Hi, welcome to Rimjhim's world. This is my personal Assamese blog where I share my feelings. Here, I am trying to write down a few things what I feel and see around the world every day.
Search This Blog
Monday 12 September 2016
Friday 9 September 2016
দেওলগা গছ
কাষৰ সুসজ্জিত ঘৰদুটাক ঘেৰি ৰখা ওখ ওখ দেৱাল দুখনৰ মাজত থকা অকমানি খেৰী ঘৰটো মানুুহৰ ভালকৈ চকুত নপৰে। নপৰিবৰে কথা, সেই ওখ ঘৰ দুটাৰ উপৰিও ঘৰটোৰ আগফালে প্ৰকাণ্ড এজোপা জামুগছ। দেওলগা গছ বোলে সেইজোপা। লাহে লাহে জহিবলৈ ধৰা ঘৰটোৰ চাৰিওফালে বনৰীয়া গছ লতিকা গজি একেবাৰে হাবিৰ দৰে হৈ গৈছে। মাজে মাজে ঘৰটোৰ পৰা মানুহ এজনী ওলাই দৌৰ মাৰে পিছে পিছে ছোৱালী এজনী গৈ ঘূৰাই লৈ আনে। এইটো নৈমিত্তিক ঘটি থকা ঘটনা। সন্ধ্যালগাৰ পিছত ল'ৰা এটা আহে কান্ধতে মোনা এখন পেলাই।
প্ৰকাণ্ড জামুজোপা ক'ৰ কেতিয়া কোনে ৰুলে কাৰোৰে মনত নাই আনকি মাকণৰ শহুৰেকেও এইটো উত্তৰ দিব পৰা নাছিল। কিন্তু দেখাতে গম পাই এইজোপা যে বহুবছৰ পুৰণি গছ। মাকণ এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পিছত জামুজোপাৰ তলখন দেখি খং উঠি গৈছিল। জামু, পাত গেলি ইমান লেতেৰা হৈ থাকে জামুজোপাৰ তলখন। অৱশ্যে মাইকী মানুহ নোহোৱা ঘৰ ক'তনো আৰু ইমান চাফা হ'ব।
মাকণৰ বেয়া লাগে লেতেৰা হৈ থাকিলে কিয়নো বাটৰুৱাবিলাক আহি গৰমত গছজোপাৰ তলতে জিৰণি লয়। সৰু ল'ৰা-ছোৱালীবিলাকে জামু খাবলৈ আহি তলতে বহি লৈ মেল মাৰে। জামু নলগা দিনতো গছজোপাৰ আহৰি নাই। গৰু-ছাগলী, মানুহ সকলোৱে আহি ছাঁ লয়। জেওৰাখনৰ ভিতৰত মানুহ আৰু বাহিৰত গৰু-ছাগলী। তাই অহাৰ আগলৈকে সকলো জেওৰাখনৰ সিটো পাৰতে ৰৈছিল। কিন্তু মাকণৰ ভাল নালাগে তেনেকৈ মানুহবিলাকক ৰ'বলৈ দিবলৈ। যিহেতুকে চোতালখনো ডাঙৰ সেয়ে গিৰিয়েকৰ হতোৱাই বাঁহ দুডালমানেৰে মানুহ বহিব পৰাকৈ জামুজোপাৰ তলতে চাংখন সাজি দিয়ালে। লগতে তাঁতশালখনো বহাই ল'লে। যিয়ে মন যায় আহি এখন্তেক বহে সময় থকাসকলে দুআষাৰমান কথাও পাতে। মাকণৰ কাম দেখি শহুৰেকে ভালেই পালে অন্তত: তেওঁৰ ডেকাকালৰ বীৰত্বৰ কাহিনী মানে মাকণহঁতৰ ভাষাত সাধুকথা বাটৰুৱাকো শুনাব পাৰিব।
কেতিয়াবা মাকণে গিৰিয়েক মেহেঙা পিয়ন মানে মহিমক অবিশ্বাসৰ সুৰত সোধে দেউতাকৰ সঁচাকৈয়ে ইমান সাহস আছিল নেকি। মেহেঙাই মেহেঙা-মেহেঙি কৰি কৈ থৈছিল 'আগতে ইমান সাহস আছিল যদিও সিহঁতে সেই সাহ কাহানিও দেখা পোৱা নাছিল।' গিৰিয়েকৰপৰা কথাখিনি শুনাৰ পিছত শহুৰেকে কাহিনী আৰম্ভ কৰিলেই মাকণৰ মুখেদি মিচিকিয়া হাঁহি এটা ওলাই যায়।তথাপিও তাই কাহিনীবোৰ বৰ মনোযোগৰে শুনে। মেহেঙাৰ আচলতে নাম আছিল মহিম। কিন্তু তাৰ নামটো মেহেঙালৈ কেনেকৈ কেতিয়া পৰিৱৰ্তন হ'ল সিও নাজানে।
গিৰিয়েক আৰু ল'ৰা-ছোৱালী দুটা স্কুললৈ ওলাই যোৱাৰ পিছত মাকণৰ বৰ বিশেষ কাম নাথাকে। সেয়ে ঘৰৰ কামবিলাক কৰি মাকণ তাঁতত বহে আৰু ওচৰতে শহুৰেক লগত বহি থাকে। এনেকৈ বহিবলৈ পালে শহুৰেকে আৰু সুবিধা পায় তেওঁৰ কাহিনী শুনাবলৈ। কোনোবা বাটৰুৱা আহিলে তাই ভালেই পাই অলপ সময় দেউতাকৰ লগত কথাৰ জুটি ল'বলৈ দি তাই পানী অনাৰ চলেৰে ভিতৰ পাইগৈ।
শহুৰেকৰ একেবোৰ কথা শুনি আমনি পাইছিল যদিও শহুৰেকৰ অনুপস্থিতিয়ে এতিয়া ঘৰখন শেষ কৰিলে। যদিও শহুৰেকে কোৱাৰ দৰে তেওঁৰ সাহস দেখা নাছিল, কিন্তু পুতেক মেহেঙাই অত্যন্ত ভয় কৰিছিল দেউতাকক। দেউতাকক সমীহ কৰি চলা পুতেকৰ আচল ৰূপ তেওঁৰ মৃত্যুৰ পিছতহে ওলাইছিল। শহুৰেক জীয়াই থকা হ'লে চাগে আজিও জামুগছৰ তলত বাটৰুৱাৰ ভিৰ লাগিলহেঁতেন। কিন্তু কেনেকৈ কাহিনী বিলাকে ওলোটা খৰ মাৰিলে কোনোৱে গমেই নাপালে। তাইৰ কি ভুল আছিল আৰু গিৰিয়েকে কি ভুল কৰিলে ভাবিলে আচৰিত লাগে!
সাজি সাজি ফু মাৰি ভাত খাব পৰা কৰি থোৱা জামুগছৰ তলখিনিত আজি কেইবামাহো হ'ল বাঢ়নিৰ আচোৰ নপৰা। আজিকালি তলছোৱা গছৰ পাতে, গেলা জামুৰে, চৰাই-চিৰিকতিৰ গুৱে ভৰ্ত্তি হৈ থাকে। গৰু-ছাগলীৰ অবাধ বিচৰণ হ'বলৈ ধৰিছে চোতালখনত। পুৰণা ঘৰটোৰ আগফালে নতুনকৈ পকাৰে ঘৰ এটা সাজিবলৈ লৈছিল মেহেঙাই। কিন্তু ফাউণ্ডেচনলৈকে উঠাৰ পিছত সেইটো তেনেকৈয়ে পৰি থাকিল। এতিয়া বনৰীয়া গছ-লতাৰ ঘৰ হৈছে। জপনাৰ ওচৰৰপৰা ভালকৈ যদি লক্ষ্য নকৰে সেই জেগাখিনিত মানুহ থকা ঘৰ এখন আছে বুলি গম নাপায়। বৰষুণৰ পানী পৰি সেউজীয়া হৈ আহিবলৈ ধৰা সৌডাল বাঢ়নী লাং খাই পৰি আছে পিৰালিতে আৰু কাষতে আউল বাউল চুলিৰে মাকণ। আগৰ মাকণ আৰু এতিয়াৰ মাকণৰ মাজত আকাশ-পাতাল পাৰ্থক্য।
দেউতাক ঢুকোৱাৰ পিছৰেপৰা মেহেঙাৰ সন্ধিয়াৰ পিছত এটুপি নিগিলিলে তাৰ গা শাত নপৰা হ'ল। আগতে তামোলখন খালেও বেয়া পোৱা মানুহটোৱে লগ ল'বলৈ ল'লে জুৱাৰী-মদাহীৰ। স্কুলৰ পিয়নৰ চাকৰিৰে ঘৰ সাজিবলৈ ৰখা সাঁচতীয়া ধনখিনি জুৱাৰ নামত উৰুৱালে। স্কুলৰপৰা নটিচ জাৰি কৰিছে চাকৰিত অনিয়মীয়া হোৱাৰ কাৰণে। এদিন প্ৰধান শিক্ষক মেহেঙাক ঘৰ পালেহি। মেহেঙাক ঘৰতে পাই বুজাই থৈও গ'ল কিন্তু লাভ ন'হল। লাহে লাহে ঘৰ গুচি সেইখন বাঁহতললৈ পৰিৱৰ্তন হ'ল। আগৰ বাটৰুৱাসকল বহাৰ জেগাকণ মেহেঙাৰ জুৱাস্থলীলৈ পৰিণত হ'ল। নিজৰ চকুৰ আগত ঘটি থকা ঘটনাবোৰ দেখি মাকণে কি কৰিব একো উপায় ভাবি নাপালে। কাণৰ কাষতেই নিজৰ ঘৰখনৰ ধ্বংসৰ কোলাহল শুনিবলৈ পালে। ল'ৰা-ছোৱালীকেইটা ডাঙৰ হৈ আহিছে, দেউতাকৰ এই গতি হ'লে সিহঁতক মানুহ কেনেকৈ কৰিব।
মেহেঙা পিয়নে পিয়নৰ চাকৰিলৈ যোৱা বাদ দি জামুতলতে জুৱা-মদৰ আদ্দা পাতিলে। জুৱাৰী, ভঙুৱাৰ বাদে বেলেগ বাটৰুৱা আহি বাঁহৰ চাঙত বহিবলৈ এৰিলে। বৰ বেছি ভাগৰ লাগিলে জেওৰাৰ সিটো পাৰেই গছৰ ছাঁ লয়, কিন্তু জুৱাৰীৰ মুখৰপৰা যিকেইটা শব্দ আখৈ ফুটা দি ফুটে মানুহবোৰে লাজেই পায় ৰ'বলৈ।
কাণিমুণি বেলিকা মাকণে হাতলেম্পটো জলাবলৈ গৈ দেখিলে তলিতে অকণমান কেৰাছিন তেল লাগি আছে। সেইকণেদি ফিটাডাল তিয়াবও নোৱাৰে। কেইবামাহো বিল নিদিয়াৰ কাৰণে সেইদিনা ইলেকট্ৰিচিটিৰ মানুহ আহি লাইটোও কাটি দিলে। ইফালে পোৱালিকেইটাই পেটৰ ভোকতে কৰা থেনথেননিয়ে তাইৰ মূৰটো খাইছে। আবেলিতে দুয়োটা ল'ৰা-ছোৱালীয়ে খুচুৰাপইচা গোটাই ৰখা টেকেলি দুটা ভাঙিলে। ডাঙৰ ল'ৰাটোৰ টেকেলিত বোলে দুটকা এটা বেছি ওলাল। সেয়ে ছোৱালীজনীয়ে মাকক লাগি আছে দুটকা এটা দিবলৈ। মাকে ক'ৰপৰা দিয়ে, জুৱাৰী দেউতাকৰপৰা আজিকালি এটকা এটাও পৰি নাথাকে। আগতে দৰমহা যিকেইটকা পাই তাৰে অলপ মাকণক দিয়ে ঘৰ চলাবলৈ। সেই পইচাৰে চেকিমেলি নিজেই ৰাখে কেতিয়াবা দৰকাৰ হয় বুলি। কিন্তু মানুহটো বেয়া হোৱাৰ পৰা সেইখিনিও নোপোৱা হ'ল। সেইদিনা তাইৰ সাঁচতীয়া টকাকেইটা দেখি তাৰ চকুত টোপনি নোহোৱা হ'ল। টানি-আজুৰি দকা হকা দি লৈ গৈ জুৱা খেলিলে। জুৱাত হাৰি আহি মাকণৰ পিঠিত ঔ তুলিলেহি। এতিয়া ছোৱালীজনীক ক'ৰপৰা দিয়ে দুটকা।
বাপেকৰ এই অৱস্থা হোৱাৰে পৰা সিহঁতে নতুন বস্তুৰ মুখ নেদেখাই হ'ল। ছোৱালীজনীক বুজাব নোৱাৰি মাক মাকণে ঢেকীঘৰৰ খুটা এটাতে সাঁচি থোৱা পইচাকে দিব বুলি তাইক নিচুকাই থ'লে। সেই খুটাৰ পইচাকেইটা আকৌ তাইৰ শহুৰেকে গাঁৱৰে নাম-প্ৰসংগত পোৱা। সেইবোৰ তাইকে দিয়ে নাতিনীয়েক দুটাক কিবা এটা কিনি দিবলৈ। সেইদিনা খুটাটো তাই কাটিম বুলি ভাবিয়েই আছিল ন'হলে পেটৰ ভাত মুঠি গোটাওতেই অসুবিধা। বেলেগৰ ঘৰত কাম কৰা কথা ক'লে মেহেঙাৰ সন্মানত লাগে, সেয়ে সেইফেৰা কামো কৰিব পৰা নাই। তাই পেটত গামোছা মাৰি থাকিব পাৰিলেও ল'ৰা-ছোৱালীকেইটাক নোৱাৰে নহয় তেনেকৈ থাকিবলৈ দিবলৈ।
গিৰিয়েক নাথাকোঁঁতেই খুুটাতো কাটি ল'ব পাৰিলে ভাল নহ'লে যিকেইটকা আছে সি হাত কৰিব। সেয়ে হাতলেম্পটো জ্বলাব নোৱাৰি কেৰাছিন তেলৰ চাকিটোকে লৈ খুটাটো কাটিবলৈ ঢেকীঘৰ পালেগৈ। তাইৰ অনুমানতকৈ পইচাকেইটামান অলপ বেছিকৈ ওলালে এইবাৰ পূজা বুলি ৰঙা চাদৰ এখন ল'ব। যিমান হ'লেও তাইৰো মন যায়, নতুন চাদৰ কেতিয়া কিনিছিল মনতেই নাই। পইচাকেইটা উলিয়াই ল'ৰাটোক পঠাই দিব আলিকাণৰ দোকানখনৰ পৰা ৰাতিৰ সাজৰ জোখাৰে চাউল কেইটামান আনিবলৈ। বাকীখিনি তাই যৌতুকত অনা কাঠৰ বাকচতে থৈ দিব এনেও দৰকাৰ পৰিলে উলিয়াবই লাগিব। কথাবোৰ ভাবি খুটাটো কাটি থাকোঁঁতেই ভেটকৈ মুখখন মেলি ছোৱালীজনী দৌৰি আহিল পিছে পিছে ল'ৰাটো। আকৌ সিহঁতৰ কাজিয়া লাগিল বুলি খংটো ভমককৈ উঠিল। কিন্তু কথা এইবাৰ উলোটা। দেউতাক আহি বোলে সিহঁতৰ হাতত থকা টকাকেইটা দেখি থাপ মাৰি লৈ দৌৰ মাৰিলে।এইবাৰ মাকণৰ সঁচাকৈয়ে ধৈৰ্যৰ সীমা চেৰাল। হাতত থকা দাখনকে লৈ জুৱা খেলি থকা মেহেঙাৰ লগতে লগৰ কেইটাকো খেদি গ'ল। তাইৰ ৰুদ্ৰমূৰ্ত্তি দেখি গোটেইকেইটাই ফৰিং চিটিকা দিলে।
কি সোমাইছিল সেইদিনা সিহঁতৰ ঘৰখনত! মাকৰ এই ৰূপ কাহানিও নেদেখা ল'ৰা-ছোৱালী কেইটাৰ পেটতে হাত-ভৰি লুকাল। সেইদিনা মাকৰ গাত সাইলাখ গোঁসানীহে লম্ভিছিল যেন। দেউতাক মাকৰ ভয়তে ৰাতি ঘৰলৈ ঘূৰি নাহিল। সিহঁতেও কৰবাত জুৱা খেলি পৰি আছে বুলি বিচাৰ নকৰিলে। সেইদিনা মাকৰে লগতে সিহঁতহালৰো লঘোণ হ'ল। ভোক লাগিছিল যদিও মাকৰ ভয়তে শুই থাকিল দুয়োটা। ছোৱালীজনীটো মাকৰ ভয়ত ঘৰত নাথাকো বুলিও কৈছিল। কিন্তু ককায়েকৰ কথা শুনি থাকিল। সিহঁতহালক বুকুতে লৈ মাক শেষনিশালৈ টোপনি গ'ল। পুৱানিশা চৰাই কিচিৰ-মিচিৰ মাত আৰু মানুহৰ হুলস্হূলত সাৰ পাই মাকণ আহি বাহিৰ পালেহি। জামুজোপাৰ তলত মানুহৰ জুমটো দেখি আগুৱাবলৈ ধৰোঁঁতেই দেখিলে গছৰে ঠাল এটাত ওলমি থকা মেহেঙাক। পিন্ধি থকি লুঙিখন টেটুতে গাঠি দি ওলমি আছে। সেই নিশাটো সিহঁতৰ কাৰণে আছিল কালৰাত্ৰি। কালনাগ আহি দংশি গ'ল সকলোকে। জুৱাৰী মদাহী মেহেঙা পিয়নৰ এই কাণ্ডত সকলোৱে তাইকে দোষাৰোপ কৰিলে আৰু সকলোকে শীতল বতাহ দিয়া জামুজোপাক নাম দিলে 'দেওলগা গছ'।
তাইৰ গাত বোলে দেওলগা গছৰপৰা দেও লাগিছিল। সেইদিন ধৰি মাকণৰ ঘৰলৈ কোনেও ঘূৰি নোচোৱা হ'ল। ৰাস্তাৰ কাষেদি গ'লেও ভগৱানৰ নামলৈহে যোৱা হ'ল। ল'ৰা-ছোৱালীকেইটাৰো বিলৈ নোহোৱা হ'ল; দেওলগা মাকৰ সন্তান। গিৰিয়েকে এইটো কাম কৰাতকৈ সেইদিনা তাই দাখনৰ সৈতে চোঁচা লৈ আহোঁঁতে উভতি ধৰি তিনিওকে ঠেকেচা মাৰি মাৰি থোৱা হ'লেই ভাল আছিল। তেতিয়া অন্তত্ব মাকণ এই বদনামৰ ভাগি হ'ব লগা ন'হলহেঁতেন। জুৱাৰী গিৰিয়েকে ঢাৰৰ বোজা সহিব নোৱাৰি এই অঘটন ঘটাই সকলোবোৰ অপবাদ জীয়াই থকাকেইটাৰ ওপৰত জাপি থৈ গ'ল।
বাটৰুৱাই ভিৰ কৰা জামুজোপাৰ তলখন এতিয়া নিমাত নিতাল। সন্ধিয়া কেইটামান শুনিবলৈ বেয়া চৰাইৰ মাতত জয়াল হৈ পৰে পৰিৱেশটো। কেইবামাহো নসজা চোতাল, নিজৰ ইচ্ছামতে গজি উঠা বনৰীয়া গছ-বনবোৰ খাবলৈ অহা গৰু-ছাগলীৰ অবাধ বিচৰণ। জহি-খহি যাবলৈ ধৰা ইকৰাৰ বেৰখনত মুৰটো থৈ আউল-বাউল চুলিৰে কাপোৰ পিন্ধাৰ কোনো হিচাব নোহোৱা মাকণ। মাজে মাজে কেইটামান চিঞঁৰ 'আহ আহ গছৰ তলত বহিবি আহ....জামু খাবি আহ।'
Subscribe to:
Posts (Atom)