Wednesday 27 January 2021

এখন গাঁও আছিল

গোটেইজাকৰ হাঁহিৰ খিলখিলনিৰ শব্দত পকা ধাননি দৰাত পৰি পোক-পত‌ংগবোৰ খাবলৈ অহা অকণি অকণি চৰাইজাকো উৰা মাৰি গুচি যায়। সিহঁতৰ সেই প্ৰাণ খুলি হঁহা হাঁহিৰ শব্দত আবেলি সময়কণত গাঁওখনে পুনৰ এবাৰ প্ৰাণ পাই উঠে। প্ৰথমবাৰ প্ৰাণ পাই উঠে ওলাওঁ নোলাওঁকৈ লাজৰে ওৰণি ঠেলি ওলাই অহা বেলিটিৰ পোহৰত, পুৱাই নিজৰ কামে কামে ওলাই যোৱা চৰাই-চিৰিকতিৰ কিচিৰ মিচিৰ শব্দত, তাৰ আগতেও যেতিয়া পোহৰ হওঁ নহওঁ অৱস্থাত কান্ধত নাঙলটো লৈ পথাৰলৈ বুলি হালোৱাজনে হুৰহুৰকৈ গৰুহালক খেদি লৈ যোৱা শব্দত।

গাঁওখনৰ আবেলিটো যেন সেই গাভৰুজাকৰ কাৰণেই। বেলি লহিয়াবলৈ ধৰাৰ লগে লগে এজনী এজনীকৈ নিজৰ নিজৰ ঘৰৰপৰা সকলো ওলাই আহে। কোনোবাজনীয়ে আকৌ লগত ককায়েক, বৌৱেকৰ ল'ৰা-ছোৱালী থাকিলে লগতে লৈ আহে। গোটেই কেইজনী একেলগ হৈ প্ৰথমতে বহে প্ৰকাণ্ড আঁহতজোপাৰ তলত। আঁহতৰ তলতে বহি অলপ সময় হাঁহি-মাতি কথা পতাৰ পিছত সিহঁত আগবাঢ়ি গৈ চৰকাৰী কুঁৱাটোৰ পাৰলৈ। কুঁৱাটোৰ পাৰতে গোটেইকেইজনী বহিব অলপ দূৰৈৰ নামঘৰটোত সন্ধিয়া দবা-কাঁহ নবজালৈকে। সেই সময়ত কুঁৱাটোৰ পাৰত বহিবলৈ ভাল। বৰ বিশেষ মানুহো নাথাকে আৰু বালি চিমেণ্টেৰে পকী কৰি থোৱা কুঁৱাৰ পাৰখনো শুকাই ধুনীয়া হৈ থাকে। সাত আঠজনী ছোৱালী লগ হৈ সেইখিনি সময়ত গোটেই জেগাখিনি ফালি থাকে বুলি ক'লেও ভুল কোৱা নহ'ব। সেইসময়ত কাষেৰে চাইকেল চলাই যোৱা ডেকাবোৰেও আঁতৰৰ পৰা

 "সৌজাক যেন গাভৰু, নাচাইও নোৱাৰোঁ,

চালেও কিজানি জগৰ লাগে বাৰু।" গাই আহিলেও সেইজাকৰ সন্মুখত আপোনা আপোনি মুখৰ গান বন্ধ হৈ যায়। ডেকাহঁতেও জানে সেইটো দলক জোকাই লোৱা মানে পাছদিনাৰ পৰা সেইফালে যোৱা মুধাও মৰিব।

গাঁওখনক প্ৰাণ দিয়া গাভৰুজাকৰ দলটো লাহে লাহে ভাঙি নোহোৱা হ'ল। এজনী এজনীকৈ সকলোবোৰ মাকৰ ঘৰ এৰি নিজৰ সংসাৰ কৰিলেগৈ। সিহঁতৰ মাজৰে একেবাৰে শেষত বিয়া হোৱাজনী নিশা। এইকাৰণে নিশাইও কম কথা শুনি থোৱা নাই মানুহবোৰৰ পৰা। গাঁৱৰ কলেজখন সম্পূৰ্ণকৈ পঢ়া নিশা সেই জেগাৰ সকলোৰে মনত উচ্চ শিক্ষিতা ছোৱালী। ইমান পঢ়া ছোৱালীলৈ দৰা বিচৰাটো সহজ কথা নহয় নহয়। অৱশ্যে নিশাৰ পলমকৈ বিয়া হোৱাৰ আঁৰতো কাহিনী আছে। বাকী লগৰ কেইজনীতকৈ তাইৰ ৰঙটো অলপ কম। সেয়ে নামো থ'লে নিশা। কেতিয়াবা তাই এই কথাটো শুনি শুনি অসহ্য পালে মাকক ভেকাহি নমৰাও নহয় "ইমানেই যদি ক'লা মই, নামটো নিশাৰ ঠাইত আঁউসী নাৰাখিলি কেলে"

কথাটো পিচে মিছাও নহয়। ছোৱালীবিলাকৰ ৰঙটো অলপ কম হ'লেই মানুহৰ চিন্তাবোৰ আহি যায়। প্ৰথমতেই চিন্তা এইক বিয়া কোনে কৰাব। যিমান পঢ়া-শুনা থাকিলেও বহুত মানুহ এই চিন্তা-ধাৰাৰ পৰা মুক্ত নহয়। এনেইনো আমাৰ দেশত ফেয়াৰ এণ্ড লাভলীৰ নিচিনা ক্ৰীমে অত আদৰ-সাদৰ পাইনে। যি নহওক দেৰিকৈ হ'লেও নিশাইও এসময়ত নিজৰ সংসাৰখন গঢ়িবলৈ দৰা বিচাৰি পালে। দৰাও দৰা এলা-পেচা দৰা নহয়। উজনি অসমৰ সম্ভ্ৰান্ত ঘৰৰ একেবাৰে ঘৰ বনোৱা কোম্পানী থকা ঘৰৰ ল'ৰা। তাইৰ ৰঙটোক লৈ ভেঙুচালি কৰা মানুহবোৰো এতিয়া কেৱল নিশাৰ প্ৰশংসাত পঞ্চমুখ। নহ’বনো কিয় কেতিয়াবা ভগৱানে কৰালে কিজানি জোঁৱাই পোৱালিটোৱে তেওঁলোকৰ গাঁৱতো যদি খলপীয়া ঘৰ বনাবলৈ মন কৰে। কম সুখ হ’বনে!

নিশাৰ কিবা এতিয়াও গাঁৱখনলৈ আহিলে ঘূৰি যাবলৈ মনেই নাযায়। যিমান সুন্দৰকৈ গিৰিয়েকৰ ঘৰত নাথাকক সেইখন গাঁৱৰ নিচিনা মাদকতা ক'তোৱেই নাই। ইমান সুন্দৰ সেউজীয়াৰে ভৰা তাইৰ গাঁৱখন। যিফালে চোৱা হয় কিবা এটা শান্তি পোৱা যায়। প্ৰত্যেকৰে ঘৰৰ পিছফালে তামোল-পাণ, আম-কঁঠালেৰে ভৰ্তি একোখনকৈ ডাঙৰ বাৰী। ঠাণ্ডা দিনকেইটাত সিঁহতৰ ঘৰৰ পিছফালে থকা ঘোঁৰা নিমডালৰ গুটি খাবলৈ অহা ভাটৌজাকৰ কেক-কুক চিঞৰ-বাখৰতে তাই সাৰ পাই উঠে। চতমাহৰ শেষৰ পৰা আকৌ আম গছডালত লুকাই লুকাই মাতি থকা কুলিটো। সৰুতে তাই কুলিটোৰ মাতৰ সৈতে তাইৰ নিজৰ মাতটোও যিমান উলিয়াইছিল কুলিৰ মাতটোও সিমানেই ওলাইছিল। এই কথাটোত নিশাই বৰ আমোদ পাইছিল। কেতিয়াবা আকৌ ৰাতি কেতেকীজনীৰ হিয়া ভৰা কান্দোনত সাৰ পাই উঠি তাই মাকৰ বুকুৰ মাজত কুচি-মুচি সোমাইছিল। ডাঙৰ হৈ অহাৰ লগে লগে এই কিছুমান স্বভাৱ আঁতৰিছিল যদিও প্ৰিয় গাঁৱখনৰ মোহটো এৰিব পৰা নাছিল।

 

চবৰে ঘৰে ঘৰে অকনমানিকৈ হ'লেও এটা পুখুৰী। পুখুৰীটোৰ মাজলৈকে একোখন বাঁহৰ দলং। চবেই বাচন-বৰ্তন, কাপোৰ-কানি তাতেই ধোৱে। নিশাহঁতৰ ঘৰৰ পিছফালেও তেনেকুৱা এটা পুখুৰীয়েই আছিল। সৰুতে টুল এখন লৈ দলংখনৰ ওপৰত বহি তাই কম বৰশী বালেনে! আটাগুৰি লাডু এটা বনাই লৈ বৰশী বোৱাৰ নামত আটা কম মাছক খোৱালেনে! তাই আকৌ আনৰ দৰে কেঁচু, বৰলৰ টোপ লৈ বৰশী বাবলৈ ভয় কৰে। কেঁচুবোৰে লিকলিকোৱা দেখিলেই তাইৰ কিবা গাটো সিৰসিৰাই যায়। লগৰবোৰে এইটো কথাত কম ঠাট্টা মস্কৰা কৰিছিলনে তাইক। ৰাতি আকৌ ভাত খাই উঠি হাতলেম্পটো লৈ বাচন ধুই থকা মাকৰ ৰখীয়া হ'ব লাগে। এই কথাটোত তাই বৰ দিগদাৰ পাইছিল। গাঁৱখনত এনেও সন্ধিয়াতে মাজ-ৰাতিৰ দৰে হয়। তাতে আকৌ ৰাতি নটা বজাত গোটেইখন আন্ধাৰে-মুন্ধাৰে মাকক কৰা ৰখিয়ালিত কোনোমতে ভয়টো চেপি ৰাখি সেইখিনি সময় ৰখি দিয়ে। কেতিয়াবা বেছি ভয় লাগিলে মাকক এবাৰ কৈয়ো চাই "আজি নহ'লে বাচন ধুব নালাগে দে। কাইলৈ গা ধোৱাৰ আগতে ধুই পেলাবি।" কথাটো কোৱাৰ পিছত মাকৰ পৰা যিটোহে শুনিব লগা হয়, ইস্, সেইষাৰ যে তাই কিয় কৈছিল বহুত সময়লৈকে ভাবি থাকিব লগা হয়। কিন্তু অলপ ডাঙৰ হোৱাৰ পিছৰ পৰা নিশাৰ সেই ভয়-ভীতবোৰ কমি গ'ল। মাকক বাচন ধুবলৈ দিয়াৰ পৰিৱৰ্তে তাই ককায়েকক ৰখীয়া থৈ নিজেই বাচনকেইটা ধুবলৈ পুখুৰীৰ পাৰলৈ যায়।

প্ৰথম নিশা বিয়া হৈ আহি জেঠমহীয়া গৰমত বিছনিখন মাৰি গা শাত পেলাবলৈ যেতিয়া শাহুৱেকক বিছনাৰ কথা সুধিলে, শাহুৱেকে যেনেকৈহে হাঁহিলে তাইক মূহুৰ্ততে কমেডী শ্ব'ৰ কপিল শৰ্মা যেন লাগিল। কি কথাত শাহুৱেকে ইমান হাঁহিছে কথাটো বুজিবলৈ ধৰোঁতেই গিৰিয়েক অম্লানে হাতত তাইক এচিৰ ৰিমোটটো তুলি দিলেহি। তেতিয়াহে তাইৰ মনত খেলালে এইখন ঘৰত যে কোঠাই কোঠাই এচি। কথাটো ভাবি তাইৰ নিমিষতে কিবা এটা দুখ লাগি গ'ল। তাইৰ মানে এইখন ঘৰত খাপ খাবলৈ অলপ সময় লাগিব! আজি তাইৰ দ্বিতীয় বাৰৰ বাবে অজানিতে মনটোত কিবা এটা দুখ লাগিল। প্ৰথমবাৰ লাগিছিল যেতিয়া নিশাৰ মনতে ভাল লগা (আজিৰ দিনত ক্ৰাশ্ব) বিপুল দায়ে এদিন ফেয়াৰ এণ্ড লাভলী এটা আনি হাতত দি কৈছিল "এইটো লগালে বোলে ক'লা মানুহ বগা হয়।"। সেইদিনাৰ পৰা তাইৰ দেখোন বিপুল দাক দেখিলেও বুকুখন চিৰিঙকৈ নমৰা হ'ল।

তাই বিয়া হৈ বহুতদিনলৈকে প্ৰত্যেকটো কথাতে সিহঁতৰ বৰাচুক গাঁৱখন আৰু গিৰিয়েকৰ ঘৰৰ চহৰখনক ৰিজাই চাইছিল।ক’ত গছ-গছনি, চৰাই-চিৰিকতিৰে ভৰা গাঁও আৰু ক’ত বহুতদিনলৈকে মিউনিচিপালিটীয়ে চাফা নকৰা লেতেৰা দমবোৰৰ সৈতে ভৰা চহৰখন। লাহে লাহে সেই তুলনাবোৰ কমি আহিল। এতিয়া নিশাই অভেনত সুন্দৰকৈ কেক বেক কৰিব পৰা হ', তথাপিও তাইৰ নাকৰ কোনোবাখিনিত মাকে চৌকাত বনোৱা সেই কল পিঠাৰ গোন্ধটোহে লাগি থাকে। নিশা বিয়া হৈ আহিয়েই এচিয়ে নোহোৱা কৰি দিব পৰা যিটো জেঠমহীয়াৰ গৰম পাইছিল, তাই যেন সেই এচিৰ মিহি বতাহটো সহ্য কৰিব পৰা নাছিল। তাই নিজৰ গাটো চুই চুই প্ৰায়ে সেই জুৰুলাহৈ ঘামি থকা গাটোত বিছনি মাৰি শুকাই দিয়া ঘামৰ চেঁচাখিনি বিচাৰি ফুৰিছিল। আবেলি ফুৰিবলৈ ওলাই আহিলে সেইকেইটা দিনত গোটেই কেইজনীৰ হাতত তাল পাতৰ একোখন বিছনি। বতাহ থাকিলেও বিছনিখন এনেই ঘূৰাই থকাটো যেন সিহঁতৰ অভ্যাসেই হৈ গৈছিল। ফুৰি-চাকি আহি আকৌ নিজৰ চোতালে চোতালে ঘৰৰ গোটেই কেইজন সদস্য বহি আড্ডা। জোনাকৰ তলত নতুন আন্ধাৰ নিশাত জোনাকী পৰুৱাই বিলোৱা ধিমিক-ধামাক পোহৰত চোতালত বতাহ খাই বহি থকাৰ মজাই বেলেগ আছিল। বহুত দিন হ'ল তাই এইটো সোৱাদ নোপোৱা। গিৰিয়েকে যাবলৈ নিদিয়ে ইমান গৰমত, কিজানি গা বেয়া হয়। ছোৱালীজনী হোৱাৰ পৰাটো বতৰ পৰীক্ষা কৰি চলাৰ কোব আৰু বেছি হ'ল গিৰিয়েক আৰু শাহুৱেকৰ।

গিৰিয়েক অম্লান শইকীয়াৰ ঘৰখন আগৰেপৰাই ধনী। যোৰহাটৰ নাম থকা কনট্ৰেক্টৰৰ ঘৰ। অসম পৰিচিত বি.এছ বিল্দাৰছ্ এণ্ড ডেভেলপাৰছৰ পৰিয়ালৰ মানে অম্লানৰ ককাৱকৰ যিটো কোম্পানী আছিল এতিয়া পৈতৃক সম্পত্তি হিচাপে তাৰ মালিক অম্লান শইকীয়া। বাহিৰত শিক্ষা লৈ অহা অম্লানৰ হাতত পৰি কোম্পানী আৰু দোপতদোপে আগবাঢ়ে। শাহুৱেক বাসনা শইকীয়া নিশাৰ দৰে পৰিয়াল এটাৰ পৰা অহা যদিও সময়ৰ সোঁতত বদলি হৈ আগৰ কথা চব পাহৰিলে। এতিয়া নিশাকো তেওঁৰ দৰে বনাই ল'বলৈ খুবেই চেষ্টা। কিছু ক্ষেত্ৰত সফল, কিছুমানত নিশা নিশাই হৈ থাকিল।

জীয়েকক লৈ গৈ গাঁৱৰ পৰিৱেশটোৰ লগত অলপ চিনাকি কৰাই দিওঁ বুলিও নিশাই নোৱাৰে। খুউব বেছি দুৰাতি তাই থাকিবলৈ পায়। সেই দুৰাতিতে আইতাক-ককাকৰ লগত ইখন ঘৰ, সিখন ঘৰ ঘূৰি জীয়েকে নিজৰ ঘৰলৈ আহিবলৈ মনেই নকৰে। কেতিয়াবা নিশাই জীয়েকক তাইৰ গাঁৱৰ কথাবোৰ শুনালে তাইয়ো সাধু শুনাৰ দৰে শুনি থাকে। কেনেকৈ মৰণা মাৰে, খেৰৰ মেজীত উঠি জপিয়াই, পিছত খেৰৰে কটা যোৱাখিনিত পানী ঢালিলে যে চেকচেকাই সেইবোৰ কথা শুনি জীয়েকে কেতিয়াবা মাকক অবিশ্বাস্য চাৱনিৰে সোধে "ইজ ইট ট্ৰু"।

এদিন কথাই কথাই নিশাই কৈ দিলে সৰস্বতী পূজাৰ দিনা কাহিলী পুৱাতে লোকৰ ঘৰৰ পৰা ফুল চুৰ কৰা কথাটো। জীয়েকক চুৰ কৰাৰ দৰে এনে কথা কিয় ক'ব লাগে বুলি গিৰিয়েকে যিটোহে চাৱনি দিলে, তাই ভাবিয়েই নাপালে ভুল কোনখিনিত হৈ গ'ল। কিনো মিছা কথা কৈছিল নিশাই! কাহিলী পুৱাতে ৰংমিলী, জিলিহঁতৰ সৈতে ৰত্নেশ্বৰী বাইদেউৰ ঘৰৰ জেওৰা পাৰ হৈ ফুল চোৰ কৰোঁতে যে নিশাৰ ফ্ৰকটো জেওৰাত লাগি তাই ধামকৈ পৰি হাতখন ভাঙি লৈছিল। ক্লাছ এইট নে নাইনৰ কথা। মাকে আকৌ দুঢকামান দিহে দেউতাকৰ লগত ডাক্তৰৰ ওচৰলৈ পঠিয়াইছিল। সেইবোৰ যদি অম্লান আৰু শাহুৱেকৰ আগত ক'বলৈ যায় সেইখন কিবাহে হ'বগৈ।

নিশাৰ ককায়েকৰ বিয়া ঠিক হৈছে। গুৱাহাটীৰে ছোৱালী। দুয়োটাই একেলগে চাকৰি কৰি থকাৰ পৰাই চিনাকি। বিয়াখনো গুৱাহাটীতে হ'বলৈ কইনা পক্ষই জোৰ দিছে। এজনীয়ে ছোৱালী ইমান দূৰলৈ গৈ বিয়া পাতিবলৈও অসুবিধা। সেয়ে গহপুৰৰ ঘৰখনৰ মানুহেই উঠি আহি বিয়া কৰোৱাৰ যোজা চলাইছে। বিয়ালৈ দিন অলপ আছে। তথাপিও ককায়েক ধ্ৰুৱই মাক-দেউতাকক তাৰ গুৱাহাটীৰ ভাড়াঘৰটোলৈ আগতীয়াকৈ লৈ আনিলে। একেবাৰে অহাৰ দৰেই তেওঁলোক। বিয়াৰ পিছতো তাতেই থাকিব লাগিব বুলি পুতেকে ইতিমধ্যে ঘোষণা কৰিয়েই দিছে। কথাবোৰ শুনি নিশাৰ ভালো লাগিছে, মনে মনে অলপ দুখো পালে। বিয়াখনৰ অজুহাততেই তাই অলপদিন তাইৰ মৰমৰ গাঁৱখনত থাকি ফূৰ্তি অলপ কৰাৰ পৰিকল্পনা কৰিছিল। সেইটোৰো মূধা মৰিল।

আগতে গাঁৱত বিয়া বুলি ক'লে কম উখল-মাখলনে। এমাহ আগৰ পৰাই বিয়াঘৰখন মানুহে গিজগিজাই থাকে। মহিলা সন্থাই চিৰা আদি খুন্দাৰ পৰা নাম দালি গুঠালৈকে বিয়া ঘৰখনত লাগি দিয়েগৈ। পুৰুষ সন্থাৰ ৰভা দিয়া, মানুহ মতা, খাহী-মাছৰ হিচাবৰলৈকে সহায় কৰি দিয়েগৈ। ছোৱালীৰ বিয়া হ'লে কইনাজনীৰ লগতে লগৰীয়াসোপাকো কম জোকাই নাথাকে এই বোৱাৰীমখাই কাম কৰাৰ মাজে মাজে। নিশাই যে এইবোৰ কথাত কিমানবাৰ অস্বস্তি পাইছিল। তথাপিও এনেকৈ জোকালে মনটোত কিবা লাজ লাজকৈ ভাল লগা ভাবটোও আহিছিল। ৰভা খুটা পোতাৰ পৰা আৰু গাঁৱৰ মানুহ কেইঘৰৰ নিজৰ চৌকাত জুই দিবলৈ পাহৰাৰ নিচিনাই। অৱশ্যে সিহঁতৰ গাঁৱখনত জনবসতিও বৰ বেছি নাই। এইফালে সিহঁতৰ চুকটোৰ চাৰিঘৰ, মাজত পথাৰখন, সিফালে আইতু, কনমাই আৰু তুলসীহঁতৰ ঘৰখনৰে তিনিঘৰ। গতিকে সেইকেইদিনত বিয়ালৈকে সেইকেইঘৰকনো খুওৱা কি ডাঙৰ কথা! ইফালে নিমখ, মিঠাতেল, চাহপাতকণ বাদ দি চব ঘৰৰে বস্তু বুলিব পাৰি। দূৰণিবতীয়াবোৰ অকল খাবলৈহে আহে। কিন্তু এইবাৰ বিয়া বুলি নিশাৰ দীঘলীয়াকৈ ঘৰত থাকিবলৈ যোৱা আশা পণ্ড। যতচব তাইৰ ককায়েকৰ ওপৰতে খং উঠিল।

"নিশা"

দপদপকৈ কোঠালৈ সোমাই আহি হঠাত মাত দিয়া গিৰিয়েকক দেখি তাইৰ ভাৱত যতি পৰিল। তাই কিবা কোৱালৈ বাট নাচাই গিৰিয়েকে মাত দিলে "তোমালৈ এটা ভাল খবৰ আছে।" অম্লানে হাঁহি হাঁহি কোৱা কথাকেইটাত নিশাই তালৈ চোৱা প্ৰশ্নবোধক চাৱনিটো বুজিয়েই সি ক’লে "আৰু পোন্ধৰদিনমান ৰোৱা তোমাক তোমাৰ মৰমলৈ গাঁৱখনলৈ লৈ যাম।"

"কিন্তু এতিয়াতো মাহঁত তাত নাই।"

"মাহঁত নাথাকিলে যাব নোৱাৰি নেকি! অলপ দিন ৰোৱা চব গম পাবা। ভাল খবৰ আহি আছে তোমাৰ বৰাচুকলৈ।"

অম্লানৰ কথাকেইটা শুনি কি ভাল খবৰটো জানিবলৈ মনটো নিশাৰ খুদুৱাই উঠিল। তাইৰ মনৰ ভাৱটো যেন অম্লানে বুজি পালে। তাৰ হাতত মুটুকাই থোৱা কাগজখন খুলি নিশাৰ ওচৰলৈ ড্ৰেছিঙৰ টুলখন আনি বহি ল’লে "চোৱা নিশা মই যি কৰিম তোমালোকৰ মানুহখিনিৰ ভালৰ কাৰণেই কৰিম। সেই গাঁওখনৰ সকলৰে মতত আমাৰ বি.এছ বিল্দাৰছ্ এণ্ড ডেভেলপাৰছে তাত কনষ্ট্ৰাকছনৰ কাৰণে এপ্ৰুভেল পালোঁ। বহুত কষ্টৰ মূৰত এইটো প্ৰজেক্ট আমাৰ হাতলৈ আহিছে। পোন্ধৰ দিনৰ ভিতৰত কনষ্ট্ৰাকছনৰ কাম আৰম্ভ হ’ব। তাতোকৈ ডাঙৰ কথা আমি প্ৰজেক্টটো পোৱাৰ লগতে আৰু এটা শ্বপিং মলো তাত হ', সিহঁতৰ কনষ্ট্ৰাকছনখিনিও আমিয়েই পাম। তুমি চিন্তা নকৰিবা ইয়াৰ বাবে তোমালোকৰ ঘৰ বা বেলেগ কাৰোৰে ক্ষতি নহয়। বৰঞ্চ লাভহে হ’ব। সকলোৱে নিজৰ মাটি অনুযায়ী একো একোটাকৈ ফ্লেট পাব। কোনোৱে চাকৰি পাব। তোমালোকৰ মা-দেউতাও বিয়াৰ পিছত ককায়েৰাৰ লগত ভাৰাঘৰত থাকিব নালাগে। নিজৰ ফ্লেটত থাকিব। গাঁৱৰ মানুহ কেইঘৰৰ বাদে নতুন মানুহো লগ পাব। আৰু যিটো শ্বপিং মল হ'ব সেইটোৱে বহুতক চাকৰিও দিয়াব। চোৱা কথাবোৰ কেনেকৈ কি হৈ গ’ল। সেই পিছপৰা গাঁৱৰ মানুহখিনি এতিয়া ফ্লেটত থাকিব যিটো তুমি, মই পোৱা নাই।.... " অম্লানে আৰু কি কৈ আছিল নিশাৰ মনত একো নুশুমালে। সি লৈ থকা কনষ্ট্ৰাকছন প্লেনখন মাত্ৰ চাই গৈছে আৰু চকুৰে বিচাৰি ফুৰিছে তাইৰ দেউতাকে ধুনীয়াকৈ গঢ়ি তোলা ঘৰখন, পুখুৰীটো, গাঁৱখনৰ প্ৰকাণ্ড আঁহতজোপা, কুঁৱাটো....

নাই এতিয়া আৰু এইবোৰ একো নাথাকিব। পোন্ধৰদিনৰ পিছত সকলোবোৰ মাটিত মিলি যাব। এক্সাভেটৰখন আহি সকলোবোৰ এফালৰ পৰা মহটিয়াই যাব। গাঁৱখন লাহে লাহে কংক্ৰীট চহৰলৈ পৰিৱৰ্তন হ'ব। শেৱালি, হাছনাহানাৰ গোন্ধৰ পৰিৱৰ্তে পাব কেইবাদিনো মিউনিচিপালিটিয়ে চাফা নকৰা গেলা জাবৰৰ গোন্ধ। উসঃ তাইৰ বুকুখন হঠাতে বৰ বেয়াকৈ বিষাই গৈছে। নাই নিশাই আৰু ভাবিব নোৱাৰে, নোৱাৰে সেই হাঁহিৰ খিলখিলনি শব্দবোৰক গিৰিয়েকৰ কোম্পানীত জাহ যাবলৈ দিবলৈ। যত " এখন গাঁৱ আছিল" বুলি নিশাৰ গাঁৱখন মাত্ৰ সাধুকথা হৈ ৰব । 

Sunday 18 October 2020

মায়া!

'দেউতাৱৰৰ বছেৰেকীয়া শ্ৰাদ্ধলৈ মই ৰঙালাও এটা থৈছিলোঁ।'

'এটা ৰঙালাওৰে হ'ব জানো মা! প্ৰথমটো বছেৰেকীয়া শ্ৰাদ্ধ, বংশ, মিতিৰ-কুতুম্ববিলাক মিলাইয়োতো অলপ মানুহ হ'ব।'

''ব তাৰ লগত আৰু আন পাচলি মিলাব নহয়।'

''ব দিয়া তেন্তে মা। এতিয়া বাকী বস্তুবোৰৰ লিষ্টখন দিয়াচোন। মই অলপ বজাৰ কৰি আহোঁ।'

হাতত থকা কাগজখন তিনিজাপ কৰি চাৰ্টৰ পকেটত ভৰাই মুনুলে মাকলৈ চাই কথাকেইটা কৈ ওলাই গ'ল। মাকেও ব্লাউজৰ ভিতৰৰ এটা চাইডত থৈ দিয়া ৰিচিপ্তৰ নিচিনা কাগজৰ টুকুৰা এটা পুতেকৰ হাতত দিলে। মুনুলে কাগজখন আগৰখনৰ নিচিনাকৈ ভাজ কৰি আগৰখনৰ লগতে পকেটত ভৰাই ওলাই গ'ল।

মুনুল ওলাই যোৱাৰ ফালে চাই মাক পদ্মা দেৱীয়ে কিবা এখন কাগজ বিচাৰি তুলিৰ তলখন খুচৰিলে। সকলো বস্তু তুলিৰ তলত গোজা মাৰি থোৱাটো পদ্মা দেৱীৰ নতুন অভ্যাস নহয়। জীয়েকৰ কত গালি খাইও মাক সলনি নহ'ল। আগতে সেইকাৰণে ল'ৰা-ছোৱালীকেইটাই মাকক কিবা এটা থ'বলৈ দি পিছত বিচাৰিব লগা হ'লে তুলিৰ তলখনেই খোচৰেহি। কিন্তু মাকে বিচাৰি নিদিয়ালৈকে কেতিয়াও সিহঁতে বস্তুটো বিচাৰি নাপায়। কেতিয়াবা জীয়েক মাজানে খঙতে কৈয়ে দিয়ে 'মাক আলমাৰি, বাকচ দি লাভ নাই। মাটিৰ পট্টাই হওক লাগিলে আমাৰ মাৰ্কশ্বীটবোৰেই হওক। চব আহি মানে তুলিৰ তলত থ'বহি।' কেতিয়াবা দেউতাকেও দৰকাৰী সময়ত বিচৰা বস্তুটো বিচাৰি নাপালে মাজানকে পঠিয়াই 'যা মাৰক সোধগৈ। চিজিল লগাই কোনখন তুলিৰ তলত থৈছে সুধি আহ।' কিন্তু দেউতাকে আকৌ তেনেকৈ কয় হে তেওঁৱো তুলিৰ তলত বস্তু থোৱাত কম নাছিল। খালী বস্তুটো বিচাৰি নাপালেহে সেইবোৰ মাকে থোৱা হয়।

কথাবোৰ ভাবি ভাবি কাগজখন বিচাৰি থাকোঁতে মাকৰ নজনাকৈয়ে মুখেৰে হাঁহি এটা বাগৰি পৰিল। তেওঁৰ এই স্বভাৱটোয়ে কম অশান্তি দিছিল নে ইহঁতক। কথাবোৰ সৌসিদিনাৰ যেনহে লাগি থাকে দেখোন। তেওঁ বিয়া হৈ আহি শাহু, শহুৰ, দেৱৰেক, ননদৰে ভৰা ঘৰখনত ভৰি পেলাইয়ে চবকে কেনেকৈ নিজৰ দৰে সামৰি-সুতৰি লৈছিল। চাওঁতে চাওঁতে দুবছৰৰ ব্যৱধানত মুনুল, মাজানৰ জন্ম। ননদৰ বিয়া, দেৱৰেক দুজনেও ইহঁতৰ দুই তিনিবছৰ বয়সত বিয়া পাতি নিজে নিজে মাটি কিনি আঁতৰে আঁতৰে ঘৰ সজালে। তাৰ মাজতে শাহু শহুৰৰ মৃত্যু। গোটেই ভৰা ঘৰখন খালী হৈ গৈ শেষত চাৰিজনীয়া। ক'তনো চাৰিজনীয়া দেউতাকে দেখোন বেছিখিনি সময় চাকৰিৰ খাতিৰত বাহিৰতে কটালে। একেবাৰে অৱসৰৰ পিছতহে ঘৰ সোমাইছেহি। তেওঁ দেখোন অকলেই ইহঁত দুটাক ডাঙৰ কৰিলে। আৰু আজি এই প্ৰকাণ্ড ঘৰখনত অকল পদ্মা দেৱী আৰু বনকৰা ছোৱালী অনিমা। ঠিক বনকৰা বুলি ক'ব নোৱাৰি আচলতে পদ্মা দেৱীৰ কণাৰ লাখুটি তাই। তাইক আকৌ গিৰিয়েকেই আনি দিয়া। অনিমাক গিৰিয়েকে তেওঁক ভাল লগ কৰি থৈ গ'ল। পাঁচবছৰৰ মান আগতে সাপ্তাহিক বজাৰলৈ যাওঁতে তাইক তাতে কৰবাত ভিক্ষা কৰি থকা পাই তেওঁ তেওঁলোকৰ ঘৰলৈকে লৈ আহিছিল। প্ৰথমতে পদ্মা দেৱীয়ে অনিমাক ৰাখিবলৈ অলপ থেৰোগেৰো কৰিছিল যদিও গিৰিয়েক কমল ভট্টইহে বোলে 'ৰাখি থোৱা। তাইৰো কেও কিছু নাই। কিমান লোকৰ ঘৰত খুজি-মাগি খাব। তোমাৰো বয়স হৈ আহিছে, সহায় এটা হ'ব।' সেইদিন ধৰি অনিমা তেওঁৰ লগত। তাইক কেতিয়াবা বিয়া-বাৰুৰ কথা ক'লেও কয় ''ব দিয়ক, আপুনি খোৱাই-বোৱাই দিগদাৰ পাইছে যদি যামগৈ।' দুদিনমান সেই কথা শুনি তেওঁৱো আজিকালি তাইক একো নোকোৱা হ'ল। এবছৰৰ আগতে অকলশৰীয়া কৰি থৈ যোৱা তেওঁক গিৰিয়েকে ভাল লগ এটা দি থৈ গ'ল। এদিনৰ মূৰৰ বিষত ছটফটাই থাকি মানুহজন যে একেবাৰে যাবগৈ তেওঁ ভবাই নাছিল। পদ্মা দেৱীয়ে কেতিয়াও ভাবিব নোৱাৰা বৈধৱ্য জীৱন কটোৱা আজি এবছৰেই হ'ল। কিন্তু এনে লাগে যেন প্ৰতি পদে তেওঁৰ কাষে কাষে তেওঁৰ স্বামী থিয় হৈ আছে। অনিমা কেতিয়াবা বজাৰলৈ ওলাই গৈ অহা দেৰি হ'লে মনটোতে কিবা ভয় লাগিলে তেওঁ মনতে গিৰিয়েকক কৰা স্মৰণে বহুতখিনি সকাহ দিয়ে। আচলতে ৩৭ বছৰ ধৰি একেলগে থকা মানুহটো হঠাতে নোহোৱা হৈ যোৱাটোনো কোনে সহজকৈ ল'ব।

'মা, তুমি ইয়াত অকলে অকলে সোমাই আছা আৰু তোমাৰ নাতিয়ে তোমাক বিচাৰি হায়ৰাণ।' চিঞৰি চিঞৰি সোমাই অহা মাজানে তুলিৰ তল খুচৰি থকা মাকক দেখি কৃত্ৰিম খঙৰে ক'লে।

'তোমাৰ আৰু এই পুৰণিলীয়া স্বভাৱটো নগ'ল ন।  তুমি ঋকক লৈ বাহিৰলৈ যোৱা। আজি মই গোটেই তুলিৰ তল চাফা কৰিহে এৰিম।' মাজানে দুবছৰীয়া ঋকক মাকৰ কোচত বাহিৰলৈ পঠিয়াই দি দুৱাৰত হুকডাল লগাই তুলিৰ তল চাফা কৰাত লাগিল। তাই যেনেদৰে ভাবিছিল তেনেকুৱা খেচনি হৈ থকা নাই। চব ভাগে ভাগে এটা এটা ফাইলত থৈ মাকে সকলোবোৰ সযতনে থৈ দিছে। কমল ভট্ট বুলি লিখা ফাইলটো লৈ খুলি চাই প্ৰথমতেই দেখিলে সিহঁত চাৰিটাৰ সৈতে ষ্টুডিঅ'ত উঠা এখন ফটো। মাজান সম্ভৱ ঋকৰ বয়সৰে মাকৰ কোচত আৰু ককায়েক মুনুল অলপ ডাঙৰ দেউতাকৰ গাত ভেজা দি থিয়হি আছে। ফটোখন অলপ সময় চাই তাৰপিছত কি আছে চাবলৈ ধৰি দেখে চিঠি এজাপ। বগা ৰঙৰ কাগজবোৰত কিছুমান উৱলি গৈ মুগা ৰঙৰ নিচিনা ৰং এটা লাগিছে। কিছুমান দেউতাকে দিয়া আৰু কিছুমান মাকে লিখা। মাজানৰ এইয়া বুজিবলৈ বাকী নাথাকিল যে দেউতাকৰ চাকৰি কালৰ চিঠি। যেতিয়া মাকে দুটাকৈ সন্তান লৈ অকলে ডাঙৰ কৰিছিল। আৰু কিবা চাবলৈ ধৰিছিল যদিও দুৱাৰত খুউব জোৰেৰে কোনোবাই ঢকিওৱাত য'ৰ বস্তু যেনেকৈ আছিল তেনেকৈ থৈ সাউৎকৈ উঠি গ'ল।

'পৰহিলৈ শ্ৰাদ্ধ আৰু তই দুৱাৰ ঘৰ মাৰি এতিয়াও ফোনত গিৰিয়েৰৰ লগত লেকচাৰ মাৰিবলৈ এৰা নাই ন।' এই যে তাইৰ ককায়েকটো সলনি নহ'ল আৰু। সদায় মানে তাইক কিবা এটা কৈহে এৰিব।

''ব যা, নিজৰটো লগত ঘৈণীয়েৰ আছেই, মই মানুহটোৰ লগত দুটা কথা পাতোঁতেই তোৰ চকুত লাগে।' তায়ো সমানে সমানে মুখখন চলাই পাকঘৰত ৰুটি বনাই থকা বৌয়েক মিলিৰ ওচৰ পালেগৈ। সেইসময়তে মাকো ঋকক ফুৰাই আনি সিহঁত দুজনীৰ ওচৰ পালেহি।

'বিধান সঁচাকৈয়ে আহিব নোৱাৰিব নেকি অ মাজান।' ৰুটি সেকি থকা মাজানক মাকে সুধিলে। তাইয়ো তাৰপৰাই চকু নুতোলাকৈয়ে উত্তৰ দিলে 'জানাই দেখোন কিমান ব্যস্ত। আৰু মুম্বাইৰ পৰা দুদিনৰ কাৰণে আহিবলৈও দিগদাৰ পায়।'

'অহা হ'লে ভাল লাগিলহেঁতেন' বুলি সৰুকৈ কৈ পুতেক মুনুলৰ ওচৰ পালেগৈ। মুনুলে বজাৰ কৰি আহি গাড়ীৰ পৰা বস্তুবোৰ নমাই আছিল। কাষতে খুড়াৱকৰ ল'ৰা বাবলুৱে কাগজ কলম লৈ বস্তুখিনি চাই চাই টিক মাৰি আছিল। মাকেও ঋকক এখন হাতেৰে খোজ কঢ়াই লৈ গৈ তাতে ৰ'ল। বস্তুবোৰ চাই থাকি পাচলিৰ মোনাটো দেখি লগেলগে পদ্মা দেৱীয়ে কৈ উঠিল 'ৰঙালাও আকৌ কিয় আনিলি?'

'দেখি ভাল হ'ব যেন লগাত লৈ আহিলোঁ। তাতে দামো বৰ বেছি নহয়, সেয়ে অলপ বেছিকৈয়ে আনিলোঁ। থৈ দিলেও বেয়া নহ'ব চাগে।' মুনুলেও মাকৰ মুখলৈ নোচোৱাকৈ উত্তৰটো দি মোনাবোৰ কঢ়িওৱাত লাগিল। পদ্মা দেৱীয়ে আৰু একো নকৈ নাতিটোক লৈ চোতালতে পাৰি থোৱা বেঞ্চখনত বহি চব ৰেহ-ৰূপ চাই থাকিল। বস্তুবোৰ অনা-নিয়া কৰি থাকোঁতে এপাকত মুনুলে মাকৰ সেমেকা মুখখন দেখি মাত লগালে 'কি হ'ল মা। নাতিটো ওচৰতে বহি আছে একো কথা পতা নাই। এনেই দেখোন গোটেইজনী বলিয়া হৈ থাকা তাৰ মৰমত।'

'এনেই অ গাটো কিবা ভাল লগা নাই।'

মাকৰ কথাত মুনুলৰ বুজিবলৈ বাকী নাথাকিল। এই ছত্ৰিশ বছৰে মাকক দেখিলেই বুজি পায়। মাকৰ কি কথাত গা বেয়া লাগে। সঁচাকৈ আকৌ গা বেয়া হ'লেও কোনোৱে গম নাপায়। কিবা কথাত অলপ মন বেয়া লাগিলেহে মাকৰ গা বেয়া লাগে। সি বস্তুবোৰ কঢ়িয়াইও আছে মাকক মনো কৰি আছে কোনটো কথাই মাকৰ মন বেয়া লগাইছে। তেনেকুৱাতো একো কৰা নাই সি। হয়তো বিধান নহাৰ কাৰণেও মন বেয়া হ'ব পাৰে। মাজান ল'ৰাৰ সৈতে অকলে মুম্বাইৰ পৰা কালি পাইছেহি। তাই অহাৰ পিছতহে ঘৰখনত চিঞৰ বাখৰ আৰম্ভ হৈছে।। তাতে ল'ৰাটোক লৈয়ে সকলো ব্যস্ত। সিহঁত দুটা মানে মুনুল আৰু মিলি চাৰিদিন আগতে পালেহি হায়দৰাবাদৰ পৰা। কেইদিনমান থাকিবও এইবাৰ। এইকেইদিনতে মাকৰ হোল বডী চেক আপ এটাও কৰাব লাগিব। আগতকৈ অলপ খীনোৱা যেন লাগিছে। একো নাই নাই কৈ থাকিলেও সিহঁতেতো নাজানে সিহঁতৰ পৰা কি লুকুৱাইছে। যদি দেউতাকৰ নিচিনাকৈ হঠাতে। সি আৰু ভাবিব নোৱাৰিলে। শেষৰ ৰঙালাও মোনাটো  পিছত একেবাৰে লৈ যাব বুলি চোতালতে থৈ মাকৰ কাষতে বেঞ্চখনতে বহি সুধিলে 'কোৱা কি কথাত তোমাৰ মন মানে গা বেয়া লাগিল।'

'নাই অ এনেই। এতিয়া বয়সো হৈছে নহয়। অকমানতে গাটো বেয়া লাগি যায়।'

'এই ৫৯ বছৰতে এনেকৈ ক'লে কি হ'ব। পো নাতি নাতিনী পাবলৈ আছেই দেখোন তোমাৰ।' মাকে যেন তাৰ সেই কথাটোলৈহে বাট চাই আছিল। সিফালে মুখ কৰি বহা মানুহজনীয়ে মূৰটো ঘূৰাই তপককৈ মাতিলে 'তহঁতেহে জান মোক কেতিয়া নাতি নাতিনীৰ মুখ দেখুৱাৱ। এই অতবছৰে তহঁতৰ প্লেনিং নে ফ্লেনিং কৰি থাকোঁতে গৈছে। কি কৰি আছ তহঁতেহে জান।'

'এতিয়াহে এইজনী মোৰ মা। হ'ব সেইবোৰ বাদ দিয়া। এতিয়া কোৱা কি কথাত তোমাৰ গা বেয়া লাগিল।' মুনুলে মাকৰ কথাটোত বাধা দি সি আকৌ কথাটো উলিয়ালে। আজিকালি মাকৰ মুখ খোলাৰ একমাত্ৰ উপায় এইটোৱে। অইন একোৰে কামত নিদিলে সি এইটো বুদ্ধি লগায়।

'নহয় ঔ, মই ৰঙালাও এটা শ্ৰাদ্ধলৈ বুলি থৈছিলোৱেই। তই আকৌ...'

'আৰে, ইমান সৰু কথাটোত তোমাৰ গা বেয়া লাগে। হ'ব তুমি থৈ দিয়াটোকে দিবা বাৰু। কিন্তু মোক কোৱা অকল সেইটো ৰঙালাওৰ তুমি কিয় লাগি আছা।' তাৰ কথাত মাকেনো কি ক'ব ভাবিয়েই নাপালে।

তেওঁ যে অকল এটা কাৰণতে ইমান মৰমত ৰঙালাওটো সাচিছে সেইটো জানিলে মুনুলে তাৰ সেই স্বভাৱগত হাঁহিটো মাৰি কথাটো পাতল কৰি দিব নেকি! আচলতে কমল ভট্টৰ আদ্য শ্ৰাদ্ধ আৰু ভোজ ৰন্ধা জেগাখিনিতে পাচলিবোৰো কাটি যোগাৰ কৰা হৈছিল। সেইবোৰ হৈ যোৱাৰ কেইদিনমান পিছত তেওঁ দেখিলে সেইখিনিতে ৰঙালাও পুলি এটা গজি আহিছে। তেওঁ সেইটোক ভালকৈ গোবৰ পানী দি দি ডাঙৰ কৰিলে এদিন দেখিলে তিনিটা কলি পেলাইছে। কলিকেইটখ দেখি লগে লগে তেওঁ সিদ্ধান্ত লৈছিল ইয়াৰে এটা গিৰিয়েকৰ শ্ৰাদ্ধলৈ বুলি থৈ দিব। তেওঁৰ শ্ৰাদ্ধত লগোৱা ৰঙালাওৰ গুটি পৰিয়েই এইটো হোৱা। সেইকাৰণে তেওঁৰ ৰঙালাওজোপাৰ প্ৰতি মোহ এটা সোমাই গৈছিল। তিনিটা ৰঙালাওৰ দুটা বৰলে বিন্ধি গেলালে। কিন্তু এটা থাকি গ'ল। সেইটোকে তেওঁ ইমানদিনৰ পৰা সাঁচি থৈছিল। অন্তত মানুহজনৰ লগত বহি একেলগে খাব নোৱাৰিলেও, মানুহজনৰ কামতে ৰাইজক খোৱাব। আচলতে এইবোৰ চাগে একো একোটা মায়া।

সেয়ে আচল কথাটো সি হাঁহি উৰুৱাই দিয়ে বুলি নকৈ 'ঘৰতে হোৱা ৰঙালাও যে সেইকাৰণে থৈছিলোঁ' বুলি হাঁহি এটাৰে  কথাটো কৈ পদ্মা দেৱীয়ে সিমানতে সামৰণি মাৰিলে। মাকে হাঁহি মাৰি দিয়া উত্তৰটোত তেওঁৰ মনটো ভাল হোৱা যেন লাগি মুনুলে ঋকক 'উস ৰক্ষা তেন্তে, 'ল ফুৰি আহোঁ' বুলি কোচত লৈ গৈ গাড়ীখনত বহুৱাই কৰবালৈ উলিয়াই লৈ গ'ল। মাক পদ্মা দেৱীয়েও সিহঁত যোৱাৰ ফালে চাই  তহঁতে এতিয়াই নুবুজিবি ঔ, এইবোৰেই মায়া বোপাইহঁত। বুলি মনতে পাগুলি মুনুলে চোতালতে এৰা ৰঙালাও মোনাটোৰ পৰা এটা এটাকৈ ৰঙালাও উলিয়াই ভিতৰলৈ নিয়াত লাগিল ।

ৱৰ্কিং অৰ হাউছমেকাৰ ডাজ নট মেটাৰ!

মালাই সকলোবোৰ সামৰি-সুতৰি শেষবাৰৰ বাবে এনেই এবাৰ উভতি চাই পাকঘৰৰ লাইটৰ চুইছটো খিতিককৈ অফ কৰি দি দুৱাৰখন জপাই দিলে। এতিয়া এইখিনি সময় মানে এঘণ্টা তাইৰ একান্তই ব্যক্তিগত সময়। এই সময়কণত মালাই যিমান যি ৱাটছআপ মেছেজ, ফেচবুক কমেণ্ট কৰিবলগীয়া আছে কৰি লৈ, কেতিয়াবা কিতাপ এখন পঢ়িবলৈ বুলি মেলি লয়। দিনৰ দিনটো ব্যস্ত থকাৰ পিছত এইখিনি সময়তহে মোবাইলটো ভালকৈ তাই চুবলৈ সুবিধা পায়। এইখিনি সময়তে তাইৰ কিবাকিবি আনিবলগীয়া থাকিলেও অৰ্ডাৰবোৰ দি লয়। ঘৰখনৰ বাকী তিনিটা প্ৰাণীয়েও যেন তাইৰ এই সময়কণ বুজি পায়। মোবাইলটো উলিয়াই মালাই ডাইনিঙৰ চকী এখন উলিয়াই একোণীয়াকৈ বহি লয়।

'আজৰি হ'লা।' ডাইনিঙখনত বহি মোবাইলত কিবা চাই থকা দেখি পানী বটলটো নিবলৈ ডাইনিং হলটোলৈ অহা মানসে সুধিলে।

'উম হ'লো' বুলি মিচিকিয়া হাঁহি এটা মাৰি তাই আকৌ মোবাইলটো চোৱাত লাগিল।

এইখিনি সময়ত যে তাই নিজৰ মাজত ব্যস্ত থাকে সেইটো মানসেও জানে। সেয়ে সি তাইক এই এঘণ্টা অকণো আমনি নকৰে। কিন্তু সি লক্ষ্য কৰিলে আজি তাইৰ হাঁহিটো আগৰ দৰে ওলোৱা নাই। বহুত চেষ্টা কৰি মৰাৰ দৰে লাগিল। অথনি দিনত অফিচত থাকোতে তাক মালাই মেছেজ এটাও দিছিল 'কাম নোহোৱা মানুহ মই' বুলি। কিন্তু সি মেছেজটো খুলি চোৱাৰ আগতেই ডিলিট কৰি দিছিল তাই। ওপৰে ওপৰেহে পঢ়িলে সি। তেতিয়া বৰ বিশেষ গুৰুত্ব নিদি, ঘৰ আহি সুধিম বুলি ভাবি আছিল যদিও অফিচৰ পৰা আহিয়েই কল এটা ল'বলগীয়া হোৱাত মানসে কথাটো একেবাৰে পাহৰি থাকিল। সদায় অহাৰ দৰে সি পানী বটলটো নিবলৈ আহি তাইক দেখি কথাটো মনত পৰাত,  তাই বহি থকাৰ কাষৰে চকী এখন টানি আনি বহি ল'লে। সি এইখিনি সময়ত সাধাৰণতে কেতিয়াও তাইৰ ওচৰত বহি আমনি নকৰে। কিন্তু আজি কথাটো অলপ বেলেগ যেন তাৰ সঁচাকৈয়ে অনুভৱ হ'ল।

ৰান্ধি-মেলি ভালপোৱা ছোৱালী মালা। সাধাৰণতে তাই ৰাতিৰ আহাৰত কিবাকিবি অলপ স্পেচিয়েল ৰান্ধেই। ল'ৰাটো স্কুল যায়, মানসো অফিচলৈ যায় সেয়ে দিনৰ ভাগত ডেৰবছৰীয়া ছোৱালীজনীৰ বৰ বিশেষ ৰন্ধা-বঢ়া নকৰিলেও ৰাতিলৈ তাই কিবাকিবি ৰান্ধে। সেইকাৰণে মানসৰ লগতে ল'ৰা-ছোৱালীকেইটাৰো জিভাৰ জুটি জুটি দিনে দিনে বাঢ়ি গৈছে। কিন্তু আজি ৰাতিৰ সাঁজত অকল এখন ভাজি, মচুৰদালিৰ টেঙাকণ খাওঁতেই মানসৰ দুপৰীয়াৰ মেছেজটোলৈ মনত পৰিছিল। সেয়ে চাঞ্চ এটা বিচাৰি আছিল কথাটো উলিওৱাৰ। কাষতে বহি কি সুধিম কি নুসুধিম ভাবি সি 'আজি ঘৰত একো নাছিল নেকি, একেবাৰে সাধাৰণকৈ ৰান্ধি থ'লা যে।' বুলি কথাটো উলিয়াবলৈ আৰম্ভ কৰিছিল।

'নাই এনেই। সদায়নো কি বিধে বিধে ৰান্ধিম। এনেও যিমান কৰিলেও মানুহবোৰেটো মোৰ একো কাম নাই বুলিয়েই ভাবে।' মোবাইলৰ পৰা চকু আঁতৰ নকৰোৱাকৈয়ে মালাই উত্তৰ দিলে।

উত্তৰটো পাইয়ে মানসৰ অনুমান ঠিকেই যেন অনুভৱ হ'ল। আজি মানে আকৌ বহুত দিনৰ মূৰত চাগে তাইক কোনোবাই কিবা ক'লে। মানসৰ এইটোও জনা আছে যে এনেকৈ কুটুৰি থাকিলে মালাই চালে-বেৰে কোবোৱা উত্তৰেই দি থাকিব। সেয়ে সি পোনে পোনে পইণ্টলৈ আহিবলৈকে ক'লে 'অঅঁ কাম নাই কাৰণেইটো নাই বুলি কৈছে, তাতে বেয়া পাবলগীয়া কি আছে।' কথাষাৰ কৈ সি অলপ সময় মালালৈ কেৰাকৈ চাই থাকি পকেটৰ পৰা মোবাইলটো উলিয়াই সময়টো চাই ডাইনিঙত থকা পানী বটলটো লৈ লিভিং ৰূম পালেগৈ।

এই ছয়বছৰে মানসে মালাক জানিবলৈ বাকী নাই। যদিও সিহঁতৰ এৰেঞ্জড্ মেৰিজ, সিহঁতে ইটোৱে সিটোক কম সময়তে বহুত ভালকৈ জানি ল'লে যেন লাগে। দুয়োটাৰে পৰস্পৰ বুজাবুজিত সংসাৰখন দুটা ল'ৰা-ছোৱালীৰ সৈতে চলি আছে। বিয়াৰ আগতে জুনিয়ৰ কলেজ এখনত কৰি থকা মালাই বিয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰীৰ টেট পাছ কৰি স্কুল এখনত বুৰঞ্জীৰ বিষয় শিক্ষক হিচাপে কাম কৰি আছিল। এবছৰমান কাম কৰাৰ পিছতেই মানসৰ দিল্লীলৈ ট্ৰেন্সফাৰ হোৱাত তাইৰ নিজৰ ইচ্ছাত চাকৰি বাদ দি তাৰ লগতেই দিল্লীলৈ আহে। তাৰপিছতে দুটাকৈ ল'ৰা-ছোৱালী জন্ম দি বৰ্তমান মালাই একো নিয়মিত চাকৰিৰ কথা নাভাবি সময় পোৱাই পোৱাই ফ্ৰীলান্স, কনছালটেন্সী এইবোৰ কিবাকিবি কৰি থাকে। এই সকলোবোৰ সিদ্ধান্ত মালাৰে। মানসে কেতিয়াও তাইক চাকৰি কৰা নকৰাকলৈ হকা-বাধা কৰা নাই আৰু নকৰেও। তথাপিও মালা কেতিয়াবা বহুত ফাষ্ট্ৰেটেড হৈ পৰে নিজৰ কেৰিয়াৰটো লৈ। লগৰবোৰক দেখিলে বুৰঞ্জীত স্নাতকোত্তৰ মালাৰ অনুভৱ হয়, তাই কেৱল ঘৰ-সংসাৰ চলাবলৈকে এইবোৰ চাৰ্টিফিকেট, মাৰ্ক শ্বীট আৰ্জিলে। কিন্তু তেনেকুৱা হতাশাজনক পৰিস্থিতিত তাইক তুলি ধৰি আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। সি তাইক আকৌ এবাৰ নতুনকৈ মনত পেলাই দিয়ে তাই কি কি কৰিব পাৰে আৰু সেইমতে মালাইও জীৱনটোক আগবঢ়াই লৈ যায়।

বিয়াৰ কেইদিনমান পিছতে মানসে গম পাই গৈছিল মালাৰ হাতখন ভাল। যিটোকে ৰান্ধে সেইটোতে এক অনন্য সোৱাদ পায়। সেয়ে যেতিয়া তাই চাকৰি এৰাৰ সিদ্ধান্ত লয় তেতিয়া সি নিজেই তাইক এটা ৱেবচাইট বনাই দি ফুদ ব্লগ লিখাৰ প্ৰেৰণ দিছিল। মালাইও তাৰ কথামতে ধুনীয়াকৈ ৰান্ধি-বাঢ়ি ফটো তুলি ব্লগ লিখাৰ আৰম্ভ কৰিছিল। কৰিলেওনো কিটো হ', এদিন লগৰ কোনোবা এজনীয়ে বোলে কথাৰ পাকতে তাইক ক'লে 'তোৰটো সময় বহুত ঘৰতে থাক, গতিকে এইবোৰ ব্লগ চ্লগত সময় দিব পাৰ। আমাৰ ঘৰ আহি পাওঁতেই ৰাতি দহটা বাজে।' বাপৰে, সেইদিনা মানসে তাইক কম বুজাইছিলনে। শেষত যেতিয়া কৈছিল 'তুমি ইমান দুৰ্বল হ'লে প্ৰত্যেকটো কথাতে মানু খুঁচ মাৰিবলৈ সুবিধা পাব। লোকৰ কথাত নিজৰ সুখবোৰ কিয় খেদি পঠিওৱা।' সেইদিনাৰ পৰা বহুদিনলৈকে এনেকুৱা পৰিস্থিতিৰ ঊদ্ভৱ হোৱা নাছিল।

কেতিয়াবা মালাই ভাবে তাইৰ জীৱনত মানসৰ নিচিনা ল'ৰা এটা নথকা হ'লে কি হ'লহেঁতেন! যিমানেই তাই ব্যস্ত নাথাকক কিয় মানুহৰ সৰু সৰু কথাবোৰত নিজকে আঘাতপ্ৰাপ্ত কৰিবলৈ যেন তাই সুৰুঙাহে দিয়ে। চাকৰি এৰি নিজৰ সংসাৰ চলোৱাৰ দিন ধৰি তাই এইক্ষেত্ৰত কিবা এটা হ'লেও শুনি আহিছে। কেতিয়াবা এইবোৰ কথা তাই গুৰুত্ব নিদিয়ে যদিও কেতিয়াবা তাইক বৰকৈ বিন্ধে। সেইদিনাই তাইক দেখি মানসে অনুমান কৰি লয় আজি যে কিবা এটা ঘটিল। সেয়ে সি কথাটো উলিয়াবলৈ তেনেকৈ কৈ গুচি গ'ল। মানসৰ কথাটোৱে মালাই ইমান সময় কণ্ট্ৰোল কৰি থকা চকুপানী খিনিক বাধা দিব নোৱাৰিলে। বহি থকাতেই এসোঁতা কান্দি লৈ তাই বেডৰূমত শুই থকা ল'ৰা-ছোৱালীকেইটা চাই আহি চোফাত বহি আৰামত টিভি চাই থকা মানসৰ কাষতে বহিলগৈ।

'মই চাকৰি কৰিম।'

'কৰা' মালাৰ কথাত মানসে টিভি চাই চাইয়ে সন্মতি দিলে।

'কিন্তু মামনক কোনে চাব?' মালাই এইবাৰ মানসলৈ চাই প্ৰশ্ন কৰিলে।

'বেবী চিটাৰ ৰাখিম।'

'ই বেবী চিটাৰৰ হাতত অকলে নাৰাখো দেই মামনক।'

'লৈ যাবা বেবী চিটাৰৰ সৈতে অফিচলৈ।' মানসৰ কথাটো শুনি বহুত সময়লৈকে মালাই একো নামাতি মনে মনে টিভি স্ক্ৰীণখনলৈ চাই থাকিল। অলপ সময়ৰ নীৰৱতা ভাঙি মানসেই মালাক সুধিলে 'কোৱাচোন আজি কোনে কি ক'লে তোমাক?' মালা যেন মানসৰ প্ৰশ্নটোলৈহে ৰৈ আছিল। 'কোন হ'ব আৰু, তোমাৰ মৰমৰ বন্ধুৰ পত্নী। ৱৰ্কিং ৱোমেন।'

'কোন, মিতা?'

'হয়।' মানসৰ প্ৰশ্নত মালাই তাচ্ছিল্যভৰা উত্তৰৰে 'হয়'টো কৈ মূৰ দুপিয়ালে।

'কি ক'লে ক'বানে নে শুই থাকোঁগৈ।' মানসে সোনকালে কথাটো শুনিবলৈকে মালাক তেনেকৈ কৈ হাতত থকা ৰিমটটোৱে টিভিটো অফ কৰি দিলে। মানসে জানে মিতাৰ কথাত আগতেও মালা লাগিছে। তাইক একো ক'ব নোৱাৰি মানসৰ আগত বকি বকি কান্দে। আচলতে মিতা এটা প্ৰতিষ্ঠিত প্ৰাইভেট কোম্পানীৰ ফিনেন্স মেনেজাৰ। ভাল অংকৰ দৰমহা পাই বহুত সম্পতিও কৰিছে। সেই লৈ তাইৰ গৌৰৱ নথকাও নহয়। অৱশ্যে তাই তাইৰ ক্ষেত্ৰত শুদ্ধ। কষ্ট কৰিছে, পাৰিছে। আৰু তাইৰ যে মটিভ সেইটোৱে। ছোৱালী এজনী বেলেগৰ লগতে ডাঙৰ হৈছে। ছোৱালীক সময় দিব পৰা নাই বুলি তাই কেতিয়াও আক্ষেপো নকৰে। ছোৱালী জন্মৰ ছয়মাহৰ পিছতে অফিচ জইন কৰি, অফিচৰ কামত তাই ইণ্টাৰনেচনেল ট্যুৰতো গৈছে বা যায়। তাই সেইটো লৈ সুখী। গতিকে তাইক কোনোৱে একো ক'বলৈও নাই। কিন্তু মালাই চব নিজৰ ইচ্ছামতে কৰিলেও কোনোবাখিনিত তাই উজুতি খাবলৈ ধৰে আৰু মানসে তুলি ধৰে।

'মোৰ বোলে ইমান সময় হাউছ ৱাইফ হৈ, তথাপিও ফোন এটা কৰি খবৰ ল'ব নোৱাৰোঁ। দিনৰ দিনটোতো ছোৱালীৰ লগত লাগি থাকিব নালাগে। তেন্তে ইমান সময় মই কি কৰোঁ। গোটেই চাগে ৱেব চিৰিজ চাই শেষ কৰিলোঁ।', একে উশাহতে কথাখিনি কৈ শেষ কৰা মালালৈ চাই মানসে পানী বটলটো আগবঢ়াই দি ক'লে 'ৰিলেক্স, ৰিলেক্স। তাৰপিছত তুমি চাগে তাইক একো নকৈ দিনৰ দিনটো কান্দি থাকিলা। মামনক গালি পাৰিলা, মোক মেছেজ কৰি ডিলিট কৰিলা আৰু কি কি কৰিলা।?'

মানসৰ কথাত মালাই একে নামাতি মোবাইলটোত কিবাকিবি চাই থাকিল। তাইৰ পৰা এই সময়ত একো উত্তৰ আশা নকৰি মানসে নিজেই মাতিলে 'চোৱা মালা, তুমি নিজকে কিয় বেলেগৰ লগত তুলনা কৰি নিজক হেয় দেখুওৱা। তোমাৰ কি নাই। দুটা ল'ৰা-ছোৱালী অকলে ডাঙৰ কৰি আছা। সেইটো মেইন। তাৰ মাজতে ঘৰ চলাইছা, মোক চাইছা। নিজৰ ব্লগৰ কাম কৰিছা। অনলাইন টিউচনবোৰটো কৰি আছাই। ধুনীয়াকৈ ঘৰখন ঘৰ কৰি ৰাখিছা। বেলেগে ক'লে বুলিয়েই নিজক সেইবোৰৰ মাজত সোমোৱাই মন বেয়া কিয় কৰা? সকলোবোৰ নিজৰ নিজৰ জেগাত বেষ্ট। ৱৰ্কিং অৰ হাউছমেকাৰ ডাজ নট মেটাৰ। নিজৰটো ভালকৈ চলাই নিয়াটো ডাঙৰ কথা। নিজকে সুধি চোৱা তুমি কি কৰিলে সুখী হ'বা। আগতেওটো তোমাক কৈছোঁ মই তোমাৰ ভাল লগাবোৰ কৰি যোৱা। সেইমতে তুমি কৰি আছা। তাৰ মাজতো বেলেগৰ কথাত ভাঙি কিয় যোৱা? কোনে কেনেকৈ ঘৰ চলাইছে, বাহিৰৰ মানুহে ডিচাইদ কৰিব নেকি? কৰিব বিচাৰিলেও তুমি কিয় কৰিবলৈ দিবা। মোৰ কাৰণেতো তুমি চুপাৰ ৱোমেন। মইতো তোমাৰ জেগাত হোৱা হ'লে কিজানি এইবোৰৰ আধাও কৰিব নোৱাৰিলোহেঁতেন। এইবোৰৰ পিছতো যদি তুমি বেলেগৰ কথাত...'

মানসৰ কথাখিনি মালাই আৰু সম্পূৰ্ণ কৰিবলৈ নিদিলে।  '', 'ব মই চব বুজিছোঁ, সদায় একেখন কেছেটেই বজাবানে' বুলি তাইৰ সেই মৰমলগা হাঁহিটো মাৰি মানসৰ কান্ধতে মূৰটো পেলাই দিলে। মানসেও হাতত থকা ৰিমটটো চেণ্টাৰ টেবুলখনত থৈ তাৰ হাতখন তাইৰ মূৰৰ ওপৰেদি আনি মালাক আৰু অলপ কাষলৈ চপাই আনি গালতে গালখন লগাই ক'লে ''ৰা-ছোৱালীকেইটা ডাঙৰ হৈ বুজন হৈ যাব, কিন্তু মোৰ এইজনী কেতিয়াও ডাঙৰেই নহ'ব অ।'