Tuesday 8 September 2020

মা তই অনন্যা!

 



"মা এইযোৰকে পিন্ধ নেকি?"
"নালাগে দে এইযোৰ মই একেবাৰে গাতেই দিয়া নাই। অহা ব'হাগৰ পহিলা বিহুটোতে পিন্ধিম বুলি সাঁচিছোঁ। আৰু এমাহমানহে আছে।'
"মা তোৰো যে কাম আৰু। কাপোৰহে, লাগিলে আকৌ এযোৰ আনি দিম। তয়ো যে ভাল সাঁচিব পাৰ দেই।" মীনায়ে বকি বকি ট্ৰাংকটোৰ পৰা কাপোৰযোৰ যেনেকৈ উলিয়াইছিল তেনেকৈয়ে ভৰাই; ট্ৰাংকটো কাটৌপকৈ মাৰি ওপৰত পৰা কাপোৰখনেৰে আগৰ নিচিনাকৈ ঢাকি থৈ মাকৰ পিছে পিছে ওলাই আহিল।
"হ'ব দে মই নহ'লে তইয়ে পিন্ধিবি এইসোপা কাপোৰ" বুলি কৈ মাকে খোজ ল'লে। আগে আগে এখুজি দুখুজিকৈ গৈ থকা মাকজনীক দেখি মীনাৰ কিবা এটা শোকে খুন্দা মাৰি ধৰিলে। ইমান আজলী মাকজনী তাইৰ। মুখ খুলি একো এটা খুজিব নাজানে। দেউতাকে যেনেকৈ কয় তেনেকৈয়ে বিয়াৰ দিন ধৰি চলি আহিছে। আজিলৈকে একো এটা দেউতাকৰ ওপৰত কৈ পোৱা নাই। কেতিয়াবা মীনাৰ এইবোৰ দেখি-শুনি অশান্তি লাগি যায়। মাকৰ পঢ়া-শুনাই নাই নে, বিচাৰ-বিবেচনা কৰিবলৈ শকতিকণেই নাই। দেউতাকে যদি কয় আজি বেলিটো পশ্চিমফালে উদয় হ'ল মাকেও মানি ল'ব যে হয় বেলি পশ্চিমফালে উদয় হ'ল। আগৰ দিনত যে ছোৱালীবোৰক বুজা হওঁতেই মূৰত সোমোৱাই দিয়ে শহুৰেৰ ঘৰখন আচল ঘৰ, পতি পৰমেশ্বৰ। সেইদৰে ভাটৌৰ দৰে ছোৱালীহঁতেও শিকি আহি সেইবোৰ আখৰে আখৰে পালন কৰি আহে। ইমানসোপা কাপোৰ বুলি যে মাকে কয়। তাইৰ জনা আছে কিমানসোপা কাপোৰ। বিয়াত দিয়া দুযোৰ তাকো ভতিজীয়েকহঁতে পিন্ধি পিন্ধি মেখেলাৰ পাতলি চিঙি থৈছে। আৰু দুযোৰমান কেতিয়াবাই আইতাক নে বৰমাকে দিয়া আছিল। তাৰপিছত নতুন কাপোৰ বুলি এইযোৰহে মীনাই দেখিছে। মাকৰ চকুত এই কেইযোৰেই এসোপা।
"অ তই দেখোন থৰ লাগিলি? নাহ কিয় দেউতাৰৰ খং উঠিব।" আগে আগে গৈ থকা মাকে পিছফালে উভতি চাই স্থবিৰ হৈ থিয়হি থকা জীয়েকক দেখি মাতটো লগাই খোপাটোৰ পৰা খহি অহা চাদৰখন আকৌ খোপাত লগাই ল'লে। ইমান জোৰ কৰা স্বত্বেও মাকে তাই বাচি দিয়া কাপোৰযোৰ নিপিন্ধিলে, এতিয়া আকৌ দেউতাকৰ খং উঠিব কথাটো শুনি মীনাৰ টিঙিচকৈ মাৰিলে। "হেৰৌ সদায়েনো কি দেউতাৰ ভয়ডাল খুৱাই থাক।" বুলি মনতে ভোৰভোৰাই মীনা আকৌ আগবাঢ়িল।
মীনায়ো জানে কাপোৰযোৰ মাকে ইমান মৰমত কিয় সাঁচিছে। এনেও মাকে ভাল পায় ৰঙা, হালধীয়া দুইটা ৰং। ইফালে ৰঙা, হালধীয়া কনট্ৰাষ্টৰ বোৱা কটন কাপোৰযোৰ কেইদিনমান আগতে দেউতাকে মাকক নুসোধাকৈয়ে সাপ্তাহিক বজাৰখনৰ পৰা আনি দিছিল। সেইদিনা যে মাকৰ মুখখন চাবলগীয়া হৈছিল। এনেই বগা চগা মানুহজনী। যতনত থাকিলে অসমীয়া চিৰিয়েল কৰা মহিলা যেনেই লাগিব দেখাত। মীনাৰ দেউতাকে কাপোৰযোৰ আনি "হু ইয়াতে কিবা এটা আছে" বুলি আগবঢ়াই দিয়াত খুলি চাই প্ৰিয় ৰঙৰ কাপোৰযোৰ দেখি লাজতেই নে কি মানুহজনী ৰঙা পৰি তুলতুলীয়া হৈ গৈছিল। তাতে আকৌ মীনাজনী জানো কম! মাকক জোকাই জোকাই আৰু ৰঙা কৰি পেলাইছিল। বিয়াৰ বয়স হোৱা মীনাই চব বুজি পায় মাকৰ মনৰ ভাৱ। দেউতাকে কিবা এটা দিলে বা কৰবালৈ উলিয়াই নিলে কিমান ফূৰ্তি পায়। কিন্তু এই অঘটন বিয়াৰ ২৬ বছৰত কেইবাৰ ঘটিছে আঙুলিৰ মূৰত লেখিব পাৰি। তথাপিও মাকৰ মনত দূখৰ বা অসন্তুষ্টিৰ বিন্দু লেখ মাত্ৰাও দেখিবলৈ পোৱা নাযায়। এটা কথা কিন্তু সঁচা, কিবা এটা পালে আকৌ সেই সন্তুষ্টিৰ ৰং মাকৰ মুখত ফুটি উঠা মীনাই বুজা হোৱাৰ পৰা দেখি আহিছে। কেৱল দেউতাকৰ চকুতহে ধৰা নপৰে সেইবোৰ। কোনোদিনাই মাকৰ প্ৰশংসা নকৰা দেউতাকলৈ চাই কেতিয়াবা মীনাৰ সন্দেহ হয় দেউতাকে বাৰু মাকৰ সেই ধুনীয়া মুখখন কেতিয়াবা চাই পাইছেনে! মাকক যদি কেতিয়াবা মীনাই এইবোৰ কথা কয় মাকে আকৌ ওলোটাই কয় মুখলৈ চাই প্ৰশংসা কৰিলেই অকল মৰম কৰা হয় নেকি। তেনেকৈ ক'লে মীনায়ো মাকক কৈ থৈ দিয়ে "জানো পাই তইনো এই খঙাল, হাঁহিব নজনা মানুহটোৰ মাজত কেনেকৈ মৰম বিচাৰি পাৱ।"। এইবাৰো কত বছৰৰ মূৰত কাপোৰযোৰ পাই যে মাক কিমান সুখী সেইয়া নক'লেও বুজে মীনাই।
মীনাৰ কেতিয়াবা ভাৱ হয় তাই বাৰু কেতিয়াবা মাকৰ দৰে হ'ব পাৰিবনে! যদি অণিৰ্বান বিয়াৰ পিছত দেউতাকৰ দৰে হৈ যায়। নাই তাই কেতিয়াও এনেকুৱা কাঠৰ দৰে মানুহ এজনৰ লগত সংসাৰ কৰিব নোৱাৰে দেই। ক'তো কেতিয়াও মাকক উলিয়াই নিনিয়া, মাকৰো যে কেতিয়াবা বেমাৰ হ'ব পাৰে খিয়াল নৰখা দেউতাকৰ নিচিনা এজনলৈ বিয়া হোৱাতকৈ কুমাৰী হৈ থকাই ভাল। কিন্তু মাক যে সুখী। সঁচাইনে! মিছা যেনোটো নালাগে। এনেকৈয়েটো ইমান বছৰে হাই-কাজিয়া নলগাকৈ সংসাৰখন চলি আছে। মাক-দেউতাকৰ মাজত নেদেখা-নুশুনাকৈ থকা মৰমবোৰ মীনাৰ দৰে আজিৰ ছোৱালীয়ে বুজি নাপায়।
"উলিয়ালিনে লৈ আহ সোনকালে।" কোনোবা এজনে মীনা থকা ৰূমটোলৈ ভুমুকি মাৰি চিঞৰ এটা মাৰি থৈ গ'ল। সেই চিঞৰে মীনাৰ ভাবনাত যটি পেলালে। লৰালৰিকৈ তাই ৰঙা, হালধীয়া কনট্ৰাষ্টৰ কাপোৰযোৰ আৰু সেন্দূৰৰ টেমিটো নি গাঁৱৰে মহিলা এগৰাকীক দিলে। হস্পিটেলৰ পৰা ঘৰলৈ ঘূৰিবৰ সময়তে ঘৰৰ কাষৰ মাকণ খুড়ীক ফোন কৰি মীনাই কাপোৰযোৰৰ কথা কৈ থৈছিল। সেইমতে তেখেতেও ট্ৰাংকৰপৰা কাপোৰযোৰ উলিয়াই মীনাই কোৱাৰ জেগাতে থৈ দিছিল।
সেইদিনা যদি মীনাই কোৱামতে মাকে কাপোৰযোৰ পিন্ধিলেহেঁতেন! কন্দনামুৱাজনী হৈ মীনা ওলাই আহি চোতাল পালেহি। কান্দি কান্দি চকু উখহাই থোৱা মীনাই মাকৰ কপালৰ দগমগীয়া ৰঙা ফোট, দীঘলকৈ লগাই দিয়া শিৰৰ সেন্দূৰকণলৈ চাই দেউতাকলৈ চালে। গোটেই জীৱন দেউতাকৰ শুশ্ৰূষাত কটোৱা মানুহজনীৰ অভাৱ অনুভৱ কৰিবনে দেউতাকে! দেউতাকৰ হাতত সেই কাপোৰযোৰ। চিতা উঠাবলৈ যো-জা চলাওঁতেই দেউতাকে এপাকত কাপোৰযোৰ মাকৰ গাত দি দিলে। এনেই বগা মানুহজনী তাতে ৰঙা ডাঙৰ উজ্জ্বল ফোঁট আৰু কাপোৰযোৰেৰে মাকক সাইলাখ গোঁসানী যেন লাগিছে। পহিলা ব'হাগত গাত দিবলৈ থোৱা কাপোৰযোৰ আজি পহিলা ব'হাগতে মাকৰ গাত পৰিল। তাকো দেউতাকৰ হাতেৰে। খালী বেচেৰী মাকেহে সেইকণ সুখ জীয়াই থাকি ল'বলৈ নাপালে। এতিয়াই যেন মাক উঠি আহি খহি যোৱা ওৰণিখন টানি আনি ক'ব "যাচোন দেউতাৰকক হাত-ভৰি ধুবলৈ কগৈ। ভাতৰ পাটত বহিবৰ হ'ল।"।
নিৰৱে থকা মাকজনী নিৰৱেই গুচি গ'ল। সেইদিনা মীনাইহে জোৰ কৰি লৈ গৈছিল হস্পিটেললৈ। এবছৰমানৰ পৰা পেটৰ বিষ, খালেই বমি বমি লগা ভাৱটো লৈ মাকে কেনেকৈ চলি আছিল জানো! দেউতাককো ক'বলৈ নিদিয়ে জানোছা দেউতাকৰ কষ্ট হ'ব। দেউতাকেওটো মাকৰ কি হৈছে কি নহৈছে খবৰ লোৱাটো জৰুৰী। কেতিয়াবা মীনাৰ দেউতাকৰ ওপৰত ক্ষোভবোৰ উজাৰিবলৈ মন গৈছিল, কিন্তু মাকৰ কাৰণে মনে মনে আছিল। সেই পেটৰ বিষটো লৈয়েই মাক গ'লগৈ। মাত্ৰ চেক-আপত যোৱা মাকে কেঞ্চাৰ ৰোগৰ অন্তিম পৰ্যায়ত এমাহ হস্পিটেলত থাকি উভতি আহিল উশাহবিহীন শৰীৰটো লৈ। বেমাৰ দেখুওৱাৰ নামত মাকে কাহানীও নেদেখা মহানগৰীখন যেনিবা মৃত্যুৰ আগত চাই ল'লে। আচলতে গুৱাহাটীলৈ ইমান দূৰ কাৰনো যোৱা হয়। মীনাৰে হয়নে মণ্ডল দেউতাকৰে হয়! কলেজ পাছ কৰি ওচৰৰে ল'ৰা-ছোৱালী দুটামানক ঘৰতে পঢ়াই থকা মীনায়ো এইবাৰহে বহুতদিন থকাকৈ গুৱাহাটীলৈ গৈছে। আগতে এবাৰ নে দুবাৰ গুৱাহাটীত থকা পেহীয়েকৰ লগত তেওঁৰ ঘৰলৈ এৰাতি দুৰাতি থকাকৈ আহিছিল।
চাওঁতে চাওঁতে এই এঘাৰটা দিন কেনেকৈ পাৰ হ'ল মীনা আৰু দেউতাকে গমেই নাপালে। লোকবিশ্বাসমতে শ্ৰাদ্ধ হৈ নোযোৱালৈকে আত্মাটো বোলে ওচৰে-পাজৰে ঘূৰি ফুৰে। মীনাই কেতিয়াবা ৰাতি বাহিৰলৈ যোৱাৰ চলেৰে উঠি গৈ চাই দেখেই কিজানি মাকক ৰঙা হালধীয়া কাপোৰযোৰৰ সৈতে। নাই কেতিয়াও নেদেখে। মাক যি গ'ল গ'লেই। ব্যস্ততাৰ মাজতো মীনাই দেউতাকক চকু দিবলৈ পাহৰা নাছিল। কলপ লগাই কেতিয়াও বগা পৰিবলৈ নিদিয়া চুলিখিনি বগা পৰি এইকেইদিনতে দেউতাকজন পাঁচবছৰমান বেছি বুঢ়া হৈ গ'ল। ঘনে ঘনে মাক-দেউতাকৰ শুৱনি কোঠাটোলৈ আহি আকৌ কিবা এটা মনত পৰাৰ দৰে উভতি যায়। নাই সেই মাকে যৌতুকত অনা ডাঙৰ পালেংখন কোঠাটোত নাই। এঘাৰদিনৰ দিনা ৰাতি কিবা নাম পাঠ কৰিবলৈ সেইখন ভাঙি কোঠাটো খালী কৰি দিয়া হ'ল। কিবা এটা দিবলৈও যেন কাৰোবাক মাতিবলৈ গৈ অলপ সময়ৰ কাৰণে ৰৈ যায়। এইকেইদিনত আলেঙে আলেঙে দেউতাকক লক্ষ্য কৰি থকা মীনাই ভালকৈ বুজি পাইছে মুখৰে প্ৰকাশ নকৰিলেও যে দেউতাক মাকৰ ওপৰত কিমান নিৰ্ভৰশীল আছিল। প্ৰত্যকটো সৰু সৰু কথাতেই দেউতাকৰ মাকক প্ৰয়োজন হয়।
এই কেইদিন মানুহে-দুনুহে পৰিপূৰ্ণ ঘৰখন মৎস্যস্পৰ্শৰ দিনাই একেবাৰে খালী হৈ গ'ল।
এতিয়াৰ পৰাহে সিহঁতৰ ঘৰখন উৰুঙা লাগিব। মাত-বোল নোহোৱাকৈ মাকে গোটেই কামবোৰ সামৰি-সুতৰি কৰিছিল যদিও ঘৰখন কিবা এটা ৰঙৰঙীয়া হৈ থাকিছিল। কেনেকৈনো একো ওজৰ-আপত্তি নোহোৱাকৈ সিহঁতৰ ফৰমাইচবোৰ পূৰা কৰিছিল মাকেহে জানে। সঁচাকৈয়ে মা সদায় মায়েই, একেবাৰে অনন্যা। মীনাইয়ো কৰবাৰ পৰা আহি মাকক নেদেখিলে মনটো বেয়া কৰিছিল। দেউতাকেও বজাৰৰপৰা আহি মাকৰ হাতত বজাৰৰ মোনাখন তুলি দিবলৈ নাপালে কিবা এটা ভাল নাপাইছিল। ফুটাই নক'লেও মীনাই বুজি পাইছিল সেইটো কথা। এদিন মাক কিবা কামত ব্যস্ত থকাত তাই ওলাই যাওঁতে দেউতাকে মাৰক মাত বুলি কোৱাৰ পৰা মীনা বজাৰৰ মোনাখন ধৰিবলৈ ওলাই নোযোৱা হ'ল।
"দেউতা আহ, ভাত খাহি।" সাধাৰণতে সদায় দুপৰীয়া এটা বজাত ভাত খোৱা দেউতাকে আজি ৰৈ ৰৈ আঢ়ৈটা বজাত কেনেবাকৈ ভাতৰ পাটত বহিবলৈ পালে। মীনাৰ মাতত গা পা ধুই আগফালৰ বাৰান্দাতে পায়চাৰি কৰি থকা দেউতাকে অলপ খোল খাই থকা গেটখন মাৰি থৈ আহি খোৱা ঘৰলৈ গ'ল। মীনাৰ শুই উঠোঁতেই দেৰি হ'ল। গা-পা ধুই ভাতত লাগিবলৈ যাওঁতে দেউতাকৰ খোৱাৰ সময়েই হৈছিল প্ৰায়। মাকৰ বয়সত বিয়া হোৱা হ'লে এতিয়া তাই চাৰি/পাঁচবছৰীয়া সন্তানৰ মাক হ'লহেঁতেন। কিন্তু মাকে একমাত্ৰ জীয়েকক পাকঘৰলৈকে যাবলৈ নিদিয়ে। কথাতে কয় তেওঁৰ নিচিনাকৈ তাই যাতে পাকঘৰটোকে উকটি থাকিবলগীয়া নহয়। আজি ভাত ৰান্ধিবলৈ সোমাই কি কৰিম কি নকৰিমকৈ ওচৰৰে মাকণ খুড়ীয়েকক মীনাই মাতি আনিলে। খুড়ীয়েকেও নিজৰ ঘৰখনত কৰি মেলি যি পাৰে ৰন্ধা-বঢ়াবোৰ দেখুৱাই মীনাক অলপ সহায় কৰি থৈ গ'ল।
ডাইনিঙৰ চকীখন চোঁচৰাই উলিয়াই আনি ভাতৰ পাটত বহা গহীন দেউতাকৰ মুখখন যেন আৰু অলপ গহীন হৈ গ'ল। হাতখন ধুবলৈ জাৰটো বিচৰাত মীনাই উত্তৰ দিলে "বেচিনটো আছেই দেখোন।"। তেতিয়াহে দেউতাকৰ মনত খেলালে হয়তো বেচিনতে দেখোন হাতখন ধুব পাৰি। ইমান বছৰে ঘৈণীয়েকে ওচৰতে জাৰে, চৰিয়াই যতনাই দিয়াত পাহৰিয়েই গৈছিল বেচিনতো যে হাত ধুব পাৰি। আকৌ উঠি গৈ বেচিনত হাতখন ধুই চকীত বহি দেউতাকে মীনাক প্লেট এখন বিচাৰিলে। ভাত বেছি হ'ল নেকি বুলি মনতে ভাবি মীনাইও প্লেট এখন আনি দেউতাকৰ কাঁহীখনৰ কাষতে থ'লে। দেউতাকে নিজৰ কাঁহীখনত থকা ভাতকেইটাৰ কাষৰ পৰা ভাজি দুখন আৰু আচাৰকণ উঠাই আনি প্লেটত থৈ কাষৰ বাটিটোৰ পৰা দালি অকণ লৈ লৈ খোৱা আৰম্ভ কৰিলে। তেতিয়াহে মীনাৰ মূৰত খেলালে সদায় যে দেউতাকে ভাজি, চাটনি, নেমু, পাপৰ যিয়েই নহওক ভাতৰ লগত একেখন কাঁহীতে নাখায়। আৰু যে মীনাই কি কি জানিবলৈ বাকী আছে। মাক নোহোৱা ঘৰখন তাই কেনেকৈ চম্ভালি ল'ব ভাবিয়েই কিবা লাগি গ'ল। দেউতাকে শেষৰ ভাতকেইটা সানিবলৈ ধৰোঁতেই মীনাই কিবা এটা আন্দাজ কৰি কুকাৰৰ পৰা আৰু কেইটামান ভাত দেউতাকক আনি দিবলৈ পাকঘৰলৈ যাবলৈ ধৰোঁতেই, দেউতাকে মাত দিলে "সেইদিনা মাৰৰ মুখখন মন কৰিছিলিনে, সেই কাপোৰযোৰৰ সৈতে সাইলাখ গোঁসানীজনী যেন লাগিছিল।"।

No comments: