Wednesday 2 August 2017

দুচকুৰ মিঠা ভাষা (A Sweet Language of Eyes)

চিঠিখন বাৰে বাৰে লিখিবলৈ চেষ্টা কৰিও তাই সম্পূৰ্ণ কৰিব নোৱাৰিলে। চিঠি বুলি আচলতে ক'ব নোৱাৰি। সি দিয়া দীঘল চিঠিখনৰ উত্তৰত মাত্ৰ তিনিটা শব্দ লিখিব লাগে তথাপিও তাই পৰা নাই। এনেই তাইৰ কাউৰীঠেঙীয়া আখৰ, তাৰ ওপৰতে আকৌ কঁপি থকা হাঁতৰ লিখনিত সেই আখৰকেইটাও কিবাহে হৈছে। মুঠতে বাৰে বাৰে লিখে আৰু কাটে। ইফালে তাৰ কথা মনত পৰিলে আকৌ যিহে বুকুৰ ঢপঢপনি বাঢ়ে। কেতিয়াবা সেইখিনিও ওচৰে পাজৰে থকা চবেই শুনিব যেনেই লাগে। চিঠিখন হাতত লৈ তাই বাৰে বাৰে পঢ়ে। যেতিয়াই পঢ়ে তেতিয়াই কিবা এটা লাজে তাইক আৱৰি ধৰেহি। চিঠিখনৰ ক'ত কমা, ক'ত দাৰি সেইখিনিও মুখস্থ হৈ গৈছে তাইৰ। খালী উত্তৰটোহে লিখি দিব পৰা নাই। এবাৰ লিখে এবাৰ কাটে। সেইবোৰ কৰি থাকোঁঁতেই নিপ পেনটোৱেদি লিক হৈ থকা চিঞাহীখিনিয়ে মধ্যমা আৰু তৰ্জনী আঙুলিৰ মাজৰখিনি একেবাৰে নীলা কৰি পেলাইছে। কিনো আৰু সেই আঙুলিত লগা চিঞাহীখিনিকে ধুবলৈ যাব চুলিখিনিতে লগাই থৈ চিঠি লিখা পৰ্বৰ সামৰণি মাৰি শুবলৈ যায়। এইটো ঘটনা নতুন নহয়। তাৰপৰা পোৱা চিঠিখনৰ পিছৰপৰাই একেখিনি ঘটনাই ঘটি আছে তাইৰ লগত। কিয় যে সি লিখি দিলে 'চিঠিৰ উত্তৰ দিবা।'


তাই চিঠিখনৰ কথা ভাবিয়ে মাক শুই থকা বিছনাখনতে দীঘল দি পৰে। কাইলৈ নহ'লে তাক স্কুলৰ লেজাৰতে একাষৰীয়াকৈ মাতি নি মুুখেৰেই কৈ দিব। কিন্তু সেইটোও জানো সহজ! লগৰখিনিয়ে জোকাবলৈ ৰৈহে থাকে সিঁহত দুয়োটাকে। তাইৰ বাৰু তাৰ লগত জোকালে ইমানো বেয়া নালাগে তথাপিও বেলেগক দেখুৱাবলৈকে মুখখন উন্দোলাই গুচি আহে। 


আজিও চিঠিখনৰ উত্তৰটো লিখিব নোৱাৰিহে তাইৰ বেয়া লাগি আছে। সোহাঁতৰ আঙুলিত লাগি থকা চিঞাহীখিনি আন্ধাৰতে এনেই আকৌ এবাৰ চাই ল'লে। সেই চিঞাহীখিনিকো তাইৰ কিবা ভাল লাগি আহিবলৈ ধৰিলে। সেইখিনিও যে তাইৰ প্ৰেমৰে চিন। এনেই পঢ়া টেবুলত নবহা ছোৱালীজনী যে প্ৰেমপত্ৰ লিখাৰ নামতে টেবুলখনৰ মুখ দেখিছে। তাৰ ওপৰতো খং উঠিল তাইৰ। নীলা হোৱা আঙুলিকেইটা দেখিও সি বুজি পাব নালাগেনে যে তাই তাৰ চিঠিৰ উত্তৰ লিখি লিখিয়ে এই অৱস্থা।


আগতে জানো ইমান দেৰিলৈকে পঢ়া টেবুলত বহিব পাৰিছিল। দেৰিটো বাদেই স্কুলতে যি পঢ়া-শুনা কৰে সেইয়াই। স্কুলৰপৰা আহি মাকৰ লগত ঘৰৰ কামত লাচনি-পাচনি কৰি দিওঁঁতেই সময়বোৰ পাৰ হয়। আজি দুদিনমানৰপৰাহে ৰাতি ৰাতি টেবুলত বহিবলৈ লৈছে। মাক আকৌ আচৰিত নোহোৱাও নহয়। তথাপিও জীয়েকৰ মতিগতি ভাললৈ আহিছে বুলি একো কোৱা নাই। লাইটোৱেও মাজে মাজে লুকা-ভাকু নেখেলা নহয়। তথাপিও জীয়েকৰ পঢ়া ক্ষতি হয় বুলিয়েই কাষতে হাত লেম্পটো জলাই থৈ তেওঁ শুবলৈ যায়। আৰু জীয়েকেও পঢ়াৰ নামত হাতটো চিঞাহীৰে নীলা কৰি বহীপাত কেইখিলামান নষ্ট কৰা বাদ দি একো নকৰে। অ অৱশ্যে মাজে আঁহত পাতটো আকি মাজেৰে কাঁড় চিন এডাল মাৰি সিহঁত দুয়োৰে নামটো নিলিখা নহয়।কিন্তু সেইখিলা আকৌ মাকে কেনেবাকৈ দেখা পাই বুলিয়েই লৰালৰিকৈ সোতোৰ মোচোৰ কৰি নষ্ট কৰি পেলাই দিয়া বহীপাতসোপাৰ মাজতেই পেলাই দিয়ে। সেইখিলা পেলাই দিয়াৰ সময়ত তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইৰ হিয়াৰ এফালহে লৈ গৈছে। চিঞাহীৰে নীলা কৰি থোৱা আঙুলিকেইটা তাইৰ পিছদিনা ধুবলৈও মন নাযায়। ধুলেই যেন নীলাখিনিৰ লগতে ভালপোৱাৰ সেউজীয়াবিলাকো গুচি যাব।


প্ৰাৰ্থনা গাবলৈ লাইন পাটি সিটো মূৰত তাইলৈ চাওঁঁ নাচাওঁঁকৈ চাই থকা মৰম লগা ল'ৰাটো। তাৰ চকুত চকু পৰিলেই কিবা এটা লাজে আবৰি ধৰেহি। হাঁহো নাহাঁহোকৈ ওঁঁঠখন লৰাবলৈ ধৰোতেই কাষৰজনীয়েই হওক পিছফালৰজনীয়ে খুচ এটা সদায় মাৰিবই। তেতিয়াই আকৌ দুয়ো কোনোবাই দেখাৰ ভয়ত সচকিত হৈ পাৰ ভাঙি বৈ অহা প্ৰেমক ভেটা দিবলগীয়া হয়। ইফালে তাৰ মনত খদমদম জানোচা তাই চাদৰৰ মিহি মিহি ভাজৰপৰা এইমাত্ৰ চিঠিখন উলিয়াৱেই। কিন্তু সেইয়া কেতিয়াও হৈ নুঠেগৈ।


ক্লাছ নাইনৰ কথা পঢ়া-শুনা অলপ কৰিছে চাগে! তাইৰ দীঘল দীঘল আঙুলিকেইটাত লাগি থকা চিঞাহীখিনি দেখি সি মনতে সান্ত্বনা লয়।  আঙুলিৰ নীলাখিনিৰ সৈতে ধুনীয়া নখকেইটাত লগাই থোৱা টিকটিকিয়া জেতুকাৰ ৰংটো একেবাৰে মিলা নাই। তথাপিও যেন বেয়া লগা নাই। এনদৰে দূৰৈৰপৰা দুয়ো দুয়োকে চাই থাকোঁঁতেই সময় বাগৰে। চিঠিখনৰ উত্তৰ নাপালেও ইমানদিনে তাইৰ চকুৰ ভাষাতেই সকলো উত্তৰ ইতিমধ্যে সি পাই গৈছে। দুচকুৰ ভাষাৰে দিয়া উত্তৰটোও যে ইমান মিঠা সিঁহতহালৰ বাদে কোনে বুজিব।

'মা ভাত দিয়া।' বুলি চাৰিবছৰীয়া ছোৱালীজনীয়ে মাকৰ ওচৰত আহি ঠেনঠেনাওঁতেহে মাকৰ তন্দ্ৰা ভাঙে। আচলতে নিউজত বাৰে বাৰে সুৰ লগাই ভিচিডি কেছেট বজোৱা দি বজাই থকা 'বাবু ভাত খালা' নিউজটোৱে তাইক বহুত কথাই ভবাই তুলিলে। প্ৰেমনো নহয় কাৰ! কিন্তু হ'ল বুলি এনেকৈ ঢোল পিতি ৰাইজক দেখুওৱাটো কিমান সমীচিন! নিউজটো চাই চাইয়ে কেতিয়া মনাশ্ৰীয়ে নিজৰ অতীতলৈ উভতি গ'ল গমেই নাপালে। এতিয়াহে জীয়েকৰ মাতটো শুনি খপজপকৈ টোপনিৰপৰা সাৰ পোৱাৰ দৰে উঠি জীয়েকক ভাতকেইটা বাঢ়ি দিবলৈ পাকঘৰ পালেগৈ।

Thursday 15 June 2017

এটি নতুন বেলি (Rising Sun)

তাই নাচিছে আজি উলাহতে দেও দি দি নাচিছে। কৰবাৰপৰা ভাঁহি অহা ঢোলৰ চেওত টাকোৰ ঘূৰাদি ঘূৰিছে। আজি বহুত বছৰৰ মূৰত তাইৰ মনলৈ আহিছে তাই যে ভালকৈ নাচিব পাৰিছিল।নানাচিবনো কিয় আজি এই পহিলা ব'হাগতে যে তাইৰ অতদিনৰ জল্পনা কল্পনাৰ ওৰ পেলাই সি যে উভতি আহিছে একেবাৰে তাইৰ কাষলৈ। ইমানদিনৰ অপেক্ষাৰ ওৰ পেলাই। এনেই জানো কোনোবাই কয় সঁচা অন্তৰ দি যদি কিবা বিচাৰে সেইয়া এদিন ন'হলেও এদিন পাবই। কালি ৰাতিয়ে লগাই থোৱা দুহাতৰ জেতুকাৰ ৰংখিনি আজি পুৱালৈ উদয় হোৱা বেলিটোৰ দৰে টিকটিকিয়া হৈ পৰিছে। ৰং নধৰে কমখন ভয় খাই আছিলনে। হঁওক তেওঁ সি যে আহিয়ে তাইৰ ৰংবুলীয়া হাঁত দুখন দেখিলে কেনে স্ফূৰ্টি পাব। আজি কাম কৰিবলৈও বহুত আছে কিন্তু ভিতৰ সোমাবলৈও মন যোৱা নাই জানোচা তাইৰ ভিতৰত থাকোতেই সি সিহঁতৰ ঘৰখন পাৰ হৈ গুচিয়ে যায়। একেবাৰে ঘৰত নোসোমাই সিহঁতৰ ঘৰত সোমালে বৰমাৰ মনতো অলপ হ'লেও বেয়া লাগিব। আৰু তাইৰো জানো তাক চাবলৈ কম মন গৈ আছেনে। সেয়ে তাইয়ে পদূলিতে কচৰত কৰাত লাগিছে আহিলেই যাতে তাই আগতে দেখা পায়। গামোছাকেইখনো উলিয়াব লাগিব। এইবাৰ বিহুটোক মিলাই সৰ্বমুঠ আঠখন গামোছা আৰু ৰুমালৰটো গন্তিয়ে নাই। তাৰ নামত বিহু বুলি প্ৰত্যেকবছৰে প্ৰথমতেই থৈ লোৱা এইবোৰ ভমকাফুলীয়া গামোছা। বাকীবোৰটো আছেই জন্মদিন কিবাদিন মিলাই এগালমান। প্ৰেমবোৰো যে কেনেকুৱা! এবাৰ পৰাজনেহে গম পায়।

মাকে মাজে মাজে তাইক চাই যায়হি ইমান কামৰ মাজত জীয়েকেনো পদূলিমুখত কাৰ কাৰণে তাঁতবাতি কৰি আছে। বুজিবলৈ তেঁওৰো বাকী নাই, বুজিছেই যি বুজিবলগা আছে। গাভৰু কালত হোৱা এনে উথপথপ তেঁও ভালকৈ জানে। সেয়ে জীয়েকক একো নকয় তথাপিও দুখ এটাই কৰবাত খুঁচ এটা মাৰেহি তাইৰ ভৱিষ্যতটো ভাবিলে। যদিওবা চিন-জনা ঘৰৰ ওচৰৰে ভাল ঘৰৰ ল'ৰা কিন্তু সি জানো তাইৰ আৱেগবোৰ বুজি পাব। মাক-দেউতাকৰ মৰমক নেওচিয়ে যেতিয়া এটা অদ্ভূত ৰাস্তা ল'লে তাইৰ কথা জানো কেতিয়াবা বুজিব। তথাপিও দেখোন তাইৰ তাৰ বিশ্বাস আৰু মৰমবোৰ দেখিলে মানা কৰিবলৈ মন নাযায়। আশা বিশ্বাসবোৰৰ মাজতেই ভালপোৱা। জানোছা তাইৰ এই ভালপোৱাই মাক-দেউতাকে হেৰুৱাই পেলোৱা ল'ৰাটো ঘূৰাই পাইয়েই। মাকে তাইলৈ চাই কথাবোৰ ভাবি থাকোতে দুয়ো দুয়োৰে চকু পৰাত তাইক কিবা অচিনাকি লাজ এটাই আৱৰি ধৰিলে। কি কৰো কি নকৰো বুলি তাঁতৰশালতে বহিল তথাপিও মনডাল দেখোন গুচি যায় কোনোবা অজান দেশলৈ য'ত তাই আৰু তাইৰ আপোনজন!

আঠবছৰৰ আগৰ কোনোবা এটা পুৱাই কান্দি কান্দি সিহঁতৰ ঘৰলৈ অহা বৰমাক আৰু বৰদেউতাকৰ মুখখন মনত পৰিলে তাইৰ এতিয়াও হিয়াৰ কোনোবা এটা কোণ বিষাই উঠে। সেই চিঠিখন যিয়ে সকলোলৈকে অমানিশাৰ কালৰাত্ৰি নমাই আনিছিল। তাইৰ শৈশৱৰ বন্ধু যৌৱনৰ প্ৰেমলৈ ৰূপান্তৰিত হঁওতেই যেন সকলো মোহাৰ খাই গৈছিল। সিহঁতৰ ঘৰৰপৰা দুঘৰ পাৰ হৈয়ে দীনবন্ধু বৰতাকৰ ঘৰ। তেওঁৰ একমাত্ৰ ল'ৰা মানসেই মামণিৰ সুখ দুখৰ লগৰী। সৰুৰপৰা একেলগে ডাঙৰ কোনো কথা নোলোকোৱা ল'ৰাটোৱে শেষত ইমান এটা ডাঙৰ সিদ্ধান্ত লৈ গুচি গ'ল মনে মনে। য'ত তাৰ একমাত্ৰ আশ্ৰয় হাবি-বননি আৰু ঘৰলৈ অহাৰ সময় মাজনিশা। প্ৰায় আঠবছৰেই হ'ল তাক দিনৰ পোহৰত নেদেখা। কেতিয়াবা চকা-মকা পোহৰত দেখা তাৰ হাত মুখৰ দাগবোৰে মামণিৰ বুকুখনত হাতুৰিৰে কোব দিয়া যেন লাগে। ইমান কষ্ট কৰি কি পাইছেনো মানুহৰ মাজলৈ ঘূৰি আহিলেই দেখোন সকলো শেষ। তাক ক'লেও কয় সেইবোৰ বোলে তাই বুজি নাপাব।

কিন্তু সি কি বুজি পায়! সি যে ঘৰলৈ অহাৰ পিছদিনা বৰমা বৰতাৰ লগত পুলিছবিলাকে কৰা হাৰাশাস্তিবোৰ জানো দেখে। ঠেটুৱৈ লগা জাৰত তাৰ কথা সুধি যে বাহিৰত যে কিমানদিন থিয় কৰাই থৈছিল। কিমানটা ৰাতি বৰতাকক মামণিৰ দেউতাকে পুলিছৰ হাতৰপৰা আনিব লাগে! বৰমাৰ হাঁতৰ কাণৰ গহনা বুলিবলৈ একোৱে নাই সকলোবোৰ হেৰাল তাক বিচাৰি কৰা উৎপাতত। এইবোৰ তাক ক'লেও দুচকু ধূলধূলীয়া কৰা বাদ দি তাৰ মন সলনি নকৰে।

কিমানটা বসন্ত পাৰ কৰিলে তাই তাৰ আশাত। ঘৰত বিয়াৰ কথা উলিয়ালেই গা এৰা দিয়ে। কিহৰ কাৰণে তাইও নাজানে কিন্তু কোনোবা এদিন সি আহিব উভতি! তাইৰ উকা কপালখনত ৰং দিবলৈ। মাকে বুজি পালেও দেউতাকে নুবুজে। সময়ত বিয়া নিদি গাভৰু ছোৱালী ঘৰত এনেকৈ ৰাখি থোৱাটো বেয়া কথা। মানুহেওনো ক'ব কি? চাবলৈ গ'লে একোটে খুট নথকা ছোৱালীজনীৰ ল'ৰাৰনো অভাৱ ক'ত?
আগদিনা ৰাতি দেউতাকে দিয়া খবৰটোৰপৰা তাই শুব পৰা নাই। সি বোলে ঘূৰি আহিব, পুলিছে ইতিমধ্যে সকলোবোৰ কাম কৰিছেই মাত্ৰ ঘৰৰ কোনোবা যাব লাগে। আজি সেয়ে দেউতাক আৰু বৰতাক দুয়ো গৈছে ওলাই। তাইৰ বুকুখনে ধান বানিয়ে আছে কথাটো শুনাৰেপৰা। শেষত যেনিবা ভগৱানে তাইৰ প্ৰাৰ্থনাবিলাক শুনিলে। সি যোৱাৰে দিন ধৰি য'লৈকে যায় যিয়ে কৰে তাইৰ এটাই প্ৰাৰ্থনা সি যাতে অতি সোনকালে সৎপথলৈ ঘূৰি আহে। ইমানদিনৰ মূৰত তাৰ চকুৱে শুদ্ধ পথটো দেখিলে। এতিয়া চাগে তাৰ মুখখন পুৰুষ যেন লগা হ'ল আঠাইছ বছৰীয়া হ'ল যেতিয়া। তাইও জানো সৰু হৈ আছে যিয়েই দেখে চবেই ইমান ধুনীয়া ছোৱালী ভাল ল'ৰা এটা চাব লাগিব। কিন্তু তাইৰ তাৰ কথা মনত পৰিলে আকৌ সেই উনৈশ-বিশ বছৰীয়া ল'ৰাটোলৈহে মনত পৰে।

কথাবোৰ ভাবোতে ভাবোতে বেলি আহি মূৰত উঠিল। সিহঁতৰ ঘৰলৈ সৰু সৰু ল'ৰা-ছোৱালীৰ হুঁচৰি এযোৰা সোমাই আহিল। পহিলাটো বহাগৰ পহিলাটো হুঁচৰি। তাতে আকৌ আছে ইমান ভাল খবৰ। লৰালৰিকৈ তাঁতৰশালৰপৰা উঠি গৈ তাই টিকটিকিয়া ৰঙা বোৱা কাপোৰ এযোৰ পিন্ধি খোপাতে তগৰ ফুল এডাল গুজি চোতাল পালেহি। মাকৰ লগতে মামণিয়েও অহাবছৰ ৰঙালীত তাইৰ নতুনঘৰত প্ৰিয়জনৰ লগত একেলগে বিহু পতাৰ উদ্দেশ্যৰে হুঁচৰিৰ ওচৰত আঠু ল'লে। আজি তাইৰ অন্তৰত এটি নতুন বেলিৰ উদয় হৈছে য'ত চমকিত হৈছে তাইৰ ভৱিষ্যত।

Sunday 4 June 2017

ক্ৰিকেটো এক আৱেগ অনুভূতি (Cricket is an Emotion)


বহুত দিনৰ মূৰত মাৰ মুখত শুনিলো ক্ৰিকেট খেলৰ কথা। ফোনটো ৰিচিভ কৰিয়েই অইন বেলেগ কথা সোধাৰ সলনি ক'লে ইণ্ডিয়া পাকিস্তানৰ খেল চাই আছো প্ৰায় দুবছৰ মানৰ মূৰত। ক্ৰিকেট নামটো শুনিয়ে মইও টিভিটো লগাই বহি ল'লো। বহুত দিনেই হৈ গ'ল খেল নোচোৱা সেয়ে খেলুৱৈসকলকো যুৱৰাজ, কোহলি আৰু কেইটামানক বাদ দি বাকীবোৰক বৰ ভালদৰে চিনি নাপাও। কিন্তু ভাল লাগিছে চাই আৰু আগৰদিনৰ কথাবিলাকো মনত পৰিছে। খেল বুলি ক'লেই আগতে বহি যাঁও একেলগে সকলো, এটা ধুনীয়া পৰিৱেশ। সকলোবোৰ একেলগে বহি খেল চোৱাৰ মজাই বেলেগ আৰু তাৰ মাজে মাজে যিবোৰ কাণ্ড ঘটে সেইবোৰ হয়তো প্ৰায় সকলোৰে লগতে ঘটে।

এতিয়া কেনেকুৱা নাজানো কিন্তু আগতে যেতিয়া খেল চাইছিলো বিশেষকৈ ভাৰত পাকিস্তানৰ খেল চলি থকা সময়ত আমাৰ দৰ্শকমণ্ডলী ইমানেই খেলৰ জগতত সোমাই থাকে যে কাকো একো ক'ব নোৱাৰা অৱস্থাত। পাৰিলে যেন টিভিটোৱেদি সোমাই গৈ খেল চলি থকা ফিল্ডখনত গৈ নিজেও ভাগ ল'ব। যদি কেনেবাকৈ আমাৰ টিমৰ কোনোবাই বেয়া খেলি আছে তেতিয়া হৈছেই আৰু। দৰ্শকবৃন্দক চাহ ভাতৰ কথা সোধিবলৈ নোযোৱাই ভাল ন'হলে ওৰহৰ খং কেতিয়া ভগা ঢাৰিত পৰে ঠিক নাই। আৰু খেলুৱৈ কেইজনকটো গালি পাৰিবলৈ আছেই। এনেকুৱাকৈয়ে গালি দিব আৰু লগতে উপদেশকেইটামান যেন তেওঁলোকৰ কথা নুশুনি খেলাৰ কাৰণেহে এই গতি! আকৌ খেল চাই থকাৰ সময়ত যদি কাৰোবাৰ মুখেদি আউট শব্দটো কেনেবাকৈ ওলাই যায় আৰু তাৰ পিছ মূহূৰ্ততে যদি আমাৰ এজন আউট হৈ যায় তেতিয়াটো সেই বেয়া শব্দটো কওতাজনৰ অৱস্থা একেবাৰে তথৈবচ। এজাউৰিমান গালি শুনাৰ উপৰিও যে খেলখন শেষ নোহোৱালৈকে তেঁওৰ যে সেই ৰুমটোলৈ 'ন এণ্ট্ৰি'ৰ জাননী আহি যাব সেইটো ধুৰূপ। দীঘল চুলীয়ি ধোনীয়ে খেলি থকাৰ সময়ৰ কথা। কেনেবাকৈ যদি খেলখন বেয়া হয় অথবা ধোনীয়ে ভালকৈ খেলিব নোৱাৰে। তেতিয়া সকলোবোৰ দোষৰ আৰত ধোনীৰ চুলিখিনি। সেই দীঘল চুলিখিনিৰ কাৰণেই খেলত ইমান বাধা। সেইটোসময়তে যদি ছিক্স ফ'ৰ কেইটামান শোধাই দিয়ে অহ মাই গড সেইটো মূহূৰ্ত! যদি বহি থকা বিছনাখন অলপ মজবুত কাঠৰ নহয় তেতিয়াটো সেইখন কি হ'ব সেইকথা ন'কলেও হ'ব। আৰু সেই খেলি থকা খেলুৱৈকেইটাক ওচৰত পালে ক'ত থ'ব ক'ত বহুৱাব লগতে উপদেশ 'অ এনেকৈয়ে খেলি থাক'। ইফালে এনেকুৱা খেলৰ সময়তে কাৰেণ্টেও যদি তাৰ নিজৰ লুকা-ভাকু খেল আৰম্ভ কৰি দিয়ে সেইফালে তেন্তে ইলেকট্ৰিছিটি ব'ৰ্ডৰ মানুহকেইটালে বেয়া লাগি যাব। এনেকুৱা জাউৰিয়ে জাউৰিয়ে গুৱাল গালি হয়তো জীৱনত খাই নাপায় যিমান খেল চলি থকাৰ সময়ত খাই। খেলখনৰ শেষ মূহূৰ্তত জিকিবলৈ কেইটামান বলত কেইটামান ৰাণহে লাগে সেই সময়খিনিৰ নিচিনা উত্তেজনা পূৰ্ণ একোৱে নাই। মানুহবোৰ কেইছেকেণ্ডমানলৈ স্থৱিৰ হৈ যায় যেন অলপ ইফাল সিফাল কৰিলেই সকলোবোৰ সলনি হৈ যাব। উশাহটো ল'বলৈও যেন পাহৰি যায়। কোনোবাই যদি মুখৰ ভিতৰতে ভগৱানৰ নাম লয়, কোনোবাই আকৌ মনৰ ভিতৰত দমাই ৰাখিব নোৱাৰি সকলোৱে শুনাকৈয়ে ওপৰৰজনাৰ নাম ল'ব। মুঠতে সকলোৰে এটাই প্ৰাৰ্থনা 'ভগৱান আমাৰ ভাৰতক জিকাই দিয়া।' আচলতে যিমান যি কৰা হয় সেইয়া আচলতে আমাৰ আৱেগ আমাৰ ভালপোৱা দেশখনকলৈ। এক আৱেগ অনুভূতি দেশখনৰ কাৰণে ক্ৰিকেটৰ মাজেৰে। সেই আৱেগৰে বশৱৰ্তী হৈয়ে খেলখন চলি থাকোতে যিমান যি কৰা হয় সেইবোৰ যদি পিছত মনত পৰে সঁচাই হাঁহি উঠে।