Sunday 16 May 2021

আলুপিটিকা

: আলু পিটিকা অকণ নিদিলি?


ভাতৰ পাটত বহি কাঁহীৰ কাষতে থৈ দিয়া পানীৰ মগটোৱে হাতত পানী এচলু লৈ কাঁহীৰ চাৰিওফালে পানীকণ চটিয়াই ভাতখিনি সানিবলৈ লৈ ধনটি বৰতাই পাকঘৰত ইটো সিটো কৰি ঘুটুং ঘাটাং শব্দ কৰি থকা ঘৈণীয়েক মামণিয়ে শুনাকৈ ক'লে। ভাতসাঁজত নাই কমেও তিনিখন ভাজি, এখন দাইল আৰু এটা পদিনাৰ চাটনি। পিচে আলু পিটিকাকণ নাথাকিলেহে বৰতাই মনটোতে বৰ অসন্তোষ কৰে। লাগিলে যিমানেই মাছ-মাংস নাথাকক কিয়!


বৰতাৰ মাতটো শুনিও বৰমাই নুশুনা ভাও ধৰি অলপ সময় আছিল যদিও মনটোৱে নসহিলে। চাউল বহাওঁতেই দুফাল কৰি দি থোৱা নতুন কাণপুৰীয়া আলুৰ এফাল উলিয়াই আনি নিমখ, তেল আৰু ধনীয়া অকণৰে সানি বৰতাৰ কাঁহীখনৰ কাষতে দি মুখখন ওফোন্দাই ক'লে,


: আজিয়েই কিন্তু শেষ আলু পিটিকা। কাইলৈৰ পৰা নাপায়। আপোনাক আলু খুওৱা গম পালে মণ্টুৱে মোৰ কলিজা খাব।


বৰমাৰ কথা শুনি বৰতাই ভাতৰ গৰাহ এটা মুখত লৈয়ে হাঁহি হাঁহি ক'লে,


: থহে, ডায়েবেটিছত কোনোবা মৰা শুনিছ নেকি? আজিকালি হে এইবোৰ বেমাৰ ওলাল। আগতে দেখোন এইবোৰৰ নামেই নাছিল।


: হ'ব হ'ব ভাত মুখত লৈ বেছি কথা ক'ব নালাগে, চৰ্চৰণি খাব।


বৰমাই কৃত্ৰিম খং দেখুৱাই পাকঘৰলৈ গুচি গ'ল। যাওঁতে ভোৰভোৰাই গ'ল "এহ বৰ একেবাৰে ডাক্তৰটো ওলাইছে। ডায়েবেটিছত মানুহ নমৰে। খাবলৈ নোপোৱাৰ ভয়ত সৈবোৰ বকিছে..."


আচলতে আজি কেইদিনমানৰ আগতে বৰতাৰ গাটো অলপ বেয়া লাগি থকাত, ঘনাই ঘনাই পেছাৱ হৈ থকাত বৰমাই ডাঙৰ পুতেক মণ্টুক কথাষাৰ এনেই ফোনতে কৈছিল। মাকৰ কথা শুনিয়েই পুতেকে দেউতাকক লগে লগে চুগাৰ টেষ্টটো কৰিবলৈ কৈছিল। ইফালে বাপেক নাযায়, সিফালে পুতেকে নেৰে। দেউতাকক বলে নোৱাৰি মণ্টুৱে ঘৰৰ ওচৰৰে চিনাকি ল'ৰা বাপধনৰ লগতে পঠিয়াই দেউতাকৰ এনেই ৰেণ্ডম টেষ্টকেইটামান কৰোৱাই আনে। আবেলিলৈ ব্লাড টেষ্টৰ ৰিপ'ৰ্ট  অহাত মণ্টুৰ সন্দেহেই সঁচা হ'ল। মাকে ৰিপ'ৰ্টটো পাই লগে লগে পুতেকলৈ ফোন লগোৱাত বৰতাই গৰজি উঠে,


:, কিহলে আঁতৰত থকা ল'ৰাটোক চব কথা জনাব লাগে। ডায়েবেটিচ মৰকুচিয়াটো হৈছে হৈ থাকক, সেইবুলি ল'ৰাটোক জনোৱাৰ কোনো প্ৰয়োজন নাছিল।  মোক এতিয়াই উঠাবলৈ ডায়েবেটিচৰ বাপেকৰো দম নাই বুজিছ।


: হমম হ'ব। এতিয়া পুতেকৰ গালি খোৱাৰ ভয়ত মোক গৰজি থাকিব নালাগে।


মণ্টুৰ ফোন নম্বৰটো ডায়েল কৰি কৰি বৰমাই বৰতালৈ চাই মুখখন বেঁকা কৰি উত্তৰ দিলে।


: অঅঁ হেল্ল, বাবা। শুনিছ। অঅঁ শুনচোন তই কোৱাটোৱেই দেউতাৰৰ।


সিফালে ফোনটো ৰিচিভ কৰিলেহে এইফালে বৰমাই বকলা মেলিলেই। পুতেকে কি কৈ আছে সেইবোৰলৈ বৰমাৰ খবৰ নাই মুঠতে তেওঁহে কৈ গৈছে "ৰ ৰ এয়া দেউতাৱৰ ওচৰতে আছে। কথা পাত।" বুলি ফোনটো বৰতালৈ আগবঢ়াই দিয়ে।


বৰতাই লওঁ নলওঁকৈ ফোনটো লৈ বৰমাক এটা বিশেষ চাৱনি দি "অঅঁ মণ্টু ক"। তাৰপিছত বৰতাই মাত্ৰ "নাই নাই", "নহয় নহয়" এইবোৰহে কৈ গৈছে। যি বুজাব লগা আছিল পুতেকে বুজাই ফোনটো থোৱাত বৰতাই লাহেকৈ বৰমাক সুধিলে "এচিকুট আলু পিটিকা খালে একো নহয় চাগে ন।"। অলপ সময়ৰ আগলৈকে বৰমাৰ ওচৰত দম্ভালি মাৰি থকা বৰতাই পুতেকৰ লগত কথা পতাৰ পিছত একেবাৰে লেউসেই দিলে। বৰমাইও চেগ বুজি "এচিকুট খোৱা, সৰহকৈ খোৱা একে কথা। মোক এতিয়া লেনচেনাব নালাগে" বুলি উচাৎ মাৰি গুচি গ'ল।


আলু পিটিকাকণ বৰতাৰ সৰুৰে পৰাই প্ৰিয়। বৰতা সৰুতে বোলে এবাৰ ঘৰত নাই আলু নাই। ইফালে বৰতাক লাগে আলু পিটিকা। বুজালেও নুবুজে, ভাত নাখাই কাঁহীখনকে বোলে দলিয়াই দিছিল। সেইটো খঙতে বৰতাৰ মাকেও এইটোক ঘৰত কোনে ৰাখে বুলি ৰাস্তাত গৈ এৰি থৈ আহিছিল। অলপ পিছত বোলে নিজৰে দুখ লগাত আকৌ লৈ আনিছিল। আলুৰ লগত সংঘটিত হোৱা বহুত ঘটনাই বৰতাৰ মুখত শুনি শুনি ওচৰ চুবুৰীয়া সকলোৰে মনত ৰৈ গৈছে। কেতিয়াবা কাৰোবাৰ ঘৰত ভোজে-সবাহে কোনোবা এজনে বৰতাৰ পাতৰ কাষতে আলু পিটিকা অকণ টিপতে দি থৈ যায়। 


এতিয়াতো বৰতাৰ ঘৰত আলুৰ অভাৱ নাই। ঘৰৰ পিছফালৰ গোটেই মাটিখিনিত আলু লগাই একেবাৰে কেইবামাহলৈও খাব পৰাকৈ হৈ থাকে। কেইমাহমান হে বজাৰৰ পৰা কিনি খাবলগীয়া হয়। এবাৰ কোনোবা এটা বছৰত আলুৰ দাম বাঢ়োঁতে বৰতাৰ যি খং, চৰকাৰক গালি পাৰিহে তৎ পাইছে।


: ছেহ, মৰিবলৈনো আৰু কেইটা দিন, এই হাইজাত যোৱা ডায়েবেটিছডাল এতিয়াহে গাত বাহ ল'বলৈ আহিল।


ভাতকেইটা খাই অটাই হাত ধুবলৈ উঠি আহোঁতে বৰতাই ভোৰভোৰাই আহে। বৰতাৰ ভোৰভোৰণিত পাকঘৰৰ পৰাই বৰমাই মিচিকিয়াই হাঁহে। দুপৰীয়া বৰতাই ভাত খাই আগফালে চোতালৰ চকী বহেগৈ, এইফালে বৰমাই তামোলখন চকলিয়াই চূণে, চাধাই যতন কৰি বটাখনত লৈ যায়। ঘৰত থাকে মাত্ৰ দুটি প্ৰাণী। এই লাগে এই ভাগে। এইহাল যুটিৰ মৰম-চেনেহ, কাজিয়া-পেচাল দেখিলে সকলোৰে মৰম লাগি যায়। এইকণ সময়তে আকো জীয়েক মাণ্টিয়েও মাক-দেউতাকলৈ ফোন কৰি খবৰ লয়। এইখিনি সময়ত তাইৰ কলেজৰ ক্লাছ দুটামান অফ থাকে। ঘৰত ল'ৰা-ছোৱালী দুটাৰ পৰা কথা পাতিবলৈ শান্তি নাপায় কাৰণে এইকণ সময়তে মাক-দেউতাকৰ খবৰ লয় সদায়। দেউতাকৰ ডায়েবেটিছৰ খবৰটো পাই মাণ্টিয়ে সদায় উপদেশ দিয়াৰ লগতে দেউতাকক কি খুৱাব কি নুখুৱাব সদায় মাকক বুজায়। বৰমাই জীয়েকৰ লগত কথা পাতি থাকিলে বৰতাই চিঞৰে "সিহঁতক কৈ দে ইমান চিন্তা কৰিব নালাগে। ইমান সোনকালে বাপেক নমৰে। শত আয়ুস আছে এই আমুকাৰ।" শত আয়ুসটোত বৰতাই আৰু অলপ জোৰ দি বুকুখন উফন্দাই দিয়ে। বৰমাইও বৰতাই শুনাকৈ ফোনত কয় "আমাৰ সৈজন আজিকালি ডাক্তৰো, গণকো অ'ই মাণ্টি।" কৈ আকৌ বৰমাই নিজেই খিটখিটাই হাঁহে। 


আজিও তামোলকণ বৰতাক দি বৰমাই আগৰ দৰে জীয়েকৰ লগত কথা পাতি থাকোঁতে এপাকত দেখে ঘামি-জামি মানুহটো চকীখনতে ঢলি পৰাদি পৰি আছে। বৰমাই দেখিয়েই "দেউতাৰৰ তামোলে মূৰত ধৰিছে হবলা, পিছত ফোন কৰিম" বুলি ফোনটো কাটি লৰালৰিকৈ নিমখ পানী অকণ আনি বৰতাৰ মূৰটো ধৰি মুখত ঢালি দিয়ে যদিও পানীখিনি বাৰে বাৰে মুখৰ বাহিৰলৈ বাগৰি আহি যায়। বৰমাই কথাটো যে সাধাৰণ নহয় ধৰিব পাৰি লৰালৰিকৈ ফোনটো বাপধনলৈ লগায়। সেইখিনি সময়ত বাপধনে আকৌ ভাত খাই ঘৰৰ ওচৰৰে ঘুমটিখনত চিগাৰেট এটা খাবলৈ আহিছিল। এইটো তাৰ নিত্য নৈমিত্তিকৰ ভিতৰত পৰে। বৰমাৰ ফোনটো পাইয়ে উধাতু খাই আহিয়েই বৰতাক দেখি আকৌ ঘৰলৈ উভতি গৈ গাড়ীখন লৈ আহি "ব'লক ব'লক, হস্পিটেল লৈ যাওঁ" বুলি বৰতাক কোঁচত উঠাই বৰমাক পিছৰ চিটত বহিবলৈ দি বৰতাৰ মূৰটো বৰমাৰ কোলাত দি দীঘলীয়াকৈ শুৱাই দি যিমান স্পীডত মাৰে সিমান স্পীডত গাড়ী চলাই গ'ল স্থানীয় মডেলখনলৈ। দহমিনিটৰ ৰাস্তাটো আজি বাপধনৰ বহুত সময় যেন লাগিছে। বৰতাৰ অৱস্থাটো দেখিয়েই তাৰ মনটোৱে বৰ বেয়াকৈ চেবাইছে "বৰতা যেন আৰু ঘূৰি নাহে।"। 


শেষত বাপধনে ভবাটোৱেই হ'ল। ব্ৰেইন ষ্ট্ৰ'ক হৈ বৰতা লগে লগে ঢুকাল। ডাক্তৰে শুশ্ৰষা কৰিবলৈ নাপালেই। পৰিস্থিতি কোনোমতে চম্ভালি মণ্টু, মাণ্টি যাক যাক খবৰ দিবলগীয়া আছিল সকলোকে দি বৰমাক চম্ভালিবলৈ মাকক মাতি পঠিয়ায়। 


: এনেকৈ যে মানুহজন কথা কৈ কৈয়ে গুচি যাবগৈ ভবাই নাছিলোঁ।


বৰমাই বগা চাদৰৰ আগটোৰে ওলাই অহা চকুপানীখিনি টুকি তেওঁৰ ওচৰত বহি থকা মানুহ কেইগৰাকীক কয়। 


: তামোলখন।খাইয়ে যে এনেকৈ বাগৰি পৰি...। এইবাৰ বৰমাই আৰু নিজকে ৰখাব নোৱাৰিলে হুকহুকাই কান্দিয়েই দিলে। ওচৰতে কাৰোবাৰ লগত কথা পাতি থকা বগা ধূতি আৰু চেলেং এখন লৈ থকা মণ্টুৱে চেলেংখন ভালকৈ গাত মেৰিয়াই মাকৰ ওচৰ পালেহি। মণ্টু অহাৰ দিনাৰ পৰা মাকক সি বুজাইয়ে আছে, অলপ দেৰি ঠিকেই থাকে। আকৌ সেই একেবোৰ কথাকে উলিয়াই কান্দি থাকে বৰমাই। আচলতে মানুহবোৰক দেখিলেই শোকটোৱে খুন্দা মাৰি ধৰে। 


: বাবা অ', দেউতাৰে শত আয়ুস আছে বুলি কৈ পয়সত্তৰ বছৰ নহওঁতেই আমাক ঠগাই থৈ গ'ল অ'। 


মাকে মাজে মাজে মণ্টুক অকলশৰীয়াকৈ পালেই দেউতাকৰ শতআয়ুসৰ কথাটো কৈ কৈ কান্দে। মণ্টু, মাণ্টিয়ে মাকক বুজাইহে বুজাই মাকে সকলোবোৰ বুজিও বাৰে বাৰে একেখিনি কথাকেই কৈ থাকে। সিহঁতহালেও বুজিছে মাকৰৰ লগত কথা কৈ কৈয়ে হঠাৎ দেউতাক নোহোৱা হৈ যোৱা ঘটনাটোত মাকে সহজভাৱে ল'ব পৰা নাই। গাত একো এটা বেমাৰ নথকা দেউতাকৰ দুদিন আগতে মাত্ৰ ডায়েবেটিচটো ধৰা পৰিছিল। তাৰ বাহিৰেতো একোৱেই নাছিল। দেউতাকৰ ভাষাত "মৰকুচিয়া ডায়েবেটিছে একো কৰিব নোৱাৰে।" হয়ো ডায়েবেটিচে একো কৰিবলৈ নাপালে, ঢুকালে ব্ৰাইন ষ্ট্ৰ'কতহে। 


মণ্টুৰো দুখ লাগে দেউতাকৰ কথাবোৰ মনত পৰিলে। হাঁহিও উঠে, কোনোবা সময়ত সৰু ল'ৰাৰ দৰে কৰা আচৰণত। "এইটো নাখাবা, সেইটো নাখাবা" কত যে গাইডলাইন সি দেউতাকক দিছিল! ফোনত কথা পাতি থাকিলেও মাক-দেউতাকৰ লাগি থকা তৰ্কখনত মনে মনে ভাগ লৈ সি বৰ ৰস পাইছিল। মাণ্টিৰ ভাষাত টম এণ্ড জেৰী হালেই।


"দেউতাৰৰ পিণ্ডত আলু পিটিকা অকণ দিছনে?"


 মণ্টুৰ হাতত থকা দেউতাকৰ নলীয়া কটাৰীখন ঘূৰাই পকাই চাই কথাবোৰ ভাবি থাকোঁতে মাকে আহি মাত দিয়াতহে তাৰ।সম্বিত ঘূৰি আহিল। চলচলীয়া চকুৰে সি মাকলৈ চাওঁতে মাকে লাহেকৈ মাত দিলে "মানুহটোৱে সেইদিনাও পিটিকা অকণ খুজি খাইছিল। মই দিয়া নাছিলোঁ তই গালি পাৰিবি বুলি। জেদ ধৰাতহে অকণমান দিলোঁ, একেবাৰে এচিকুটা। সেইকণে তেওঁৰ অপকাৰ কৰিলে নেকি অ' বাবা?"


সকলোবোৰ কথাই ইমান সহজ সৰলকৈ লোৱা মাকজনীকনো  মণ্টুৱে কি বুলি ক'ব একো ভাবি নাপালে। দেউতাক নথকাৰ চিন মাকৰ উকা কঁপালখনলৈ সি বেছি সময় চাই থাকিব নোৱাৰিলে। দেউতাকৰ নলীয়া কটাৰীখন ধুতিৰ খোচনিত ভৰাই সেই ঠাইৰ পৰা উঠি যাবলৈ লৈ মাকক মাত্ৰ কৈ গ'ল "দেউতাৰ আয়ুসেই ইমানলৈকে আছিল অ' মা।"

No comments: