Sunday 21 August 2016

সাগৰ ভালপোৱা ছোৱালীজনী (১)


সাগৰ ভালপোৱা ছোৱালীজনী প্ৰায় সাগৰৰ তলিত মুকুতা বিচাৰি ফুৰে, সাগৰৰ বুকুত আপোনমনে দেও দি থকা মাছবিলাকৰ লগত কথা পাতে। আইতাকৰ সাধুত থকা জলপৰী কেইজনীক লগ পাবলৈ সদায় ৰৈ থাকে, কেতিয়াবা লগ পায় কেতিয়াবা নাপায়। যেতিয়া লগ পায় তেতিয়া সিহঁতে তাইক পিঠিতে বহোৱাই সিহঁতৰ কাৰেংলৈ লৈ যায়। কিমান যে ভাল লাগে তাইৰ আনন্দত আত্মহাৰা হৈ পৰে। ঘৰলৈ ঘূৰি আহিবৰ মনেই নকৰে, কিন্তু ঘৰত যে মাক, দেউতাক আৰু আইতাকে তাইলৈ ৰৈ থাকে। আইতাকে কোৱাৰ নিচিনাকৈ সাগৰে বালিত এৰি থৈ যোৱা বগা বগা শামুকৰ খোলাবিলাক পিন্ধি থকা চোলাটোতে এটোপোলা বান্ধি লৈ আহে তাই। কেতিয়াবা আকৌ মুকুতা বিচাৰি বিচাৰি মাছজনীৰ বুকুত উঠি তলিলৈ যাঁওতে ক'ৰবাত খুন্দা মাৰি পৰি যায়, তেতিয়াহে গম পায় তাই যে ইমান সময় সপোন দেখি আছিল যেতিয়া মাকৰ বুকুৰ মাজৰ পৰা ওলাই ঘূৰি ঘূৰি বিছনাখনৰ গাতে লাগি থকা বেৰখনত খুন্দা মাৰি টোপনিৰ পৰা সাৰ পায় যায়। চকু মেলি দেখে কাষতে মাক শুই আছে আৰু ওচৰৰ বিছনাখনত দেউতাক। বৰ দুখ লাগে তাইৰ কাৰণ সেইবোৰ যে এটি এটি মিঠা সপোন মাত্ৰ। কেতিয়াও সাগৰ দেখি পোৱা নাই কিন্তু আইতাকৰ সাধুকথা আৰু য'ত ত'ত শুনিয়েই সাগৰৰ প্ৰেমত পৰা অকণমানি ছোৱালীজনী সাগৰৰ নামত বলীয়া। সিহঁতৰ ঘৰৰ পুখুৰীটোতকৈ বহুত ডাঙৰ চাগে। পুখুৰীটোত বৰশী বাই বাই তাকেই ভাবি থাকোতে কেতিয়া মাছ আহি টোপ খাই গুচি যায় গমেই নাপায়। তাইৰ লগৰ ছোৱালীকেইজনীৰ ঘৰত থকা পুখুৰীকেইটা লগ লগাই দিলে সাগৰ এখন হৈ যাব চাগে। কথাটো ভাবি মনটো তাইৰ নাচি উঠে, আজিয়েই দেউতাকক ক'ব কথাটো পুখুৰীকেইটি লগ লগাই দিবলৈ। অ' নহয় সিহঁতৰ ঘৰৰ কাষেদি বৈ যোৱা নদীখনৰ লগত সিহঁতৰ পুখুৰীটো লগলগাই দিবলৈ ক'ব। কিন্তু দেউতাকক কোৱাৰ পিছত তাইৰ মনটো বেয়াহে লাগিল। তাই ভবাৰ দৰে পুখুৰী,নদী লগলগালে সাগৰ নহয়। সাগৰৰ বোলে শেষ নাই কেতিয়াও, বহুত বেছিয়েই ডাঙৰ কথাটো শুনি আৰু অলপ ভাল লাগিবলৈ ধৰিলে মনটো। কিমান যে ভাল লাগিব জলপৰী কেইজনীৰ বোকোচাত উঠি ঘূৰি থাকিব শেষ নোহোৱালৈকে।


দেউতাক বোলে বহুত দূৰৰ ঠাই এখনলৈ যাব কিবা বোলে কাম পাইছে। আৰু দেউতাকৰ লগৰ খুড়াদুজনো যাব। ইয়াত অকল খেতি কৰিয়েই ঘৰ চলাব নোৱাৰি বোলে তাতে বানপানীয়ে প্ৰত্যেকবাৰে খেতি নষ্ট কৰে। দেউতাক যি ঠাইলৈ যাব তাতে বোলে সাগৰ আছে মাকে কোৱা শুনিছে। তাইকো লৈ যোৱা হ'লে কৈ চাব এবাৰ দেউতাকক। তাই দেউতাকক আমনি নকৰে নহয়, মাকলৈ মনত পৰিছে বুলিও নকয়, অকল সাগৰতেই থাকিব। ইমানখিনি বুজাইও লাভ ন'হল কাৰণ দেউতাক বোলে ঘূৰি আহোতে দেৰি হ'ব আৰু তাই নাথাকিলে মাক কাৰ লগত শুব, আইতাকে সাধু কাক শুনাব। ঠিক আছে তাই বাৰু নাযায় কিন্তু তাইলৈ সাগৰৰ ফটো আৰু সাগৰৰ তলিৰ পৰা মুকুতামণি লৈ আনিব লাগিব যেতিয়া দেউতাক ঘৰলৈ উভতি আহিব। ফটো তুলিবলৈ মামাক গুৱাহাটীলৈ যাওঁতে কিনা কেমেৰাটো লৈ যাবলৈ ক'লে বৰ ধুনীয়া ফটো আহে, মামাক আহিলে তাইৰ ফটো উঠাই লৈ যায় নহয়। এতিয়া বাৰু সাগৰখন কেমেৰাৰ ফটোতে চাব পিছত তাই ডাঙৰ হ'লে কেতিয়াবা ওচৰৰ পৰা চাব।


দেউতাক যোৱাৰ দিন ধৰি বাট চাই আছে দেউতাক ঘূৰি অহালৈ। কেতিয়াবা খঙো উঠে কাম কৰিবলৈ গ'ল বুলিয়েই মাজতে এদিন ফটো কেইখন লৈ আহিব নোৱাৰেনে। এনেকৈ বাট চাই থাকোতে মাকে ক'লে আৰু পাঁচদিনমানৰ পিছত বোলে দেউতাক আহিব। কথাটো শুনি কিমান যে ভাল লাগিছে অলপ লাজো লাগিল ইমানদিনৰ মূৰত দেউতাকক লগ পাব তাই বাৰু কেনেকৈ ওলাব। প্ৰথমতেটো অলপ লাজ লাগিবই পিছত ঠিক হৈ যাব। কিন্তু পাঁচদিনৰ পিছত কিয় আজিয়েই আহিব পাৰে অলপ অভিমানো জাগিল কথাটো ভাবি। এই পাঁচোটা দিন তাইৰ নাযায় নোপোৱাই যেন লাগিল, কেতিয়া যে আহিব পাঁচদিনটো! চাৰিদিনৰ দিনা পুৱাই দেউতাকৰ লগত যোৱা খুড়াকজন আহিল আৰু হাতত কেমেৰাটো কিন্তু দেউতাক নাই দেখোন। তাই কিবা সোধাৰ আগতেই খুড়াকে মাকক কিবা ক'লে আৰু মাক মূৰ ঘূৰাই পৰি গ'ল জেগাতেই। আইতাকেও সাগৰখনেই কাল হ'ল অ' তাৰ, তাক টানি লৈ গ'ল আমাৰ এতিয়া কি হ'ব বুলি ৰাউচি জুৰিবলৈ ধৰিলে। প্ৰথমতে একো উৱাদিহ নাপায় সিহঁতৰ ঘৰলৈ অহা মানুহবিলাকৰ মুখলৈ চাই চাই কিবা বুজিবলৈ চেষ্টা কৰিলে। সকলোৰে পৰা শুনি শুনি তাই গম পালে যে তাইৰ দেউতাক আৰু ঘূৰি নাহে। সাগৰে টানি লৈ গ', 'লৈ লৈ গ'ল কোনোৱে নাজানে।


দেউতাকে কোৱা কেতিয়াও শেষ নোহোৱা সাগৰখনে মৰমৰ দেউতাকক তাইৰ পৰা কাঢ়ি লৈ গ'ল। সাগৰৰ সপোন দেখা ছোৱালীজনীয়ে কেনেকৈ মানি ল'ব যে নেদেখাকৈ যাক ইমান ভাল পাইছিল সেই সাগৰেই তাইৰ অতিকৈ মৰমৰ হিয়াৰ আপোনজনক লৈ গ'ল। তাই আৰু কেতিয়াও সাগৰৰ সপোন নেদেখে, খুড়াকে লৈ অহা ফটোখিনিও নাচায়, নালাগে তাইক সাগৰৰ বুকুত থকা মুকুতামণি। কিন্তু কেতিয়াবা যদি সাগৰখনক লগ পায় তেতিয়া কেৱল সাগৰৰ বুকুৰপৰা দেউতাকক উলিয়াই দিবলৈ ক'ব।

Saturday 20 August 2016

জগিং, যোগা, ডায়েটিং ইত্যাদি (Jogging, Yoga, Dieting etc.)


'হেৰা শুনিলা নহয় ডাক্তৰে কি ক'লে তুমি ওজন কমাবই লাগিব ন'হলে অকল ঔষধৰে এইটো ভৰি বিষ ভাল হ'বলৈ সময় লাগিব।....' কৃষাণুৱে জিতাক আৰু কিবা ক'ম বুলি ভাবিছিল যদিও জিতাই তপৰাই ক'লে 'নাই কৃষ মই কাইলৈৰ পৰা জগিং যাম। চাবা এমাহত কিমান ওজন কমাই দিম, নাই কমেও চাৰি কিল' কমামেই'

কৃষাণুৰ জনা আছে জিতাৰ জগিংৰ কথা কিমান কৰিব, তথাপিও এইবাৰ ডাক্তৰে কৈছে যেতিয়া কৰিবও পাৰে। সেই ভাবিয়েই ক'লে যে ব'লা তেন্তে তোমাৰ জগিং চুট আৰু জোতা কিনি ল'বা। নতুন বস্তু কিনা বুলি ক'লে জিতায়ে খুব ভাল পায়। ছোৱালীবিলাকৰ স্বভাৱেই চাগৈ এইটো। জগিং চুট, জোতা কিনি মেলি আহোতে পলম হোৱাত জিতায়ে ক'লে এতিয়া আৰু ঘৰত কি ভাত বনাম বাহিৰতে খাই যাঁও ব'লা। কথামতেই বাহিৰতে কিবা এটা খাই দুয়ো ঘৰ পালেহি। ঘৰ পাই দেশৰ খবৰ-বাতৰি লঁও বুলি টিভিটো লগাই ল'লে কৃষাণুৱে। টিভি লগোৱা গম পাই সিফালৰ পৰা চিঞঁৰিলে ভলিউম কমাই দিবলৈ। মানে তেখেত এতিয়া শুব কাইলৈ সোনকালে উঠিব লাগিব যে টিভিৰ মাতত টোপনি নাহিবও পাৰেতো। হওক দে যি হ'লেও ভাবিছে যে ওজন কমাবলৈ কষ্ট কৰিব লাগিব। প্ৰথমদিনা ঠিকেই গ'ল এলাৰ্ম দিয়ামতেই উঠি জগিং কৰি আহিল।

'হেৰা বুজিছা ৰাতিপুৱা সোনকালে উঠি বৰ ভাল লাগে। বহুত মানুহ যায়, কাইলৈৰ পৰা তুমিও ওলাবা ন'হলে' জিতাৰ কথাত কৃষাণুৱে একো নকৈ মনতে ভাবিলে নিজেই কেইদিন যায় ঠিক নাই ইফালে মোকো লগ লয় দেই। দুদিনৰদিনা জিতা উঠি যোৱালৈকে কৃষাণুৱে সাৰ পাই আছিল তাৰপিছত আকৌ শুই গ'ল। সাতমান বজাত সি শুই উঠি ড্ৰয়িং ৰুমলৈ আহি দেখিলে চোফাখনতে কুছিমুছি জিতা শুই আছে। এইয়া কি! জগাই দিবলৈ ধৰোতেই তাই সাৰ পাই মাত লগালে। আজি বোলে বৰ ভাগৰ লাগিল চোফা খনত আহি বহি দিওঁতে কেতিয়া টোপনি গ'ল গমেই নাপালে। কাইলৈৰ পৰা আৰু এনেকুৱা নহয় বুলি কৈ বাথৰুমত সোমাল। কৃষাণুৰ এনেও সন্দেহ আছিলেই তথাপিও মানি লৈছিল। তৃতীয়দিনা এলাৰ্ম বাজিয়েই আছে জিতাৰ একো সাৰসুৰ নাই। কৃষাণু এলাৰ্মটো বন্ধ কৰি জগাওতে সিফালে বাগৰ সলাই শুইহে থাকিল। তাৰ আৰু বুজিবলৈ বেছি সময় নালাগিল যে জগিংৰ অন্ত পৰিল। পুৱা শুই উঠি 'বুইছা মই কথা এটা ভাবিছো জগিং কৰাতকৈ মই ৰামদেৱৰ যোগা কৰিম লগতে ডায়েটিং।' কৃষাণুৱে একো নামাতি মনে মনে তাইৰ কথা শুনি গ'ল। পিছদিনা শুই উঠি দেখে জিতা কপালভাটী কৰাত ব্যস্ত আৰু কাষতে লেপটপটোত ইউটিউবত ৰামদেৱৰ যোগাৰ ভিডিঅ এটা চলি আছে। এইবাৰ দেখোন শেনৰো এজাত। একো নকৈ সি নিজেই ফিকাচাহ একাপ বনাই পেপাৰ পঢ়াত লাগিল। অলপ দেৰি পিছত জিতাইও হাতত কাপ এটা লৈ কৃষাণুৰ ওচৰত বহিলগৈ। কিন্তু জিতাই এইবোৰ কি খাইছে চাহো নহয় পানীও নহয়। সি একো সুধিবলৈ নাপাওঁতেই তাই টপৰাই ক'লে যে পতন্জলি এল'ভেৰা জুছ। পুৱা খালী পেটতে খাব লাগে ফেট বাৰ্ন কৰে আৰু আজি ৰাতিৰ পৰা ভাত খোৱা বন্ধ, লগতে পুৱা গধুলি ৰামদেৱৰ যোগা। উস্ এইজনী আৰু কি নকৰে কিন্তু কিমানদিনৰ কাৰণে? কিবা ক'ম বুলিও একো ন'কলে জানে যে কৈ একো লাভ ন'হব, যি কৰিম বুলি ভাবিছে কৰিবই। সি ওলাই মেলি অফিছ গ'লগৈ, যাঁওতে জিতাৰ কথা ভাবিয়েই গ'ল। কি যে হ'ব ছোৱালীজনী বিয়া হৈ আহিলেও সৰুকালৰ স্বভাৱ কিছুমান আছেই। ৰাতি ভাত নাখাঁও বুলি কৈছে কি বা কৰে। কৰক যি কৰে বুলি ভাবিব বাদ দিলে। ভাত খোৱাৰ সময়তহে জমনি ঘটনাটো ঘটিল। ডাইনিং টেবলত এখন ভাতৰ থালি আৰু আনখনত চিকেন, বইল কণী এটা আৰু ৰুটি এখন। থালি খন দেখি কৃষাণু হাঁহিত ৰ'ব নোৱাৰিলে, তাই এনেই যিকেইটা ভাত খাই তাৰ তুলনাত এইখিনি বহুত বেছি। এনেকৈ যদি  ডায়েটিং কৰে ওজন কমাৰ পৰিৱৰ্তে কেই কেজি বাঢ়িব ঠিক নাই। কিন্তু কৈ লাভ নাই পিছত নিজেই গম পাব।

 এনেকৈয়ে পোন্ধৰদিনমান গ'ল। এদিন ওজনটো জোখাৰ প্ৰয়াসেৰে অতি উৎসুকতাৰে ক'লে যে আজি ওলাই গ'লে ওজনটো জুখি আহিব লাগিব। কথা মতেই ওলাই যাঁওতেই ফাৰ্মাচী এখনত ওজন জোখা মেছিনটোত এটকীয়া কইনচ এটা ভৰাই উঠি দিলে। কিন্তু এইয়া কি ডায়েটিংৰ পিছৰ পোন্ধৰদিনত ডেৰকেজি বাঢ়িছেহে। কেনেবাকৈ কিবা ভুল হৈছে বুলি আকৌ এবাৰ চালে কিন্তু নাই ফলাফল একেই; মানে বাঢ়িছে। কৃষাণুৰ তাইৰ অৱস্হাটো দেখি হাঁহি উঠিছিল যদিও হাঁহিব নোৱাৰিলে। ঘূৰি আহোতে গোটেই ৰাস্তাটো মনে মনে আহিল, এটা শব্দও নোলাল।মনটো ভাল লাগক বুলিয়েই কৃষাণুৱে ক'লে হ'ব দিয়া একো নহয় এতিয়াৰ পৰা ওজন কমোৱাৰ নামত যি তি নকৰিবা। পুৱা গধুলি যোগা কৰিবা আৰু ঘৰতে অলপ কষ্ট কৰিবা খিনাই যাবা। ডায়েটিং চায়েটিং একো কৰাৰ প্ৰয়োজন নাই। অলপ সময়ৰ পিছত জিতায়ে মাত লগালে কাইলৈৰ পৰা আকৌ জগিং লগতে জীম যাম এইবাৰ সঁচাকৈ। কিন্তু কাইলৈটোলৈ ৰৈ ৰৈ কৃষাণুৰ আমনি লাগি গৈছে নাহে হে নাহে।

মনোবৃত্তি (Mentality)



'যোৱাহে মণি কি খালি টিভি চাই থাকিবলৈ আহিছা, ল'ৰাৰ টোপনি আহিছে ভাত কেইটা ৰান্ধি খোৱাই শুৱাই দিয়া। দিনৰ দিনটো টিভিয়ে চাই থাকা এতিয়া নাচালেও হ'ব তোমাৰ 'চাছ্-বহু' চিৰিয়েল কেইখন' এনেকৈ কৈয়ে আকাশে মণিৰ পৰা টিভি ৰিমৰ্টটোলৈ নিজেই কিবা কিবি চোৱাত লাগিল। মণিয়েও একো নামাতি পাকঘৰত সোমালগৈ, কিনো ক'ব এইবোৰ তাইৰ দৈনন্দিন জীৱনৰে একো একোটা অংশ।


দেখাত ধুনীয়া মণিৰ ৰূপ লাৱণ্যৰ প্ৰেমত পৰি মেট্ৰিকটো পাছ কৰোতেই মণিৰ ঘৰত গৈ বিয়াৰ প্ৰস্তাৱ দিয়ে শিক্ষিত চৰকাৰী চাকৰিয়াল আকাশ দত্তই। মণিৰ ঘৰৰ মানুহেও এনেকুৱা চৰকাৰী চাকৰিয়াল আৰু আগলৈনো ক'ত সহজতে পাব বুলি ভাবি পঢ়িবলৈ মন আছিল যদিও দত্তৰ প্ৰস্তাৱক সমৰ্থন কৰি মণিক তেওঁলে বিয়া দি দিলে। দত্ত মানুহজন বেয়া নহয় বিয়াৰ পিছতো পঢ়িব পাৰিব বুলি মণিক কথা দিলে। কিন্তু কথা সেইয়া কথা হৈয়েই ৰ'ল মণিৰ আৰু পঢ়া ন'হল। তথাপিও মণিৰ তেওঁলৈ বিয়া হৈ বেয়া নালাগিল ইমান বেছি মৰম কৰে, মণিৰ ৰূপত অন্ধ আকাশে বিয়াৰ পিছত মণিক যেন এখন্তেকো এৰি নিদিব। প্ৰথমতে মণিৰ ভাল লাগিছিল মনে মনে তাইৰ নিজৰ ৰূপক লৈ গৰ্বও নকৰা নহয়। কিন্তু সদায়েটো জীৱন একে নহয় কোনোবা নহয় কোনোবাখিনিত কেণা লাগিবই। লাহে লাহে মণিৰ অনুভৱ হ'বলৈ ধৰিলে দত্তৰ ঠেক মনোবৃত্তিবিলাক, যেতিয়া মাজে মাজে তাইৰ শিক্ষাগত অৰ্হতাক লৈ ঠাট্টা কৰে। অকল মেট্ৰিক পাছ বুলিয়েই যেন তাই একো কথাই নাজানিব পাকঘৰটোক চলোৱা বাদ দি। ঘৰলৈ তেওঁৰ লগৰ কোনোবা আহিলে মণিয়ে দুআষাৰমান কথা পাতিম বুলি ভাবিলেও দত্তৰ কাৰণেই নোৱাৰে। এইবোৰ কথাত খঙ উঠিলেও দত্তৰ ওপৰত মাত মতা মানে নিজৰ বিপদ নিজেই চলাই লোৱা বুলি ভাবিয়েই মনে মনে থাকে। তাতোকৈ এদিন বেছি দুখ লাগিল মণিৰ যেতিয়া তাইৰ মৰমৰ বায়েক ভিনিহিয়েকৰ আগতেই 'তুমিনো কি জানাহে মণি য'তে ত'তে মাত মাতি নুফুৰিবাচোন' বুলি অলপ টানকৈ শুনাই দিলে। তেতিয়াৰ পৰা তাই এইবোৰৰ পৰা গা এৰাই চলিবলৈ ধৰিলে। যদিও তাইৰ শিক্ষাগত অৰ্হতা কম তথাপিও তাই কথাবোৰ একেবাৰে নজনা নহয়। দিনৰ দিনটো ঘৰত থাকিলেও টিভি চাই, বাতৰি কাকত পঢ়ি দেশ দুনীয়াৰ খবৰ ৰাখে। কিন্তু দত্তৰ মতে মণিয়ে একোৱেই নাজানে তেওঁ অফিচলৈ যোৱাৰ পিছত 'চাছ্-বহু' চিৰিয়েল কেইখন চোৱা বাদ দি। কেতিয়াবা তাইৰ চিঞঁৰি চিঞঁৰি ক'বৰ মন যায় তাইও দেশৰ খবৰ ৰাখে, তাইও মানুহৰ লগত কথা পাতিব জানে কিন্তু অবুজনক বুজাই কিবা লাভ আছে জানো।


আজিও তাই অলিম্পিকৰ বেডমিন্টনৰ ফাইনেলখন চাই লও বুলিয়েই টিভিটো লগাইছিল। কিন্তু আকাশে তাইক আগৰ নিচিনাকৈয়ে ভাত ৰান্ধিবলৈ কৈ নিজেই খেল চোৱাত লাগিল। খেলখন চাই উঠি ভাত খাবলৈ বহি ঘৈণীয়েকৰ আগত পিভি সিন্ধু, সাক্ষী মালিকৰ কথা ক'বলৈ ধৰিলে, ফেচবুকটো ভাৰতীয় নাৰীৰ ওপৰত দুটামান ভাল চাই আপডেট দিলে। দত্তৰ নাৰীৰ ওপৰত ভাষণ শুনি শুনি মণিৰ ভাল লাগিল দেৰিকৈ হ'লেও মানুহজনেযে বুজি পাইছে কথাবোৰ। এতিয়া চাগে তাইক আগৰ নিচিনাকৈ থাকিবলৈ নিদিয়ে, অলিম্পিকে মানুহজনৰ মনটো অলপ সলনি কৰিলে বুলি ভাবি মণিয়ে উৎসাহেৰে মাত লগালে 'মইও এগৰাকী নাৰীয়েই'। কথাষাৰ শুনি দত্তই টপৰাই ক'লে 'থৈ দিয়াহে মণি নিজকে ভাবা কি বুলি'। কথাষাৰ শুনি মণি হতভম্ব হৈ পৰিল মানে ইমান সময় যে মহিলাৰ ওপৰত বৰ বৰ ভাষণ দিয়া মানুহজন একো সলনি হোৱা নাই মাত্ৰ এইবোৰ দেখাকদেখি কৰা ভেকোভাওনাহে। মণিৰ দুখ লাগিল আকাশলৈ ইমান ঠেক মনোবৃত্তিলৈ আজিৰ মানুহো থাকেনে মুখৰে বৰ বৰ কথা কয় আৰু ঘৰৰ মানুহজনীকে বুজি নাপায়। দত্তৰ নিচিনা কিছুমান মানুহৰ কাৰণে উন্নতিৰ পথলৈ যোৱা সমাজখনৰ একোণত ঘূণে ধৰে।