Saturday 17 March 2018

আমিবোৰ বেছি আৱেগিক নে আমাৰ সহনশীলতাৰ অভাৱ!

আমি বেছি আৱেগিক নে আমাৰ সহনশীলতাৰ অভাৱ! বাৰে বাৰে এই প্ৰশ্নটোৱে মনটো জোকাৰি যায়কেৱল মইয়ে নহয় আৰু বহুতেও চাগে নিজকে এবাৰৰ কাৰণে সুধিবলৈ বাধ্য হয় এই কথাটো। আজিকালি যেতিয়াই ফেচবুকটো খোলো তেতিয়াই এনেকুৱা লাগে মই যেন ফেচবুকৰ সলনি বেলেগ ক'ৰবাতহে সোমালো।

আগতে টিভিৰ নিউজ চেনেলকেইটাৰ টক শ্ব'ত অথবা টিভিত লাইভ কৰি থাকিলে পাৰ্লিয়ামেণ্টতহে দেখিছিলো ইমান তৰ্ক বিতৰ্ক। আজিকালি আৰু এটা মাধ্যম বাঢ়িল সেইটো হ'ল ছচিয়েল মিডিয়া। বিশেষকৈ ফেচবুক‌। নিঃসন্দেহে ফেচবুকে বহুত ধৰণে বহুতক সহায় কৰিছে, অথবা নিজৰ ভাৱ প্ৰকাশ কৰিবলৈ এখন মজিয়া দিছে। সংযোগ হেৰাই যোৱা মানুহ সমূহৰ মাজত আকৌ যোগাযোগ স্থাপন কৰিছে (ফেচবুকৰ উদ্দেশ্যই সেইটো আছিল।)

কিন্তু আজিকালি ফেচবুকত মানুহে এনেকুৱা এখন মজিয়া বনাই লৈছে য'ত কাৰোবাৰ ব্যক্তিগত জীৱনক লৈ হেতালি খেলিবলৈ সংকোচ নকৰে। পাহৰি কিয় যায় যে ফেচবুকখন এখন 'ডিজিটেল চ'চাইটি'। আপুনি কি কৰে , কি কয় বাকী হাজাৰজনে দেখি আছে। ঠিক আপোনাৰ গাঁৱত বা চহৰত আপোনাক দেখাৰ দৰে। পাহৰি নাযাব কোনোবাই কৈ থৈ গৈছিল 'আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।' ঠিক তেনেদৰে ফেচবুকত আপোনাৰ মন্তব্যই আপোনাৰ পৰিচয়

কথাতে কয় 'হস্তীৰো পিছলে পাৱ, সজ্বনৰো বুৰে নাৱ' তেনেক্ষেত্ৰত কাৰোবাৰ জিভা পিছল খাই কিবা এটা ওলোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু সেই কথাটোকে কিছুমান মানুহে ইমান ডাঙৰ কৰি পেলাই যে তেওঁৰ ব্যক্তিগত জীৱনক সামৰিও কথা ক'বলৈ নাপাহৰে। তেওঁৰ গুৰি গোষ্ঠীয়ে উঘালি আনি গোটেই সমাজৰ আগত পাত পাত কৰিলেহে শান্তি পায়। কিছুমান এনেকুৱা কমেণ্টো চকুত পৰে যিখিনি দেখি সেই কমেণ্ট কৰা মানুহজনৰ প্ৰফাইলটো নাচালেও গম পোৱা যায় তেওঁৰ মানসিকতা কেনেকুৱা হ'ব পাৰে।

এইবোৰ দেখিলে শুনিলে এনেকুৱা লাগে আমি মানুহবোৰ ক'লৈ গৈ আছো। এখন শিক্ষীত সমাজত বাস কৰি এনেকুৱা কিছুমান নিকৃষ্ট ভাষা ব্যৱহাৰ কৰি আমি কি বুজাব বিচাৰো। কেতিয়াবা এনেকুৱাওটো হ'ব পাৰে মানুহজনে/গৰাকীয়ে ক'লে কিবা এটা আপুনি বুজিলে কিবা এটা। যদি তেওঁ ন'কবলগীয়া কথাই কৈছিল তেন্তে তেওঁৰ লগত ভালদৰে আলোচনা কৰি বুজাই নিদিলে কিয়? এটা কথা সদায় মনত ৰখা উচিত সমালোচনা আৰু বিতৰ্ক একেই নহয়। সমালোচনা যদি সুস্থ হয়, ই বহুতৰ জীৱনত ধনাত্মক প্ৰভাৱ পেলায়। কিন্তু আজিকালি হিতে বিপৰীতহে হোৱা দেখা যায়। সমালোচনাৰ নামতে যিহকে তিহকে কৈ নিজৰ লগতে আনৰো প্ৰতিচ্ছবিখন কিয় বেয়া কৰে।

এই ঘটনাৰ প্ৰয়োভৰ দিনে দিনে বাঢ়ি গৈছে। আজি যদি কোনোবা এজনৰ ফটো বা ষ্টেটাচত আক্ৰমণ কৰিলে কাইলৈ আকৌ আন এজনৰ। এইবোৰ দেখি-শুনি কেতিয়াবা এনেকুৱা লাগে যে কোনোবাই কাৰোবাৰ লগত প্ৰতিশোধ লোৱাৰ মাধ্যম হিচাপেহে ফেচবুকক লৈছে। এইবোৰৰ জৰিয়তে তেঁওলোকে কি বুজাবলৈ যায় তেঁওলোক একোজন বিজ্ঞ নে তেঁওলোক লগাতকৈ বেছি আৱেগ। নে কোনোবাখিনিত  আমাৰ সহনশীলতাৰ অভাৱ ঘটিছে। এখন সুস্থ সমাজত বাস কৰি কথাবোৰো সুস্থভাৱে ভাবো আহকচোন। তেতিয়াই আমি আকৌ আমাক আমাৰ মাজত ঘূৰাই পাম।

Friday 16 March 2018

সফলতানো কি?

কেতিয়াবা মনলৈ আহে সফলতানো কি? বহুত ভাবি ভাবিও দেখোন একো উত্তৰ নাপাওঁ। কিন্তু বিয়াৰ পিছত এটা প্ৰশ্নৰ সন্মুখীন বাৰুকৈয়ে হৈছিলো 'বিয়া হৈ কি কৰি আছা চিম্পলী হাউছ ওৱাইফ নে?' প্ৰশ্নটো শুনি অবাক হোৱা নাছিলো দুখ লাগিছিল ভাবি যে হাউছ ওৱাইফ হোৱাটো চিম্পোল কথা নেকি। নে মানুহে ভাবে চিম্পোল বুলি।

বিয়া হৈ নতুন জেগালৈ আহি দুটামান ইণ্টাৰভিউ দিয়াৰ পিছত মই চাকৰি এটা পালো যদিও সেই প্ৰশ্নটোৱে মোক মাজে মাজে এতিয়াও খুন্দিয়াই থাকে। 'হাইছ ওৱাইফ' ৰ আঁৰত যে কিমান ত্যাগ, কষ্ট লুকাই থাকে সেইটো বুজিবলৈ চেষ্টা কৰা উচিত। মই এতিয়া কৰিব পাৰিছো কাৰণে চাকৰিটো কৰি আছো। পিছত কেতিয়াবা কিবা কাৰণত এৰিব লগা হ'লে মই কি জীৱনটোত বিফল হ'ম নেকি।

এতিয়া নিজৰ কথা বাদ দি আচল কথালৈ আহিছো জীৱনত সফলতানো কি? সকলোৰে কাৰণে ইয়াৰ সংজ্ঞা বেলেগ বেলেগ হ'ব পাৰে। কিন্তু এইটোৱে অকল নিজৰ কেৰিয়াৰতে সফল হোৱাটোৱেই নুবুজায়। আপুনি এগৰাকী মাতৃ হিচাপে সফল হ'ব পাৰে, পত্নী হিচাপে, জীয়ৰী হিচাপে, বোৱাৰী হিচাপে, কাৰোবাৰ ভণ্টী বা বাইদেউ হিচাপে আৰু বহুত ধৰণে।

কেইদিনমানৰ আগতে চিনাকি বা এজনীলৈ ফোন কৰি সুধিলো 'কি কৰি আছ?' সিফালৰপৰা ক'লে 'ল'ৰাই পঢ়ি আছে মই ওচৰতে বহি আছো। আগতে নিজে ভালকৈ নপঢ়িলো যে এতিয়া ল'ৰাকে ভালকৈ যত্ন লৈছো।' তাইৰ কথাখিনি শুনি খুব ভাল লাগিল। আজিকালি এই ব্যস্ততাৰ দিনত ল'ৰা ছোৱালীৰ লগত সময় কটাবলৈ পোৱাটোও ভাগ্যৰ কথা। মানে তাইৰ সেইটো সফলতা। ইয়াৰপৰা এইটো নুবুজিব যে তাই পঢ়া-শুনা ভালকৈ নকৰিলে কাৰণে ল'ৰাটোক যত্ন লৈছে। মই মাত্ৰ এটা উদাহৰণহে দিছো। তাই কোৱা শুনো ভালকৈ নপঢ়িলো এতিয়া অকল ল'ৰা-ছোৱালী আৰু ঘৰ চম্ভালোতেই গৈছে। তেতিয়াই মই তাইক কঁও যে ভালকৈ পঢ়া বা নপঢ়া সেইটো মই তোক ক'বলৈ নাযাওঁ কিন্তু তই ইমান ধুনীয়াকৈ ঘৰখন ধৰি ৰাখিছ সেইটো বহুত ডাঙৰ কথা আৰু এইটোৱে তোৰ জীৱনৰ সফলতা বুলি ভাবি আগবাঢ়ি যা।

কেতিয়াবা মোৰ মনলৈও আহে মইনো কি কৰি আছো, যেতিয়া আন কাৰোবাক দেখো! পঢ়িলো শুনিলো, বিয়া হ'লো, চাকৰি এটা পালো কৰি আছো। তাৰপিছতেই মনলৈ আহে তেনেকৈয়েটো মই মোৰ জীৱনটো চলাই গৈ আছো। দুখতটো থকা নাই সুখতেই আছো। তেতিয়াই মই ভাবো যে সফলতা মানে এইটো নহয় কিবা এটা পিছত দৌৰি দৌৰি গৈ তাক পোৱা। আৰু যেতিয়া দৌৰি দৌৰি বস্তুটো পাওঁ বাকী সকলোবোৰ হেৰুৱাই পেলোৱা।

অ, কাৰোবাৰ মন গৈছে দৌৰিছে কিবা এটা পোৱাৰ আশাত, তাত বাধা দিবলৈ মই নাযাওঁ। আৰু দিনৰ দিনটো চাকৰি কৰি, সন্ধিয়া ঘৰলৈ আহি নিজৰ মানুহৰ লগত সময় কটাব পৰাও মানুহো বহুত আছে। তেনেদৰে ঘৰ এখন ভালকৈ চলাব পৰাটো খুবেই ভাল কথা। কিন্তু চাকৰি নকৰাবোৰে ভাবিব নালাগে যে ভাল চাকৰি এটা কৰা মানেই জীৱনটো সফল আৰু নকৰা বিলাকৰ একো নাই। পুৱাৰ পৰা গধূলিলৈকে গিৰিয়েকৰপৰা ল'ৰা ছোৱালীলৈকে চম্ভালি থকাবোৰৰ কি জীৱনটো অসফল নেকি?

আচলতে মই এই কথাখিনি লিখাৰ আঁৰত বহুত কাৰণ আছে যিবোৰ মই মাজে মাজে শুনা পাঁও। কোনোবাই চাকৰি এটা নাই বুলি যদি দুখ কৰে, কোনোবাই আকৌ ইমান ভালকৈও পঢ়িও অকল ঘৰ সংসাৰৰ বাদে একো কৰা ন'হল বুলি দুখ কৰে। কোনোবাই আকৌ নিজতকৈ কম কৈ পঢ়া-শুনা কৰাবোৰে তেঁওতকৈ বেছি ভাল চাকৰি কৰি আছে বুলি মন বেয়া কৰে। আহকচোন আমি কাৰো লগতে নিজকে তুলনা নকৰি, নিজেই নিজৰ কামখিনি চাওঁ তেতিয়া আমি সকলোৱে দেখিবলৈ পাম নিজৰ জীৱনৰ সফলতা।

Monday 12 March 2018

ব'হাগে কন্দুৱাই, ব'হাগে হহুৱাই!

দূৰৈৰ পৰা ভাঁহি অহা ঢোলৰ গুমগুমণিটো মূৰৰ ওপৰতে ঢেৰেংকৈ মৰা গাজনিটোৱে একেবাৰে নোহোৱা কৰি পেলালে। গাজনি মাৰিলে ভয় লাগে, ঢোলৰ শব্দ শুনিলেও খং উঠে। এই  দুয়োটাকে কিবা বিপদৰ আগজাননী যেনহে লাগে। এইবোৰ মোৰ কথা নহয়, জয়া খুড়ীৰ মনৰ ভাৱহে। যিয়ে আজৰি পৰত মোৰ লগত তেওঁৰ সুখৰ দুখৰ সকলোবোৰ কথা পাতিবলৈ সুৰুঙা বিচাৰি ফুৰে। আৰু নো ক'ব কাক, মদাহী গিৰিয়েককে ক'বনে, মৰমৰ জীয়েককে ক'ব।

 মানুহে কয় ব'হাগ মানেই ৰং, ব'হাগ মানেই প্ৰেম, ব'হাগ মানেই বলীয়া বা। কিন্তু টেঙা চাপৰি গাঁৱৰ জিয়ৰী জয়া মামীৰ মনটো ব'হাগ বুলি ক'লেই কিবা মনটো টেঙাই যায়।মানুহগৰাকীৰ  ব'হাগৰ প্ৰতি কিয় ইমান ক্ষোভ!

'আৰু কি কি থাকিল লিখিবলৈ' বুলি পেনটো আৰু কাগজখন লৈ কামটো চলি যাব পৰাকৈ বনাই লোৱা ষ্টৰ ৰূমটোত সোমাই বস্তুবোৰ চাই চাই ঘূৰ্মুটিয়াই ফুৰোতেই কাণি-মুনি সন্ধিয়া বেলা কোনোবাই মাত দিলেহি। লগে লগে কাগজখন মেখেলাখনতে খোচ মাৰি, পেনটো ব্লাউজটোত গুজি থৈ দুৱাৰখনত দাংডাল লগাই থৈ পৰ্তীকটো পালেহি। 

'অ তঁহতে আজিহে সময় পালি হা ভাগিনীয়েৰ জনীৰ বিয়াখনৰ খবৰ ল'বলৈ। আছেনো আৰু কেইটাদিন, একেবাৰে বিয়াতে নাহিলি কিয়...' হাতে হাতে মোনা লৈ তিতি বুৰি ভিতৰলৈ সোমাই আহিবলৈ ধৰা ভায়েক জীৱন আৰু ভাই বোৱাৰীয়েক দীপাক দেখি জয়া খুড়ীয়ে আগে ভাগে কথাকেইষাৰ শুনাই ল'লে।

কথাখিনি কেটেৰাই ক'লেও সিহঁতে বুজি পাই বায়েকৰ সিহঁতলৈ মৰম কিমান। জীয়েকক বিয়া দিবৰ হ'লহি তথাপিও বায়েকে অভিমান কৰিবলৈ নেৰিলে। সৰু সৰু কথাতে অভিমান কৰা বায়েকজনীৰ এই ব'হাগ মাহটোৰ ওপৰতো এইবোৰ অভিমানেই চাগে। খালী ব'হাগে বায়েকৰ অভিমানবোৰ বুজি নাপাই তেওঁক জলাওতে জলাওতে এতিয়া এইবোৰ ক্ষোভলৈ ৰূপান্তৰিত হ'ল।

লাহি পাহি ধুনীয়া জয়া খুড়ীজনীক বিহু নচুৱাই নচুৱাই  পোন্ধৰবছৰতে জিতেন খুড়াই নিজৰ প্ৰেমত পেলাইছিল। ঢুলীয়া জিতেন খুড়াৰৰ ঢোলৰ চেৱত নাচনী খুড়ীয়ে কেতিয়া মন প্ৰাণ সপি দিছিল গমেই নাপালে। ব'হাগৰ বলীয়া বাত খুড়ীও বলিয়া  হৈ ঊন্নৈশ বছৰতে আগপিছ নুগুনি খুড়ালৈ বিয়া হৈ আহিল। কি ভাল কি বেয়া বিবেচনা কৰাৰ শক্তিখিনি হেৰুৱাই পেলাইছিল। ছেহ, এইবোৰ কৈ থাকিবলৈ গ'লে দেখোন খুড়ীৰ জীয়েক মামণিৰ বিয়া খোৱাই ন'হব।

'হ'ব দে অকণমান মোক বহি ল'বলৈ দে তাৰপিছত কিমান কথা শুনাৱ শুনাই থাকিবি' বুলি হাতৰ মোনাখন বায়েকলৈ আগবঢ়াই পিছফালৰ বাৰাণ্ডাখনতে মূঢ়া এটা পাৰি বহি ল'লে। 'বতৰডালো কি যে কৰিছে, এনেকৈ থাকিলে দেখোন বিয়া পানী হ'ব' কথাষাৰ মনলৈ আহিল যদিও বায়েকৰ আগত মুখ ফুটাই ক'ব নোৱাৰিলে। মনে মনে পকা জলকীয়া এটা আনি পিছফালৰ চোতালখনতে পুটি দিলেহি। সি জনা আছে এইষাৰ কথা শুনিলে যে বায়েকে চকুলোএটুপি নুটুকাকৈ তাক চাহ একাপ নিদিয়ে। কিয় জানো এই বায়েকজনীয়ে সমস্ত দোষবোৰ নিজৰ গাতে জাপি লয়। আচলতে ভিনিহীয়েক যদি ভাল হ'লহেঁতেন তেতিয়া হয়তো কথা বেলেগ আছিল।

মৰমৰ ভায়েক বোৱাৰীয়েক আহিল যেতিয়া জয়া খুড়ীক আৰু কোনে পায়। আচলতে মৰমৰ নহবই বা কিয়! মাক-দেউতাকে অকালতে অথাই সাগৰত পেলাই থৈ বায়েক ভায়েকহালক চাওতা বুলিবলৈ ইটোৱে সিটোক চোৱাৰ বাদে আছিলনো কোন? মাক-দেউতাকৰ কথাৰেই আৰম্ভ কৰিছো জয়া খুড়ীৰ ব'হাগ মাহলৈ ইমান খং কিয়?

প্ৰকৃতিৰ প্ৰৰোচনাত পৰি যে ব্ৰহ্মপুত্ৰ নদীখন সেই ব'হাগ মাহৰ পহিলা ৰাতিতে পগলা হৈ উফন্দি আহি সকলোবোৰ ধাহি মুহি লৈ যাব কোনে জানিছিল। ল'ৰা-ছোৱালীদুটা ব'হাগ বিহু বুলি ককাক-আইতাকৰ ঘৰলৈ যোৱা নিয়ম আগৰে। মানুহৰ বিহুৰ দিনা ককাক আইতাকৰ লগত ৰাতিটো কটাব পাৰিলেহে যেন দুয়টাৰে গা সাঁত পৰে। ইফালে বুঢ়ীমাক, ককাকো নাতি-পোৱালিকেইটা বুলিলে পাগল। এনেই জয়া নাচনী তাতে ককাকৰ ঘৰ পালেগৈ গা সাঁতখন হয়। সেই বিহুৰ ৰাতি ককাকৰ গাঁৱৰ ৰাইজৰ লগত বিহু মাৰিবলৈ লৈছিল তাই, যেতিয়াৰ পৰা বিহু কি বুজি পোৱা হৈছিল। সেইবছৰো দুয়ো ককাকৰ গাঁৱত বিহুৰ ৰাতিটো উলহ-মালহৰে কটোৱাৰ আশাত দেউতাকক মানুহৰ বিহুৰ দিনা পুৱাই দেউতাকক উৎপাত লগালে। দেউতাকেও ল'ৰা-ছোৱালী দুইটাকে চাইকেলতে দুখন গাঁৱ পাৰ হৈ থকা  ককাকৰ ঘৰত থৈ আহিল। সেইদিনা আকৌ আবেলিৰপৰা বতৰ ইমান বেয়া বিহু মৰাটো দূৰৈৰ কথা বাহিৰলৈকে ওলাব নোৱাৰি। বতাহে বৰষুণে ইমানেই তান্দৱ ৰূপ ল'লে যে ককাকৰ ঘৰৰ চালিখিনি কোনোমতেহে ৰক্ষা পৰিল। পুৱাভাগলৈ পগলা বতৰ ক্ষান্ত হ'ল যদিও বৰষুণ চিপচিপাই থাকিল। সেইদিনা অকল ককাকৰ গাঁৱত বুলিয়েই নহয় গোটেই অসমতে বোলে বতৰে তান্দৱ দেখুৱাইছিল।

পিছদিনা ককাকে চিপচিপীয়া বৰষুণতে ছাতি এটা লৈ কাৰ কি বাচিল, কি ক্ষতি হ'ল খবৰ কৰিবলৈ যাঁওতেই কাণত পৰিল টেঙা চাপৰি গাঁৱৰ কথা। লৰালৰিকৈ ঘৰলৈ আহি ধূতিখন সলাই গাঁৱৰে কোনোবা এটাৰ লগত টেঙা চাপৰি গাঁও পাই দেখে যে কি মানুহ, কি ঘৰ কাৰোৰে চিন চাব নাই। যিবোৰ পলাব পাৰিলে পলাল নোৱাৰাবোৰ নদীৰ সোঁতত উটি গ'ল। উটি যোৱাবোৰৰ লগত চাগে জয়া-জীৱনৰ মাক-দেউতাক যাক আজিলৈকে বিচাৰি পোৱা ন'গল।

'অ বাইদেউ চাহিচোন ভিনদেউলৈ' ভায়েকৰ চিঞঁৰত জয়াৰ বুজিবলৈ বাকী নাথাকিল যে গিৰিয়েকে আজিও সন্ধিয়া আনদিনাৰ দৰে টেটুলৈকে এগাল গিলি আহিছে। সেয়ে লৰচৰ নকৰি ভায়েকে ভাগীনীয়েকলৈ অনা কাঁহৰ কাঁহী-বাটিখিনি ট্ৰাংকটো খুলি ভৰোৱাত লাগিল। কেনেবাকৈ কৰবাত কিবা থাকি যায় বুলি যিয়েই তাইৰ নামত যি দিছে চব জয়া মামীয়ে ট্ৰাংকতে ভৰাই যায়। নিজেইটো একো এটা আনিবই নোৱাৰিলে, এতিয়া জীয়েককে মাকৰ ঘৰৰ পৰা বুলি যি পাৰে দুই এপদ দিবলৈ চেষ্টা কৰিছে।

'অ মা আহচোন দেউতাক চাহি' বুলি একেটানে জীয়েক মামণিয়ে মাকক উঠাই নিলে। খপজপকৈ পেনটো ব্লাউজত ভৰাওতে পৰি যোৱা পেনৰ সাফৰখনো তুলিবলৈ সময় নাপালে।

জীতেন খুড়াক দেখি জয়া খুড়ীৰ মূহুৰ্ততে সেই চফল ডেকা ঢুলীয়া জীতেনক দেখা যেন লাগিল। দাৰি-চুলি কাটি চাফা পেণ্ট চাৰ্ট পিন্ধি অহা গিৰিয়েকক দেখি সেই প্ৰথম ককাকৰ ঘৰত দেখা ল'ৰাটো, যাক দেখোতেই কিবা এটা লাজে ঢকিয়াই থৈ ৰঙা কৰি যোৱা জয়াজনী যেন লাগিল নিজকে। কিমান বছৰৰ মূৰত গিৰিয়েকৰ এইটো ৰূপ দেখিবলৈ পাইছে। ন'হলেটো পুৱাৰপৰা মদগাল গিলি গিলি সি পোনেই হ'ব নোৱাৰে। একা বেকা খোজেৰে ওলাই গ'লে আবেলি হোৱালৈ কোনোবাই দাংকোলা কৰিহে ঘৰত থৈ যায়। আজি যে পূবৰ বেলি পশ্চিমত ওলোৱাৰ দিশত।

'চা জয়া তই যে কৈছিলি মোৰ নিচিনা মদাহী এটাৰ জীয়েকক কোনে বিয়া পাতিব, আজিৰপৰা আৰু মদ নাখাও।' জয়া খুড়ীৰ ভাৱত জতি পেলাই খুড়াই কোৱা কথাটো শুনি তেওঁ বৰ বিশেষ গুৰুত্ব নিদিলে। তথাপিও ভায়েক অহাৰ দিনাই একো হাই-কাজিয়া নলগাকৈ ৰাতিটো পাৰ হ'ব বুলি জানি মনটো ভালেই লাগিল।

সেই মাক-দেউতাকৰ দুৰ্ঘটনাৰ পিছত জয়া-জীৱন ককাক আইতাকৰ লগৰী হ'ল। নিজতকৈ ছয়বছৰৰ সৰু জীৱনক জয়াই খুব মৰম কৰে। টোপটোকে পৰিবলৈ নিদিয়ে। কিন্তু সেই জয়াৰে কি হ'ল সকলোবোৰ পাহৰি পেলালে জীতেনৰ প্ৰেমত পৰি। ককাক আইতাকৰ কথা নুশুনি আনকি, ভায়েকৰ মুখখনলৈও নোচোৱাকৈ এদিন সিহঁতৰ আগেৰেই ব'হাগ বিহুৰ কোনোবা এটা ৰাতি জীতেনৰ চাইকেলত উঠি গুচি যায়। ককাক আইতাকৰ এনেও তাইক ধামধুমেৰে বিয়া দিব পৰা অৱস্থা নাছিল, কিন্তু ল'ৰাটো ভাল হোৱা হ'লেও মানা নকৰে। নিজেই গৈছে নিজেই গম পাব বুলি ককাক আইতাকেও কথাবোৰ ধৰি থকা নাথাকি নাতিনীক নাতি জোঁৱাইসহিতে আদৰি লৈছিল।

জয়া খুড়ীৰ জীতেন খুড়াক বুজিবলৈ বেছিদিন নালাগিছিল। মানুহজন যে ইমান দুৰ্ঘোৰ মদাহী হ'ব কেতিয়াও ভাবিব পৰা নাছিল। চাৰিবছৰে প্ৰেম কৰিও চিনি নোপোৱা বিয়াৰ আগৰ জীতেনটোক তেওঁৰ কিবা সপোনত দেখাৰ দৰেহে লাগিছিল। শাহুৱেক শহৰেকেও নিজেই আহিছিলি বুলিয়েই গা এৰা দিছিল। লাহ-বিলাহত ন'হলেও তিনিবেলা তিনিসাজ খাব পৰাকৈ শহৰেকৰ ঘৰখন টনকিয়াল আছিল যদিও, মূল মানুহটোৰেই এই অৱস্থা! এনে মদাহীৰ লগত গোটেই জীৱন কটোৱাৰ কথা ভাবি কেতিয়াবা জয়া খুড়ীয়ে নিজকে শেষ কৰাৰ কথাও নভবাকৈ নাছিল। কিন্তু বিয়াৰ দুমাহ পিছতে গা-ভাৰী হোৱা মানুহজনীয়ে ভৱিষ্যতটোৰ কথা ভাবিহে নিজকে ৰখাইছিল। খুড়ীৰ জীৱনত যিবোৰ পাহৰিব নোৱাৰা বেয়া ঘটনাবোৰ ঘটিছে সেইবোৰ ব'হাগতে ঘটিছে, সেয়ে তেওঁ ব'হাগ মাহটোক চকু পাৰি দেখিব নোৱাৰে। 

এতিয়া আকৌ মামণিৰ ল'ৰা ঘৰেও বিয়াখন ব'হাগতে ঠিক কৰিছে বোলে ল'ৰাৰ দিন বোলে  ভাল ব'হাগত। ল'ৰা ঘৰৰ কথা পেলাব নোৱাৰি মন নথকা স্বত্বেও ব'হাগতে বিয়াখন পাতিবলৈ ঠিক কৰিছে। কোনোমতে পোৱা ল'ৰাটো খুড়ীৰ এৰি দিবলৈও মন নাই।

ছোৱালীজনী জন্মৰ দিন ধৰি বোলে খুড়ীৰ এটাই চিন্তা জীতেনৰ নিচিনা বাটে-ঘাটে পৰি থকা মদাহীৰ জীয়েকক কোনে বিয়া পাতিব! সেই চিন্তাই তেওঁক খুলি খুলি খাইছিল। বিয়া দিয়াৰ পিছত যদি মামণিৰ অৱস্থাও তেওঁৰ দৰে হয়!

সেয়ে সৰুৰেপৰা মামণিক কামে-কাজে, পঢ়াই-শুনাই পৈণত কৰাব বিচাৰিছিল। কামে-কাজে কাজী মামণিজনী পঢ়াই-শুনাইও পেলাই দিব লগা নহয়। চাঁওতে চাঁওতে তাইয়ো গাঁৱৰে কলেজখনৰপৰা হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰিলে। আৰু পঢ়িবলৈ মন আছিল যদিও বিয়াৰ পিছত পঢ়িবি বুলি মাকে থাওকতে পোৱা ল'ৰাটো এৰি দিবলৈ মন নকৰি বিয়াখন ঠিক কৰি পেলালে।

ল'ৰাজন মামণিতকৈ প্ৰায় ওঠৰ বছৰমানৰ ডাঙৰ হ'ব। সেয়ে তাইৰ বৰ এটা মন নাছিল। কিন্তু মাকৰ বুজনিত তাই কোনোমতে বিয়াত বহিবলৈ মত দিলে। মাকৰ দেউতাকৰ কাৰণে কি অৱস্থা তাই সৰুৰে পৰা দেখি আহিছে। মাকে নিজেই চাই বিয়া হৈ আহি ভুগিছে, কি ঠিক তাইৰো যে একে দশা ন'হব। তথাপিও মাকে তাইৰ ক্ষেত্ৰত কেতিয়াও ভুল নকৰে বুলি ভাবিয়েই বিয়াত বহাৰ মত দিছে। তাইৰ মত পাইয়ে মাকে দৰাৰ ঘৰলৈ খবৰ দিয়াৰ দুদিন পিছতেই ব'হাগৰ ঊন্নৈশ তাৰিখতে বিয়াখন হ'ব বুলি সিফালৰপৰা খবৰ আহে।

জয়া খুড়ীৰ বিয়াৰ দিন ঠিক হোৱাৰেপৰা মনটো গধুৰ। যেতিয়াই মামণিৰ মুখখন মনত পৰে, চকু চলচলীয়া হৈ আহে। এটাই প্ৰাৰ্থনা তেওঁৰ গতিয়ে জীয়েকৰ গতি ন'হলেই হ'ল। আজি জীতেন খুড়াৰ সলনি হোৱা ৰূপটো চাই খুড়ীৰ দেখোন মুখখনত অলপ হ'লেও চিন্তাৰ বোজাটো কম হোৱা যেন লাগিছে। বিয়াৰ কেইদিন ঠিকে-ঠাকে গ'লেই হ'ল। 

মদ নাখালেও মানুহজন আজিকালি কঁপি থাকে। সেইকথা কিন্তু খুড়ীয়ে ধৰিব পাৰিছে। আগতে ভাৱে মদ খোৱাৰ কাৰণে তেনেকুৱা হয়, কিন্তু এতিয়া নাখালেও মানুহজনে চাহৰ গিলাছটোকে ভালকৈ ধৰিব নোৱাৰে।

এদিন, দুদিনকৈ বিয়াখন পালেহি খুড়ীয়ে ভবাৰ দৰে খুড়াই এদিনৰ কাৰণেও মদ মুখত দিয়া নাছিল।যিটো কাম খুড়ীয়ে বিয়াৰ ঊন্নৈশ বছৰ ধৰি কৰিব নোৱাৰিলে হঠাৎ ছোৱালীজনীৰ বিয়াই সলনি কৰি দিলে। খুড়ী আচৰিত নহৈ নোৱাৰিলে। কেতিয়াবা গুজৰি গামৰি অহা, কেতিয়াবা চিপচিপাই থকা বতৰটোও মুকলি কৰিবলৈ ধৰিছে। 

বিয়াৰ আগদিনালৈ একেবাৰে ধুনীয়াকৈ ৰ'দ একাজলি ওলাল। বতৰটো এনেকৈয়ে থাকক বুলি খুড়ীয়ে পুৱাতেই ওচৰৰ নামঘৰ এটাত চাকি এগছো দি আহিল। বিয়াৰ আগদিনা ৰাতি জীয়েকে মাকে একেলগে বিছনাত পৰি ইজনীয়ে সিজনীক উপদেশ দিয়াত লাগিল। জীয়েকে মাকক বুজাই গ'ল 'মা তই চাগে ভাবিছ, দেউতা কেনেকৈ হঠাৎ সলনি হ'ল। কিমান দিনলৈকে এনেদৰে থাকিব নাজানো, কিন্তু দেউতাক এইকেইদিন সঁচাকৈয়ে বেলেগ এটা ৰূপত দেখিছো। কথাবোৰ তই শুনিবলৈ ধৈৰ্য ধৰিব লাগিব।সেইদিনা তোৰ জোঁৱায়েৰ আমাৰ ঘৰলৈ বুলি আহোতে দেউতাক গজেনৰ দোকানৰ আগফালে থকা আঁহতডালৰ তলতে পৰি থকা দেখি গাঁৱৰে ল'ৰা দুটামানৰ লগ লাগি ডাক্তৰৰ ওচৰলৈ লৈ যায়। ডাক্তৰে চাই মেলি দৰৱ দিয়াৰ লগতে বহুত বুজালে দেউতাক।সেইবোৰ কাণ্ড ঘটি যাঁওতে তই ঘৰত নাছিলি। তই বেছি চিন্তা কৰিবি বুলি তোক কোৱাও নাছিলোঁ। কিন্তু দেউতাক যে দেখিছ মদ নাখালেও কপি থাকে সেইবোৰৰ কাৰণ মদে দেউতাক খালে অ মা।' কথাখিনি কৈয়ে মামণিজনী ফেঁকুৰি উঠিল। ইমানদিনে জীয়েকৰ মুখলৈ চাই ধৈৰ্য ধৰি থকা জয়া খুড়ী আৰু ৰৈ থাকিব নোৱাৰিলে। ঊন্নৈশ বছৰে দাপ দি ৰখা চকুপানী পাৰ ভাঙি নিগৰিছে খুড়ীৰ। 'কিন্তু মা তই ইমানদিনে ধৈৰ্য সহকাৰে জীৱনটো চলাই আহিছিলি তেনেকৈ তই নিজকে প্ৰস্তুত কৰিব লাগিব মা' বুলি কৈ জীয়েকে মাকক সাৱতি ধৰিলে যেন মামণিহে জয়া খুড়ীৰ মাক।

'মাৰাৰ অলংকাৰ থোৱাহে কাটি কৰি...' মামণিক জোৰোণ পিন্ধাবলৈ লৈছে। বিয়াখন সুকলমে হৈ যাওক বুলি ভাবি খুড়ীয়ে আকৌ এবাৰ খুড়াট চাই গ'লহি।। মদ নোখোৱাকৈ থকা জীতেন খুড়াৰ বিয়াৰ দিনা পুৱাৰেপৰা গাটো ভাল নহয়। বিছনাৰপৰা উঠিবই পৰা নাই। খুড়ীয়ে অস্থায়ীভাৱে বনাই লোৱা ষ্টৰ ৰূমটোতে বিছনা এখন  কৰি দি খুড়াক শুৱাই থৈছে। এইটো ৰূমলৈ খুড়ীক বাদ দি কোনো নাহে। মাজে মাজে ব্যস্ততাৰ মাজতো চাই যায়হি। 

হৈ গ'ল, একো বিপদ বিঘিনি নোহোৱাকৈ সুকলমে বিয়াখন হৈ গ'ল। কিন্তু খুড়াৰহে অৱস্থা ভাললৈ নাহিল। দুদিন বিছনাত পৰি থাকি এদিন পুৱাই উশাহ লোৱাত কষ্ট হোৱাৰ অজুহাতেৰে সিপুৰী পালেগৈ। খুড়ীয়ে চিঞঁৰত গছৰ পাত সৰোৱাৰ দৰে কৰিছিল। মদাহী হওক যিয়েই হওঁক আজি ইমান বছৰে শিৰৰ সেন্দুৰকণ তেওঁৰ নামতেই লৈ আছিল। খুড়ীৰ কথা ব'হাগে তেওঁক আকৌ এবাৰ কন্দুৱাই থৈ গ'ল।

মামণিৰ বিয়া আৰু খুড়া ঢোকোৱা প্ৰায় চাৰিমাহ হ'বৰ হ'ল। আজি পুৱাই জোৱায়েকে আহি মামণিৰ ভাল খবৰটো দিলেহি। লগতে তেওঁকো একেলগে ওলাবলৈ ক'লে। এইটো সময়ত মাক লগত থাকিলে মামণিৰ মনটো ভাল লাগিব। খুড়ীয়ে ঘৰখন এৰি যাবলৈ থেৰো গেৰো কৰিছিল যদিও জীয়েকৰ মৰমতে ওলাল যাবলৈ। দুদিনমান জীয়েকৰ লগত থাকি গম পালে যে তেওঁ চাই দিয়া ল'ৰাজনৰ লগত অন্ততঃ জীয়েকে দুখ পোৱা নাই। মামণিৰ মুখত জোৱায়েকৰ কথা শুনি তেওঁ নিশ্চিত হ'ল যে জীয়েকৰ অৱস্থা তেওঁৰ দৰে নহয়। তাইৰ জন্মৰেপৰা যিটো চিন্তাই খাই মাৰিছিল এতিয়া সেইটো লাহেকৈ মাৰ গৈছে। জীয়েকৰ প্ৰতি জোৱায়েকৰ যি আদৰ যত্ন সেইবোৰ কাৰোৰে নজৰ নালাগক বুলি খুড়ীয়ে বাটে-পথে য'তে মন্দিৰ দেখে তাতে মূৰ দোৱাই।

পিছৰটো ব'হাগলৈ খুড়ীয়ে নাতি পোৱালি কোচত লৈ নিচুকাব পৰা হ'ল। ব'হাগৰ পহিলা দিনটোতে নাতিকণৰ হৈ গাঁৱৰে বৰ নামঘৰত নৈবীদ্য এভাগ আগবঢ়ালে। আবেলিলৈ গাঁৱৰে হুচৰি দল এটাকো মাতিলে  নিজৰ ঘৰৰ চোতালত বিহু মাৰিবলৈ। নাৰিকল গছজোপাত নতুনকৈ ফুলিবলৈ ধৰা কপৌ ফুলজোপাৰপৰা ফুল এপাহ আনি হুচৰি দলটোত অহা কণমানি এজনীৰ খোপাত ফুলপাহ গুজি দিওতে খুড়ীৰ মুখেৰে নজনাকৈয়ে হাঁহি এটি ওলাই আহিল।

ঢোলৰ গুমগুমণি শুনিলেই খং উঠা খুড়ীয়ে আজিকালি খুড়ীয়ে ব'হাগক লাহে লাহে দোষ দিবলৈ এৰিছে। দুখত কটাই অহা জীৱনৰ আধাকালটো জয়া খুড়ীয়ে জী-জোৱাই বিশেষকৈ নাতি ল'ৰাটোৰ পৰা পোৱা সুখৰে মোহাৰিবলৈ যিমান পাৰে চেষ্টা কৰি জীৱনটোক আগুৱাই লৈ গৈছে। এসময়ত ব'হাগে কন্দুৱাই থোৱা খুড়ীক এতিয়া সেই ব'হাগেই হাঁহিবলৈ শিকাইছে।