Monday 21 September 2020

ছাগলী মাংস!


"মাংস কেই কেজি হ'লে ভাল হ'ব?"

"৪০কেজিয়ে হৈ যাব লাগে।"

"নাই নাই ৪০কেজি হ'লে ইমানবোৰ মানুহক জুৰোৱা টান আছে।"

"হেহ কি কথা কয়হে ৪০কেজিয়ে নাতিবনে?"

"এপিছ বা দুপিছকৈ দিলে আতিব আৰু... মানুহ কিমান হয় তাৰ ওপৰতহে সকলোবোৰ।"

পাঁচ ছয়জনীয়া মানুহখিনিৰ দলটো আহল বহল চোতালখনৰ মাজমজিয়াত বহি আলোচনাত ব্যস্ত হৈছে। ভাজি-পাছলি, চাউল-দালিৰ হিচাপটো হৈ যাব বাৰু,  কিন্তু সমস্যাটো হ'ল  মাছ-মাংসৰ হিচাপটোক লৈহে। বিয়া-সবাহেই হওক বা শ্ৰাদ্ধ, মৎস্য স্পৰ্শ ইত্যাদিৰ ভোজেই হওক মাছ-মাংসৰ হিচাপটো সঠিক নহ'লে মানুহবোৰক সন্তুষ্ট কৰাটো টান। প্ৰায়বোৰৰে চকুত মাছ-মাংসৰ এলা-পেচা হিচাপটোৱে নাতেই।

মহিধৰ কলিতাৰ ঘৰতো ইয়াৰ ব্যতিক্ৰম নহ'ল। কলিতাৰ ঘৰত কালি তিলানিটো হৈ যোৱাৰ পিছত আজি সকলোবোৰ ভাগে ভাগে হিচাপ-নিকাচত লাগিছে। অঞ্চলটোৰ অলপ সৰবৰহী খোৱাই-বোৱাই আগ্ৰহীসকল আদ্য শ্ৰাদ্ধ আৰু মৎস্যস্পৰ্শ ভোজৰ দিনা কি খুওৱা হ'ব সেই লৈয়ে ব্যস্ত। মহিধৰৰ ডাঙৰ পুত্ৰ কুলদীপক মাজতে বহুৱাই আলোচনাভাগি আগবঢ়োৱা হৈছে। 

"এই দুদিন গৰমটোও খুউব পৰিছে। এনেকুৱা গৰমত ভোজৰ দিনা বেছি মানুহৰ আশা নকৰাই ভাল। এনেও মানুহবোৰ আজিকালি স্বাস্থ্যৰ প্ৰতি সচেতন হৈছে। গতিকে এই গৰমত মাছ-মাংসবোৰ খাই পেট বেয়া কৰিবলৈ নাহে।" গৰমত ঘামি-জামি পিন্ধি থকা বগা কপাহী কুৰ্তা সদৃশ চাৰ্টটোৰ ওপৰৰ বুটাম দুটা খুলি চাৰ্টৰ ভিতৰৰ ফালে মুখখন নি এবাৰ দুবাৰ ফুফু কৰি মহেশ্বৰ কেৰাণীয়ে কৈ উঠিল।

মহেশ্বৰ কেৰাণীৰ কথাত দুজনমানে হয়ভৰ দিলে যদিও কেইজনমানে বৰ এটা সন্তোষ পোৱা যেন নালাগিল। সকলোৰে কথাবোৰ শুনি থাকি কুলদীপে মাত্ৰ মূৰটো দুপিয়াই দুপিয়াই শলাগিহে গ'ল। মাজে মাজে গাড়ী থোৱা গেৰেজটো খালী কৰি খবৰ কৰিবলৈ অহা মানুহ বহিবলৈ সুবিধা কৰি দিয়াৰ কোঠাটোৰ এচুকত বহি থকা মাক আৰু ঘৈণীয়েকলৈও চকু যায়। ঘটনাটো ঘটাৰ পিছতে মাকৰ চকুৰ চকুলো শুকুৱাই নাই। মাজে মাজে তাৰ ঘৈণীয়েক নৱনীতাই মাকক কিবা এটা বুজাই আকৌ চাদৰৰ আচলৰে নিজৰ চলচলীয়া হোৱা চকু দুটাও মুচি লয়। 

দেউতাক মহীধৰে ৰভা দিবলৈ অহা মানুহখিনিক কিবা দুটামান কৈ বাৰাণ্ডাখনতে বহেহি। হয় দেই আজি এই চাৰিদিনতে ঘৰৰ মানুহখিনিৰ বয়স যেন চাৰিবছৰ বাঢ়ি গ'ল। একেবাৰে নভবা নিচিন্তা ঘটনা!

"অহ, কুলদীপ এইফালে আহচোন।" ওচৰৰে ভবানী বৰমাই মানুহখিনিৰ মাজৰ পৰা কুলদীপক মাতি লৈ গ'ল। গাৰ পৰা খহি যোৱা চেলেংখন গাটোত মেৰিয়াই থিয় হৈ ধুতিখন ঠিক কৰি মানুহখিনিৰ মাজৰ পৰা "অলপ আহিছোঁ" বুলি চাপৰি ওলাই আহিল। মূৰত মৰা বগা ফিটাডাল অলপ ধিলাই সি ভবানী বৰমাৰ ফালে আগবাঢ়িল। মানুহখিনিৰ মাজত ভদ্ৰতাৰ খাতিৰত বহি আছিল যদিও সি একেবাৰে তাত মন বহুৱাব পৰা নাছিল। ভবানী বৰমাই তাক মাতি আনি যেন ৰক্ষাহে কৰিলে।

"অই শুনচোন কুলদীপ। ভোজটো মংগলবাৰৰ সলনি বুধবাৰ কৰিব নোৱাৰিনে।"

"কিয় বৰমা?" 

"নহয় মানে বুধবাৰে ঈদৰ বন্ধ। চব অফিচ কাছাৰীও বন্ধ থাকিব। সেয়ে ভাবিলোঁ..."

"বৰমা এইটো মৎস্যস্পৰ্শৰ ভোজ। কেইজনমান মানুহ হ'লেও কথা নাই। মাত্ৰ আমাক জ্ঞাতি লগ লগাই ৰক্ষা কৰিলেই হ'ল।"

"নহয় মানে মংগলবাৰে অফিচ পাতিও খোলা। বহুতে আমিষো নাখায়। হ'ব বাৰু বৰতাৱৰক মই মহীধৰৰ লগত কথা পাতিবলৈ ক'ম।" বুলি কৈ বৰমাই লৰালৰিকৈ পিঠিৰ পৰা খহি যোৱা চাদৰখন উঠাই পাকঘৰৰ ফালে খোজ দিলে।

ভবানী বৰমা কুলদীপহঁতৰ একেবাৰে গাতে লাগি থকা ঘৰখনৰ। নিজৰ নহ'লেও একেবাৰে সিহঁতৰ নিজৰ বৰমাক বৰতাৱকতৈ কম নহয়। কুলদীপ অফিচলৈ যোৱাৰ সময়ত ঘৰত দালি ভাজিকণ হৈ ভাতকণ নহ'লে মাকে কেতিয়াবা ভাতবাটি বৰমাকৰ পৰাই আনি দিয়ে। এতিয়া কুলদীপৰ খুড়াকৰ মৃত্যুতো বৰমাকেই গোটেই চম্ভালি আছে। বৰতীয়াক খাবলৈ দিয়াৰ পৰা টোপোলা বুটলালৈকে কৰিছে। মহীধৰ কলিতাৰ ভায়েক গুণধৰ কলিতাৰ অকাল মৃত্যুটোক কোনোৱে সহজভাৱে ল'ব পৰা নাই। কলিতাৰ একমাত্ৰ মৰমৰ ভায়েক। কলিতানীয়েও বিয়া হৈ আহিয়েই দেৱৰেকক পাইছে। গিৰিয়েকতকৈ পোন্ধৰ বছৰৰ সৰু দেৱৰেকক খুউব মৰমত ডাঙৰ কৰিছে বৌৱেকে। তাত মাক নোহোৱা ল'ৰা আৰু কলিতানীৰ নিজৰ ভায়েক নথকা হেতুকে গুণধৰ দেৱৰেকৰ লগতে ভায়েকতকৈ কম নাছিল। 

ককায়েক বৌয়েকৰ মৰমত থাকি গুণধৰে বৰ বিশেষ একো কৰিব নোৱাৰিলে। উপাৰ্জনৰ পথ বুলিবলৈও নাই। সেয়ে বিয়াখনো নহ'লগৈ তেওঁৰ। বিয়া পাতিলে খোৱাব কি, ইনকাম নাথাকিলে ছোৱালী দিব কোনে সেইবোৰ ভাবি-চিন্তি থাকোঁতে ভতিজাক কুলদীপেই বিয়া-বাৰু পাতি সাংসাৰিক হ'ল। তাৰপিছত আৰু সেইবোৰ চিন্তা বাদেই দিলে। সেইদিনা দুপৰীয়া হঠাতে গাটো বেয়া লাগিছে বুলি শুই দিয়া গুণধৰ দুনাই নুঠিল আৰু। 

আজি চাৰিদিনৰ দিনা ওচৰৰ আৰু বংশৰে মানুহবোৰ আহি সকলো নিজৰ ভাগে ভাগে আলোচনা কৰিছেহি। এনেকৈ ৰাইজে হাত উজান দিলহে মৃতকৰ ঘৰখন উদ্ধাৰ হ'ব। ভবানী বৰমাই কোৱা কথাষাৰ মনতে দোহাৰি কুলদীপ দেউতাকৰ ওচৰ পালেগৈ। সেইসময়তে দেউতাকক বুট-মাহকেইটামান দিবলৈ বুলি বৰমাও সেইখিনিতে উপস্থিত হ'ল। কুলদীপ বৰমা আঁতৰি যোৱালৈ অপেক্ষা কৰি ভৰিৰ আঙুলিটোৰে মাটিত ৰভা খুটা বান্ধিবলৈ অনা ৰছী এডালকে ইফাল সিফাল কৰি থাকিল। বৰমাক যোৱাৰ পিছত আটাইখিনি কথা দেউতাকক কোৱাত দেউতাকে বৰ এটা গুৰুত্ব নিদি কথাটো পাতলাই থ'লে "দহোজনে দহটা ক'ব। সেইবোৰত গুৰুত্ব দি লাভ নাই।"

দেউতাকৰ কথা শুনি কুলদীপ আকৌ আগৰ জেগা পালেহি। আগৰ পাঁচ ছয়জন মানুহৰ ঠাইত এইবাৰ আৰু দুজনমান তাত যোগ হ'ল। কথাখিনি বৰ বিশেষ আগবঢ়া নাই। ঘনকান্ত খুড়াই লৈ থকা কাগজ টুকুৰাত এতিয়া মাছ-মাংস শব্দ দুটাৰ বাদে একো এটা আঁক পৰা নাই। সেইসময়তে ভবানী বৰমাহঁতৰ হৰি বৰতা আহি কোনোবা এজনৰ কাণত ফুচফুচাই কোৱা কথাষাৰ কুলদীপৰ কাণ দুখনে স্পষ্টকৈ শুনিলে। মানুহবোৰৰ আলোচনা শুনি কুলদীপৰ সেইসময়ত খুউব চিঞৰি হাঁহিবলৈ মন গ'ল। পুৱা নটামান বজাৰ পৰা এতিয়া বাৰটা বাজিল। মানুহো সেই গোটটোত দুগুণ বাঢ়িল। তথাপিও মাছ-মাংসৰ হিচাপৰ পৰা কোনো আগবাঢ়িবই পৰা নাই। কোনোবা এজনে কৈয়ে আছে বোলে " আদ্য শ্ৰাদ্ধটো দেওবাৰে নপৰি বেলেগ বাৰত পৰি ভোজটো দেওবাৰে পৰিব লাগিছিল। মানুহবোৰে আজিকালি লুচি ভাজিবোৰ খোৱাতকৈ ভাতকণ খাবলৈ বেছি ভালপায়। এতিয়া ভোজটো খোলা বাৰত পৰিল যেতিয়া মানুহ কিমান হয় কোৱাটো টান। গতিকে মাংসৰ হিচাপটোতো গণ্ডগোল হোৱাৰ আশংকা আছে।"

তেওঁৰ কথাত হয়ভৰ দি আন এজনে মাত দিলে "ময়ো সেইটো কথাই ক'ম বুলি ভাবিছিলোঁ। কিন্তু গৃহস্থই বা কি কয় সেই ভাবি মনে মনে ৰ'লো।"

 কুলদীপে কিবা এটা ক'বলৈও খঙতে কিবাকিবি ওলাই যায় বুলি খুউব ধৈৰ্যসহকাৰে সেইখিনিতে ৰৈ থাকিল। মানুহজনক ফুচফুচাই কিবা এটা কৈ হৰি বৰতা আৰু মানুহজন উঠি আহিল কুলদীপৰ ওচৰলৈ। সেইসময়তে মহীধৰ কলিতাও পুতেকৰ ওচৰ পালেগৈ। বাপেক পুতেক দুয়োকে একেলগে দেখি বৰতা আৰু মানুহজনে ভাল পোৱাৰ দৰে লাগিল। এইবাৰ কুলদীপক একো নকৈ বৰতাই কলিতালৈ চাই আৰম্ভ কৰিলে "বুইছ মহি, গুণ মোৰ নিজৰ ল'ৰাৰ দৰে আছিল। মানুহ বুলিলে পাগল। মানুহকো খুৱাই ভালপোৱা বিধৰ আছিল। আৰু বৌৱেৰে ৰন্ধা ছাগলী মাংসকণ যে ইমান ধুনীয়াকৈ খাইছিল। বৰ ভাল পাইছিল সি ছাগলী মাংস। গতিকে তাৰ মৰা সকামত ৰাইজক ভালকৈ মাংসৰে এসাজ নুখুৱালে তাৰ আত্মাই শান্তি নাপাব। সেয়ে এটা কাম কৰ নহ'লে, মংগলবাৰৰ ঠাইত বুধবাৰে মৎস্পৰ্শটো কৰি দে। অফিচবোৰো বন্ধ থাকিব, মানুহ আহিবলৈও ভাল পাব। আমাৰ লগতে বহুতে মংগলবাৰে নিৰামিষ খায়। আৰু তই ছাগলীৰ কথা একদম চিন্তা নকৰিবি। মই চিনাকি বেপাৰী এটা আজি মাতি পঠিয়াইছো। সি তাৰ লগত থকা খাহী, পাঠা দুটামানৰ চেম্পোল লৈ তোৰ ইয়ালৈ আহিব। তই মাত্ৰ চিলেক্ট কৰি দিলেই হ'ল।..."

বৰতাকে দেউতাকক বুজাই থকা কথাবোৰ শুনিবলৈ কুলদীপৰ আৰু শুনিবলৈ সৎ নগ'ল। "বিয়াৰ ৰিছেপচন নে বাৰ্থডেই পাৰ্টি পাতিছোঁ! হেৰৌ মৰা মানুহৰ সকামত জ্ঞাতি লগলগাই আমাক উদ্ধাৰহে কৰিব লাগে। তাৰকাৰণেও মানুহৰ ইমান হিচাপ নিকাচ।" কথাকেইটা কুলদীপে ক'ম বুলিও দেউতাকৰ মুখখনলৈ চাই মনে মনে থাকিল। তাৰ জনা আছে সি সেইষাৰ কোৱা মানে মানুহবোৰে তাক কি অৱস্থা কৰিব। নিজকে চম্ভালি লৈ সি গেটৰ ওচৰলৈ ওলাই আহি দেখিলে এটা পোন্ধৰ ষোল্ল বছৰীয়া ল'ৰাই সাত আঠটামান ছাগলী লৈ সিহঁতৰ গেটখন খুলি সোমাই আহিছে।

Tuesday 8 September 2020

মা তই অনন্যা!

 



"মা এইযোৰকে পিন্ধ নেকি?"
"নালাগে দে এইযোৰ মই একেবাৰে গাতেই দিয়া নাই। অহা ব'হাগৰ পহিলা বিহুটোতে পিন্ধিম বুলি সাঁচিছোঁ। আৰু এমাহমানহে আছে।'
"মা তোৰো যে কাম আৰু। কাপোৰহে, লাগিলে আকৌ এযোৰ আনি দিম। তয়ো যে ভাল সাঁচিব পাৰ দেই।" মীনায়ে বকি বকি ট্ৰাংকটোৰ পৰা কাপোৰযোৰ যেনেকৈ উলিয়াইছিল তেনেকৈয়ে ভৰাই; ট্ৰাংকটো কাটৌপকৈ মাৰি ওপৰত পৰা কাপোৰখনেৰে আগৰ নিচিনাকৈ ঢাকি থৈ মাকৰ পিছে পিছে ওলাই আহিল।
"হ'ব দে মই নহ'লে তইয়ে পিন্ধিবি এইসোপা কাপোৰ" বুলি কৈ মাকে খোজ ল'লে। আগে আগে এখুজি দুখুজিকৈ গৈ থকা মাকজনীক দেখি মীনাৰ কিবা এটা শোকে খুন্দা মাৰি ধৰিলে। ইমান আজলী মাকজনী তাইৰ। মুখ খুলি একো এটা খুজিব নাজানে। দেউতাকে যেনেকৈ কয় তেনেকৈয়ে বিয়াৰ দিন ধৰি চলি আহিছে। আজিলৈকে একো এটা দেউতাকৰ ওপৰত কৈ পোৱা নাই। কেতিয়াবা মীনাৰ এইবোৰ দেখি-শুনি অশান্তি লাগি যায়। মাকৰ পঢ়া-শুনাই নাই নে, বিচাৰ-বিবেচনা কৰিবলৈ শকতিকণেই নাই। দেউতাকে যদি কয় আজি বেলিটো পশ্চিমফালে উদয় হ'ল মাকেও মানি ল'ব যে হয় বেলি পশ্চিমফালে উদয় হ'ল। আগৰ দিনত যে ছোৱালীবোৰক বুজা হওঁতেই মূৰত সোমোৱাই দিয়ে শহুৰেৰ ঘৰখন আচল ঘৰ, পতি পৰমেশ্বৰ। সেইদৰে ভাটৌৰ দৰে ছোৱালীহঁতেও শিকি আহি সেইবোৰ আখৰে আখৰে পালন কৰি আহে। ইমানসোপা কাপোৰ বুলি যে মাকে কয়। তাইৰ জনা আছে কিমানসোপা কাপোৰ। বিয়াত দিয়া দুযোৰ তাকো ভতিজীয়েকহঁতে পিন্ধি পিন্ধি মেখেলাৰ পাতলি চিঙি থৈছে। আৰু দুযোৰমান কেতিয়াবাই আইতাক নে বৰমাকে দিয়া আছিল। তাৰপিছত নতুন কাপোৰ বুলি এইযোৰহে মীনাই দেখিছে। মাকৰ চকুত এই কেইযোৰেই এসোপা।
"অ তই দেখোন থৰ লাগিলি? নাহ কিয় দেউতাৰৰ খং উঠিব।" আগে আগে গৈ থকা মাকে পিছফালে উভতি চাই স্থবিৰ হৈ থিয়হি থকা জীয়েকক দেখি মাতটো লগাই খোপাটোৰ পৰা খহি অহা চাদৰখন আকৌ খোপাত লগাই ল'লে। ইমান জোৰ কৰা স্বত্বেও মাকে তাই বাচি দিয়া কাপোৰযোৰ নিপিন্ধিলে, এতিয়া আকৌ দেউতাকৰ খং উঠিব কথাটো শুনি মীনাৰ টিঙিচকৈ মাৰিলে। "হেৰৌ সদায়েনো কি দেউতাৰ ভয়ডাল খুৱাই থাক।" বুলি মনতে ভোৰভোৰাই মীনা আকৌ আগবাঢ়িল।
মীনায়ো জানে কাপোৰযোৰ মাকে ইমান মৰমত কিয় সাঁচিছে। এনেও মাকে ভাল পায় ৰঙা, হালধীয়া দুইটা ৰং। ইফালে ৰঙা, হালধীয়া কনট্ৰাষ্টৰ বোৱা কটন কাপোৰযোৰ কেইদিনমান আগতে দেউতাকে মাকক নুসোধাকৈয়ে সাপ্তাহিক বজাৰখনৰ পৰা আনি দিছিল। সেইদিনা যে মাকৰ মুখখন চাবলগীয়া হৈছিল। এনেই বগা চগা মানুহজনী। যতনত থাকিলে অসমীয়া চিৰিয়েল কৰা মহিলা যেনেই লাগিব দেখাত। মীনাৰ দেউতাকে কাপোৰযোৰ আনি "হু ইয়াতে কিবা এটা আছে" বুলি আগবঢ়াই দিয়াত খুলি চাই প্ৰিয় ৰঙৰ কাপোৰযোৰ দেখি লাজতেই নে কি মানুহজনী ৰঙা পৰি তুলতুলীয়া হৈ গৈছিল। তাতে আকৌ মীনাজনী জানো কম! মাকক জোকাই জোকাই আৰু ৰঙা কৰি পেলাইছিল। বিয়াৰ বয়স হোৱা মীনাই চব বুজি পায় মাকৰ মনৰ ভাৱ। দেউতাকে কিবা এটা দিলে বা কৰবালৈ উলিয়াই নিলে কিমান ফূৰ্তি পায়। কিন্তু এই অঘটন বিয়াৰ ২৬ বছৰত কেইবাৰ ঘটিছে আঙুলিৰ মূৰত লেখিব পাৰি। তথাপিও মাকৰ মনত দূখৰ বা অসন্তুষ্টিৰ বিন্দু লেখ মাত্ৰাও দেখিবলৈ পোৱা নাযায়। এটা কথা কিন্তু সঁচা, কিবা এটা পালে আকৌ সেই সন্তুষ্টিৰ ৰং মাকৰ মুখত ফুটি উঠা মীনাই বুজা হোৱাৰ পৰা দেখি আহিছে। কেৱল দেউতাকৰ চকুতহে ধৰা নপৰে সেইবোৰ। কোনোদিনাই মাকৰ প্ৰশংসা নকৰা দেউতাকলৈ চাই কেতিয়াবা মীনাৰ সন্দেহ হয় দেউতাকে বাৰু মাকৰ সেই ধুনীয়া মুখখন কেতিয়াবা চাই পাইছেনে! মাকক যদি কেতিয়াবা মীনাই এইবোৰ কথা কয় মাকে আকৌ ওলোটাই কয় মুখলৈ চাই প্ৰশংসা কৰিলেই অকল মৰম কৰা হয় নেকি। তেনেকৈ ক'লে মীনায়ো মাকক কৈ থৈ দিয়ে "জানো পাই তইনো এই খঙাল, হাঁহিব নজনা মানুহটোৰ মাজত কেনেকৈ মৰম বিচাৰি পাৱ।"। এইবাৰো কত বছৰৰ মূৰত কাপোৰযোৰ পাই যে মাক কিমান সুখী সেইয়া নক'লেও বুজে মীনাই।
মীনাৰ কেতিয়াবা ভাৱ হয় তাই বাৰু কেতিয়াবা মাকৰ দৰে হ'ব পাৰিবনে! যদি অণিৰ্বান বিয়াৰ পিছত দেউতাকৰ দৰে হৈ যায়। নাই তাই কেতিয়াও এনেকুৱা কাঠৰ দৰে মানুহ এজনৰ লগত সংসাৰ কৰিব নোৱাৰে দেই। ক'তো কেতিয়াও মাকক উলিয়াই নিনিয়া, মাকৰো যে কেতিয়াবা বেমাৰ হ'ব পাৰে খিয়াল নৰখা দেউতাকৰ নিচিনা এজনলৈ বিয়া হোৱাতকৈ কুমাৰী হৈ থকাই ভাল। কিন্তু মাক যে সুখী। সঁচাইনে! মিছা যেনোটো নালাগে। এনেকৈয়েটো ইমান বছৰে হাই-কাজিয়া নলগাকৈ সংসাৰখন চলি আছে। মাক-দেউতাকৰ মাজত নেদেখা-নুশুনাকৈ থকা মৰমবোৰ মীনাৰ দৰে আজিৰ ছোৱালীয়ে বুজি নাপায়।
"উলিয়ালিনে লৈ আহ সোনকালে।" কোনোবা এজনে মীনা থকা ৰূমটোলৈ ভুমুকি মাৰি চিঞৰ এটা মাৰি থৈ গ'ল। সেই চিঞৰে মীনাৰ ভাবনাত যটি পেলালে। লৰালৰিকৈ তাই ৰঙা, হালধীয়া কনট্ৰাষ্টৰ কাপোৰযোৰ আৰু সেন্দূৰৰ টেমিটো নি গাঁৱৰে মহিলা এগৰাকীক দিলে। হস্পিটেলৰ পৰা ঘৰলৈ ঘূৰিবৰ সময়তে ঘৰৰ কাষৰ মাকণ খুড়ীক ফোন কৰি মীনাই কাপোৰযোৰৰ কথা কৈ থৈছিল। সেইমতে তেখেতেও ট্ৰাংকৰপৰা কাপোৰযোৰ উলিয়াই মীনাই কোৱাৰ জেগাতে থৈ দিছিল।
সেইদিনা যদি মীনাই কোৱামতে মাকে কাপোৰযোৰ পিন্ধিলেহেঁতেন! কন্দনামুৱাজনী হৈ মীনা ওলাই আহি চোতাল পালেহি। কান্দি কান্দি চকু উখহাই থোৱা মীনাই মাকৰ কপালৰ দগমগীয়া ৰঙা ফোট, দীঘলকৈ লগাই দিয়া শিৰৰ সেন্দূৰকণলৈ চাই দেউতাকলৈ চালে। গোটেই জীৱন দেউতাকৰ শুশ্ৰূষাত কটোৱা মানুহজনীৰ অভাৱ অনুভৱ কৰিবনে দেউতাকে! দেউতাকৰ হাতত সেই কাপোৰযোৰ। চিতা উঠাবলৈ যো-জা চলাওঁতেই দেউতাকে এপাকত কাপোৰযোৰ মাকৰ গাত দি দিলে। এনেই বগা মানুহজনী তাতে ৰঙা ডাঙৰ উজ্জ্বল ফোঁট আৰু কাপোৰযোৰেৰে মাকক সাইলাখ গোঁসানী যেন লাগিছে। পহিলা ব'হাগত গাত দিবলৈ থোৱা কাপোৰযোৰ আজি পহিলা ব'হাগতে মাকৰ গাত পৰিল। তাকো দেউতাকৰ হাতেৰে। খালী বেচেৰী মাকেহে সেইকণ সুখ জীয়াই থাকি ল'বলৈ নাপালে। এতিয়াই যেন মাক উঠি আহি খহি যোৱা ওৰণিখন টানি আনি ক'ব "যাচোন দেউতাৰকক হাত-ভৰি ধুবলৈ কগৈ। ভাতৰ পাটত বহিবৰ হ'ল।"।
নিৰৱে থকা মাকজনী নিৰৱেই গুচি গ'ল। সেইদিনা মীনাইহে জোৰ কৰি লৈ গৈছিল হস্পিটেললৈ। এবছৰমানৰ পৰা পেটৰ বিষ, খালেই বমি বমি লগা ভাৱটো লৈ মাকে কেনেকৈ চলি আছিল জানো! দেউতাককো ক'বলৈ নিদিয়ে জানোছা দেউতাকৰ কষ্ট হ'ব। দেউতাকেওটো মাকৰ কি হৈছে কি নহৈছে খবৰ লোৱাটো জৰুৰী। কেতিয়াবা মীনাৰ দেউতাকৰ ওপৰত ক্ষোভবোৰ উজাৰিবলৈ মন গৈছিল, কিন্তু মাকৰ কাৰণে মনে মনে আছিল। সেই পেটৰ বিষটো লৈয়েই মাক গ'লগৈ। মাত্ৰ চেক-আপত যোৱা মাকে কেঞ্চাৰ ৰোগৰ অন্তিম পৰ্যায়ত এমাহ হস্পিটেলত থাকি উভতি আহিল উশাহবিহীন শৰীৰটো লৈ। বেমাৰ দেখুওৱাৰ নামত মাকে কাহানীও নেদেখা মহানগৰীখন যেনিবা মৃত্যুৰ আগত চাই ল'লে। আচলতে গুৱাহাটীলৈ ইমান দূৰ কাৰনো যোৱা হয়। মীনাৰে হয়নে মণ্ডল দেউতাকৰে হয়! কলেজ পাছ কৰি ওচৰৰে ল'ৰা-ছোৱালী দুটামানক ঘৰতে পঢ়াই থকা মীনায়ো এইবাৰহে বহুতদিন থকাকৈ গুৱাহাটীলৈ গৈছে। আগতে এবাৰ নে দুবাৰ গুৱাহাটীত থকা পেহীয়েকৰ লগত তেওঁৰ ঘৰলৈ এৰাতি দুৰাতি থকাকৈ আহিছিল।
চাওঁতে চাওঁতে এই এঘাৰটা দিন কেনেকৈ পাৰ হ'ল মীনা আৰু দেউতাকে গমেই নাপালে। লোকবিশ্বাসমতে শ্ৰাদ্ধ হৈ নোযোৱালৈকে আত্মাটো বোলে ওচৰে-পাজৰে ঘূৰি ফুৰে। মীনাই কেতিয়াবা ৰাতি বাহিৰলৈ যোৱাৰ চলেৰে উঠি গৈ চাই দেখেই কিজানি মাকক ৰঙা হালধীয়া কাপোৰযোৰৰ সৈতে। নাই কেতিয়াও নেদেখে। মাক যি গ'ল গ'লেই। ব্যস্ততাৰ মাজতো মীনাই দেউতাকক চকু দিবলৈ পাহৰা নাছিল। কলপ লগাই কেতিয়াও বগা পৰিবলৈ নিদিয়া চুলিখিনি বগা পৰি এইকেইদিনতে দেউতাকজন পাঁচবছৰমান বেছি বুঢ়া হৈ গ'ল। ঘনে ঘনে মাক-দেউতাকৰ শুৱনি কোঠাটোলৈ আহি আকৌ কিবা এটা মনত পৰাৰ দৰে উভতি যায়। নাই সেই মাকে যৌতুকত অনা ডাঙৰ পালেংখন কোঠাটোত নাই। এঘাৰদিনৰ দিনা ৰাতি কিবা নাম পাঠ কৰিবলৈ সেইখন ভাঙি কোঠাটো খালী কৰি দিয়া হ'ল। কিবা এটা দিবলৈও যেন কাৰোবাক মাতিবলৈ গৈ অলপ সময়ৰ কাৰণে ৰৈ যায়। এইকেইদিনত আলেঙে আলেঙে দেউতাকক লক্ষ্য কৰি থকা মীনাই ভালকৈ বুজি পাইছে মুখৰে প্ৰকাশ নকৰিলেও যে দেউতাক মাকৰ ওপৰত কিমান নিৰ্ভৰশীল আছিল। প্ৰত্যকটো সৰু সৰু কথাতেই দেউতাকৰ মাকক প্ৰয়োজন হয়।
এই কেইদিন মানুহে-দুনুহে পৰিপূৰ্ণ ঘৰখন মৎস্যস্পৰ্শৰ দিনাই একেবাৰে খালী হৈ গ'ল।
এতিয়াৰ পৰাহে সিহঁতৰ ঘৰখন উৰুঙা লাগিব। মাত-বোল নোহোৱাকৈ মাকে গোটেই কামবোৰ সামৰি-সুতৰি কৰিছিল যদিও ঘৰখন কিবা এটা ৰঙৰঙীয়া হৈ থাকিছিল। কেনেকৈনো একো ওজৰ-আপত্তি নোহোৱাকৈ সিহঁতৰ ফৰমাইচবোৰ পূৰা কৰিছিল মাকেহে জানে। সঁচাকৈয়ে মা সদায় মায়েই, একেবাৰে অনন্যা। মীনাইয়ো কৰবাৰ পৰা আহি মাকক নেদেখিলে মনটো বেয়া কৰিছিল। দেউতাকেও বজাৰৰপৰা আহি মাকৰ হাতত বজাৰৰ মোনাখন তুলি দিবলৈ নাপালে কিবা এটা ভাল নাপাইছিল। ফুটাই নক'লেও মীনাই বুজি পাইছিল সেইটো কথা। এদিন মাক কিবা কামত ব্যস্ত থকাত তাই ওলাই যাওঁতে দেউতাকে মাৰক মাত বুলি কোৱাৰ পৰা মীনা বজাৰৰ মোনাখন ধৰিবলৈ ওলাই নোযোৱা হ'ল।
"দেউতা আহ, ভাত খাহি।" সাধাৰণতে সদায় দুপৰীয়া এটা বজাত ভাত খোৱা দেউতাকে আজি ৰৈ ৰৈ আঢ়ৈটা বজাত কেনেবাকৈ ভাতৰ পাটত বহিবলৈ পালে। মীনাৰ মাতত গা পা ধুই আগফালৰ বাৰান্দাতে পায়চাৰি কৰি থকা দেউতাকে অলপ খোল খাই থকা গেটখন মাৰি থৈ আহি খোৱা ঘৰলৈ গ'ল। মীনাৰ শুই উঠোঁতেই দেৰি হ'ল। গা-পা ধুই ভাতত লাগিবলৈ যাওঁতে দেউতাকৰ খোৱাৰ সময়েই হৈছিল প্ৰায়। মাকৰ বয়সত বিয়া হোৱা হ'লে এতিয়া তাই চাৰি/পাঁচবছৰীয়া সন্তানৰ মাক হ'লহেঁতেন। কিন্তু মাকে একমাত্ৰ জীয়েকক পাকঘৰলৈকে যাবলৈ নিদিয়ে। কথাতে কয় তেওঁৰ নিচিনাকৈ তাই যাতে পাকঘৰটোকে উকটি থাকিবলগীয়া নহয়। আজি ভাত ৰান্ধিবলৈ সোমাই কি কৰিম কি নকৰিমকৈ ওচৰৰে মাকণ খুড়ীয়েকক মীনাই মাতি আনিলে। খুড়ীয়েকেও নিজৰ ঘৰখনত কৰি মেলি যি পাৰে ৰন্ধা-বঢ়াবোৰ দেখুৱাই মীনাক অলপ সহায় কৰি থৈ গ'ল।
ডাইনিঙৰ চকীখন চোঁচৰাই উলিয়াই আনি ভাতৰ পাটত বহা গহীন দেউতাকৰ মুখখন যেন আৰু অলপ গহীন হৈ গ'ল। হাতখন ধুবলৈ জাৰটো বিচৰাত মীনাই উত্তৰ দিলে "বেচিনটো আছেই দেখোন।"। তেতিয়াহে দেউতাকৰ মনত খেলালে হয়তো বেচিনতে দেখোন হাতখন ধুব পাৰি। ইমান বছৰে ঘৈণীয়েকে ওচৰতে জাৰে, চৰিয়াই যতনাই দিয়াত পাহৰিয়েই গৈছিল বেচিনতো যে হাত ধুব পাৰি। আকৌ উঠি গৈ বেচিনত হাতখন ধুই চকীত বহি দেউতাকে মীনাক প্লেট এখন বিচাৰিলে। ভাত বেছি হ'ল নেকি বুলি মনতে ভাবি মীনাইও প্লেট এখন আনি দেউতাকৰ কাঁহীখনৰ কাষতে থ'লে। দেউতাকে নিজৰ কাঁহীখনত থকা ভাতকেইটাৰ কাষৰ পৰা ভাজি দুখন আৰু আচাৰকণ উঠাই আনি প্লেটত থৈ কাষৰ বাটিটোৰ পৰা দালি অকণ লৈ লৈ খোৱা আৰম্ভ কৰিলে। তেতিয়াহে মীনাৰ মূৰত খেলালে সদায় যে দেউতাকে ভাজি, চাটনি, নেমু, পাপৰ যিয়েই নহওক ভাতৰ লগত একেখন কাঁহীতে নাখায়। আৰু যে মীনাই কি কি জানিবলৈ বাকী আছে। মাক নোহোৱা ঘৰখন তাই কেনেকৈ চম্ভালি ল'ব ভাবিয়েই কিবা লাগি গ'ল। দেউতাকে শেষৰ ভাতকেইটা সানিবলৈ ধৰোঁতেই মীনাই কিবা এটা আন্দাজ কৰি কুকাৰৰ পৰা আৰু কেইটামান ভাত দেউতাকক আনি দিবলৈ পাকঘৰলৈ যাবলৈ ধৰোঁতেই, দেউতাকে মাত দিলে "সেইদিনা মাৰৰ মুখখন মন কৰিছিলিনে, সেই কাপোৰযোৰৰ সৈতে সাইলাখ গোঁসানীজনী যেন লাগিছিল।"।

Friday 17 July 2020

হাতখনি তেওঁৰ!

সদায় ধৰি শোৱাৰ দৰে নিজৰাই গিৰিয়েক অমলৰ হাতখনত ধৰি ওপৰলৈ মুখখন দি বিছনাত পৰি থাকিল। বিয়া হোৱাৰ দিন ধৰি তাই এনেকৈয়ে শোৱে। টোপনি যোৱাৰ পিছত হয়তো হাতখন এৰ খাই যাব পাৰে, সাৰ পালে আকৌ ওচৰলৈ আহি ধৰি লয়হি। গিৰিয়েকে বিয়াৰ প্ৰথম দুদিনমান দিগদাৰ পাইছিল। কাৰণ সৰুৰেপৰা খড়াকৰ ঘৰত থাকি ডাঙৰ হোৱা ল’ৰা অমল। সাধাৰণতে অকলেই শুৱে, কেতিয়াবা ঘৰত আলহী বেছি হ’লেহে খুড়াকৰ কোনোবা এটা ল’ৰা তাৰ লগত শুবলে আহে। তথাপিও গাত কেনেবাকৈ হাত-ভৰি লাগে বুলি মাজত গাৰু এটা দি লয়।  কিন্তু আজিকালি এইটো তাৰো অভ্যাসত পৰিণত হ’ল। বৰঞ্চ তাই হাতখনত নধৰিলেহে বেয়া লাগে। নিজৰা দুদিনমানৰ কাৰণে মাকৰ ঘৰলৈ গ’লেই অমলৰ কিবা খালী যেন লাগে আৰু তাই ঘৰত থাকিও যদি শুবৰ সময়ত হাতখন নধৰে তেতিয়া তাৰ বুজিবলৈ নাথাকে যে আজি কোদোৰ বাঁহত কিবা জুই লাগিছে। সেইদিনা যদি অমলে নিজেই হাতখন আগবঢ়াই নিদিয়ে তেন্তে কি হ’ব সেইখিনি চাগে কোনোবা কোনোবাই নোকোৱাকৈয়ে অনুমান কৰিব পাৰিছে।

সাতবছৰৰ আগতে নিজৰাৰ ককায়েকে যিখন হাতত তাইৰ হাতখন চিৰ জীৱনৰ কাৰণে গতাই দিছিল, আজিকোপতি সেই হাতখনৰ ভৰষাতে তাই জীয়াই আছে।সাতবছৰ হৈছেহে আৰু বহুত দূৰ যাবলে আছে তেওঁৰ লগত বুলি অমলৰ হাতখন নিজৰাই আৰু অলপ টানকৈ মুঠি মাৰি লয়।

আঠবছৰ বয়সতে দেউতাকক হেৰোওৱা নিজৰাৰ কাৰণে তাইৰ ককায়েক নিৰৱেই দেউতাকৰ দৰে আছিল। নিজৰাতকৈ সাতবছৰৰ ডাঙৰ নিৰৱে যেন দেউতাকৰ দায়িত্বসমূহ বিনদিধাই শিৰত তুলি লৈছিল।

@@@@

’হৰধৰ মোমায়েৰে ককায়েৰক ল’ৰা এটাৰ খবৰ দিছিল। নিৰৱেও খবৰ-খাতি কৰি গম পাইছে ল’ৰাটো বোলে বেয়া নহয়।’ নিজৰাই মামাকৰ ঘৰৰপৰা আহি পাই কলৰ পাৰত হাত-ভৰিকোইটা ধুবলৈ আহোতে মাক পিছে পিছে আহি থাকোতেই তাই গম পাইছিল তেনেকুৱা কিবা এটা ক’বলৈকে যে আহিছে। কাৰণ তাই মোমায়েকৰ ঘৰতে ঘুনুক-ঘানাককৈ কথাটো শুনি আহিছিল।

বিএৰ লাষ্টৰ চেমিষ্টাৰটো দি নিজৰা গহপুৰত থকা মোমায়েকৰ ঘৰলৈ গৈছিল দুদিনমান থকাকে।মোমায়েকৰ জীয়েক কৰৱী আৰু তাই একেবয়সৰে, সেয়ে দুইজনীয়ে লগ পাবলৈ উদবাউল হৈ থাকে। তাতে এইটো বয়সত সমবয়সীয়া কাৰোবাক ক’বলৈ বহুত কথাই থাকে।ইঁহত দুইজনী লগ হ’লেও সেই একেই ফুচফুচীয়া কথাৰ অন্তই নপৰে। অৱশ্যে নিজৰা হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দায়েই মামাকৰ ঘৰলৈ যোৱা, সেয়ে এইবাৰ বিএটো দি যাঁও বুলি কঁওতে মাকেও মানা নকৰিলে। দুদিনমান ফুৰি-চাকি আহক বুলি নিৰৱৰ লগতে পঠিয়াই দিলে।

তাইক লৈ নিৰৱৰ বৰ চিন্তা। ভাল ল’ৰা এটা চাই বিয়াখন দিব পাৰিলে আজৰি। সৰুৰেপৰা ডাঙৰ কৰা ভনীয়েকৰ বিয়াৰ কথা ভাবিলে তাৰ বুকুখন কঁপি উঠে। আজিকালি যিহে দিন-কাল, হ’ল বুলি যিকোনো ল’ৰাৰ লগত দিঁও বুলিয়েই দিবও নোৱাৰি। কিন্তু এদিন হ’লেও ছোৱালীক এঘৰলৈ উলিয়াই দিবই লাগিব। সেয়ে আলেঙে আলেঙে সি নিজৰালৈ উপযুক্ত পাত্ৰ চাই নথকাও নহয়। ইফালে মাকক জোঁৱাই-বোৱাৰী চব লাগে। মাকৰ মতে নিজৰালৈ ল’ৰা বিচাৰি থাকোতেই নিৰৱৰ বিয়াখন পাতিবলৈ জোৰ দি আছে। এনেও তাৰ ছোৱালী ঠিক হৈয়ে আছে। ছোৱালী ঘৰেও ল’ৰা ঘৰৰ মানুহ যোৱালেহে বাট চাই আছে। কিন্তু নিৰৱেহে পিছুৱাই আছে। তাৰ ডাঙৰ দায়িত্ব হ’ল নিজৰা, তাৰপিছতহে সি তাৰ কথা চিন্তা কৰিব।

ডিব্ৰুগড় ইউনিভাৰ্চিটিৰপৰা জুল’জীত এম.এ.চি কৰি সি আৰু চাকৰি নিবিচাৰিলে, সৰুসুৰাকৈ টিউচন কৰা আৰম্ভ কৰিলে। প্ৰথম দুবছৰ ঘৰৰপৰাই কৰিছিল, কিন্তু লাহে লাহে ল’ৰা-ছোৱালী বেছি হৈ অহাত সোণাৰি টাউনতে ৰুম এটা ভাড়াত লৈ টিউচন আৰম্ভ কৰিলে।আজিকালি সি টিউচনৰপৰা আজৰিয়েই নাপায়। তথাপিও সময়-সুবিধা মিলাই নিজৰাক মোমায়েকৰ ঘৰত থৈ নিজেও দুদিন থাকি আহিল। শিৱসাগৰৰপৰা গহপুৰলৈ আহি আচলতে দুদিনত ভাগৰ নপৰে। কিন্তু উপায় নাই অকলশৰীয়া মাকক এৰি সি বেছি দিন থকাৰ কথা ভাবিবই নোৱাৰে।মোমায়েকৰ ঘৰলৈ যাঁওতেই ল’ৰা জনৰ খবৰ পালে।ঢলপুৰলৈ বিয়া হোৱা ডাঙৰ মোমায়েকৰ জীয়েক ৰিণিৰ ঘৰৰ ওচৰৰে বোলে। পেটে পেটে কথাটো শুনি সন্তোষ পালেও সি ভনীয়োকক নোসোধাকৈ একো ক’ব নোৱাৰে। তাইৰো পছন্দ-অপছন্দৰ কথা আছে।

ডাঙৰ মোমায়েকৰ চিন্তা-ধাৰাবোৰ অলপ পুৰণি কলীয়া। তেঁওৰ মতে চৰুক সুধি ভাত বনোৱাৰ দৰকাৰ নাই। ল’ৰা ভাল যেতিয়া কথা আগবঢ়াব লাগে।নিৰৱে মোমায়েকৰ এই কিছুমান স্বভাৱটো একেবাৰে দেখিব নোৱাৰে। তেওঁৰ কাৰণেই আজি সৰু মাহীয়েকৰ না জল মা থল অৱস্থা। সেই সময়ত যদি মোমায়েকে নিজৰ অহংকাৰ বাদ দি বেলেগৰ কথাত গুৰুত্ব দিলেহেঁতেন আজি মাহীয়েক বহুত সুখত থাকিলহেঁতেন।সেয়ে সি মোমায়েকৰ ঘৰৰপৰা আহি মাকৰ লগত আলোচনা কৰাৰ লগতে আৰু চিনাকি মানুহকো সুধোতে সকলোৱে ভাল বুলি কোৱাত নিজৰাক সুধি কথা আগবঢ়োৱাৰ কথা ভাবিছে।

’কি হ’ল তই একো ন’কলি যে?’ কলৰ পাৰত হাত-ভৰি ধুই থকা নিজৰাক আকৌ এবাৰ সুধিলে। আচলতে তাই প্ৰথমবাৰতে মাকে কোৱা কথাষাৰ শুনিছিল যদিও উত্তৰ দিবলৈ মন যোৱা নাছিল। তাই কৰৱীৰ মুখত ল’ৰাটোৰ কথা শুনি আহিছে। তাই বোলে তাক ভালকৈয়ে চিনি পায়। ৰিণি বাৰ ঘৰৰ কাষতে তাৰ ঘৰ, ল’ৰাটো ভাল কিন্তু দেখাত ইমান ভাল নহয়। তাইৰ কাৰণে দেখাতোত ইমান কথা নাহে, যদিহে তাই কাৰোবাক তাইৰ হিয়াখন দি ন’থলেহেঁতেন।

’কথাটো এবাৰ ভাবি চাবি। ভাবি ককায়েৰক ক’বি’। মাকে তাইক কথাকেইটা কৈ কলৰপাৰতে সৰি পৰি থকা তামোল দুটা বুটলি, আন্ধাৰ হোৱাৰ আগতেই পাণ দুখনমানো চিঙি আনিবলৈ আগবাঢ়িলে।

নিজৰা বৰ সমস্যাত পৰিলে। কথাবোৰ যিমান ভাবিলে সিমানেই তাইৰ মোমায়েকৰ ঘৰলৈ কিয় গৈছিল যেন লাগিছে। নোযোৱা হ’লেতো একোৱেই নাছিল। ইফালে ককায়েকৰ কথা, সিফালে মানসৰ মৰম। বিছনাত শুই কথাবোৰ ভাবি ভাবি নিজৰাই তাইৰ অকমাণি ফোনটো উলিয়াই মানসলৈ এটা এছ এম এছ কৰে ’পাৰিলে কাইলৈ সময় উলিয়াই ফোন কৰিবা কথা আছে’।

মোমায়েকৰ কাষৰ ঘৰৰ ল’ৰা মানসক কৰৱীয়ে চিনাকি কৰি দিছিল নিজৰাক হায়াৰ চেকেণ্ডাৰী দি যোৱাবাৰ। সেই প্ৰথম চিনাকিতে ল’ৰাটো কিবা এটা ভাল লাগি গৈছিল। কিন্তু তেতিয়া ইটোৱে সিটোক চকুৱে চকুৱে কথা কওঁতেই গ’ল। তেনেকৈয়ে দেখোন কিবা এটা ভাল লাগি গৈছিল। আৰু মানুহ নথকাৰ সুযোগ লৈ মৰা চকুটিপটোৱে তাইৰ হিয়াখন খুচি থৈ যায়। সেই ভাললগাবোৰ তাই কাকো বুজাব নোৱাৰে আনকি কৰৱীকো।
সম্পূৰ্ণ তিনিবছৰৰ মূৰত মানসক লগ পাই তাইৰ মৰমবোৰ উজাৰি আহিছিল। মোমায়েকৰ ঘৰলৈ যোৱাৰ চলেৰে নিজৰাৰ প্ৰধান উদ্দেশ্য আছিল মানসক লগ কৰাৰ।তাই পাকে প্ৰকাৰে কৰৱীক যিমান মানসৰ কথা সুধিব বিচাৰিছিল তাই সিমান কথাটোৰ পৰা ফালৰি কটা যেন অনুভৱ হৈছিল কৰৱীৰ। শেষত সেইদিনা সন্ধিয়ালৈ মানস নিজেই কৰৱীহঁতৰ ঘৰলে আহিছিল। ইমান বছৰৰ মূৰত নিজৰাই মানসক দেখি ইমান স্ফূৰ্তি পাইছিল কিন্তু ককায়েক থকাৰ কাৰণে সেইবোৰ প্ৰকাশ নকৰিলে।

কৰৱীয়ে যোৱাবাৰ আঁহোতেই নিজৰাৰ মনৰ কথা ধৰিব পাৰিছিল, সেয়ে এইবাৰ তাইক অলপ ইংগিত দি থ’লে মানসৰ লগত বেছি হলি-গলি নকৰিবলৈ।

গাৰু তলত থৈ দিয়া ফোনটো দুবাৰ এনেকুৱাকে ভাইব্ৰেট হ’ল যে শুই থকা নিজৰাৰ মূৰটো কিবা জিনজিনাই যোৱা যেন লাগিল। লগে লগে ফোনটো উলিয়াই দেখে মানসৰ মেচেজ এটা ’কাইলৈ ফোন কৰিম এতিয়া শুই যোৱা।'   
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                          
@@@@

নটামান বজাত মাকৰ লগত পুৱাৰ আহাৰ সাজৰ তৈয়াৰী কৰি থাকোতেই লেগিংচৰ ইলাষ্টিকডালৰ খোচনিতে ভৰাই থোৱা মোবাইল ফোনটো ভেতভেত কৰি উঠোতেই য’ৰে কাম ত’তে পেলাই লৰালৰিকৈ শুৱনি কোঠা পালেহি। ফোনটো ভতভতাই উঠোতেই তাই অনুমান কৰিছিল কাৰ ফোন হ’ব পাৰে।
’অ কোৱা, কিয় ফোন কৰিবলৈ কৈছিলা’ নিজৰাই ফোনটো ৰিচিভ কৰোতেই সিফালৰপৰা মাত আহিল।
’শুনা না বহুত ডাঙৰ কথা আছে।’
’কোৱা আকৌ।’
’মোলে ঘৰত ল’ৰা চাইছে।’
’অ ভাল হে, বিয়া হৈ যোৱা।’
’প্লীজ মানস ধেমালি নকৰিবা।’ তাই মাতটো থোকাথোকি কৰি ক’লে।
’মই একো ধেমালি কৰা নাই। ল’ৰা চাইছে বিয়া হৈ যোৱা।’মানসে এইবোৰ কি কৈছে তাই বুজি নাপায় আকৌ এবাৰ সুধিলে। সি এইবাৰ তাইক টানকৈয়ে শুনালে। মানসৰ কথাত নিজৰাৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ’ল। পৰহি লগ পাই অহা ল’ৰাটো ইমান সলনি হৈ গ’ল যে!তাই তাক চিঞৰি চিঞৰি ক’বৰ মন গ’ল তাইক যে এইবাৰ সি আজীৱন ভালপোৱাৰ প্ৰতিশ্ৰুতি দিছিল।তাইৰ গালে-মুখে চটিয়াই থোৱা যোৱা মৰমৰ ৰঙসোপা ইমান সি ইমান সোনকালে মোহাৰি পেলাব পাৰিলেনে!আৰু ঘৰলৈ অহাৰ আগদিনা সন্ধিয়া সময়ত তাৰ মৰমবোৰ সহ্য কৰিব নোৱাৰি তাই তাৰ বুকুৰ মাজত লেতুসেতু হৈ সোমাই পৰোতে কুৰ্তাৰ ফাকেৰে সোমাই যোৱা মানসৰ হাতখনক তাই বাধা নিদিয়া হ’লে...

’নিজু, কালি কিবা ভাবিলিনে’ মাকজনী কেতিয়া আহি নিজৰাৰ পিছফালে ৰৈ আছিল গমেই নাপালে। তাই লৰালৰিকৈ চকুপানীখিনি চূৰ্ণীৰ আগটোৰে মুচি মাকৰ ফালে ঘূৰিলে
’অ অঅ ভাবিলো মা’
’ব’ল তেন্তে ককায়েৰৰ লগত দুটামান কথা পাতো’ মাকে তাইৰ বাহুতে লাহেকে থপৰিয়াই ওলাই আহিল। তাইও মাকৰ পিছে পিছে বাট ল’লে।      
ককায়েকে ইতিমধ্যে খাবলৈ আৰম্ভ কৰিছেই, তাইও গৈ ককায়েকৰ কাষতে বহিলগে। ককায়েকে তাইক দেখি কথাটো নিজেই উলিয়ালে
’মায়ে তোক কৈছে চাগে কথাবোৰ এতিয়া তোৰ ওপৰত কথা।তোৰ মতামত জনাবি’
’মোৰ একো আপত্তি নাই, তঁহতে যি ভাল দেখ’ বুলি নিজৰাই পতাপত কথাকেইটা শেষ কৰি নিজৰ ৰুম পালেহি। তাই ককায়েকক কি সতে ক’ব যে দুদিনতে এটা ল’ৰাই যে তাইক মৰমৰ চলেৰে হিয়াখন ভাঙি-চিঙি থৈ গ’ল। এতিয়া নিজৰাই কেনেকৈ নেদেখা-নুশুনা ল’ৰা এটালৈ চিৰদিনৰ কাৰণে গুচি যাব। তাই কথাবোৰ ভাবি হুকহুকাই কান্দি উঠিল। ভুলটো তাইৰে! অচিনাকি ঠোৰা তাইয়ে লগাই লৈছিল

@@@@

’ল’ৰাই কি কৰে’ বিয়া খবৰ কৰিবলৈ অহা কোনোবাই মাকক সুধি আছে।
’ফাৰ্ণিচাৰৰ দোকান আছে। কেও কিছু নোহোৱা ল’ৰা। খুড়াকৰ ঘৰত ডাঙৰ হোৱা ল’ৰা। এতিয়া ঘৰ বনাই অকলে থাকে।’
’হঁওক দিয়া একো লেঠা-পিঠা নোহোৱা, ভাল হ’ব।ভালে এনেও ভালক পায়।’ কথাকেইষাৰ কৈ মানুহকেইগৰাকী যাবলৈ ওলাল।
ভিতৰৰপৰা শুনি থকা নিজৰাৰ আকৌ চকুপানী ওলাই আহিল। তাই এতিয়াও সহজ হ’বই পৰা নাই। সেইদিন ধৰি মানসৰ একো খবৰো নাই। মানুহ কেনেকৈ ইমান নিৰ্দয় হ’ব পাৰে।

@@@@

’দৰা আহিল, দৰা আহিল।’ কোনোবা সৰু ল’ৰা-ছোৱালীকেইটামানে চি়ঞৰি চিঞৰি বাহিৰলৈ দৌৰ মাৰিলে। খবৰটো পাইয়ে নিজৰাৰ বুকুখন ধান বনাদি বানিলে।কোন মূৰ্হূততনো তাইক ডাংকোলা কৰি হোমৰ গুৰিলৈ লৈ গ’ল গমেই নাপালে।নাচাওঁ বুলিয়েই ল’ৰাৰ মুখখন নোচোৱাকৈ বিয়াত বহা নিজৰাৰ সেইসময়ত কি হ’ল জানো যেতিয়া ককায়েকে তাইৰ হাতখন অমলৰ হাতত দি কন্যাদান কৰিলে। সেইসময়কণত তাইৰ অমলৰ মুখথখন চাবলৈ খুব মন গ’ল। ওৰণিৰ ফাকেৰে চাওঁ বুলিও চাব নোৱাৰা নিজৰাই অতীতৰ সকলো কথা পাহৰি সুখে-দুখে অমলৰ লগত একেলগে থকাৰ প্ৰতিশ্ৰুতি ল’লে মনতে।

@@@@

’নিজু, নিজু’ বুলি গিৰিয়েকে সৰু সৰুকৈ দুবাৰ মাতোতেই চিলমিলকৈ টোপনি যোৱা নিজৰা খপজপকৈ উঠি বিছনাৰ কাষতে থকা লাইটটো জলাই দিলে।তাই উঠোতেই অমলে বাহিৰলৈ যোবাৰ ইংগিত দিলে। তাইও বিছনাৰপৰা উঠি গৈ হুইল চেয়াৰখন আনি অমলক বহুৱাই লাহে লাহে বাথৰুমলৈ লৈ গ’ল।

সিঁহতৰ সংসাৰখন একেবাৰে সুখতে চলি গৈ আছিল।অমল যে ইমান ভাল হ’ব, তাইৰ প্ৰতিটো কথাই বুজি পাব নিজৰাই কেতিয়াও ভাবিবই পৰা নাছিল। বিয়াৰ পিছত সি তাইক জোৰ কৰি এম.এ কৰিবলৈ আইডলতে এডমিছন দিয়ালে। তাই ধুনীয়াকৈ পাছো কৰিলে। কৰবাত চাকৰি কৰা কথাও কৈছিল তাইহে বৰ এটা মন নকৰি গিৰিয়েকৰপৰা দোকানৰ কামবোৰকে এটা-দুটাকৈ শিকি লৈ যিমান পাৰে সহায় কৰিবলৈ ধৰিলে।মুঠতে এখন ক’তো ঘূণে নধৰা সংসাৰ।
চবৰে দিন সমানে নাযায়। এদিন গিৰিয়েকে গা ধুই থাকোতে বাথৰুমত পৰিল আৰু সেইটোৱে সিঁহতৰ সংসাৰলৈ কাল হৈ আহিল। বাথৰুমত পৰিয়ে মানুহজনৰ কুৱাড্ৰিপ্লেগীয়া পেৰেলাইচিচত পৰিল য’ত মানুহজনৰ হাতৰপৰা ভৰিলৈকে কাম নকৰা হ’ল। তেতিয়াৰপৰা অমলৰ হুইল চেয়াৰৰ অবিহনে চলা-ফুৰা বন্ধ।ঘৰৰ দোকানৰ সকলো কামেই এতিয়া নিজৰাই চম্ভালে।মাজে মাজে অমলৰ কাৰণে নিজৰাই ভোগা কষ্টবোৰ দেখিলে তাৰ নিজকে দোষী দোষী লাগে।এতিয়া তাৰ এনেকিৱা লাগে নিজৰাৰ শিৰৰ সেন্দুৰকণৰ কাৰণেহে সি জীয়াই আছে। সেই কথা নিজৰাক ক’লে তাই খঙতে তাক অলপ সময়ন কাৰণে নমতাকৈও থাকে।সি তাইৰ লগৰ আছে সেইটোৱেই বহুত, তাইৰ কাৰণে সেইটোৱে সাহস। সন্তানহীন নিজৰাৰ আজিকালি অমলেই কেচুৱাৰ নিচিনা, তাক লৈ দুখ নকৰে।নিজৰা অমলৰ লগত বহুত সুখী।ইমান ভাল ল’ৰা এটা চাই দিয়াৰ কাৰণে তাই ককায়েকক কি বুলি ধন্যবাদ দিব ভাবিয়েই নাপায়। বাকীখিনি তাই তাইৰ ভাগ্য বুলি ধৰি লৈছে । কিবা দুৰ্কপালত পৰি অমলে হাত-ভৰি চব হেৰুৱালে, কিন্তু তাই অমলক কেতিয়াও হেৰুৱাব নিবিচাৰে।ককায়েকে গতাই দিয়া হাতখনত ধৰি নিজৰা আগুৱাই যাব আৰু অমলকো আগুৱাই নিব। 

অমলক বাথৰুমৰপৰা আনি বিছনাত শুৱাই আঠুৱাখনৰ ভিতৰত মহ-চহ সোমাইছে নেকি এবাৰ পৰীক্ষা কৰি লাইটটো নুমুৱাই তাইৰ বাওঁহাতখনৰে অমলৰ সোঁহাতখন ধৰি টোপনি যাবলৈ চেষ্টা কৰিলে।সেইখনেই হাত তাইৰ আজীৱন লগৰী। সেই হাতখনে তাইৰ স্পৰ্শ অনুভৱ কৰক বা নকৰক তাইটো কৰে, তেনেকৈয়ে অমলৰ হাতত ধৰি নিজৰা আগুৱাই যাব লাগিব।যৌৱনৰ কিবা প্ৰৰোচনাত পৰি প্ৰথম প্ৰেমত ব্যৰ্থ হৈ অমলৰ মুখখন নোচোৱাকৈয়ে বিয়াত বহা নিজৰাই বুজিছে এতিয়া সঁচা প্ৰেম কি। এইবোৰেই প্ৰেম যাক নজনা নুশুনাকৈ নিস্বাৰ্থভাৱে ভাল পাই পেলোৱা হয় আজীৱন লগত থকাৰ প্ৰতিশ্ৰুতিৰে।