Friday 23 March 2018

Disorder of Written Expression

সেইদনা ইন্টাৰেনটত কিবা খুচৰি ফুৰোত আৰ্টিকল এটা চকুত পৰিল য’ত Disorder of Written Expression ৰ বিষয়ে বৰ্ণনা কৰা আছিল

আমি কেতয়াবা কিছুমান সৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে সিহঁতে লিখিবলৈ খুব এলাহ কৰে অথবা লিখোত বহুত সময় লয়ধৰক সৰু কিবা এটা লিখিবলৈ দিলে আন ছাত্ৰ-ছাত্ৰীয়ে যদি সম্পূৰ্ণকৈ লিখোতে দহ মিনিট সময় লয় সিহঁতে আধা ঘন্টা সময়ো ল’ব পাৰে। কেতিয়াবা হয়তো নিলিখিবও পাৰে। কেতিয়াবা কিবা-কিবি অজুহাত দেখোৱাই আধাতে শেষ কৰি গা এৰা দিয়ে। এনেকুৱা কিয় কৰে তেঁওলোকে? বানান ভুল হোৱাৰ ভয়তনে, আখৰ বেয়া হোৱাৰ আশংকাত

Disorder of Written Expression কি?

কিছুমান ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে সিঁহতে মৌখিক ভাৱে যিমান ভালকৈ উত্তৰ এটা দিব পাৰে কিন্তু লিখাত সিমান পাৰদৰ্শিতা দেখুৱাব নোৱাৰে। যিকোনো প্ৰকাৰে লিখা কামটোৰ পৰা গা এৰা দিব বিচাৰে। এই লিখাৰ ক্ষেত্ৰত দিয়া বিসংগিতকে Disorder of Written Expression বা Dysgraphia বুলি কোৱা হয়। Disorder of Written Expression বা dysgraphia শব্দেকইটা যদিও আমাৰ মাজত বহুলভাৱে প্ৰচিলত নহয়, কিন্তু ইয়াৰ লক্ষণসমূহ হ’লে একবাৰে নোহোৱাও নহয়। এইসমূহ কিছুমান সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত দেখা পোৱা যায়। কিন্তু বয়স অনুযায়ী বেলেগ বেলেগ হ’ব পাৰে। বিশেষকৈ ছোৱালীতকৈ ল’ৰাৰ ক্ষেত্ৰত এনে লিখাৰ আঁসোৱাহ বেছিকৈ দেখিবলৈ পোৱা যায়।

Disorder of Written Expression ৰ লক্ষন সমূহ
  • লিখোতে বহুত বানান ভুল হোৱা,
  • দাৰি, কমা বহুৱাব নজনা,
  • সৰু সৰু ব্যাকৰণ ভুল কৰা,
  • বাক্য এটাৰ গাঠনি ভালকৈ কৰিব নোৱাৰা,
  • হাতৰ আখৰ বেয়া,
  • পেৰেগ্ৰাফ এটা ভালকৈ বনাব নজনা,
  • আৰু কিছুমানৰ কাৰণে পেন বা পেঞ্চিলডাল ধৰাটোও টান হৈ পৰে,
  • নিজৰ আখৰখিনি নিজেই পঢ়োতে অসুবিধা পোৱা,
  • লিখাবোৰ বাৰে বাৰে মোহাৰি পেলোৱা, আৰু বহুতো

যদিও দেখাত এইটো এটা সাধাৰণ কথা, সময়ত ইয়াক গুৰুত্ব নিদিলে পিছলৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ভুলবোৰ সাধাৰণতে শিশুৱে প্ৰথম আখৰ শিকিবলৈ আৰম্ভ কৰোতেই কৰা দেখা যায়। প্ৰথমতেই যদি এই ভুলবোৰ শুধৰোৱা নাযায় পিছলৈ পঢা-শুনা ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱ বেয়াকৈ পৰিব পাৰে। ডাঙৰ হোৱাৰ লগে লগে যেতিয়া পঢ়া-লিখাৰ বোজা  বাঢ়িব তেতিয়া তেঁওলোকে এইবোৰ কাৰণত লিখা কামটোক অৱহেলা কৰিব। আৰু যদি পিছলৈও এনেকুৱা ধৰণৰ ঘটনাই ঘটি থাকে তেঁওলোক হতাশাত ভুগিব পাৰে।

ইয়াৰ পৰা কেনেকৈ হাত সাৰিব?

এই লিখাটো পঢ়ি  বৰ বিশেষ চিন্তিত ন’হব কাৰণ এই বিসংগতি সমূহে দেখা দিয়া মানেই  Disorder of Written Expression নহয়। প্ৰথম কিবা এটা শিকোতে ভুল হোৱাটো স্বাভাৱিক। কিন্তু এই ভুলবোৰক গুৰুত্ব নিদিলেহে পিছত সৰু সৰু কথাই ডাঙৰ হ'ব।

ইয়াৰ আচল কাৰণ মনোবিজ্ঞানীসকলে উলিয়াব পৰা নাই যদিও শিকোতেই ভুলৈক শিকা বা অমনোযোগীতাৰ বাবে এনেকুৱা ঘটনা ঘটিব পাৰে বুলি ধাৰণা কৰিছে। যদি আপুনি আপোনাৰ শিশুটোৰ মাজত এনেকুৱা কিছুমান আঁসোৱাহ দেখা পাইছে, তেতিয়া দেৰি নকৰি সজাগ হঁওক। যদি আপুনি শিশুটোৰ ভুলখিনি প্ৰথমৰপৰাই শুধৰাই যায়, তেতিয়া শিশুটোৱে নিজৰ ভুলখিনি ধৰা পেলাব পাৰিব‌। আপুনি নিজেই কথাখিনি লক্ষ্য কৰি বিদ্যালয়টো যাতে কথাটোৰ ওপৰত অলপ গুৰুত্ব দিয়ে, সেইটো জনাবলৈ নাপাহৰিব।

কোনটো আখৰ লিখিলে শিশুটোৱে ভুল কৰে বা টান পায় সেইটো মন কৰি তাক বাৰে বাৰে লিখিবলৈ লগাওঁক। আন অভিভাৱকৰ লগত আলোচনা কৰক, তেঁওলোকেও সমাধান দিব পাৰে। কিন্তু এইবোৰ কথাত গুৰুত্ব নিদিয়াকৈ নাথাকিব ন'হলে Disorder of Written Expression দৰে  সমস্যাৰ সৃষ্টি হ'ব পাৰে।

No comments: