Monday 20 June 2022

দেউতালৈ একলম

দিনটো আছিল ১৯ জুন। ফেচবুক খুলিয়ে গম পালোঁ সেইদিনা বোলে পিতৃ দিৱস। আচলতে মই সঁচাকৈয়ে নাজানিছিলোঁ যে সেই দিনটো পিতৃ দিৱস হিচাপে পালন কৰা হয়। আচলতে আজিকালি বহুত কিবাকিবি দিন ওলাইয়ে থাকে নহয়। অহ্, কিন্তু এটা কথা মাতৃ দিৱসৰ কথাটো কিন্তু গম পাওঁ। কাৰণ মায়ে নিজেই কয় 'আজি হেপ্পী মাডাৰছ্ ডেই নহয়, গম পাৱনে?'। মানে মায়েও ফেচবুক কৰিয়ে আজিকালি কিছুমান দিৱসৰ কথা জনা হৈছে।

 সেই বিশেষ দিনটোত বন্ধুৰ তালিকাত থকা প্ৰায়বোৰ বন্ধুয়ে নিজৰ নিজৰ পিতৃৰ সৈতে উঠা ফটোবোৰ আপলোড কৰা দেখি ভাল লাগিছে মনটো। সকলোৱে অন্ততঃ কিবা এটা বিশেষ দিনত আৰু অকণ বিশেষ কৰি তুলিবলৈ বিচাৰেই। গতিকে তাত একো বেয়া দিশটো মই নেদেখোঁ। কিন্তু মোৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হ'লহেঁতেন। 

আচলতে আজি দেউতা আমাৰ মাজত থকা হ'লেও যদি মই ফোনত দেউতাক 'হেপ্পী ফাডাৰছ্ ডেই দেতা' বুলি শুভেচ্ছা দিলোঁহেঁতেন তেতিয়া দেউতাই ওলোটাই চাগে মোকো ক'লেহেঁতেন 'হেপ্পী ফাডাৰছ্ ডেই' নহ'লে 'চেম টু ইউ'। মানে আগতে দেউতাক যেতিয়া তেওঁৰ জন্মদিনৰ দিনা ফোন কৰি 'হেপ্পী বাৰ্থডেই' বুলি শুভেচ্ছা জনাওঁ, তেতিয়া ওলোটাই দেউতায়ো মোক 'হেপ্পী বাৰ্থডেই' নহ'লে 'চেম টু ইউ' বুলি কৈ থয়। যেতিয়া মই ফোনতে চিঞৰ-বাখৰ লগাওঁ 'থেংক ইউ বুলি কওক, আজি আপোনাৰহে জন্মদিন'। তেতিয়া আকৌ তেওঁ সেই ধেমেলীয়া সুৰটোতে কয় 'ধেৎতেৰি মই আকৌ আজি তোৰো জন্মদিন বুলিহে ভাবিছিলোঁ।' তেতিয়া আকৌ মোৰ মুখ উফন্দোৱা পাল 'জানো আপুনি যে আমাৰ তিনিটাৰ কাৰোৰে জন্মদিনৰ তাৰিখটো নাজানে।'। তেনেকুৱাই আছিল দেউতা আৰু আমাৰ মাজৰ ধেমালিবোৰ।

 দেউতাই কাহানিও ফোন লোৱা নাছিল। যেতিয়া ফোন এটা ল'বলৈ কওঁ তেতিয়া তেওঁৰ সেই একেই কথাই 'কোনে এই ঝামেলাবিলাক চপাই লয়। ক'তো শান্তিৰে বহিব নোৱাৰিম সেইডালে টুংটুঙাই থাকিব।'। ফোন যি নল'লে নল'লেই কোনোৱে ফোন এটা দেউতাক দিয়াব নোৱাৰিলোঁ। গতিকে আমিও মালৈ ফোন কৰিয়ে দেউতাৰ খবৰ লওঁ। যেতিয়াই ফোন কৰোঁ তেতিয়াই মাক সুধা হয় 'কি কৰিছা?' তাৰপিছত সদায় একেটাই প্ৰশ্ন 'দেউতাৰ কেনেকুৱা?'। জানো দেউতা ভালেই আছে তথাপিও খবৰটো নল'লে যেন আধৰুৱা হয় ফোনটো! আজিকালি মাক ফোন কৰিলে মনতে ভাবোঁ 'দেউতা চাগে ঠিকেই আছে, 'তেই আছে।'

দেউতা আমাৰ অলপ গহীন গম্ভীৰ ধৰণৰ ব্যক্তি আছিল। আমাক যেতিয়াই তেতিয়াই গালিও পাৰি নাথাকিছিল। তথাপিও কিবা এটা সমীহ ভাৱ আছিল। কেতিয়াবা বদমাছ মনটোৱে যদি নকৰিবলগীয়া কাম কৰিবলৈ উৎসাহ যোগায়, তেতিয়াই আকৌ বিবেক বোলাজনে 'দেউতা' শব্দটো মনত পেলাই দিয়ে। তেতিয়াই মনটোও কোঁচ খাই আহে। দেউতাৰ ৰঙা চকুহালেই আমাৰ কাৰণে যথেষ্ট আছিল।

কিন্তু এনেকুৱা নহয় যে দেউতাই আমাক অকল শাসনেই কৰিছিল। বা দেউতালৈ ভয় কৰি কটাই দিছিলোঁ। নতুন বছৰ সোমাব, নতুন শ্ৰেণীলৈ পাম! দেউতা গ'ল তেজপুৰ টাউনলৈ দিস্তা কাগজ, বেগ, বহী কভাৰ, পেন পেঞ্চিল যি লাগে যাৱতীয় বস্তু আনিবলৈ। সেইদিনা আমাৰ আকৌ ফূৰ্তিত তত্ নোহোৱা হৈ থাকে নতুন বস্তু পোৱাৰ আশাত। আমি আমাৰ অভাৱৰ বস্তুখিনিৰ কথা নক'লেও যেন দেউতাই বুজি পাইছিল মুখখন চায়েই। আচলতে অভাৱত থাকিবলৈ দিয়াই নাছিল। অতিৰিক্ত বস্তু আমি পোৱা নাছিলোঁ, কিন্তু কিবা এটা দৰকাৰী বস্তু লাগে বুলিও কোৱাৰ দৰকাৰ হোৱা নাছিল। কেতিয়াবা অনুভৱ হৈছিল কেনেকৈ গম পাই যায় এই মানুহজনে সকলোবোৰ!

মই গুৱাহাটীত পঢ়ি থকা দিনৰ কথা! গুৱাহাটীৰ পৰা ঘৰলৈ অহাৰ দিনা ঘৰখন উৎসৱমুখৰ হৈ থাকিছিল। পুৱাৰে পৰা মাক কৈ থাকিব 'এই বাছত উঠিলেনে?'। ফোন এটা কৰচোন ''ত বা পাইছেহি।'। মায়ে ফোন কৰাত যদি এবাৰত ফোনটো নুঠাওঁ, দেউতাৰ ভাষ্য 'তাই গ'ল টোপনি। কুসুমটোলা এৰি বিশ্বনাথ চাৰিআলি' পাবগৈ এতিয়া। এনেকুৱা মৰ টোপনি অ'। মানে ঘৰ আহি নোপোৱালৈকে তেখেতৰ চিন্তাৰ অন্ত নাই। ঘৰ আহি পোৱাত তিনিটাই বাজক বা চাৰিটাই বাজক দেউতা ৰখি থাকিব ভাত নোখোৱাকৈ। আজিও মনত পৰে আগফালৰ বাৰান্দাখনত বহি টোপনিয়াই থাকিব তথাপিও উঠি নাহে ভিতৰলৈ। মাক কয় 'ছোৱালী ঘৰ সোমালেহিহে ময়ো ঘৰৰ ভিতৰ সোমাম'

ঘৰ গৈ পাই মাত্ৰ ভাতকেইটা খাই উঠিমহে, সিফালে কাপোৰ সলালেই। পেণ্টৰ বেল্টডাল মাৰি মাৰি আহিয়ে বিছনাত পৰা মোক ক'বহি 'তই শুবলৈহে ল'লি যে ব'ল যাওঁ।' সিফালে মায়ে মাত লগাব ''বচোন ছোৱালীজনী আহি পাইছেহিহে, মানুহটোৰ অলৈ যাওঁ তলৈ যাওঁ আৰম্ভ হ'লেই।' সিফালে গহীনত ক''তাকে নকৰি কি কৰিম।'। মায়ে মুখখন বেঁকা কৰি ক''জীয়েক আহিলটো এতিয়া তেওঁৰ দম চোৱা।'। এইটো কথা কেৱল মৰ লগতেই নহয় দাদা আহি পালেও একেই কাহিনী।

 আমাৰ ঘৰত এটা নিয়ম আছিল, সপ্তাহটোৰ বজাৰ এদিনতে কৰা। আমাৰ সাপ্তাহিক বজাৰখন আমি পঢ়া স্কুলৰ (তাতে মায়েও শিক্ষকতা কৰিছিল) ওচৰতে আছিল আৰু বজাৰখন বহিছিল শনিবাৰে। শনিবাৰে স্কুল সোনকালে ছুটি হয় কাৰণে মা, মই, দাদা, ভাইটি গোটেইকেইটা আহি দেউতাক লগ ধৰোঁ। দেউতাই দৰকাৰী বস্তু শাক-পাচলি, মাছ-পুঠি কিনি 'মিশ্ৰ হাৰ্ডৱেৰ'তে বহি থাকে আমালৈ বাট চায়। আমি গৈ পোৱাৰ লগে লগে বহাৰ পৰা উঠি আকৌ বজাৰৰ ফালে যায়, মানে আৰু কিবাকিবি দুটামান আছেই কৰিবলৈ। কোনোবাই যদি সোধে 'দাদা বজাৰ কৰা হোৱাই নাই'। তেতিয়া তেওঁৰ সেই একেই গহীন সুৰটোত  টপককৈ ক''কি ক'বা এতিয়া মূৰ্গী পোৱালিকেইটাই বজাৰখন চাওঁ বুলি কোৱাত দেখুৱাই যাওঁ বুলি আহিলোঁ।'। দেউতাৰ কথাবোৰ তেনেকুৱাই আছিল নিজেই নাহাঁহি গহীনত কথাকেইটা কৈ বেলেগক হাঁহিৰ খোৰাক যোগায়। 

আমাৰ এজনী গাই-গৰু আছিল। নাম তাইৰ লক্ষী। দেউতাৰ কাৰণে লক্ষী যেন এজনী গৰু নহৈ মানুহহে। আমি স্কুল যাওঁতে লক্ষীক এৰি দিব লগতে কৈ পঠিয়াই ''লৈ ত'লৈ নাযাবি বায়েৰ ককায়েৰৰ লগতে পঠিয়াইছোঁ সিহঁতৰ লগতেই ঘূৰি আহিবি।'। তায়ো আচৰিত গৰু! দেউতাৰ কথা বুজিয়েই পাই নে কি আমি পঢ়া স্কুলৰ ফিল্ডৰ আশে পাশে চৰি থাকিব আৰু আমাৰ স্কুল ছুটিৰ লগে লগে আমাৰ লগতে ঘূৰি আহিব। কেতিয়াবা লগৰবোৰে আহি কয়ো 'আজি তহঁতৰ লক্ষীক দেখি আহিছোঁ, ঘাঁহ খাই আছে ৰাস্তাৰ কাষতে।'। দেউতা যেতিয়া সুস্থ হৈ আছিল প্ৰায়ে সন্ধিয়া ওলাই গৈছিল। আমি তেতিয়া দেউতা ঘৰত অলপ সময় নাথাকিলে ভাইটি আৰু মই ভালেই পাইছিলোঁ। অলপ পঢ়া টেবুলৰ পৰা উঠি আহিব পাৰিছিলোঁ। কিন্তু কাণ দুখন সচকিত কৰি ৰাখিছিলোঁ। কাৰণ দেউতা অহাৰ উমান পালেই লক্ষীয়ে গোহালিৰ পৰা হেম্বেলিয়াব আৰু আমি পঢ়া টেবুলত বহিবগৈ লাগিব। আৰু হয়ো দেউতা অহাৰ লগে লগে লক্ষীয়ে সিফালে 'হেম্বেলিয়াইছিল আমিও লগে লগে পঢ়া টেবুলত। দেউতাই আমাক পঢ়া-শুনা কেতিয়াও নাচাইছিল বা নধৰিছিল সেইটো সঁচা কথা। কিন্তু পঢ়িছিলোঁ দেউতাৰ ভয়তহে। দেউতাৰ এটাই ডায়লগ আছিল 'যিদিনা ইহঁতক ধৰিম বাঘে ধৰাদি ধৰিম।'। কিন্তু সেই 'বাঘে ধৰা' দিয়াটো কেতিয়াও নহ'ল। কেৱল শুনিলোঁহে, দেখা হ'লে নাপালোঁ।

 যি কি নহওক পিতৃ দিৱস বুলি আৰম্ভ কৰি বহুত কিবাকিবি লিখি পেলালোঁ। আচলতে লিখিলে লিখি থাকিবলৈ মন যোৱা এইবোৰ মনপৰশা কাহিনী। পিতৃয়েই হওক বা মাতৃয়েই হওক তেওঁলোকৰ কথা জানো এখিলা পৃষ্ঠাতে লিখি শেষ কৰিব পাৰি! এইবোৰ সদায় মনত সজীৱ হৈ থকা একো একোটা স্মৃতি।  আজিও মনটোৱে দেউতাক বিচাৰি হাবাথুৰি খাই, চাবলৈ মন যায় কত বা আছেগৈ আমি অবিহনে থাকিব নোৱাৰা মানুহজন এতিয়া অকলশৰে!

 

 

Sunday 15 May 2022

হাট!

অকণ হাটলৈ যাব আজিকিমান বছৰৰ মূৰত সি হাটলৈ যাব, অকণৰ নিজৰে হিচাপ নোহোৱাৰ নিচিনা। তাহানি স্কুলত পঢ়ি থাকোঁতেই চাগে তাৰ শেষ হাটলৈ যোৱা। তাৰপিছত পঢ়িবলৈ বুলি ঘৰৰ পৰা বাহিৰত থাকিবলৈ লোৱাৰ পৰা হাটখন একেবাৰে নেদেখাৰ দৰেই। এতিয়া চাকৰি কৰি থকা দিনতো তাৰ ঘৰলৈ যিকেইটা দিন থকাকৈ অহা হয় ইটো সিটো কিবাকিবি কৰোঁতেই গুচি যায়। দেউতাকে হাটত কিবাকিবি বেচি ঘৰ চলোৱা কাহিনীবোৰো বহুত পুৰণি হল। হয়তো সি স্কুলৰ দেওনা পাৰ হোৱাৰ পিছৰে পৰা সেইবোৰো নোহোৱা হল। তেখেতো পিছলৈ বজাৰৰ পৰা ঘৰলৈ লাগতীয়াল বস্তুকেইটাহে আনিবলৈ যায়। শেষত বজাৰলৈ যোৱা মানুহটো একেবাৰে নোহোৱা হোৱাৰ পিছত হাটৰ নামটো শুনিবলৈ নোপোৱা হল সি। কিবা দৰকাৰ হলে ভায়েকে সেই ঘৰৰ ওচৰত বহা দৈনিক বজাৰখনৰ পৰাই ইটো সিটো লৈ আহেগৈ। বাকী গেলামালৰ কাৰণে এখন দোকানটো আছেই সিহঁতৰ। বহুত দিন ধৰি সেইখনৰ পৰাই খাই আহিছে। এইবাৰ বিয়া পাতিবলৈ বুলি ঘৰলৈ কেইদিনমান থকাকৈ অহা অকণৰ খুউব মন গৈছে এবাৰ হাটলৈ যাবলৈ।

: পিতাই অ মোকো নিবি?

চাইকেলৰ আগফালে মোনা দুখনত কাচকল দুআশী আৰু কলডিলকেইটামানৰ সৈতে কেৰিয়াৰত পাৰ দুযোৰ বাঁহৰ কামিৰে বন্ধা সজা দুটাত বান্ধি হাটলৈ যাবলৈ ওলোৱা দেউতাকক আবদাৰ কৰিলেহি তৃতীয়মানত পঢ়ি থকা অকণে।

দেউতাকৰ লগত অকণৰ হাটলৈ যাবলৈ বৰ মন যায় আগতেও দেউতাকক খোচামতি কৰিছে যদিও সুযোগটোহে সি পোৱা নাই। আজি স্কুল বন্ধৰ সুযোগটো পাই সি নেৰা-নেপেৰাকৈ লাগিছে তাক বজাৰলৈ বোলে নিবই লাগিব।

: নালাগে দে আজি, বেলেগ এদিন যাবি।

: নাই নহব সদায় মিছা কথা কৱ আজি মোক নিবই লাগিব

বুলি চাইকেলত বহিবলৈ ধৰা দেউতাকক পিছফালৰ পৰা টানিবলৈ ধৰিলে। দেউতাকেও উপায় নোহোৱাত যাহ সাউৎকৈ কামিজটো গাত সুমুৱাই আহ বুলি বলৈহে পালে অকণে একেলৰে গৈ পালেংখনৰ ওপৰত পৰি থকা চাৰ্টটো গাত সুমুৱাই বুটাম নমৰাকৈয়ে দৌৰি আকৌ দেউতাকৰ ওচৰ পালেহি। চাইকেলৰ আগফালে বহুৱাই দেউতাকে যি তাক সেইদিনা লগত বজাৰলৈ লৈ গ, সেইটো প্ৰতি শনিবাৰে নৈত্য নৈমিত্ত ঘটনালৈ পৰিণত হল। শনিবাৰে স্কুল ক্ষতি কৰি হাটলৈ যোৱা অকণে স্কুলৰ টিনৰ বাকচটোতে তাৰ পঢ়া-শুনাৰ যোগাৰো লৈ যায় লগতে। সময় পালে সেইবোৰ আওৰাই থাকে। বজাৰতেই লাগিলে পঢ়ি থাকিব, তথাপিও সেই দিনটোত স্কুল যাবলৈ মন নকৰে অকণে। সিহঁতে বৰ বেছি বাৰু দেৰিলৈকে হাটত বহিবলগীয়া নহয়, গ্ৰাহক পালেই যিকেইটা বস্তু থাকে দামে-দৰে মিলিলে দেউতাকে বিকি দি তাৰে দুটামান হাত কৰি থৈ ঘৰলৈ বুলি আকৌ সপ্তাহটো জোৰাকৈ লৈ যায় কিবা দুটামান।

: কি নাম?

সিহঁতৰ কাষতে বহি থকা অকমানি ছোৱালী এজনীলৈ চাই অকণে সুধোঁ নুসোধোঁকৈ সুধিলে। সদায় দেখি থাকে অথচ মাত দিম বুলিও ছোৱালীজনীৰ যিহে কথা সি ভয়ত তাপ মাৰে। বয়সত সমনীয়াই হব দুয়োটা।

: কাৰ নাম?

নীলা ত্ৰিপালখনৰ ওপৰত সিঁচৰতি কৰি থোৱা মাছকেইটা থূপাই আনি কাষতে থকা এলুমিনিয়ামৰ বটুৱাটোৰ পৰা হাতেৰে পানী উলিয়াই আনি মাছখিনিৰ ওপৰত সিঁচি দি তাই তাক সুধিলে।

: তোৰ নাম আকৌ।

: ফুলমণি

: মোৰ নাম অকণ

তাই নিজৰটো কৈ তাৰটো সুধিবলৈ অকণো আগ্ৰহ প্ৰকাশ নকৰিলে যদিও অকণে উপযাচি কোৱাদিয়ে তাৰ নামটো তাইক কলে।

: তোৰ নাম অকণ মই কি কৰিব লাগে।

তাইৰ উত্তৰটো শুনি এইজনী বৰ মুখেশ্বৰী বুলি মনতে ভোৰভোৰা অকণে ফলিগুটি উলিয়াই লৈ কিবাকিবি লিখাত লাগিল। মাজে মাজে তাইলৈ কেঁৰাহীকৈ চায়ো। তায়ো সিনো কি লিখিছে সি নেদেখাকৈয়ে ডিঙিটো বেঁকা কৰি চাবলৈ যত্ন কৰে। সি আকৌ মূৰটো তোলা যেন পালেই তাই সিফালে মুখ কৰে।

এনেদৰেই চিনাকি অকণ আৰু ফুলমণিৰ। এনেদৰে সময়বোৰো যে পাৰ হৈ গৈ থাকিল দুয়ো গমেই নাপালে। বছৰ বাগৰিল, লাহে লাহে অকণে তাইৰ ওপৰত আপোনত্বও খটাব পৰা হল। পঢ়া-শুনাৰ প্ৰতি ধাউতি থকা অকণে ফুলমণিক কিবাকিবি লিখিবলৈ পঢ়িবলৈ শিকাই যদিও তাইৰ সেইবোৰত বৰ এটা ইণ্টাৰেষ্ট নাই।

: তই স্কুল কিয় নাযাৱ?

: তইনো কিয় নাযাৱ?

অকণে সোধা প্ৰশ্নটো ফুলমণিয়ে ওলোটাই তাকে আকৌ সুধিলে।

: মই যাওঁটো। খালী শনিবাৰেহে নাযাওঁ। বিদ্যা শপত।

অকণে তাৰ হাতত থকা ফলিখনতে হাতটো দি ফুলমণিলৈ চাই কলে।

: তইনো কিয় নাযাৱ?

: মই স্কুল গলে বাবাৰ লগত হাটত কোন আহিব?

: কিয় বাবা অকলে আহিব নোৱাৰে?

: নোৱাৰেতো।

তায়ো একে সুৰতে অকণক উত্তৰটো দি তাই বতুৱাটোৰ ভিতৰত হাতটো ভৰাই এনেই পানীখিনিত খলখলাই দিয়ে।

: মই তোক পঢ়াম আৰু তই পঢ়িব লাগিব।

: তেন্তে তই মোৰ লগত হাটৰ পিছত চৰাই বাহ সলোৱা খেলিব লাগিব। খা বিদ্যা শপত

ফুলমণিয়ে তাৰ হাতখন ধৰি ফলিখনত আকৌ এবাৰ লগাই দি কথাকেইটা কলে।

: ঠিক আছে হব।

অকণে কথাকেইটা তেনেকৈ কলে যদিও তাৰ পিছৰ পৰা তাৰ হাটলৈ অহাটো লাহে লাহে কমিল। অকণে সদায় শনিবাৰে স্কুল ক্ষতি কৰাত সিহঁতৰ স্কুলৰ হেড ছাৰৰ এদিন কথাটো চকুত পৰিল। ইফালে অকণ পঢ়া-শুনাতো বৰ বেয়া নহয়। অকমান ঘৰত জোৰ দিলেই চতুৰ্থমানৰ বৃত্তিটো ৰব। সেয়ে এদিন ছাৰ আহি ঘৰত কথাকেইটা মাক-দেউতাক আৰু তাৰ আগত কৈ গলহি। সেইদিন ধৰি অকণৰ হাটলৈ অহা মুদা মৰিল। স্কুল চুটিৰ পিছতহে অকণমান সোমাই ফুলমণিৰ লগত দুই এটা কথা পাতি যায় আৰু তাইক অহা শনিবাৰে কৰি আনিবলৈ কিবা দুটামান দি থৈ যায়। সি তাইক পঢ়াবলৈ লোৱাৰ পৰাই তায়ো ফলি এখন মোনাতে ভৰাই লৈ আনে। লাহে লাহে জোটাই জোটাই তাই নিজৰ নামটো লিখিব পৰা হ। তথাপিও দীঘলীয়া সময় ধৰি পঢ়িবলৈ তাইৰ ধৈৰ্য নাই। অকণে তাইৰ লগত হাটৰ শেষত খেলা-ধূলা নকৰে বুলিহে ভয়ত সেইকেইটা শিকিছে।

অকণে চতুৰ্থমানৰ বৃত্তি দি বৃত্তিটো ৰাখি স্কুলৰ নামটো ৰাখিলে। ফাইভলৈ পোৱাৰ পিছৰ পৰা তাৰ স্কুলখন সলনি হ, একেবাৰে হাটৰ কাষতে লাগি থকা হাইস্কুলত দেউতাকে নামটো লিখাই দিলে। ফাইভলৈ পাই সি ইংৰাজী লিখিবলৈ শিকিছে। তাৰ নামটো ইংৰাজীত লিখিবলৈ পোৱাৰ আনন্দভাগি ফুলমণিক দিবলৈ সি দৌৰি দৌৰি স্কুলৰ চুটিত তাইৰ ওচৰ পালেহি। ইফালে আকৌ এগৰাকীৰ ঠেঁহ আজিকালি বোলে স্কুলখন ওচৰত হৈয়ো তাৰ আহিবলৈ সময় নাই। তাই তাৰ নামটো ইংৰাজীত দেখি তাইকো লিখিবলৈ শিকাই বুলি একেষাৰে তাৰ মুখলৈ চাই কৈ উঠিল,

: তই নিজেই শিকিছ শিকি থাক, মোক কিন্তু আৰু নিশিকাবি। মোৰ হৈ গল পঢ়া।

এইজনীৰ পঢ়ালৈ ইমান ভয় বুলি মুখখন ভেঙুচাই দিলেও তাইৰ লগত খেলা লোভটো সামৰিব নোৱাৰে। অকণমান তাইৰ লগত খেলা-ধূলা কৰি অকণ ঘৰলৈ যায়গৈ।

গৰমৰ বন্ধ খোলাৰ পিছৰ কোনোবা এটা দিন। অত্যন্ত গৰম। বাহিৰত চৰি থকা গৰু-ছাগলীয়েও উঠি আহি ৰদত ঘাঁহ খাবলৈ মন কৰা নাই। গছৰ তলতে আগৰ খোৱাসোপা পাগুলি পাগুলি গৰুবোৰে টোপনি মাৰিছে। গছৰ পাত এখিলায়ো নিজৰ গাটো লৰাই বতাহ এছাটি মাৰিবলৈ অক্ষম টিকা ফটা ৰদত। স্কুলৰ উৎপতীয়া লৰা-ছোৱালীকেইটায়ো পানী খোৱা ছুটীত দৌৰা-ঢপৰা নকৰি বহি আছে। অকণহঁতৰ লগৰকেইটাৰ কোনোবা এটাই আমলখি, নিমখ, জলকীয়া কাটি আনিছিল ঘৰৰ পৰা। সিহঁতকেইটাই সেইখিনি লৈ স্কুলৰ পিছফালৰ গছ এজোপাৰ তলত বহি লৈছে। সিহঁতৰ কথাৰ শেষ নাই। এপাকত সিহঁতৰ মাজত ওলাল বিয়াৰ। কথা কোনে কাক বিয়া পাতিব। কোনোবা এটাই ক'লে সিহঁতৰ সমাজ অধ্যয়নৰ বাইদেউকে পাতিব বিয়া। এনেই সি সমাজ অধ্যয়ন বেয়া পাই, বাইদেউক বিয়া পাতিলে অন্তত সি নপঢ়াকৈয়ে নম্বৰকেইটা পাব। চবৰে কথা শুনি থকা অকণে ঘপককৈ কৈ উঠিল সি বিয়া ফুলমণিক পাতিব। ফুলনণিৰ নামটো কৈহে তাৰ মনলৈ আহিল সি কি কৈ পেলালে। ফুলমণিৰ নামটো তাৰ মুখৰ পৰা ওলাবলৈ পালেহে চবেই তাক ফুলমণিৰ লগত যোৰা দিবলৈ ধৰিলে। ক্লাছ চিক্সৰ ল'ৰা অকণে সেইসময়ত কি বুজিছিল সি নিজেই নাজানে কিন্তু কথাটো ফুলমণিক ক'বলৈ সি ব্যগ্ৰ হৈ উঠিল। অকণমান তাৰ ভয়ো লাগিল। যিহে ডাংকাটি সেইজনী যদি তাক গালি পাৰি দিয়ে। হলেও সি তাইক কবই লাগিব কথাটো। তাৰ সেইসময়ত শনিবাৰটো কেতিয়া আহে যেন লাগিল।

হাতত দুটকাৰ মিছল লৈ স্কুল ছুটিৰ পিছত দৌৰি দৌৰি অকণ বজাৰ পালেহি। একেকোবে সিহঁত আৰু ফুলমণিহঁত বহা জেগাখিনি পালেগৈ। সেই নিৰ্দিষ্ট জেগাটোত ফুলমণিক নেদেখি অকণৰ চকুকেইটাই বজাৰৰ চাৰিওফালে পিতপিতাই উঠিল। নাই তাইক তাৰ চকুদুটিয়ে ঢুকি নাপালে। গ্ৰাহকৰ লগত ব্যস্ত থকা ফুলমণিৰ দেউতাকক তাইৰ কথা সুধিম বুলি মেলা মুখ মেলাতে আছে অকণৰ। কথাটো সুধিবহে পৰা নাই। এবাৰত মানুহ কমা যেন লগাত সাউৎকৈ সুধিয়ে পেলালে,

: খুড়া ফুলমণি?

: অ তাই আজি ভিতৰ সোমাল অ' পিতাই।

: ভিতৰ সোমাল মানে?

অকণৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ সময় নহ'ল ফুলমণিৰ দেউতাকৰ। যিকেইটা মাছ আছিল ৰৈ থকা গ্ৰাহক দুজনক বৰ বেছি দাম-দৰ নকৰি বিকি কৰি ঘৰলৈ যাবলৈ ওলাল।

: যাওঁ দে পিতাই, আজি ঘৰত বহুত কাম।

বুলি কৈয়ে বতুৱা, ত্ৰিপাল সামৰি ফুলমণিৰ দেউতাকে চাইকেল পোনালে।

দেইতাক যোৱাৰ ফালে এপলক চাই অকণেও নিজৰ ঘৰলৈ বুলি বাট পোনালে।অকণ সেইদিনা শান্তিত থাকিব নোৱাৰিলে। ভাতকেইটা খাবলৈ বহিও তাৰ চিন্তা ফুলমণিৰ ভিতৰ সোমোৱাটোক লৈহে। তাই যে আজিহে ভিতৰ সোমাইছেনে, ইমান দিন বাহিৰতেই আছিল নেকি! তাৰ মূৰত খুন্দিয়াই থকা কথাবোৰে তাক বৰ আহুকাল দিছে। উপায় নাপাই ভাতৰ পাটত বহি থাকিয়ে কাষতে খাবলৈ বহা মাকক সুধিলে,

: মা ভিতৰ সোমোৱা মানে কি?

মাকে তাৰ প্ৰশ্নটোৰ উত্তৰ নিদি তাকহে ওলোটাই সুধিলে,

: কোন ভিতৰ সোমাল?

মাকৰ প্ৰশ্নটোত অকণ থতমত খাই কি উত্তৰ দিব ভাবি নাপায় তাৰ মুখত যিটোকে নাম ওলাল তাকেই ক'লে,

: ভনী যে তাই।

তাৰ কথা শুনি মাকে এইবাৰ ভাতকেইটা চোবাই চোবাই ক'লে,

: কেলে ভনী দেখোন দুমাহমান আগতেই ভিতৰ সোমাল। তোৰ আজিহে মনত পৰিলেনে? তোক দেখোন লগ লৈছিলোঁ বিয়ালৈ তইহে নগ'লি দাৰি নগজিব বুলি।

মাকৰ কথাকেইটা শুনি অকণৰ ভিতৰ সোমোৱা সংজ্ঞাটো বুজিবলৈ বেছি পৰ নালাগিল। এতিয়া মানে ফুলমণিয়ে তাৰ লগত আগৰ নিচিনাকৈ দৌৰি-ঢাপৰি খেলি ফুৰিব নোৱাৰিব! ভনীক মাকহঁতে এদিন বুজাই থকা সি নিজকাণেৰে শুনিছিল, এতিয়া বোলে আগৰ নিচিনাকৈ তাইৰ ধিতিঙালি কৰি ফুৰাৰ বয়স গ'ল। অকণৰ কথাটো মনত পৰাত কিবা এটা দুখ লাগি আহিল। ভাতৰ গৰাহটো মুখত ভৰাবলৈ লৈয়ো ভৰাব নোৱাৰিলে। ফুলমণিয়ে দেখোন তাৰ লগত নেখেলিলে তাৰ কোনো লগেই নোহোৱা হ'ব। আৰু তাৰ যে ফুলমণিক কথাটো ক'বলৈ থাকিয়ে গ'ল। তাই বা বজাৰলৈ আৰু আহেনে নাহে!

: অকণ ঔ, তই দেখোন বজাৰলৈ যাম বুলিছিলি। কেতিয়াকৈ যাবি?

চোতালতে পাৰি থোৱা চকীখনত বহি অতীত ৰোমন্থন কৰি বহি থকা অকণক মাকে পিছফালৰ পৰা চিঞৰটো লগোৱাতহে তাৰ সম্বিত আহিল।

: অহ অহ যাওঁ দে। মোনাটো দেচোন।

সি মাকক তাৰ ভাবনাবোৰ নেদেখুৱাই খপজপাই উঠি মাতটো দিলে।

: ৰহ আনিছোঁ

বুলি মাক আকৌ ভিতৰ সোমাল। অকণেও কিবা এটা মনত পৰাৰ দৰে মাকৰ পিছে পিছে গৈ মাত দিলে,

: মা ফুলমণিহঁত আহেনে এতিয়া হাটলৈ?

: কোন ফুলমণি অ?

মাকৰ প্ৰশ্নটো শুনি অকণে তৎক্ষণাত কৈ উঠিল,

: অহ তই চিনি নাপাৱ। পিতায়েহে পাইছিল

বুলি মাকৰ হাতৰ পৰা মোনাখন লৈ সি গাড়ীত বহিল। 'আজি যদি ফুলমণিক লগ পাই যাওঁ' গাড়ীখন চলাই গৈ থাকোঁতে অকণৰ মনত কিবা এই অদৰকাৰী চিন্তাবোৰ কৰি থাকি বজাৰ পালেহি। 'এতিয়া আৰু ক'ত লগ পাম তাইক' নিজকে নিজে শান্ত্বনা দিয়াৰ দৰে কৈ বজাৰৰ ওচৰতে গাড়ীখন পাৰ্ক কৰি থৈ হাতত মোনাটো লৈ অকণ বজাৰৰ ভিতৰলৈ সোমাই গ'ল। মাকে কোৱাটোৱে হয় বজাৰখনৰ স্থান সলনি হোৱাৰ লগতে ৰূপো সলনি হ'ল। আজিকালি আগৰ দৰে বাঁহৰ খুঁটাৰ ওপৰত খেৰ সুতাৰ চালি দিয়া, কেঁচা মাটিৰ বজাৰ ঘৰ নাই। পকা খুঁটাৰ সৈতে ওপৰত টিনপাত দি তলটো খহটা পকাৰে চব বজাৰঘৰবোৰ কৰিলে।

অকণে এখন দুখনকৈ দোকানত বস্তুৰ দাম সুধি সুধি একেবাৰে সিমূৰ পালেগৈ। যদিও সি শাক-পাচলিৰ বজাৰখনত সোমাল তথাপিও চকুৰে তাৰ বিচাৰি থাকিল বেলেগ কাৰোবাকহে। তাৰ খুউব মন গ'ল আজি ফুলমণিক লগ পাবলৈ। পাচলি বজাৰখন এৰি মাছৰ বজাৰলৈ যাবলৈ ধৰোঁতেই তাৰ ফোনটো বাজি উঠিল। ফোনৰ শুৱলা ৰিংটো আজি তাৰ কৰ্কশ যেন লাগিল। ফোনটো আহিয়েই যেন তাৰ যাত্ৰা একমিনিটৰ কাৰণে হলেও দেৰি কৰি দিলে। এক মিনিট দেৰি হৈ যোৱা মানে বহুত কথাতে দেৰি হৈ যাব পাৰে!পকেটৰ পৰা ফোনটো উলিয়াইহে তাৰ মনত পৰিল আজি যে সি নীলাঞ্জনালৈ ফোন কৰাই নাই। ইমানদেৰি তাইৰ খবৰ এটাও লোৱা নাই, আজি খালে আৰু গালি! । ফোনটো ৰিচিভ কৰিয়েই সি কৈ উঠিল,

: মই তোমালৈ ফোন কৰিম বুলি ভাবিয়েই আছিলোঁ।

প্ৰেমিকবোৰৰ সঁচৰাচৰ  মিছা কথাটোকে সিয়ো মাতিলে।

: 'ব গম পাইছোঁ। কোনজনী এক্সৰ লগত আছা কোৱাচোন।

নীলাঞ্জনাই তাক কামোৰ এটা যে মাৰিব সি

ঠিকেই অনুমান কৰিছিল। সেয়েহে তাইৰ সুৰতে সিয়ো ক'লে,

: এতিয়াই নকওঁ। আমাৰ গাঁৱৰ বোৱাৰী হৈ যেতিয়া আহিবা তেতিয়া একেবাৰে লগ কৰাই দিম। এতিয়া ৰাখোঁ হা।

বুলি ফোনটো সি কাটি দিলে। এনেকৈ কাটি দিয়াৰ পৰিণাম সি কি হ'ব ভালকৈয়ে বুজিছিল। সকলো শিৰ পাতি ল'বলৈ আকণ আজি সাঁজু আছে কিন্তু এতিয়াৰ এইকণ সময় এৰি দিব নোৱাৰি। জানোচা...

লাহে লাহে অকণ মাছৰ বজাৰখনলৈ সোমাই গ'ল। মাছৰ এখন দোকানো সি এৰি নিদিলে চকুৰ আগৰ পৰা। চবতে পিতপিতকৈ চাই আগবাঢ়ি যাওঁতে হঠাৎ সৰু ছোৱালী এজনীৰ মাত শুনি সি ৰৈ গ'ল। পিছলৈ ঘূৰি চাই দেখিলে অকমানি ছোৱালী এজনী ঠিক ফুলমণিৰ বয়সৰে গ্ৰাহকক কৈ আছে,

: অকণমান ৰ'ব কাকা আহিলেই জুখি দিব।

কিন্তু তাইৰ ককাকলৈ কোন ৰৈ থাকে বুলি এজন দুজনকৈ সেই ঠাই এৰি কাষৰখনত সোমাইছে।

সেই একেই মাজেদি সেওতা ফালি দুফালে ৰঙা ফিটা মাৰি আগফালে অকণমানকৈ কেঁকোৰা অলকডাল কপালত পেলাই থৈ মাছ বেছি থকা ছোৱালীজনী। ক'ৰবাত যেন কিবা এটা মিল আছে। অকণে অকণো হীনদেৰি নকৰাকৈ তাইৰ ওচৰ পালেহি। অকণক দেখি তাই টেপেছকৈ মাতিলেই,

:অকণমান ৰ'ব দেই কাকা আহিলেই জুখি দিব।

: কিয় তুমি জুখিব নাজানা?

: নাজানিছোঁ।

: পঢ়িব জানানে?

: পঢ়িব শিকিছোঁ

: কোন স্কুলত?

: স্কুল নাযাওঁ

: কিয়?

: মই স্কুল গ'লে বজাৰ কোন আহিব।

ছোৱালীজনীৰ কথাটো শুনি অকণৰ হাঁহি উঠি গ'ল। কিবা এটা আকৌ সুধিম বুলি মুখ মেলোঁতেই সি লক্ষ্য কৰিলে তাই যেন তাক এইবোৰ কথা সুধি থকাৰ কাৰণে বৰ এটা ভালপোৱা নাই। 'কাকাটো যে কেতিয়া আহিব' বুলি সি শুনাকৈয়ে তাই কথাটো কৈ এবাৰ দুবাৰ ডিঙি মেলি চাই মাছবোৰ লিৰিকি বিদাৰি থাকিল।

: ফলিখন যে আনিছা লিখিব জানা নেকি?

: নাজানিলে আনিম নেকি?

এইবাৰ তাৰ কথাত তাইৰ সঁচাকৈয়ে খং উঠিল। তাইৰ খং দেখি অকণে খুউব ৰং পালে। এইবাৰ তাইক ক'লে,

: লিখিব জানা যদি লিখাচোন তেন্তে মাৰ নামটো।

তাৰ কথা শুনি তাই মুখেৰে বিৰক্তি পোৱাৰ দৰে এটা শব্দ বাহিৰ কৰি ফলিখন হাতত তুলি ল'লে। তাইক ফলিখন লোৱা দেখি অকণৰ মনটো কিবা এটা ভাল লাগি গ'ল। তাই ফলিখন এনেকৈ ল'লে যাতে তাই কি লিখিছে অকণে অকণো নেদেখে ইফালে অকণো ব্যাকুল তাইনো মাকৰ নামটো কি লিখে তাকে চাবলৈ। তাই মাটি পেঞ্চিলডালেৰে ফলিখনত ঘঁহাই থাকোঁতে এবাৰ মুৰ তুলি দেখিলে ককাক আহি আছে। ককাকক দেখিয়ে তাই য'ৰে ফলি ত'তে পেলাই

"কাকা আহি গ'ল। আপুনি ৰখক" বুলি অকণক কথাটো কৈ জেগাৰ পৰা উঠি লৰ দিলে। অকণেও ক'ত যোৱা ক'ত যোৱা বুলি চিঞৰ লগালে। লগতে তাই পেলাই যোৱা ফলিখন তুলি ল'লে। ফলিখন তুলি দেখে যে তাত তাই পেঞ্চিলডালেৰে ঘঁহাই থকাৰ বাদে আখৰৰ আঁক এটাও মৰা নাই। লগে লগে সি ঘূৰি চাই দেখে ছোৱালীজনী তাৰ একেবাৰে কাষত নহ'লেও সি ঢুকি পোৱা জেগা এটাতে ৰৈ আছে।

: মই লিখিবলৈ কোৱাটো নিলিখিলা যে?

তাই শুনাকৈয়ে সি মাত দিলে।

: পাহৰি গ'লোঁ কেনেকৈ লিখে

: তেন্তে কৈয়ে দিয়া।

সি এইবাৰ বেলেগ এটা বুদ্ধি উলিয়ালে। তায়ো সেইটোৱে সহজ হ'ব বুলি চিঞৰ এটা মাৰিবলৈ ধৰোঁতেই তাইৰে সমনীয়া দুজনীমানক আহি থকা দেখি সিহঁতৰ ফাললৈ লৰ ধৰিলে। তাইক দৌৰা দেখি অকণেও মাত লগাবলৈ ধৰোঁতেই দেখিলে তাইৰ ককাক আহি ইতিমধ্যে সেইখিনি পাইছেহি। মানুহজনক ওচৰৰ পৰা ভালকৈ দেখি অকণৰ মনটৈ সেমেকি গ'ল এইজন দেখোন ফুলমণিৰ দেউতাক নহয়।

: কি লাগিব?

: দিয়ক ভাল চাই ৰৌ এককেজি

মানুহজনলৈ কেঁৰাহীকৈ চাই সি উত্তৰ দিলে। সুধোঁ নুসুধোঁকৈ সি মাত দিলে,

: ইয়াত থকা অকমানিজনী?

: তাই মোৰ দাদাৰ নাতিনীজনী। মাকৰ নিচিনাকৈ তাইকো বজাৰলৈ আহিবলৈ লাগে। পঢ়া-শুনাত একেবাৰে মতি-গতি নাই। মাকেই...

মানুহজনে কিনো ক'বলৈ ধৰিছিল জানো সেইসময়তে অকমানিজনী আহি ককাকক খাতনি ধৰিলেহি "মাজুকাকা পাঁচটকা এটা দেনা, মিছল খাম।"

তাইৰ কথা শুনি ককাকেও মাছৰ পলিথিনটো অকণৰ হাতত তুলি দি বহি থকা মোনাটোৰ এটা ফালে দাঙি পইচাবোৰৰ পৰা গণি গণি পাঁচটকা তাইৰ হাতত দি ৰৈ থকা বাকী গ্ৰাহকবোৰৰ কাৰণে মাছ জুখিবলৈ ল'লে। অকণৰ আৰু অকণমান মানুহজনৰ লগত কথা পাতিবৰ মন আছিল যদিও তাত তেনেকৈ ৰৈ থাকিলে ভাল নেদেখিব বুলি গাড়ীখনৰ ফালে আগবাঢ়িল। গাড়ীৰ ওচৰলৈ গৈ থাকোঁতে তাৰ চকুৰে পিতপিতাই থাকিল কেনেবাকৈ আকৌ ছোৱালীজনী দেখে নেকি!

নাই পখিলীজনীক অকণে কতো নেদেখিলে। হাটৰ মাজতে চকুৰ আগতে তাই কৰবালৈ উৰা মাৰিলে ঠিক ফুলমণিজনীৰ দৰে!