চিঠিখন বাৰে বাৰে লিখিবলৈ চেষ্টা কৰিও তাই সম্পূৰ্ণ কৰিব নোৱাৰিলে। চিঠি বুলি আচলতে ক'ব নোৱাৰি। সি দিয়া দীঘল চিঠিখনৰ উত্তৰত মাত্ৰ তিনিটা শব্দ লিখিব লাগে তথাপিও তাই পৰা নাই। এনেই তাইৰ কাউৰীঠেঙীয়া আখৰ, তাৰ ওপৰতে আকৌ কঁপি থকা হাঁতৰ লিখনিত সেই আখৰকেইটাও কিবাহে হৈছে। মুঠতে বাৰে বাৰে লিখে আৰু কাটে। ইফালে তাৰ কথা মনত পৰিলে আকৌ যিহে বুকুৰ ঢপঢপনি বাঢ়ে। কেতিয়াবা সেইখিনিও ওচৰে পাজৰে থকা চবেই শুনিব যেনেই লাগে। চিঠিখন হাতত লৈ তাই বাৰে বাৰে পঢ়ে। যেতিয়াই পঢ়ে তেতিয়াই কিবা এটা লাজে তাইক আৱৰি ধৰেহি। চিঠিখনৰ ক'ত কমা, ক'ত দাৰি সেইখিনিও মুখস্থ হৈ গৈছে তাইৰ। খালী উত্তৰটোহে লিখি দিব পৰা নাই। এবাৰ লিখে এবাৰ কাটে। সেইবোৰ কৰি থাকোঁঁতেই নিপ পেনটোৱেদি লিক হৈ থকা চিঞাহীখিনিয়ে মধ্যমা আৰু তৰ্জনী আঙুলিৰ মাজৰখিনি একেবাৰে নীলা কৰি পেলাইছে। কিনো আৰু সেই আঙুলিত লগা চিঞাহীখিনিকে ধুবলৈ যাব চুলিখিনিতে লগাই থৈ চিঠি লিখা পৰ্বৰ সামৰণি মাৰি শুবলৈ যায়। এইটো ঘটনা নতুন নহয়। তাৰপৰা পোৱা চিঠিখনৰ পিছৰপৰাই একেখিনি ঘটনাই ঘটি আছে তাইৰ লগত। কিয় যে সি লিখি দিলে 'চিঠিৰ উত্তৰ দিবা।'
তাই চিঠিখনৰ কথা ভাবিয়ে মাক শুই থকা বিছনাখনতে দীঘল দি পৰে। কাইলৈ নহ'লে তাক স্কুলৰ লেজাৰতে একাষৰীয়াকৈ মাতি নি মুুখেৰেই কৈ দিব। কিন্তু সেইটোও জানো সহজ! লগৰখিনিয়ে জোকাবলৈ ৰৈহে থাকে সিঁহত দুয়োটাকে। তাইৰ বাৰু তাৰ লগত জোকালে ইমানো বেয়া নালাগে তথাপিও বেলেগক দেখুৱাবলৈকে মুখখন উন্দোলাই গুচি আহে।
আজিও চিঠিখনৰ উত্তৰটো লিখিব নোৱাৰিহে তাইৰ বেয়া লাগি আছে। সোহাঁতৰ আঙুলিত লাগি থকা চিঞাহীখিনি আন্ধাৰতে এনেই আকৌ এবাৰ চাই ল'লে। সেই চিঞাহীখিনিকো তাইৰ কিবা ভাল লাগি আহিবলৈ ধৰিলে। সেইখিনিও যে তাইৰ প্ৰেমৰে চিন। এনেই পঢ়া টেবুলত নবহা ছোৱালীজনী যে প্ৰেমপত্ৰ লিখাৰ নামতে টেবুলখনৰ মুখ দেখিছে। তাৰ ওপৰতো খং উঠিল তাইৰ। নীলা হোৱা আঙুলিকেইটা দেখিও সি বুজি পাব নালাগেনে যে তাই তাৰ চিঠিৰ উত্তৰ লিখি লিখিয়ে এই অৱস্থা।
আজিও চিঠিখনৰ উত্তৰটো লিখিব নোৱাৰিহে তাইৰ বেয়া লাগি আছে। সোহাঁতৰ আঙুলিত লাগি থকা চিঞাহীখিনি আন্ধাৰতে এনেই আকৌ এবাৰ চাই ল'লে। সেই চিঞাহীখিনিকো তাইৰ কিবা ভাল লাগি আহিবলৈ ধৰিলে। সেইখিনিও যে তাইৰ প্ৰেমৰে চিন। এনেই পঢ়া টেবুলত নবহা ছোৱালীজনী যে প্ৰেমপত্ৰ লিখাৰ নামতে টেবুলখনৰ মুখ দেখিছে। তাৰ ওপৰতো খং উঠিল তাইৰ। নীলা হোৱা আঙুলিকেইটা দেখিও সি বুজি পাব নালাগেনে যে তাই তাৰ চিঠিৰ উত্তৰ লিখি লিখিয়ে এই অৱস্থা।
আগতে জানো ইমান দেৰিলৈকে পঢ়া টেবুলত বহিব পাৰিছিল। দেৰিটো বাদেই স্কুলতে যি পঢ়া-শুনা কৰে সেইয়াই। স্কুলৰপৰা আহি মাকৰ লগত ঘৰৰ কামত লাচনি-পাচনি কৰি দিওঁঁতেই সময়বোৰ পাৰ হয়। আজি দুদিনমানৰপৰাহে ৰাতি ৰাতি টেবুলত বহিবলৈ লৈছে। মাক আকৌ আচৰিত নোহোৱাও নহয়। তথাপিও জীয়েকৰ মতিগতি ভাললৈ আহিছে বুলি একো কোৱা নাই। লাইটোৱেও মাজে মাজে লুকা-ভাকু নেখেলা নহয়। তথাপিও জীয়েকৰ পঢ়া ক্ষতি হয় বুলিয়েই কাষতে হাত লেম্পটো জলাই থৈ তেওঁ শুবলৈ যায়। আৰু জীয়েকেও পঢ়াৰ নামত হাতটো চিঞাহীৰে নীলা কৰি বহীপাত কেইখিলামান নষ্ট কৰা বাদ দি একো নকৰে। অ অৱশ্যে মাজে আঁহত পাতটো আকি মাজেৰে কাঁড় চিন এডাল মাৰি সিহঁত দুয়োৰে নামটো নিলিখা নহয়।কিন্তু সেইখিলা আকৌ মাকে কেনেবাকৈ দেখা পাই বুলিয়েই লৰালৰিকৈ সোতোৰ মোচোৰ কৰি নষ্ট কৰি পেলাই দিয়া বহীপাতসোপাৰ মাজতেই পেলাই দিয়ে। সেইখিলা পেলাই দিয়াৰ সময়ত তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইৰ হিয়াৰ এফালহে লৈ গৈছে। চিঞাহীৰে নীলা কৰি থোৱা আঙুলিকেইটা তাইৰ পিছদিনা ধুবলৈও মন নাযায়। ধুলেই যেন নীলাখিনিৰ লগতে ভালপোৱাৰ সেউজীয়াবিলাকো গুচি যাব।
প্ৰাৰ্থনা গাবলৈ লাইন পাটি সিটো মূৰত তাইলৈ চাওঁঁ নাচাওঁঁকৈ চাই থকা মৰম লগা ল'ৰাটো। তাৰ চকুত চকু পৰিলেই কিবা এটা লাজে আবৰি ধৰেহি। হাঁহো নাহাঁহোকৈ ওঁঁঠখন লৰাবলৈ ধৰোতেই কাষৰজনীয়েই হওক পিছফালৰজনীয়ে খুচ এটা সদায় মাৰিবই। তেতিয়াই আকৌ দুয়ো কোনোবাই দেখাৰ ভয়ত সচকিত হৈ পাৰ ভাঙি বৈ অহা প্ৰেমক ভেটা দিবলগীয়া হয়। ইফালে তাৰ মনত খদমদম জানোচা তাই চাদৰৰ মিহি মিহি ভাজৰপৰা এইমাত্ৰ চিঠিখন উলিয়াৱেই। কিন্তু সেইয়া কেতিয়াও হৈ নুঠেগৈ।
ক্লাছ নাইনৰ কথা পঢ়া-শুনা অলপ কৰিছে চাগে! তাইৰ দীঘল দীঘল আঙুলিকেইটাত লাগি থকা চিঞাহীখিনি দেখি সি মনতে সান্ত্বনা লয়। আঙুলিৰ নীলাখিনিৰ সৈতে ধুনীয়া নখকেইটাত লগাই থোৱা টিকটিকিয়া জেতুকাৰ ৰংটো একেবাৰে মিলা নাই। তথাপিও যেন বেয়া লগা নাই। এনদৰে দূৰৈৰপৰা দুয়ো দুয়োকে চাই থাকোঁঁতেই সময় বাগৰে। চিঠিখনৰ উত্তৰ নাপালেও ইমানদিনে তাইৰ চকুৰ ভাষাতেই সকলো উত্তৰ ইতিমধ্যে সি পাই গৈছে। দুচকুৰ ভাষাৰে দিয়া উত্তৰটোও যে ইমান মিঠা সিঁহতহালৰ বাদে কোনে বুজিব।
'মা ভাত দিয়া।' বুলি চাৰিবছৰীয়া ছোৱালীজনীয়ে মাকৰ ওচৰত আহি ঠেনঠেনাওঁতেহে মাকৰ তন্দ্ৰা ভাঙে। আচলতে নিউজত বাৰে বাৰে সুৰ লগাই ভিচিডি কেছেট বজোৱা দি বজাই থকা 'বাবু ভাত খালা' নিউজটোৱে তাইক বহুত কথাই ভবাই তুলিলে। প্ৰেমনো নহয় কাৰ! কিন্তু হ'ল বুলি এনেকৈ ঢোল পিতি ৰাইজক দেখুওৱাটো কিমান সমীচিন! নিউজটো চাই চাইয়ে কেতিয়া মনাশ্ৰীয়ে নিজৰ অতীতলৈ উভতি গ'ল গমেই নাপালে। এতিয়াহে জীয়েকৰ মাতটো শুনি খপজপকৈ টোপনিৰপৰা সাৰ পোৱাৰ দৰে উঠি জীয়েকক ভাতকেইটা বাঢ়ি দিবলৈ পাকঘৰ পালেগৈ।