Sunday 15 May 2022

হাট!

অকণ হাটলৈ যাব আজিকিমান বছৰৰ মূৰত সি হাটলৈ যাব, অকণৰ নিজৰে হিচাপ নোহোৱাৰ নিচিনা। তাহানি স্কুলত পঢ়ি থাকোঁতেই চাগে তাৰ শেষ হাটলৈ যোৱা। তাৰপিছত পঢ়িবলৈ বুলি ঘৰৰ পৰা বাহিৰত থাকিবলৈ লোৱাৰ পৰা হাটখন একেবাৰে নেদেখাৰ দৰেই। এতিয়া চাকৰি কৰি থকা দিনতো তাৰ ঘৰলৈ যিকেইটা দিন থকাকৈ অহা হয় ইটো সিটো কিবাকিবি কৰোঁতেই গুচি যায়। দেউতাকে হাটত কিবাকিবি বেচি ঘৰ চলোৱা কাহিনীবোৰো বহুত পুৰণি হল। হয়তো সি স্কুলৰ দেওনা পাৰ হোৱাৰ পিছৰে পৰা সেইবোৰো নোহোৱা হল। তেখেতো পিছলৈ বজাৰৰ পৰা ঘৰলৈ লাগতীয়াল বস্তুকেইটাহে আনিবলৈ যায়। শেষত বজাৰলৈ যোৱা মানুহটো একেবাৰে নোহোৱা হোৱাৰ পিছত হাটৰ নামটো শুনিবলৈ নোপোৱা হল সি। কিবা দৰকাৰ হলে ভায়েকে সেই ঘৰৰ ওচৰত বহা দৈনিক বজাৰখনৰ পৰাই ইটো সিটো লৈ আহেগৈ। বাকী গেলামালৰ কাৰণে এখন দোকানটো আছেই সিহঁতৰ। বহুত দিন ধৰি সেইখনৰ পৰাই খাই আহিছে। এইবাৰ বিয়া পাতিবলৈ বুলি ঘৰলৈ কেইদিনমান থকাকৈ অহা অকণৰ খুউব মন গৈছে এবাৰ হাটলৈ যাবলৈ।

: পিতাই অ মোকো নিবি?

চাইকেলৰ আগফালে মোনা দুখনত কাচকল দুআশী আৰু কলডিলকেইটামানৰ সৈতে কেৰিয়াৰত পাৰ দুযোৰ বাঁহৰ কামিৰে বন্ধা সজা দুটাত বান্ধি হাটলৈ যাবলৈ ওলোৱা দেউতাকক আবদাৰ কৰিলেহি তৃতীয়মানত পঢ়ি থকা অকণে।

দেউতাকৰ লগত অকণৰ হাটলৈ যাবলৈ বৰ মন যায় আগতেও দেউতাকক খোচামতি কৰিছে যদিও সুযোগটোহে সি পোৱা নাই। আজি স্কুল বন্ধৰ সুযোগটো পাই সি নেৰা-নেপেৰাকৈ লাগিছে তাক বজাৰলৈ বোলে নিবই লাগিব।

: নালাগে দে আজি, বেলেগ এদিন যাবি।

: নাই নহব সদায় মিছা কথা কৱ আজি মোক নিবই লাগিব

বুলি চাইকেলত বহিবলৈ ধৰা দেউতাকক পিছফালৰ পৰা টানিবলৈ ধৰিলে। দেউতাকেও উপায় নোহোৱাত যাহ সাউৎকৈ কামিজটো গাত সুমুৱাই আহ বুলি বলৈহে পালে অকণে একেলৰে গৈ পালেংখনৰ ওপৰত পৰি থকা চাৰ্টটো গাত সুমুৱাই বুটাম নমৰাকৈয়ে দৌৰি আকৌ দেউতাকৰ ওচৰ পালেহি। চাইকেলৰ আগফালে বহুৱাই দেউতাকে যি তাক সেইদিনা লগত বজাৰলৈ লৈ গ, সেইটো প্ৰতি শনিবাৰে নৈত্য নৈমিত্ত ঘটনালৈ পৰিণত হল। শনিবাৰে স্কুল ক্ষতি কৰি হাটলৈ যোৱা অকণে স্কুলৰ টিনৰ বাকচটোতে তাৰ পঢ়া-শুনাৰ যোগাৰো লৈ যায় লগতে। সময় পালে সেইবোৰ আওৰাই থাকে। বজাৰতেই লাগিলে পঢ়ি থাকিব, তথাপিও সেই দিনটোত স্কুল যাবলৈ মন নকৰে অকণে। সিহঁতে বৰ বেছি বাৰু দেৰিলৈকে হাটত বহিবলগীয়া নহয়, গ্ৰাহক পালেই যিকেইটা বস্তু থাকে দামে-দৰে মিলিলে দেউতাকে বিকি দি তাৰে দুটামান হাত কৰি থৈ ঘৰলৈ বুলি আকৌ সপ্তাহটো জোৰাকৈ লৈ যায় কিবা দুটামান।

: কি নাম?

সিহঁতৰ কাষতে বহি থকা অকমানি ছোৱালী এজনীলৈ চাই অকণে সুধোঁ নুসোধোঁকৈ সুধিলে। সদায় দেখি থাকে অথচ মাত দিম বুলিও ছোৱালীজনীৰ যিহে কথা সি ভয়ত তাপ মাৰে। বয়সত সমনীয়াই হব দুয়োটা।

: কাৰ নাম?

নীলা ত্ৰিপালখনৰ ওপৰত সিঁচৰতি কৰি থোৱা মাছকেইটা থূপাই আনি কাষতে থকা এলুমিনিয়ামৰ বটুৱাটোৰ পৰা হাতেৰে পানী উলিয়াই আনি মাছখিনিৰ ওপৰত সিঁচি দি তাই তাক সুধিলে।

: তোৰ নাম আকৌ।

: ফুলমণি

: মোৰ নাম অকণ

তাই নিজৰটো কৈ তাৰটো সুধিবলৈ অকণো আগ্ৰহ প্ৰকাশ নকৰিলে যদিও অকণে উপযাচি কোৱাদিয়ে তাৰ নামটো তাইক কলে।

: তোৰ নাম অকণ মই কি কৰিব লাগে।

তাইৰ উত্তৰটো শুনি এইজনী বৰ মুখেশ্বৰী বুলি মনতে ভোৰভোৰা অকণে ফলিগুটি উলিয়াই লৈ কিবাকিবি লিখাত লাগিল। মাজে মাজে তাইলৈ কেঁৰাহীকৈ চায়ো। তায়ো সিনো কি লিখিছে সি নেদেখাকৈয়ে ডিঙিটো বেঁকা কৰি চাবলৈ যত্ন কৰে। সি আকৌ মূৰটো তোলা যেন পালেই তাই সিফালে মুখ কৰে।

এনেদৰেই চিনাকি অকণ আৰু ফুলমণিৰ। এনেদৰে সময়বোৰো যে পাৰ হৈ গৈ থাকিল দুয়ো গমেই নাপালে। বছৰ বাগৰিল, লাহে লাহে অকণে তাইৰ ওপৰত আপোনত্বও খটাব পৰা হল। পঢ়া-শুনাৰ প্ৰতি ধাউতি থকা অকণে ফুলমণিক কিবাকিবি লিখিবলৈ পঢ়িবলৈ শিকাই যদিও তাইৰ সেইবোৰত বৰ এটা ইণ্টাৰেষ্ট নাই।

: তই স্কুল কিয় নাযাৱ?

: তইনো কিয় নাযাৱ?

অকণে সোধা প্ৰশ্নটো ফুলমণিয়ে ওলোটাই তাকে আকৌ সুধিলে।

: মই যাওঁটো। খালী শনিবাৰেহে নাযাওঁ। বিদ্যা শপত।

অকণে তাৰ হাতত থকা ফলিখনতে হাতটো দি ফুলমণিলৈ চাই কলে।

: তইনো কিয় নাযাৱ?

: মই স্কুল গলে বাবাৰ লগত হাটত কোন আহিব?

: কিয় বাবা অকলে আহিব নোৱাৰে?

: নোৱাৰেতো।

তায়ো একে সুৰতে অকণক উত্তৰটো দি তাই বতুৱাটোৰ ভিতৰত হাতটো ভৰাই এনেই পানীখিনিত খলখলাই দিয়ে।

: মই তোক পঢ়াম আৰু তই পঢ়িব লাগিব।

: তেন্তে তই মোৰ লগত হাটৰ পিছত চৰাই বাহ সলোৱা খেলিব লাগিব। খা বিদ্যা শপত

ফুলমণিয়ে তাৰ হাতখন ধৰি ফলিখনত আকৌ এবাৰ লগাই দি কথাকেইটা কলে।

: ঠিক আছে হব।

অকণে কথাকেইটা তেনেকৈ কলে যদিও তাৰ পিছৰ পৰা তাৰ হাটলৈ অহাটো লাহে লাহে কমিল। অকণে সদায় শনিবাৰে স্কুল ক্ষতি কৰাত সিহঁতৰ স্কুলৰ হেড ছাৰৰ এদিন কথাটো চকুত পৰিল। ইফালে অকণ পঢ়া-শুনাতো বৰ বেয়া নহয়। অকমান ঘৰত জোৰ দিলেই চতুৰ্থমানৰ বৃত্তিটো ৰব। সেয়ে এদিন ছাৰ আহি ঘৰত কথাকেইটা মাক-দেউতাক আৰু তাৰ আগত কৈ গলহি। সেইদিন ধৰি অকণৰ হাটলৈ অহা মুদা মৰিল। স্কুল চুটিৰ পিছতহে অকণমান সোমাই ফুলমণিৰ লগত দুই এটা কথা পাতি যায় আৰু তাইক অহা শনিবাৰে কৰি আনিবলৈ কিবা দুটামান দি থৈ যায়। সি তাইক পঢ়াবলৈ লোৱাৰ পৰাই তায়ো ফলি এখন মোনাতে ভৰাই লৈ আনে। লাহে লাহে জোটাই জোটাই তাই নিজৰ নামটো লিখিব পৰা হ। তথাপিও দীঘলীয়া সময় ধৰি পঢ়িবলৈ তাইৰ ধৈৰ্য নাই। অকণে তাইৰ লগত হাটৰ শেষত খেলা-ধূলা নকৰে বুলিহে ভয়ত সেইকেইটা শিকিছে।

অকণে চতুৰ্থমানৰ বৃত্তি দি বৃত্তিটো ৰাখি স্কুলৰ নামটো ৰাখিলে। ফাইভলৈ পোৱাৰ পিছৰ পৰা তাৰ স্কুলখন সলনি হ, একেবাৰে হাটৰ কাষতে লাগি থকা হাইস্কুলত দেউতাকে নামটো লিখাই দিলে। ফাইভলৈ পাই সি ইংৰাজী লিখিবলৈ শিকিছে। তাৰ নামটো ইংৰাজীত লিখিবলৈ পোৱাৰ আনন্দভাগি ফুলমণিক দিবলৈ সি দৌৰি দৌৰি স্কুলৰ চুটিত তাইৰ ওচৰ পালেহি। ইফালে আকৌ এগৰাকীৰ ঠেঁহ আজিকালি বোলে স্কুলখন ওচৰত হৈয়ো তাৰ আহিবলৈ সময় নাই। তাই তাৰ নামটো ইংৰাজীত দেখি তাইকো লিখিবলৈ শিকাই বুলি একেষাৰে তাৰ মুখলৈ চাই কৈ উঠিল,

: তই নিজেই শিকিছ শিকি থাক, মোক কিন্তু আৰু নিশিকাবি। মোৰ হৈ গল পঢ়া।

এইজনীৰ পঢ়ালৈ ইমান ভয় বুলি মুখখন ভেঙুচাই দিলেও তাইৰ লগত খেলা লোভটো সামৰিব নোৱাৰে। অকণমান তাইৰ লগত খেলা-ধূলা কৰি অকণ ঘৰলৈ যায়গৈ।

গৰমৰ বন্ধ খোলাৰ পিছৰ কোনোবা এটা দিন। অত্যন্ত গৰম। বাহিৰত চৰি থকা গৰু-ছাগলীয়েও উঠি আহি ৰদত ঘাঁহ খাবলৈ মন কৰা নাই। গছৰ তলতে আগৰ খোৱাসোপা পাগুলি পাগুলি গৰুবোৰে টোপনি মাৰিছে। গছৰ পাত এখিলায়ো নিজৰ গাটো লৰাই বতাহ এছাটি মাৰিবলৈ অক্ষম টিকা ফটা ৰদত। স্কুলৰ উৎপতীয়া লৰা-ছোৱালীকেইটায়ো পানী খোৱা ছুটীত দৌৰা-ঢপৰা নকৰি বহি আছে। অকণহঁতৰ লগৰকেইটাৰ কোনোবা এটাই আমলখি, নিমখ, জলকীয়া কাটি আনিছিল ঘৰৰ পৰা। সিহঁতকেইটাই সেইখিনি লৈ স্কুলৰ পিছফালৰ গছ এজোপাৰ তলত বহি লৈছে। সিহঁতৰ কথাৰ শেষ নাই। এপাকত সিহঁতৰ মাজত ওলাল বিয়াৰ। কথা কোনে কাক বিয়া পাতিব। কোনোবা এটাই ক'লে সিহঁতৰ সমাজ অধ্যয়নৰ বাইদেউকে পাতিব বিয়া। এনেই সি সমাজ অধ্যয়ন বেয়া পাই, বাইদেউক বিয়া পাতিলে অন্তত সি নপঢ়াকৈয়ে নম্বৰকেইটা পাব। চবৰে কথা শুনি থকা অকণে ঘপককৈ কৈ উঠিল সি বিয়া ফুলমণিক পাতিব। ফুলনণিৰ নামটো কৈহে তাৰ মনলৈ আহিল সি কি কৈ পেলালে। ফুলমণিৰ নামটো তাৰ মুখৰ পৰা ওলাবলৈ পালেহে চবেই তাক ফুলমণিৰ লগত যোৰা দিবলৈ ধৰিলে। ক্লাছ চিক্সৰ ল'ৰা অকণে সেইসময়ত কি বুজিছিল সি নিজেই নাজানে কিন্তু কথাটো ফুলমণিক ক'বলৈ সি ব্যগ্ৰ হৈ উঠিল। অকণমান তাৰ ভয়ো লাগিল। যিহে ডাংকাটি সেইজনী যদি তাক গালি পাৰি দিয়ে। হলেও সি তাইক কবই লাগিব কথাটো। তাৰ সেইসময়ত শনিবাৰটো কেতিয়া আহে যেন লাগিল।

হাতত দুটকাৰ মিছল লৈ স্কুল ছুটিৰ পিছত দৌৰি দৌৰি অকণ বজাৰ পালেহি। একেকোবে সিহঁত আৰু ফুলমণিহঁত বহা জেগাখিনি পালেগৈ। সেই নিৰ্দিষ্ট জেগাটোত ফুলমণিক নেদেখি অকণৰ চকুকেইটাই বজাৰৰ চাৰিওফালে পিতপিতাই উঠিল। নাই তাইক তাৰ চকুদুটিয়ে ঢুকি নাপালে। গ্ৰাহকৰ লগত ব্যস্ত থকা ফুলমণিৰ দেউতাকক তাইৰ কথা সুধিম বুলি মেলা মুখ মেলাতে আছে অকণৰ। কথাটো সুধিবহে পৰা নাই। এবাৰত মানুহ কমা যেন লগাত সাউৎকৈ সুধিয়ে পেলালে,

: খুড়া ফুলমণি?

: অ তাই আজি ভিতৰ সোমাল অ' পিতাই।

: ভিতৰ সোমাল মানে?

অকণৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ সময় নহ'ল ফুলমণিৰ দেউতাকৰ। যিকেইটা মাছ আছিল ৰৈ থকা গ্ৰাহক দুজনক বৰ বেছি দাম-দৰ নকৰি বিকি কৰি ঘৰলৈ যাবলৈ ওলাল।

: যাওঁ দে পিতাই, আজি ঘৰত বহুত কাম।

বুলি কৈয়ে বতুৱা, ত্ৰিপাল সামৰি ফুলমণিৰ দেউতাকে চাইকেল পোনালে।

দেইতাক যোৱাৰ ফালে এপলক চাই অকণেও নিজৰ ঘৰলৈ বুলি বাট পোনালে।অকণ সেইদিনা শান্তিত থাকিব নোৱাৰিলে। ভাতকেইটা খাবলৈ বহিও তাৰ চিন্তা ফুলমণিৰ ভিতৰ সোমোৱাটোক লৈহে। তাই যে আজিহে ভিতৰ সোমাইছেনে, ইমান দিন বাহিৰতেই আছিল নেকি! তাৰ মূৰত খুন্দিয়াই থকা কথাবোৰে তাক বৰ আহুকাল দিছে। উপায় নাপাই ভাতৰ পাটত বহি থাকিয়ে কাষতে খাবলৈ বহা মাকক সুধিলে,

: মা ভিতৰ সোমোৱা মানে কি?

মাকে তাৰ প্ৰশ্নটোৰ উত্তৰ নিদি তাকহে ওলোটাই সুধিলে,

: কোন ভিতৰ সোমাল?

মাকৰ প্ৰশ্নটোত অকণ থতমত খাই কি উত্তৰ দিব ভাবি নাপায় তাৰ মুখত যিটোকে নাম ওলাল তাকেই ক'লে,

: ভনী যে তাই।

তাৰ কথা শুনি মাকে এইবাৰ ভাতকেইটা চোবাই চোবাই ক'লে,

: কেলে ভনী দেখোন দুমাহমান আগতেই ভিতৰ সোমাল। তোৰ আজিহে মনত পৰিলেনে? তোক দেখোন লগ লৈছিলোঁ বিয়ালৈ তইহে নগ'লি দাৰি নগজিব বুলি।

মাকৰ কথাকেইটা শুনি অকণৰ ভিতৰ সোমোৱা সংজ্ঞাটো বুজিবলৈ বেছি পৰ নালাগিল। এতিয়া মানে ফুলমণিয়ে তাৰ লগত আগৰ নিচিনাকৈ দৌৰি-ঢাপৰি খেলি ফুৰিব নোৱাৰিব! ভনীক মাকহঁতে এদিন বুজাই থকা সি নিজকাণেৰে শুনিছিল, এতিয়া বোলে আগৰ নিচিনাকৈ তাইৰ ধিতিঙালি কৰি ফুৰাৰ বয়স গ'ল। অকণৰ কথাটো মনত পৰাত কিবা এটা দুখ লাগি আহিল। ভাতৰ গৰাহটো মুখত ভৰাবলৈ লৈয়ো ভৰাব নোৱাৰিলে। ফুলমণিয়ে দেখোন তাৰ লগত নেখেলিলে তাৰ কোনো লগেই নোহোৱা হ'ব। আৰু তাৰ যে ফুলমণিক কথাটো ক'বলৈ থাকিয়ে গ'ল। তাই বা বজাৰলৈ আৰু আহেনে নাহে!

: অকণ ঔ, তই দেখোন বজাৰলৈ যাম বুলিছিলি। কেতিয়াকৈ যাবি?

চোতালতে পাৰি থোৱা চকীখনত বহি অতীত ৰোমন্থন কৰি বহি থকা অকণক মাকে পিছফালৰ পৰা চিঞৰটো লগোৱাতহে তাৰ সম্বিত আহিল।

: অহ অহ যাওঁ দে। মোনাটো দেচোন।

সি মাকক তাৰ ভাবনাবোৰ নেদেখুৱাই খপজপাই উঠি মাতটো দিলে।

: ৰহ আনিছোঁ

বুলি মাক আকৌ ভিতৰ সোমাল। অকণেও কিবা এটা মনত পৰাৰ দৰে মাকৰ পিছে পিছে গৈ মাত দিলে,

: মা ফুলমণিহঁত আহেনে এতিয়া হাটলৈ?

: কোন ফুলমণি অ?

মাকৰ প্ৰশ্নটো শুনি অকণে তৎক্ষণাত কৈ উঠিল,

: অহ তই চিনি নাপাৱ। পিতায়েহে পাইছিল

বুলি মাকৰ হাতৰ পৰা মোনাখন লৈ সি গাড়ীত বহিল। 'আজি যদি ফুলমণিক লগ পাই যাওঁ' গাড়ীখন চলাই গৈ থাকোঁতে অকণৰ মনত কিবা এই অদৰকাৰী চিন্তাবোৰ কৰি থাকি বজাৰ পালেহি। 'এতিয়া আৰু ক'ত লগ পাম তাইক' নিজকে নিজে শান্ত্বনা দিয়াৰ দৰে কৈ বজাৰৰ ওচৰতে গাড়ীখন পাৰ্ক কৰি থৈ হাতত মোনাটো লৈ অকণ বজাৰৰ ভিতৰলৈ সোমাই গ'ল। মাকে কোৱাটোৱে হয় বজাৰখনৰ স্থান সলনি হোৱাৰ লগতে ৰূপো সলনি হ'ল। আজিকালি আগৰ দৰে বাঁহৰ খুঁটাৰ ওপৰত খেৰ সুতাৰ চালি দিয়া, কেঁচা মাটিৰ বজাৰ ঘৰ নাই। পকা খুঁটাৰ সৈতে ওপৰত টিনপাত দি তলটো খহটা পকাৰে চব বজাৰঘৰবোৰ কৰিলে।

অকণে এখন দুখনকৈ দোকানত বস্তুৰ দাম সুধি সুধি একেবাৰে সিমূৰ পালেগৈ। যদিও সি শাক-পাচলিৰ বজাৰখনত সোমাল তথাপিও চকুৰে তাৰ বিচাৰি থাকিল বেলেগ কাৰোবাকহে। তাৰ খুউব মন গ'ল আজি ফুলমণিক লগ পাবলৈ। পাচলি বজাৰখন এৰি মাছৰ বজাৰলৈ যাবলৈ ধৰোঁতেই তাৰ ফোনটো বাজি উঠিল। ফোনৰ শুৱলা ৰিংটো আজি তাৰ কৰ্কশ যেন লাগিল। ফোনটো আহিয়েই যেন তাৰ যাত্ৰা একমিনিটৰ কাৰণে হলেও দেৰি কৰি দিলে। এক মিনিট দেৰি হৈ যোৱা মানে বহুত কথাতে দেৰি হৈ যাব পাৰে!পকেটৰ পৰা ফোনটো উলিয়াইহে তাৰ মনত পৰিল আজি যে সি নীলাঞ্জনালৈ ফোন কৰাই নাই। ইমানদেৰি তাইৰ খবৰ এটাও লোৱা নাই, আজি খালে আৰু গালি! । ফোনটো ৰিচিভ কৰিয়েই সি কৈ উঠিল,

: মই তোমালৈ ফোন কৰিম বুলি ভাবিয়েই আছিলোঁ।

প্ৰেমিকবোৰৰ সঁচৰাচৰ  মিছা কথাটোকে সিয়ো মাতিলে।

: 'ব গম পাইছোঁ। কোনজনী এক্সৰ লগত আছা কোৱাচোন।

নীলাঞ্জনাই তাক কামোৰ এটা যে মাৰিব সি

ঠিকেই অনুমান কৰিছিল। সেয়েহে তাইৰ সুৰতে সিয়ো ক'লে,

: এতিয়াই নকওঁ। আমাৰ গাঁৱৰ বোৱাৰী হৈ যেতিয়া আহিবা তেতিয়া একেবাৰে লগ কৰাই দিম। এতিয়া ৰাখোঁ হা।

বুলি ফোনটো সি কাটি দিলে। এনেকৈ কাটি দিয়াৰ পৰিণাম সি কি হ'ব ভালকৈয়ে বুজিছিল। সকলো শিৰ পাতি ল'বলৈ আকণ আজি সাঁজু আছে কিন্তু এতিয়াৰ এইকণ সময় এৰি দিব নোৱাৰি। জানোচা...

লাহে লাহে অকণ মাছৰ বজাৰখনলৈ সোমাই গ'ল। মাছৰ এখন দোকানো সি এৰি নিদিলে চকুৰ আগৰ পৰা। চবতে পিতপিতকৈ চাই আগবাঢ়ি যাওঁতে হঠাৎ সৰু ছোৱালী এজনীৰ মাত শুনি সি ৰৈ গ'ল। পিছলৈ ঘূৰি চাই দেখিলে অকমানি ছোৱালী এজনী ঠিক ফুলমণিৰ বয়সৰে গ্ৰাহকক কৈ আছে,

: অকণমান ৰ'ব কাকা আহিলেই জুখি দিব।

কিন্তু তাইৰ ককাকলৈ কোন ৰৈ থাকে বুলি এজন দুজনকৈ সেই ঠাই এৰি কাষৰখনত সোমাইছে।

সেই একেই মাজেদি সেওতা ফালি দুফালে ৰঙা ফিটা মাৰি আগফালে অকণমানকৈ কেঁকোৰা অলকডাল কপালত পেলাই থৈ মাছ বেছি থকা ছোৱালীজনী। ক'ৰবাত যেন কিবা এটা মিল আছে। অকণে অকণো হীনদেৰি নকৰাকৈ তাইৰ ওচৰ পালেহি। অকণক দেখি তাই টেপেছকৈ মাতিলেই,

:অকণমান ৰ'ব দেই কাকা আহিলেই জুখি দিব।

: কিয় তুমি জুখিব নাজানা?

: নাজানিছোঁ।

: পঢ়িব জানানে?

: পঢ়িব শিকিছোঁ

: কোন স্কুলত?

: স্কুল নাযাওঁ

: কিয়?

: মই স্কুল গ'লে বজাৰ কোন আহিব।

ছোৱালীজনীৰ কথাটো শুনি অকণৰ হাঁহি উঠি গ'ল। কিবা এটা আকৌ সুধিম বুলি মুখ মেলোঁতেই সি লক্ষ্য কৰিলে তাই যেন তাক এইবোৰ কথা সুধি থকাৰ কাৰণে বৰ এটা ভালপোৱা নাই। 'কাকাটো যে কেতিয়া আহিব' বুলি সি শুনাকৈয়ে তাই কথাটো কৈ এবাৰ দুবাৰ ডিঙি মেলি চাই মাছবোৰ লিৰিকি বিদাৰি থাকিল।

: ফলিখন যে আনিছা লিখিব জানা নেকি?

: নাজানিলে আনিম নেকি?

এইবাৰ তাৰ কথাত তাইৰ সঁচাকৈয়ে খং উঠিল। তাইৰ খং দেখি অকণে খুউব ৰং পালে। এইবাৰ তাইক ক'লে,

: লিখিব জানা যদি লিখাচোন তেন্তে মাৰ নামটো।

তাৰ কথা শুনি তাই মুখেৰে বিৰক্তি পোৱাৰ দৰে এটা শব্দ বাহিৰ কৰি ফলিখন হাতত তুলি ল'লে। তাইক ফলিখন লোৱা দেখি অকণৰ মনটো কিবা এটা ভাল লাগি গ'ল। তাই ফলিখন এনেকৈ ল'লে যাতে তাই কি লিখিছে অকণে অকণো নেদেখে ইফালে অকণো ব্যাকুল তাইনো মাকৰ নামটো কি লিখে তাকে চাবলৈ। তাই মাটি পেঞ্চিলডালেৰে ফলিখনত ঘঁহাই থাকোঁতে এবাৰ মুৰ তুলি দেখিলে ককাক আহি আছে। ককাকক দেখিয়ে তাই য'ৰে ফলি ত'তে পেলাই

"কাকা আহি গ'ল। আপুনি ৰখক" বুলি অকণক কথাটো কৈ জেগাৰ পৰা উঠি লৰ দিলে। অকণেও ক'ত যোৱা ক'ত যোৱা বুলি চিঞৰ লগালে। লগতে তাই পেলাই যোৱা ফলিখন তুলি ল'লে। ফলিখন তুলি দেখে যে তাত তাই পেঞ্চিলডালেৰে ঘঁহাই থকাৰ বাদে আখৰৰ আঁক এটাও মৰা নাই। লগে লগে সি ঘূৰি চাই দেখে ছোৱালীজনী তাৰ একেবাৰে কাষত নহ'লেও সি ঢুকি পোৱা জেগা এটাতে ৰৈ আছে।

: মই লিখিবলৈ কোৱাটো নিলিখিলা যে?

তাই শুনাকৈয়ে সি মাত দিলে।

: পাহৰি গ'লোঁ কেনেকৈ লিখে

: তেন্তে কৈয়ে দিয়া।

সি এইবাৰ বেলেগ এটা বুদ্ধি উলিয়ালে। তায়ো সেইটোৱে সহজ হ'ব বুলি চিঞৰ এটা মাৰিবলৈ ধৰোঁতেই তাইৰে সমনীয়া দুজনীমানক আহি থকা দেখি সিহঁতৰ ফাললৈ লৰ ধৰিলে। তাইক দৌৰা দেখি অকণেও মাত লগাবলৈ ধৰোঁতেই দেখিলে তাইৰ ককাক আহি ইতিমধ্যে সেইখিনি পাইছেহি। মানুহজনক ওচৰৰ পৰা ভালকৈ দেখি অকণৰ মনটৈ সেমেকি গ'ল এইজন দেখোন ফুলমণিৰ দেউতাক নহয়।

: কি লাগিব?

: দিয়ক ভাল চাই ৰৌ এককেজি

মানুহজনলৈ কেঁৰাহীকৈ চাই সি উত্তৰ দিলে। সুধোঁ নুসুধোঁকৈ সি মাত দিলে,

: ইয়াত থকা অকমানিজনী?

: তাই মোৰ দাদাৰ নাতিনীজনী। মাকৰ নিচিনাকৈ তাইকো বজাৰলৈ আহিবলৈ লাগে। পঢ়া-শুনাত একেবাৰে মতি-গতি নাই। মাকেই...

মানুহজনে কিনো ক'বলৈ ধৰিছিল জানো সেইসময়তে অকমানিজনী আহি ককাকক খাতনি ধৰিলেহি "মাজুকাকা পাঁচটকা এটা দেনা, মিছল খাম।"

তাইৰ কথা শুনি ককাকেও মাছৰ পলিথিনটো অকণৰ হাতত তুলি দি বহি থকা মোনাটোৰ এটা ফালে দাঙি পইচাবোৰৰ পৰা গণি গণি পাঁচটকা তাইৰ হাতত দি ৰৈ থকা বাকী গ্ৰাহকবোৰৰ কাৰণে মাছ জুখিবলৈ ল'লে। অকণৰ আৰু অকণমান মানুহজনৰ লগত কথা পাতিবৰ মন আছিল যদিও তাত তেনেকৈ ৰৈ থাকিলে ভাল নেদেখিব বুলি গাড়ীখনৰ ফালে আগবাঢ়িল। গাড়ীৰ ওচৰলৈ গৈ থাকোঁতে তাৰ চকুৰে পিতপিতাই থাকিল কেনেবাকৈ আকৌ ছোৱালীজনী দেখে নেকি!

নাই পখিলীজনীক অকণে কতো নেদেখিলে। হাটৰ মাজতে চকুৰ আগতে তাই কৰবালৈ উৰা মাৰিলে ঠিক ফুলমণিজনীৰ দৰে!

Tuesday 11 January 2022

জেঠাই


: মা মা আমাৰ আইতাজনী বোলে তোলনীয়া?
: হে হৰি এইবোৰ কথা তোক কোনে শিকাইছে মাজান?
: ইহ চবেই জানে মোৰ বাদে...
এইবাৰ মাজানে আগতকৈ অলপ গহীনত অভিমানৰ সুৰত ক'লে। এইকণ সময় মাজান আৰু তাই মাকৰ একান্ত সময়। পুৱা শুই উঠাৰে পৰা স্কুল যোৱা, ঘূৰি আহি খেলি-ধূলি উৎপাত কৰি, সন্ধিয়া পঢ়া-শুনা কৰা দায়িত্ববোৰ আহি পৰাৰ লগে লগে মাজানৰ আগতকৈ মাকৰ লগত কটোৱা সময়বোৰো কমি আহিছে লাহে লাহে। আজিকালি তাইক ভাত খোৱাই শুৱাবলৈ অনা সময়কণতে দুইজনীয়ে অলপ কথা-বতৰা পাতে। দিনটো কি কৰিলে কি নকৰিলে সমস্ত বিৱৰণী মাজানে বান্ধৱীক কোৱাৰ দৰে মাকৰ আগত কয়। মাজান যিমান ডাঙৰ হৈ আহিছে সিমানেই মাকৰ বুকুখনৰ এফাল মোচৰ খাই যাবলৈ ধৰিছে। এনেকৈয়ে কোনোবা এদিনটো তাইক...। মাকে আৰু বেছি দূৰলৈ কথাবোৰ ভাবিব নোৱাৰে।
: আইজনী অ', তাই শুলে যদি মোক ভাতকেইটা দেহি অ' আই। খাই শুই থাকোঁ, বৰষুণৰ বতৰ।
মাজানহঁতৰ ৰূমটোৰ পৰ্দাখন ডাঙি আইতাকে মাজানৰ মাকক মাত লগালেহি। শাহুৱেকৰ মাতটো শুনি মাজানৰ মাকে তাইৰ মূৰে-গায়ে হাত ফুৰাই,
: মই আইতাক ভাতকেইটা দি আহোঁ। তই এইবোৰ বেয়া কথা নুশুনিবি কোনোবাই ক'লেও।
বুলি আঁঠুৱাখনৰ কাষকেইটা খুচি থৈ ওলাই আহি পাকঘৰ পালেগৈ। ইতিমধ্যে শাহুৱেকে পানী-দুনি গোটাই পিটাই পীৰাখন পাৰি বহিছেই। আজি বা শাহুৱেকৰ কিয় ইমান সোনকালে ভোক লাগিল মাজানৰ মাক অৰ্থাৎ তুনে কুকাৰটো খুলি ভাতকেইটা কাঁহৰ কাঁহীখনত বাঢ়ি বাঢ়ি ভাবিলে।
: বেছি নিদিবি, কেইটামান তাকৰকৈ দিবি।
পাকঘৰত ভাতি বাঢ়ি থাকোঁতে আৰু এহেতা ভাত দিবলৈ ধৰোঁতেই সিফালৰ পৰা শাহুৱেকে মাত লগালে।
: অঅঁ হ'ব মা।
বুলি কাঁহীৰ কাষতে ভাজি অকণমান পদিনাৰ চাটনিকণ লৈ বাটিটোতে দাইল এবাটি লৈ শাহুৱেকৰ ওচৰলৈ আহিল। এনেই ওপৰে ওপৰে পকাখনত হাত ফুৰাই তুনে কাঁহীখন থৈ মাত লগালে,
: কি হ'ল আজি গা বেয়া নেকি? নটা বজাৰ চিৰিয়েলখনো নাচালে যে।
বোৱাৰীয়েকৰ কথা শুনি তেওঁ ভাতকেইটা সানিবলৈ দাইলৰ বাটিটোৰ পৰা ডাইল অকণমান লৈ মাত দিলে,
: এহ একেসোপাকে কিখন চাবি। বৰষুণৰ বতৰ খাই বোলো সোনকালে শুই থকাই ভাল।
বাহিৰত সেইসময়ত কিণকিণাই বৰষুণ আহি আছে। ভেকুলীৰ টোৰটোৰণিবোৰলৈ চাই ভালকৈয়ে আৰু এজাক আহিব যেন লাগিছে। নিজে বিচাৰিছে যেতিয়া খাই শুই থাকক সোনকালে।
শাহুৱেকে লাহে লাহে কোৱা কথাখিনি তুনে শুনিলে যদিও একো নামাতিলে। শাহুৱেকৰ খোৱা হ'লেই বাচনকেইটা ধুই তেওঁলোক মানে গিৰিয়েক আৰু নিজলৈ বাঢ়ি ল'ব। যিমানেই যি নহওক কিয় তুনৰ শাহুৱেকে কেতিয়াও ডাইনিং টেবুলত ভাত নাখায়। আনকি বেলেগৰ ঘৰতো ভাত খোৱাকৈ গ'লে তেওঁ বৰ অশান্তি পায়। সকলোৰে ঘৰত তলত ভাত খাব পৰাকৈ সুবিধাও নাথাকে। তেওঁৰ বাদে ঘৰখনৰ বাকী কোনেও তলত পীৰা পাৰি ভাত খাব নোৱাৰে কাৰণে তেওঁক আগতে ভাতকেইটা দি পিছত তুনহঁতে খায়। সিহঁতে আচলতে ওপৰত খাই তেওঁক তলত দিবলৈ ভাল নাপায়।
: দে মোৰ হ'ল। তহঁতে খাই ল'।
এইবুলি তেওঁ নৰ'লেই পীৰাখনৰ পৰা উঠি বুকুৰ পৰা খহি যাবলৈ ধৰা চাদৰখন বাঁওহাতখনৰে ঠিক কৰাদি কৰি গিলাচটো সোঁহাতেৰে উঠাই বেছিনৰ কাষ পালেগৈ। তুনেও শাহুৱেকে খাই উঠি যোৱা বাচনখন লৈ গৈ একেবাৰে ধুই আহি ভাতখিনি সিহঁত দুয়োটালৈকে ঠিক কৰি লৈ ডাইনিঙলৈ লৈ আহি গিৰিয়েক অতুলক মাতিবলৈ গ'ল।
: হেৰি শুনিছে, ভাতকেইটা খাই লওকহি আহক।
টিভি চাই থকা গিৰিয়েকক দুৱাৰ মুখৰ পৰাই মাতটো লগাই জীয়েক মাজানেনো কি কৰি আছে ভুমুকিয়াই আকৌ পাকঘৰ পালেহি।
: কি হ'ল আজি জেঠাইয়ে দেখোন নটাৰ চিৰিয়েল নাচালে?
বেছিনত হাতটো ধুই ভাত খাবলৈ অহা অতুলে তুনক চিঞৰি সোধাদি সুধিলে
: জানো পাই! ময়ো সুধিছিলোঁ তাকে। বৰষুণ বোলে খাই শুই থকাই ভাল বুলি ক'লে।
তুনে জাৰটোৰ পৰা দুয়োলৈকে দুটা গিলাচত পানী দুগিলাচ বাকি বাকিয়ে কথাষাৰ ক'লে।
: হমমম। গা চা বেয়া হ'ব পাৰে। এইকেইদিন বতৰটোও এই গৰম, এই বৰষুণ কৰি আছে।
: তাকে। আজি মাজানে ডাঙৰ কথা এটা সুধিছে নহয়।
ভাতকেইটা লিৰিকি বিদাৰি তুনে অতুললৈ চাই ক'লে।
: কি সুধিছে? আজিকালি এইক মন কৰি আছোঁ, বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছে। কোনেনো শিকাই জানো এইবোৰ!
তুনৰ কথাত সঁহাৰি জনাই অতুলে মাত দিলে।
: হয়হে ময়ো আচৰিত। তাইৰ আইতাকজনী তোলনীয়া নেকি সুধিছে। ক'ৰ পৰা কি শিকিছে নহয়!
কাঁহীৰ কাষতে থকা পাপৰখন ভাঙি মুখত ভৰাবলৈ লোৱাৰ আগতে তুনে অতুলক ক'লে।
: অলপ মন দিবা তাইক। বৰ বাঢ়িছে।
অতুলে বৰ বিশেষ একো নকৈ এইষাৰকে কৈ শেষৰ ভাতকণ শেষ কৰি খোৱাৰ পৰা উঠিল।
অতুল উঠি যোৱালৈ চাই তুনে শেষৰ ভাতকেইটা চুঁচি মাজি শেষ কৰি বাচন-বৰ্তনবোৰ গোটাই মেলি ধুবলৈ বুলি লৈ গ'ল।
কেতিয়াও বেলেগ বুলি নভবা জেঠাই শাহুৱেকে মাজানৰ এইবোৰ কথা শুনিলে কি ভাবিব বাৰু! তুনে বাচন ধুই ধুই সেইটো কথাকে ভাবি থাকিল।
*****
"জেঠাই দৰা-কইনা পালেহি দেই। খৰধৰ কৰক।"
তুনক লৈ অনা দৰা গাড়ীখন পদূলিমুখ পাওঁতেই কোনোবা এটা চিঞৰি চিঞৰি ভিতৰলৈ দৌৰ মৰা তুনৰ চকুত পৰিছিল চকামকাকৈ। অলপ পিছতে ওৰণি বাৰণি লৈ হাতত কাঁহৰ থাল এখনতে চাকি ধূপ চাউল আৰু অন্যান্য সামগ্ৰী কেইটামান লৈ তুনৰ শাহুৱেক আৰু দুগৰাকীমানৰ সৈতে ওলাই আহি মাত লগালে,
: কইনাক লৈ নামি আহ অতুল।
: অঅঁ জেঠাই।
বুলি অতুলে গাড়ীৰ দুৱাৰখন খুলি ওলাই আহিল পিছে পিছে তুন। মাকক জেঠাই বোলাত তুন সেইদিনা আচৰিত নোহোৱাকৈ থকা নাছিল। অলপ সময়ৰ পিছতে তুনে গম পালে যে এইগৰাকী মানুহক তুনেই নহয়, প্ৰায়বোৰেই দেখোন জেঠাই বুলি মাতে। তুনে তেন্তে কি বুলি মাতিব যদি নিজৰ ল'ৰায়েই জেঠাই বুলি মাতে। তাই মা বুলিয়ে মাতিব যা, নিজৰ শাহুৱেকজনীকনো কেনেকৈ জেঠাই বুলিব! দৰা-কইনা দুয়োকে আদৰ সাদৰ কৰি লৈ যোৱা মানুহজনীৰ প্ৰতি তুনৰ সেইদিনাই কিবা এটা ভক্তি ভাৱ সোমাই গৈছিল। ইমান সহজ-সৰল মানুহজনী। তাই নিজেই মা' সম্বোধনটো ধৰাত শাহুৱেকে যেন আৰু অলপ তাইক ভালহে পাইছে যেন অনুভৱ হয়। মা' বুলি মাতিলেই তেওঁৰ চকুকেইটা উজলি উঠে।
চুৰুক চুৰুক চুৰুক...
বাঢ়নীৰ সেই চিনাকি শব্দটোৱে তুনৰ বিয়াৰ পিছদিনা পুৱাৰ টোপনি ভাঙিলে। অলপ সময়ৰ কাৰণে টোপনিৰ জালত মাকৰ ঘৰতে আছেনে শহুৰৰ ঘৰতে আছে ধৰিব নোৱাৰিলে। পিছতহে গাৰ সাজযোৰলৈ চকু গৈ একেকোবে বিছনাৰ পৰা নামিল। চাদৰখন ঠিক-ঠাক কৰি শুই থকা অতুললৈ এপলক চাই দুৱাৰ খুলি বাহিৰ পালেহি। ইতিমধ্যে শাহুৱেকৰ চোতাল সৰা হৈছিলেই। সৰাপাতবোৰ এডোখৰত গোটাই জুই জ্বলাও বুলি বাঢ়নীডাল কাষতে মাটিতে পেলাই চলাই
কাঠীটো মাৰিবলৈ ধৰোঁতেই তুন গৈ সেইখিনি পালে।
: মা দিয়ক দিয়ক মোক দিয়ক। আপুনি কিয় সাৰি পেলালে?
তুনে শাহুৱেকৰ কাষতে থকা বাঢ়নীডাল নিজৰ হাতলৈ আনিবলৈ হাতখন আগবঢ়াই দিওঁতে তেওঁ বাধা দি কৈ উঠিল,
: হ'ব যা, সাউৎকৈ গাটো ধুই গোঁসাই সেৱা কৰি কিবা এটা খাবলৈ যোগাৰ কৰগৈ। অতুল উঠিলে তাক লালচাহ অকণে আৰু গুৰ এলদা দিবি।
: হ'ব মা, খালী কাইলৈৰ পৰা আপুনি এনেকুৱা নকৰিব। মই কৰিম নহয়।
ভিতৰলৈ যাবলৈ ধৰি তুনে পিছফালে ঘূৰি চাই শাহুৱেকক কথাকেইটা ক'লে।
: হ'ব হ'ব আই তই এইবোৰ নকৰিলেও হ'ব। চোতাল সৰা, গোহালি চাফা কৰা এইবোৰ মই কৰিম। এইবোৰ অতুলৰ মাককো কৰিবলৈ দিয়া নাছিলোঁ, তয়ো নালাগে কৰিব। ভিতৰৰ কাম-বনবোৰ তই চাবি যাহ...
বুলি শুকানপাতখিনিত জুই লগাই মানুহগৰাকী বহাৰ পৰা উঠি আশে পাশে পৰি থকা দুই এটা পাত বাঢ়নীডালেৰে জুইখিনিলৈ ঠেলি দি গোহালিৰ ফালে ঢাপলি মেলিলে।
"অতুলৰ মাক"
মুখৰ ভিতৰতে তুনে শব্দ দুটা আওৰাই কিবা এটা বুজি নোপোৱাৰ ভাবেৰে লাহে লাহে ভিতৰৰ ফালে খোজ দিলে।
নুবুজা নজনা কথাবোৰ শাহুৱেকক সুধি শিকি তুনে ঘৰখন খুউব কম সময়তে নিজৰ কৰি পেলালে। অতুল দিনটো নাথাকেই। নটা বজাত স্কুললৈ বুলি ওলাই গৈ ছুটীৰ পিছত তিনিটামান টিউশ্যন কৰি ঘৰ সোমাওঁতে সাতটামান বাজেই। মাজে মাজে তুনে "অতুলৰ মাক" আৰু "জেঠাই" এই দুটা কথা সুধিবলৈ সুযোগ বিচাৰিলেও নোপোৱাৰ দৰে। আচলতে সিহঁতৰ বিয়াখনো ইমান খৰখেদাকৈ হৈ গৈছিল তাই বৰ বিশেষ কথা-বতৰা জানিবও নোৱাৰিলে। বৰতাকে খবৰ দিয়া ল'ৰাটোৰ "চবফালৰ পৰা ভাল" চাৰ্টিফিকেটখন লৈয়ে তাই বিয়া হোৱাৰ দৰে। এদিন কোনোবা এটা দুপৰীয়া ঢেকীয়া শাক কেইমুঠিমান বিচাৰি আনি শাহুৱেকে তুনৰ হাতত দি ক'লে,
: এইকেইডাল বাচি-কুচি বনাই পেলা। লগত বুট কেইটামান দিবলৈ নাপাহৰিবি। ঢেকীয়া, আলু, বুট ভাজিকণ অতুলৰ দেউতাকৰ বৰ প্ৰিয় আছিল। এতিয়া পুতেকৰো একেই।
তুনে ইমানদিনে বিচাৰি থকা সুযোগটো যেন আজি হাততে পালে। যাবলৈ ওলোৱা শাহুৱেকক "আকৌনো কিহত লাগেগৈ, অলপ জিৰাওকচোন এইকণতে" বুলি পীৰা এখন আগবঢ়াই দিলে। শাহুৱেকেও একো নামাতি মেখেলাখন কোচাই পীৰাখনতে বহিল।
: আপোনাক এখেতে বৰ ভাল পাই দেই।
কওঁ নকওঁকৈ ঢেকীয়াৰ আগ এডাল কুটুককৈ ভাঙি তেওঁলৈ নোচোৱাকৈয়ে তুনে ক'লে।
: ভালটো পাবই তাৰ লগত কম লাগিছোঁনে মই! আগতে তাক তাৰ মাকক নালাগেই মই ভাত খোৱালেহে খায়। আজলী মাকজনীও সি বৰ সৰুতেই ঢুকাই থাকিল অ'। তেতিয়াৰ পৰাটো অকল মোৰ লগতেই সি।
সৰুকৈ হুমুনিয়াহ এটা কাঢ়ি তেওঁ উত্তৰ দিলে।
: মই আকৌ আপোনাকে এখেতৰ মাক বুলি ভাবিছিলোঁ।
সেমেনাসেমেনিকৈ তুনে আচল কথালৈ কথা আগবঢ়াই নিবলৈ চেষ্টা কৰিলে।
: নজনা মানুহে তেনেকৈয়ে ভাবে। ময়ো তাক কম বুলি নাভাবোঁ। তই অহাৰ আগলৈকে ইটোৰ সিটো নিজৰ বুলি আমি দুটাই আছিলোঁ অ' আই। স্কুলৰ দেওনা পাৰ নহওঁতেই ল'ৰাটোক মাক-বাপেক দুয়োটাই এৰি থৈ যায়। তাৰপিছৰ পৰা একেবাৰে মোৰ লগতে আৰু...
বুলি পাগুলি থকা তামোলখিনিৰ পৰা ওলোৱা পিকখিনি মুখৰ পৰা ওলাই আহিবলৈ ধৰা নিচিনা হোৱাত তেওঁ উঠি গৈ পিকখিনি পেলাই থৈ আহি ক'লে,
: যাহ এইখিনি বনাই ল। মই গৰুকেইজনীক পানী খুৱাই আহোঁ।
এই মানুহজনী যে এখন্তেকো এনে বহি নাথাকে! মনতে তুনে ভাবি হাতেৰে ভাঙি ভাঙি টুকুৰা কৰা ঢেকীয়াখিনি লৈ পাকঘৰ পালেগৈ।
*****
: আপোনালোকৰ কথা ভালকৈ জানিবলৈ নাপালোৱেই তাৰ আগতেই বিয়া হ'ল।
বিয়াৰ ছমাহমান পিছত দেওবাৰৰ দুপৰীয়া এটাত সকলোৱে ভাত-পানী খাই অতাই অতুল আৰু তুন একেলগে বিছনাত পৰি থাকোঁতে তুনে কথাটো উলিয়ালে।
: কি জানিবা কোৱা।
অলপ আঁতৰত থকা অতুল এইবাৰ তুনৰ একেবাৰে কাষ চাপি আহি তাইক এখন হাতেৰে সাৱতি ধৰি সুধিলে।
: নাই এনেই আপোনাৰ জেঠাইৰ কথা। জেঠাই বিয়া নহ'ল নেকি?
: নাই নহ'ল। আচলতে ল'ৰাও বোলে আহিছিল কিন্তু ককাৰ একমাত্ৰ সন্তান হোৱাৰ কাৰণে জেঠাইৰ বিয়া হৈ গ'লে ককা আইতাৰ কি হ'ব ভাবিয়েই বিয়া নহ'ল।
: কিয় আপোনাৰ দেউতা আছিলেই দেখোন।
তুনে হঠাৎ সোধা প্ৰশ্নটোত অতুলে এইবাৰ অলপ থতমত খালে। কিন্তু সেয়া নেদেখুৱাই গহীনকৈ উত্তৰ দিলে "এৰাহ, সেইবোৰ বৰ দীঘল কাহিনী।"
হুমুনিয়াহ কাঢ়ি কোৱা অতুলৰ মুখখনলৈ আঁৰ চকুৰে তুনে চালে যদিও তাইৰ মনটো খুদুৱাই থাকিল কথাবোৰ জানিবলৈ। সুধিবলৈ লৈয়ো সুধিব নোৱাৰা অৱস্থাটোতে অতুলে লাহে লাহে আৰম্ভ কৰিলে জেঠাইহঁতৰ ঘৰৰ কাহিনীবোৰ।
*****
অগাধ সম্পত্তিৰ মালিক জেঠাইৰ দেউতাক ঘনকান্ত হাজৰিকই মোনাই বাগানত কাম কৰোঁতে বহুত মানুহৰ লগত মিলা-জুলা কৰিবলৈ সুবিধা পাইছিল। কত মানুহৰ দুখ বেদনাৰ ছবিবোৰৰ সাক্ষী হৈ ৰৈছিল জেঠাইৰ দেউতাক ঠিক নাই! কেতিয়াবা এনেকুৱা মানুহো পাই থাকিবলৈ, খাবলৈ নাই ককাই সেইবোৰক ক'ৰবাত নি কিবা এটাৰ যোগাৰ কৰি দিছিল। চাকৰি শেষ হ'বলৈ এবছৰমান থকাৰ পৰা জেঠাইৰ দেউতাকে বোলে তেওঁলোকৰ খেতি-পথাৰ, ঘৰ-দুৱাৰবোৰ চাবলৈ কোনোবা মানুহ বিচাৰি ফুৰিছিল। একেবাৰে তেওঁলোকৰ ঘৰত থাকিব পৰা তেনেকুৱা কোনোবা ল'ৰাক বিচাৰি থাকোঁতে পাই গৈছিল অতুলৰ দেউতাকক।
: এনেকৈ দঙদঙীয়া ডেকা ল'ৰা এনেকৈ ঘূৰি সময় নষ্ট কৰিব নালাগে। ব'ল মোৰ ঘৰত কামো কৰিবি থাকিবি।
এইষাৰ মাত্ৰ কৈছিলহে বোলে কেঁও কিছু নোহোৱা ভদাই মানে অতুলৰ দেউতাকক জেঠাইৰ দেউতাকে। তেওঁ বোলে ঘৰলৈ গৈ একেবাৰে টালি-টোপোলা বান্ধি গুচিয়েই আহিল। তাৰ পিছত আৰু ঘৰলৈ যোৱাৰ নামেই নল'লে। ঘনকান্ত হাজৰিকাইয়ো বেয়া নাপালে। এতিয়া বয়স হৈ আহিছে, গোটেইবোৰ অকলে চম্ভালা সহজো নহয়। ইফালে মেনকা মানে জেঠাইয়ে কিমান চাব। ইমান সৰুতেই ঘৰৰ সকলোবোৰ দায়িত্ব মূৰ পাতি লৈছেই। মেনকাই অকলে যিমান কাম কৰে সেইবোৰ দেখিলে এটা ল'ৰায়ো লাজ পাই যাব। একো কষ্ট নকৰাকৈ চলি থাকি ভাল ল'ৰা এটা চাই বিয়া হৈ সংসাৰ কৰি থাকিব পৰা মেনকাই সৰুতেই যি সিদ্ধান্ত ল'লে তাক কোনেও ভাঙিব নোৱাৰিলে। ভদাইক অনা দেখি তায়ো খুউব ভাল পালে। ডাঙৰত হ'লেও যেন নিজৰ ভায়েক এটাহে পালে। বাইশ বছৰীয়া ভদাই লাহে লাহে পঁচিশ বছৰীয়া হ'ল।
: হেৰি নহয় ভদাই তয়ে বিয়াখন পাতি আমাক নাতি পোৱালি এটাৰ মুখ দেখুৱা। এজনীকতো কৈ কৈ নোৱাৰিলোঁৱে। এই পাট গাভৰুজনী হৈ মেনকাইনো কি ভাবিলে ক'ব নোৱাৰিছোঁ আৰু।
এদিন জেঠাইৰ মাকে অতুলৰ দেউতাকক অকলে পাই কথাষাৰৰ কাণ চোৱালে।
: হেই বৌটি কি কথা কৱ। মোৰ নিচিনা এটালৈ কোনে ছোৱালী দিব হয়? মাক-বাপেকৰ খবৰ নথকা ল'ৰা।
: কিহলে মাক-বাপেকৰ খবৰ নাই? আমি কি কৰিবলৈ আছোঁ হেৰৌ।
ধেমালিতে ধেমালিতে কথাষাৰে ছিৰিয়াচ ৰূপ পালে। কথা বুলিলেই বতাহ। কথা গৈ জেঠাইৰ দেউতাকৰ কাণত পৰিল। এমাহত গাঁৱৰে ছোৱালী এজনী চাই ধাম-ধুমকৈ ভদাইৰ বিয়া পাতি ঘৰটো পিছফাললৈ এটা ৰূম বহাই দি দৰা-কইনাক তাতে থাকিবলৈ সুবিধা কৰি দিলে। দিনটো খেতি পথাৰত কাম-বন কৰি ঘৰ-দুৱাৰ চম্ভালি দুইটাই ভালদৰে ঘৰখন চলাই গ'ল। বিয়াৰ দুবছৰৰ ভিতৰত অগা-পিছাকৈ জেঠাইৰ মাক-দেউতাক দুয়ো ঢুকাই থাকিল। তিনিবছৰলৈ অতুল তেওঁলোকৰ সংসাৰলৈ আহিল। মাক-দেউতাকৰ অবিহনে ম্লান পৰি যোৱা ঘৰখন অতুলৈ আকৌ পোহৰাই তুলিলে। মেনকাই অতুলক নোপোৱাই পোৱাদি পালে। তেওঁ অকল তাক জন্মহে দিয়া নাই, বাকী মাকতকৈ কম যত্ন নলয়। অতুলৰ জেঠাই মানে সেইকণৰ তাৰ সমনীয়া, তাতকৈ সৰু সৱৰে জেঠাই হৈ পৰিল মেনকা। কোনোবাই নক'লে সেইগৰাকী অতুলৰ মাকেই নে জেঠায়েকে কোনোৱে গম নাপায়। অতুলৰ পোন্ধৰ বছৰ নহওঁতেই মাক-দেউতাক ঢুকোৱাৰ পিছত জেঠায়েকেই তাৰ সকলো।
বিয়াৰ ছমাহৰ পিছত আচল সম্পৰ্কৰ কথাটো গম পাই তুনৰ শাহুৱেকৰ প্ৰতি আৰু অকণমান শ্ৰদ্ধাত মূৰটো দোঁ খাই আহিছিল। ঘৰৰ একমাত্ৰ সন্তান হৈ মাক-দেউতাকৰ কথা ভাবি কম বয়সতে বিয়া নোহোৱাৰ সিদ্ধান্তটো লৈ কোনো তেজৰ সম্পৰ্ক নোহোৱা ল'ৰা এটাক নিজৰ ভায়েক পাতি লৈ তাৰপিছত তাৰ সন্তানক নিজৰ সন্তানৰ দৰে ডাঙৰ কৰা। কম ত্যাগৰ কথা এইবোৰ!
এতিয়া আকৌ অতুলৰ সাতবছৰীয়া জীয়েকে সোধে "আইতাজনী তোলনীয়া নেকি?" এইখন ঘৰত কোন তোলনীয়া, কোন আচল তাইক কেনেকৈ কয় তুনে? ইমান এটা ধুনীয়া সম্পৰ্কৰ মাজলৈ এইবোৰ কথাই নাহে। কাইলৈ তাইক এইবোৰ কথা ভালকৈ বুজাই ক'ব লাগিব যাতে কোনোবাই তাইক কিবা ক'লেও কাৰো কথা যাতে বিশ্বাসত নলয়। তুনে কথাবোৰ ভাবি ভাবিয়ে বাচনকেইটা ধুই পাকঘৰটো ঠিক ঠাক কৰি থৈ পাকঘৰৰ দুৱাৰখন মাৰি থৈ শাহুৱেকক এবাৰ চাই যাওঁ বুলি তেওঁৰ ৰূমটোলৈ ভুমুকি মাৰিলে। শুই থকা শাহুৱেকজনীক তুনৰ ওচৰৰ পৰা চাবলৈ মন যোৱাত তাই ৰূমটোলৈ শাহুৱেকে সাৰ নোপোৱাকৈ চুপে-চাপে সোমাই আহিল। লাইট অফ কৰি শুই থকা শাহুৱেকৰ ৰূমত সিহঁতৰ ৰূমৰ পৰা অহা লাইটৰ পোহৰটো পাতলকৈ পৰিছে। সেইকণ পোহৰতে আঁঠুৱাখনৰে জুমি চাই তুনে শাহুৱেকৰ মুখত পৰা বয়সৰ আঁচকেইডাল ভালকৈয়ে দেখা পালে। বয়সে এতিয়াও মানুহজনীক কোঙা কৰিব পৰা নাই। আগৰ দৰে চোতাল সৰাৰ পৰা, গোহালি চাফা কৰি বাহীবন কৰালৈকে সকলোবোৰ কৰি আছে এই মানুহজনীয়ে। তেওঁ কৰা কষ্টবোৰ দেখি তুনে কেতিয়াবা মানা কৰে যদিও তেওঁৰ এটাই কথা "মৰালৈকে এইখিনি মোৰ কাম, পিছত তই যেনেকৈ যি কৰ কৰিবি।" আঁঠুৱাখন অকণমানকৈ ডাঙি হাতখন ভৰাই ক'লা চুলি এডালো নোহোৱা তেওঁৰ মূৰটোতে তুনে এনেই ওপৰে ওপৰে হাতটো ফুৰাই থাকি মুখতে বিৰবিৰালে,
"ভালে থাকক মা। আপুনিয়ে এইখন ঘৰত মোৰ কাৰণে সাহস"
আঁঠুৱাখনৰ পৰা পুনৰ হাতটো উলিয়াই ভালকৈ খুচি থৈ তুন উভতি আহি দুৱাৰখনৰ ওচৰ পাই মানে বিকত গেঙনিৰ নিচিনা শব্দ এটা শুনি লগে লগে শাহুৱেকলৈ ঘূৰি চাই দেখে শাহুৱেকৰ মূৰটো ইতিমধ্যে গাৰুৰ পৰা বেঁকা হৈ আহি আঁঠুৱাখনত লাগি উলমি যোৱাদি গৈছে। তুনে মাজানৰ দেউতাকক চিঞৰ এটা মাৰি শাহুৱেকৰ ওচৰলৈ দৌৰ মাৰে। সেইসময়তে বাহিৰত আহি থকা কিণকিণীয়া বৰষুণজাকেও প্ৰৱল ধাৰাসাৰৰ ৰূপ লয়।

Thursday 15 July 2021

তুমি থকাহেঁতেন...

'পাপা তুমি মোক ড্ৰপ কৰিবানে?'


'য়েছ বেবী।'


'তেন্তে ওলোৱা আকৌ। সদায় তুমি লেট মানে।'  দেউতাকলৈ চাই ভোৰভোৰাই প্ৰিয়ম ওলাই গ'ল। কাইলৈ সৰস্বতী পূজা, সেয়ে আজি তাই অকণমান বজাৰলৈ যায় বোলে। ঘূৰি আহোঁতে পাৰ্লাৰত সোমাই কিবা হেয়াৰ চেটিংছো কৰি আহিব বোলে।


আজিকালিৰ ল'ৰা-ছোৱালী। স্কুলত পঢ়ি থাকোঁতেই সিহঁতৰ ফেশ্বনৰ ওপৰত যি জ্ঞান, সেইয়া অসীমৰ দৰে মানুহে বুজিব নোৱাৰে। এইবাৰ স্কুলৰ শেষ বছৰ বুলি অকণমান ষ্টাইল কৰোঁ বুলি জীয়েকে টেনলৈ পোৱাৰ পৰাই লাগি আছিল। অসীমৰো বেছি না' ক'বলৈ মন যোৱা নাই। মানে জীয়েকক অসীমে দুখ দিব নোৱাৰে। 


'ফাইভ মিনটছ, প্ৰিয়ু' বুলি অসীমে লৰালৰিকৈ বাথৰূমত সোমাল। গা ধোৱাৰ নামত পাঁচমিনিটতকৈ অকণমান দেৰি হ'লে কি হ'ব অসীমে আগতেই জানে। মাকৰহে জীয়েক, একদম দেখাই-শুনাই, কথাই-বতৰাই মাকৰ গঢ়তে উঠিছে। মাক আগতে যেনেকুৱা সময়ৰ কাম সময়ত কৰাবিধৰ আছিল, বেলেগে নকৰিলেও বেয়া পাইছিল এতিয়া জীয়েকো একেই। অসীমৰ এই 'কৰিম', 'হৈ যাব', 'যাম' এই ভৱিষ্যত কাললৈ ঠেলি দিয়া কথাবোৰৰ গোটেইবোৰ ঘৈণীয়েকে  সলনি কৰিব নোৱাৰিলে সঁচা, কিন্তু এতিয়া জীয়েকৰ কবলত পৰি অসীম সম্পূৰ্ণৰূপে সলনি হোৱাৰ দৰে। প্ৰিয়ম বুজা হোৱাৰে পৰা তাই দেউতাকৰ এইটো স্বভাৱ সলাবলৈ যি পণ বান্ধি ল'লে, এতিয়াও এৰি দিয়াত নাই।


'পাপা, তুমি এতিয়াও বাথৰূমতে। মানে কেতিয়াও তুমি চেঞ্জ নহ'লা মানে ন।' প্ৰিয়মে বাথৰূমৰ বাহিৰত ৰৈ দুৱাৰখন এটা হাতেৰে ঢকিয়াই ঢকিয়াই চিঞৰি আছে আৰু আনটো হাতেৰে মোবাইলত কিবা চাই আছে। কাইলৈ তাই মাকৰ পুৰণি আৰ্হিৰ পাটৰ কাপোৰ এযোৰ পিন্ধিব খালী তাৰ লগত ব্লাউজটো মডাৰ্ণ ষ্টাইলৰ পিন্ধিব। দেউতাকক ইমানদিনৰ পৰা বজাৰলৈ যোৱাৰ কথা কৈ কৈ শেষত আজি অকলে যাবলৈ ওলোৱাতহে অসীমৰ গাটো বেজবেজালে। তাৰ এই এলেহুৱা স্বভাৱটোৰ কাৰণে নিজৰ ওপৰত খং উঠিল। একমাত্ৰ জীয়েকে মনটোতে বেয়া পাব বুলি আজি ফাৰ্ষ্ট হাফটো চুটি লৈ তাইৰ লগত বজাৰলৈ যাবলৈ ওলাইছে। কি বা মডাৰ্ণ ষ্টাইলৰ ব্লাউজ কিনে তাইহে জানে। খালী একেবাৰে আজিকালি হিৰোইনবোৰে পিন্ধাৰ নিচিনা একেবাৰে ব্লাউজৰ নামত একো নথকা নিকিনিলেই হ'ল। ঠিক নাই নহয় আজিকালিৰ ল'ৰা-ছোৱালী!


বাথৰূমৰ বাহিৰত প্ৰিয়মৰ চিঞৰটো শুনি অসীমে যিমান পাৰে লৰালৰি কৰিবলৈ ধৰিলে।


ফাগুন মাহটো অসীমৰ বৰ প্ৰিয়। শুকান সৰাপাত, লঠঙা গছ, ধূলিৰে আৱৃত পৰিৱেশ যদিও মূৰ তুলি ওপৰলৈ চালে কিবা এটা ৰঙা সতেজতাই চকুত ধৰা দিয়ে। ৰঙা পলাশ, মদাৰেৰে নীলা আকাশখন দেখিবলৈ বৰ ধুনীয়া কৰি তোলে। এই সময়ছোৱাত সি আটাইতকৈ ধুনীয়া দেখে তাৰ গাৱঁৰ ঘৰলৈ যোৱা ৰাস্তাটো। শুকান পাতবোৰৰ লগতে পৰি থকা ৰঙা মদাৰৰ পাহিকেইটাই সিহঁতৰ ঘৰলৈ, স্কুললৈ যোৱা ৰাস্তাটো বৰ ধুনীয়া কৰি তোলে। সেইসময়ত যদি তাৰ হাতত মোবাইল ফোন থাকিলেহেঁতেন কিমান যে ফটো তুলিলেহেঁতেন। এতিয়া প্ৰিয়মে তোলাৰ দৰে। প্ৰিয়মে তাৰ দৰে কাব্যিক ভাষাত প্ৰকাশ নকৰিলেও তাক কয় 'জানা পাপা মোৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মান্থদুটা ইমান ভাল লাগে। স্পেচিয়েলী আইতাৰ ঘৰত গৈ ভাল লাগে, গোটেই ৰোডটো যে ৰেড ৰেড হৈ থাকে।' হয়ো তাৰো ভাল লাগে, কদমেও ভাল পাইছিল। সিহঁতৰ গোলাঘাটৰ গাঁৱৰ ঘৰখনলৈ যোৱা ৰাস্তাটোৰ কথাই প্ৰিয়মে বাৰে বাৰে কয়। এইটো সময়ত এই দৃশ্য দেখুৱাবলৈকে তাইক লৈ যায়। লগতে তাৰো স্মৃতি ৰোমন্থন কৰা হয়। যোৱা দুবছৰত আগ পিছকৈ মাক-দেউতাক দুয়োৰে মৃত্যুৰ পিছত অসীম তালৈ আৰু যোৱা নাই। প্ৰিয়মেও ককাক-আইতাক নোহোৱাৰ পৰা বৰ বিশেষ মন নকৰা হ'ল যাবলৈ। এইবাৰ ভাবি আছে ব'হাগ বিহুৰ সময়ত এপাক গৈ আহিবলৈ। অইন নহ'লেও খুড়াৱক বৰতাৱক আৰু কদমহঁতৰ ঘৰৰৈও এপাক মাৰিব।


জীয়েকৰ সৰস্বতী পূজাত ওলোৱাৰ উৎসাহ দেখি অসীমৰ সিহঁতৰ স্কুলীয়া দিনবোৰলৈ মনত পৰি গ'লে। একে উশাহতে ১০৮টা 'শ্ৰী' লিখ পৰম্পৰাটো সি দশম শ্ৰেণীলৈকে কৰিছিল, লগতে চিঞাহী কলমটো নি সৰস্বতী দেৱীৰ ওচৰত থৈ দেউৰ হতুৱাই পূজা কৰাই অনা নিয়মটো। এই কথাটো লৈ তাৰ ক্লাছৰ কেইজনীয়ে তাক কম জোকাইছিলনে। সকলোৰে আগতে যেতিয়া সুধি দিয়ে 'কলমটো আনিছানে নাই', তাৰ দীঘল বগা নাকটো পলকতে ৰঙা পৰি গৈছিল। 'এই কেইজনী এই কেইজনী' বুলি মনতে ভোৰভোৰাই সি মনে মনে আঁতৰি গৈছিল। 


কদম টেৰাংপি। কাৰ্বি ছোৱালী। দীঘল চিধা চুলি, টনা টনা চকু, পিটিকলি নাকটোৰ সৈতে তাইক প্ৰথম দেখোঁতেই কিবা এটা মৰম লাগি গৈছিল অসীমৰ। সিহঁতৰ স্কুলত তাই ষষ্ঠ শ্ৰেণীলৈ পাওঁতে আহিছিল যদিও তাৰ আকৌ চকুত পৰিছিল তাই অষ্টম শ্ৰেণীলৈ পাওঁতেহে। সৰস্বতী পূজাৰ দিনা। মাকৰ মেখেলা চাদৰ এযোৰৰ সৈতে ঢিলা ব্লাউজ এটা পিন্ধি কোবাকোবিকৈ দেৱী মাৰ দৰ্শন কৰিবলৈ গৈছিল। সেইদিনা ইমান বতাহ আৰু ধূলি। কদমে মেলি অহা চুলিখিনি আউলি-বাউলি হৈ চম্ভালি লোৱাৰ বাহিৰত আছিল। এটা হাতে নেৱালি ফুলৰ মালাডাল, আনটো হাতেৰে চুলিখিনি ঠিক কৰি আগবাঢ়োঁতে যে ইফালে নতুনকৈ মেখেলা চাদৰ পিন্ধিবলৈ শিকা কদমৰ যে মেখেলাত খুচি থোৱা চাদৰখন ওলাই চুঁচৰি গৈছে তাই গমেই নাপায়। লগৰ ল'ৰাৰ জুম এটাত থকা অসীমৰ হঠাৎ চকুত পৰি দৌৰি গৈ মাটিত চুঁচৰি থকা চাদৰখন পিছফালৰ পৰা বুটলি আনি কদমৰ হাতত দিলে। কদমেও সেমেনা সেমেনি কৰি চাদৰখন আকৌ মেখেলাখনত গুজি 'ঠেংক ইউ' বুলি কৈ দৌৰ মাৰিলে। সেইয়াই আছিল সিহঁতৰ প্ৰথম দেখা। 


সেইদিনা তাৰ মনলৈ হয়তো একো অহা নাছিল। কিন্তু সৰস্বতী পূজাৰ পিছদিনাৰ পৰা স্কুললৈ আহি অলেখ ছোৱালীৰ মাজতো অসীমৰ কদমকে চকুত পৰা হ'ল। কেতিয়াবা তেনেকৈ চাওঁতে তাইৰো চকুৱে চকুৱে পৰাত হাঁহি এটাৰ আদান প্ৰদানৰ বাদে বৰ বেছি একো আগবঢ়াব পৰা নাছিল। আনকি নামটোও গম পোৱা নাছিল।


'অই জাননে ক্লাছ ছেভেনৰ কদমে ইমান কান্দিছে। তাইক কোনোবাই ৰাস্তাত কিবা ক'লে?' ক্লাছ টেনৰ জোনাকীহঁতে মানে অসীমহঁতৰ ক্লাছৰে প্ৰথম বেঞ্চত বহা ছোৱালীবোৰে ইজনীয়ে সিজনীক কোৱাকুই কৈ থাকোঁতে অসীম সিহঁতৰ কাষেৰেই পাৰ হৈ গৈছিল। সেই সময়ত সি ধৰিব নোৱাৰিলে সিহঁতে কাৰ কথা পাতি আছিল। কিন্তু যেতিয়া হেড ছাৰৰ কোঠাৰ পৰা সি চোৱা ছোৱালীজনী উচুপি উচুপি ওলাই যোৱা দেখিলে, তাইক দেখাৰ পোন্ধৰদিন পিছত সেইদিনাহে সি গম পালে তাইৰ নামটো কদম। লাহে লাহেতো অসীমৰ ছোৱালীজনী ভাল লাগিছিলেই আৰু এতিয়া নামটোৱে তাক আৰু কিবা এটা আকৰ্ষণ কৰিলে। তাৰ এইবাৰ এনেকুৱা লাগিল আকৌ যেন সি এইবাৰ গৈ কদমৰ চকুপানীখিনি মুচি দি থৈ আহিব। কিন্তু ভাবিলেও সি জানে সেইটো কৰিব নোৱাৰে। আৰু কৰিলেও কদমে জানো সহজকৈ ল'ব। ইতিমধ্যে ৰাস্তাত তাইক কোনোবাই জোকাইছে বুলি কান্দি-কাটি হাঁহাকাৰ। আৰু অসীমে যদি তাইৰ চকুপানী মোহাৰিবলৈ যায়, তাকো সেইকেইটাৰ লগৰ বুলি যে নাভাবিব কি মানে আছে! তাই যোৱাৰ ফালে চাই চাই কথাকেইটা মনতে ভাবি থাকোঁতে সিফালে লেজাৰ সামৰাৰ ঘণ্টা মাৰিলে। অসীমে ইফালে সিফালে কাষত কাকো নেদেখি শ্ৰেণীকোঠাত সোমাল।


লাহে লাহে দিন বাগৰিল। মাতো বুলিও সি তাইক মাতিব নোৱাৰে। কিন্তু চকুৱে চকুৱে ঠিকেই চাই থাকে। দূৰৰ পৰাই তাইৰ চকুত চকু থ'লে অসীমৰ এনে লাগে যেন তায়ো তাৰ প্ৰতি কিবা এটা অনুভৱ কৰে। কিন্তু ক'ব নোৱাৰে। কেতিয়াবা আকৌ তাৰ অনুভৱ কদমে বা তাৰ নামটো জানেনে নাই। কথাটো মনত পৰি অসীমৰ নিজৰ ওচৰতে কিবা এটা লাজ লাগি গ'ল। কদমৰ বিষয়ে আৰু কিবা জানিবলৈ অসীমৰ ভাল লগৰ বিক্ৰমকো দেখোন সুধোঁ বুলি সুধিব নোৱাৰে। এনেকৈয়ে সিহঁতৰ বিদ্যালয় এৰি যাবৰ হ'ল। 


'অসীম দা।' পিছফালৰ পৰা কোনোবাই অসীমক মতা যেন শুনি শ্ৰেণীলৈ কোঠালৈ সোমাই যাবলৈ ধৰা অসীমে উভতি চাই দেখিলে কদম ৰৈ আছে। সেই একেই মৰমলগা হাঁহিটোৰ সৈতে যিয়েই তাইৰ টনা টনা চকুহাল একেবাৰে নোহোৱা কৰি পেলায়। তাৰ বৰ মৰম লাগে এই হাঁহিটোৰে সৈতে তাইক। কদমক দেখি অসীমে মাতিবই নে হাঁহিবই একো ধৰিব নোৱাৰিলে। সি ঘূৰি চোৱা ভাজেই তাইলৈ ৰ লাগি চাই ৰৈ থাকিল। কদমক দেখি তাৰ লগৰ বিক্ৰমো ওলাই আহিল। অসীমলৈ বিক্ৰমে এবাৰ চাই সিয়েই কদম মাত লগাই আগবাঢ়ি আহিল


বিক্ৰমে সহজ কৰি দিয়া পৰিৱেশটোত অসীমে অলপ লাজ পাইছিল যদিও নিজকে যিমান পাৰি সহজ কৰি কদমক মাত লগালে 'ভালে আছা?'  কদমেও সেই মনোমোহা হাঁহিটোৰে 'আছোঁ।' বুলি এইবাৰ অসীমলৈ চাই মাত লগালে 'বায়ে আপোনাৰ টিউছনৰ অংকৰ বহীখন বিচাৰিছে। তাই এইকেইদিন টিউছনলৈ যাব পৰা নাই।' হঠাৎ 'বা' শব্দটো শুনি অসীম আচৰিত হ'ল। কদমৰ বায়েক তাৰ লগত পঢ়ে, সি ইমানদিনে গম পোৱা নাই। আচৰিত! সি অলপ সময় কিবা এটা ভাবি বিক্ৰমৰ ওচৰলৈ আহি লাহেকৈ সুধিলে 'কোন আছিল অ এইৰ বায়েক?'। অসীমৰ প্ৰশ্নত বিক্ৰমে হুহুৱাই হাঁহি উত্তৰ দিলে 'আমাৰ স্কুলত নপঢ়ে অ। আমাৰ লগত যে টিউছন কৰে তগৰ। তাইয়ে এইৰ বায়েক।' তেতিয়াহে অসীমে মন কৰিলে ঠিকেইতো, দুয়োজনী দেখাত ইমান মিলে। তথাপিও আজিলৈকে অসীমৰ মনত কথাটো খেলোৱা নাছিল। সেইয়াই সিহঁতৰ আৰম্ভণি আছিল। পিছলৈ লাহে লাহে ইটো সিটো বিচাৰি অসীম, কদম ক্ৰমান্বয়ে কাষ চাপি আহিল। এটা সময় আহিল সিহঁতে স্কুল এৰিবৰ হ'ল‌। দুমাহ পিছত মেট্ৰিক পৰীক্ষা। বিদায় সভাৰ দিনা চাগে আটাইতকৈ বেছি দুখ কদম আৰু অসীমৰে লাগিছিল। অসীমে কদমক আশ্বাস দিয়ে পঢ়াৰ মাজতে তাইক চাবলৈ অসীম এবাৰ হ'লেও দিনটোত চাইকেলখন লৈ ওলাই আহিবই। ঘৰ দুখন একেবাৰে ওচৰতে নহ'লেও লগ কৰিবলৈ যাব নোৱাৰা দূৰতো নহয়। সিহঁতৰ পৰীক্ষাৰ আগে আগে অসীমলৈ নিমন্ত্ৰণ আহিল কদমহঁতৰ ঘৰলৈ যোৱাৰ। সিহঁতৰ ঘৰত আৰ'নাম কেথে পাতিছে। ই হৈছে কাৰ্বিসকলৰ ব্যক্তিগত পূজা। এই পূজাৰ মূল দেৱতা হৈছে 'বাৰিথে'(ইন্দ্ৰ), আৰপি(ৰুদ্ৰ), আৰু বীৰনে(অগ্নি)। এই পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। নিমন্ত্ৰণ পাই এদিন সন্ধিয়া এনেই অসীমে বিক্ৰমৰ লগতে গৈ পাক এটা মাৰি আহিল। সেইদৰে সিহঁতৰ ঘৰলৈ যোৱাৰ পথটো খোল খালে। কদমৰ মাক-দেউতাকৰ বৰ আদৰ-সাদৰ। সেয়ে যাবলৈ সি বেয়া নাপায়। পিছত এদিন পৰীক্ষাৰ শেষত তগৰ আৰু কদমো সিহঁতৰ ঘৰলৈ আহিল। লাহে লাহে দুইখন ঘৰৰ লগত ঘনিষ্ঠতা বাঢ়িল।


মেট্ৰিক পৰীক্ষা হৈ গ'ল। ৰিজাল্ট ওলাল। অসীমে হায়াৰ ছেকাণ্ডেৰী পঢ়িবলৈ বুলি গুৱাহাটীলৈ গ'ল। কদমৰ বায়েক তগৰে তাৰেই স্থানীয় কলেজত নাম লিখালে। অসীম আৰু কদমে আগৰ নিচিনাকৈ লগ নোপোৱা হ'ল যদিও, সি ঘৰলৈ আহিলে মাজে মাজে সিহঁতৰ ঘৰলৈ যায়। সিহঁত দুটাৰ প্ৰেম যেন তেতিয়াহে বাঢ়িল। ইজনে সিজনৰ পৰা আঁতৰত থাকিবলৈ লোৱাত অনুভৱ কৰিলে সিহঁতে যে ইটোৱে সিটোক এৰি থাকিব নোৱাৰা হৈছে। কদমেও সিফালে মেট্ৰিক দি পঢ়াৰ বাহানা লৈ কেনেকৈ তাৰ ওচৰলৈ আহিব পাৰে তাৰে চিন্তাত থাকিল।


'পাপা তুমি ওলোৱাই নাই'


আকৌ এবাৰ প্ৰিয়মৰ মাতত অসীমৰ তন্ময়তা ভাঙিল। লৰালৰিকৈ খুড়াবলৈ লোৱা ডাড়িখিনি নুখুড়াই গাটো মাত্ৰ তিয়াই বাথৰূমৰ পৰা ওলাই আহিল।


'আজি মাম্মা থকা হ'লে তোমাক ইমান খাতিৰেই নকৰিলোঁহেঁতেন।' বাথৰূমৰ বাহিৰতে মুখখন ফুলাই ৰৈ থকা প্ৰিয়মক দেখি অসীমৰ কিবা এটা মৰম লাগি গ'ল। সেই যেন গপ লাগি মুখ ফুলাই ৰৈ থকা কদমজনীয়েই। হয়ো তাই সঁচাকৈয়ে বৰ অভিমানী আছিল। একেবাৰে অভিমান কৰিয়েই ইমান এটা ডাঙৰ দায়িত্ব তাক অকলে চম্ভালিবলৈ দি তাই গ'লগৈ অজান দেশলৈ।


'হ'ব এতিয়া মুখ ফুলাই থাকিব নালাগে। জল্দি ওলোৱা তোমাৰ কাম কৰি দুয়োটাই আমি কে এফ চি-ত লান্স কৰি ঘূৰি আহিম।'


কে এফ চি-ৰ নাম শুনিয়েই য'ৰে খং তাতে পেলাই চৰাইজনীৰ নিচিনাকৈ দেও পাৰি গৈ দেউতাকতকৈ আগতেই গৈ গাড়ীত বহিলগৈ।


'চোৱা গুদু তোমাৰ ছোৱালী তোমাৰ কায়দাতে উঠিছে' বুলি অসীমে প্ৰিয়মৰ পিছে পিছে ওলাই আহি গাড়ীত বহিবলৈ লোৱাৰ আগতে আকাশলৈ চাই নিজকে কোৱাদি মনতে বিৰবিৰালে।


কদমে প্ৰিয়মক জন্ম দিয়েই বাপেক জীয়েকক একেলগে থাকিবলৈ দি গুচি গৈছিল কোনোবা অজান দেশলৈ। অসীমে আজি পোন্ধৰ বছৰে এই কথাটো লৈ কেতিয়াবা বিবেক দংশনতো নোভূগা নহয়। যদি সি সেইদিনা কদমৰ লগত জেদ নধৰা হ'লে হয়তো...


কদম আৰু অসীমৰ প্ৰেমে যেনেকৈ পাহি মেলিছিল তেনেকৈ বিবাহৰ ৰূপত স্বীকৃতি পালে ঠিকেই, কিন্তু কদমহে...। প্ৰেমৰ প্ৰতীক স্বৰূপে মাত্ৰ কদমে অসীমৰ হাতত তুলি থৈ গ'ল প্ৰিয়মক। 


"মন গ'লে মোৰ কাষলে

আহিবা এদিন অকলে

কিদৰে খাওঁ, কিদৰে শোওঁ

চাই যাবা আহি নিৰলে..."


গাড়ীত হঠাতে বাজি উঠা জুবিন গাৰ্গৰ গানটোৱে অসীমৰ আকৌ এবাৰ তন্ময়তা ভাঙিলে। তাৰ ভাৱৰ সাগৰৰ পৰা উভতি আহিল প্ৰিয়মৰ কাষলৈ। সি জানে প্ৰিয়মে তাক ভাল লগাবলৈ তাৰ প্ৰিয় গানটো মিউজিক চিষ্টেমত লগাই দিছে। গানটো শুনিলেই অসীমৰ মনলৈ আহে সঁচাকৈয়ে কদম যদি এনেকৈ অকণমান সময়ৰ কাৰণেও সিহঁতৰ কাষলৈ গুচি আহিলহেঁতেন।


অসীমে মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে বেংকত চাকৰি পালে। ইফালে কদমেও পঢ়া-শুনা চলাই গৈ থাকিল। লাহে লাহে সিহঁতৰ প্ৰেমৰ কথাবোৰ ইকাণে সিকাণে গৈ দুয়োখন ঘৰতে পৰিছিলগৈ। জাত-পাত এইবোৰৰ কাৰণে দুইখন ঘৰত সৈমান কৰোঁতে অলপ সময় লৈছিল যদিও সিহঁতৰ প্ৰেমক দুয়োখন ঘৰে শেষলৈ স্বীকৃতি দি বিয়াৰ দিন-বাৰ ধাৰ্য কৰি পেলাইছিল সিহঁতে গম নোপোৱাকৈয়ে। এনেকৈয়ে এদিন কদম আহি নসাজেৰে, ন-কইনাৰ ৰূপত অসীমৰ ঘৰ শুৱনি কৰিছিল। 


: আৰু এনেকৈ কিমান দিন থাকিবা। মোক এটা মাইনা দিয়া না


এদিন দেওবাৰে দুপৰীয়া ভাত খাই বিছনাত দুয়োটা এনেই পৰি ইটো সিটো কথা পাতি থাকোঁতে অসীমে কদমক সাৱতি নাকটো তাইৰ নাকত লগাই ক'লে।


: এইবাৰ যদি মোৰ নেট ক্লীয়েৰ হৈ যায় তেন্তে চিয়'ৰ।


কদমে তাইৰ হাতখন আনি অসীমৰ নাকটো চেপি মৰমৰ সুৰৰে ক'লে।


: নেট তোমাৰ ক্লীয়েৰ হ'বই, কিন্তু মোক এটা মাইনা লাগে।


অসীমে সৰু ল'ৰাৰ দৰে কদমৰ ওচৰত আৱদাৰ কৰিলে।


: কিমান ভাল লাগিব, তোমাক যেতিয়া মা মা বুলি কৈ আমাৰ অকমানিজনী দৌৰি আহিব তোমাক সাৱতি ধৰিবলৈ।


অসীমে আকৌ এবাৰ সজোৰে কদমক সাৱতি তাইৰ কাণৰ ওচৰত ফুচফুচাই ক'লে। লাহে লাহে অসীমৰ হাতখনে কদমৰ সুকোমল ওঁঠ দুখন স্পৰ্শ কৰিলে।


কদমেও অসীমৰ মৰমক বাধা দিব নোৱাৰি নিজকে তাৰ মৰমত উটি যাবলৈ দিলে।


: কংগ্ৰেচুলেশ্বন মিষ্টাৰ অসীম


কাণৰ পৰা টেথিস্কোপডাল খুলি হাঁহি হাঁহি ওলাই অহা ডাক্তৰগৰাকীয়ে অতি উলাহেৰে তাক দিয়া অভিনন্দনতে সি বুজি উঠিছিল সিহঁতে ভবাৰ দৰেই যে ভাল খবৰ এটা আছে। ভাল খবৰটোৱে অসীমলৈ কঢ়িয়াই আনিছিল আগতকৈ বেছি ব্যস্ততা, দায়িত্ববোধ আৰু বহুত কিবাকিবি। দিন যিমানেই গৈছে তাৰ উদ্বিগ্নতা সিমানেই বাঢ়িছে। সি দেউতাক হ'ব! আস্...


কদমক যিমান পাৰে সিমান সাৱধানেৰে সি ৰাখিছিল। ডাক্তৰৰ সকলোবোৰ কথাই সি মানি চলিছিল। নিজকে সি দায়িত্ববোৰৰ মাজত সঁপি দিছিল। কোনো কাৰণতে যাতে মাক আৰু বেবীয়ে কষ্ট নাপায়, প্ৰতি পদে পদে সি লক্ষ্য ৰাখিছিল। অৱশেষত তাৰ দেউতাক হোৱাৰ ক্ষণটো আহি উপস্থিত হৈছিলহি। সম্পূৰ্ণ সময়লৈ পূৰা এমাহ থাকোঁতেই কদমৰ এদিন হঠাৎ ৰাতি ৱাটাৰ ব্ৰেক হ'ল। লৰালৰিকৈ অসীমে তাইক হস্পিটেল পোৱাই ইমাৰ্জেন্সী ৱাৰ্ডত ভৰ্তি কৰাই দিয়ে। ডাক্তৰ আৰু নাৰ্ছৰ তৎপৰতাত একদম ফুলৰ দৰে এজনী সুকোমল পৰী সিহঁতৰ মাজলৈ আহে।  অ'টিৰ বাহিৰত পায়চাৰী কৰি থকা অসীমৰ হাতত নাৰ্ছগৰাকীয়ে কণমানিজনী তুলি দি অভিনন্দন জনাই, লগতে তাৰ জীৱনৰ অন্যতম বেয়া খবৰটোও দি যায় যে কদম ইজ ন' ম'ৰ। হঠাৎ বাঢ়ি যোৱা প্ৰেছাৰে প্ৰাণ লয় কদমৰ।


কোলাত শূন্য দিনৰ কণমানিজনী লৈ অসীম ঠাইতে বহি পৰিল। এফালে পুত্ৰীৰ জন্ম বাতৰি আনফালে পত্নীৰ বিয়োগৰ বাতৰি। ইফালে সময়তকৈ আগতে অহাৰ কাৰণে কণমানীজনীৰ ওজন যিমান থাকিব লাগিছিল তাতকৈ কম আছে। সেইকাৰণে কেইঘণ্টামান ডাক্তৰে অৱজাৰভেশ্বনত ৰখাৰ কথা ক'লে। সেইমতে নাৰ্ছে তাৰ হাতৰ পৰা কণমানীজনী পুনৰ নিজৰ কোলালৈ আনি গুচি গ'ল এন আই চি ইউলৈ। কেইঘণ্টামান বুলি কৈছিল যদি সম্পূৰ্ণ আঠচল্লিশ ঘণ্টাৰ পিছত পখিলাজনীক অসীমৰ হাতত তুলি দিয়ে।অসীমৰ কাৰণে আছিল সেইখিনি সময় হৰ্ষ-বিষাদৰ। অসীমে বহুতদিনলৈকে নিজকে ক্ষমা কৰিব পৰা নাছিল। বাৰে বাৰে মনলৈ আহে সি যদি সেইদিনা জেদ নধৰাহেঁতেন, আজি কদম তাৰ কাষত থাকিলহেঁতেন। "হেঁতেন"টো বৰ দুৰ্ভগীয়া শব্দ অ'।


" পাপা ষ্টপ ষ্টপ।"


হঠাৎ প্ৰিয়মৰ চিঞৰত অসীমে গাড়ীৰ ব্ৰেকডাল মাৰি দিয়ে। 


: পাপা এইখনেই দোকানখন। ইয়াৰ পৰাই মোৰ লগৰ কস্তুৰীয়ে কিনিছিল।


গাড়ীৰ গ্লাছখন তললৈ নমাই প্ৰিয়মে দেউতাকক আঙুলিয়াই দেখুৱাই দোকানখনলৈ।


: ঠিক আছে, তুমি নামি দিয়া। মই গাড়ীখন ক'ৰবাত পাৰ্ক কৰি আহোঁ।


অসীমে প্ৰিয়মক নমাই থৈ পাৰ্কিঙৰ কাৰণে জেগা এটুকুৰা বিচাৰিবলৈ আগলৈ গাড়ীখন পোনায়। গাড়ীখন আগুৱাই লৈ যাওঁতে অসীমৰ মাকৰ কথাবোৰলৈ মনত পৰে। কিমান দিন যে তাক পুনৰ বিয়া কৰাবলৈ প্ৰেছাৰ দিছিল হিচাপ নাই। 


: বাবা, ছোৱালী এজনীৰ খবৰ পাইছোঁ।


বহুতদিনলৈকে অসীমৰ মাকে তাক পুনৰ বিবাহৰ কথা কৈ আমনি কৰে। পিচে সি কোনোপধ্যেই ৰাজি নহৈছিল। এতিয়া মাকো নাই, সেইবোৰ কথাৰো ইতি পৰিল। মাত্ৰ তাৰ এটাই লক্ষ্য এতিয়া কদমে বিচৰাৰ দৰে সি অকলেই প্ৰিয়মক ডাঙৰ কৰি মানুহ কৰিব। সিমানখিনি তাৰ নিজৰ ওপৰত বিশ্বাস আছে। গাড়ীখন পাৰ্ক কৰিবলৈ জেগা এটুকুৰা বিচাৰি তাতে গাড়ীখন থৈ অসীম পুনৰ উভতি আহে প্ৰিয়ম সোমোৱা দোকানখনলৈ।


: পাপা, নাই ইয়াত মই বিচৰাটো। 


অসীমে হাত দুখন পেণ্টৰ পকেটত ভৰাই তললৈ মুখ কৰি কিবাকিবি ভাবি খোজকাঢ়ি আহি থাকোঁতে গমেই পোৱা নাছিল প্ৰিয়ম যে ইতিমধ্যে দোকানৰ বাহিৰত। প্ৰিয়মৰ মাততহে সি ওপৰলৈ চকু তুলি তাইক দেখে,


: কিয়? ইয়াত পচন্দ হোৱা নাই?


: নাহ। ব'লা বেলেগত যাওঁ


প্ৰিয়মে মুখখন কোঁচাই উত্তৰ দিয়ে।


: আজি মাম্মা থকাহেঁতেন নহয়... তোমাৰ ইমান কষ্টই নহয়।


প্ৰিয়মে দেউতাকৰ হাতখনত ধৰি গাড়ীৰ ওচৰলৈ গৈ থাকোঁতে নিজকে কোৱাদি ক'লে।


"হমম।" বুলি অসীমে গহীনত ক'লে যদিও তাৰ সঁচাকৈয়ে মন গ'ল কদমক দেখুৱাবলৈ সিহঁতৰ ছোৱালী যে কিমান ডাঙৰ হ'ল। ক্ষন্তেকৰ কাৰণেও যদি কদম আহিলহেঁতেন প্ৰিয়মজনীকে চাবলৈ। একান্তমনে আগলৈ চাই গৈ থকা প্ৰিয়মৰ মুখখনলৈ এবাৰ চাই তাইৰ হাতখন জোৰকৈ ধৰি নিজকে কোৱাদি ক'লে,


"গুদু আজি তুমি থকাহেঁতেন..."