Sunday 16 May 2021

আলুপিটিকা

: আলু পিটিকা অকণ নিদিলি?


ভাতৰ পাটত বহি কাঁহীৰ কাষতে থৈ দিয়া পানীৰ মগটোৱে হাতত পানী এচলু লৈ কাঁহীৰ চাৰিওফালে পানীকণ চটিয়াই ভাতখিনি সানিবলৈ লৈ ধনটি বৰতাই পাকঘৰত ইটো সিটো কৰি ঘুটুং ঘাটাং শব্দ কৰি থকা ঘৈণীয়েক মামণিয়ে শুনাকৈ ক'লে। ভাতসাঁজত নাই কমেও তিনিখন ভাজি, এখন দাইল আৰু এটা পদিনাৰ চাটনি। পিচে আলু পিটিকাকণ নাথাকিলেহে বৰতাই মনটোতে বৰ অসন্তোষ কৰে। লাগিলে যিমানেই মাছ-মাংস নাথাকক কিয়!


বৰতাৰ মাতটো শুনিও বৰমাই নুশুনা ভাও ধৰি অলপ সময় আছিল যদিও মনটোৱে নসহিলে। চাউল বহাওঁতেই দুফাল কৰি দি থোৱা নতুন কাণপুৰীয়া আলুৰ এফাল উলিয়াই আনি নিমখ, তেল আৰু ধনীয়া অকণৰে সানি বৰতাৰ কাঁহীখনৰ কাষতে দি মুখখন ওফোন্দাই ক'লে,


: আজিয়েই কিন্তু শেষ আলু পিটিকা। কাইলৈৰ পৰা নাপায়। আপোনাক আলু খুওৱা গম পালে মণ্টুৱে মোৰ কলিজা খাব।


বৰমাৰ কথা শুনি বৰতাই ভাতৰ গৰাহ এটা মুখত লৈয়ে হাঁহি হাঁহি ক'লে,


: থহে, ডায়েবেটিছত কোনোবা মৰা শুনিছ নেকি? আজিকালি হে এইবোৰ বেমাৰ ওলাল। আগতে দেখোন এইবোৰৰ নামেই নাছিল।


: হ'ব হ'ব ভাত মুখত লৈ বেছি কথা ক'ব নালাগে, চৰ্চৰণি খাব।


বৰমাই কৃত্ৰিম খং দেখুৱাই পাকঘৰলৈ গুচি গ'ল। যাওঁতে ভোৰভোৰাই গ'ল "এহ বৰ একেবাৰে ডাক্তৰটো ওলাইছে। ডায়েবেটিছত মানুহ নমৰে। খাবলৈ নোপোৱাৰ ভয়ত সৈবোৰ বকিছে..."


আচলতে আজি কেইদিনমানৰ আগতে বৰতাৰ গাটো অলপ বেয়া লাগি থকাত, ঘনাই ঘনাই পেছাৱ হৈ থকাত বৰমাই ডাঙৰ পুতেক মণ্টুক কথাষাৰ এনেই ফোনতে কৈছিল। মাকৰ কথা শুনিয়েই পুতেকে দেউতাকক লগে লগে চুগাৰ টেষ্টটো কৰিবলৈ কৈছিল। ইফালে বাপেক নাযায়, সিফালে পুতেকে নেৰে। দেউতাকক বলে নোৱাৰি মণ্টুৱে ঘৰৰ ওচৰৰে চিনাকি ল'ৰা বাপধনৰ লগতে পঠিয়াই দেউতাকৰ এনেই ৰেণ্ডম টেষ্টকেইটামান কৰোৱাই আনে। আবেলিলৈ ব্লাড টেষ্টৰ ৰিপ'ৰ্ট  অহাত মণ্টুৰ সন্দেহেই সঁচা হ'ল। মাকে ৰিপ'ৰ্টটো পাই লগে লগে পুতেকলৈ ফোন লগোৱাত বৰতাই গৰজি উঠে,


:, কিহলে আঁতৰত থকা ল'ৰাটোক চব কথা জনাব লাগে। ডায়েবেটিচ মৰকুচিয়াটো হৈছে হৈ থাকক, সেইবুলি ল'ৰাটোক জনোৱাৰ কোনো প্ৰয়োজন নাছিল।  মোক এতিয়াই উঠাবলৈ ডায়েবেটিচৰ বাপেকৰো দম নাই বুজিছ।


: হমম হ'ব। এতিয়া পুতেকৰ গালি খোৱাৰ ভয়ত মোক গৰজি থাকিব নালাগে।


মণ্টুৰ ফোন নম্বৰটো ডায়েল কৰি কৰি বৰমাই বৰতালৈ চাই মুখখন বেঁকা কৰি উত্তৰ দিলে।


: অঅঁ হেল্ল, বাবা। শুনিছ। অঅঁ শুনচোন তই কোৱাটোৱেই দেউতাৰৰ।


সিফালে ফোনটো ৰিচিভ কৰিলেহে এইফালে বৰমাই বকলা মেলিলেই। পুতেকে কি কৈ আছে সেইবোৰলৈ বৰমাৰ খবৰ নাই মুঠতে তেওঁহে কৈ গৈছে "ৰ ৰ এয়া দেউতাৱৰ ওচৰতে আছে। কথা পাত।" বুলি ফোনটো বৰতালৈ আগবঢ়াই দিয়ে।


বৰতাই লওঁ নলওঁকৈ ফোনটো লৈ বৰমাক এটা বিশেষ চাৱনি দি "অঅঁ মণ্টু ক"। তাৰপিছত বৰতাই মাত্ৰ "নাই নাই", "নহয় নহয়" এইবোৰহে কৈ গৈছে। যি বুজাব লগা আছিল পুতেকে বুজাই ফোনটো থোৱাত বৰতাই লাহেকৈ বৰমাক সুধিলে "এচিকুট আলু পিটিকা খালে একো নহয় চাগে ন।"। অলপ সময়ৰ আগলৈকে বৰমাৰ ওচৰত দম্ভালি মাৰি থকা বৰতাই পুতেকৰ লগত কথা পতাৰ পিছত একেবাৰে লেউসেই দিলে। বৰমাইও চেগ বুজি "এচিকুট খোৱা, সৰহকৈ খোৱা একে কথা। মোক এতিয়া লেনচেনাব নালাগে" বুলি উচাৎ মাৰি গুচি গ'ল।


আলু পিটিকাকণ বৰতাৰ সৰুৰে পৰাই প্ৰিয়। বৰতা সৰুতে বোলে এবাৰ ঘৰত নাই আলু নাই। ইফালে বৰতাক লাগে আলু পিটিকা। বুজালেও নুবুজে, ভাত নাখাই কাঁহীখনকে বোলে দলিয়াই দিছিল। সেইটো খঙতে বৰতাৰ মাকেও এইটোক ঘৰত কোনে ৰাখে বুলি ৰাস্তাত গৈ এৰি থৈ আহিছিল। অলপ পিছত বোলে নিজৰে দুখ লগাত আকৌ লৈ আনিছিল। আলুৰ লগত সংঘটিত হোৱা বহুত ঘটনাই বৰতাৰ মুখত শুনি শুনি ওচৰ চুবুৰীয়া সকলোৰে মনত ৰৈ গৈছে। কেতিয়াবা কাৰোবাৰ ঘৰত ভোজে-সবাহে কোনোবা এজনে বৰতাৰ পাতৰ কাষতে আলু পিটিকা অকণ টিপতে দি থৈ যায়। 


এতিয়াতো বৰতাৰ ঘৰত আলুৰ অভাৱ নাই। ঘৰৰ পিছফালৰ গোটেই মাটিখিনিত আলু লগাই একেবাৰে কেইবামাহলৈও খাব পৰাকৈ হৈ থাকে। কেইমাহমান হে বজাৰৰ পৰা কিনি খাবলগীয়া হয়। এবাৰ কোনোবা এটা বছৰত আলুৰ দাম বাঢ়োঁতে বৰতাৰ যি খং, চৰকাৰক গালি পাৰিহে তৎ পাইছে।


: ছেহ, মৰিবলৈনো আৰু কেইটা দিন, এই হাইজাত যোৱা ডায়েবেটিছডাল এতিয়াহে গাত বাহ ল'বলৈ আহিল।


ভাতকেইটা খাই অটাই হাত ধুবলৈ উঠি আহোঁতে বৰতাই ভোৰভোৰাই আহে। বৰতাৰ ভোৰভোৰণিত পাকঘৰৰ পৰাই বৰমাই মিচিকিয়াই হাঁহে। দুপৰীয়া বৰতাই ভাত খাই আগফালে চোতালৰ চকী বহেগৈ, এইফালে বৰমাই তামোলখন চকলিয়াই চূণে, চাধাই যতন কৰি বটাখনত লৈ যায়। ঘৰত থাকে মাত্ৰ দুটি প্ৰাণী। এই লাগে এই ভাগে। এইহাল যুটিৰ মৰম-চেনেহ, কাজিয়া-পেচাল দেখিলে সকলোৰে মৰম লাগি যায়। এইকণ সময়তে আকো জীয়েক মাণ্টিয়েও মাক-দেউতাকলৈ ফোন কৰি খবৰ লয়। এইখিনি সময়ত তাইৰ কলেজৰ ক্লাছ দুটামান অফ থাকে। ঘৰত ল'ৰা-ছোৱালী দুটাৰ পৰা কথা পাতিবলৈ শান্তি নাপায় কাৰণে এইকণ সময়তে মাক-দেউতাকৰ খবৰ লয় সদায়। দেউতাকৰ ডায়েবেটিছৰ খবৰটো পাই মাণ্টিয়ে সদায় উপদেশ দিয়াৰ লগতে দেউতাকক কি খুৱাব কি নুখুৱাব সদায় মাকক বুজায়। বৰমাই জীয়েকৰ লগত কথা পাতি থাকিলে বৰতাই চিঞৰে "সিহঁতক কৈ দে ইমান চিন্তা কৰিব নালাগে। ইমান সোনকালে বাপেক নমৰে। শত আয়ুস আছে এই আমুকাৰ।" শত আয়ুসটোত বৰতাই আৰু অলপ জোৰ দি বুকুখন উফন্দাই দিয়ে। বৰমাইও বৰতাই শুনাকৈ ফোনত কয় "আমাৰ সৈজন আজিকালি ডাক্তৰো, গণকো অ'ই মাণ্টি।" কৈ আকৌ বৰমাই নিজেই খিটখিটাই হাঁহে। 


আজিও তামোলকণ বৰতাক দি বৰমাই আগৰ দৰে জীয়েকৰ লগত কথা পাতি থাকোঁতে এপাকত দেখে ঘামি-জামি মানুহটো চকীখনতে ঢলি পৰাদি পৰি আছে। বৰমাই দেখিয়েই "দেউতাৰৰ তামোলে মূৰত ধৰিছে হবলা, পিছত ফোন কৰিম" বুলি ফোনটো কাটি লৰালৰিকৈ নিমখ পানী অকণ আনি বৰতাৰ মূৰটো ধৰি মুখত ঢালি দিয়ে যদিও পানীখিনি বাৰে বাৰে মুখৰ বাহিৰলৈ বাগৰি আহি যায়। বৰমাই কথাটো যে সাধাৰণ নহয় ধৰিব পাৰি লৰালৰিকৈ ফোনটো বাপধনলৈ লগায়। সেইখিনি সময়ত বাপধনে আকৌ ভাত খাই ঘৰৰ ওচৰৰে ঘুমটিখনত চিগাৰেট এটা খাবলৈ আহিছিল। এইটো তাৰ নিত্য নৈমিত্তিকৰ ভিতৰত পৰে। বৰমাৰ ফোনটো পাইয়ে উধাতু খাই আহিয়েই বৰতাক দেখি আকৌ ঘৰলৈ উভতি গৈ গাড়ীখন লৈ আহি "ব'লক ব'লক, হস্পিটেল লৈ যাওঁ" বুলি বৰতাক কোঁচত উঠাই বৰমাক পিছৰ চিটত বহিবলৈ দি বৰতাৰ মূৰটো বৰমাৰ কোলাত দি দীঘলীয়াকৈ শুৱাই দি যিমান স্পীডত মাৰে সিমান স্পীডত গাড়ী চলাই গ'ল স্থানীয় মডেলখনলৈ। দহমিনিটৰ ৰাস্তাটো আজি বাপধনৰ বহুত সময় যেন লাগিছে। বৰতাৰ অৱস্থাটো দেখিয়েই তাৰ মনটোৱে বৰ বেয়াকৈ চেবাইছে "বৰতা যেন আৰু ঘূৰি নাহে।"। 


শেষত বাপধনে ভবাটোৱেই হ'ল। ব্ৰেইন ষ্ট্ৰ'ক হৈ বৰতা লগে লগে ঢুকাল। ডাক্তৰে শুশ্ৰষা কৰিবলৈ নাপালেই। পৰিস্থিতি কোনোমতে চম্ভালি মণ্টু, মাণ্টি যাক যাক খবৰ দিবলগীয়া আছিল সকলোকে দি বৰমাক চম্ভালিবলৈ মাকক মাতি পঠিয়ায়। 


: এনেকৈ যে মানুহজন কথা কৈ কৈয়ে গুচি যাবগৈ ভবাই নাছিলোঁ।


বৰমাই বগা চাদৰৰ আগটোৰে ওলাই অহা চকুপানীখিনি টুকি তেওঁৰ ওচৰত বহি থকা মানুহ কেইগৰাকীক কয়। 


: তামোলখন।খাইয়ে যে এনেকৈ বাগৰি পৰি...। এইবাৰ বৰমাই আৰু নিজকে ৰখাব নোৱাৰিলে হুকহুকাই কান্দিয়েই দিলে। ওচৰতে কাৰোবাৰ লগত কথা পাতি থকা বগা ধূতি আৰু চেলেং এখন লৈ থকা মণ্টুৱে চেলেংখন ভালকৈ গাত মেৰিয়াই মাকৰ ওচৰ পালেহি। মণ্টু অহাৰ দিনাৰ পৰা মাকক সি বুজাইয়ে আছে, অলপ দেৰি ঠিকেই থাকে। আকৌ সেই একেবোৰ কথাকে উলিয়াই কান্দি থাকে বৰমাই। আচলতে মানুহবোৰক দেখিলেই শোকটোৱে খুন্দা মাৰি ধৰে। 


: বাবা অ', দেউতাৰে শত আয়ুস আছে বুলি কৈ পয়সত্তৰ বছৰ নহওঁতেই আমাক ঠগাই থৈ গ'ল অ'। 


মাকে মাজে মাজে মণ্টুক অকলশৰীয়াকৈ পালেই দেউতাকৰ শতআয়ুসৰ কথাটো কৈ কৈ কান্দে। মণ্টু, মাণ্টিয়ে মাকক বুজাইহে বুজাই মাকে সকলোবোৰ বুজিও বাৰে বাৰে একেখিনি কথাকেই কৈ থাকে। সিহঁতহালেও বুজিছে মাকৰৰ লগত কথা কৈ কৈয়ে হঠাৎ দেউতাক নোহোৱা হৈ যোৱা ঘটনাটোত মাকে সহজভাৱে ল'ব পৰা নাই। গাত একো এটা বেমাৰ নথকা দেউতাকৰ দুদিন আগতে মাত্ৰ ডায়েবেটিচটো ধৰা পৰিছিল। তাৰ বাহিৰেতো একোৱেই নাছিল। দেউতাকৰ ভাষাত "মৰকুচিয়া ডায়েবেটিছে একো কৰিব নোৱাৰে।" হয়ো ডায়েবেটিচে একো কৰিবলৈ নাপালে, ঢুকালে ব্ৰাইন ষ্ট্ৰ'কতহে। 


মণ্টুৰো দুখ লাগে দেউতাকৰ কথাবোৰ মনত পৰিলে। হাঁহিও উঠে, কোনোবা সময়ত সৰু ল'ৰাৰ দৰে কৰা আচৰণত। "এইটো নাখাবা, সেইটো নাখাবা" কত যে গাইডলাইন সি দেউতাকক দিছিল! ফোনত কথা পাতি থাকিলেও মাক-দেউতাকৰ লাগি থকা তৰ্কখনত মনে মনে ভাগ লৈ সি বৰ ৰস পাইছিল। মাণ্টিৰ ভাষাত টম এণ্ড জেৰী হালেই।


"দেউতাৰৰ পিণ্ডত আলু পিটিকা অকণ দিছনে?"


 মণ্টুৰ হাতত থকা দেউতাকৰ নলীয়া কটাৰীখন ঘূৰাই পকাই চাই কথাবোৰ ভাবি থাকোঁতে মাকে আহি মাত দিয়াতহে তাৰ।সম্বিত ঘূৰি আহিল। চলচলীয়া চকুৰে সি মাকলৈ চাওঁতে মাকে লাহেকৈ মাত দিলে "মানুহটোৱে সেইদিনাও পিটিকা অকণ খুজি খাইছিল। মই দিয়া নাছিলোঁ তই গালি পাৰিবি বুলি। জেদ ধৰাতহে অকণমান দিলোঁ, একেবাৰে এচিকুটা। সেইকণে তেওঁৰ অপকাৰ কৰিলে নেকি অ' বাবা?"


সকলোবোৰ কথাই ইমান সহজ সৰলকৈ লোৱা মাকজনীকনো  মণ্টুৱে কি বুলি ক'ব একো ভাবি নাপালে। দেউতাক নথকাৰ চিন মাকৰ উকা কঁপালখনলৈ সি বেছি সময় চাই থাকিব নোৱাৰিলে। দেউতাকৰ নলীয়া কটাৰীখন ধুতিৰ খোচনিত ভৰাই সেই ঠাইৰ পৰা উঠি যাবলৈ লৈ মাকক মাত্ৰ কৈ গ'ল "দেউতাৰ আয়ুসেই ইমানলৈকে আছিল অ' মা।"

Friday 14 May 2021

স্নেহাশ্ৰয়!


'এইমুহুৰ্তত আপোনাৰ নিজৰ বিষয়ে কি ক'ব?'


'মোৰ বিষয়েনো কি ক'ম, সকলোবোৰ জানাই। তথাপিও কৈছোঁ, স্নেহাশ্ৰয় মই খুলিছিলোঁ মই যেতিয়া পি এইচ ডি সম্পূৰ্ণ কৰি একেবাৰে দিল্লীৰ পৰা অসমলৈ ঘূৰি আহিছিলোঁ। গমেই নাপালোঁ মানুহে কেতিয়া স্নেহাশ্ৰয়ক ইমান সুদৰকৈ আদৰি ল'লে....'


এনেদৰে প্ৰিয়ব্ৰতা শইকীয়াই তেওঁৰ জীৱনৰ সকলোবোৰ কথাই হাঁহি হাঁহি সাক্ষাৎকাৰটোত সাংবাদিকজনক কৈ গ'ল। মাজে মাজে খুহুতীয়া দুটা এটা কথা কৈ বাৰ্তালাপটো অধিক ৰসাল কৰি তুলিলে। কোনোবা সময়ত আকৌ সাংবাদিকজনক কয়ো মই আনন্দতে কিছুমান অদৰকাৰী কথাও কৈছোঁ, সেইবোৰ কাটি দিবা।


প্ৰিয়ব্ৰতা শইকীয়া,দ্যা ফাউণ্ডাৰ অৱ স্নেহাশ্ৰয়। তেওঁক স্নেহাশ্ৰয়ৰ জৰিয়তে সকলোৱে চিনি পায়। তেওঁ গঢ়ি তোলা স্নেহাশ্ৰয়ে যে কিমানক আশ্ৰয় দিছে হিচাব নাই! প্ৰিয়ব্ৰতা শইকীয়াৰ সোণসেৰীয়া কথাই সকলোকে গলাই দিব পৰা শক্তিখিনি তেওঁৰ কথাৰ প্ৰত্যেকটো শব্দতে আছে। তেওঁ সমাজৰ কাৰণে যিখিনি কৰিছে, সেইবোৰেই মানুহবোৰৰ মৰম চেনেহৰে মাজেৰে উপহাৰ হিচাপে ঘূৰাই পাইছে। কোনে কয় প্ৰিয়ব্ৰতা শইকীয়া অকলশৰীয়া বুলি! তেওঁ হাজাৰ হাজাৰ প্ৰেমৰ মাজত আৱদ্ধ আজি। তথাপিও আজিৰ ইণ্টাৰভিউটোৱে তেওঁক অলপ ভবাই তুলিলে। যিবোৰ কেতিয়াবা এনেই মনলৈ আহিছিল যদিও কামৰ তাগিদাত পলকতে উৰা মাৰি আঁতৰি গৈছিল। পিচে আজি দেখোন...


জেঠমহীয়া তীব্ৰ ৰ'দ। বাহিৰত ছাগলী এটাও দেখিবলৈ নাই। ভিতৰৰ পৰা বাহিৰলৈ এবাৰ চাই চকুকেইটা ঘূৰাই এবাৰ জপাই মেলি দিলে ৰঙা নীলা দেখা ৰ'দ। সেই ৰ'দতে ছাতিটো লৈ ডাঙৰ গে'টখন খুলি দুফালে দুডাল বেণী কৰি, স্কুলীয়া ইউনিফৰ্মত ঘামি জামি সোমাই আহিছে নতুনকৈ কৈশোৰত ভৰি দিয়া ছোৱালী এজনী। গে'টখন খুলি বন্ধ নকৰাকৈয়ে "মা মা" বুলি দৌৰি অহাদি আহি তাই কলিং বেলটো খুউব জোৰত টিপি ধৰি থাকিল।


"কি হ'ল মুনু। অকলে অকলে গুচি আহিলি যে?" ভিতৰৰ পৰা মানুহ এগৰাকী ওলাই আহি দুৱাৰখন খুলি দি তাইক ভিতৰলৈ সোমাবলৈ দি পুনৰ দুৱাৰখন বন্ধ কৰি দিলে।


"মা জানানে, আজি মৃণালৰ ঘৰত কি হ'ল?" একেবাৰে উশাহটো নসলোৱাকৈ পিঠিৰ বেগটো ঢামকৈ ডাইনিংখনত থৈ ওচৰতে থকা পানী জাৰটোৰ পৰা গিলাচ এটাত পানী এগিলাচ উলিয়াই তাই মাকক ক'বলৈ ধৰিলে।


"কি হ'লনো?" মাকেও সেই একেই সুৰতে তাইৰ পিছে পিছে আহি সুধিলে।


"মৃণালৰ মাকে মৃণালৰ ককাক আইতাকক ঘৰৰ পৰা খেদি দিলে জানা।" পানী গিলাচটো মুখৰ ওচৰলৈ আনি মাকলৈ নোচোৱাকৈ মুনু ওৰফে প্ৰিয়ব্ৰতাই মাকক ক'লে।


অবাঞ্চিত পৰিস্থিতি সন্মুখীন হ'ব যেন লাগি মাকে কথাটো পাতলাবলৈকে ক'লে "নহয় চাগে। ককাক আইতাক চাগে ক'ৰবাত ফুৰিবলৈ গৈছে।"


"হমমম, তুমি বেছি জানা। মৃণালে কৈছে নহয় তাৰ মাকে ককাক আইতাক থকাত সদায় বেয়া পায় আৰু দেউতাকৰ লগত কাজিয়া কৰে। সেইকাৰণে কালি গাঁৱৰ ঘৰলৈ খেদাই দিলে, ইফালে তাত তেওঁলোকক চাবলৈও বোলে কোনো নাই।" ক্লাছ নাইনত পঢ়া ছোৱালীজনীৰ মুখত কথাকেইটা শুনি মাক আচৰিত নহ'ল, কিন্তু দুখ পালে। ইমান সৰুতেই এইবোৰ সিহঁতে দেখিবলৈ পাইছে। মাকে কি ভাবিছে সেইবোৰলৈ মন নকৰি ঘপককৈ ক্লাছ নাইনত পঢ়া প্ৰিয়ব্ৰতা শইকীয়াই কৈ উঠিল "মা মই ডাঙৰ হৈ এখন বৃদ্ধাশ্ৰম খুলিম যাতে কোনো বয়সস্থ লোকে নিজৰ ল'ৰা-ছোৱালীৰ অভাৱ অনুভৱ নকৰে। সৱকে মই সেইখনত ধুনীয়াকৈ ৰাখিম। এতিয়া মোৰ বিৰাট ভোক লাগিছে ভাত বাঢ়া"। কথাকেইটা কৈয়ে তাই ইউনিফৰ্ম খুলি ফ্ৰেছ হ'বলৈ নিজৰ ৰূমলৈ গ'ল। প্ৰিয়ব্ৰতাই কথাকেইটা কি ভাবি ক'লে হয়তো মাকে নাজানে কিন্তু এনেকুৱা যে বহুতো ঘটনা প্ৰতিদিনেই ঘটি থাকে সমাজ সেৱিকা মাকে ভালদৰেই জানে। 


কোনোবাই যদি বৰ্তমান প্ৰিয়ব্ৰতা শইকীয়াক এখন বৃদ্ধাশ্ৰম খোলাৰ কথা সোধে তেতিয়া তেওঁৰ সেই ক্লাছ নাইনৰ কাহিনীটোলৈ মনত পৰে। মনত তেতিয়াই যে তেওঁৰ সেই কথাটো সোমাল, সোমালেই।  অৱশেষত আজিৰ পৰা কেইবাবছৰৰ আগতে তেওঁৰ হাতত স্নেহাশ্ৰয়ৰ জন্ম পালে। প্ৰথম অৱস্থাত একেবাৰে সৰুকৈ কেইজনমান আশ্ৰয়হীন বৃদ্ধ মানুহৰ কাৰণে খুলিছিল। প্ৰথম যেতিয়া মানুহ এজন দুজনকৈ থাকিবলৈ আহিছিল তেওঁলোকৰ কাহিনীবোৰ শুনিলেই প্ৰিয়তমাৰ শোকে খুন্দা মাৰি ধৰিছিল। কোনোবাজন যদি একেবাৰে শেষ নিশ্বাসলৈকে তাত থাকি যায়, কোনোবাজনক কোনোবা আপোনে আহি লৈ যায়হি। কিন্তু কেতিয়াও এখন বিছনাও তাত খালী নাথাকে। সেইবোৰ দেখিলে প্ৰিয়ব্ৰতা শইকীয়াৰ মনলৈ আহে, মাক-দেউতাক এসময়ত ইমান বোজা হৈ পৰেনে যে লগত ৰাখি  খুৱাব-পিন্ধাব নোৱাৰে! নিজৰ সন্তানেও এনেকুৱা কৰিব পাৰেনে! কিছুমান আকৌ এনেকুৱা নিঃসন্তান দম্পত্তিও থাকে যিয়ে শেষ সময়কণত নিজৰ যত্ন ল'ব নোৱাৰি আশ্ৰয় লয় স্নেহাশ্ৰয়ৰ।


বৰ্তমান স্নেহাশ্ৰয় বৃদ্ধাশ্ৰমতে সীমাবদ্ধ নহয়। বৃদ্ধাশ্ৰমখন ডাঙৰ কৰি তাৰেই সহযোগিতাত এটা এন জি অ', দুখন অনাথ আশ্ৰমৰে স্নেহাশ্ৰয় এতিয়া এটা বৃহৎ অৰ্গানাইজেচন। তদুপৰি ম'টিভেশ্বনেল স্পীকাৰ প্ৰিয়ব্ৰতা শইকীয়াৰ অ'ত ত'ত ঘূৰি থাকোঁতে একেবাৰে সময় নোহোৱাৰ নিচিনাই।  কেতিয়াবা প্ৰিয়ব্ৰতাই নিজলৈ ঘূৰি চাই ভাবে তেওঁৰো শেষ আশ্ৰয় স্নেহাশ্ৰয়েই নহয়তো!


"মুনু দেউতাক কি বুলি ক'ম?" মাকে ভাজিখিনি কেৰাহীত বহাই থাকিয়ে কাষৰে ডাইনিঙত বহি নিউজপেপাৰখন অমনোযোগিতাৰে চাই থকা প্ৰিয়ব্ৰতাক সুধিলে।


"কি ক'ম মানে? মই যি কৈছোঁ তাকে ক'বা।" প্ৰিয়ব্ৰতাই এবাৰো চকু নুতোলাকৈয়ে মাকক উত্তৰ দিলে।


 


ডাঃ অমল শইকীয়া আৰু নাম থকা সমাজ সেৱিকা নিজৰা শইকীয়াৰ একমাত্ৰ ছোৱালী প্ৰিয়ব্ৰতা শইকীয়া। বহুতদিনলৈকে নিঃসন্তান হৈ থকা শইকীয়া দম্পত্তিৰ কোলা আৰু বুকু জুৰ পেলাই উমলিবলৈ এটা পুত্ৰ সন্তান জন্ম হৈছিল, কিন্তু ভগৱানৰো লীলা আঢ়ৈবছৰত এক তীব্ৰ জ্বৰত ল'ৰাটো ঢুকাই থাকে। ঘৰতে ডাক্তৰ থাকিও এক অসহায় পৰিস্থিতিৰ দৰে। ৰাইজেও ক'বলৈ ধৰিছিল, ডাক্তৰৰ ঘৰতো ইমান বিলাই। সেই ঘটনাৰ ডেৰবছৰৰ পিছত পুনৰ নিজৰা শইকীয়া গৰ্ভৱতী হয় আৰু প্ৰিয়ব্ৰতাক জন্ম দিয়ে। এই অতবোৰ দূৰ্ঘটনাৰ মাজেৰে জন্ম হোৱাৰ কাৰণেই নেকি প্ৰিয়ব্ৰতা একেবাৰে মূৰত থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব বিধৰ। কোনো কাৰণতে মাক-দেউতাকে চকুৰ আঁতৰ হ'বলৈ দিবলৈ মন নকৰে। স্কুলো পঢ়াইছিল ঘৰৰে ওচৰৰ ছেণ্ট মেৰিজখনত। স্কুল পাছ কৰি হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে পঢ়িলে কটনত। তাৰপিছত তাই কিমান কাকূতি-মিনতি কৰাৰ পিছত দিল্লী বিশ্ববিদ্যালয়লৈ যায় মাষ্টাৰ ডিগ্ৰী কৰিবলৈ। তাকো হোষ্টেলত থাকিলে কষ্ট পাব বুলিয়েই ডাঃ শইকীয়াই তাতে এটা ফ্লেটো কিনি দিয়ে। পিচে যিমান হ'লেও উঠি অহা ছোৱালী, অলপটো ঘৰৰ পৰা আঁতৰি বন্ধুৰ লগতো সময় কটাবলৈ মন যাবই। সেয়ে অলপ জেদ কৰিয়েই তাই হোষ্টেলত থাকিবলৈ ল'লে। মাজে মাজে মাক-দেউতাক গৈয়ে তাত থাকি আহে তেতিয়া তাই যেনিবা আহে তেওঁলোকৰ লগত থাকিবলৈ। কোনোদিন অভাৱ নোপোৱা ছোৱালীজনীৰ মনটো আকৌ বিৰাটেই কোমল। কোনোবা দুখীয়া, অসহায়, নিচলা মানুহক দেখিলে ৰ'ব নোৱাৰে। নিজেই আগবাঢ়ি যায় সহায় কৰিবলৈ। অৱশ্যে এইক্ষেত্ৰত মাকৰো অলপ অৱদান আছে। ডাঙৰ হোৱাৰ পৰাই দেখিছে মাক সমাজ সেৱাক লৈ কিমান ব্যস্ত। "প্ৰিয়তম" বুলি এন জি অ' এটাৰ ক'ফাউণ্ডাৰ মাক। জীয়েকেও মাকৰ সেই গুণটোৱে পালে।


"তোৰ দেখোন বেলেগৰ পিতৃ-মাতৃয়ে কন্দা দেখিলে, হিয়াই কান্দি উঠে। এতিয়া নিজৰ মাৰ-দেউতাৰক..." মাকে দুপৰীয়া খাবলৈ সকলোবোৰ ডাইনিঙত উলিয়াই ঠিক ঠাক কৰি থাকোঁতে আকৌ এবাৰ একেটা কথাকে উলিয়ালে।


উঠি যাবলৈ ধৰা প্ৰিয়ব্ৰতা আকৌ ভালকৈ বহি লৈ "চোৱা মা, মই জানো তোমালোকে দুখ পাবা বা পাইছা, কিন্তু আই ৱাজ ৰিয়েলী হেল্পলেছ এট ডেট মমেণ্ট। প্লীজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মাই চিটুৱেশ্বন মা। আই ৱাজ এবাউট টু টক টু...."


প্ৰিয়ব্ৰতাক আধাতে ৰখাই মাকে কৈ উঠিল "হ'ব হ'ব, এতিয়া দেউতাৰক আহিবলৈ দে, ভালকৈ কথা পাতিব লাগিব এই বিষয়ে।"


দিল্লী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানত স্নাত্তোকোত্তৰ সম্পূৰ্ণ কৰি একেবাৰে পি এইচ ডিটোও কৰি ঘৰলৈ উভতি আহিছে প্ৰিয়ব্ৰতা শইকীয়া। এইবাৰ উভতি আহিছে যদিও ঘৰখনৰ লগত একেবাৰে সহজ হ'ব পৰা নাই। মাক-দেউতাকক কোনোদিন দুখ দি নোপোৱা, ফাঁকি কথা এটা কৈ নোপোৱা প্ৰিয়ব্ৰতাই এইবাৰ বাৰুকৈয়ে ডাঙৰ কাণ্ড এটা কৰি ঘৰলৈ আহিছে।  মাক-দেউতাকক ক'ম বুলি তাইৰ বহুত কথাই থাকি গ'ল। তাৰ আগতেই তাই জীৱনৰ চৰম সিদ্ধান্তটো লৈ পেলাইছিল। 


এম এৰ তৃতীয়টো ছেমিষ্টাৰত প্ৰিয়ব্ৰতাৰ জীৱনলৈ আহিছিল সুশান্ত ৰয় নামৰ কলিকতাৰ ল'ৰাটো। সৰুতেই মাক-দেউতাকক হেৰুওৱা ল'ৰাটো দিল্লীৰে নিৱাসী সম্বন্ধীয় খুড়াৱক এজনৰ ঘৰত থাকি ডাঙৰ হোৱা সুশান্ত উপায় নোহোৱাতহে তাত থাকিছিল। খুড়ীয়েক আৰু ল'ৰা-ছোৱালীকেইটাৰ পৰা বৰ ভাল ব্যৱহাৰ পোৱা নাছিল। পিচে পঢ়াই-শুনাই মেধাৱী সুশান্তই স্কুল কলেজৰ পৰা পোৱা স্কলাৰশ্বিপকেইটাৰ কাৰণে পঢ়িবলৈ বৰ বেছি অসুবিধা পোৱা নাছিল। একে বেটছৰে সুশান্তৰ মুখত যেতিয়া তাৰ জীৱনৰ দুখবোৰৰ কথা শুনিলে, অলপ মৰম বিচাৰি হাবাথুৰি খোৱা সুশান্তৰ প্ৰেমত কেতিয়া পৰি গ'ল প্ৰিয়ব্ৰতাই নিজেই গম নাপালে। কথাবোৰ আৰম্ভণিৰ পৰাই মাক-দেউতাকক কথাবোৰ ক'ম বুলি ভাবি থকা প্ৰিয়ব্ৰতাৰ কথাবোৰ কোৱা নহ'ল। দুই তিনিমাহমানৰ আগৰ পৰা সুশান্তই ধৰা জেদত না ক'ব নোৱাৰি একেবাৰে ক'ৰ্ট মেৰিজ কৰাই পেলাইছিল প্ৰিয়ব্ৰতাই। সেই কামটো কৰি উঠিহে তাইৰ মনত খেলালে কিয় ইমান এটা ডাঙৰ সিদ্ধান্ত অকলে লৈ পেলালে। এতিয়া মাক-দেউতাকক কি ক'ব তাই! আচলতে সুশান্তৰ মুখত তাৰ মাক-দেউতাকৰ মৃত্যু, খুড়াৱক খুড়ীয়েকৰ দয়া-মমতা নোহোৱা কাহিনীবোৰ শুনি তাই মম গলাদি গলিছিল। তাৰ লগ হৈয়েই বাকী অন্যান্য এনেকুৱা ল'ৰা-ছোৱালীবোৰক নিজৰ পকেটৰ পৰাই যি পাৰে সহায় কৰিছিল। কেতিয়াও ভবা নাছিল প্ৰেমত পৰি এনেকৈ মাক-দেউতাকক নোকোৱাকৈ এটা চৰম সিদ্ধান্ত লৈ পেলাব।


"মা, সুশান্ত বহুত ভাল ল'ৰা। অলপতে চাগে সি তাৰে কোনোবা এখন কলেজত লেকচাৰাৰ হিচাপে জইনো কৰিব।" তাই যিমান পাৰে মাকক বুজোৱাত লাগিল। তথাপিও মনত এটা ভয়, মাকে বুজি পালেও জানো দেউতাকে পাব। তাইক অন্ধৰ দৰে মৰম কৰা, কেতিয়াও কথাৰ অমান্য নকৰা ছোৱালীজনীয়ে আজি হঠাৎ লৈ লোৱা এইটো সিদ্ধান্তত দেউতাকে ক্ষমা কৰি দিবনে। কথাখিনি ভাবি ভাবি ডাইনিঙৰ পৰা উঠি গৈ অলসভাৱে বিছনাত পৰোঁতেই চিলমিলকৈ টোপনি গৈছিল প্ৰিয়তমা। হঠাৎ লেণ্ডলাইনটোৰ কৰ্কশ শব্দত জাঁপ মাৰি উঠাদি উঠি গৈ ফোনটো ধৰে,


"হেল্ল'"


"এম আই স্পীকিং টু প্ৰিয়ব্ৰ'তা চেকীয়া?"


"সুশী" সিফালৰ মাতটো শুনিয়েই প্ৰিয়ব্ৰতাই গম পালে সুশান্তে ফোন কৰিছে। মাতটো শুনিয়েই তাইৰ টোপনিয়ে ফাট মেলিলে, ৰাংঢালীজনী হৈ জঁপিয়াই তাই কৈ উঠিল,


"সুশী ইউ ন'..."


তাইৰ কথাকেইটা আধাতে ৰখাই সুশান্তে বহুত সময় ধৰি তাইক একো মাতিবলৈ নিদিয়াকৈ একেৰাহে কথাবোৰ কৈ গ'ল। এইফালৰ পৰা 'হমমম', 'হা'ৰ বাদে একোৱে শুনা নগ'ল। বহুত সময়ৰ নিৰৱতাৰ পিছত খটককৈ ফোনটো থোৱাৰ শব্দই নিৰৱতা ভাঙে। গাত একেবাৰে জোৰ নোহোৱা মানুহৰ দৰে প্ৰিয়ব্ৰতা কোনোমতে বিছনাখনত বহি থিয় হৈ ৱালত লাগি থকা গাৰুটোত মূৰটো পেলাই চকুকেইটা মুদি দিয়ে। কি ঘটি গ'ল হঠাৎ। জীৱনে নিঃশব্দে ইমান খৰকৈ গতি সলাইছে যে তাই একো ধৰিবই পৰা নাই। যিজনী মাকক অলপ সময়ৰ আগতে সুশান্তৰ কথা ভাল ভালকৈ কৈ আহি এতিয়া আকৌ কেনেকৈ কয়গৈ যে সুশান্তে ডিভ'ৰ্ছ বিচাৰিছে। ক'ৰ্ট মেৰিজৰ এমাহ হ'ল কি নহ'ল, তাই ঘৰলৈ অহা পাঁচদিন হ'ল কি নহ'ল সুশান্তৰ দেখোন মনেই সলনি হৈ গ'ল। এতিয়া আকৌ খুড়াৱক খুড়ীয়েকৰ কথা পেলাব নোৱাৰা বাধ্য ছাত্র হৈ পৰিল, যাৰ কথা এদিন গোটেই ৰাতি সাৰে থাকি তাইৰ কোলাত মূৰ থৈ কৈ কৈ খঙতে কান্দি পেলোৱা ল'ৰাটো আজি যেন সেইটো নহয়। তেওঁলোকে বোলে তাৰ কাৰণে বেলেগ ছোৱালী চাইছে, প্ৰিয়ব্ৰতাক কোনোপধ্যেই নিবিচাৰে। ক'ৰ্ট মেৰিজহে কৰাইছে, এমাহ হৈছেহে ডিভ'ৰ্ছ দিলে একো নহয় বোলে। এনেও এইবোৰ কলেজৰ দিনীয়া প্ৰেমে এটা সময়ত আমুৱাইগৈ। আৰে, এইবোৰ কেনেকুৱা কথা! প্ৰিয়ব্ৰতাই সুশান্তে কৈ যোৱা কথাবোৰ সহ্য কৰিব নোৱাৰি সৰু ছোৱালীৰ দৰে উচুপি উঠিল।


"মুনু ভাত বাঢ়িলোঁ। খাই লহি। ময়ো মিটিং এখনলৈ ওলাই যাব লাগে।" চুৰ্ণীখনৰ আগটোত হাতটো মুচি মুচি তাইক মাতি ভিতৰলৈ সোমাই অহা মাকে উচুপি থকা প্ৰিয়ব্ৰতাক দেখি মাক দৌৰি অহাদি আহিল।


মাকে কিবা সোধাৰ আগতেই তাই মাকক সাৱতি ধৰি "মা" বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মাকে কি হৈছে একো বুজিব নোৱাৰি তাইক যিমান পাৰে জোৰত সাৱতি পিঠিখন মোহাৰি মোহাৰি তাইৰ কান্দোন বন্ধ কৰিবলৈ চেষ্টা কৰিলে। "কি হৈছে মা, ইমান কিয় কান্দিছ। মোক কচোন কি হ'ল মা।" মাকে যিমান পাৰে মোলায়েম সুৰত প্ৰিয়ব্ৰতাক সুধিলে।


"মা মই কাইলৈকে দিল্লী যাব লাগিব। সুশীয়ে ডিভ'ৰ্ছ বিচাৰিছে। মই তাক গৈ সুধিব লাগিব এইয়া কি কেঁচুৱা ল'ৰা-ছোৱালীৰ খেল পাইছে। তাৰ মতে বিয়া তাৰ মতে ডিভ'ৰ্ছ। আই হেভ টু আস্ক হিম মা। আই হেভ টু‌। হি কাণ্ট ডু ডেট উইথ মি মা।" কথাকেইটা কান্দি কান্দি কথাকেইটা কৈয়ে মাকক ঠেলি প্ৰিয়ব্ৰতা উঠি গৈ পাগলীজনীৰ নিচিনা হৈ বিছনা চাদৰ, গাৰু সৱ বিছনাৰ পলা টানি আজুৰি পেলাই দিলে। মাকে হঠাৎ হোৱা ঘটনাটোত একো আওভাও নাপায় দেউতাকক ফোন কৰি তৎক্ষণাত মাতি দিলে। সেইকণ সময়ত পৰিস্থিতি কোনোমতে চম্ভালি মাকে দেউতাক অহালৈ বাট চাই ৰ'ল।


প্ৰিয়ব্ৰতা সাৰ পাই মানে কানিমুনি আন্ধাৰ হৈছিল। তাই কান্দি কান্দি কেতিয়া মাকৰ কোলাত শুই গ'ল, মাকে কেতিয়া তাইক বিছনাত শুৱাই দিলে তাই একো গম নাপায়। আচলতে এই কেইদিন তাই ৰাতি ভালকৈ শুব পৰা নাছিল কিবা এক অনুশোচনাবোধত। যিজনী ছোৱালীয়ে মাক-দেউতাকক বেলেগে কষ্ট দিলেও সহিব নোৱাৰে, তাইনো কি পৰিক্ৰমাত পৰি মাক-দেউতাকৰ নিষ্পাপ মুখ দুখন পাহৰি থৈ তেওঁলোকৰ অনুমতি অবিহনে পাঁচবছৰৰ চিনাকি ল'ৰা এটাৰ লগত বিয়াত বহাৰ কথা ভাবিলে। প্ৰিয়ব্ৰতা সাৰ পাওঁতে ৰূমটোত কোনো নাছিল। দুৱাৰখনো জপোৱা আছিল‌। তাই ইফালে সিফালে চাই থাকোঁতে দেখিলে হঠাৎ দুৱাৰখন খুলি দেউতাক ৰূমটৈলৈ সোমাই আহিছে। দেউতাকক দেখি প্ৰিয়ব্ৰতাই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। একে জাঁপে বিছনাৰ পৰা উঠি দৌৰ মাৰি গৈ দেউতাকক ডিঙিটোতে ধৰি হুকহুকাই কান্দি দিলে। দেউতাকেও তাইক সমানে ধৰি অলপ সময় ৰৈ লাহে লাহে বিছনাখনৰ ওচৰলৈ আনি বহুৱাই দিলে। তাই কিবা এটা ক'বলৈ লওঁতেই দেউতাকে মাত দিলে,


"মই সৱ কথাই গম পাইছোঁ মা। সকলোবোৰ ঠিক হ'ব। মই মোৰ চিনাকি উকীলৰ লগত ইতিমধ্যে কথা পাতিছোঁ। তাৰ আগতে মই জানিব বিচাৰোঁ তুমি আকৌ এবাৰ তাৰ লগত কথা পাতি চাবা নেকি? নে তাৰ কথামতেই..."


ইমান একো ডাঙৰ ঘটনা নঘটাৰ দৰে আচৰণ কৰি দেউতাকে কৈ যোৱা কথাকেইটালৈ প্ৰিয়ব্ৰতাই ৰ লাগি চাই ৰ'ল। মানুহে কাৰোবাক কিমান ভাল পালে এনেকৈ সুস্থিৰ হোৱাৰ এক্টিং কৰি কথা পাতিব পাৰে! তাই অলপ মুহুৰ্তৰ বাবে দেউতাকলৈ চাই কৈ উঠিল,


"ন' দেউতা, আই ডণ্ট ৱাণ্ট টু টক টু হিম এগেইন। যিমান পাৰি সোনকালে তাক এই ৰিলেচনৰ পৰা ফ্ৰী কৰি দিয়া। মোৰ লাইফত তাৰ নিচিনা চিপ পাৰ্চনৰ দৰকাৰ নাই।" নিজকে দেউতাকৰ দৰে সুস্থিৰ কৰি প্ৰিয়ব্ৰতাই কৈ উঠিল। নিজকে যিমান পাৰি ভাঙি নপৰাৰ এক্টিং খুউব সুন্দৰকৈ মাক-দেউতাকৰ আগত প্ৰিয়ব্ৰতাই কৰি গ'ল। সেই এক্টিং আজি পৰ্যন্ত কৰি আছে তেওঁ।


কথামতেই সকলোবোৰ সোনকালে হৈ গ'ল। পঁচিশ বছৰ বয়সত জীৱনৰ ডাঙৰ ভুল সিদ্ধান্ত অকলে লৈ প্ৰিয়ব্ৰতাই আৰু এবাৰ বিয়া হোৱাৰ দৰে ডিচিছন ল'বলৈ মন নকৰিলে। তাইৰ কাৰণে বহুত ভাল ভাল ল'ৰা আহি ঘূৰি গ'ল। পিচে তাই কাৰো লগতে বিয়াত বহিবলৈ মন নকৰিলে। মাক-দেউতাকৰ অশেষ বুজনিয়েও কামত নিদিলে। শেষত তেওঁলোকেও তাইক কোৱা বাদ দিলে। প্ৰিয়ব্ৰতাৰ মতে বিয়া নামৰ সম্পৰ্কটোৱে এবাৰ তাইৰ লগত বিশ্বাসঘাতকটা কৰিলে, পুনৰ কৰিবলৈ দিব নোৱাৰি। তেতিয়াই ১০জন ব্যক্তিৰ কেপাচিটীৰে গঢ়ি তোলা স্নেহাশ্ৰয় আজিৰ দিনত এটা বৃহৎ অৰ্গানাইজেচন হিচাপে গঢ় লৈ উঠে। প্ৰিয়ব্ৰতাইও জীৱনটো এইবোৰ মানুহৰ নামতে উৎসৰ্গিতৰ দৰে। মাক-দেউতাক ঢুকোৱাৰ পিছত মাকৰ এন জি অ, দেউতাকৰ নাৰ্ছিং হোম চম্ভালাৰ দায়িত্বও তাইৰ ওপৰতে পৰিল। প্ৰিয়ব্ৰতাৰ জীৱনটো ইমানেই ব্যস্ত হৈ পৰিল তাই যে কেতিয়াবা অকলশৰীয়া হ'ব সেই কথা মনলৈকে অহা নাছিল। এইবোৰ লৈ প্ৰিয়ব্ৰতা বৰ্তমান হাজাৰগুণ সুখী। পিচে সদায় কামৰ পৰা ঘূৰি আহি অকলশৰে ঘৰটোত সোমালেহে তেওঁৰ মনটো নজনাকৈয়ে কিবা এটা বিষাদৰে আৱৰি ধৰে। মনত পৰে মাক-দেউতাকলৈ, মনত পৰে সুশান্তলৈ। এতিয়াও পাহৰিব পৰা নাই সুশান্তই তাইৰ পিঠিত বুলোৱা আঙুলিৰ পৰশ। পাহৰিব পৰা নাই কেতিয়াবা বেছি আৱেগিক হৈ পৰি সৰু ল'ৰাৰ দৰে কুঁচিমুচি তাইৰ বুকুৰ মাজত সোমাই থকা মুহূৰ্তবোৰৰ কথা। পলকতে কথাবোৰ মনলৈ আহিলেও, মুহুৰ্ততে তাৰ প্ৰতি থকা ক্ষোভটোও উজাই আহে। সেই ক্ষোভৰ কাৰণেই প্ৰিয়ব্ৰতাই কথাবোৰ মনলৈ আহিলেও ঠেলি পঠিয়াই দূৰলৈ।


আজি প্ৰিয়ব্ৰতাৰ ৬০ বছৰীয়া জন্মদিন। এই বিশেষ দিনটো বৰ উলহ-মালহৰে পাৰ কৰিলে। বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম সকলোতে কেক কাটি উদযাপন কৰি আবেলি নিউজ চেনেলত আহি এক ঘণ্টা ইণ্টাৰভিউ দি ঘৰলৈ আহি প্ৰিয়ব্ৰতাই বৰ ভাগৰুৱা অনুভৱ কৰিলে। বিশেষকৈ সাংবাদিকজনে সোধা এটা প্ৰশ্নই প্ৰিয়ব্ৰতাৰ মনত দোলা দি থাকিল "আপুনি কেতিয়াবা অলশৰীয়া অনুভৱ কৰে নে?" তেতিয়া তাই হাঁহিয়ে উত্তৰ দি থৈ আহিছিল "অলশৰীয়া কেনেকৈ অনুভৱ কৰিম হে ইমানবোৰ ল'ৰা-ছোৱালী, খুড়া, বৰতা, পেহী, মাহীহঁতৰ মাজত থাকোঁতে।"। পিচে ঘৰলৈ আহি যেতিয়া তেওঁ গা পা ধুই বিছনাত পৰি কথাবোৰ প্ৰথমৰ পৰা ভাবি যায় তেতিয়া মনটো গধুৰ হৈ আহে। আজি ইমান এটা ভাল দিন পাৰ কৰি আহিলে, কাক ক'ব তেওঁ। ওচৰত মাক বা দেউতাক থকা হ'লে, বা আন কোনোবা থকা হ'লে! আন কোনোবা মানে(!) কেনেবাকৈ সুশান্তৰ কথা ভবা নাইতো। যদি আজি তাইৰ নিজৰ এখন ঘৰ সংসাৰ থাকিলহেঁতেন, তেতিয়া কেনেকৈ উদযাপন কৰিলেহেঁতেন! যদি হঠাৎ তাইৰ এনেকৈ ঘূৰিব ফুৰিব নোৱাৰা হৈ যায়, তাইৰ লগত কথা পাতিবলৈ, তাইৰ চোৱা-চিতা কৰিবলৈ কোনোবা থাকিবনে! চোৱা-চিতা কৰিবলৈ বাৰু থাকিব কোনোবা, কিন্তু হেঁপাহ পলুৱাই তাইৰ কথা শুনিবলৈ কোনোবা থাকিবনে! বহুত প্ৰশ্নই তাইৰ মনত অগা-দেৱা কৰিবলৈ ধৰিলে। আগতে নভবা বহুত কথাই আজি তাই ভাবি পেলালে। কিবা এটা কৰিবই লাগিব। তাইৰটো এতিয়া বয়স কম হৈ থকা নাই। হঠাৎ যদি তাই ঘৰত আৱদ্ধ হ'বলগীয়া হৈ যায়, তেতিয়া দেখোন তাইৰ আয়ুসো টুটি আহিব। এবাৰ সুশান্তৰ খবৰ কৰি চাব নেকি? ছি, ছি কি যে কথা ভাবিছে এই বয়সত। এতিয়া চাগে তাৰ ল'ৰা-ছোৱালীৰ বিয়াৰ বয়স বা বিয়া হৈ গৈছে চাগে। এপাকত বিছনাৰ পৰা উঠি আহি প্ৰিয়ব্ৰতাই ষ্টাডী টেবুলখন বহি পৰিমল কাকতিলৈ ফোন লগালে। তেওঁৰ সেইজশ ব্যক্তিগত উকীল। তেওঁৰ সকলোবোৰ কাম উকীল পৰিমল কাকতিয়েই কৰি দিয়ে। এবাৰ ৰিং কৰাতেই কাকতিয়ে ফোনটো ধৰাত বৰ বিশেষ একো নকৈ পিছদিনা পুৱা তেওঁৰ লগত ব্ৰেকফাষ্ট কৰাকৈ মাতি পঠিয়ালে।


"বাইদেউ আপুনি লোৱা সিদ্ধান্তটোত আপুনি নিজেই নিশ্চিত নে?"


"ইয়েছ আই এম কুৱাইট চিউৰ। প্লীজ প্ৰচীদ।" প্ৰিয়ব্ৰতা শইকীয়াই চাহকাপত সোহা মাৰি গহীনত কয়।


অলপ দিনৰ আগতে কোম্পানী এটাই তেওঁৰ দেউতাকে বনাই থৈ প্ৰিয়ব্ৰতাৰ নামত কৰি থৈ যোৱা দুমহলীয়া ঘৰটোৰ দুটামান কোঠা অফিচ ৰূম কৰিবলৈ বিচাৰি আহিছিল। পিচে তেওঁ নিদিলে। এতিয়া সেই গোটেই ঘৰটোকেই তেওঁ শিশুবিলাকৰ কাৰণে প্লে স্কুল কাম ডে' কেয়াৰ কৰাৰ সিদ্ধান্ত লৈ কাকতিৰ লগত কথা পাতে। দেউতাকৰ গাঁৱত আৰু অলপ মাটি আছিল, সেইখিনি গা‍ঁৱৰ ৰাইজলৈ নামঘৰ সাজিবলৈ উৎসৰ্গিত কৰিবলৈও কাকতিক ক'লে।  আৰু ব্যক্তিগত কিবাকিবি কাম অলপ কৰিবলৈও কাকতিক নিৰ্দেশ দিলে। সেইবোৰ বাৰু হ'ব, কিন্তু ঘৰটো এৰি দিলে প্ৰিয়ব্ৰতা শইকীয়া ক'ত থাকিব সেই বিষয়টো লৈ পৰিমল কাকতি চিন্তিত হোৱা যেন লগাত প্ৰিয়ব্ৰতাই নিজেই মাত দিলে "মই মোৰ স্নেহাশ্ৰয়ৰ খালী থকা ৰূম এটা ঠিক কৰিছোঁ। কিমান আৰু ক'ৰবাৰ পৰা আহি অকলশৰে ঘৰটোত থাকিম। আগতে নিজকে খুউব শক্তিশালী বুলি ভাবিছিলোঁ। এতিয়া দেখোন নিজৰ মনটোৰ লগত বাৰে বাৰে হাৰি যাওঁ। দুদিনমানৰ পৰা মনলৈ আহি থাকে মোৰ যদি ঘপককৈ কিবা এটা হৈ ঘৰতে সোমাই থাকিবলগীয়া হ'লে মোৰ লগত কথা এষাৰ পাতিবলৈ মানুহ থাকিব জানো। গতিকে জীৱনৰ বাকীচোৱা সময় একেবাৰে খুড়া, বৰতা, মামা, পেহীহঁতৰ লগত দিন ৰাত থাকি ধেমালি-ধুমুলা কৰিয়েই কটাম বুলি ভাবিছোঁ। আগৰ জীৱনটোতো অতি ব্যস্ততাৰেই কটালোঁ। ইমান এটা ডাঙৰ ঘৰনো অকলশৰীয়া মানুহজনীক কিয় লাগে? ঘৰটো অলপ কামত লগাই শেষ আশ্ৰয় স্নেহাশ্ৰয়তে ল'ম বুলি ভাবিছোঁ। সিদ্ধান্তটো বৰ এটা বেয়া লোৱা নাই নে কি কয় কাকতি?" খালী হৈ থকা চাহৰ কাপটো প্লেটখনৰ ওপৰতে এনেই লাহে লাহে ঘূৰাই থাকি কথাখিনি কৈ যোৱা প্ৰিয়ব্ৰতা শইকীয়াৰ মুখখনলৈ পৰিমল কাকতিয়ে উদাস দৃষ্টিৰে কেৱল চাই ৰ'ল।

Wednesday 27 January 2021

এখন গাঁও আছিল

গোটেইজাকৰ হাঁহিৰ খিলখিলনিৰ শব্দত পকা ধাননি দৰাত পৰি পোক-পত‌ংগবোৰ খাবলৈ অহা অকণি অকণি চৰাইজাকো উৰা মাৰি গুচি যায়। সিহঁতৰ সেই প্ৰাণ খুলি হঁহা হাঁহিৰ শব্দত আবেলি সময়কণত গাঁওখনে পুনৰ এবাৰ প্ৰাণ পাই উঠে। প্ৰথমবাৰ প্ৰাণ পাই উঠে ওলাওঁ নোলাওঁকৈ লাজৰে ওৰণি ঠেলি ওলাই অহা বেলিটিৰ পোহৰত, পুৱাই নিজৰ কামে কামে ওলাই যোৱা চৰাই-চিৰিকতিৰ কিচিৰ মিচিৰ শব্দত, তাৰ আগতেও যেতিয়া পোহৰ হওঁ নহওঁ অৱস্থাত কান্ধত নাঙলটো লৈ পথাৰলৈ বুলি হালোৱাজনে হুৰহুৰকৈ গৰুহালক খেদি লৈ যোৱা শব্দত।

গাঁওখনৰ আবেলিটো যেন সেই গাভৰুজাকৰ কাৰণেই। বেলি লহিয়াবলৈ ধৰাৰ লগে লগে এজনী এজনীকৈ নিজৰ নিজৰ ঘৰৰপৰা সকলো ওলাই আহে। কোনোবাজনীয়ে আকৌ লগত ককায়েক, বৌৱেকৰ ল'ৰা-ছোৱালী থাকিলে লগতে লৈ আহে। গোটেই কেইজনী একেলগ হৈ প্ৰথমতে বহে প্ৰকাণ্ড আঁহতজোপাৰ তলত। আঁহতৰ তলতে বহি অলপ সময় হাঁহি-মাতি কথা পতাৰ পিছত সিহঁত আগবাঢ়ি গৈ চৰকাৰী কুঁৱাটোৰ পাৰলৈ। কুঁৱাটোৰ পাৰতে গোটেইকেইজনী বহিব অলপ দূৰৈৰ নামঘৰটোত সন্ধিয়া দবা-কাঁহ নবজালৈকে। সেই সময়ত কুঁৱাটোৰ পাৰত বহিবলৈ ভাল। বৰ বিশেষ মানুহো নাথাকে আৰু বালি চিমেণ্টেৰে পকী কৰি থোৱা কুঁৱাৰ পাৰখনো শুকাই ধুনীয়া হৈ থাকে। সাত আঠজনী ছোৱালী লগ হৈ সেইখিনি সময়ত গোটেই জেগাখিনি ফালি থাকে বুলি ক'লেও ভুল কোৱা নহ'ব। সেইসময়ত কাষেৰে চাইকেল চলাই যোৱা ডেকাবোৰেও আঁতৰৰ পৰা

 "সৌজাক যেন গাভৰু, নাচাইও নোৱাৰোঁ,

চালেও কিজানি জগৰ লাগে বাৰু।" গাই আহিলেও সেইজাকৰ সন্মুখত আপোনা আপোনি মুখৰ গান বন্ধ হৈ যায়। ডেকাহঁতেও জানে সেইটো দলক জোকাই লোৱা মানে পাছদিনাৰ পৰা সেইফালে যোৱা মুধাও মৰিব।

গাঁওখনক প্ৰাণ দিয়া গাভৰুজাকৰ দলটো লাহে লাহে ভাঙি নোহোৱা হ'ল। এজনী এজনীকৈ সকলোবোৰ মাকৰ ঘৰ এৰি নিজৰ সংসাৰ কৰিলেগৈ। সিহঁতৰ মাজৰে একেবাৰে শেষত বিয়া হোৱাজনী নিশা। এইকাৰণে নিশাইও কম কথা শুনি থোৱা নাই মানুহবোৰৰ পৰা। গাঁৱৰ কলেজখন সম্পূৰ্ণকৈ পঢ়া নিশা সেই জেগাৰ সকলোৰে মনত উচ্চ শিক্ষিতা ছোৱালী। ইমান পঢ়া ছোৱালীলৈ দৰা বিচৰাটো সহজ কথা নহয় নহয়। অৱশ্যে নিশাৰ পলমকৈ বিয়া হোৱাৰ আঁৰতো কাহিনী আছে। বাকী লগৰ কেইজনীতকৈ তাইৰ ৰঙটো অলপ কম। সেয়ে নামো থ'লে নিশা। কেতিয়াবা তাই এই কথাটো শুনি শুনি অসহ্য পালে মাকক ভেকাহি নমৰাও নহয় "ইমানেই যদি ক'লা মই, নামটো নিশাৰ ঠাইত আঁউসী নাৰাখিলি কেলে"

কথাটো পিচে মিছাও নহয়। ছোৱালীবিলাকৰ ৰঙটো অলপ কম হ'লেই মানুহৰ চিন্তাবোৰ আহি যায়। প্ৰথমতেই চিন্তা এইক বিয়া কোনে কৰাব। যিমান পঢ়া-শুনা থাকিলেও বহুত মানুহ এই চিন্তা-ধাৰাৰ পৰা মুক্ত নহয়। এনেইনো আমাৰ দেশত ফেয়াৰ এণ্ড লাভলীৰ নিচিনা ক্ৰীমে অত আদৰ-সাদৰ পাইনে। যি নহওক দেৰিকৈ হ'লেও নিশাইও এসময়ত নিজৰ সংসাৰখন গঢ়িবলৈ দৰা বিচাৰি পালে। দৰাও দৰা এলা-পেচা দৰা নহয়। উজনি অসমৰ সম্ভ্ৰান্ত ঘৰৰ একেবাৰে ঘৰ বনোৱা কোম্পানী থকা ঘৰৰ ল'ৰা। তাইৰ ৰঙটোক লৈ ভেঙুচালি কৰা মানুহবোৰো এতিয়া কেৱল নিশাৰ প্ৰশংসাত পঞ্চমুখ। নহ’বনো কিয় কেতিয়াবা ভগৱানে কৰালে কিজানি জোঁৱাই পোৱালিটোৱে তেওঁলোকৰ গাঁৱতো যদি খলপীয়া ঘৰ বনাবলৈ মন কৰে। কম সুখ হ’বনে!

নিশাৰ কিবা এতিয়াও গাঁৱখনলৈ আহিলে ঘূৰি যাবলৈ মনেই নাযায়। যিমান সুন্দৰকৈ গিৰিয়েকৰ ঘৰত নাথাকক সেইখন গাঁৱৰ নিচিনা মাদকতা ক'তোৱেই নাই। ইমান সুন্দৰ সেউজীয়াৰে ভৰা তাইৰ গাঁৱখন। যিফালে চোৱা হয় কিবা এটা শান্তি পোৱা যায়। প্ৰত্যেকৰে ঘৰৰ পিছফালে তামোল-পাণ, আম-কঁঠালেৰে ভৰ্তি একোখনকৈ ডাঙৰ বাৰী। ঠাণ্ডা দিনকেইটাত সিঁহতৰ ঘৰৰ পিছফালে থকা ঘোঁৰা নিমডালৰ গুটি খাবলৈ অহা ভাটৌজাকৰ কেক-কুক চিঞৰ-বাখৰতে তাই সাৰ পাই উঠে। চতমাহৰ শেষৰ পৰা আকৌ আম গছডালত লুকাই লুকাই মাতি থকা কুলিটো। সৰুতে তাই কুলিটোৰ মাতৰ সৈতে তাইৰ নিজৰ মাতটোও যিমান উলিয়াইছিল কুলিৰ মাতটোও সিমানেই ওলাইছিল। এই কথাটোত নিশাই বৰ আমোদ পাইছিল। কেতিয়াবা আকৌ ৰাতি কেতেকীজনীৰ হিয়া ভৰা কান্দোনত সাৰ পাই উঠি তাই মাকৰ বুকুৰ মাজত কুচি-মুচি সোমাইছিল। ডাঙৰ হৈ অহাৰ লগে লগে এই কিছুমান স্বভাৱ আঁতৰিছিল যদিও প্ৰিয় গাঁৱখনৰ মোহটো এৰিব পৰা নাছিল।

 

চবৰে ঘৰে ঘৰে অকনমানিকৈ হ'লেও এটা পুখুৰী। পুখুৰীটোৰ মাজলৈকে একোখন বাঁহৰ দলং। চবেই বাচন-বৰ্তন, কাপোৰ-কানি তাতেই ধোৱে। নিশাহঁতৰ ঘৰৰ পিছফালেও তেনেকুৱা এটা পুখুৰীয়েই আছিল। সৰুতে টুল এখন লৈ দলংখনৰ ওপৰত বহি তাই কম বৰশী বালেনে! আটাগুৰি লাডু এটা বনাই লৈ বৰশী বোৱাৰ নামত আটা কম মাছক খোৱালেনে! তাই আকৌ আনৰ দৰে কেঁচু, বৰলৰ টোপ লৈ বৰশী বাবলৈ ভয় কৰে। কেঁচুবোৰে লিকলিকোৱা দেখিলেই তাইৰ কিবা গাটো সিৰসিৰাই যায়। লগৰবোৰে এইটো কথাত কম ঠাট্টা মস্কৰা কৰিছিলনে তাইক। ৰাতি আকৌ ভাত খাই উঠি হাতলেম্পটো লৈ বাচন ধুই থকা মাকৰ ৰখীয়া হ'ব লাগে। এই কথাটোত তাই বৰ দিগদাৰ পাইছিল। গাঁৱখনত এনেও সন্ধিয়াতে মাজ-ৰাতিৰ দৰে হয়। তাতে আকৌ ৰাতি নটা বজাত গোটেইখন আন্ধাৰে-মুন্ধাৰে মাকক কৰা ৰখিয়ালিত কোনোমতে ভয়টো চেপি ৰাখি সেইখিনি সময় ৰখি দিয়ে। কেতিয়াবা বেছি ভয় লাগিলে মাকক এবাৰ কৈয়ো চাই "আজি নহ'লে বাচন ধুব নালাগে দে। কাইলৈ গা ধোৱাৰ আগতে ধুই পেলাবি।" কথাটো কোৱাৰ পিছত মাকৰ পৰা যিটোহে শুনিব লগা হয়, ইস্, সেইষাৰ যে তাই কিয় কৈছিল বহুত সময়লৈকে ভাবি থাকিব লগা হয়। কিন্তু অলপ ডাঙৰ হোৱাৰ পিছৰ পৰা নিশাৰ সেই ভয়-ভীতবোৰ কমি গ'ল। মাকক বাচন ধুবলৈ দিয়াৰ পৰিৱৰ্তে তাই ককায়েকক ৰখীয়া থৈ নিজেই বাচনকেইটা ধুবলৈ পুখুৰীৰ পাৰলৈ যায়।

প্ৰথম নিশা বিয়া হৈ আহি জেঠমহীয়া গৰমত বিছনিখন মাৰি গা শাত পেলাবলৈ যেতিয়া শাহুৱেকক বিছনাৰ কথা সুধিলে, শাহুৱেকে যেনেকৈহে হাঁহিলে তাইক মূহুৰ্ততে কমেডী শ্ব'ৰ কপিল শৰ্মা যেন লাগিল। কি কথাত শাহুৱেকে ইমান হাঁহিছে কথাটো বুজিবলৈ ধৰোঁতেই গিৰিয়েক অম্লানে হাতত তাইক এচিৰ ৰিমোটটো তুলি দিলেহি। তেতিয়াহে তাইৰ মনত খেলালে এইখন ঘৰত যে কোঠাই কোঠাই এচি। কথাটো ভাবি তাইৰ নিমিষতে কিবা এটা দুখ লাগি গ'ল। তাইৰ মানে এইখন ঘৰত খাপ খাবলৈ অলপ সময় লাগিব! আজি তাইৰ দ্বিতীয় বাৰৰ বাবে অজানিতে মনটোত কিবা এটা দুখ লাগিল। প্ৰথমবাৰ লাগিছিল যেতিয়া নিশাৰ মনতে ভাল লগা (আজিৰ দিনত ক্ৰাশ্ব) বিপুল দায়ে এদিন ফেয়াৰ এণ্ড লাভলী এটা আনি হাতত দি কৈছিল "এইটো লগালে বোলে ক'লা মানুহ বগা হয়।"। সেইদিনাৰ পৰা তাইৰ দেখোন বিপুল দাক দেখিলেও বুকুখন চিৰিঙকৈ নমৰা হ'ল।

তাই বিয়া হৈ বহুতদিনলৈকে প্ৰত্যেকটো কথাতে সিহঁতৰ বৰাচুক গাঁৱখন আৰু গিৰিয়েকৰ ঘৰৰ চহৰখনক ৰিজাই চাইছিল।ক’ত গছ-গছনি, চৰাই-চিৰিকতিৰে ভৰা গাঁও আৰু ক’ত বহুতদিনলৈকে মিউনিচিপালিটীয়ে চাফা নকৰা লেতেৰা দমবোৰৰ সৈতে ভৰা চহৰখন। লাহে লাহে সেই তুলনাবোৰ কমি আহিল। এতিয়া নিশাই অভেনত সুন্দৰকৈ কেক বেক কৰিব পৰা হ', তথাপিও তাইৰ নাকৰ কোনোবাখিনিত মাকে চৌকাত বনোৱা সেই কল পিঠাৰ গোন্ধটোহে লাগি থাকে। নিশা বিয়া হৈ আহিয়েই এচিয়ে নোহোৱা কৰি দিব পৰা যিটো জেঠমহীয়াৰ গৰম পাইছিল, তাই যেন সেই এচিৰ মিহি বতাহটো সহ্য কৰিব পৰা নাছিল। তাই নিজৰ গাটো চুই চুই প্ৰায়ে সেই জুৰুলাহৈ ঘামি থকা গাটোত বিছনি মাৰি শুকাই দিয়া ঘামৰ চেঁচাখিনি বিচাৰি ফুৰিছিল। আবেলি ফুৰিবলৈ ওলাই আহিলে সেইকেইটা দিনত গোটেই কেইজনীৰ হাতত তাল পাতৰ একোখন বিছনি। বতাহ থাকিলেও বিছনিখন এনেই ঘূৰাই থকাটো যেন সিহঁতৰ অভ্যাসেই হৈ গৈছিল। ফুৰি-চাকি আহি আকৌ নিজৰ চোতালে চোতালে ঘৰৰ গোটেই কেইজন সদস্য বহি আড্ডা। জোনাকৰ তলত নতুন আন্ধাৰ নিশাত জোনাকী পৰুৱাই বিলোৱা ধিমিক-ধামাক পোহৰত চোতালত বতাহ খাই বহি থকাৰ মজাই বেলেগ আছিল। বহুত দিন হ'ল তাই এইটো সোৱাদ নোপোৱা। গিৰিয়েকে যাবলৈ নিদিয়ে ইমান গৰমত, কিজানি গা বেয়া হয়। ছোৱালীজনী হোৱাৰ পৰাটো বতৰ পৰীক্ষা কৰি চলাৰ কোব আৰু বেছি হ'ল গিৰিয়েক আৰু শাহুৱেকৰ।

গিৰিয়েক অম্লান শইকীয়াৰ ঘৰখন আগৰেপৰাই ধনী। যোৰহাটৰ নাম থকা কনট্ৰেক্টৰৰ ঘৰ। অসম পৰিচিত বি.এছ বিল্দাৰছ্ এণ্ড ডেভেলপাৰছৰ পৰিয়ালৰ মানে অম্লানৰ ককাৱকৰ যিটো কোম্পানী আছিল এতিয়া পৈতৃক সম্পত্তি হিচাপে তাৰ মালিক অম্লান শইকীয়া। বাহিৰত শিক্ষা লৈ অহা অম্লানৰ হাতত পৰি কোম্পানী আৰু দোপতদোপে আগবাঢ়ে। শাহুৱেক বাসনা শইকীয়া নিশাৰ দৰে পৰিয়াল এটাৰ পৰা অহা যদিও সময়ৰ সোঁতত বদলি হৈ আগৰ কথা চব পাহৰিলে। এতিয়া নিশাকো তেওঁৰ দৰে বনাই ল'বলৈ খুবেই চেষ্টা। কিছু ক্ষেত্ৰত সফল, কিছুমানত নিশা নিশাই হৈ থাকিল।

জীয়েকক লৈ গৈ গাঁৱৰ পৰিৱেশটোৰ লগত অলপ চিনাকি কৰাই দিওঁ বুলিও নিশাই নোৱাৰে। খুউব বেছি দুৰাতি তাই থাকিবলৈ পায়। সেই দুৰাতিতে আইতাক-ককাকৰ লগত ইখন ঘৰ, সিখন ঘৰ ঘূৰি জীয়েকে নিজৰ ঘৰলৈ আহিবলৈ মনেই নকৰে। কেতিয়াবা নিশাই জীয়েকক তাইৰ গাঁৱৰ কথাবোৰ শুনালে তাইয়ো সাধু শুনাৰ দৰে শুনি থাকে। কেনেকৈ মৰণা মাৰে, খেৰৰ মেজীত উঠি জপিয়াই, পিছত খেৰৰে কটা যোৱাখিনিত পানী ঢালিলে যে চেকচেকাই সেইবোৰ কথা শুনি জীয়েকে কেতিয়াবা মাকক অবিশ্বাস্য চাৱনিৰে সোধে "ইজ ইট ট্ৰু"।

এদিন কথাই কথাই নিশাই কৈ দিলে সৰস্বতী পূজাৰ দিনা কাহিলী পুৱাতে লোকৰ ঘৰৰ পৰা ফুল চুৰ কৰা কথাটো। জীয়েকক চুৰ কৰাৰ দৰে এনে কথা কিয় ক'ব লাগে বুলি গিৰিয়েকে যিটোহে চাৱনি দিলে, তাই ভাবিয়েই নাপালে ভুল কোনখিনিত হৈ গ'ল। কিনো মিছা কথা কৈছিল নিশাই! কাহিলী পুৱাতে ৰংমিলী, জিলিহঁতৰ সৈতে ৰত্নেশ্বৰী বাইদেউৰ ঘৰৰ জেওৰা পাৰ হৈ ফুল চোৰ কৰোঁতে যে নিশাৰ ফ্ৰকটো জেওৰাত লাগি তাই ধামকৈ পৰি হাতখন ভাঙি লৈছিল। ক্লাছ এইট নে নাইনৰ কথা। মাকে আকৌ দুঢকামান দিহে দেউতাকৰ লগত ডাক্তৰৰ ওচৰলৈ পঠিয়াইছিল। সেইবোৰ যদি অম্লান আৰু শাহুৱেকৰ আগত ক'বলৈ যায় সেইখন কিবাহে হ'বগৈ।

নিশাৰ ককায়েকৰ বিয়া ঠিক হৈছে। গুৱাহাটীৰে ছোৱালী। দুয়োটাই একেলগে চাকৰি কৰি থকাৰ পৰাই চিনাকি। বিয়াখনো গুৱাহাটীতে হ'বলৈ কইনা পক্ষই জোৰ দিছে। এজনীয়ে ছোৱালী ইমান দূৰলৈ গৈ বিয়া পাতিবলৈও অসুবিধা। সেয়ে গহপুৰৰ ঘৰখনৰ মানুহেই উঠি আহি বিয়া কৰোৱাৰ যোজা চলাইছে। বিয়ালৈ দিন অলপ আছে। তথাপিও ককায়েক ধ্ৰুৱই মাক-দেউতাকক তাৰ গুৱাহাটীৰ ভাড়াঘৰটোলৈ আগতীয়াকৈ লৈ আনিলে। একেবাৰে অহাৰ দৰেই তেওঁলোক। বিয়াৰ পিছতো তাতেই থাকিব লাগিব বুলি পুতেকে ইতিমধ্যে ঘোষণা কৰিয়েই দিছে। কথাবোৰ শুনি নিশাৰ ভালো লাগিছে, মনে মনে অলপ দুখো পালে। বিয়াখনৰ অজুহাততেই তাই অলপদিন তাইৰ মৰমৰ গাঁৱখনত থাকি ফূৰ্তি অলপ কৰাৰ পৰিকল্পনা কৰিছিল। সেইটোৰো মূধা মৰিল।

আগতে গাঁৱত বিয়া বুলি ক'লে কম উখল-মাখলনে। এমাহ আগৰ পৰাই বিয়াঘৰখন মানুহে গিজগিজাই থাকে। মহিলা সন্থাই চিৰা আদি খুন্দাৰ পৰা নাম দালি গুঠালৈকে বিয়া ঘৰখনত লাগি দিয়েগৈ। পুৰুষ সন্থাৰ ৰভা দিয়া, মানুহ মতা, খাহী-মাছৰ হিচাবৰলৈকে সহায় কৰি দিয়েগৈ। ছোৱালীৰ বিয়া হ'লে কইনাজনীৰ লগতে লগৰীয়াসোপাকো কম জোকাই নাথাকে এই বোৱাৰীমখাই কাম কৰাৰ মাজে মাজে। নিশাই যে এইবোৰ কথাত কিমানবাৰ অস্বস্তি পাইছিল। তথাপিও এনেকৈ জোকালে মনটোত কিবা লাজ লাজকৈ ভাল লগা ভাবটোও আহিছিল। ৰভা খুটা পোতাৰ পৰা আৰু গাঁৱৰ মানুহ কেইঘৰৰ নিজৰ চৌকাত জুই দিবলৈ পাহৰাৰ নিচিনাই। অৱশ্যে সিহঁতৰ গাঁৱখনত জনবসতিও বৰ বেছি নাই। এইফালে সিহঁতৰ চুকটোৰ চাৰিঘৰ, মাজত পথাৰখন, সিফালে আইতু, কনমাই আৰু তুলসীহঁতৰ ঘৰখনৰে তিনিঘৰ। গতিকে সেইকেইদিনত বিয়ালৈকে সেইকেইঘৰকনো খুওৱা কি ডাঙৰ কথা! ইফালে নিমখ, মিঠাতেল, চাহপাতকণ বাদ দি চব ঘৰৰে বস্তু বুলিব পাৰি। দূৰণিবতীয়াবোৰ অকল খাবলৈহে আহে। কিন্তু এইবাৰ বিয়া বুলি নিশাৰ দীঘলীয়াকৈ ঘৰত থাকিবলৈ যোৱা আশা পণ্ড। যতচব তাইৰ ককায়েকৰ ওপৰতে খং উঠিল।

"নিশা"

দপদপকৈ কোঠালৈ সোমাই আহি হঠাত মাত দিয়া গিৰিয়েকক দেখি তাইৰ ভাৱত যতি পৰিল। তাই কিবা কোৱালৈ বাট নাচাই গিৰিয়েকে মাত দিলে "তোমালৈ এটা ভাল খবৰ আছে।" অম্লানে হাঁহি হাঁহি কোৱা কথাকেইটাত নিশাই তালৈ চোৱা প্ৰশ্নবোধক চাৱনিটো বুজিয়েই সি ক’লে "আৰু পোন্ধৰদিনমান ৰোৱা তোমাক তোমাৰ মৰমলৈ গাঁৱখনলৈ লৈ যাম।"

"কিন্তু এতিয়াতো মাহঁত তাত নাই।"

"মাহঁত নাথাকিলে যাব নোৱাৰি নেকি! অলপ দিন ৰোৱা চব গম পাবা। ভাল খবৰ আহি আছে তোমাৰ বৰাচুকলৈ।"

অম্লানৰ কথাকেইটা শুনি কি ভাল খবৰটো জানিবলৈ মনটো নিশাৰ খুদুৱাই উঠিল। তাইৰ মনৰ ভাৱটো যেন অম্লানে বুজি পালে। তাৰ হাতত মুটুকাই থোৱা কাগজখন খুলি নিশাৰ ওচৰলৈ ড্ৰেছিঙৰ টুলখন আনি বহি ল’লে "চোৱা নিশা মই যি কৰিম তোমালোকৰ মানুহখিনিৰ ভালৰ কাৰণেই কৰিম। সেই গাঁওখনৰ সকলৰে মতত আমাৰ বি.এছ বিল্দাৰছ্ এণ্ড ডেভেলপাৰছে তাত কনষ্ট্ৰাকছনৰ কাৰণে এপ্ৰুভেল পালোঁ। বহুত কষ্টৰ মূৰত এইটো প্ৰজেক্ট আমাৰ হাতলৈ আহিছে। পোন্ধৰ দিনৰ ভিতৰত কনষ্ট্ৰাকছনৰ কাম আৰম্ভ হ’ব। তাতোকৈ ডাঙৰ কথা আমি প্ৰজেক্টটো পোৱাৰ লগতে আৰু এটা শ্বপিং মলো তাত হ', সিহঁতৰ কনষ্ট্ৰাকছনখিনিও আমিয়েই পাম। তুমি চিন্তা নকৰিবা ইয়াৰ বাবে তোমালোকৰ ঘৰ বা বেলেগ কাৰোৰে ক্ষতি নহয়। বৰঞ্চ লাভহে হ’ব। সকলোৱে নিজৰ মাটি অনুযায়ী একো একোটাকৈ ফ্লেট পাব। কোনোৱে চাকৰি পাব। তোমালোকৰ মা-দেউতাও বিয়াৰ পিছত ককায়েৰাৰ লগত ভাৰাঘৰত থাকিব নালাগে। নিজৰ ফ্লেটত থাকিব। গাঁৱৰ মানুহ কেইঘৰৰ বাদে নতুন মানুহো লগ পাব। আৰু যিটো শ্বপিং মল হ'ব সেইটোৱে বহুতক চাকৰিও দিয়াব। চোৱা কথাবোৰ কেনেকৈ কি হৈ গ’ল। সেই পিছপৰা গাঁৱৰ মানুহখিনি এতিয়া ফ্লেটত থাকিব যিটো তুমি, মই পোৱা নাই।.... " অম্লানে আৰু কি কৈ আছিল নিশাৰ মনত একো নুশুমালে। সি লৈ থকা কনষ্ট্ৰাকছন প্লেনখন মাত্ৰ চাই গৈছে আৰু চকুৰে বিচাৰি ফুৰিছে তাইৰ দেউতাকে ধুনীয়াকৈ গঢ়ি তোলা ঘৰখন, পুখুৰীটো, গাঁৱখনৰ প্ৰকাণ্ড আঁহতজোপা, কুঁৱাটো....

নাই এতিয়া আৰু এইবোৰ একো নাথাকিব। পোন্ধৰদিনৰ পিছত সকলোবোৰ মাটিত মিলি যাব। এক্সাভেটৰখন আহি সকলোবোৰ এফালৰ পৰা মহটিয়াই যাব। গাঁৱখন লাহে লাহে কংক্ৰীট চহৰলৈ পৰিৱৰ্তন হ'ব। শেৱালি, হাছনাহানাৰ গোন্ধৰ পৰিৱৰ্তে পাব কেইবাদিনো মিউনিচিপালিটিয়ে চাফা নকৰা গেলা জাবৰৰ গোন্ধ। উসঃ তাইৰ বুকুখন হঠাতে বৰ বেয়াকৈ বিষাই গৈছে। নাই নিশাই আৰু ভাবিব নোৱাৰে, নোৱাৰে সেই হাঁহিৰ খিলখিলনি শব্দবোৰক গিৰিয়েকৰ কোম্পানীত জাহ যাবলৈ দিবলৈ। যত " এখন গাঁৱ আছিল" বুলি নিশাৰ গাঁৱখন মাত্ৰ সাধুকথা হৈ ৰব ।