Sunday 18 October 2020

ৱৰ্কিং অৰ হাউছমেকাৰ ডাজ নট মেটাৰ!

মালাই সকলোবোৰ সামৰি-সুতৰি শেষবাৰৰ বাবে এনেই এবাৰ উভতি চাই পাকঘৰৰ লাইটৰ চুইছটো খিতিককৈ অফ কৰি দি দুৱাৰখন জপাই দিলে। এতিয়া এইখিনি সময় মানে এঘণ্টা তাইৰ একান্তই ব্যক্তিগত সময়। এই সময়কণত মালাই যিমান যি ৱাটছআপ মেছেজ, ফেচবুক কমেণ্ট কৰিবলগীয়া আছে কৰি লৈ, কেতিয়াবা কিতাপ এখন পঢ়িবলৈ বুলি মেলি লয়। দিনৰ দিনটো ব্যস্ত থকাৰ পিছত এইখিনি সময়তহে মোবাইলটো ভালকৈ তাই চুবলৈ সুবিধা পায়। এইখিনি সময়তে তাইৰ কিবাকিবি আনিবলগীয়া থাকিলেও অৰ্ডাৰবোৰ দি লয়। ঘৰখনৰ বাকী তিনিটা প্ৰাণীয়েও যেন তাইৰ এই সময়কণ বুজি পায়। মোবাইলটো উলিয়াই মালাই ডাইনিঙৰ চকী এখন উলিয়াই একোণীয়াকৈ বহি লয়।

'আজৰি হ'লা।' ডাইনিঙখনত বহি মোবাইলত কিবা চাই থকা দেখি পানী বটলটো নিবলৈ ডাইনিং হলটোলৈ অহা মানসে সুধিলে।

'উম হ'লো' বুলি মিচিকিয়া হাঁহি এটা মাৰি তাই আকৌ মোবাইলটো চোৱাত লাগিল।

এইখিনি সময়ত যে তাই নিজৰ মাজত ব্যস্ত থাকে সেইটো মানসেও জানে। সেয়ে সি তাইক এই এঘণ্টা অকণো আমনি নকৰে। কিন্তু সি লক্ষ্য কৰিলে আজি তাইৰ হাঁহিটো আগৰ দৰে ওলোৱা নাই। বহুত চেষ্টা কৰি মৰাৰ দৰে লাগিল। অথনি দিনত অফিচত থাকোতে তাক মালাই মেছেজ এটাও দিছিল 'কাম নোহোৱা মানুহ মই' বুলি। কিন্তু সি মেছেজটো খুলি চোৱাৰ আগতেই ডিলিট কৰি দিছিল তাই। ওপৰে ওপৰেহে পঢ়িলে সি। তেতিয়া বৰ বিশেষ গুৰুত্ব নিদি, ঘৰ আহি সুধিম বুলি ভাবি আছিল যদিও অফিচৰ পৰা আহিয়েই কল এটা ল'বলগীয়া হোৱাত মানসে কথাটো একেবাৰে পাহৰি থাকিল। সদায় অহাৰ দৰে সি পানী বটলটো নিবলৈ আহি তাইক দেখি কথাটো মনত পৰাত,  তাই বহি থকাৰ কাষৰে চকী এখন টানি আনি বহি ল'লে। সি এইখিনি সময়ত সাধাৰণতে কেতিয়াও তাইৰ ওচৰত বহি আমনি নকৰে। কিন্তু আজি কথাটো অলপ বেলেগ যেন তাৰ সঁচাকৈয়ে অনুভৱ হ'ল।

ৰান্ধি-মেলি ভালপোৱা ছোৱালী মালা। সাধাৰণতে তাই ৰাতিৰ আহাৰত কিবাকিবি অলপ স্পেচিয়েল ৰান্ধেই। ল'ৰাটো স্কুল যায়, মানসো অফিচলৈ যায় সেয়ে দিনৰ ভাগত ডেৰবছৰীয়া ছোৱালীজনীৰ বৰ বিশেষ ৰন্ধা-বঢ়া নকৰিলেও ৰাতিলৈ তাই কিবাকিবি ৰান্ধে। সেইকাৰণে মানসৰ লগতে ল'ৰা-ছোৱালীকেইটাৰো জিভাৰ জুটি জুটি দিনে দিনে বাঢ়ি গৈছে। কিন্তু আজি ৰাতিৰ সাঁজত অকল এখন ভাজি, মচুৰদালিৰ টেঙাকণ খাওঁতেই মানসৰ দুপৰীয়াৰ মেছেজটোলৈ মনত পৰিছিল। সেয়ে চাঞ্চ এটা বিচাৰি আছিল কথাটো উলিওৱাৰ। কাষতে বহি কি সুধিম কি নুসুধিম ভাবি সি 'আজি ঘৰত একো নাছিল নেকি, একেবাৰে সাধাৰণকৈ ৰান্ধি থ'লা যে।' বুলি কথাটো উলিয়াবলৈ আৰম্ভ কৰিছিল।

'নাই এনেই। সদায়নো কি বিধে বিধে ৰান্ধিম। এনেও যিমান কৰিলেও মানুহবোৰেটো মোৰ একো কাম নাই বুলিয়েই ভাবে।' মোবাইলৰ পৰা চকু আঁতৰ নকৰোৱাকৈয়ে মালাই উত্তৰ দিলে।

উত্তৰটো পাইয়ে মানসৰ অনুমান ঠিকেই যেন অনুভৱ হ'ল। আজি মানে আকৌ বহুত দিনৰ মূৰত চাগে তাইক কোনোবাই কিবা ক'লে। মানসৰ এইটোও জনা আছে যে এনেকৈ কুটুৰি থাকিলে মালাই চালে-বেৰে কোবোৱা উত্তৰেই দি থাকিব। সেয়ে সি পোনে পোনে পইণ্টলৈ আহিবলৈকে ক'লে 'অঅঁ কাম নাই কাৰণেইটো নাই বুলি কৈছে, তাতে বেয়া পাবলগীয়া কি আছে।' কথাষাৰ কৈ সি অলপ সময় মালালৈ কেৰাকৈ চাই থাকি পকেটৰ পৰা মোবাইলটো উলিয়াই সময়টো চাই ডাইনিঙত থকা পানী বটলটো লৈ লিভিং ৰূম পালেগৈ।

এই ছয়বছৰে মানসে মালাক জানিবলৈ বাকী নাই। যদিও সিহঁতৰ এৰেঞ্জড্ মেৰিজ, সিহঁতে ইটোৱে সিটোক কম সময়তে বহুত ভালকৈ জানি ল'লে যেন লাগে। দুয়োটাৰে পৰস্পৰ বুজাবুজিত সংসাৰখন দুটা ল'ৰা-ছোৱালীৰ সৈতে চলি আছে। বিয়াৰ আগতে জুনিয়ৰ কলেজ এখনত কৰি থকা মালাই বিয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰীৰ টেট পাছ কৰি স্কুল এখনত বুৰঞ্জীৰ বিষয় শিক্ষক হিচাপে কাম কৰি আছিল। এবছৰমান কাম কৰাৰ পিছতেই মানসৰ দিল্লীলৈ ট্ৰেন্সফাৰ হোৱাত তাইৰ নিজৰ ইচ্ছাত চাকৰি বাদ দি তাৰ লগতেই দিল্লীলৈ আহে। তাৰপিছতে দুটাকৈ ল'ৰা-ছোৱালী জন্ম দি বৰ্তমান মালাই একো নিয়মিত চাকৰিৰ কথা নাভাবি সময় পোৱাই পোৱাই ফ্ৰীলান্স, কনছালটেন্সী এইবোৰ কিবাকিবি কৰি থাকে। এই সকলোবোৰ সিদ্ধান্ত মালাৰে। মানসে কেতিয়াও তাইক চাকৰি কৰা নকৰাকলৈ হকা-বাধা কৰা নাই আৰু নকৰেও। তথাপিও মালা কেতিয়াবা বহুত ফাষ্ট্ৰেটেড হৈ পৰে নিজৰ কেৰিয়াৰটো লৈ। লগৰবোৰক দেখিলে বুৰঞ্জীত স্নাতকোত্তৰ মালাৰ অনুভৱ হয়, তাই কেৱল ঘৰ-সংসাৰ চলাবলৈকে এইবোৰ চাৰ্টিফিকেট, মাৰ্ক শ্বীট আৰ্জিলে। কিন্তু তেনেকুৱা হতাশাজনক পৰিস্থিতিত তাইক তুলি ধৰি আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। সি তাইক আকৌ এবাৰ নতুনকৈ মনত পেলাই দিয়ে তাই কি কি কৰিব পাৰে আৰু সেইমতে মালাইও জীৱনটোক আগবঢ়াই লৈ যায়।

বিয়াৰ কেইদিনমান পিছতে মানসে গম পাই গৈছিল মালাৰ হাতখন ভাল। যিটোকে ৰান্ধে সেইটোতে এক অনন্য সোৱাদ পায়। সেয়ে যেতিয়া তাই চাকৰি এৰাৰ সিদ্ধান্ত লয় তেতিয়া সি নিজেই তাইক এটা ৱেবচাইট বনাই দি ফুদ ব্লগ লিখাৰ প্ৰেৰণ দিছিল। মালাইও তাৰ কথামতে ধুনীয়াকৈ ৰান্ধি-বাঢ়ি ফটো তুলি ব্লগ লিখাৰ আৰম্ভ কৰিছিল। কৰিলেওনো কিটো হ', এদিন লগৰ কোনোবা এজনীয়ে বোলে কথাৰ পাকতে তাইক ক'লে 'তোৰটো সময় বহুত ঘৰতে থাক, গতিকে এইবোৰ ব্লগ চ্লগত সময় দিব পাৰ। আমাৰ ঘৰ আহি পাওঁতেই ৰাতি দহটা বাজে।' বাপৰে, সেইদিনা মানসে তাইক কম বুজাইছিলনে। শেষত যেতিয়া কৈছিল 'তুমি ইমান দুৰ্বল হ'লে প্ৰত্যেকটো কথাতে মানু খুঁচ মাৰিবলৈ সুবিধা পাব। লোকৰ কথাত নিজৰ সুখবোৰ কিয় খেদি পঠিওৱা।' সেইদিনাৰ পৰা বহুদিনলৈকে এনেকুৱা পৰিস্থিতিৰ ঊদ্ভৱ হোৱা নাছিল।

কেতিয়াবা মালাই ভাবে তাইৰ জীৱনত মানসৰ নিচিনা ল'ৰা এটা নথকা হ'লে কি হ'লহেঁতেন! যিমানেই তাই ব্যস্ত নাথাকক কিয় মানুহৰ সৰু সৰু কথাবোৰত নিজকে আঘাতপ্ৰাপ্ত কৰিবলৈ যেন তাই সুৰুঙাহে দিয়ে। চাকৰি এৰি নিজৰ সংসাৰ চলোৱাৰ দিন ধৰি তাই এইক্ষেত্ৰত কিবা এটা হ'লেও শুনি আহিছে। কেতিয়াবা এইবোৰ কথা তাই গুৰুত্ব নিদিয়ে যদিও কেতিয়াবা তাইক বৰকৈ বিন্ধে। সেইদিনাই তাইক দেখি মানসে অনুমান কৰি লয় আজি যে কিবা এটা ঘটিল। সেয়ে সি কথাটো উলিয়াবলৈ তেনেকৈ কৈ গুচি গ'ল। মানসৰ কথাটোৱে মালাই ইমান সময় কণ্ট্ৰোল কৰি থকা চকুপানী খিনিক বাধা দিব নোৱাৰিলে। বহি থকাতেই এসোঁতা কান্দি লৈ তাই বেডৰূমত শুই থকা ল'ৰা-ছোৱালীকেইটা চাই আহি চোফাত বহি আৰামত টিভি চাই থকা মানসৰ কাষতে বহিলগৈ।

'মই চাকৰি কৰিম।'

'কৰা' মালাৰ কথাত মানসে টিভি চাই চাইয়ে সন্মতি দিলে।

'কিন্তু মামনক কোনে চাব?' মালাই এইবাৰ মানসলৈ চাই প্ৰশ্ন কৰিলে।

'বেবী চিটাৰ ৰাখিম।'

'ই বেবী চিটাৰৰ হাতত অকলে নাৰাখো দেই মামনক।'

'লৈ যাবা বেবী চিটাৰৰ সৈতে অফিচলৈ।' মানসৰ কথাটো শুনি বহুত সময়লৈকে মালাই একো নামাতি মনে মনে টিভি স্ক্ৰীণখনলৈ চাই থাকিল। অলপ সময়ৰ নীৰৱতা ভাঙি মানসেই মালাক সুধিলে 'কোৱাচোন আজি কোনে কি ক'লে তোমাক?' মালা যেন মানসৰ প্ৰশ্নটোলৈহে ৰৈ আছিল। 'কোন হ'ব আৰু, তোমাৰ মৰমৰ বন্ধুৰ পত্নী। ৱৰ্কিং ৱোমেন।'

'কোন, মিতা?'

'হয়।' মানসৰ প্ৰশ্নত মালাই তাচ্ছিল্যভৰা উত্তৰৰে 'হয়'টো কৈ মূৰ দুপিয়ালে।

'কি ক'লে ক'বানে নে শুই থাকোঁগৈ।' মানসে সোনকালে কথাটো শুনিবলৈকে মালাক তেনেকৈ কৈ হাতত থকা ৰিমটটোৱে টিভিটো অফ কৰি দিলে। মানসে জানে মিতাৰ কথাত আগতেও মালা লাগিছে। তাইক একো ক'ব নোৱাৰি মানসৰ আগত বকি বকি কান্দে। আচলতে মিতা এটা প্ৰতিষ্ঠিত প্ৰাইভেট কোম্পানীৰ ফিনেন্স মেনেজাৰ। ভাল অংকৰ দৰমহা পাই বহুত সম্পতিও কৰিছে। সেই লৈ তাইৰ গৌৰৱ নথকাও নহয়। অৱশ্যে তাই তাইৰ ক্ষেত্ৰত শুদ্ধ। কষ্ট কৰিছে, পাৰিছে। আৰু তাইৰ যে মটিভ সেইটোৱে। ছোৱালী এজনী বেলেগৰ লগতে ডাঙৰ হৈছে। ছোৱালীক সময় দিব পৰা নাই বুলি তাই কেতিয়াও আক্ষেপো নকৰে। ছোৱালী জন্মৰ ছয়মাহৰ পিছতে অফিচ জইন কৰি, অফিচৰ কামত তাই ইণ্টাৰনেচনেল ট্যুৰতো গৈছে বা যায়। তাই সেইটো লৈ সুখী। গতিকে তাইক কোনোৱে একো ক'বলৈও নাই। কিন্তু মালাই চব নিজৰ ইচ্ছামতে কৰিলেও কোনোবাখিনিত তাই উজুতি খাবলৈ ধৰে আৰু মানসে তুলি ধৰে।

'মোৰ বোলে ইমান সময় হাউছ ৱাইফ হৈ, তথাপিও ফোন এটা কৰি খবৰ ল'ব নোৱাৰোঁ। দিনৰ দিনটোতো ছোৱালীৰ লগত লাগি থাকিব নালাগে। তেন্তে ইমান সময় মই কি কৰোঁ। গোটেই চাগে ৱেব চিৰিজ চাই শেষ কৰিলোঁ।', একে উশাহতে কথাখিনি কৈ শেষ কৰা মালালৈ চাই মানসে পানী বটলটো আগবঢ়াই দি ক'লে 'ৰিলেক্স, ৰিলেক্স। তাৰপিছত তুমি চাগে তাইক একো নকৈ দিনৰ দিনটো কান্দি থাকিলা। মামনক গালি পাৰিলা, মোক মেছেজ কৰি ডিলিট কৰিলা আৰু কি কি কৰিলা।?'

মানসৰ কথাত মালাই একে নামাতি মোবাইলটোত কিবাকিবি চাই থাকিল। তাইৰ পৰা এই সময়ত একো উত্তৰ আশা নকৰি মানসে নিজেই মাতিলে 'চোৱা মালা, তুমি নিজকে কিয় বেলেগৰ লগত তুলনা কৰি নিজক হেয় দেখুওৱা। তোমাৰ কি নাই। দুটা ল'ৰা-ছোৱালী অকলে ডাঙৰ কৰি আছা। সেইটো মেইন। তাৰ মাজতে ঘৰ চলাইছা, মোক চাইছা। নিজৰ ব্লগৰ কাম কৰিছা। অনলাইন টিউচনবোৰটো কৰি আছাই। ধুনীয়াকৈ ঘৰখন ঘৰ কৰি ৰাখিছা। বেলেগে ক'লে বুলিয়েই নিজক সেইবোৰৰ মাজত সোমোৱাই মন বেয়া কিয় কৰা? সকলোবোৰ নিজৰ নিজৰ জেগাত বেষ্ট। ৱৰ্কিং অৰ হাউছমেকাৰ ডাজ নট মেটাৰ। নিজৰটো ভালকৈ চলাই নিয়াটো ডাঙৰ কথা। নিজকে সুধি চোৱা তুমি কি কৰিলে সুখী হ'বা। আগতেওটো তোমাক কৈছোঁ মই তোমাৰ ভাল লগাবোৰ কৰি যোৱা। সেইমতে তুমি কৰি আছা। তাৰ মাজতো বেলেগৰ কথাত ভাঙি কিয় যোৱা? কোনে কেনেকৈ ঘৰ চলাইছে, বাহিৰৰ মানুহে ডিচাইদ কৰিব নেকি? কৰিব বিচাৰিলেও তুমি কিয় কৰিবলৈ দিবা। মোৰ কাৰণেতো তুমি চুপাৰ ৱোমেন। মইতো তোমাৰ জেগাত হোৱা হ'লে কিজানি এইবোৰৰ আধাও কৰিব নোৱাৰিলোহেঁতেন। এইবোৰৰ পিছতো যদি তুমি বেলেগৰ কথাত...'

মানসৰ কথাখিনি মালাই আৰু সম্পূৰ্ণ কৰিবলৈ নিদিলে।  '', 'ব মই চব বুজিছোঁ, সদায় একেখন কেছেটেই বজাবানে' বুলি তাইৰ সেই মৰমলগা হাঁহিটো মাৰি মানসৰ কান্ধতে মূৰটো পেলাই দিলে। মানসেও হাতত থকা ৰিমটটো চেণ্টাৰ টেবুলখনত থৈ তাৰ হাতখন তাইৰ মূৰৰ ওপৰেদি আনি মালাক আৰু অলপ কাষলৈ চপাই আনি গালতে গালখন লগাই ক'লে ''ৰা-ছোৱালীকেইটা ডাঙৰ হৈ বুজন হৈ যাব, কিন্তু মোৰ এইজনী কেতিয়াও ডাঙৰেই নহ'ব অ।'

No comments: