Thursday 1 September 2022

জয়মালাই কান্দিছে...

 আজি দুদিন ধৰি ছচিয়েল মিডিয়াত খুব চৰ্চিত খবৰটো হৈছে জয়মালা নামৰ হাতীজনীৰ। ঠিয়ৈ ঠিয়ৈ এতিয়া মৃত্যুৰ ক্ষণ গণা জয়মালাৰ ফটোখনে আমাৰ সকলোৰে বুকু কঁপাই তুলিছে। ইমান নিষ্ঠুৰ হ'ব পাৰেনে আমাৰেই এই জাতিটো।

শেহতীয়া তথ্য অনুসৰি জয়মালাৰ পূৰ্বৰ গৰাকী যোৰহাট নিবাসী মোহন চুতীয়া বুলি গম পোৱা গৈছে। জয়মালাই ভোগ কৰা অত্যাচাৰে এতিয়া তেওঁৰো চকুৰ টোপনি, পেটৰ ভোক সকলো হৰিছে। হাতী পোহা কামটো বৰ সহজ কাম নহয়। তেওঁ ভালকৈ আল-পৈচান ধৰিব নোৱাৰিব বুলিয়েই ২০০৮ চনত জয়মালাক গৰাকীয়ে গতাই দিছিল বিহাৰৰ কোনোবা এজন পুৰোহিতৰ হাতত। ভাবিছিল জয়মালাক তেওঁ যেনেদৰে ৰাখিছিল, বিহাৰৰ পুৰোহিতেও তাইক তেনেদৰেই ৰাখিব। পিচে জীৱ-জন্তুক মৰম আমি কেইজনে কৰিব জানো! এতিয়া জয়মালাৰ খবৰে আমাক সকলোকে কন্দুৱাইছে। মন্দিৰলৈ বুলি লৈ যোৱা হাতীবোৰৰ পিছত কি হয়? আমি জানোনে এনেধৰণৰ ধৰ্মীয় সকামৰ কাৰণে ব্যৱহৃত হৈ থকা কিমান জয়মালাই আজি দিন পৰ্যন্ত কিমান অত্যাচাৰ সহ্য কৰি আহিছে!

বিশ্ব পশু সুৰক্ষা প্ৰতিবেদন অনুসৰি, ভাৰতক "মানুহৰ ব্যৱহাৰৰ বাবে হাতীক বশ কৰাৰ জন্মস্থান" বুলি গণ্য কৰা হয়। হিন্দু আৰু বৌদ্ধ পৰম্পৰাই হাতীক উচ্চ মৰ্যাদা প্ৰদান কৰে। যুগ যুগ ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু মঠ-মন্দিৰে হাতীবোৰক পবিত্ৰ কৰ্তব্য পালনৰ বাবে ব্যৱহাৰ কৰি আহিছে। আনকি ভক্তসকলেও হাতীবোৰৰ পৰা আশীৰ্বাদ বিচাৰে। উদাহৰণস্বৰূপে আমি দেখিছোৱে গণেশ চতুৰ্দশীৰ দিনা কেনেকৈ অগণন ৰাইজে হাতী একোটাক বেৰি সেৱা কৰি সুৰে-মূৰে সেন্দূৰ পিন্ধাই আৰ্শীবাদ বিচৰা দৃশ্য। কিছুমান এনেকুৱা হাতীও আছে যাৰ সুনাম পৃথিৱীত থকা সময়খিনিতকৈও বেছি দিন জীয়াই থাকে।

পৰম্পৰাগত প্ৰথা অব্যাহত ৰাখি আজিও ভাৰতত মন্দিৰ আৰু ধৰ্মীয় উৎসৱত হাতী ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত কেৰেলা ৰাজ্যৰ বিশেষ নাম আছে। কেৰেলাত এই উৎসৱবোৰ অতি জনপ্ৰিয় বিশেষকৈ পৰ্যটকসকলৰ মাজত। কেৰেলাৰ এই উৎসৱবোৰ অতিৰঞ্জিত আৰু আড়ম্বৰপূৰ্ণ। এই উৎসৱবোৰত ঢোলবাদক, ৰংচঙীয়া সাজ-পোছাক, আতচবাজী, নৃত্য প্ৰদৰ্শনৰ লগতে জিলিকি থকা পাৰ্চন আৰু ময়ুৰৰ পাখি, অন্যান্য গধূৰ  গহণা-গাঠৰিৰে সজ্জিত হাতী ব্যৱহাৰ কৰে। কেৰেলাৰ এই উৎসৱসমূহৰ ভিতৰত এটা হ’ল এছিয়াৰ সৰ্ববৃহৎ হাতী প্ৰতিযোগিতা অনায়াদী গজমেলা। কেৰালাত, হাতী অবিহনে উৎসৱৰ কথা ভবাটো অসম্ভৱ। এনে উৎসৱবোৰত মন্দিৰৰ চৌহদত এশটা প্ৰকাণ্ড হাতী শাৰী পাতি ৰৈ থাকে আৰু সিহঁতৰ মূৰবোৰ গৌৰৱ আৰু গৰিমাত ওপৰলৈ ধৰি ৰখাটো নিশ্চিতভাৱে এক আচৰ্যকৰ দৃশ্য। কেৰেলাৰ হাতী পেৰেডৰ আন এক উদাহৰণ হ’ল ত্ৰিচুৰ পুৰম। কেৰালাৰ আটাইতকৈ ডাঙৰ মন্দিৰ উৎসৱ হৈছে ত্ৰিচুৰ পুৰম। প্ৰতি বছৰে ত্ৰিচুৰ চহৰৰ ভাদাক্কুন্নাথন মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণ আৰু উলহমালহেৰে উদযাপন কৰা হয় য’ত আৰম্ভণিৰ পৰা শেষলৈকে হয় হাতীৰ শোভাযাত্ৰা।  ত্ৰিচুৰ পুৰমৰ সময়ত প্ৰায় ১০০ টা বন্দী হাতীৰে এই শোভাযাত্ৰা কৰোৱা হয়। প্ৰতিটো হাতীৰ পিঠিত উঠিত এজন মানুহে এখন হাতেৰে হাতীটোতকৈ ওখ এটা  খুউব ধুনীয়াকৈ সজাই থোৱা ছাতি ধৰি থাকে, আনখন হাতেৰে ‘য়াক-টেইল-ফান’ লৈ জোঁকাৰি থাকে। পাণ্ডিমেলাম (মন্দিৰৰ বাদকদল) বজোৱাৰ লগে লগে হাতীৰ ওপৰত থিয় হৈ থকা পুৰুষসকলৰ মাজত ছাতিবোৰৰ আদান-প্ৰদান হয়।

কেৰেলাৰ লোকৰ কাৰণে হাতী এক জীৱ নহয়; তেওঁলোকৰ কাৰণে লাহে লাহে ই এক নিজৰ সংস্কৃতি আৰু পৰিচয়ৰ অংশ হৈ পৰিছে। এই আনুষ্ঠানিক হাতীবোৰৰ একো একোটাই সিহঁতৰ গৰাকীলৈ যথেষ্ট ধন আনি তেওঁলোকক ধন-সম্পত্তিৰে ঐশ্চৰ্যশালী কৰি তুলিব পাৰে। প্ৰচুৰ পৰ্যটক আৰু স্থানীয় লোকৰ সৈতে উদযাপিত হৈ থকা উৎসৱবোৰ দুৰ্ভাগ্যজনকভাৱে দেখাত যিমান আনন্দদায়ক, আচলতে ইয়াৰ প্ৰকৃত ৰূপ তেনেকুৱা নহয়।

সমগ্ৰ ভাৰতৰ মন্দিৰত আনুষ্ঠানিক হাতী ব্যৱহাৰ কৰা হয়, কিন্তু কেৰালাত সেইবোৰৰ উপস্থিতি বিস্তৃত। ৰাজ্যখনত দেশৰ প্ৰায় ২,৫০০ বন্দী হাতীৰ প্ৰায় এক পঞ্চমাংশ কেৰেলাত পোৱা যায়। এই হাতীবোৰ মন্দিৰৰ লগতে ব্যক্তিসকলৰ মালিকানাধীন। যদি আমি এটা পৰ্যবেক্ষণ চলাওঁ আমি দেখিম যে কেৰেলাৰ গুৰুভায়ুৰ মন্দিৰতে ৫০ টাতকৈও অধিক হাতী আছে।

বাস্তৱত, এই 'আ-অলংকাৰেৰে সজ্জিত' হাতীবোৰক বহু অত্যাচাৰৰ মূৰতহে এই ৰূপ দিয়া হয়। ইহঁতক বশ কৰিবৰ কাৰণে যিকোনো অত্যাচাৰ কৰিবলৈ মাউতবোৰ সদা প্ৰস্তুত। এই বন্দী হাতীবোৰ বেছিভাগ অসম, কেৰালা, ৰাজস্থান আৰু তামিলনাডুত পোৱা যায়। আৰম্ভণিতে, প্ৰশিক্ষকেই হওক বা মাউতেই হওক 'হাতীৰ আত্মা ভংগ' কৰাৰ এক ভয়ংকৰ প্ৰথা ব্যৱহাৰ কৰে, যি হৈছে হাতীক মানুহৰ অধীনলৈ অনাৰ এক নিৰ্মম প্ৰক্ৰিয়া। এই পদ্ধতিটোত তত্ত্বাৱধায়কসকলে লোহাৰ ৰড আৰু তীক্ষ্ণ সঁজুলিৰে শিকলিৰে বান্ধি থোৱা এটা হাতীক ৭২ ঘণ্টাতকৈও অধিক সময় ধৰি প্ৰহাৰ কৰে। এই প্ৰক্ৰিয়াটোক ক্ৰাছ বুলিও কোৱা হয়। আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল এই বন্দী হাতীবোৰে সিহঁতৰ কষ্ট অনুসৰি খাদ্য খুউব কমেই খাবলৈ পায়। এই অপৰ্যাপ্ত খাদ্যৰ ফলত, হাতীয়ে অন্ত্ৰৰ সংক্ৰমণ, হাঁওফাঁও সম্পৰ্কীয় ৰোগত ভুগিব পাৰে। ইয়াৰ উপৰিও, বন্দী হাতীবোৰৰ চৰিবলৈ আৰু ব্যায়াম কৰিবলৈ ঠাইৰ অভাৱ। ইয়াৰ পৰিৱৰ্তে, সেইবোৰ প্ৰকাণ্ড শিলবোৰত শিকলিৰে বান্ধি ৰখা হয় যাৰ ফলত সিহঁতৰ ভৰিত ঘাঁ লাগি যিকোনো বেমাৰৰ সন্মুখীন হয়। তথ্য অনুসৰি, এই সকলোবোৰ কাৰকৰ ফলত কেৰালাত হাতীৰ আয়ুস দশকৰ আগৰ তুলনাত ৩০ বছৰ হ্ৰাস পাইছে।

কেৰেলাৰ উপৰিও ৰাজস্থানতো এনেধৰণৰ হাতীৰ উৎসৱবোৰ খুউব জনপ্ৰিয়। এই হাতী উৎসৱবোৰ প্ৰৱৰ্তনৰ পিছৰে পৰা এই অনুষ্ঠানবোৰে বিভিন্ন পৰ্যটকক উৎসৱমুখৰ অনুষ্ঠানলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ পৰম্পৰা অনুসৰি হাতী হৈছে ৰজাঘৰীয়াৰ প্ৰতীক। সেই সময়ৰ ৰজা-মহাৰজাসকলে ৰাজস্থানৰ অম্বাৰ পেলেচলৈ হাতীত উঠি গমন কৰিছিল। ৰাজতন্ত্ৰৰ সময়ত ভাৰতৰ ৰজাঘৰীয়াই এনে অনুষ্ঠান অনুষ্ঠিত কৰিছিল য’ত শক্তিশালী হাতীবোৰে ইটোৱে সিটোৰ লগত যুঁজ দি ৰাজকীয় অতিথিসকলক আমোদ-প্ৰমোদ দিছিল। আজিকালি প্ৰতি বছৰে ৰাজস্থানৰ পৰ্যটন গোটৰ উদ্যোগত চৌগান ষ্টেডিয়ামত এই উৎসৱৰ আয়োজন কৰা হয়। মহোৎসৱৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে জয়পুৰ প’লো গ্ৰুপৰ খেলপথাৰলৈ স্থান সলনি কৰা হয়। বহু বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পশু কল্যাণ ব’ৰ্ডৰ প্ৰতিবাদত একেৰাহে দুটা বছৰ ২০১২ আৰু ২০১৪ চনত এই অনুষ্ঠান বাতিল কৰা হয়। ইয়াত ব্যৱহৃত হাতীবোৰক বিভিন্ন ৰং আৰু গধূৰ অলংকাৰৰে সজ্জিত কৰা হয় যিটো পশু কল্যাণ সমিতিয়ে কথাটো সমৰ্থন কৰা নাছিল। প্ৰতিবছৰে এই উৎসৱ আয়োজন কৰা ৰাজস্থান পৰ্যটন গোষ্ঠীটোৱে পশু কল্যাণ ব’ৰ্ডৰ সৈতে হাতীবোৰক উপযুক্ত নথি-পত্ৰ প্ৰদান কৰি চহী কৰিবলৈও ব্যৰ্থ হয়। ইয়াৰ ফলস্বৰূপে আয়োজকসকলে অনুষ্ঠানটোৰ নাম সলনি কৰি হোলী মহোৎসৱ কৰাৰ সিদ্ধান্ত লয়।

যুগ যুগ ধৰি ভাৰতে হাতীক নিজৰ সাংস্কৃতিক প্ৰতীক হিচাপে গণ্য কৰি আহিছে। অতিশয় শ্ৰদ্ধাৰ হিন্দু ঈশ্বৰ ভগৱান গণেশক বাধা দূৰকাৰী আৰু সৌভাগ্য আৰু শুভকামনা প্ৰদানকাৰী বুলি কোৱা হয়। এই প্ৰিয় ঈশ্বৰক হাতীৰ মূৰ আৰু মানৱ শৰীৰৰ সৈতে কল্পনা কৰা হৈছে বুলি বিবেচনা কৰিলে হাতীক গণেশৰ অৱতাৰ বা প্ৰতিনিধিত্ব বুলি বিশ্বাস কৰা হয়। তদুপৰি বৰষুণ, বজ্ৰপাত, বিজুলী আদিৰ দেৱতা ভগৱান ইন্দ্ৰৰ পৰ্বত হিচাপে এটা ঐশ্বৰিক বগা হাতী আছে বুলিও মানুহে বিশ্বাস কৰে, যাৰ ফলত হাতীক দেৱত্ব আৰু ৰাজত্বৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰা হয়। এই পৌৰাণিক আৰু সাংস্কৃতিক হিন্দু বিশ্বাসে হাতীক শান্তি, মানসিক শক্তি, ক্ষমতাৰ পবিত্ৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছে।

আৰু পবিত্ৰ প্ৰতীকৰ কিন্তু ৰূঢ় বাস্তৱ ৰূপ এয়াই। এনেদৰে ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱহৃত হাতীবোৰক যে বশ মনোৱাৰ আঁৰত কিমান ঘৃণনীয়, নিন্দনীয় কাহিনী লুকাই আছে সেয়া জয়মালাই পুনৰ এবাৰ পোহৰলৈ আনিলে। 

Monday 11 July 2022

আউল জীৱনৰ!


খবৰটো পাই অনামিকা কথমপি নপৰাকৈ থাকিল। কি শুনিছে এয়া তাই!

কোনোপধ্যেই তাই নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। হুকহুকাই কান্দি উঠা অনামিকাৰ কান্দোন পিছলৈ উচুপনিলৈ ৰূপান্তৰিত হ'ল। তেনেদৰে তাই কিমান সময় কান্দি থাকিল গম নাপায়। বাহিৰত কোনোবাই কলিং বেল টিপাৰ শব্দতহে অনামিকাৰ সম্বিত ঘূৰি আহিল। হাততে থকা মোবাইলটোত সময়টো চাই দেখিলে মানস আৰু ৰিহা ঘূৰি অহাৰ সময় এয়া।

অনামিকাই লৰালৰিকৈ বাথৰূমটোলৈ দৌৰি গৈ বেচিনত নিজৰ মুখখন ধুই বেচিনৰ কাষতে আঁৰি থোৱা টাৱেলখনৰেই মুখখন মুচি বাথৰূমৰ পৰা ওলাই আহিবৰ সময়তে আকৌ কলিং বেলটো বাজিল। দৌৰি যোৱাদি গৈ তাই দুৱাৰখন খুলি দিওঁতেই মানসৰ মাতটো শুনিবলৈ পালে,

: মাৰাই আমাক পঠিয়াই লৈ নিঃপালি দিছে যেন পাইছোঁ দেই।

মানসে সচৰাচৰ কৰা ধেমেলীয়া সুৰতে কথাকেইটা কৈ ৰিহাক হাতত ধৰি ভিতৰলৈ সোমাই আহি অনামিকাৰ মুখখনলৈ চাই আকো এবাৰ মিচিকিয়া হাঁহি এটা মাৰি ক'লে,

: এয়া ৰিহা চোৱা মই যদি মিছা কথা কৈছোঁ, মাৰ চকু পূৰা ফুলি আছে।

: হমম দিতা মই জানোতো সেইকাৰণে পূৰা দহমিনিট আমাক বাহিৰত খাৰা কৰি ৰাখিছে।

দেউতাকৰ সুৰতে ৰিহাইয়ো কথাকেইটা কৈ মাকক জোকালে।

: যাহ্, এইকেইটা তহঁতে অকল মোক শুই থকাই দেখ অকল

অনামিকাইয়ো নিজকে সিহঁতৰ ওচৰত সহজ কৰিবলৈ মুখখন বে‍ঁকা কৰি কথাটো কৈ দুৱাৰখন খটককৈ লগাই দি খৰখোজেৰে পাকঘৰ পালেহি।

"এনেকুৱাও হ'ব পাৰেনে!"

: কেনেকুৱা হ'ব পাৰে অনা?

অনামিকাই পিছফালে হঠাৎ মানসৰ মাতটো শুনি উচপ খাই আছে উঠিল।

: কি ভাবি আছা অনা?

পিছফালে থকা মানস আৰু অলপ ওচৰ চাপি আহি অনামিকাৰ দুবাহুৰ পিছফালে হাত দুখন থৈ তাৰ মুখখন তাইৰ কাণখনৰ কাষলৈ আনি সুধিলে। এনেকৈ যে মানসে তাইক ধৰিবহি তাৰ কাৰণে অনামিকা অলপো প্ৰস্তুত নাছিল। মাজে মাজে মানসে কিয় এনেকুৱা কৰে বাৰু! তাইৰ দুৰ্বল হোৱা মূহুৰ্ততটোতে তাইক পৰিবলৈ নিদিয়াকৈ সজোৰে ধৰি দিয়ে। ঘৰখনত যে সিহঁতৰ বাদেও আৰু এটি প্ৰাণী আছে সেইবোৰলৈ সি ভ্ৰূক্ষেপ নকৰে। সেইকাৰণেই চাগে  সুখী নহ'ম বুলি মাকহঁতৰ পছন্দজনলৈ বিয়া হোৱা অনামিকা আজি হাজাৰজনীতকৈ সুখী।

: মাম্মা তোমালোকে ৰোমাঞ্চ কৰিয়েই থাকিবানে, মোক কিবা খাবলৈ দিবা?

মিউজিক স্কুলৰ পৰা আহিয়েই বাথৰূমত সোমোৱা ৰিহা যে আহি সিহঁতৰ পিছফালে থিয় হৈ আছে সিহঁতহালে গমেই নাপায়। ক্লাছ নাইনত পঢ়া থকা ৰিহাইয়ো আজিকালি সিহঁতক জোকায়।

: মোৰ 'লাভবাৰ্ড'কেইটা, আজি আকৌ মাম্মাৰ খং উঠিলনে, মাকৰ ঘৰলৈ মনত পৰিল দিতা।

বুলি আহি তায়ো দেউতাকক পিছফালৰ পৰা সাৱতি ধৰিলেহি। এইখনেই অনাৰ সোণৰ সংসাৰ। ইহঁতকেইটাক বাদ দি বেলেগ একো চিন্তাই কৰিব নোৱাৰে তাই। তথাপিও মাজে মাজে কিছুমান খবৰ পালে ভাঙি পৰে নজনাকৈয়ে। সেই অৱস্থাতে মানসেও তাইক তুলি ধৰে নজনাকৈয়ে।

: 'ব হ'ব ব'ল। বৰ একেবাৰে প্ৰেম বুজি পোৱাজনী

বুলি মানসে এইবাৰ পিছফালে তাক সাৱতি থকা জীয়েকলৈ ঘূৰি তাইক ডাংকোলাকৈ আনি ডাইনিঙৰ চকী এখনত বহুৱাই দিলে।

ৰিহা মাক-দেউতাকৰ একেবাৰে চকুৰ মণিটো। বিয়াৰ ঠিক চাৰিমাহৰ পিছতে তাইৰ অহাৰ বাতৰিয়ে সিহঁতৰ নতুনকৈ আৰম্ভ হোৱা সংসাৰখনত অকণমান হ'লেও আউল লগাইছিল যদিও মানসে খুউব ধুনীয়াকৈ সেই আউল চিঙি পেলালে। নতুন ঘৰখনত তেতিয়া অনামিকা একেবাৰে নতুন, ঘৰখন, মানুহবোৰক ভালকৈ নজনাকৈয়ে আকৌ এক নতুনত্বক তাই আদৰি ল'ব পৰাকৈ একেবাৰে প্ৰস্তুত নাছিল। মানস যদি সেই সময়ত তাইৰ কাষত সাহস হৈ থিয় নিদিয়াহেঁতেন আজি চাগে সিহঁতৰ বুকুখন জুৰ পেলাবলৈ ৰিহা নাথাকিলহেঁতেন। ২৩ বছৰীয়া অনামিকাৰ ভাৱধাৰাক হয়তো বহুতেই তিৰস্কাৰ কৰিলেহেঁতেন, কিন্তু তাইৰনো মনৰ অৱস্থা কি সেইখিনিও বুজিবলৈ মানুহৰ দৰকাৰ আছিল।

: আজি মাম্মায়ে কি স্পেচিয়েল ৰেডী কৰি আছেনো দিতা?

ৰিহাই দেউতাকলৈ চাই চকু টিপ মাৰি সুধিলে।

: 'ব হ'ব বাপেক জীয়েক বহি লৈ মোৰ বদনাম গাই থাকিব নালাগে।

দুখন হাতত দুখন প্লেট লৈ অনামিকা সিহঁতৰ ওচৰলৈ আগবাঢ়ি আহিল।

: ওৱাও চাওমিন।

প্লেট দুখনলৈ চাই ৰিহাই ফূৰ্তিতে চিঞৰ এটা মাৰিলে।

: তোমালোকে খোৱা, মই অলপ দেৰিকৈ খাম।

: কিয়?

এইবাৰ মানসে তাইলৈ ঘূৰি চাই সুধিলে।

: নহয় অ' তোমালোক আহি পোৱাৰ অলপ আগতেহে মই ধুনীয়াকৈ একাপ কফি আৰু এটা ক্ৰীম ৰোল খালোঁ। এতিয়া একেবাৰে মন যোৱা নাই খাবলৈ।

: 'কেই আমাক এৰি বাৰু খালা, কিন্তু এতিয়াতো আমাৰ ওচৰতে বহি আমি খোৱা চাব পাৰা।

ডাইনিং টেবুলখনতে সজাই থোৱা নিমখ, ব্লেক পেপাৰ, আৰু চছৰ টেমাকেইটা থোৱা প্লেটখন ওচৰ চপাই আনিয়েই মানসে ক'লে।

আচলতে অনামিকাই এইকণ সময়ত অলপ অকলশৰে কটাবলৈ মন কৰিছিল। অলপ হেঁপাহ পলুৱাই তাইৰ চিঞৰি চিঞৰি কান্দি বুকুখন পাতলাবলৈ মন গৈছিল। কিন্তু এই বাপেক-জীয়েকে দেখোন এতিয়া এৰিয়েই নিদিয়া হ'ল।

: আজি খবৰ এটা পাই মনটো খুউব বেয়া লাগিল।

খাই থকাৰ পৰাই মানসে কাকো উদ্দেশ্য নকৰাকৈ নিজকে কোৱাদি কথাটো ক'লে।

: কি কথা?

অনামিকাই অন্যমনস্কভাৱেই তাক কথাটো সুধিলে।

: আমাতকৈ জুনিয়ৰ ল'ৰা এজন ঢুকালে। এক্সিডেণ্ট হৈ

ঢুকালে শব্দটোতহে যেন অনামিকাৰ সম্বিত ঘূৰি আহিল।

: ঢুকালে? কোন ঢুকালে? এইজন নেকি?

অনামিকা কথাটো শুনি ইমানেই উত্তেজিত হৈ পৰিল যে হাতত থকা মোবাইলটো মানসৰ ফালে ঘূৰাই দিলে।

: তোমালোকে কি কৰা কৰি থাকা দেই, মই যাওঁ হোমৱৰ্ক দুটামান কৰি লওঁগৈ।

বুলি ৰিহাই নিজৰ খোৱা প্লেটখন পাকঘৰৰ বেচিনত থ'বলৈ উঠি গ'ল।

ৰিহা উঠি যোৱাৰ ফালে এবাৰ চাই মানসে অনামিকাৰ মোবাইলটোলৈ চালে।

: অঅঁ ইয়েইটো তুমি কেনেকৈ চিনি পোৱা? ই শ্ৰীনিবাশ কলেজত মোতকৈ দুবছৰৰ জুনিয়ৰ আছিল, পিচে ৰেণ্টত ওচৰাওচৰিকৈ থাকি একেবাৰে লগৰ যেন হৈ গৈছিল।

মানসে ৰামানুজনৰ কথাকেইটা কৈ থাকোঁতে খাবলৈকে পাহৰি গৈছে। বেংগালোৰৰ শ্ৰীনিবাশ কলেজত এমবিএ কৰি থাকোঁতে মানসে তাক লগ পাইছিল। দুয়োটাৰে কলেজ দুখন বেলেগ আছিল যদিও, ভাড়াঘৰ দুটা ওচৰত হোৱাৰ কাৰণে সিহঁতৰ মাজত সম্পৰ্কটো খুউব ভাল হৈ গৈছিল। তাতে দুয়োটা হ'ল অসমৰ। এটা গুৱাহাটীৰ, এটা নগাঁৱৰ। অসমীয়া চেণ্টিতে সিহঁতৰ সম্পৰ্কটো ভাল হৈছিল।  পিছলৈ এনেকুৱা হৈছিল যে ইটো যদি ঘৰলৈ যায় সিটোলৈকো মাকে পিঠা-পনা সকলোবোৰ দি পঠিয়াইছিল।

: তাৰপিছত কি হ'?

: তাৰপিছত আৰু কি হ', মই পঢ়ি-শুনি চাকৰি পাই দুবছৰৰ কাৰণে ইউএছ গুচি গ'লোঁ। তাৰপিছত খবৰ নাপাওঁ। আজি ফেচবুকত দেখিহে...

আৰু কিবা ক'বলৈ ধৰিছিল যদিও অনামিকা সি কথাকেইটা কৈ থাকোঁতেই উঠি গুচি গ'ল। অনামিকা উঠি যোৱা দেখি মানসো তাইৰ পিছে পিছে উঠি গ'ল। আজি বহুত দিনৰ মূৰত সিহঁতৰ কলেজৰ দিনৰ কথা ওলাইছে। এইবোৰ কথা ওলালে মানসে খুউব ভাল পায়। তাৰ কথাবোৰ কৈ কৈ শেষ নহয়। অনামিকাক ইমান কলেজৰ কথা ক'লে যদিও ৰামানুজৰ কথা দেখোন সি কাহানিও তাইক নক'লে। ইমান ইণ্টাৰেষ্টিং ঘটনা আছে তাৰ লগত, তথাপিও দেখোন এই চৈধ্যটা বছৰত তাৰ কথা এবাৰো নোলাল।

: জানানে অনা মই প্ৰথম গাহৰি তাৰ পৰাই খাবলৈ শিকিছিলোঁ।

: কি ৰামানুজে গাহৰি খাইছিল?

: অঅঁ সি নাখাই কি! গাহৰি মদ চব খাইছিল আৰু মোৰ নিচিনা ভাল ল'ৰা এটা তাৰ কাৰণেই বেয়া হৈ গ'লোঁ।

হাঁহি হাঁহি মানসে অনামিকাক কথাকেইটা ক'লে।

: 'ব তাক তুমি তাৰ কাৰণে বেয়া হ'লানে, তুমি তাক বেয়া কৰিলা কোনে জানে?

মানসলৈ নোচোৱাকৈয়ে অনামিকাই ক'লে।

: এনেও নিজৰ গিৰিয়েকক বেয়া দেখাতো ঘৈণীয়েকবোৰৰ স্বভাৱেই

মানস অনামিকাৰ ফালে আগবাঢ়ি আহি তাইৰ কাণত ফুচফুচাই কথাকেইটা কৈ সি বেডৰুমৰ ফালে আগবাঢ়িল।

মানসৰ ৰামানুজৰ লগত ইমান ভাল অথচ অনামিকাই এই কথাটো ঘূণাক্ষৰেও গম নাপালে। যদি মানসে ৰামানুজৰ জৰিয়তে তাইৰ কথাও গম পাইছিল কোনে জানে! কি কৰিব অনামিকাই মানসক আৰু সুধিবনে কিবা! নে কথাটো ইয়াতে সামৰণি মাৰিব। ৰামানুজে সি গাহৰি খোৱা, মদ খোৱা ইমানবোৰ কথা যদি তাইৰ পৰা লুকুৱাব পাৰে, তেন্তে তাইৰ কথাও মানসৰ পৰা লুকুৱাব পাৰে! একো ডাঙৰ কথা নহয়। কথাবোৰে অনামিকাক আৰু পাগল কৰি তুলিলে।

: জানা অনা, ৰামানুজৰ এজনী গাৰ্লফ্ৰেণ্ড আছিল।

বেডৰুমৰ পৰা মানসে অনামিকাই শুনাকৈ চিঞৰিলে। এইবাৰ অনামিকা কঁপি উঠিল। কাণখন গৰম হৈ তাইৰ সৰ্বশৰীৰ জিকাৰ খাই উঠিল। আৰু বা মানসে কি কয়! তাই সুধিবনে গাৰ্লফ্ৰেণ্ডজনীৰ কথা!

অনামিকাই সুধিবলৈ নাপালেই মানস নিজেই তাইৰ ওচৰলৈ উঠি আহিল।

: জানা তাৰ এজনী গাৰ্লফ্ৰেণ্ড আছিল। ৰাতি ৰাতি কি কথা সিহঁতৰ। এফালে হাতত বিয়েৰৰ কেন, সিফালে তাৰ কথা "জান তুমি জানা ন, মই কেতিয়াও মদ নাখাওঁ"। বেচেৰীজনী কিমান যে পতিয়ন গৈছিল তাৰ কথাত!

: মানে ৰামানুজে তাৰ গাৰ্লফ্ৰেণ্ডক ফাঁকি দিছিল।

অনামিকাই নজনাকৈয়ে তাইৰ মুখৰ পৰা কথাকেইটা ওলাই গ'ল।

: আৰে ফাঁকি নহয়, সি তাৰ ৰিলেশ্যনশ্বিপ বচাবলৈ এইবোৰ কৰিছিল। নহ'লে তাই তাক বোলে এৰি দিব।

: এটা কথা কিন্তু সঁচা সি তাৰ ৰিলেশ্যনশ্বিপটো লৈ খুউব লয়েল আছিল। কেতিয়াও কোনো ছোৱালীৰ লগতে ফ্লাৰ্ট কৰি পোৱা নাছিল। মাত্ৰ মদটো খাইছিল আৰু। সেইটোকে আকৌ তাৰ 'জান'জনীয়ে ভাল পোৱা নাছিল। মদ খালেই ল'ৰা বেয়া হৈ যায় নেকি?

মানসে অনামিকাক সুধিলে।

অনামিকাই এইবাৰ একো উত্তৰ নিদি মানসৰ ওচৰৰ পৰা আহি বেডৰুমৰ বিছনাখনত এনেই বাগৰ দিলে। অনামিকা অহা দেখি মানসো তাইৰ পিছে পিছে আহিল। মানসৰ মতি গতি দেখি অনামিকাই যি বুজিছে আজি মানে তাইক মানসে ৰামানুজৰ কথা শেষ নোহোৱাকৈ এৰি নিদিয়ে। সি ক'ম বুলি লাগিছে যেতিয়া শুনিবই লাগিব তাৰ কথা। মানস তাইৰ ফালে অহা দেখি অনামিকাই তাক নিজেই সুধিলে,

: কি নাম আছিল তাইৰ? মানে গাৰ্লফ্ৰেণ্ডজনীৰ?

: অহ চোৱাচোন ইমানবছৰ থাকিলোঁ একেলগে নামটোৱেই গম নাপালোঁ। সি 'জান' বুলি মাতে যে আমিও তাক তোৰ 'জান' বুলিয়েই কওঁ কেতিয়াও নামটো সুধিবলৈ মনলৈ নাহিলেই।

এইবোৰেই ল'ৰা। কেতিয়াও কাহিনীৰ গভীৰতালৈ নাযায়। নামটো সুধিবলৈও সাহ মনলৈ নাহে। কিন্তু এজনী ছোৱালী হোৱাহেঁতেন নাম নালাগে, পূৰা চৈধ্যগোষ্ঠীৰ পৰিচয় উলিয়াই দিলেহেঁতেন।

: আজি বহুতবছৰৰ মূৰত তাৰ ফটোখন দেখি বিৰাট দুখ লাগিছে অনা! বহুত বছৰ তাৰ লগত যোগাযোগ নাছিলেই বুলি ক'ব পাৰি, কিন্তু বেংগালোৰত থকা দিনকেইটাত তাৰ লগত সম্পৰ্ক মোটামুটি ভাল বুলিয়েই ক'ব পাৰি।

: তাৰপিছত কি হ', সি সেইজনীকে বিয়া পাতিলেনে?

: গম নাপাওঁ দেই। মইতো দুবছৰৰ কাৰণে ইউএছ গ'লোঁ। তাৰ পৰা ঘূৰি অহাৰ পিছত বেংগালোৰত আছিলোঁ যদিও তাৰ আৰু মোৰ লোকেশ্যনটো অলপ দূৰ আছিল কাৰণে তেনেকৈ লগ পোৱা নহৈছিল। এবাৰ লগ পাওঁতে তোৰ 'জান'ৰ কি খবৰ বুলি সোধোঁতে সি কৈছিল 'জান'ৰ বিয়া খালী মোৰ লগত নহয়। বছ সিমানেই!

মানসে অনামিকাৰ কাষতে ওপৰলৈ মুখ কৰি শুই শুই কথাকেইটা কৈ আছিল।

: এই যে প্ৰেমবোৰো। প্ৰেমৰ দিনত জানটো, সোণটো আৰু যে কত কি! ভালেই হ'ল আমাৰ সেইবোৰ ঝামেলা নাছিল। বছ ক্লাছ কৰিব লাগে, আহিব লাগে, মদটো খাব লাগে আৰু শুব লাগে।

: আকৌ দেখোন তুমি মদ নোখোৱা ভাল ল'ৰা আছিলা। ৰামানুজেহে বোলে...

: আৰে আছিলোঁটো ঘৰত থাকোঁতে, বেংগালোৰ অহাৰ পিছত খোৱা আৰম্ভ কৰিলোঁ। ৰামানুজ অহাৰ পিছত সদায় খাব ল'লোঁ। বাৰু এইবোৰ বাদ দিয়া তুমি কোৱা তুমি কেনেকৈ চিনি পোৱা মিষ্টাৰ ৰামানুজক?

মানসৰ এইবাৰৰ প্ৰশ্নটোত অনামিকা থতমত খালে। কথা পাতি থাকোঁতে ভবাই নাছিল মানসে যে তাইক এইটো কথা সুধি দিব। তাই মানসক ইমানখিনি কথা সুধি থাকোঁতেই ভাবিব লাগিছিল এনেকুৱা এটা প্ৰশ্ন যে মানসে তাইক কৰিব। এতিয়া কি বুলি উত্তৰ দিব অনামিকাই! আজিৰ পৰা পোন্ধৰ বছৰ আগতে যাক তাই জীৱনৰ পৰা চিৰ বিদায় দি আহিছিল, আজি সেইজনেই পুনৰ জীৱনটোত আউল লগাবলৈ আহিছে দেখোন। এই চৈধ্যটা বছৰে তাইৰ জীৱনত লগা আউলবোৰ মানসে খুউব ধুনীয়াকৈ চিঙি আনিছিল আজিৰ আউলৰ আঁৰৰ কাহিনী শুনিলে মানস আগবাঢ়ি আহিবনে চিঙিবলৈ!

নগাঁৱ কলেজত চিনাকি হোৱা ৰামানুজৰ প্ৰেমত অনামিকা কেনেকৈ, কেতিয়া পৰিল গমেই নাপালে। মেজৰ মেট ৰামানুজৰ লগত লগৰবোৰে জোকাওঁতে জোকাওঁতে দুয়োৰে মেজৰৰ কাহিনীয়ে খুউব কম সময়তে প্ৰেম কাহিনীৰ ৰূপ ল'লে। তাৰপিছত ৰামানুজ কলেজ পাছ কৰি বেংগালোৰ আহিল, তাই আহিল মাষ্টাৰ ডিগ্ৰীৰ কাৰণে গুৱাহাটী। তেতিয়াও সিহঁতৰ প্ৰেমত একো বিঘিনি ঘটা নাছিল। কিন্তু সচৰাচৰ পৰিয়ালৰ দৰে তাইৰো মাষ্টাৰ ডিগ্ৰীৰ পিছত ঘৰৰ পৰা বিয়াৰ কাৰণে জোৰ দিলে। তাৰপিছত আৰু কি? সাধাৰণতে যি হয় সেয়াই হ'ল। তায়ো আন ছোৱালীৰ দৰে নিজৰ প্ৰেমক বিদায় দি মাক-দেউতাকৰ পছন্দৰ ল'ৰাৰ লগত বিয়াত বহি সোণৰ সংসাৰ কৰিলে। মাক-দেউতাকৰ পছন্দক আদৰি ল'ব নোৱাৰিব বুলিয়েই বিয়াত বহা অনামিকাৰ কিন্তু বেছিদিন নালাগিল মানসক আদৰি ল'বলৈ। আচলতে ৰামানুজৰ কথা মনত পেলাবলৈ মানসে সুযোগেই নিদিলে। সকলোবোৰ ততাতৈয়াকৈ ঘটি গ'ল। মানসৰ লগত ৰিহাও তাইৰ জীৱনলৈ আহি অনামিকাক এক নতুন ৰূপ দিলে। পত্নী, মাতৃ, বোৱাৰী সকলোবোৰ দায়িত্ব বেলেগ বেলেগকৈ পালন কৰি থাকোঁতে দেখোন তাই তাইৰ অতীতটোক ক'ৰবাতে এৰি থৈ আহিল। হয়তো মানসৰ নিচিনা এজন ব্যক্তি তাইৰ জীৱনলৈ অহাৰ কাৰণেই তাইক তাইৰ অতীতে তাইক বৰ বিশেষ দিগদাৰি নিদিলে। কিন্তু আজি হঠাৎ ঘটা ঘটনাটোৱে যে তাইৰ অতীত লাহে লাহে উদঙাই আহিছে, অনামিকাই ভালকৈ বুজি উঠিছে।

: কি হ'ল। একো নক'লা যে?

মানসে অনামিকালৈ ঘূৰি ওপৰলৈ মুখ কৰি শুই থকা তাইৰ পেটটোতে সাৱত মাৰি সুধিলে।

: কেনেকৈ চিনি পোৱা ৰামানুজক?

এইবাৰ অনামিকা শুই থকাৰ পৰা উঠি বিছনাখনতে বহি ল'লে। তাই ক'ব মানসক। সঁচা কথাই ক'ব মানসক। প্ৰেমহে কৰিছিল। কি ডাঙৰ কাম কৰিছিলনো তাই! যাক প্ৰেম কৰিছিল তাৰ লগত বিয়া নহ', সেইবুলি তাই ইমান পাপ কাম কৰিলেনে! ক'ব অনামিকাই মানসক ৰামানুজ যে তাইৰ কলেজৰ দিনৰ প্ৰেমিক আছিল। যাৰ লগত এসময়ত কলেজৰ কেণ্টীনত বহি, পাৰ্কত বহি অযুত সপোন দেখিছিল।

 ইমানবছৰে মানসৰ মৰমৰে উপচাই ৰখা অনামিকাৰ অতীতৰ আধৰুৱা প্ৰেমকাহিনীক একেবাৰে গাপ দি ৰাখিছিল। আজি হঠাৎ ৰামানুজৰ মৃত্যুৰ ঘটনাটোৰ লগত সকলোবোৰ সাঙুৰ খাই ওলাই আহিবলৈ ধৰিছে। ওলাইছেই যেতিয়া ওলাইয়ে যাওক। ইমান বছৰে পাহৰণি গৰ্ভত থকা প্ৰেমকাহিনী এটাৰ প্ৰেমিকৰ মৃত্যুত তেওঁৰ প্ৰাক্তন প্ৰেমিকাই কান্দিব বিচাৰিও কান্দিব পৰা নাই। যিমানেই নহওক এসময়ত সেইজন প্ৰেমিকৰ কান্ধতে মূৰ থৈ বিচাৰি পাইছিল জীৱনৰ সমগ্ৰ সুখ। আজি চ'চিয়েল মিডিয়াত RIP বুলি শ্বেয়াৰ হৈ থকা ফটোখন দেখি অনামিকাই কেনেকৈ নিজকে চম্ভালি আছে তাইৰ বাহিৰে সেইকথা কোনে বুজিব। এতিয়া মানসে কৰা প্ৰশ্নটোৰ উত্তৰটো দিবলৈ তাই যিমানেই চেষ্টা কৰিছে, সিমানেই তাইৰ শোকে খুন্দা মাৰি ধৰিছে। বহুত সময় ধৰি থকা চকুপানীক তাই আৰু কোনোপধ্যেই ধৰি ৰাখিব নোৱাৰিলে।

'ৰামানুজ' বুলি তাইৰ কান্দোন এইবাৰ পাৰ ভাঙি ওলাই আহিল। মাকে কন্দা যেন শুনি ইটো ৰূমৰ পৰা ৰিহাও ওলাই আহি ঘটনাৰ বুজ ল'বলৈ ধৰোঁতেই মানসে পৰিস্থিতিটো চম্ভালি ল'লে।

: ৰিহা, মাৰ সঁচাকৈয়ে মাকলৈ মানে তোমাৰ আইতালৈ মনত পৰিছে। তুমি টিভি চোৱাগৈ যোৱা মই আছোঁ।

বুলি তাইক ৰূমৰ পৰা উলিয়াই দুৱাৰখন বন্ধ কৰি দিলে। হিকটিয়াই হিকটিয়াই কান্দি থকা অনামিকাক বুকুৰ মাজলৈ টানি আনি আলফুলেৰে তাইক সাৱতি ধৰি ফুচফুচাই কোৱাদি ক'লে,

'তুমিয়ে যদি এনেকৈ কান্দা, অকমানিটোৰ সৈতে অকলশৰীয়া কৰি থৈ যোৱা ৰামানুজৰ পত্নীক আমি গৈ কেনেকৈ সান্ত্বনা দিম অনা?'

: মানে...

: অঅঁ তাৰ চাৰিবছৰীয়া এটা অকমানি আছিল।

: হে ভগৱান তুমি এইবোৰ কি কৰিলা

বুলি এইবাৰ অনামিকাৰ কান্দোনটো আৰু অলপ ডাঙৰ হ'ল। মানসৰ বুকুৰ মাজত সোমাই হিকটিয়াই হিকটিয়াই কান্দি থকা অনামিকাক এইবাৰ মানসে কি বুলি বুজাব একো ভাবি নাপালে। মাত্ৰ তাইৰ খোল খাই যোৱা চুলিকোচাৰ মাজত তাৰ আঙুলিকেইটা বোলাই থাকি সিহঁতহালৰ বন্ধাই বেৰত ওলমাই থোৱা বিয়াৰ ফটোখনলৈ চাই ৰ'ল।