Sunday 21 January 2018

এজন মানুহৰ মৃত্যুত!

এখন হাতত ছয় সাত কিল' ওজনৰ চিতল মাছ এটা আৰু আনখন হাতে পাচলিৰ মোনাটো লৈ খপখপকৈ পোনাকণ মানে বিকুল লোহাৰৰ গেটখন খুলি সোমাই আহিল। পিছে পিছে হাতত বগা পাতিহাঁহ এটা লৈ বিকুলৰে আঠবছৰীয়া সন্তান ৰিডমো দৌৰি দৌৰি সোমাই আহিছে। বাপেককে ককায়েককে বজাৰৰপৰা অহা দেখি আইতাকৰ লগত ৰ'দত বহি কমলাটেঙা খাই থকা কণমানি ৰুহি 'আজি মাছো খাম হাঁহো খাম' বুলি টিকটিকাই দেউতাকৰ ওচৰলৈ দৌৰ মাৰিলে।

কিবা খাব পাৰক বা নোৱাৰক সিহঁতহালৰ সেই স্ফূৰ্টিটোৱেই ডাঙৰ কথা। সৰুৰেপৰা সিহঁতৰ মাঘবিহুৰ উৰুকাটোলৈ বৰ হেঁপাহ। ৰিডম আজিকালি ডাঙৰ হোৱাৰ পৰা দেউতাকৰ লগত বজাৰ কৰিবলৈ গৈ খুবেই চখ পোৱা হৈছে। তাৰ মনৰ জোখাৰে পাছলি, মাছ, মাংস কিনা হ'লেহে ঘৰখনলৈ মনত পৰে। আজিও দেউতাকৰ লগত গৈ এসোপামান বজাৰ কৰি আহিছে ৰাতি বোলে উৰুকাৰ ভোজ খাব।

'পোনাকণ ইমানবোৰ আনিছ যে খাব পাৰিবি জানো' নাতিনীয়েকৰ লগতে উঠি অহা পোনাকণ মানে বিকুলৰ মাকে বজাৰৰ মোনাটো খুচৰি খুচৰি সুধিলে।

'তোমাৰ মৰমৰ নাতিক সোধা বজাৰত গৈ কি কৰিছিল।' বুলি মাকক কৈ এটা হাতে মাছটো আৰু আনহাতে ৰিডমৰ পৰা হাঁহজনী লৈ ভিতৰলৈ সোমাই গ'ল।

'মীৰা চাহ একাপ বনোৱা বৰ ভাগৰ লাগিছে। বুজিছা ইয়াক বজাৰলৈ নিয়াটো বন্ধ কৰিব লাগিব। যি দেখে তাকে কিনিবলৈ লাগে খুব যেন খাবহে পাৰে।' পিছফালৰ বাৰাণ্ডাতে বজাৰৰ মোনাটো থৈ হাঁহটো বান্ধি থ'বলৈ ৰছী এডাল বিচাৰি বিচাৰি ঘৈণীয়েকক কথাখিনি কৈ গ'ল।

'হ'ব দিয়া এতিয়াহে এইবোৰ কৰিব ডাঙৰ হ'লেনো ক'ত তোমাৰ লগত সি বজাৰ কৰিবলৈ যাব। এইবাৰেই আহি বেয়া পাইছে ভেলাঘৰটো নাই কাৰণে, অহাবাৰলৈ বা আহিবলৈ মন কৰেই নে নকৰে।' মীৰাইও বৰপিঠা ভাজিবলৈ আয়োজন কৰা গুৰৰ সৈতে থকা পিঠাগুৰি বাটিটো হাততে লৈ বাৰাণ্ডালৈ ওলাই আহিল।

'ভেলাঘৰহে সিহঁত দুইটাকে দেখুৱাই আনিম দিয়া। আমাৰ দেখোন বৰ নামঘৰৰ বৰ পথাৰত কিমান বৃহৎ এটা ভেলাঘৰ বনাইছে টাইটানিক জাহাজখনৰ নিচিনাকৈ সিহঁতে সেইখন চাই বেছিহে ভাল পাব।' মীৰাই বিকুলক আৰু একো ক'বলৈ নিদিলেই 'সিহঁতক তেনেকুৱা ভেলাঘৰ নালাগে অ। ককাৱকে আগতে সাজি দিয়া ঘৰটোহে লাগে য'ত ৰাতি জুই ফুৱাই ফুৱাই আলু পোৰা খাইছিল।'

ইমান সময় টাইটানিকৰ দৰে ভেলাঘৰটোৰ চিন্তাত থকা বিকুলক মীৰাৰ কথাকেইটাই এতিয়াহে বিন্ধিলে। ৰছী এডালেৰে হাঁহটো বান্ধি ধান-চাউলকেইটামান সৰু বাটি এটাতে দি সি লৰালৰিকৈ হাত ভৰিকেইটা ধুবলৈ গ'ল।
ল'ৰা-ছোৱালীদুটাক ককাৱকে সাজি ভেলাঘৰটোহে লাগে!

ভেলাঘৰ! ভেলাঘৰে বিকুলক তাৰ অতীতলৈ ঘূৰাই নিলে।

***

'হ'ব দে বোপাই অ দুখ নকৰিবি। আমি সকলোৱে এদিন হ'লেও এদিন মৰিমেই। আৰু এনেকৈ কষ্ট পাই জীয়াই থকাতকৈ মুক্তি পোৱাই ভাল অ'। দেউতাকৰ মৃত্যুৰ দিনা সি চিনাকি, মিতিৰ-কুটুম্বৰ পৰা শুনা কথা। লাহে লাহে সিও নিজকে চম্ভালি লৈছিল। সময়ৰ সোঁতত সলনি হৈছিল সকলোবোৰ। মাজে মাজে উদং কপালখনৰে বগা সাজজোৰৰ সৈতে মাকৰ মুখখনে অৱশ্যে তাক আমনি নকৰা নহয়। নাতি-পুতিৰ মাতটোতে উজ্জ্বল হৈ উঠা মাকখনৰ মুখখনত তথাপিও দেউতাকৰ মৃত্যুৰ শোকটো ধৰা পৰে।

এজন মানুহৰ মৃত্যুত ক'ব নোৱাৰাকৈয়ে বহুত সলনি হৈ যায়। হয়তো মানুহে সেইটো গম নাপায়, নহ'লে গম পাবলৈ চেষ্টা নকৰে। অৱশ্যে সময়ৰ লগে লগেতো আগবাঢ়িবই লাগিব।

আজি মীৰাৰ কথাকেইটা বিকুলে আকৌ এবাৰ নাভাবিবি নোৱাৰিলে। এতিয়ালৈকে তাৰ মনলৈ অহাই নাছিল যে দেউতাকৰ অবিহনে সিও ভেলাঘৰ এটা সাজিব পাৰে আৰু পিছদিনা সকলোৰে লগত মিলি অগ্নিসেৱাও কৰিব পাৰে। কিনো ইমান ডাঙৰ কামটো সি কৰিব নোৱাৰা। দেউতাক থকালৈকে ভেলাঘৰৰ বনোৱাৰ চিন্তা কৰিবলগা হোৱা নাছিল যে, সেয়ে আজিও সি চিন্তা নকৰিলে। আৰু সিঁহতহালে যে ভেলাঘৰ এটা বিচাৰিবই সেইটো গম পাইছিলেই। সেয়ে সিদ্ধান্ত কৰিছিল ঘৰৰ ওচৰৰ বৰ পথাৰত বনোৱা টাইটানিক আকৃতিৰ ভেলাঘৰটোকে দেখুৱাবলৈ নিব।

***

সঁচাকৈ দেউতাকৰ মৃত্যুৰ লগে লগে কিছুমান পৰম্পৰা সিহঁতে এৰি দিছে নেকি! যোৱাবছৰৰলৈকে সিহঁতে ঘৰৰ ওচৰৰ মানুহ সকলো লগ লাগি উৰুকাৰ ভোজ খাইছিল বিকুল হঁতৰ ঘৰত। এই ভোজৰ কথা সিহঁতে একো ভাবিব লগা হোৱাই নাছিল, সকলোবোৰ দেউতাকেই আয়োজন কৰিছিল মানুহ মতাৰপৰা ভেলাঘৰ সজালৈকে। ঘৰৰ বাহিৰত থকা বিকুলো এনে ঘৰলৈ আহিব নোৱাৰিলেও মাঘবিহুত আহেই, নহ'লে দেউতাকে মনটোত বৰ দুখ পায়। কিন্তু দেউতাকৰ মৃত্যুৰ পিছত সেইটো পৰম্পৰা নোহোৱা হ'ল মানে বিকুলেই মন কৰা নাই এইবাৰ। কিয়নো এইবোৰ আয়োজন কৰা মানুহজনেই নোহোৱা হ'ল। এজন মানুহৰ মৃত্যুৱে যে কিমান সলনি কৰি দিয়ে।

এইবছৰৰ মাঘবিহু উৰুকাটো একেবাৰে উৰুঙা হৈ পৰিল। মাকৰ লগতে সিহঁত চাৰিটাই উৰুকাৰ নিশাৰ সাজ খাব।

এনে সন্ধিয়া সময়কণত বুঢ়ীমাকে টিভি ওচৰৰপৰা নুঠে, কিন্তু নাতি-নাতিনী দুটা আহিল বুঢ়ীৰ গা সাতখন আঠখন হয়। সিহঁতহালে যি কৰিবলৈ কয় তাকে কৰে। যোৱাবছৰৰ সৈতে এইবছৰো ভেলাঘৰ নাই কাৰণে পিছফালৰ মাটিৰ বাৰাণ্ডাতে চৌকা এটা বনাই দুইটাকে কাষত বহুৱাই লৈছে। সেইখন বাৰাণ্ডাত জুই ধৰিবলৈ সুবিধা কাৰণে পকা নকৰিলে। ভেলাঘৰ এটা নবনোৱা কাৰণে ৰুহিয়েতো পুৱাৰেপৰা থেনথেনাই আছেই। ৰিডমে আকৌ ককাক থাকোঁঁতে কি কি কৰিছিল বাৰাণ্ডাতে চৌকা এটা বনাই মাহ কৰাই ভাজি থকা আইতাকৰ লগত কথা পাতি আছে।

'আইতা, ককা থাকোঁঁতে যে তুমি এইবোৰ মাহ-কৰাই, আলু-কচু ভাজা, এতিয়া নাভাজিলেও হৈ যায় দেখোন। দেতাটোৱে যে একো এটা নাজানে, ভেলাঘৰটোও নাজানে বনাব.... আগতে যে আমি ভেলাঘৰত জুই ফুৱাও, পিছদিনা ৰাতিপুৱা যে অগ্নি প্ৰজলিতং গাই জ্বলাই দিও। আৰু মাঘবিহুত নাহো, তুমিও ইয়াত থাকিব নালাগে। আমাৰ লগতে লৈ যাম এইবাৰ।'

নাতি বুঢ়ীমাকৰ কথা একেবাৰে আখৈ ফুটাদি ফুটিছে। মীৰাইও পাকঘৰৰপৰা আজৰি হৈ আহি সিহঁতৰ ওচৰতে পিৰা এখন পাৰি বহিছেহি। বিকুলে আকৌ হাঁহ-মাছবোৰ কটা-বচাত লাগিছে। সি এইবোৰ কৰি আজৰি হ'লেই মীৰা আকৌ পাকঘৰত সোমাবহি লাগিব। মীৰা সিহঁতৰ ওচৰলৈ যোৱাৰ লগে লগে আইতাকৰ কাষত বহি থকা ৰুহি মাকৰ কোলাত সোমালহি।

'হেৰা মোৰ হৈ গ'ল তুমি আহি ৰন্ধা-বঢ়াত লাগাহি, নহ'লে এই দুটা অলপ পিছত টোপনিয়ে যাব' বুলি মাছ-মাংসখিনি ধুই পাকঘৰত থৈ ভিজা হাতখন বাৰাণ্ডাৰ ৰছীডালত মেলি থোৱা গামোছাখনত মুছি মূঢ়া এটা আনি বিকুুল সিহঁতৰ ওচৰতে বহিল।

বিকুলক চাহ একাপ দি ভাতকেইটা বনাবলৈ মীৰাই ৰুহিক বিকুলৰ কোছত বহুৱাই পাকঘৰলৈ গ'ল।
'মা এইবাৰ তই আমাৰ লগতে ওলাবি ইয়াত আৰু অকলে অকলে কিমান থাকিবি। আমাৰ লগত একেলগে থাকিলে চিন্তাটোও কমি থাকে। দেউতা থাকোঁঁতে বেলেগ আছিল।' জুইয়ে পুৰি শেষ কৰিবলৈ ধৰা খৰিডালৰ গুৰিটো জুইলৈ আগবঢ়াই বিকুলে কৈ গ'ল।

'মইনো দেউতাৰে সজাই থৈ যোৱা ঘৰখন এনেকৈ এৰি থৈ কেনেকৈ যাওঁঁ।' আইতাকে কথাকেইটা শেষ কৰিবলৈ নাপালেই, ৰিডমে মাত লগালেই 'আইতা যাবই লাগিব আমাৰ লগত আৰু মাঘবিহুত নাহো ইয়ালৈ। ককাও নাই ভেলাঘৰো নাই। তোমাকো লৈ যাম।'
ৰিডমৰ কথাকেইটা শুনি সঁচাকৈ খুব দুখ লাগিল। দেউতাকৰ মুখখনলৈ বৰ মনত পৰিল, তেওঁৰ মৃত্যুটোৱে কিমান কি সলনি কৰি দিলে। কিন্তু বিকুলেনো উৰুকাৰ আগদিনা ঘৰলৈ আহি কেনেকৈ এটা ভেলাঘৰ সাজি দিব! দেউতাকৰ নিচিনাকৈ ইমান লাগি থাকিবলৈ তাৰ ধৈৰ্যও নাই। ৰিডমকনো কি ক'ব সি অলপসময়ৰ কাৰণে ভাবিব লগা হ'ল।

'ৰিডম আইতাকে লৈ যাম দিয়া আমাৰ লগত। এইবাৰৰপৰা আমি গুৱাহাটীত ভেলাঘৰ সাজি উৰুকাৰ ভাত খাম।' পুতেকৰ মনটো এনেই ভাল লগাবলৈকে বিকুলে ৰিডমক ক'লে।

'হ'ব দে মা একো নহয় ঘৰটো কোনোবা ভাল মানুহ পালে ভাড়ালৈ দি দিম, তই আমাৰ লগতে ওলাবি। দেখিছ নহয় ইহঁতকেইটাও কেনেকৈ লাগি আছে।' মাকক কৈ মীৰাইনো কি কৰি আছে চাবলৈ বিকুল উঠি গ'ল।

এনেদৰেই কথাৰ মহলা মাৰি আটাইয়ে মীৰাই ধুনীয়াকৈ ৰন্ধা হাঁহে কোমোৰাই, চিতল মাছৰ জোল, আলুগুটি ভাজিৰে সিহঁতে উৰুঙা উৰুঙা লগা উৰুকাৰ ভাতসাজ খালে।

***

বহুত নেৰানেপেৰাকৈ লগাৰ পিছত বিকুলৰ মাক সিহঁতৰ লগত যাবলৈ সাজু হ'ল। যাবৰ দিনা মাকৰ অৱস্থাটো বিয়াৰ নিশা মাকৰ ঘৰৰপৰা উলিয়াই পঠোৱা কইনাজনীৰ দৰে হৈছে। চকুপানীয়ে চকুকেইটা জলজলীয়া কৰি পেলাইছে। তাকে দেখি ৰুহিয়ে দেউতাকক লগাইছে 'দেতা আইতামণিয়ে কান্দিছে।' মাকৰ মনৰ কথা বিকুলে ঠিকেই বুজি পাইছে কিন্তু উপায়টো নাই। অকলে এইটো ঘৰত থকাতকৈ সিহঁতৰ লগত থকাই ভাল। বয়সীয়াল মানুহজনীক অকলে ঘৰখনত থৈ যোৱা মানে এটা আৰু চিন্তা বিকুলৰ। শেষবাৰৰ বাবে ঘৰটোৰ চাৰিওফালে ঘূৰি চব ঠিকেই আছে নে চাই দুৱাৰদলিতে আৰু তুলসীভেটিতে সেৱা এটা কৰি গাড়ীত বহিলহি। আইতাকক লগত লৈ অনাৰ বাবে সিহঁতহালৰ ফূৰ্টিত তত নাই। আইতাক কাৰ লগত শুব, কোনটো ৰুমত থাকিব সেই কথা লৈ মাজে মাজে কাজিয়াও লাগে। মাক নহ'লে আইতাক কোনোবাই আকৌ সিহঁঁতৰ কাজিয়াখন ভাঙিব লাগে।

***

যদিও বিকুলে ভাবিছিল কোনোবা ভাল মানুহ পালে গাঁৱৰ ঘৰটো ভাড়া দিব কিন্তু সেইটো আজি দুবছৰে হোৱাগৈ নাই। আচলতে গাঁৱবোৰত ভাড়া থাকিবলৈ অহা মানুহৰ সংখ্যাও কম। সেইদিনা ফোনত ঘৰৰ ওচৰৰে বুবুলে ঘৰটো এপাক চাই যাবলৈ আহিবলৈ বিকুলক খাটনি ধৰিলে। মাকৰো মনটো গাঁৱৰ ঘৰখনতহে থাকে। যদিও পুত্ৰ-বোৱাৰী, নাতি-পুতিৰে ভৰা ঘৰখনত থাকে তথাপিও কিবা মনটো যে বিষন্নতাৰে আৱৰি থাকে সেইকথা বিকুলে বুজি পায়।

বুবুলৰ কথামতে  বিকুলৰ মাকৰ লগতে গোটেইকেইটা এইবাৰ বিহুত গাঁৱৰ ঘৰলৈ আহিল। উৰুকাৰ আগদিনা আহি বুবুলহঁতৰ ঘৰতে থাকিল। বুবুলে আকৌ বিকুলৰ লগত ল'ৰা-ছোৱালীহাল আহিব বুলি শুনি সিহঁতৰ চোতালতে সৰুকৈ ভেলাঘৰ এটাও সাজি থৈছে।

এই দুবছৰে মানুহ নথকা ঘৰটোৰ অৱস্থা দেখি মাকে শোকত ৰৈ থাকিবই নোৱাৰিলে। বুবুলৰ মাকক সাৱটি হেঁপাহ পলুৱাই কান্দি ল'লে। ঘৰটো একেবাৰে এৰাপলীয়া ঘৰ হোৱাদি হ'ল। আছাম টাইপৰ ঘৰটো বনৰীয়া গছ লতিকাৰে আৱৰি ধৰিলে। ডাঙৰ চোতালখনত ঘাঁহ-বন গজি গৰু-ছাগলীৰ বাসস্থান হোৱাদি হ'ল। কোঠাবোৰটো বাদুলী, চৰাই-চিৰিকটিয়ে বাস ল'লে। নিজে সুন্দৰকৈ গঢ়ি লোৱা ঘৰটোৰ এই অৱস্থা দেখিলে কাৰনো শোকে খুন্দা নামাৰিব।
'মোক ঘৰটো চাফা কৰি দি থৈ যাবি এইবাৰ আৰু মই এই ঘৰ এৰি থৈ নাযাওঁঁ। মানুহটোৱে গঢ়ি থৈ যোৱা ঘৰখন মই এনেকৈ এৰিব নোৱাৰো পোনাকণ।' ঘৰটোৰ গেইটখনৰ ওচৰতে ৰৈ মাকে বিকুলক ক'লে।

'দেউতাৰৰ মৃত্যুৰ লগে লগে চাচোন কিমান সলনি হৈ গ'ল, আনকি ঘৰখনো ঘৰ হৈ নাথাকিল।' মাকৰ লগতে বুবুলৰ মাকেও যোগ দিলে।

***

এইবাৰ উৰুকাৰ নিশাৰ সাজ বুবুলহঁতৰ লগত একেলগে খাই পিছদিনা বিহুৰ দিনাই বুবুলৰ লগত ঘৰটো চাফা কৰিবলৈ মানুহ বিচাৰি গ'ল।
'বুজিছ বুবুল, মইতো চাকৰি এৰি ইয়াত থাকিব নোৱাৰো, মাকো অকলে এৰিব নোৱাৰো। কিন্তু যি দেখিছো মায়ে এই ঘৰখন এৰি মোৰ লগত থাকি শান্তি নাপায়। এইবাৰ যে মোৰ লগত যাব আশা নাই।' গাড়ীখন চলাই গৈ থাকোতে বিকুলে কাষতে বহি যোৱা বুবুলক কৈ গ'ল।

'এই দুবছৰে মা লগতে থকাৰ কাৰণে ঘৰলৈ অহাৰ কথা ভবাই নহ'ল। মাজে মাজে আহি ঘৰখন চাফা কৰি থকা হ'লে, নহ'লে তঁহতকে কোৱা হ'লেও মায়ে ঘৰখন দেখি ইমান দুখ নাপালেহেঁতেন।'

'পোনা এইবাৰ এটা কাম কৰিবি, বৰমাক এইবাৰ থৈ যাবি, আমিতো কাষতে আছোৱেই। লাগিলে ৰাতি থাকিবলৈ গাঁৱৰে কোনোবাক ঠিক কৰি থৈ যাবি আৰু মাজে মাজেতো তঁহত আহি থাকিবিয়েই।' বিকুলৰ কথাকেইটাৰ মাজতে বুবুলে মাত লগালে।
দিনটো কাম কৰা মানুহ বিচৰাৰ লগতে চিনাকি কেইবাঘৰতো বিহু বুলি পাক এটা মাৰি সন্ধিয়া দুয়োটা ঘৰ সোমালহি।

'কাম কৰা মানুহ পালিনে?' পোনাকণ ঘৰ সোমাওঁঁতেই চোতালতে ৰৈ থকা মাকে মাত লগালেহি।
'অ পালো কাইলেৰপৰা কামত লাগিব, চাফা নোহোৱালৈকে তই বুবুলহঁতৰ লগতে থাকিবি আমি পৰহিলৈ গুচি যাম।' বিকুলৰ কথাকেইটাই মাকে মনটোতে কিমান যে ফূৰ্টি পালে। এই দুবছৰে পুতেকৰ লগত আছিল যদিও নিজৰ ঘৰখনত থকাৰ সুখ কোনে বুজি পাব। গিৰিয়েক নাথাকিলেও তেওঁ সজাই থৈ যোৱা ঘৰখন এনেকৈ নষ্ট হ'বলৈ দিব নোৱাৰি নহয়। কিমান স্মৃতি জড়িত হৈ আছে এইখন ঘৰৰ লগত, তেওঁৰ মৃত্যুৰ লগে লগেতো সকলো শেষ যৈ যাবলৈ দিব নোৱাৰি। পুতেকৰ গাতো দোষ নাই অকলশৰীয়া মাকলৈ সিমানখিনি চিন্তা থাকিবই আৰু কৰিবই। তথাপিও মানুহজনৰ মৃত্যুৰ পিছত..

***

সুদীৰ্ঘ দুবছৰৰ মূৰত তেওঁ উভতি আহিছে তেওঁৰ ঘৰখনলৈ। যিখন ঘৰলৈ বিয়া হৈ আহি গিৰিয়েকৰ লগত সোমাইছিলহি পুৱতি নিশা। কেনেকৈ তেওঁক শাহুৱেকে চাকি-ধূপৰ সৈতে 'ঘৰলৈ লক্ষিমী আহিছে' বুলি আদৰি লৈ গৈছিল, আজি পুনৰবাৰ পয়সত্তৰ বছৰীয়া দময়ন্তী দেৱীৰ মনত কথাবোৰে অগাদেৱা কৰিবলৈ লৈছে। যিমানেই হওক তেওঁৰ বাবে আজিও এইবোৰ সৌ সিদিনাৰহে স্মৃতি, এক মিঠা স্মৃতি। আৰু এই ঘৰখন তেওঁ তুুলি ধৰা শুৱনি ঘৰখনি।

No comments: