চকুত কাজল, ওঠত লিপষ্টিক, কাণত ছটাকৈ পিয়েৰচিং এইবোৰটো বহুত দেৰিকৈ বুজি পাইছিলো। স্কুলীয়া দিনত ষ্টাইলৰ নমত এটাই সপোন আছিল চুলিখিনি দীঘল কৰি ৰখা। খুব মন গৈছিল তেতিয়া চুলি দীঘল কৰিবলৈ। মোৰ বয়সৰ কোনোবা দীঘল চুলিৰ ছোৱালী দেখিলে ৰ লাগি চাইছিলো 'মোৰো যদি এনেকুৱা একোচা চুলি থাকিলহেঁতেন!' লগতে নিজকনো চুলিখিনি দীঘল হ'লে কেনেকুৱা লাগিব কল্পনা কৰিবলৈকো এৰা নাছিলো। কল্পনা কৰোতে দেখোন ইমানো বেয়া লগা নাছিল, সেয়ে কেতিয়াবা মাক কৈ চাইছিলো 'মা এইবাৰ চুলিখিনি দীঘল কৰিবলৈ দিয়ানা।' লগতে মেখেলা চাদৰৰ (অসমীয়া মাধ্যমৰ স্কুল) লগত যে পূৰা ডিঙি ওলাই থকাকৈ কটা চুলিখিনিৰে বেয়া লাগে দেখিবলৈ সেইখিনিও আকাৰে ইংগিতে বুজাই দিছিলো। কিন্তু কথাষাৰ শুনি যে মায়ে কি ক'ব সেইখিনি ন'কলেও বুজিব পাৰি। লাহেকৈ তাৰপৰা চাইদ কটাই ভাল হ'ব বুলি কথাটো কৈয়েই আতঁৰি আহো।
চুলি ৰখাৰ প্ৰস্তাৱটো ৰখাৰ পিছদিনা যদি দেওবাৰ হয় কথাই নাই আৰু ন'হলেও দেওবাৰটো অহালে যেন মাৰ অধীৰ অপেক্ষা। দেওবাৰে পুৱা যেতিয়া দেউতাই দাৰি কটা বাকচত কিবা বিচাৰি থাকে তেতিয়াই বুজিব লাগিব যে আজি মোৰ চুলিৰ লগত কি হ'ব। গতিকে দেউতাই মতাৰ আগতেই কাপোৰ এখন গাত লৈ আগফালৰ বাৰণ্ডাখনত বহি দিও। তাৰপিছৰখিনি চাগে ন'কলেও হ'ব।দেউতাৰ চকুৰে সন্তোষ নোপোৱালৈকে কাটি ক'ব 'যাহ, মাৰক দেখুৱাই আহ।' মাৰক দেখুৱাই আহ মানে দেউতাৰ কেচীৰ আগত আকৌ এবাৰ বহিব লাগিব। কাৰণ মাৰ চকুত লগা নাই আৰু অলপ চুটি হ'ব লাগিব। ন'হলে বোলে পঢ়াৰ সময়ত চুলিখিনি চকুৰ আগত পৰি থাকে, চুলিখিনি দীঘল হৈ থাকিলে পঢ়াত মন নবহে। মুঠতে পঢ়া ক্ষতি হোৱাৰ একমাত্ৰ কাৰণ বোলে চুলিখিনিহে! গতিকে দ্বিতীয়বাৰৰ বাবে দেউতাৰ কেচীৰ আগত মোৰ চুলিৰ লগতে চব জল্পনা কল্পনা সকলোবোৰ দান দি পিছদিনা নতুন হেয়াৰ কাট লৈ পুনৰ স্কুল যাঁও।
বি:দ্ৰ: এই ঘটনা মেট্ৰিক দিয়ালৈকে অব্যাহত আছিল
No comments:
Post a Comment