Tuesday 20 March 2018

ডিমেনচিয়া (Dementia) আৰু ব্যক্তিগত অভিজ্ঞতা

মানুহজনে লাহে লাহে কথাবোৰ বেছিকৈয়ে পাহৰিবলৈ ধৰিলে। প্ৰথমতে কাৰোবাৰ নামটো, তাৰপিছত বাৰ, তাৰপিছত তাৰিখ এনেদৰে তেওঁৰ জীৱনত নতুনকৈ ঘটিবলৈ ধৰা ঘটনা বোৰো পাহৰি যাবলৈ লৈছে। কেতিয়াবা এনেকুৱাও হয় নিজেই ধুনীয়াকৈ সজাই পৰাই লোৱা ঘৰখনকো লোকৰ ঘৰ বুলি ভাবি ওলাই যাব বিচাৰে। ঘৰৰ মানুহেও কি হৈছে ধৰিব পৰা নাই সেয়ে ডাক্তৰৰ ওচৰলৈ লৈ গৈ গম পালে যে মানুহজন ডিমেনচিয়া বুলি ৰোগ এটাত আক্ৰান্ত। ডাক্তৰৰ মতে এই ৰোগটো সম্পূৰ্ণকৈ ভাল কৰিব নোৱাৰিলেও বেছিকৈ আক্ৰান্ত হোৱাৰ পৰা ৰোগীজনক ৰক্ষা কৰিব পাৰি। ইয়াৰ কাৰণে ঘৰখনৰ লগতে বাকী মানুহৰো সহায় সহযোগিতাৰ খুবেই বেছি। ডাক্তৰী ঔষধতকৈও বেছি প্ৰয়োজন মানুহজনক সংগৰ।

সেই মানুহজনৰ পাহৰা বেমাৰটোক বহুতে বেলেগ বেলেগ ধৰণে কোৱাও কাণত পৰিছিল। কিছুমানে তেওঁক এনেকুৱাকৈ ব্যৱহাৰ কৰিছিল বা কিছুমানে এতিয়াও কৰে যেন তেওঁ আৰু একো কথাই গম নাপায়, সকলোবোৰ পাহৰিলে। কথা এটা ক'লেও যেন ভুলকৈহে ক'ব। এইখিনিতে এটা সুখবৰ দিঁও যে মানুহজনে এতিয়া সুস্থ। কথাবোৰ আগৰদৰে পাহৰি নাযাই, দুই এটা পাহৰি গ'লেও কোনোবাই শুধৰাই দিলে মনত পেলাব পাৰে। কিন্তু সমস্যাটো হ'ল আজিকালি তেওঁ আগতকৈ খুব কম কথা কয় কিয়নো তেওঁৰ মনত চাগে সোমাই গৈছে যদি তেওঁ কিবা ভুলকৈ কৈ দিয়ে। এইবোৰৰ প্ৰধান কাৰণ আমাৰ সমাজৰ এচাম মানুহ যিয়ে তেওঁৰ ওচৰতে বাৰে বাৰে ভুলকৈ কৈছে বুলি প্ৰতিপন্ন কৰিবলৈ বিচৰাটো। তেনে চামৰপৰা ডিমেনচিয়া বুলিয়েই নহয় যিকোনো ৰোগীকে আঁতৰাই ৰখাটো খুবেই প্ৰয়োজন। লগতে আন মানুহবোৰো সচেতন হোৱাটো দৰকাৰ। এটা কথা মনত ৰখা দৰকাৰ যে ৰোগীজনেহে পাহৰিছে আপুনিটো পাহৰা নাই, তেনে ক্ষেত্ৰত তেওঁক ইতিকিং অথবা তাচ্ছিল্য কৰা সলনি ভালদৰে শিকাই নিদিয়ে কিয়।

ডাক্তৰক দেখুৱাই যেতিয়া গম পালে যে তেওঁৰ কথাবিলাক পাহৰাৰ কাৰণ হ'ল ডিমেনচিয়া। ডাক্তৰে যদিও দৰৱ দিলে লগতে ক'লে যে এক ছেকেণ্ডৰ কাৰণেও মানুহজনক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিব আৰু যিমান পাৰে তেওঁৰ লগত কথা পাতক, বেলেগ কামত ব্যস্ত কৰাই ৰাখক। তেতিয়াৰ পৰা:
  • তেওঁলোকে মানুহজনক কেতিয়াও অকলশৰে নাৰাখে, লগত কোনোবা নহয় কোনোবা এজন থাকেই।
  • তেওঁৰ ভাল লগা পুৰণা কথাসমূহ উলিয়াই যাতে ব্যক্তিজনে কথা পাতিবলৈ এটা বিষয় পায়।
  • তেওঁক আধা ঘণ্টা এক ঘণ্টাৰ কাৰণেই হ'লেও ডায়েৰী লিখিবলৈ দিয়ে অথবা খেলৰ দৰে সৰু সুৰা অংক কৰিবলৈ দিয়ে। যিবোৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথমতেই শিকোৱা হয়। মুঠতে যিমান পাৰি তেওঁক ব্যস্ত কৰি ৰাখে।
  • তেওঁৰ লগত কথা পাতি পাতি যিমান পাৰে একেবাৰে সহজ কিছুমান প্ৰশ্ন সোধে যেনে আজিৰ তাৰিখ, বাৰ ইত্যাদি। যদি তেওঁ নোৱাৰে মৰমৰে শুধৰাই দিয়ে।
  • তেওঁ পাহৰি গ'লে তেওঁক আশ্বাস দিয়ে যে সৰু সৰু কথা সকলোৱে পাহৰে এইটো একো ডাঙৰ কথা নহয়।
  • এইবোৰৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল মৰম, ধৈৰ্য আৰু গুৰুত্ব।


এনেদৰে তেওঁৰ লগত কৰোতে কৰোতে তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে। আজিকালি পাহৰাটো কমিছে সৰু সুৰা দুই এটা ভুল কৰিলেও আগৰদৰে নহয়।এইবোৰৰ লগতে খাদ্যটোও বহুত নিৰ্ভৰ কৰে। সময়মতে যাতে তেওঁ আহাৰ গ্ৰহণ কৰে তাৰ ওপৰতো চকু দিয়া উচিত। এনেক্ষেত্ৰত ঘৰৰ মানুহৰ লগতে কাষে বাৰে থকা সমূহ মানুহ তেওঁৰ লগত সজাগ হোৱাটো খুবেই প্ৰয়োজন।

ডিমেনচিয়াৰ লক্ষণসমূহ ব্যক্তি অনুযায়ী বেলেগ বেলেগ, ইয়াৰ প্ৰকাৰো বেলেগ বেলেগ হয় আৰু বেমাৰবিধনো কিয় হয়,এইবিষয়ে কোনো ডাক্তৰক সুধিলে ভালকৈ বুজাই দিব পাৰিব। অথবা আপুনি নিজেও ইণ্টাৰনেটত পঢ়ি অলপ আইডিয়া কৰিব পাৰিব। কেৱল এইটো জানক যে এই ডিমেনচিয়া ৰোগটো আজিকালি প্ৰায় কমন হৈ উঠিছে। বয়সৰ লগে লগে এইবিধ ৰোগে দেখা দিয়ে। সাধাৰণতে ৬৫বছৰৰ পিছত এই ৰোগে দেখা দিয়ে যদিও কিছু কিছু ক্ষেত্ৰত ৪০/৫০বছৰ বয়সতো ডিমেনচিয়া হ'ব পাৰে। পৃথিৱীত প্ৰায় ৪৭.৫ মিলিয়ন এই ৰোগত আক্ৰান্ত ব্যক্তি আছে।

No comments: