Wednesday 4 April 2018

খটাসুৰ নাতিনীয়েক আৰু আজলী বুঢ়ীমাক!

আইতা: আইজেনি, আইজেনি অ' এইটে আহচোন

(আইতাই নাতিনীয়েক আইজনীক মাতিছে। আইতাকৰ মুখত আইজনীটো আইজেনি হৈ যায়।) পিৰাখন পাৰি ৰ'দতে বহি থকা ৮৮ বছৰীয়া আইতাকে নাতিনীয়েকক মাতি আছে। আজি কেইদিনমানৰপৰা ৰাতি টোপনি নহা বুঢ়ীমাকক নাতিনীয়েকে কালি কিনো দৰৱ দিলে জানো, কালি ৰাতি ধুনীয়াকৈ শুব পাৰিলে।

আইতাকৰ চিঞঁৰ শুনি বাহিৰত খেলি থকা নাতিনীয়েক দোপদোপকৈ দৌৰি আইতাকৰ ওচৰ পালেহি।

আইজনী: কোৱা, আইতা কি হ'ল।

আইতা: হেৰি নহয় আইজেনি, কালি যে ৰাতি তই হোমিঅ' দৰৱটো খাবলৈ দিছিলি আছে নেকি আৰু? সেইপালি খাই মই কালি ভালকৈ শুব পাৰিলো অ'। আজিও এপালি খুড়াৰৰ পৰা আনি থ'বিচোন।

আইতাকৰ কথা শুনি আইজনী তভক মানিলে। মানে তাই দিয়া দৰৱে কামত দিছে। এনেকৈ দেখোন আইতাকক দৰৱ দি থাকিলে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই আইতাকৰ কাৰণে ডাক্তৰণী হৈ যাব। এহ, নহয় আইতাকে সেইয়া হোমিঅ ডাক্তৰ খুড়াকে দিয়া দৰৱ বুলিহে খাই আছে ন'হলেচোন তাই বনাই দিয়া বুলি গম পালে দেউতাকক লগাই ভালকৈ এসিকনি দিয়াব। হ'লেওটো আইতাই এইখিনি খাইয়ে ভাল পাইছে গতিকে আজিৰ ৰাতিৰ কাৰণেও এপালি বনাই থৈ দিয়া যাঁওক বুলি আইজনী পাকঘৰ পালেগৈ।

মাকে খুন্দি আনি দলাখনতে মেলি থোৱা কেচা পিঠাগুৰি অলপ হাতৰ মুঠিতে লৈ চেনি বটলটো খুলিলে। চেনিৰ বটলৰপৰা চেনি দুচামুচ বাটি এটাতে লৈ পটাখনৰ ওচৰলৈ গ'ল। পটাখনত চেনিখিনি গুৰি কৰি পিঠাগুৰি খিনিৰ লগত মিলাই লৈ আইজনী পঢ়া টেবুলখনত বহি দৰৱ বনোৱাত লাগিল।

বগা কাগজ এখিলা ধুনীয়াকৈ এটা জোখত আয়তাকাৰে কাটি লৈ চেনি আৰু পিঠাগুৰিৰ মিছলখিনি কাগজখনত থৈ ল'লে। তাৰপিছত কাগজখন চাৰিওফালে ভাজ কৰি পিঠাগুৰিখিনি এনেকুৱাকৈ বান্ধি ল'লে ঠিক তাইৰ হোমিঅ'পেথিকৰ খুড়াকে বন্ধাৰ দৰে। আকৌ এবাৰ তাই পুৰীয়াটো চাই ল'লে। হয়, একদম একেই হৈছে তাইৰ খুড়াকে এনেকৈয়ে বন্ধা দেখিছে। খুড়াকে পিঠাগুৰি নিচিনা কিবা এটাইয়েটো বান্ধি দিয়ে, আৰু সেইটো খাইয়েটো তাইৰ জ্বৰ-কা‍ঁহ ভাল পায়।

তাই আকৌ এবাৰ ভালকৈ পুৰীয়াপালি নিৰীক্ষণ কৰি আইতাকৰ হাতত দি ক'লে 'আজি ৰাতিও কালিৰ নিচিনাকৈ ভাত খোৱাৰ একঘণ্টাৰ পিছত এই পালি খাই শুই থাকিবা।'

আজিকালি বুঢীমাকে কিবা দৰকাৰ হ'লে নাতিনীয়েককহে কয়। আইজনীয়েহে বোলে দুখবোৰ বুজি পায়।পুতেক বোৱাৰীয়েকক কঁওতে ডাক্তৰৰ মতাই আনোতে ডাক্তৰে ক'লে এইটো বয়সত বোলে এনেকুৱা সৰু-সুৰা দুই এটা হৈয়ে থাকিব চিন্তা কৰিব লগা নাই।ডাক্তৰৰ কথা শুনি বুঢীমাকৰ বিৰাট খং। বয়স হোৱাৰ কাৰণে বোলে তেঁওক কোনোৱে গুৰুত্ব নিদিয়া হৈছে, অকল বোলে আইজেনিয়েহে বুজি পায়।কিবা দৰকাৰ হ'লে আইজনীক কয়, আইজনীয়ে খুৰাকৰ পৰা আনি দিয়ে। খুৰাকৰপৰা আনি দিয়ে মানে বুজিছেই নহয়। যিমান দূৰলৈকে পাৰে তাইয়ে কামটো চলায় দিয়ে।

এদিন পুৱা মাকে দাঁত ঘঁহিবলৈ কলগেটটো বিচাৰি নাপায় আইজনীক সুধিলে, তাইও ঘপককৈ মাকক নাজানো বুলি কৈ দিলে। পিছতহে মনত পৰিল সেইটো আগদিনা ৰাতি তাই আইতাকৰ বিছনাতে এৰিলে।

আইতাকৰ বোলে পিঠিখন কিবা বিষোৱা যেন লাগি আছিল, সেয়ে আইজেনিক বিষত লগোৱা মলম অকণমান লগাই দিবলৈ ক'লে। তাই আইতাকৰ কথা মতে বিষৰ মলম মানে 'ভলিনী'টো বিচৰাত লাগিল কিন্তু নাপালে। ইফালে আইতাকক বিষত লগোৱা কিবা এটা লাগেই ন'হলে বোলে টোপনিয়ে নাহিব। আইজনীয়েও কি কৰিম বুলি ভাবি থাকোতেই বুদ্ধিটো খেলালে। কলগেটৰ গোন্ধ আৰু ভলিনীৰ গোন্ধটো অলপ মিলে দেখোন!আইজনীয়ে অলপো দেৰি নকৰি কলগেটটোকে লৈ আনি আইতাকক ওপৰলৈ মুখ কৰি শুবলৈ দি ধুনীয়াকৈ মালিছ কৰি দিলে। মালিছ কৰি কলগেটটো বিছনাতে এৰি তাই শুবলৈ গ'ল। পিছদিনা মাকৰ মুখত কলগেটৰ কথা শুনিহে তাইৰ মনত পৰিল। তাই কলগেটটো আনিবলৈ যাঁওতে দেখিলে আগদিনা ৰাতি বিষত চি়ঞঁৰি থকা আইতাকে নিজৰ লেপখন ৰ'দত দিবলৈ গৈছে মানে তাইৰ দৰৱে কামত দিলে।

এইয়াই আছিল আইতা আৰু নাতিনীৰ কাহিনী।




Friday 30 March 2018

আইতাৰ মৰম।

আইতাৰ মৰম বুলি ক'লে দুজনী আইতালৈ খুব মনত পৰে। এগৰাকী মোৰ মাৰ মাক আনগৰাকী মোৰ বৰমাৰ মাক। দেউতাৰ মাকক পোৱা নাই, তেওঁক মই নালাগে মোৰ মাইও লগ পোৱা নাই। তেওঁ বহুত বছৰৰ আগতেই ঢুকাইছে।

আইতা ১:

মোৰ মাৰ মাক অৰ্থাৎ তেজপুৰৰ আইতা বুলি ক'লেই সদায় সেই মানুহজনীলৈ মনত পৰে যিয়ে হাতত কিতাপ এখন লৈ আগফালে চোতালত বহি থাকে আৰু সন্ধিয়া সময়ত টিভিৰ ওচৰত। যিয়ে ষ্টাৰ প্লাছ, যি টিভিৰ হিন্দী চিৰিয়েলৰ এখনো বাদ পৰিবলৈ নিদিয়ে। মনত পৰে 'তেজীমলা' 'চম্পাৱতী'ৰ সাধুবোৰ কৈ কৈ আমাৰ লগত সময় কটোৱা আইতাজনীলৈ। তাতোকৈ ডাঙৰ কথা সেইজনী আইতাৰ আঙুলিত ধৰিয়েই তিনিবছৰীয়া মইজনী যেতিয়া জেঠাইৰ লগত মা-দেউতাক হাঁহি মুখেৰে টাটা, বাই, বাই কৈ সুদূৰ মুম্বাইলৈ গুচি গৈছিলোঁ ছয় সাতমাহৰ কাৰণে। এতিয়া আইতাৰ লগত কটোৱা এটা এটা পল স্মৃতি মাথোন।

আইতা২:

এওঁ হ'ল মোৰ বৰমাৰ মাক, যাৰ লগত মোৰ গোটেই শৈশৱটোৱেই জড়িত হৈ আছে। এইগৰাকী আইতাৰ লগত একেলগে মই চাৰিবছৰ আছিলোঁ। বগা ধুনীয়া গোল মুখখনেৰে বগা কাপোৰসাজেৰে দীঘলকৈ উৰণি টানি থকা সেই আইতাজনী। যাৰ মোক লৈ আছিল অলেখ সপোন। স্কুলৰপৰা গৰমত ঘামি-যামি অহা নাতিনীয়েকলৈ নেমু চৰৱত যুগুতোৱাৰপৰা নাতিনীয়েকে ভাত খাই উঠি খাবলৈ নিজৰভাগৰে খুন্দা তামোলকণ দিয়ালৈকে আইতাই চিন্তা কৰে। লোকৰ ল'ৰা-ছোৱালীক পিছ পেলাই নিজৰজনী স্কুলত যাতে এক নম্বৰত পাছ কৰে, ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰা আইতাজনী। গাঁৱৰ সবাহ, নাম একো বাদ নপৰে আইতাকৰ লগত নাতিনীয়েক যাবই।

আইতা৩:

এইগৰাকী আইতা হ'ল মোৰ শাহুৰ মাক মানে, যাক পাই মোৰপৰা হেৰাই যোৱা দুজনী আইতাক ঘূৰাই পোৱা যেন লাগিছে। প্ৰত্যেক দেওবাৰে পুৱা ন দহমান বজাত এটা ফোন আহে, মানে আইতাৰ। সপ্তাহটোৰ বা-বাতৰি লোৱাৰ লগতে দেওবাৰে কি স্পেচিয়েল বনামলৈকে খবৰ লোৱা আইতাজনী।

সঁচাকৈয়ে আইতাৰ সেই নিস্বাৰ্থ মৰমবোৰে মনটো দোলা দি যায়।

Friday 23 March 2018

Disorder of Written Expression

সেইদনা ইন্টাৰেনটত কিবা খুচৰি ফুৰোত আৰ্টিকল এটা চকুত পৰিল য’ত Disorder of Written Expression ৰ বিষয়ে বৰ্ণনা কৰা আছিল

আমি কেতয়াবা কিছুমান সৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে সিহঁতে লিখিবলৈ খুব এলাহ কৰে অথবা লিখোত বহুত সময় লয়ধৰক সৰু কিবা এটা লিখিবলৈ দিলে আন ছাত্ৰ-ছাত্ৰীয়ে যদি সম্পূৰ্ণকৈ লিখোতে দহ মিনিট সময় লয় সিহঁতে আধা ঘন্টা সময়ো ল’ব পাৰে। কেতিয়াবা হয়তো নিলিখিবও পাৰে। কেতিয়াবা কিবা-কিবি অজুহাত দেখোৱাই আধাতে শেষ কৰি গা এৰা দিয়ে। এনেকুৱা কিয় কৰে তেঁওলোকে? বানান ভুল হোৱাৰ ভয়তনে, আখৰ বেয়া হোৱাৰ আশংকাত

Disorder of Written Expression কি?

কিছুমান ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে সিঁহতে মৌখিক ভাৱে যিমান ভালকৈ উত্তৰ এটা দিব পাৰে কিন্তু লিখাত সিমান পাৰদৰ্শিতা দেখুৱাব নোৱাৰে। যিকোনো প্ৰকাৰে লিখা কামটোৰ পৰা গা এৰা দিব বিচাৰে। এই লিখাৰ ক্ষেত্ৰত দিয়া বিসংগিতকে Disorder of Written Expression বা Dysgraphia বুলি কোৱা হয়। Disorder of Written Expression বা dysgraphia শব্দেকইটা যদিও আমাৰ মাজত বহুলভাৱে প্ৰচিলত নহয়, কিন্তু ইয়াৰ লক্ষণসমূহ হ’লে একবাৰে নোহোৱাও নহয়। এইসমূহ কিছুমান সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত দেখা পোৱা যায়। কিন্তু বয়স অনুযায়ী বেলেগ বেলেগ হ’ব পাৰে। বিশেষকৈ ছোৱালীতকৈ ল’ৰাৰ ক্ষেত্ৰত এনে লিখাৰ আঁসোৱাহ বেছিকৈ দেখিবলৈ পোৱা যায়।

Disorder of Written Expression ৰ লক্ষন সমূহ
  • লিখোতে বহুত বানান ভুল হোৱা,
  • দাৰি, কমা বহুৱাব নজনা,
  • সৰু সৰু ব্যাকৰণ ভুল কৰা,
  • বাক্য এটাৰ গাঠনি ভালকৈ কৰিব নোৱাৰা,
  • হাতৰ আখৰ বেয়া,
  • পেৰেগ্ৰাফ এটা ভালকৈ বনাব নজনা,
  • আৰু কিছুমানৰ কাৰণে পেন বা পেঞ্চিলডাল ধৰাটোও টান হৈ পৰে,
  • নিজৰ আখৰখিনি নিজেই পঢ়োতে অসুবিধা পোৱা,
  • লিখাবোৰ বাৰে বাৰে মোহাৰি পেলোৱা, আৰু বহুতো

যদিও দেখাত এইটো এটা সাধাৰণ কথা, সময়ত ইয়াক গুৰুত্ব নিদিলে পিছলৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ভুলবোৰ সাধাৰণতে শিশুৱে প্ৰথম আখৰ শিকিবলৈ আৰম্ভ কৰোতেই কৰা দেখা যায়। প্ৰথমতেই যদি এই ভুলবোৰ শুধৰোৱা নাযায় পিছলৈ পঢা-শুনা ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱ বেয়াকৈ পৰিব পাৰে। ডাঙৰ হোৱাৰ লগে লগে যেতিয়া পঢ়া-লিখাৰ বোজা  বাঢ়িব তেতিয়া তেঁওলোকে এইবোৰ কাৰণত লিখা কামটোক অৱহেলা কৰিব। আৰু যদি পিছলৈও এনেকুৱা ধৰণৰ ঘটনাই ঘটি থাকে তেঁওলোক হতাশাত ভুগিব পাৰে।

ইয়াৰ পৰা কেনেকৈ হাত সাৰিব?

এই লিখাটো পঢ়ি  বৰ বিশেষ চিন্তিত ন’হব কাৰণ এই বিসংগতি সমূহে দেখা দিয়া মানেই  Disorder of Written Expression নহয়। প্ৰথম কিবা এটা শিকোতে ভুল হোৱাটো স্বাভাৱিক। কিন্তু এই ভুলবোৰক গুৰুত্ব নিদিলেহে পিছত সৰু সৰু কথাই ডাঙৰ হ'ব।

ইয়াৰ আচল কাৰণ মনোবিজ্ঞানীসকলে উলিয়াব পৰা নাই যদিও শিকোতেই ভুলৈক শিকা বা অমনোযোগীতাৰ বাবে এনেকুৱা ঘটনা ঘটিব পাৰে বুলি ধাৰণা কৰিছে। যদি আপুনি আপোনাৰ শিশুটোৰ মাজত এনেকুৱা কিছুমান আঁসোৱাহ দেখা পাইছে, তেতিয়া দেৰি নকৰি সজাগ হঁওক। যদি আপুনি শিশুটোৰ ভুলখিনি প্ৰথমৰপৰাই শুধৰাই যায়, তেতিয়া শিশুটোৱে নিজৰ ভুলখিনি ধৰা পেলাব পাৰিব‌। আপুনি নিজেই কথাখিনি লক্ষ্য কৰি বিদ্যালয়টো যাতে কথাটোৰ ওপৰত অলপ গুৰুত্ব দিয়ে, সেইটো জনাবলৈ নাপাহৰিব।

কোনটো আখৰ লিখিলে শিশুটোৱে ভুল কৰে বা টান পায় সেইটো মন কৰি তাক বাৰে বাৰে লিখিবলৈ লগাওঁক। আন অভিভাৱকৰ লগত আলোচনা কৰক, তেঁওলোকেও সমাধান দিব পাৰে। কিন্তু এইবোৰ কথাত গুৰুত্ব নিদিয়াকৈ নাথাকিব ন'হলে Disorder of Written Expression দৰে  সমস্যাৰ সৃষ্টি হ'ব পাৰে।