Tuesday 24 September 2019

ভোলা দা গ্ৰেট ১


'এইটো ভোলা নহয় নে?'

কি অ', গোটেইটো জিলিকি আছ যে? বোলো ভোলা হয় নে?

কি ঐ, মিউট হৈ আছ যে কেচটো কি?

ধেই এইডাল। মুখখনে এনেই দেখোন চেপচেপাই থাক আজি আকৌ কি হ'ল? এই জিলিকা জিলিক কাপোৰযোৰ ক'ত পালি ঐ?

কি হ'ল তোৰ? এই অবতৰত ৰাসৰ কৃষ্ণটো হৈ আহিছ, মুখৰ মাত এটা নাই। এনেকৈ তই কি পৰিচয় দিব বিচাৰিছ? ভোলা নহয় জানো তই?

ইমান কুৰুকিও এইটোৰ পৰা এটা শব্দ উলিয়াব পৰা নাই। ৰাসত পিন্ধা ড্ৰেছ এটা কৰি আহতজোপাৰ তলতে কেৰ মাৰি বহি আছে। কিন্তু মাত এটা দিয়া নাই। চকুকেইটা মেলি পিৰিক পাৰাক কৰি আছে যেতিয়া জীয়াই আছে বুলি গম পোৱা যায়। ইমান চিঞৰাৰ পিছতো একো কেটকুট নাপায় ওচৰলৈ গৈ কাণখনৰ ওচৰতে 'ঐ গোটেইটো চিকমিকাই আছ যে, এইয়া কিহৰ পৰিচয়? বোলো ভোলা হয় নে নহয় এইটো?'

কথাটো সুধিবলৈ পালোঁ হে। বাপু একেবাৰে জকজকাই উঠিল 'কি বাৰে বাৰে সুধি আছ ভোলা হয় নে নহয়। অ মইয়ে ভোলা। নাজান নেকি আপোনাৰ কাপোৰৰ চিকমিকনিয়েই হ'ল আপোনাৰ পৰিচয়। সেইজনীক চিকমিকোৱা কাপোৰত ১০০ শতাংশ বেংকাৰ যেন যদি লাগে। এইযোৰ চিকমিকিয়া কাপোৰত তই মই কোন চিনি পোৱা নাই নে? আজিৰ পৰা মানুহক বেলেগকৈ মোৰ পৰিচয় দিবলৈ নাই, এইযোৰ চিকমিকোৱা কাপোৰতে গম পাব লাগিব সকলোৱে মই ভোলা হয় নে নহয়? এতিয়া আঁতৰ হ মোক ডিষ্টাৰ্ব কৰি নাথাকিবি।'

Saturday 31 August 2019

অপ্ৰকাশিত কথাবোৰ!

নৱাৰুণক লগ পাই আহি মৌমিৰ মনটো কিবা এটা ভাল লাগি গ'ল। কিমান বছৰৰ মূৰত যে তাক লগ পালে। লগত তাৰ পত্নী বৰষা। বৰষাজনীক অলপ সময় লগ পাইয়ে মৌমিৰ কিবা এটা মৰম লাগি গ'ল। লাজ লাজকৈ মৰা মৰম লগা হাঁহিটোৰ ছোৱালীজনী। অলপ পিছতে ইমান যে ফ্ৰী হৈ পৰিব তাই ভবাই নাছিল। এক কথাত ক'বলৈ গ'লে সেই তিনি চাৰি ঘন্টাত তাই অনুভৱ কৰিলে নৱাৰুণে বিচৰা ধৰণৰ ছোৱালী এজনীয়েই পালে জীৱন লগৰী হিচাপে। আগতে ফেচবুকত বৰষাৰ লগত দুই এটা কথা পাতিছিল যদিও মৌমি ইমান ফ্ৰী হ'ব পৰা নাছিল। কিন্তু আজি দেখোন তৎক্ষণাত খুউব আপোন যেন লাগিল ছোৱালীজনীক।

বৰষাই আচলতে কেইদিনমান আগতে নিজেই মৌমিলৈ ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল। প্ৰফাইল ফটোখনত নৱাৰুণ আৰু তাইৰ বিয়াৰ ফটোখন দেখি একো নভবাকৈয়ে এক্চেপ্ত কৰিছিল ৰিকুৱেষ্ট। ফেচবুকতে দুই এটা কথা পাতি দুয়োৱে লগ কৰাৰ সিদ্ধান্ত কৰি নৱাৰুণক চাৰপ্ৰাইজ দিবলৈ প্লেন কৰি আজি লগ হৈছিল গুৱাহাটীৰে ৰেষ্টুৰেন্ট এখনত। সন্ধিয়াটো বৰ ধুনীয়াকৈ পাৰ হ'ল দেই আজি।

বৰষাই হাঁহি হাঁহি কোৱা কথাবোৰত মৌমি আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিলে। নৱাৰুণৰ লগত ইমান বছৰৰ ভাল বন্ধুত্বৰ পিছতো যিবোৰ কথা তাই ঘুণাক্ষৰেও গম নাপালে। আজি কেৱল সেই দুদিনীয়া চিনাকি ছোৱালীজনীৰ মুখত সেইবোৰ শুনি তাই সঁচাকৈয়ে অবাক হোৱাৰ পাল। হয়তু সেই সময়ত কথাবোৰ তাই হাঁহি ওৰুৱাই দিছিল। কিন্তু এতিয়া ঘৰলৈ আহি বিছনাখনত পৰিহে চিন্তা কৰিছে। যি নহওক বৰষা আৰু নৱাৰুণ দুয়ো কিন্তু বিৰাট মিলিছে। আজি কিয় জানোঁ মৌমিৰ বিছনাৰ পৰা উঠিবলৈ মন যোৱা নাই।কিবা অলস ভাৱ এটাই টানি নিছে বাৰে বাৰে। একেবোৰ কথাকে মনলৈ আহিছে, যদি বৰষাৰ কথাবোৰ সঁছা হয়!

ডিগ্ৰী কমপ্লিট কৰি সকলোৰে যিটো অৱস্থা হয় মানে বি এ কৰা বিষয়টোতে মাষ্টাৰ ডিগ্ৰী কৰিম নে এম বি এ কৰিম নে আন কিবা। পাৰ্চেন্টেজ যদি ভাল হয় এম এটো কৰি দিম নহ'লে বেলেগ কিবা চিন্তা কৰিব লাগিব। মৌমিৰো সেই অৱস্থাই হৈছিল যদিও, দেউতাকৰ পৰামৰ্শমতে ৰিজাল্ট দিয়ালৈকে বেংকিঙৰ কোচিং এটা কৰি পৰীক্ষাবোৰ দিয়াই ভাল। কৰবাত কিবা এটা লাগি গ'লেও একো কথা নাই। কথামতেই ইকনমিক্সৰ ছাত্ৰী মৌমিয়ে গুৱাহাটীৰেই নাম থকা ইনষ্টিটিউট এটাত এডমিছন ল'লে তিনিমহীয়া বেংকিঙৰ কোৰ্চ এটাত। এডমিছন লৈ এটাই শংকা আছিল যদি ক'তো চাকৰি নাপায়, তেতিয়া দেখোন কোৰ্চৰ সময়, পইচা চব অথলে যাব। পিছমূৰ্হুততে আকৌ মনটোক বুজাই 'প্ৰথমতেই নাপাওঁ বুলি ভাবিলে কেনেকৈ হ'ব।' আস সা কি সুন্দৰ আছিল সেই দিনবোৰ। কেৰিয়াৰক লৈ অলপ চিন্তিত হয় যদিও চাৰিওফালে আৱৰি থকা মৰা-চেনেহবোৰে সাহস দিছিল আগবাঢ়িবলৈ। এতিয়াৰ দৰে লনলিনেছে তেতিয়া কেতিয়াও আক্ৰমণ কৰিব নোৱাৰিছিল। নৱাৰুণকতো তেতিয়াই লগ পোৱা আছিল। তাৰপিছৰ পৰাই সিহঁতৰ বন্ধুত্ব।

মৌমিয়ে আঙুলিৰ মূৰতে গণ্টি কৰিলে আজি আঠবছৰ, আঠবছৰৰ মূৰত তাই নৱাৰুণক লগ পালে। আৰু হয়তো কথা নপতা মানে একেবাৰেই আউট অৱ টাচ্চ হৈ যোৱা আজি চাৰি বছৰেই হ'ল। অলপ আগতে বৰষাৰ মুখে শুনি অহা কথাবোৰ তাইৰ মূৰটোত পাকঘূৰণি খাই থাকিল।

'নাই এনেকৈ পৰি থাকিলে নহ'ব। ফ্ৰেছ হৈ আহি শুব লাগে। আজিতো খোৱা-বোৱাৰ কোনো ঝামেলাই নাই।' শুই থকাৰ পৰা মৌমি উঠি চুলিকোচা পাক মাৰি খোপা এটা বান্ধি বিছনাতে পৰি থকা টাৱেলখন লৈ বাথৰূম পালেগৈ। লাহেকৈ তাই চাৱাৰটো খুলি দি বাথৰূমৰ মজিয়াখনতে বহি পৰিল। বাৰে বাৰে বৰষাৰ কথাটোৱে তাইৰ কাণত বাজি থাকিল 'বিয়াৰ পিছতহে গম পালোঁ আপুনি যে নৱাৰুণৰ ওৱান চাইটেড লাভ আছিল।' ওৱান চাইটেড্ লাভ! তাইৰ একো নাছিল নেকি তাৰ প্ৰতি!

কিমান সময় তাই তেনেকৈ শ্বাৱাৰৰ তলত বহি আছিল গমেই নাপালে। গাটো অলপ ঠাণ্ডা ঠাণ্ডা লগাতহে মৌমিৰ খিয়াল হ'ল। লাহেকৈ শ্বাৱাৰটো অফ কৰি আহি বাথ ৰব ৰেপখন গাত মেৰিয়াই আইনাৰ ওচৰলৈ আহিল। তাই বহুতদিনৰ মূৰত আজি যেন নিজকে ভালকৈ চাইছে। নৱাৰুণে কোৱাৰ দৰে তাইৰ আগৰ নিচিনা সেই হাঁহি থকা মুখখন নাই। বিশেষকৈ তাইৰ সেই মৰম লগা হাঁহিটো যিটোৰ কথা আগতে বাৰে বাৰে নৱাৰুণে কৈছিল। সেইটোৰ বাদে বাকী তাই বোলে একেই আছে।

আচলতে আজিকালি মৌমিৰ নিজক সময় দিবলৈ একেবাৰেই সময় নাই। কেতিয়াৰ পৰা এনে হ'ল তাই! যেতিয়াৰ পৰাই তাই 'স্নেহ' নামৰ নাম থকা এন জি অ'টোত সোমাল। আজি বোলে কৰবাত পতিৰ দ্বাৰা পত্নী প্ৰহাৰ, কাইলৈ বোলে পুত্ৰই পাহৰিলে জন্মদাত্ৰী মাতৃক। সেইবোৰ সামাজিক কামত লাগি থাকোঁতে তাই নিজলৈ একেবাৰে পাহৰি পেলাইছে। আজিহে সন্ধিয়াটো তাই এনেদৰে কটালে। কেতিয়াবা মৌমিৰ মাকৰ তাইৰ ওপৰত খঙো উঠে। কিমান আৰু গাভৰু জীৱনটো এনেদৰে কটাই দিব নে? কিন্তু মাকৰ কথালৈ তাই ভ্ৰূক্ষেপ নাই।

আইনাৰ ওচৰত ড্ৰায়াৰডাল দি চুলিখিনি শুকুৱাই পাতল নাইটি এটা পিন্ধি তাই বিছনাত পৰিল। কাইলৈ ক'ত কি প্ৰগ্ৰেম আছে মোবাইলটোত এবাৰ চাই তাই আধা পঢ়ি থোৱা মণিকুন্তলা ভট্টাচাৰ্যৰ 'জলকন্যা' কিতাপখন উলিয়াই ল'লে। অলপ সময় তাই কিতাপখনত চকু ফুৰালে যদিও মন দিব নোৱাৰি আকৌ জপাই থৈ দিলে। টোপনিটো আহক বুলিয়েই তাই লাইটটো অফ কৰি চকুকেইটা জপাই দিলে। চকুকেইটা জপাওঁতেই তাইৰ চকুলৈ বৰষাৰ মৰম লগা মুখখন আৰু নৱাৰুণৰ হাঁহো নাহাঁহো কৰি থকা মুখখনে চকুৰ আগত নাচি থাকিল। নৱাৰুণক লগ পাই এনে লাগিল তাৰ যেন তাইক সুধিবলৈ বহুত কথাই আছে যিখিনি অলপ সময়ৰ কাৰণে হ'লেও তাৰ চকুকেইটাত ধৰা পৰিছিল।

কিমান দেৰিলৈকে সিহঁতে কথা পাতিছিল বাৰু!ৰাতি এটা, দুটাবজালৈ। কিন্তু প্ৰেম সম্পৰ্কীয় একো কথাইতো।ওলোৱা নাছিল সিহঁতৰ মাজত। বৰঞ্চ সিহঁতে প্ৰেমৰ প্ৰকাৰ অনুযায়ী লগৰবোৰ কোন কেনেকুৱা কেটেগৰীত পৰে। আকৌ মাজে মাজে নৱাৰুণে তাইক বেংকৰ কোচিঙৰ চাৰজনৰ কথা কৈ কৈ তাইক জোকাই। চাৰজনৰ কথা মনত পৰোঁতে মৌমিৰ মুখেৰে এটা ধুনীয়া হাঁহি বিয়পি পৰিল। সঁচাই যে চাৰজন তাইৰ ক্ৰাশ্ব আছিল। চাৰৰো কিবা আছিল নেকি বাৰু তাইৰ প্ৰতি, নহ'লেনো প্ৰব্লেম এটা চল্ভ কৰিবলৈ দি তাইৰ ওচৰত ৰৈ থাকে নে! সেই কথাটো লৈ নৱাৰুণে তাইক কম জোকালে নে।

নৱাৰুণৰ লগত খুউব কম সময়ত তাই বন্ধুত্বৰ জৰীডাল গঢ়ি তুলিছিল দেই। তিনিমহীয়া কোৰ্চ শেষ হোৱাৰ পিছতো কেতিয়াবা দুয়ো মম' ঘৰত মম' খাই ভেলী ভিউত প্ৰব্লেমবোৰ চল্ভ কৰিছিলগৈ। এটা কথা ক'বই লাগিব মৌমিতকৈ নৱাৰুণ সঁচাই টেলেন্টেড আছিল। ছেকেণ্ডতে চলিউচনবোৰ উলিয়াইছিল। সেইকাৰণে এতিয়া সি ষ্টেট বেংকৰ মেনেজাৰ আৰু তাই ....। আচলতে মৌমিয়েও চেষ্টা কৰা হ'লে কৰবাত পালেহেঁতেন কিন্তু ইমান প্ৰেকটিছ কৰাৰ ধৈৰ্য তাইৰ নাছিল। বেংকত চাকৰি পাই হোম ব্ৰাঞ্চত পোষ্টিং পাই গুচি যোৱা নৱাৰুণৰ লগত তেতিয়াও তাই কনটেকত আছিল। বৰঞ্চ তেতিয়া সিহঁতৰ কথা পতা বেছিহে হৈছিল। দিনটোৰ অন্তত নতুনকৈ জইন কৰা নৱাৰুণৰ বেংকৰ কাহিনীবোৰ আৰু তাইৰো এন জি অ'ৰ কথাবোৰ। দিনে এটাকৈ ক্ৰাশ্ব হোৱা মোমিৰ ক্ৰাশ্ববোৰৰ কথা শুনি নৱাৰুণে মাজে মাজে অভিমান নকৰা নহয়। কিন্তু কিয় জানোঁ সেই অভিমানবোৰক তাইৰ বেলেগকৈ ভাবিবলৈ মন যোৱা নাছিল। যদিও তাইৰ নৱাৰুণৰ লগত বন্ধুত্বৰ সম্পৰ্ক আছিল, সেই সম্পৰ্কক কাহিনীও বেলেগ ৰূপ দিয়াৰ কথা তাইৰ মনলৈ অহা নাছিল। নৱাৰুণেও কেতিয়াবা ধেমালিকৈ কিবা কৈছিল যদিও মৌমিয়ে সেইবোৰ ধেমালি ৰূপেই লৈছিল। আজিহে বৰষাৰ কথাবোৰে মৌমিক ভবাই তুলিছে যে সেইবোৰ ধেমালি হ'লেও ধেমালিৰ চলৰে নৱাৰুণে তাইক সঁচা কথাই কৈছিল। তাইহে....।

নৱাৰুণে হঠাতে তাইৰ বিয়াৰ খবৰটো পাইয়ে লাহে লাহে তাইৰ লগত কথা বতৰা কমাই আনিছিল যে সেইটো তাই ধৰিব পাৰিছিল। তাই আকৌ তাক জোকাইছিলহে বোলে মোৰ বিয়াৰ খবৰ পাই কোনোবা জলিছে। নিজৰখনো পাতি পেলোৱা আকৌ।' সি তেতিয়া স্মাইলি এটা দিয়াৰ বাদে একোৱেই দিয়া নাছিল। আচলতে মৌমিয়ে ভাবিছিল বিয়াৰ খবৰটো তাক আগতে নিদিয়াৰ কাৰণে চাগে সি তাইক অলপ বেয়া পাইছে। মৌমিয়ে ঘৰৰ পৰা ঠিক কৰা ল'ৰাটোৰ কথা ক'বলৈ গৈয়ো তাই বাৰে বাৰে ৰৈ গৈছিল, তাক চাৰপ্ৰাইজ দিব বুলি।

কিন্তু বিয়াৰ ব্যস্ততাৰ খাতিৰত তাইৰ নৱাৰুণৰ অভিমানবোৰ বেলেগকৈ ভাবিবলৈ সময়েই পোৱা নাছিল। কথাবোৰ ভাবি ইকাটি সিকাটি কৰি থাকোঁতেই WhatsApp ত মেছেজ অহাৰ শব্দত তাই চক খাই উঠিল। লাহেকৈ মোবাইলটো উলিয়াই দেখিলে আননউন নাম্বাৰ এটাৰ মেছেজ ' We had had a great time with you.... But you didn't say anything about your husband.. Anyway meet you soon. Gd9t.' মেছেজটো পঢ়ি মৌমিৰ বুজিবলৈ নাথাকিল এইটো যে নৱাৰুণৰেই মেছেজ। হয়ো সিহঁতে মানে বৰষা আৰু মৌমিয়ে ইমান কথা পাতিলে যে বাকী কথা পাতিবলৈ থাকিয়েই গ'ল। নৱাৰুণে যেতিয়া বৰষাক ইমানবোৰ কথা ক'ব পাৰিছে নিশ্চয় সিহঁত দুয়ো ভাল বন্ধুৰ লগতে পতি পত্নী হ'ব পাৰিছে। কিন্তু মোমিয়ে নিজৰ কথাবোৰ কেনেকৈ কয় যে তাইৰ হাজবেণ্ড মানে হ'বলগীয়া স্বামীজন যে বিয়াৰ দুদিনৰ আগতে তাইক এৰি থৈ গুচি গ'ল চিৰদিনৰ কাৰণে। তাইকে জোৰোণত দিবলগীয়া গহনাবোৰ আনিবলৈ গৈ থকা পথতে যে বলেৰ' আৰু তেওঁৰ আই টুৱেন্টি গাড়ীখনৰ মুখামুখি খুন্দাত মৌমিৰ মানস.....। তাই আৰু কথাবোৰ ভাবিব নোৱাৰিলে। আজি চাৰিবছৰে তাই যে এক গধুৰ পাথৰ বুকুত কঢ়িয়াই ফুৰিছে সেইয়া তাইৰ মাক আৰু মানসৰ ঘৰৰ বাদে কোনে বুজি পাব। তাই আৰু এইবোৰ কথা উলিয়াই সিহঁতৰ ৰাতিটো নষ্ট কৰিবলৈ নিবিচাৰি লাহেকৈ টাইপ কৰিলে 'It's a long story. Will talk about it later. বাকী তোমালোক খুউব ধুনীয়া মিলিছা। সুখে থাকা সদায়। বৰষা খুউব ভাল ছোৱালী। লগ পাম কেতিয়াবা। গুড নাইট।' মেছেজটো চেণ্ড কৰি মোমিয়ে লাহেকৈ মোবাইলৰ চুইছটো অফ কৰি মানসৰ ফটোখনত চুমা এটা আঁকি শুবলৈ যত্ন কৰিলে।

Thursday 29 August 2019

প্ৰজেক্ট!

তাইঃ মোৰ ব'ৰ লাগিছে।

সিঃ কিয়?

তাইঃ কিমান দিন আৰু এনেকৈ বহি থাকিম।

সিঃ ধৈৰ্য ধৰা, আৰু কেইটামান দিন।

তাইঃ তুমি হ'লে গম পাবা। একো কাম-বন নকৰি এনেকৈ বহি থাকিব লগা হ'লে (অলপ খং মিহলি সুৰেৰে।)

সিঃ তুমিয়েই কোৱা দেখোন কেতিয়াবা, তুমি যদি কোনোবা মহাৰাণী হ'লা হয়। এতিয়া আকৌ ৰাণীৰ নিচিনাকৈ ৰাখোঁতে খং কৰিছা‌। আৰু কি কৈছিলা মই যদি হ'লোহেঁতেন।

তাইঃ অঅঁ তুমি যদি হ'লা হয়। (ফুলা মুখখন সিফালে ঘূৰাই।)

সিঃ মোৰ যে এইটো শক্তি নাই বাবা। এইয়া কেৱল তোমাৰ কাৰণেহে সম্ভৱ

তাইঃ হ'লেও এনেকৈ পাৰি নেকি কোৱা। একো কাম-বন নাই।

তাইৰ কৈ থকা মুখখনত হাতখন দি সিঃ কাম-বন নাই বুলি তোমাক কোনে ক'লে। অকল অফিচ গ'লেই কাম কৰা হয় নেকি? ঘৰৰ কামেই কাম নেকি?

তাইঃ অঅঁ তো।

সিঃ এতিয়াও সৰু ছোৱালী হৈ আছা একো নুবুজা। তুমি যে ইমান এটা ডাঙৰ প্ৰজেক্ট কৰি আছা খবৰ আছে নে? এতিয়া তুমি এই ন-মহীয়া প্ৰজেক্টটোৰ কথা ভাবা। ভাল কথা ভাবা, ভাল কথা শুনা। তাৰপিছত যেতিয়া প্ৰজেক্ট শেষ হৈ তাৰ ফলটো পাবা তেতিয়া তুমিয়েই ক'বা এটা সময়ত মই সঁচা কথা কৈছিলোঁ। এতিয়া বাকী থকা সময়খিনি ফূৰ্তি মনৰে তোমাৰ প্ৰজেক্টটোত লাগা, প্ৰতিটো মূহুৰ্ত এনজয় কৰা সোণজনী। মই কেৱল ক'বহে পাৰিম। বাকী কেনেকৈ কৰা এইটো তোমাৰ দায়িত্ব। এইটোৰ সমান ডাঙৰ আৰু ভাল লগা প্ৰজেক্ট জীৱনত নোপোৱা। চ' এনজয় ইচ্ছ এণ্ড এভৰী মমেণ্ট।

তাইঃ হুহ, হ'ব হ'ব। লেকচাৰ দিবলৈ পালে তোমাক একো নালাগে। বাপেক যে হ'ব কোনোবা ফূৰ্তিতে তৎ নোহোৱা হৈ আছে একেবাৰে।

সিঃ সেইটোৱেইতো আচল কথা মোৰ টেডী বিয়াৰটো। যোৱা এতিয়া কাম নাই কাম নাই বুলি কান্দি থাকিব নালাগে। কাম এটা দিছোঁ তোমাক। ইমান ধুনীয়া লেছন দিয়াৰ কাৰণে ধুনীয়া চাহ একাপ বনাই আনা।

তাইও তাৰ কথা শুনি ইমানদিনে কৰি থকা প্ৰজেক্টটোত হাত ফুৰাই উজ্জ্বল হাঁহি এটাৰে উঠি গ'ল চাহকাপ বনাবলৈ।