰে মুক্তি গল্পটোৰ সুকুমাৰৰ দৰে। দীপুৱে তাক ভাল পথলৈ আনিবলৈ গৈ 'মুক্তি'ৰ নিচিনা ঘটনা যেন নঘটে, সেয়ে মাকে ৰীপু গাধ হয়, গৰু হয় হৈ থাকক খালি ভালকৈ থাকক বুলিয়েই দীপুৰ ওচৰত পঢ়িবলৈ নিদিয়ে।কিনো কৰিব মাকৰ মন, পুতেকৰ মৰমত গলি যায়। দীপু আজিকালি ঘৰলৈ আহিলে পঢ়া নধৰিলেও গালি এজাউৰি নিদিয়া নহয়। কিয় যে গাত কথা নলগা ল'ৰা হ'ল! আগতে দীপুৰ পৰীক্ষা বেয়া হোৱা বুলি ক'লে মাকহঁতে সোধে আশীমান হ'লেও পাবি চাগে আৰু ৰীপুৰ ক্ষেত্ৰত ভাল হোৱা মানে যেনেতেনে ত্ৰিশ পাই পাছ কৰা। দীপুৰ কাৰণে যেনেকৈ মাকহঁতে প্ৰশংসা বুটলিছিল ৰীপুৰ কাৰণে গোচৰ শুনোতেই যায়। মুঠতে এখন ঘৰতে দুটা বিপৰীত ককায়েক-ভায়েক। নগেন মাষ্টৰৰ চিন্তা হয় ৰীপুক লৈ কিন্তু কৰিব কি সুধিলেও তাৰ যি কথা সেইবোৰ মাষ্টৰৰ কাণত নোসোমায়। সি বোলে বিজনেছ কৰিব আৰু যিবোৰ বিজনেছৰ কথা কয় সেইবোৰ শুনিবলৈ ধৈৰ্য থাকিব লাগিব। দিনৰ দিনতো মুকুলৰ দোকানত আড্ডা দি, কেৰম খেলি ৰাতি ঘৰ সোমাবহি আগত যে মেট্ৰিক পৰীক্ষা তাৰ কোনো ভয়-ভীত নাই।
'দেউতা আজি কিন্তু মই তাক সুধিমেই কি কাৰণত এনেকুৱা কৰে তোমালোকে মাজত একো নামাতিবা। এনেকৈ চব কথাতে তাক তাৰ মতে চলিবলৈ দিব নোৱাৰি নহয়।' দীপুৱে ইমান বেছি ডাঙৰকৈ চিঞঁৰিলে যে কাষতে শুই থকা তিনিবছৰীয়া জীয়েকে ভয় খাই দেউতা দেউতা বুলি তাক সাৱতি ধৰোতেহে সাৰ পালে।
ইমান সময় মানে সি সপোনৰ জগততহে আছিল। এনেকুৱা লাগি আছিল সি যেন আকৌ সেই দিনবিলাকলৈ উভতি গৈছিল। সৰুতে ৰীপুৰ কাণ্ড-কাৰখানাবিলাক সি একেবাৰে ভাল নাপাইছিল।সেয়ে সি যিমান পাৰে শাসন কৰি তাক ভাল কৰিবলৈ চাইছিল। কালি ৰাতি ৰীপুৱে নতুনকৈ কিনা গাড়ীখন লৈ ককায়েকৰ ওচৰলৈ আহিম বুলি কোৱাৰ পিছৰপৰাই দীপুৰ সেই তাহানিৰ কথাবিলাকে মনত দোলা দি আছিল। সেইবোৰকে  ভাবি ভাবি সি সপোনতো তাকে দেখি আছিল। দীপুৱে নিজৰ কাণ্ড দেখি জীয়েকৰ ওচৰত অলপ লাজো পালে। সি সেমেনা সেমেনি কৰি ঘড়ীটোলৈ চাইহে দেখিলে আঠবাজি গ'ল। জীয়েকে জগাই নিদিয়া হ'লে দীপু আজি কিমান দেৰিলৈকে শুই থাকিলহেঁতেন ঠিক নাই। ইফালে চাগে শ্ৰীমতীৰ মুখ ফুলি এপাচি হৈ আছে। কথাটো মনলৈ আহোতেই লৰালৰিকৈ উঠি গৈ ঘৈণীয়েকৰ ওচৰ পালেগৈ। কিন্তু সি ভবাৰ নিচিনা একো নাই বৰণ্চ মনটো ফৰকালহে।
'হেৰা উঠিলা যেতিয়া একেবাৰে গা ধুই ফ্ৰেছ হৈ আহা। ৰীপুৱে ফোন কৰি আমাক ওলাই থাকিবলৈ দিছে, নতুন গাড়ীখন বোলে কামাখ্যালৈ নিব প্ৰথমতে, আমাকো লগতে লৈ যাব। বৰ ভাল লাগিছে জানা তোমালোকে চিন্তা কৰি থকা ল'ৰাটো আজি ইমানখিনি পালেহি। তুমিহে তাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ শাসন কৰি থাকা' ঘৈণীয়েকে কথাকেইটা কৈয়ে নিজকে সজাবলৈ গ'ল আৰু দীপুও বাথৰুমত সোমাল।
দেৰি হয় বুলিয়েই লৰালৰিকৈ গাটো তিয়াই আহি ওলাই মেলি দীপু আগফালে বহি ৰীপুলে ৰৈ আছে। কণমানিজনীও খুড়া আহিব আহিব বুলি দেউতাকৰ লগত শাৰী পূৰাই বহি ল'লে। কি মৰম তাই খুড়াকলৈ, খুড়াকেও কুঁহি বুলি ক'লে পৰি মৰে।
পঢ়াত মন নোহোৱা একো কৰিব নোৱাৰিব বুলি ভবা ল'ৰাটো এতিয়া সেই সৰু ল'ৰা হৈ থকা নাই। কি ল'ৰা আছিল কি হ'ল। সি পঢ়াত দীপুৰ নিচিনা ভাল নাছিল ঠিকেই কিন্তু মেট্ৰিকৰ দেওনা পাৰ নোহোৱা বিধৰো নাছিল। নপঢ়ো নপঢ়ো বুলি এম বি এ পৰ্যন্ত কৰিলেগৈ।
পঢ়াত ৰীপু কেঁচা আছিল অলপ সৰুৰেপৰা, এক অৰ্থত ক'বলৈ গ'লে দীপুৰ উল্টা। দীপুতকৈ বয়সতো অলপ ব্যৱধান নথকা নহয়। কিন্তু বুদ্ধিত হ'লে কোনেও টলাব নোৱাৰে। পঢ়াৰ নামত টেবুলখনত বহি তাৰ দেশৰ কথা ভাবি থাকোতেই যায় আৰু ঘৰৰ সৰু বুলিও অলপ বেছি মৰম পালে। তাক ডাঙৰ হৈ কি কৰিবা বুলি সুধিলে কয় বিজনেছ কৰিম। তাৰ মতে বিজনেছ কৰিলে বোলে পঢ়িব নালাগে অকল চাকৰি কৰিবলৈহে পঢ়িব লাগে। যেতিয়া দেউতাকে তাক ক'লে বিজনেছ কৰিবলৈও অংক পাৰিব লাগিব তেতিয়া সি কোনোমতে নেঁওতাকেইখনহে মুখস্হ কৰিছিল। তাৰ বিজনেছৰ লক্ষণ মাকে সৰুৰেপৰা ধৰিব পাৰিছিল। দেউতাকে ঘৰলৈ বজাৰ কৰোতে সদায় বস্তু বিলাক জোখতকৈ বেছিকৈ আনিছিল আৰু সেইখিনিকে ৰীপুৱে তাৰ লগৰতোক বেছি দিছিল। মাকে কাণ্ড দেখি এনেকুৱা কৰাৰ কাৰণ সোধোতে ৰীপুৰপৰা গহীনত এটা উত্তৰ আহিছিল 'বিজনেছ কৰিছো।' ৰীপুৰ মতে বস্তবোৰ বেছিকে আনি ঘৰত ৰখাতকৈ বেছি দিয়াই ভাল। মাকে তাৰ কথা শুনি মূৰে-কপালে হাত দিছিল। এইয়াই আছিল তাৰ বিজনেছ। পিছত যেতিয়া এনেকুৱা কৰিব নাপায় বুলি মাকে বুজোৱাত সি ঠিকেই বুজিলে কিন্তু বিজনেছৰ ভুতটো হ'লে মূৰৰপৰা নোলাল। তাৰ বোলে চিনেমাবিলাকত দেখুওৱা নিচিনা 'বিজনেছ মেন' হ'বৰ মন যায়। সেয়ে দেউতাকে তাক বুজাইছিল 'যি কৰ কৰিবি খালী সৎ পথত থাকি কৰিবি। নগেন মাষ্টৰৰ নাম কটাকে একো কামেই নকৰিবি।'
এই পঢ়া-শুনা নামৰ বস্তুটোৰপৰা কেনেকৈ হাত সাৰিব পাৰি ৰীপুৱে সেইটোহে বিচাৰি থাকিছিল। কিন্তু মেট্ৰিকটো পাছ কৰাৰ পিছত অলপ মতিগতি ভাললৈ আহিল। কথাবিলাক দকৈ ভাবিব পৰা হ'ল। মেট্ৰিক পাছ কৰি নপঢ়ো বুলি কোৱা ল'ৰাটো এমবিএ কৰিবলৈও মন কৰিলে দেখোন। এমবিএ কৰি এবছৰ চাকৰি কৰাৰ পিছত তাৰ বিজনেছৰ ভূতটোৱে আকৌ লম্ভিলে। চাকৰি-বাকৰি বাদ দি ঘৰৰ ল'ৰা ঘৰলৈ উভতি গ'ল। লগৰ দুটামান লগ-লাগি সৰু সুৰাকৈ কিছুমান ব্যৱসায় আৰম্ভ কৰিলে। সিহঁতৰ ব্যৱসায় বেয়া নচলিল লাহে লাহে বঢ়াই গৈ সি একোবত অকলে হাৰ্ডৱেৰৰ ব্যৱসায় আৰম্ভ কৰিলে। তাৰপৰা সি ৰ'ব লগা হোৱা নাই। তাৰ কষ্ট পৰিশ্ৰমৰ ফল স্বৰূপে সি এতিয়া সমাজত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী।
'হেৰা কিনো ভাবি আছা অথনিৰে পৰা ৰীপু আহি যে পালেহি খবৰ আছেনে নাই?' বুলি দীপুক ঘৈণীয়েকে মাত দিয়াতহে সি দেখিলে চোতালত ক'লা ৰঙৰ স্কৰপিঅ'খন।
'সি তেন্তে ক'ত?' ৰীপুক নেদেখি দীপুৱে আচৰিত হৈ ঘৈণীয়েকক সুধিলে।
'ক'তনো যাব কুঁহিক কোচত লৈ ভিতৰ পালেগে। তোমাৰ লগত সি কেতিয়াবা একেলগে বহি কথা পাতি পাইছে জানো। কি যে ককায়েক-ভায়েক কেইটা হ'লা আৰু দেই।' ঘৈণীয়েকৰ কথাকেইটা শুনিহে সি মন কৰিলে ইমান সময় তাৰ কাষত বহি থকা কুঁহি যে নাই। সঁচাকৈ সি মানে সেই পুৰণি কথাবিলাকৰ মাজত ইমানেই আপোনপাহৰা হৈ আছিল যে ক'ত কি ঘটি আছে একোৱে গম পোৱা নাই। ৰীপুৱে চাগে সেই আগৰ নিচিনাকৈ তাৰ ওচৰলৈ আহিবলৈ আপচোচ কৰিছে বুলি নিজেই তাৰ ওচৰলৈ যাঁও বুলি উঠি গৈ শুনিলে বৌৱেক-দেওৰেকৰ কথা 'বুজিছা বৌ দাদা নথকা হ'লে মোৰ চাগে অকল বিজনেছ কৰিম বুলি কৈহে থকা হ'লহেঁতেন। আগতে সি শাসন কৰিলে খং উঠিছিল, এতিয়া ভালকৈ বুজিছো সেইবোৰৰ মূল্য কিমান..' তাৰ কথাই দীপুক আকৌ এবাৰ সোঁৱৰাই দিলে ইমানদিনে সৰু সৰু বুলি ভাবি থকা খটাসুৰ ভায়েক ডাঙৰ হ'ল।

No comments: