Tuesday 27 February 2018

ছাতি

ছাতি

আজিও আনদিনাৰ দৰে হৰিপ্ৰিয়া মাষ্টৰণী উধামুধাকৈ স্কুললৈ আহিছে। তেওঁ স্কুলৰ খেলপথাৰখন পাইহি মানে ইতিমধ্যে প্ৰাৰ্থনাৰ বেল পৰিছেই। এটা হাতে ছাতিটো ধৰি আনটো হাতেৰে মেখেলাখনৰ ঠিক ফিচিকি যোৱা অংশটো সকলোৱে দেখাকৈ ওলাই গৈছে নেকি পৰীক্ষা কৰি যিমান পাৰে দীঘলকৈ খোজকেইটা দিলে। আজি শেষৰ দিনটোত প্ৰাৰ্থনা সভাখন নাপালে বেয়া লাগিব। সোনকালে স্কুললৈ আহি খেলি থকা ল'ৰা-ছোৱালীকেইটাই বে'লৰ  শব্দ শুনি প্ৰাৰ্থনা গাবলৈ শাৰী শাৰীকৈ থিয় হ'লহি। যিখিনি এতিয়াও বাটতে আছিল বেলৰ শব্দ শুনি ততাতৈয়াকৈ দৌৰি দৌৰি আহি শাৰীত থিয় হ'ল। সিহঁতৰ লগতে হৰিপ্ৰিয়া বাইদেউৱো প্ৰায় দৌৰি অহাদিয়ে আহি শিক্ষকসকলৰ কমন ৰূমৰ সন্মুখত থকা আমলখি গছডালৰ তলত থিয় হৈ থকা বাকী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওচৰ পালেহি।

'বাইদেউ আজিনো আপুনি ইমান খৰখেদাকৈ কিয় আহিব লাগে?' ছাতিটো বন্ধ কৰি প্ৰাৰ্থনা শুনিবলৈ থিয় হোৱা হৰিপ্ৰিয়া বাইদেউক দেখি লগৰে শিক্ষয়িত্ৰী প্ৰভায়ে মাত লগালে।

'এহ প্ৰাৰ্থনাসভাখন নাপালে কিবা ভাল নালাগে দেখোন অ' ছাতিটো জপাই ভাজে ভাজে জাপকেইটা দি ৰছীডাল মেৰিয়াই থাকি হৰিপ্ৰিয়া বাইদেউৱে প্ৰভালৈ নোচোৱাকৈয়ে উত্তৰটো দিলে।

আজি এইখন স্কুলত হৰিপ্ৰিয়া দেৱীৰ সাতাইশ বছৰীয়া কৰ্মজীৱনৰ শেষৰটো দিন। তেওঁৰ বাবে স্কুলখন দ্বিতীয় এখন ঘৰৰ দৰে। লগৰ শিক্ষয়িত্ৰী প্ৰভাই সোধা প্ৰশ্নটোৰ উত্তৰ যদিও সাধাৰণকৈ তাইক দি থ'লে, কিন্তু ক'ব নোৱাৰাকৈয়ে তেওঁক ভৰিৰপৰা মূৰলৈকে কিবা এটাই কঁপাই তুলিলে। প্ৰাৰ্থনাৰ শেষত সকলো শিক্ষকৰ লগতে বাইদেউ কমন ৰূমলৈ সোমাই গ'ল। আজি তেওঁ প্ৰধান শিক্ষকৰ কাৰণে আছুতীয়াকৈ ৰখা চকী টেবুলযোৰৰ ওচৰলৈ নগৈ সকলোৰে লগত একেলগে বহিল।

আজি কাৰোৰে দেখোন ক্লাছ কৰিবলৈ যোৱাৰ মতিগতি তেওঁ দেখা নাই। সকলো সহ শিক্ষকে নিজৰ জেগাই জেগাই বহি থকা দেখি নকওঁ বুলি ভাবিও তেওঁ মাত লগালে,

'কাৰ কাৰ ক্লাছ আছে যাওক, কৰি আহকগৈ, মই আছোঁ নহয় দিনটো।'

আচলতে আজি কাৰোৰে মন নাছিল ক্লাছ কৰিবলৈ তথাপিও কৰিবতো লাগিবই। অলপ সময় সকলোৱে হৰিপ্ৰিয়া বাইদেউৰ লগত সময় কটাব বিছাৰিছিল। বাইদেউৰ কথা শুনি যাওঁ নাযাওঁ কৰি এজন এজনকৈ শিক্ষক ৰেজিষ্টাৰ বহীকেইখন লৈ ভাগে ভাগে ওলাই গ'ল। হৰিপ্ৰিয়া দেৱী তেনেকুৱাই, নিজৰ কৰ্তব্যক হেলা কৰিলে খুব বেয়া পাই আজিও তাৰ কোনো সালসলনি নহ'ল। নিজেও কাহানিও নিজৰ কামক আওকাণ কৰা নাই আৰু তেওঁৰ কাৰণেও কোনোবাই ল'ৰা-ছোৱালীকেইটাক নপঢ়ুৱাকৈ থাকিব সেইটো দেৱীয়ে হ'বলৈ দিব নোৱাৰে। আজিও মনটো আছিল চতুৰ্থ শ্ৰেণীৰ ক্লাছটো ল'বলৈ যাবলৈ। প্ৰভাইহে বোলে বাইদেউ আজি থাকক দিয়ক ময়ে তৃতীয় আৰু চতুৰ্থ দুয়োটাৰে একেলগে চাই দিম বুলি হাজিৰা বহী দুখন হাততে লৈ গৈছে।

সকলোবোৰ শিক্ষক ওলাই যোৱাৰ পিছত এতিয়া ৰূমটোত হৰিপ্ৰিয়া দেৱী অকলশৰীয়া হৈ পৰিল। নিজকে আজি তেওঁৰ স্কুলখনত অচিনাকিৰ দৰে লাগিল, ঠিক সাতাইশ বছৰ আগতে নতুনকৈ স্কুলখনত জইন কৰিবলৈ অহা হৰিপ্ৰিয়াজনীৰ দৰে। টেবুলখনত থৈ দিয়া ছাতিটোকে  আকৌ এবাৰ তেওঁ সজোৰে সাৱটি ধৰি টেবুলখনত মূৰটো পেলাই দিলে। ওলাই আহিবলৈ ধৰা চকুলোখিনিক কোনোমতেহে নপৰাকৈ ধৰি ৰাখিছে তেখেতে। 

বাসুদেউ এল.পি স্কুলখনত শিক্ষক-শিক্ষয়িত্ৰী বুলিবলৈ মুঠেই চাৰিজন। প্ৰধান শিক্ষক ৰত্নেশ্বৰ দাসৰ অৱসৰৰ পিছত ইমানদিনে হৰিপ্ৰিয়া দেৱীয়েই প্ৰধান শিক্ষকৰ বাবটো লৈ আহিছে। তেওঁৰ আচলতে এইটো বাব ল'বলৈ একেবাৰে মন নাছিল কিন্তু তেওঁতকৈ জ্যেষ্ঠজন শিক্ষক নোহোৱাত তেওঁৱে বাবটো ল'বলগীয়া হ'ল। প্ৰভাও বৰ বেছি দিনৰ পুৰণি নহয়, সৰু ছোৱালী জইন কৰিছিলহে কেইবছৰমান আগতে। তথাপিও হৰিপ্ৰিয়া দেৱীক তাইৰ বোলে কিবা নিজৰ মাকৰ দৰে লাগে। আচলতে দেৱীয়ে মৰম দিবও জানে যে তেনেকৈ।

হৰিপ্ৰিয়াই জীৱনটোত কি হেৰুওৱা নাই তাৰ হিচাপ কৰিবলৈ গ'লে অশেষ ওলাব। একেবাৰে স্কুলখনেই তেওঁৰ যি নিজৰ বুলি আছিল, অৱশেষত আজি স্কুলখনৰ পৰাও বিদায় ল'ব। পিচে এই ক'লা ছাতিটোৱে হ'লে তেওঁৰ লগ কেতিয়াও এৰা নাই। স্কুলখন প্ৰথম জইন কৰিবৰ দিনাই গিৰিয়েক থূল নাথে মহেন্দ্ৰ দত্তৰ ছাতিটো কিনি দিছিল যিটো আজিলৈকে চলি আছে। আচলতে চলি আছে বুলি ক'ব নোৱাৰি দেৱীয়ে চলাইহে আছে। সেই ছাতিটোৰ জৰাজীৰ্ণ অৱস্থা দেখি কোনো কোনোৱে নতুনকৈ এটা কিনাৰ পৰামৰ্শ দিয়ে, কোনোবাই আকৌ ঠাট্টা কৰি থৈ যায়। তেওঁৰ কিন্তু সেইবোৰলৈ কাণষাৰ নাই। কোনোবাই যদি বেছিকৈ কয় তেতিয়া তেওঁ কয়,

'আজিকালি মহেন্দ্ৰ দত্তৰ সেই আগৰ ছাতিবোৰ নাই। অলপ বেছি বতাহ-বৰষুণতে দেখোন ছাতিবোৰ বেঁকা হৈ ভাঙি যায়।' তেনেকৈ কৈয়ে তেওঁ এই ছাতি বিষয়ক কথাবোৰৰ পৰা গা এৰা দিয়ে।

যিদিনা হৰিপ্ৰিয়া দেৱীয়ে চাকৰিটো পাইছিল গিৰিয়েক আৰু শাহুৱেকৰ যে কেনেকুৱা ফূৰ্ত্তি! যদিও ভেঞ্চাৰ এল পি স্কুল এখনতহে পাইছিল, তথাপিও তেওঁলোকৰ আনন্দৰ অন্ত নাছিল। তাহানিৰ ঘটনাবোৰ হৰিৰ চকুৰ আগত এতিয়াও স্পষ্টকৈ ভাহি থাকে। আচলতে তাহানিৰ কথাবোৰ মনলৈ আনি ৰোমন্থন কৰাৰ বাদে তেওঁৰ উপায়ো নাই। স্কুলৰ পৰা ঘৰলৈ গৈতো কথা এটা পাতিবলৈ তেওঁৰ ঘৰত দ্বিতীয় এটি প্ৰাণী নাই। চাকৰিটো পাই মনটো ভাল লাগিছিল যদিও ভেঞ্চাৰ কাৰণে অলপ বেয়াও লাগিছিল। গিৰিয়েক আৰু শাহুৱেকৰ সাহসত জইন কৰিলে। ঘৰৰপৰা অলপ দূৰৈত কাৰণে শাহুৱেকৰ অলপ চিন্তাও হৈছিল বোৱাৰীয়েকৰ বগা চালখন ক'লা পৰে বুলি। সেয়ে বুঢ়ীয়ে বাঁহৰ খুটাত যি দুটকামান গোটাইছিল তাৰে অলপ পুতেকক দিলে ছাতি এটা কিনি আনিবলৈ।

'যা অ বোপাই, কণা গোঁসাইয়ে কোনোমতে চকুটো মেলি আমালৈ চাইছে। বোৱাৰীজনী ৰ'দডালত দেই পুৰি নাযাবলৈ ভাল চাই ছাতি এটা লৈ আহ।'

এইষাৰ কথা এতিয়াও হৰিপ্ৰিয়াৰ কাণত বাজি থাকে। শাহুৱেকলৈ মনত পৰিলেই তাই ছাতিটোকে সজোৰে সাৱতি ধৰে।

সেই তেতিয়াই গিৰিয়েক থূলই মাকৰ কথামতে আনি দিয়া ছাতিটোৱে তেওঁক এতিয়ালৈকে সকলো সময়তে লগ দি আহিছে। ৰ'দে-বৰষুণে সকলোতে লগ দি অহা ক'লা ৰঙৰ ছাতিটোৱে নিজেই ৰং সলাইছে যদিও হৰিপ্ৰিয়াক হ'লে টোপটোকে পৰিবলৈ দিয়া নাই। শাহুৱেকৰ মনৰ ভাৱটো যেন ছাতিটোৱে কিনি অনাৰ দিনাই বুজি লৈ দায়িত্ব শিৰ পাতি লৈছিল।

কিমান যে মৰম কৰিছিল তাইক তাইৰ শাহুৱেকে! হৰিয়ে কেতিয়াবা ভাবিছিল এইগৰাকী কোনোবা জনমত হয়তো তাইৰ মাকহে আছিল। স্কুলখনত চাকৰি পোৱাৰ পিছৰপৰা শাহুৱেকৰ যতন আৰু বাঢ়িল। ভাগৰে-জুগৰে গৰমত বাটকুৰি বাই অহা বোৱাৰীয়েকক নেমু চৰৱত এগিলাচহে যাচি লয় আগতে।

দেখাই শুনাই ধুনীয়া বোৱাৰীয়েকৰ নিজৰ নামটোকে লিখিব নজনা সেই কেলেহুৱা পুতেকলৈ কিনো মৰম সোমাল এই কথাটো পাকে পাকে শাহুৱেকে তাইক কয়। 

'তইনো আৰু মানুহ বিচাৰি নাপালিনে গোটেই গাঁৱখনত?এই কেলেহুৱাটোলৈ বিয়া হৈ কিনো সুখখন আৰ্জিলি জীৱনটোত?'

যেতিয়া শাহুৱেকে হৰিপ্ৰিয়াক ঠাণ্ডা দিনত কেঁচা খৰি ফুৱাই ফুৱাই চৌকাত জুই উঠাই থকা দেখে তেওঁৰ মনটোৱে নামানি কেলেহুৱা পুতেক থূলক শুনাই শুনাইয়ে এনেকৈ বোৱাৰীয়েকক কৈ থাকে।

'হ'ব দিয়ক মা, মোক মৰম কৰা মা এগৰাকী আৰু মানুহ এটা যে পাইছোঁ সেয়া বহুত', হৰিয়েও শাহুৱেকক কথা বঢ়াবলৈ নিদি এনেকৈয়ে সামৰি থয়।

গাঁৱৰ ভিতৰতে ধুনীয়া হৰি পঢ়াটো একেবাৰে বেয়া নাছিল। নাইনটো পাছ কৰিয়েই থূললৈ পলাই নহা হ'লে আৰু পঢ়িব পাৰিলেহেঁতেন। পলাই অহাৰ কাৰণে হৰিৰ মাক-দেউতাকে জীয়েক-জোঁৱায়েকক বিয়াৰ দুবছৰমান পিছতহে ঘৰত ভৰি থ'বলৈ দিছিল। বিয়াৰ বহুতবছৰৰ পিছতো সতি-সন্ততিৰ মুখ নেদেখা হাইস্কুললৈকে পঢ়া হৰিয়ে চাকৰিটো পোৱাতহে থূলৰ মাকৰ মনটো অলপ পাতলিছিল। নহ'লে হৰিক দেখিলে তেওঁৰ মনটোৱে বৰ কষ্ট পায়। হোৱাই নোহোৱাই আখৰকেইটা চিনি নোপোৱা পুতেককে মাকে গালি বৰষি থাকে। 

পইচা-পাতি নাপালেও কেতিয়াবালৈ পোৱাৰ আশাতে অহা-যোৱা মিলাই চাৰি কিলোমিটাৰ খোজকাঢ়ি স্কুল কৰি আছিল হৰিয়ে। তথাপিও আজিৰ এই ৰিটায়াৰ হোৱাৰ দিনটোলৈকে হৰিয়ে চৰকাৰৰ টকাৰ ভাত খাবলৈ নাপালে। আগতে দুখ কৰিছিল, পিছলৈ নকৰা হ'ল। তেনেদৰেই তাই হেডমাষ্টৰণী হ'ল। সকলোবোৰৰে পৰিৱৰ্তন হ'ল, হৰি আৰু তাইৰ ছাতিটোহে একেই থাকিল। আগৰ চুলি দুডালমান পকাৰ বাদে আৰু চালখনত অলপ বয়সৰ আঁচোৰ পৰাৰ বাহিৰে হৰি একেদৰেই আছে। সেই একেই লাৱনি দেহা। এতিয়াও তাইৰ দেহাটোকলৈ টিপ্পনী নমৰা গাঁৱৰ বুঢ়া কমেইহে ওলাব।

তাইক বিয়া কৰাই আনিয়ে অকামিলা থূলই ঘৰৰ ওচৰৰ মিল এটাত সোমাইছিল তিনিটি প্ৰাণীৰ পেট পুহিব পৰাকৈ যোগাৰ কৰিবলৈ। এদিন মিলত কাম কৰি থাকোঁতেই তাতে মিলৰ মেচিনটোত দূৰ্ঘটনাবশতঃ সোমাই  গিৰিয়েক থূল ঢুকাই থাকে। পুতেকৰ মৃত্যুৰ দুখতে কেইদিনমান পিছতে হৰিৰ শাহুৱেকেও বিছনা লয় আৰু দুমাহমানৰ পিছতে হৰিক অকলশৰীয়া কৰি থৈ তেয়ো গুচি যায়। একেবাৰে অকলশৰীয়া হৈ পৰা হৰিৰ মাক-দেউতাক জীয়াই থকালৈকে যি অলপ তাইৰ দুখ বুজিছিল, সেইহাল মৰাৰ পিছত ককায়েক-বৌয়েকে তাইৰ লগত লেঠাই ছিঙিলে।

হৰিপ্ৰিয়াই স্কুলখন আৰু ছাত্ৰ-ছাত্ৰীকেইটাকে নিজৰ ল'ৰা-ছোৱালীৰ দৰে যতন ল'বলৈ ধৰিলে। স্কুলখন আটোমটোকাৰিকৈ গঢ় দিয়া হৰিপ্ৰিয়াৰ কাৰণে ছাত্র-ছাত্ৰীবোৰ তেওঁৰ কাৰণে নিজৰ সন্তান সদৃশ। সিহঁতৰ সুখতে তেয়ো সুখী। সেই আগৰদৰে ছাতিটোকে সাৰথি কৰি ৰ'দেই হওক বৰষুণেই হওক স্কুললৈ আহি সকলোৰে সমানে যতন লয়। মাজে মাজে ছাতিটোৱেও বিচাৰে ভাঙি চিঙি চোৰমাৰ হৈ যাবলৈ কিন্তু হৰিয়ে নিদিয়ে। ডাঙৰ বতাহ-বৰষুণ সহ্য কৰিব নোৱাৰি ছাতিটো ওপৰলৈ ডাং খাই গৈ তেওঁক গোটেই টিয়াই পেলাই তথাপিও হৰিয়ে নতুন ছাতি এটা কিনি নলয়। হৰিয়ে ছাতিটো নমাই আনি ঠিক কৰি লয়। তেতিয়া তেওঁৰ চকুত পৰে ঠায়ে ঠায়ে চিলনি এৰিবলৈও ধৰিছে ছাতিটোৰ। কিন্তু তেওঁ নেদেখা ভাজ ধৰে তেওঁৰ ফিচিকিবলৈ ধৰা কাপোৰখিনিৰ দৰে। এতিয়াও ব্যৱহাৰ কৰি থকা কাপোৰকেইযোৰ গিৰিয়েক থূলয়ে দি থৈ যোৱা, কেইযোৰমান আকৌ শাহুৱেকৰ। তেওঁ মৰাৰ পিছত এদিন ট্ৰাংকটো খোচৰোঁতে পাইছিল। সেইকেইযোৰো উলিয়াই ল'লে স্কুল কৰিবলৈ। স্কুললৈ পিন্ধি যোৱা কেইযোৰ সপ্তাহত  এদিন ধুই ভাতৰ মাৰ দি ধুনীয়াকৈ জাপি গাৰুৰ তলত থৈ দিয়ে পিছদিনা পিন্ধিব পৰাকৈ। সামৰণ বুলিবলৈ পাতৰ কাপোৰ দুযোৰ তাকো য'তে ত'তে ফিচিকিছে। তথাপিও তেনেকৈ কাম চলাই আছে হৰিপ্ৰিয়াই। আজিও তাৰে এযোৰ পিন্ধি আহিছে। বগা পাটৰ কাপোৰযোৰৰ ৰং মদৰুৱা হৈছেগৈ, লগতে গুণাৰ ফুলবোৰো উঁৱলি যোৱাৰ দৰে ফুলবোৰৰ পৰা সূতাবোৰ এডাল দুডালকৈ ওলাই গৈছে। সেইকেইডাল হাতৰ বুঢ়া আঙুলি আৰু তৰ্জমা আঙুলিটোৰে বিশেষ কায়দাত পকাই গোল কৰি থৈ দিয়ে। 

শাহুৱেক গিৰিয়েক ঢোকোৱাৰ প্ৰথম কেইবছৰমান হৰিপ্ৰিয়াই কমখন জালা সহিব লগা হোৱা নাছিল। গাভৰুতে বিধৱা হোৱা হৰিৰ ধুনীয়া চেহেৰাটোলৈ গাঁৱৰ ডেকা-বুঢ়া বহুতৰে চকু। সেয়ে ৰাতি হৈ অহাৰ লগে লগে তেওঁৰ ঘৰৰ আগত সুঁহুৰি, ছেণ্ডেলৰ চোচৰণিবোৰ বেছি হৈ আহে। এদিন সহ্যৰ সীমা পাৰ হোৱাত হেৰুৱাবলৈ কি আছে, পাবলৈ কি আছে বুলিয়েই ফলাখৰিৰ টুকুৰা এটা লৈ,

 'কোন সেইকেইটা জহনীত যোৱা। সাহ আছে যদি আহচোন ওচৰলৈ।' বুলি ৰুদ্ৰমূৰ্ত্তি ধৰি যেনেকৈহে ওলাই আহিছিল, তেতিয়াৰপৰা সেই উপদ্ৰৱবোৰ কমিল যদিও একেবাৰে নোহোৱা হৈ যোৱা নাছিল।

অসভ্যালি কিছুমানৰপৰা সাৰিছিল যদিও চোৰৰপৰা হাত সৰা নাছিল। তাইৰ ঘৰত আছেনো কি নিবলৈ, দিনটো মানুহজনী ঘৰত নথকাৰ সুযোগ লৈ ঘৰখনত সোমাই যি থাকে চব লৈ যায়। ঘটি লোটা তাইৰ যি এপদ দুপদ গহনা আছিল চব চোৰৰ ঘৰ পালেগৈ। হৰিয়ে সকলোবোৰ গম পাইও মনে মনে থাকে। খালী ছাতিটো আৰু কাপোৰ কেইযোৰ নিনিলেই হ'ল বুলি তাই ভাবে। এতিয়া মাথো তাইৰ ঘৰৰ ভেটিটো, ছাতিটো আৰু দেউতাকে তাইৰ নামত দি থৈ যোৱা খেতিৰ মাটি এডোখৰ আছেগৈ। গিৰিয়েকে এৰি থৈ যোৱাৰ পিছত খেতিৰ মাটিখিনিকে আধিলৈ দি তাৰপৰা যি পাই তাৰে এজনীৰ পেটৰ ভাত মুকলি হৈ আছে।

'এইজনীক আৰু কি চাবি? এতিয়া কুঁহিয়াৰ চেপন দিলেও গাৰ পৰা একো নোলাব।' মাজে মাজে এতিয়াও এইবোৰ কথা হৰিপ্ৰিয়া ঘৰৰ সন্মুখত দুই এটা পাষণ্ডৰ মুখৰ পৰা সৰি পৰে। তেওঁ আগতেই এইবোৰ কথাত গুৰুত্ব নিদিলে, এতিয়ানো কি দিব বুলি ভাবিলেও নজনাকৈয়ে গোটেই গাটোলৈ নিজৰে এবাৰ চকু যায়। 'হয়ো একেবাৰে লাৱনীজনী হৈ আছে যদিও দেহটো চন পৰিছে' হৰিৰ নিজৰ শৰীৰটোলৈ চকু গ'লেই থূললৈ মনত পৰে।

: তই কিয় ইমান ধুনীয়া হৰি?

স্কুলৰ পৰা আহি থাকোঁতে হৰিৰ কাষে কাষে খোজকাঢ়ি যোৱা থূলই এনেকৈ কেতিয়াবা হৰিক সুধি দিছিল। কথাষাৰে হৰিৰ সৰ্বশৰীৰত কিবা এটাই চিৰিংকৈ মাৰি থৈ যায় যদিও নিজকে নিয়ন্ত্ৰণ কৰি হৰিয়ে উত্তৰ দিয়ে,

: কিয় তই আৰু মোতকৈ সুন্দৰী ক'তো দেখাই নাইনে?

: নহয় অ', তোক যদি বেলেগে লৈ যায় মই কেনেকৈ থাকিম।

থূলই কওঁ নকওঁকৈ কোৱা কথাষাৰত কিনো হ'ল জানো হৰিয়ে লগে লগে উত্তৰ দিলে,

: তেন্তে আজিয়ে মোক লৈ যা।

সেইটো কথা শুনিবলৈহে থূল বাট চাই আছিল। সেইদিনাই হৰিক আনি ঘৰ সোমোৱালেহি। সদ্য যৌৱনপ্ৰাপ্ত থূলই কৈশোৰ বাগৰিবলৈ ধৰা হৰিক সদায় ৰাতি ৰাতি মৰমৰে উপচাই ৰাখে। তাইক এৰি সি প্ৰথমতে ক'লৈকো যাবলৈ মন নকৰিছিল। পিচে এনেকৈতো নহ'ব। তিনিটা প্ৰাণীৰ পেট পুহিবলৈয়ে কিবা এটা সি কৰিব লাগিব। মিলটোত কামটো পোৱাৰ পিছত, কাম শেষ হোৱালৈহে বাট চাই থাকিছিল থূলই। কামৰ পৰা উভতি আহোঁতে সদায় সি কামনা কৰি আহে হৰি ঘৰত অকলে থকাটো। এইটো সুযোগলৈ অৱশ্যে হৰিয়েও বাট নোচোৱাকৈ থকা নাছিল। মাজে মাজে সিহঁতৰ সেই অসময়ৰ একান্ত সময়কণত মাক হঠাৎ ওলাই আহি অবাঞ্চিত পৰিস্থিতিৰো সৃষ্টি কৰিছিল। 

টিং টিং টিং

একেৰাহে বাজি থকা স্কলৰ বেলটোৰ শব্দতহে হৰিপ্ৰিয়া আকৌ দিঠকলৈ ঘূৰি আহিল। সেই ফাৰ্ষ্ট পিৰিয়ডৰ পৰা লেজাৰলৈকে মানে তেওঁ একে ভাবতে বিভোৰ হৈ আছিল। লেজাৰতে বিদায় সভাখন পাতি ল'বলৈ লগৰ শিক্ষকসকলে যো-জা চলাই ল'ৰা-ছোৱালীখিনিক ফিল্ডত থিয় হ'বলৈ ক'লে। সকলোবোৰ গোট খোৱাত নতুনকৈ হ'বলগা প্ৰধান শিক্ষক তিলক শইকীয়াই মিটিংখনৰ উদ্দেশ্য বাখ্যা কৰি গ'ল। হৰিপ্ৰিয়া কেৱল বহিহে থাকিল। কোনে কি কৈ আছে একো কাণত সোমোৱা নাই। শেষত 'এতিয়া বাইদেউৱে দুআষাৰ ক'ব' বুলি তেওঁক ক'বলৈ দিওঁতেহে তেওঁৰ চকুপানী পাৰ ভাঙি আহিল। একো শব্দই তেওঁৰ মুখেৰে নোলাল। কেৱল চকুৰ আগত থিয় হৈ থকা ল'ৰা-ছোৱালীকেইটালৈ ৰ লাগি চাই ৰ'ল। বাইদেউৰ সেই অৱস্থা দেখিয়ে লৰালৰিকৈ তেওঁক সম্বৰ্ধনা জনাই শইকীয়া দেৱে মিটিং সামৰিলে। মিটিংঙৰ পিছত হৰিপ্ৰিয়াই মুখখন ধুই আহি নৰ'লেই। কাৰো মুখলৈ নাচাই ঘৰলৈ চিধাই বাট পোনালে। আচলতে তেওঁ আৰু কাৰো মুখলৈ নোৱাৰিলে চাব।

ঘৰলৈ আহি থাকোঁতে তেওঁৰ প্ৰথমবাৰৰ বাবে মূৰটো টিংটিঙালে। সাতাইশ বছৰীয়া কৰ্মজীৱনৰ ভাগৰখিনি যেন আজিহে লাগিছে। আজি ছাতিটোৱেও তাৰ দায়িত্ব পালন কৰিবলৈ পাহৰাৰ দৰে লাগিছে। জেঠমহীয়া ৰ'দটো যে ইমান চোকা আজিহে হৰিপ্ৰিয়া মাষ্টৰণীৰ অনুভৱ হ'ল। 

ঘৰ আহি পাইয়েই কলৰপাৰলৈ গৈ মুখ হাতকেইটা ধুই তেওঁ ভিতৰ সোমাল। আঁঠুলৈকে ভৰিকেইটা ধুই মুখখনত পানী অলপ মাৰি দিওঁঁতেহে হৰিপ্ৰিয়াৰ অলপ ভাল লাগিল। তলাটো খুলিয়েই তেওঁ পাকঘৰ পালেগৈ। পুৱাই ৰান্ধি থৈ যোৱা ভাত দুটামান গলিয়াই বিছনাখনত পৰিবলৈ ধৰি ঘপকৈ মনত পৰিল স্কুলৰ পৰা অহ টোপোলা এটা দিছিল নহয়! স্কুলৰ পৰা দিয়া টোপোলাতনো কি আছে চাবলৈ আকৌ হৰি বিছনাৰপৰা উঠি গ'ল। টোপোলাটো খুলি চাই দেখে এটা ছাতি, এযোৰ পাটৰ মেখেলা চাদৰ, আৰু এখন সঁফুৰা।

তেওঁৰ ছাতিটো দেখি হাঁহিহে উঠিল। 'আজি অতবছৰে পুৰণা ছাতিটোৰেই কাম চলালে, এতিয়া আকৌ এইটো কিহৰ কাৰণে। এতিয়ানো ৰ'দ বতাহ নেওচি তেওঁ যাব ক'ত! যাবলগীয়া আছে যদি ভাদমহীয়া নাম গাবলৈ যাবলৈ নামঘৰটোহে আছে। তাকো সেইটো ঘৰৰ কাষতে, ছাতিৰ দৰকাৰ নহয়। মেখেলা চাদৰযোৰ বাৰু ওচৰৰে বিয়াই-সকামে পিন্ধিব পাৰিব। আৰু সঁফুৰাখন! সেইখননো কেইদিনৰ আলহী। চোৰে কেতিয়া উঠাই লৈ যায় ঠিক নাই।' এইবোৰ মনতে পাগুলি পাগুলি তেওঁ টোপনি গ'লগে। টোপনিতে হৰিয়ে দেখিলে গিৰিয়েক থূল আৰু শাহুৱেক আহিছে তেওঁৰ ওচৰলৈ। শাহুৱেকৰ হাতত এটা ছাতি।

: হু এইটো ল আৰু মাজে মাজে ওচৰৰে ল'ৰা-ছোৱালীকেইটাৰ ঘৰে ঘৰে গৈ কি পঢ়িছে চাই দিবিগৈ। ষাঠিবছৰ হৈছেহে আৰু কেইটামানক পঢ়াই-শুনাই মানুহ কৰিব পাৰিবি। খালী সেই তুলতুলীয়া বগা গালখন ক'লা পৰিবলৈ নিদিবি।

হৰি সপোনটো দেখি টোপনিৰপৰা খপজপাই উঠে মানে বেলি বহিল। খপজপকৈ উঠি বাহিৰত মেলি থোৱা কাপোৰকেইটা সামৰি ভিতৰত থৈ আকৌ এবাৰ বাহিৰলৈ ওলাই আহিল। হৰিপ্ৰিয়াৰ আজিনো কি মন গ'ল জানো এনেই গাঁৱে গাঁৱে ওলাই যাওঁঁ বুলি একেবাৰে খোজকাঢ়ি গৈ গাঁৱৰ সিমূৰে থকা প্ৰকাণ্ড আঁহতজোপাৰ ওচৰ পাই আকৌ ঘূৰি আহিল। হৰিক আজি ৰাস্তাৰ মানুহবোৰে দেখি নেদেখা বস্তু চোৱাদি চাইছে। ইমান বছৰে তাইক কোনোৱে এনেকৈ দেখা নাই। তাই ঘৰ আহি পায় মানে সন্ধিয়া লাগি ভাগিল। জপনাৰ ভিতৰত সোমাই জপনাখন ৰচী এডালেৰে টানকৈ বান্ধি ঘৰৰ ভিতৰ পালেহি। 

জপনাখন যিমান টানকৈ বান্ধিলে যদিও হৰিৰ মুখেৰে নজনাকৈ হাঁহি এটা ওলাই আহিল। ইমান আঁটি আঁটি জপনাখননো কিহৰ ভয়ত বান্ধিছে। কি নিবনো তাইৰ ঘৰৰপৰা! লেম্পটো জ্বলাই বিছনাখনৰ ওচৰলৈ আহি দেখিলে অথনি তেনেকৈ এৰি থৈ যোৱা বস্তু কেইপদৰ মেখেলা চাদৰযোৰহে আছে। বাকী ছাতিটো আৰু সঁফুৰাখন নাই। মানে সেইকেইটা ইতিমধ্যে চোৰে নিলেই। চোৰকেইটাও কম সষ্টম হৈ নাথাকে! বস্তু কেইপদ আনি থৈছিলহে, নিলেই। যাহ্ বাৰু কোনোবা অভাৱী মানুহেই নিছে বুলি হৰিপ্ৰিয়াই মেখেলা চাদৰযোৰৰ কাষতে লাং খাই পৰি থকা পুৰণি ছাতিটোৰ ওপৰৰে দৃষ্টি বগৰাই আনিলে।

কেইমাহমানৰ পিছৰ কথা। হৰিপ্ৰিয়া ৰিটায়াৰ হোৱাৰ পিছতে চৰকাৰৰ ফালৰ পৰা নটিচ আহিল তেওঁলোকৰ স্কুলখন বোলে এইটো বছৰতে প্ৰাদেশীকৃত হ'ব। কথাটো হৰিৰ কাণতো পৰিছে। এদিন তিলক মাষ্টৰে তাইক নিজেই আহি খবৰটো দি গ'ল। তিলক মাষ্টৰৰ টেটুত লাগি থকা ধাৰসমূহৰো হিচাপ এটা দিলে লগতে। দৰমহাৰ টকাৰেই সেইবোৰ মাৰিব পাৰিব। লগতে শিক্ষয়িত্ৰী প্ৰভাৰ কথাও কৈ গ'ল। প্ৰাদেশীকৰণৰ খবৰটোৰ পিছতে  দুইটা চকু কেঁৰা কাৰণে বিয়া নোহোৱাকৈ থকা প্ৰভাৰ দুদিনমান আগতে কোনোবা এঘৰৰ ল'ৰা এটাৰ লগত খোজা-বঢ়া হৈ গ'ল। এই কেইদিনতে বিয়াৰ তাৰিখো লোৱাৰ কথা। স্কুলখন প্ৰাদেশীকৃত হৈ এতিয়া সকলো শিক্ষক-শিক্ষয়িত্ৰীকে এমুঠি সুখৰ ভাত খোৱাইছে। কিন্তু হৰিপ্ৰিয়া! হৰিপ্ৰিয়া যাৰ সাধনাত স্কুলখনে স্কুলৰ ৰূপ লৈছিল তেওঁ সেই একেদৰেই আছে। মাজে মাজে ৰ'দ-বৰষুণ নাথাকিলেও ছাতিটোকে লৈ ওচৰৰে ল'ৰা-ছোৱালীবোৰে কি পঢ়িছে চাই আহেগৈ। তেনেদৰেই চলি আছে হৰিপ্ৰিয়া। মাজে মাজে তিলক শইকীয়া আহে স্কুলৰ বা-বাতৰিবোৰ দি যায়। অলপতে তেওঁ গাড়ী এখনো কিনিলে, স্কুললৈ অহা-যোৱা কৰিবলৈ সুবিধা হোৱাকৈ।

No comments: