Hi, welcome to Rimjhim's world. This is my personal Assamese blog where I share my feelings. Here, I am trying to write down a few things what I feel and see around the world every day.
Search This Blog
Saturday, 5 June 2021
Friday, 21 May 2021
বেমাৰ
: হয়নে প্ৰভা কথাটো সঁচানে?
: --- (প্ৰভাই মইনালৈ কেঁৰাহিকৈ চাই একো নকৈ পানীৰ খালি বাল্টিটো কুঁৱাটোত ধমকৈ ওপৰৰ পৰা পেলাই দিলে)
: কি হ'লনো একো নকৱ যে, বোলো হয়নে কথাটো?
: কিডাল ক'বনো তাই। এতিয়া বোৱাৰী আদৰিবলৈ গহণা পাতি গোটোৱাহে কথা।
সিহঁতৰ লগত থকা পদুমণিয়েও মইনাৰ লগ হৈ প্ৰভালৈ টিপ্পনী এটা এৰিলে।
:যদি তহঁতে চববোৰ গমেই পাৱ মোক পেঘেনিয়াই আছ কিয়?
প্ৰভাই গেঙেৰি মাৰি কোৱাদি পানী তোলা টিংটোত এক টিং পানী খৰধৰকৈ তুলি আনি নিজৰ ষ্টীলৰ টিংটোত ঢালি লৰালৰিকৈ তাৰ পৰা গুচি আহে।
: এইজনী এইজনী কথা এটা সুধিলেও ভালকৈ ক'ব নোৱাৰে। ইফালে গোটেই গাঁৱ ৰৌজাল বৌজাল আমি সুধিলেহে লাগে লেঠা।
মইনাই প্ৰভাই শুনাকৈয়ে কথাকেইটা লগত থকা পদুমণিক ক'লে। কথাষাৰে প্ৰভাৰ কাণদুখনত শেলে বিন্ধাদি বিন্ধিছিল যদিও একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি চিধাই ঘৰলৈ বাট পোনায়। আজিকালি এইবোৰ কথা প্ৰতিদিনে শুনিবলৈ পোৱাটো প্ৰভাৰ কাৰণে একেবাৰেই সাধাৰণ হৈ পৰিছে। কেতিয়াবা গুৰুত্ব নিদিয়ে, কেতিয়াবা খঙে দুখে বকি দিয়ে। নিজকে দুৰ্কপলীয়া বুলি কেতিয়াবা কঁপালখনতে খঙত চপৰিয়াই তাই। কোনোবা সময়ত চিঞৰি চিঞৰি মৃত গিৰিয়েক গকুলকো বকে "বিয়া পাতি আনি ল'ৰা জন্ম দিয়াই তই মৰি গ'লি। মোকো লগতে নিনিলি কিয় অ' গকুল?"
: মা যাৱ নেকি, আকৌ এবাৰ ভাবি চাচোন। ইয়াত গাঁৱৰ মানুহসোপাৰ কাট মৰা কথা শুনি কিমান থাকিবি।
এইবাৰ প্ৰশান্ত ঘৰলৈ আহোঁতে মাকক বহুত জোৰ কৰিয়েই তাৰ লগত নিবলৈ ওলাইছিল। যাবলৈ ওলাইয়ো চোতাল সাৰি থকা মাকক আকৌ এবাৰ কৈ চালে। মাকেহে "বাপেৰে এইখন ঘৰলৈ বিয়া পাতি আনিছিল যেতিয়া এইখন ঘৰতে থাকিম, মৰিমো ইয়াতে। তই য'তে মৰ, মৰগৈ। ইয়ালৈ তই মই মৰিলেও নাহিবি" বুলি খুলি যোৱা খোপাটো আকৌ এবাৰ পাক মাৰি বান্ধি লৈ বাঢ়নীডালেৰে চুৰুক চুৰুককৈ চোতালখন সাৰি জাবৰবোৰ এচুকত জমা কৰাত লাগিল।
প্ৰশান্তইও জানে মাকৰ তাৰ ওপৰত ইমান কিয় খং! পিচে সি কৰিব কি, সি যে তেনেকুৱাই। এইবাৰ ঘৰত আহি দুৰাতি থাকি উভতি যাওঁতেই প্ৰশান্তই ভাবি গৈছে মাকে নমতালৈকে সি এইখন ঘৰলৈ উভতি নাহে। মাকৰ এইবোৰ গালি-গালাজ প্ৰশান্তই সদায় সদায় আৰ্শীবাদ বুলি ভাবি লয়। তথাপিও মনটোৱে নামানে, যেতিয়াই সুবিধা পাই মাকৰ ওচৰলৈ এৰাতি দুৰাতিৰ কাৰণে আহে। কাৰণ মাকৰ হাতত ফোনো নাই, ফোনতে খবৰ এটা কৰিবলৈও। সি দিওঁ বুলি ক'লেও নলয়। সেয়ে মাকে নিবিচৰা স্বত্বেও সিয়েই আহিবলগীয়া হয় ঘৰলৈ।
: এতিয়া চোৱা। ফাইনেল টাচ্ছটো পৰিলেই আটাইতকৈ ধুনীয়া কইনাজনী হৈ পৰিবা।
মিহিকৈ ফণীখনৰ পিছফালৰ দাঁত নথকা অংশটোৰে চুলিখিনি আগফালে অলপ ওখ কৰি বান্ধি দিয়া পিছফালৰ প্ৰকাণ্ড ধুনীয়া খোপাটোৰ কাষখিনিত এনেই বুলাই থাকি মেকআপ আৰ্টিষ্টজনে এটা বিশেষ ভংগীমাত কথাকেইটা ক'লে।
: হমম, একদম পাৰ্ফেক্ট।
কইনায়েও আইনাত নিজকে দেখি উৎফুল্লিত হৈ আইনাতে মেকআপ আৰ্টিষ্টজনলৈ চাই উত্তৰ দিলে।
যিকণ কাম বাকী আছিল সেইকণো ধুনীয়াকৈ কৰি মেকআপৰ বক্সটো সামৰি প্ৰশান্ত লয়লাস ভংগীত এখন হাতেৰে ট্ৰলীটো চোঁচৰাই আনখন হাত এনেই আগলৈ পিছলৈ লৰাই ৰূমৰ পৰা ওলাই আহিল।
প্ৰশান্ত কুমাৰ, মেকআপ আৰ্টিষ্ট। বৰ্তমান সকলোৰে মাজত এটা পৰিচিত নাম। তেওঁৰ হাতৰ যাদুক সকলোৱে বাহ বাহ দিয়ে। সেই অনুযায়ী তেওঁৰ দৈনিক ৰেটো তেনেকুৱাই। প্ৰত্যেকজনী কইনাই বিচাৰে তেওঁক সেই বিশেষ দিনটোত তেওঁৰ মুখত প্ৰশান্তৰ মেকআপ ব্ৰাছৰ পৰশ পৰক। পিচে প্ৰশান্তৰ যিটো দাম সেইটো সকলোৱে দিব নোৱাৰে। যি নিখুঁতকৈ চালে চকু ৰোৱাকৈ প্ৰশান্তই কইনাজনী উলিয়াই দিয়ে, নকৈ নোৱাৰি। দুখীয়া ঘৰৰ ল'ৰা প্ৰশান্তৰ বৰ্তমান নামী দামী মানুহৰ লগত উঠা বহা। বিশেষকৈ চেলিব্ৰিটীবোৰে প্ৰশান্তৰ মেকআপহে বিচাৰে। এতিয়া তাৰ টকাৰ অভাৱ একেবাৰে নাই। দামী ঘৰ, দামী গাড়ী, বছৰি এটা দুটা ইণ্টাৰনেচনেল টুৰ। ইমান টকা ঘটাৰ পিছতো তাৰ টকাৰে সি মাককহে একো এটা কৰি দিব পৰা নাই। ঘৰখন অলপ ঠিকঠাক কৰি, পানী বেলেগৰ কুঁৱাৰ পৰা তুলিব লগা নোহোৱাকৈ সি সকলোবোৰ ঠিক কৰি দিব বিচাৰে, কিন্তু মাকে নলয়। আনকি ফোন এটাও এতিয়ালৈকে মাকক দিব পৰা নাই। জোৰ কৰিলে কয় "মোক ফোন কোনে কৰিব বা মইনো কালৈ কৰিম?"। সি যদি কয় "মোলৈ কৰিবি আকৌ।", মাকে একো নামাতি আঁতৰি যায়।
প্ৰভাৰ গিৰিয়েক গকুল প্ৰশান্তৰ ডেৰবছৰ বয়সতে ঢুকাল। কামৰ পৰা আহি থাকোঁতে পিছফালৰ পৰা চাইকেলৰ সৈতে গাড়ী এখনে মহতিয়াই থৈ গ'ল। ঘৰখনক পোহ-পাল দি থকা মানুহটো নোহোৱা হৈ যোৱাত সিহঁতৰ একেবাৰে অৱস্থা নোহোৱা হৈছিল। সিহঁতৰ অৱস্থা দেখিয়েই গকুলে যিখন দোকানত কাম কৰিছিল, সেইখন দোকানতে মালিকজনে প্ৰভাকো এটা কাম দিলে অন্ততঃ প্ৰাণী দুটা লঘোণে থাকিবলগীয়া নোহোৱাকৈ।
প্ৰশান্ত লাহে লাহে ডাঙৰ হৈ আহিল। যিমানেই ডাঙৰ হৈ আহিছে, তাৰ কথা কাণ্ডবোৰ মাকৰ কিবা আচহুৱা যেন লগা হৈছে। ল'ৰা হৈও যেন প্ৰশান্ত ল'ৰাৰ দৰে নহয়। একেবাৰে সৰুতে ঠিকেই আছিল, কৈশোৰত ভৰি দিয়াৰ পৰা তাৰ মতিগতিবোৰ মাকৰ চকুত লাহে লাহে ধৰা দিবলৈ ধৰিলে। ছোৱালীৰ লগত থাকি ভালপোৱা প্ৰশান্তই ঘৰত মাকৰ মেখেলা চাদৰ পিন্ধি আইনা চাই থাকিও ভালপোৱা হ'ল।
: প্ৰশান্ত, প্ৰশান্ত
চোতালৰ পৰাই পুতেকক চিঞৰি চিঞৰি ভিতৰলৈ সোমাই অহা প্ৰভাই প্ৰশান্তক দেখি মূৰে কঁপালে হাত দিলে। ক'ৰবালৈ ওলাই গ'লে ব্লাউজৰ তলত পিন্ধি যোৱা তাইৰ এটাই মাত্ৰ ব্ৰাটো প্ৰশান্তৰ বুকুত, তলত সি পিন্ধি থকা হাফপেণ্টটো। তাৰ কাম দেখি মাকে খঙত একো নাই হৈ বাহিৰৰ পৰা বাঢ়নীডাল আনি প্ৰশান্তক উধাই মুধাই কোবোৱাত লাগিল। প্ৰশান্তৰ দেদাউৰি পৰা চিঞৰত ঘৰৰ ওচৰৰে নীলকান্ত দৌৰি আহি নবচোৱাহেঁতেন চাগে সেইদিনা প্ৰশান্ত মৰিয়েই থাকিলহেঁতেন।
"নবৌ নবৌ মাৰি পেলাবি নেকি ল'ৰাটোক?" বুলি নীলকান্তই প্ৰভাৰ হাতৰ পৰা বাঢ়নীডাল থাপ মাৰি আনি দলিয়াই পেলাই প্ৰশান্তক বুকুৰ মাজত সোমোৱাই লয়। সেয়া চাগে প্ৰশান্ত ক্লাছ নাইনমানত থকাৰে ঘটনা।
সেইদিন ধৰি প্ৰভাৰ চোকা দৃষ্টি প্ৰশান্তৰ ওপৰত। ক'ত কি কৰি ফুৰিছে সকলোবোৰ খিয়াল ৰাখিবলৈ প্ৰভাই যিমান পাৰে চেষ্টা কৰে। নীলকান্তকো ইয়াৰ দায়িত্ব দি থৈছিল। নীলকান্তইও যিমান পাৰে নবৌয়েকৰ কথামতে প্ৰশান্তক শাসন কৰে, কেতিয়াবা নবৌয়েক প্ৰভাৰ অনুমতি লৈ তাক কেতিয়াবা "অকলে বেয়া লাগিছে ব'লচোন", "আজি কুকুৰাৰ মাংস ৰান্ধিছোঁ, একেলগে খাম আহ" বুলি ৰাতি থাকিবলৈ লৈ যায়। লাহে লাহে নীলকান্ত খুড়াৱক প্ৰশান্তৰ লগৰীয়াৰ দৰে হৈ পৰে। নীলকান্তই বুজে প্ৰশান্তক। প্ৰশান্তইও একো এটা ক'বলৈ দ্বিধাবোধ নকৰে খুড়াৱকক।
প্ৰশান্ত পঢ়াত সৰুৰে পৰা ভাল নাছিল। নাইনলৈ উঠাৰ পিছত দুবাৰমান পৰীক্ষা দিয়াৰ পিছতো যেতিয়া টেনলৈ সৰকিব নোৱাৰিলে স্কুল বাদ দি সৰুসুৰা কামতে ধৰিলে। বিয়াই-সবাহে ৰান্ধিবলৈ যোৱা খুড়াৱকৰ যোগালী হিচাপে প্ৰশান্ত যাবলৈ ল'লে। মাকৰ ওচৰত একেবাৰে গহীন হৈ থকা প্ৰশান্ত বিয়াই সবাহে মহিলাবোৰৰ মাজত বেচ জনপ্ৰিয় হৈ উঠিল। নীলকান্তক ভাজি-পাচলি কাটি, পানী-দুনি আনি যতনাই দিয়াৰ পিছত তাক জোৰ কৰাদিয়েই কৰি তিৰোতাসকলে তাক লৈ যায় তামোল চালি কাটি সহায় কৰি দিবলৈ। আচলতে প্ৰশান্তৰ কথা কোৱা ধৰণ কৰণবোৰ, চাল-চলনবোৰে তেওঁলোকক আনন্দ দিছিল। কেতিয়াবা সি কোনোবাজনীক খোপা বান্ধি দিয়া, কোনোবাজনীক মেখেলাৰ কোচ দি দিয়াত সহায়ো কৰি দিয়ে। সুবিধা পালে কইনাঘৰীয়া বিয়াত কইনাজনীকো সজাই-পৰাই দিয়ে। সি বৰ ভালপাই এইবোৰ কৰি। হাতখনো ভাল তাৰ এইবোৰত। মহিলাসকলে দিয়া চাৰ্টিফিকেট মতে। এনেকৈ তাৰ নাম লাহে লাহে গাঁৱখনত সকলোৱে জনা হৈছিল। এদিন মাকৰ কাণতো এই কথা পৰাত সেইদিনাৰ পৰা বিয়া-সবাহলৈ তাৰ যোৱা বন্ধ হ'ল।
: নীল তোৰ লগত তাক পঠিয়াওঁ, ক'ত কি কৰে চকু দিবিচোন অলপ।
এদিন নীলই চাইকেলখন লৈ ওলাই যাবলৈ ধৰোঁতেই প্ৰভাই দেখি মাত দিলে।
: হে নবৌ তাৰ নিচিনা দঙদঙীয়া মতা ল'ৰা এটাক মইনো কি চকু দি থাকিম অতবোৰ মানুহৰ মাজত।
নবৌৱেকৰ কথাত চাইকেলখনত বহি থাকিয়ে, হাত দুখনেৰে হেন্দেলত ধৰি, ভৰি এখন পেডেলত ৰাখি, আনখন মাটি স্পৰ্শ কৰি উত্তৰ দিলে। আৰু সি কিবা ক'বলৈ ধৰিছিল যদিও প্ৰভা ঘৰৰ ভিতৰলৈ সোমাই যোৱা দেখি নীলকান্তইও যাবলগীয়া ঠাইলৈ পোনালে।
: ইমান যদি তোৰ পিৰপিৰণি এজনী চপাই নলৱ কিয়? মতা মাইকী চবকে লাগে যে তোক।
এদিন পুৱাই প্ৰভাই বাঢ়নীডাল হাতত লৈ নীলকান্তৰ ঘৰৰ চোতালত ৰৈ ৰৈ তাক কুকুৰে কাঁইট নোখোৱাকৈ গালি দিছে। প্ৰশান্তই মাকক টানি আনিবলৈ ধৰিছে যদিও ওলটি তাকো দিছে ভালকৈ
: বাপেৰে পোক লগাটো মোৰ টেটুত আঁৰি থৈ মৰি থাকিল। মতা ল'ৰা হৈ জন্ম হৈ মাইকীৰ স্বভাৱবোৰ পালি। এনেই সৈ মৰিবলৈ নজনাটোৰ লগত এনেই তোৰ ইমান মিতিৰালি নাছিল।
বকি বকি প্ৰভাই প্ৰশান্তক চোঁচৰাই অনাদি আনি নিজৰ ঘৰৰ ভিতৰ সোমোৱাই হাত মুখ জপটিয়াই ঠিকচে কোবালে, নিজৰ গালতো দুটামান চৰ দিলে।
গাঁৱৰ মানুহবোৰে দুদিনমানৰ পৰা তাইক দেখিলে ফিচিঙাফিচিং কৰা প্ৰভাৰ চকুত পৰিছিল। মইনাই আহি প্ৰভাক কোৱাতহে তাইৰ মন কৰিলে কথাটো। নীলকান্তৰ হাতত প্ৰশান্তক গটাই মানে ঊদক ভেটা ৰখীয়া পতা হ'ল। ল'ৰা ল'ৰাৰ মাজত ভালপোৱা থকা, কাহানীও নুশুনা নোপোজা কথাকেইটা মইনাই কৈ থাকোঁতে তাইৰ কিবা কাণখন তাল মাৰি গৈছিল। সেইদিনাই ৰাতি নীলৰ ঘৰত প্ৰভাই সন্ধিয়াৰ পৰা চোপ লৈ থকাতহে কথাবোৰ স্পষ্ট হ'ল। ভিতৰত ধিমিক ধামাকৈ জলি থকা চাকিটোৰ পোহৰত মাটিৰ লেপ নিদিয়া বাঁহৰ বেৰখনেৰে বাহিৰৰ পৰা প্ৰভাই খুউব স্পষ্টকৈ দুডাল সাপ মেৰ খাই থকাৰ দৰে নীলকান্ত আৰু প্ৰশান্তক দেখিলে। ইমানদিনে নিজৰ দেৱৰৰ দৰে মৰম কৰা নীলকান্ত আৰু নিজৰ পেটৰ পোৱালি প্ৰশান্তক ইটোক সিটোৰ বাহুৰ মাজত দেখি প্ৰভাৰ বহি অহাৰ উপক্ৰম হ'ল। ঘীণতে থুৱাই থুৱাই তাই তৎ নাপালে। লগে লগে প্ৰশান্তক চোঁচৰাই আনিবলৈ যাবলৈও তাইৰ গাত শকতি নোহোৱা হ'ল। গোটেই হাত ভৰিবোৰ চেঁচা পৰি দেহাটো ঠাইতে থৰ লগাৰ দৰে হ'ল। কোনোমতে নিজকে চম্ভালি নিজৰ কঁপালখন আৰু মৰি যোৱা গিৰিয়েকক হোৱাই নোহোৱাই গালি এসোপা দি ৰাতিটো পুৱাবলৈ তাতে বাট চালে।
সেই ঘটনাটোৰ পিছতেই প্ৰশান্তই ঘৰ এৰি গুচি যায়। প্ৰভাইও নিজৰ গাঁৱখনতে অকণমান বিচাৰ-খোচাৰ কৰি বাদ দিলে বিচাৰিবলৈ। তেতিয়াৰ পৰা নীলইও প্ৰভাৰ মুখামুখি হ'বলৈ লাজ পোৱা হ'ল। প্ৰভাই দেখা কথাবোৰ মিছা প্ৰমাণ কৰিবলৈকে নীলকান্তই কেইদিনমান পিছতে ছোৱালী এজনী আনি ঘৰ সুমুৱালেহি। নীলইনো তাইৰ বিষয়ে ঘৈণীয়েকক কি লগাই থৈছে প্ৰভাই নাজানে, কিন্তু নীলৰ ঘৈণীয়েকে তাইক ঘূৰিও নাচায় কেতিয়াও। কোনোবা সময়ত প্ৰভাৰ অন্তৰখনে প্ৰশান্তক বিচাৰি হাঁহাকাৰ কৰি উঠে যিমান হ'লেও নিজৰ পেটৰ পোৱালি। কিন্তু লগেলগে নিজকে সান্ত্বনা দিয়ে প্ৰশান্তৰ বেমাৰটোক আদৰি ল'ব পৰাকৈ প্ৰভা ইমানো আধুনিক নহয়। প্ৰশান্তই ঘৰ এৰি যোৱাৰ পৰা প্ৰভাইও দোকানত থকা চাকৰি বাদ দি গাঁৱতে ইঘৰ সিঘৰকৈ কাম কৰিবলৈ ল'লে। এটা পেটক পুহিবলৈ সেই কাম কৰি পোৱা টকাৰে প্ৰভাৰ আঁতি যায়।
: অ' প্ৰভা অ', এই ফুট গধূলিতে মৰিলিনে?
বাহিৰত জোনটিৰ মাত। প্ৰভাৰ সুখ-দুখৰ লগৰী জোনটি। ধান দাবলৈ গ'লেও একেলগে যায়, কঠিয়া ৰুবলৈ গ'লেও একেলগে। কাৰোবাৰ ঘৰত কিবা এটা কৰি সহায় কৰি দিবলৈ গ'লেও দুইজনী গাতে গাটো লগাইহে বহে। জোনটিয়ে বুজি পায় প্ৰভাক। প্ৰশান্তই ব্ৰা পিন্ধি থকা ঘটানটোও প্ৰভাই জোনটিকহে কৈছিল। জোনটিয়েও কথাটো তাই কাম কৰা মানুহঘৰৰ মালিকৰ ছোৱালী মণিকাৰ আগত এনেই উলিয়াই চাইছিল। তেতিয়া তাইৰ পৰা যিখিনি কথা জোনটিয়ে শুনিলে, মূৰটো নুঘূৰোৱাকৈ তাই কথমপিহে আছিল। কাহানিও নুশুনা নেমেলা বেমাৰ দেখোন এইসৱ। আজি জোনটি এইসময়ত আহিছে মানে কিবা এটা খবৰ লৈয়ে আহিছে। জোনটিৰ মাতটো চিনি পায় বাঢ়ি লোৱা ভাতকণ চৰিয়াটো দি ঢাকোণ মাৰি থৈ দুৱাৰৰ দাংডাল খুলিবলৈ প্ৰভা উঠি যায়।
: কি হ'লনো, এই ৰাতিখন চিঞৰি মৰিছ যে।
প্ৰভাই বাঁহৰ কামীৰ দুৱাৰখন খুলি দি জোনটিক উদ্দেশ্যি ক'লে।
: ৰচোন, এইবোৰ বাদ দে। আজি প্ৰশান্তক টিভিত দেখিছিলোঁ।
জোনটিয়ে উশাহটো নসলোৱাকৈ প্ৰভাক কথাকেইটা কয়।
: টিভিত দেখিছিলি? সি ইমান ডাঙৰ মানুহ হ'লনে?
আচৰিত সুৰেৰে জোনটিলৈ চাই প্ৰভাই মাত দিলে।
: নহয় অ' এইজনী। তাক এগালমান ল'ৰা-ছোৱালীৰ মাজত দেখিছিলোঁ। ক'ৰবাত কিবা হৈছিল হ'বলা। বাতৰি দিয়া মানুহো আছিল তাত। কোনোবা বাতৰি দিয়া এটাই মাইকটো তালৈ আগবঢ়াই দিওঁতে বেলেগ এটা ল'ৰা হাতখনত ধৰি সি কৈছিল ইয়ে মোৰ প্ৰেম। ই নোহোৱা হ'লে আজিৰ মই প্ৰশান্ত কুমাৰ, কেতিয়াও হ'ব নোৱাৰোঁ। ইয়াৰ অবিহনে....
জোনটিয়ে আৰু কি কৈছিল প্ৰভাৰ কাণত নুসোমাল। জোনটিয়ে কাম কৰা মালিকৰ ঘৰৰ টিভিত দেখি অহা কথাবোৰ একেৰাহে কৈ শেষত কৈ যোৱা কথাষাৰহে প্ৰভাৰ মনত ৰ'ল "সি বোলে আজিকালি কইনা সজায়।"
সেইদিনা ৰাতি প্ৰভাৰ আৰু টোপনি নাহিল। গিৰিয়েকক শাওপাত দি বকি বকি চোতালতে বহি ৰাতিটো কটাই দিলে প্ৰভাই। ঢাকোণ লগোৱা ভাতিখিনি তেনেকৈয়ে থাকিল। চোৱা ভাত বুলি পিছদিনা চুৱনিলৈ দলিয়াই দিলে। সেই ঘটনাৰ পিছদিনাৰ পৰা প্ৰভা ৰাস্তালৈ ওলাব নোৱাৰা হ'ল। কোনোবা এজনে হ'লেও কিবা এটা শুনাই থৈ যাবই।
এদিন হঠাৎ গাড়ী এখন আহি প্ৰভাৰ ঘৰৰ মুখত ৰ'লহি। জোৰকৈ ব্ৰেক মাৰি ৰৈ যোৱা গাড়ীখনৰ পৰা কোননো নামে চোতালৰ পৰাই প্ৰভাই চাই থাকোঁতে হঠাৎ দেখিলে টাইট পেণ্ট আৰু ব্লাউজৰ নিচিনা চোলা এটা পিন্ধি প্ৰশান্ত নামি আহিছে। চুলিখিনি দীঘল কৰি একোচাকৈ বান্ধি আহিছে। দুইখন কাণতে কাণফুলি দুপাটকৈ। আগতকৈ তাৰ খোজটো আৰু অলপ লাৱনি হ'ল। পিছফালৰ পৰা দেখিলে ল'ৰাই নে ছোৱালীয়েই ধৰিব নোৱাৰি। তাক দেখিয়ে প্ৰভাই খৰধৰকৈ ভিতৰলৈ সোমাই দুৱাৰখন জপাই ডাংডাল লগাই দিলে। সি ইমানকৈ চিঞৰাৰ পিছতো তাই দুৱাৰখন খুলিবলৈ সাহস নকৰিলে। প্ৰশান্তইও তাই দুৱাৰখন খোলা আশা নেদেখি পিৰালিতে বহি তাৰ জীৱন কাহিনী কৈ গ'ল। কেনেকৈ সি সেই ঘটনাৰ পিছত গুৱাহাটীলৈ পলাই গৈ মল এটাত কাম কৰিছিল। লাহে লাহে কাৰোবাৰ ওচৰত মেকআপ শিকি, এতিয়া সি এজন প্ৰতিষ্ঠিত মেকআপ আৰ্টিষ্ট হ'ল। তথাপিও মাকে ভবাৰ দৰে তাৰ বেমাৰটো ভাল নহ'ল। মাকেও ভিতৰৰ পৰা উচুপি উচুপি কথাবোৰ শুনি গ'ল, কিন্তু এটা মাতো নামাতিলে। যাবৰ সময়ত প্ৰশান্তই দুৱাৰমুখতে পাঁচ হাজাৰ টকা পেলাই থৈ গ'ল। সি যোৱাৰ পিছত মাকে ওলাই মাকে টকাকেইটা দেখি লওঁ নলওঁকৈ লৈ নামাৰিলে নোহোৱা দোকানৰ বাকী, ধাৰ-ধুৰবিলাক মাৰিলে। তাৰ পিছৰ পৰা প্ৰশান্ত কেতিয়াবা ঘৰলৈ আহে, দুদিন থাকি গুচি যায়। ঘৰত থকা দুদিন সি ক'তো ওলাই নাযায়। ঘৰতে থাকে। মাকৰ লগত কথা পতাৰ সুযোগ বিচাৰি ফুৰে। প্ৰভাই একেবাৰে প্ৰয়োজন নহ'লে তাৰ লগত কথা নাপাতেই। ঘৰটো বনাই দিয়াৰ কথা কওঁতেও তাই মানা কৰিলে। আনকি ঘৰৰ নাদটো ৰিং বহুৱাই পকা কৰি কুঁৱা বনাই দিয়াৰ কথাতোও প্ৰভাই মানি নলয়। মুঠতে তাৰ সহায় নালাগে প্ৰভাক তাৰ লগত লৈ যোৱাৰ কথা উলিয়ালেও বকিহে আহে প্ৰভাই। এইবাৰো প্ৰশান্ত আহি মাকক লৈ যাবলৈ ওলাইছিল, কিন্তু মাক কোনোমতেই ৰাজী নহ'ল। সি সেইদিনা ৰাতি মাকক বহুত বুজাইছিল সি তেনেকুৱাই, সি কেতিয়াও সলনি হ'ব নোৱাৰে। ভগৱানে তাক তেনেকৈয়ে জন্ম দিছে সাধাৰণ মানুহতকৈ বেলেগকৈ। কিন্তু প্ৰভাই নুবুজে। তাৰ কথাবোৰ শুনিলে খংটোহে উজাই আহে তাইৰ।
বিশেষকৈ যেতিয়া গাঁৱৰ মানুহবোৰৰ মুখত যেতিয়া তাই শুনে "প্ৰভাৰে ভাল দে মতা বোৱাৰী পাব। দুইটাকে নিজৰ ল'ৰা বুলি ভাবিলেই হ'ল।"। ইফালে কুঁৱাপাৰত মইনাহঁতে মৰা টিপ্পনী। ঘৰৰ সন্মুখত কিৰিলিয়াই থৈ যোৱাবোৰটো আছেই। কিমান আৰু সহ্য কৰিব। কেতিয়াবা চিঞৰি চিঞৰি ভগৱানক গালি পাৰি কান্দে, নিজেই মৰিবলৈ নিজকে শাঁও দিয়ে। তাৰ বাহিৰে তাইনো কৰিব কি! কোনোবা সময়ত নিজকে সান্তনা দিয়ে "প্ৰশান্ত তেনেকুৱাই, সৰুৰেপৰা ইমান শাসন কৰিলে তথাপিও সি সলনি নহ'ল। ভাল নোহোৱা বেমাৰ এইবোৰ" তেনেকৈ ভাবিলে আকৌ প্ৰশান্তক বুকুৰ মাজত লৈ মৰম এধানি কৰিবলৈও মন যায়। কিন্তু প্ৰভাই নোৱাৰে। যিমান নিজেই জন্ম দিয়া নহওক তাই প্ৰশান্তৰ কথাবোৰ এতিয়াও সহজকৈ ল'ব পৰা নাই। সেইদিনা ৰাতি প্ৰশান্তই তাইক তাৰ যে এইটো বেমাৰ নহয়, জন্মিছেই এনেকৈয়ে বুলি বুজাই বুজাই সৈমান কৰিব নোৱাৰাত কাঠৰ চালপীৰাখনতে তাইৰ কাষতে শুই যায়। প্ৰভাৰ টোপনি নাই চকুত। এইটো বাৰু প্ৰভাৰ কাৰণে নতুন কথা নহয়। বিছনাত পৰি বিনিদ্ৰাত হাজাৰ ৰজনী পাৰ কৰি থৈছে। প্ৰভালৈ পিঠি দি শুই থকা প্ৰশান্তৰ হাতখন এপাকত নিজৰ হাতৰ মুঠিৰ মাজলৈ টানি আনি প্ৰভাই নিজকে কোৱাদি কৈ উঠিল "কাৰ মন নাযায় নিজৰ সন্তানক মৰমৰে আৱৰি ৰাখিবলৈ। তয়ো মোৰ নিজৰ পেটৰে পোৱালি অ ল'ৰা। কিন্তু তোৰ গাত থকা এই বেমাৰটো সহজকৈ মানি ল'ব পৰাকৈ মই এতিয়াও নিজকে বুজাব পৰা নাই। কাইলৈ গুচি যাবিগৈ, আৰু ঘূৰি নাহিবি ইয়ালৈ। তই আহিলে মানুহবোৰে তোক লৈ মৰা ঠাট্টা মস্কৰাবোৰ শুনিলে মই কষ্ট পাওঁ। য'তে আছ তালৈকে গৈ ভালকৈ থাক। নাহিবি ইয়ালৈ ঘূৰি অ' প্ৰশান্ত।" মাকে নিজকে কৈ থকা কথাকেইটা টোপনিৰ ভাঁজ ধৰি শুনি থকা প্ৰশান্তই ইখন হাতো আনি মাক আৰু তাৰ হাতৰ মুঠিটো জোৰত ধৰি টোপনি যাবলৈ চেষ্টা কৰিলে।
Sunday, 16 May 2021
আলুপিটিকা
: আলু পিটিকা অকণ নিদিলি?
ভাতৰ পাটত বহি কাঁহীৰ কাষতে থৈ দিয়া পানীৰ মগটোৱে হাতত পানী এচলু লৈ কাঁহীৰ চাৰিওফালে পানীকণ চটিয়াই ভাতখিনি সানিবলৈ লৈ ধনটি বৰতাই পাকঘৰত ইটো সিটো কৰি ঘুটুং ঘাটাং শব্দ কৰি থকা ঘৈণীয়েক মামণিয়ে শুনাকৈ ক'লে। ভাতসাঁজত নাই কমেও তিনিখন ভাজি, এখন দাইল আৰু এটা পদিনাৰ চাটনি। পিচে আলু পিটিকাকণ নাথাকিলেহে বৰতাই মনটোতে বৰ অসন্তোষ কৰে। লাগিলে যিমানেই মাছ-মাংস নাথাকক কিয়!
বৰতাৰ মাতটো শুনিও বৰমাই নুশুনা ভাও ধৰি অলপ সময় আছিল যদিও মনটোৱে নসহিলে। চাউল বহাওঁতেই দুফাল কৰি দি থোৱা নতুন কাণপুৰীয়া আলুৰ এফাল উলিয়াই আনি নিমখ, তেল আৰু ধনীয়া অকণৰে সানি বৰতাৰ কাঁহীখনৰ কাষতে দি মুখখন ওফোন্দাই ক'লে,
: আজিয়েই কিন্তু শেষ আলু পিটিকা। কাইলৈৰ পৰা নাপায়। আপোনাক আলু খুওৱা গম পালে মণ্টুৱে মোৰ কলিজা খাব।
বৰমাৰ কথা শুনি বৰতাই ভাতৰ গৰাহ এটা মুখত লৈয়ে হাঁহি হাঁহি ক'লে,
: থহে, ডায়েবেটিছত কোনোবা মৰা শুনিছ নেকি? আজিকালি হে এইবোৰ বেমাৰ ওলাল। আগতে দেখোন এইবোৰৰ নামেই নাছিল।
: হ'ব হ'ব ভাত মুখত লৈ বেছি কথা ক'ব নালাগে, চৰ্চৰণি খাব।
বৰমাই কৃত্ৰিম খং দেখুৱাই পাকঘৰলৈ গুচি গ'ল। যাওঁতে ভোৰভোৰাই গ'ল "এহ বৰ একেবাৰে ডাক্তৰটো ওলাইছে। ডায়েবেটিছত মানুহ নমৰে। খাবলৈ নোপোৱাৰ ভয়ত সৈবোৰ বকিছে..."
আচলতে আজি কেইদিনমানৰ আগতে বৰতাৰ গাটো অলপ বেয়া লাগি থকাত, ঘনাই ঘনাই পেছাৱ হৈ থকাত বৰমাই ডাঙৰ পুতেক মণ্টুক কথাষাৰ এনেই ফোনতে কৈছিল। মাকৰ কথা শুনিয়েই পুতেকে দেউতাকক লগে লগে চুগাৰ টেষ্টটো কৰিবলৈ কৈছিল। ইফালে বাপেক নাযায়, সিফালে পুতেকে নেৰে। দেউতাকক বলে নোৱাৰি মণ্টুৱে ঘৰৰ ওচৰৰে চিনাকি ল'ৰা বাপধনৰ লগতে পঠিয়াই দেউতাকৰ এনেই ৰেণ্ডম টেষ্টকেইটামান কৰোৱাই আনে। আবেলিলৈ ব্লাড টেষ্টৰ ৰিপ'ৰ্ট অহাত মণ্টুৰ সন্দেহেই সঁচা হ'ল। মাকে ৰিপ'ৰ্টটো পাই লগে লগে পুতেকলৈ ফোন লগোৱাত বৰতাই গৰজি উঠে,
:, কিহলে আঁতৰত থকা ল'ৰাটোক চব কথা জনাব লাগে। ডায়েবেটিচ মৰকুচিয়াটো হৈছে হৈ থাকক, সেইবুলি ল'ৰাটোক জনোৱাৰ কোনো প্ৰয়োজন নাছিল। মোক এতিয়াই উঠাবলৈ ডায়েবেটিচৰ বাপেকৰো দম নাই বুজিছ।
: হমম হ'ব। এতিয়া পুতেকৰ গালি খোৱাৰ ভয়ত মোক গৰজি থাকিব নালাগে।
মণ্টুৰ ফোন নম্বৰটো ডায়েল কৰি কৰি বৰমাই বৰতালৈ চাই মুখখন বেঁকা কৰি উত্তৰ দিলে।
: অঅঁ হেল্ল, বাবা। শুনিছ। অঅঁ শুনচোন তই কোৱাটোৱেই দেউতাৰৰ।
সিফালে ফোনটো ৰিচিভ কৰিলেহে এইফালে বৰমাই বকলা মেলিলেই। পুতেকে কি কৈ আছে সেইবোৰলৈ বৰমাৰ খবৰ নাই মুঠতে তেওঁহে কৈ গৈছে "ৰ ৰ এয়া দেউতাৱৰ ওচৰতে আছে। কথা পাত।" বুলি ফোনটো বৰতালৈ আগবঢ়াই দিয়ে।
বৰতাই লওঁ নলওঁকৈ ফোনটো লৈ বৰমাক এটা বিশেষ চাৱনি দি "অঅঁ মণ্টু ক"। তাৰপিছত বৰতাই মাত্ৰ "নাই নাই", "নহয় নহয়" এইবোৰহে কৈ গৈছে। যি বুজাব লগা আছিল পুতেকে বুজাই ফোনটো থোৱাত বৰতাই লাহেকৈ বৰমাক সুধিলে "এচিকুট আলু পিটিকা খালে একো নহয় চাগে ন।"। অলপ সময়ৰ আগলৈকে বৰমাৰ ওচৰত দম্ভালি মাৰি থকা বৰতাই পুতেকৰ লগত কথা পতাৰ পিছত একেবাৰে লেউসেই দিলে। বৰমাইও চেগ বুজি "এচিকুট খোৱা, সৰহকৈ খোৱা একে কথা। মোক এতিয়া লেনচেনাব নালাগে" বুলি উচাৎ মাৰি গুচি গ'ল।
আলু পিটিকাকণ বৰতাৰ সৰুৰে পৰাই প্ৰিয়। বৰতা সৰুতে বোলে এবাৰ ঘৰত নাই আলু নাই। ইফালে বৰতাক লাগে আলু পিটিকা। বুজালেও নুবুজে, ভাত নাখাই কাঁহীখনকে বোলে দলিয়াই দিছিল। সেইটো খঙতে বৰতাৰ মাকেও এইটোক ঘৰত কোনে ৰাখে বুলি ৰাস্তাত গৈ এৰি থৈ আহিছিল। অলপ পিছত বোলে নিজৰে দুখ লগাত আকৌ লৈ আনিছিল। আলুৰ লগত সংঘটিত হোৱা বহুত ঘটনাই বৰতাৰ মুখত শুনি শুনি ওচৰ চুবুৰীয়া সকলোৰে মনত ৰৈ গৈছে। কেতিয়াবা কাৰোবাৰ ঘৰত ভোজে-সবাহে কোনোবা এজনে বৰতাৰ পাতৰ কাষতে আলু পিটিকা অকণ টিপতে দি থৈ যায়।
এতিয়াতো বৰতাৰ ঘৰত আলুৰ অভাৱ নাই। ঘৰৰ পিছফালৰ গোটেই মাটিখিনিত আলু লগাই একেবাৰে কেইবামাহলৈও খাব পৰাকৈ হৈ থাকে। কেইমাহমান হে বজাৰৰ পৰা কিনি খাবলগীয়া হয়। এবাৰ কোনোবা এটা বছৰত আলুৰ দাম বাঢ়োঁতে বৰতাৰ যি খং, চৰকাৰক গালি পাৰিহে তৎ পাইছে।
: ছেহ, মৰিবলৈনো আৰু কেইটা দিন, এই হাইজাত যোৱা ডায়েবেটিছডাল এতিয়াহে গাত বাহ ল'বলৈ আহিল।
ভাতকেইটা খাই অটাই হাত ধুবলৈ উঠি আহোঁতে বৰতাই ভোৰভোৰাই আহে। বৰতাৰ ভোৰভোৰণিত পাকঘৰৰ পৰাই বৰমাই মিচিকিয়াই হাঁহে। দুপৰীয়া বৰতাই ভাত খাই আগফালে চোতালৰ চকী বহেগৈ, এইফালে বৰমাই তামোলখন চকলিয়াই চূণে, চাধাই যতন কৰি বটাখনত লৈ যায়। ঘৰত থাকে মাত্ৰ দুটি প্ৰাণী। এই লাগে এই ভাগে। এইহাল যুটিৰ মৰম-চেনেহ, কাজিয়া-পেচাল দেখিলে সকলোৰে মৰম লাগি যায়। এইকণ সময়তে আকো জীয়েক মাণ্টিয়েও মাক-দেউতাকলৈ ফোন কৰি খবৰ লয়। এইখিনি সময়ত তাইৰ কলেজৰ ক্লাছ দুটামান অফ থাকে। ঘৰত ল'ৰা-ছোৱালী দুটাৰ পৰা কথা পাতিবলৈ শান্তি নাপায় কাৰণে এইকণ সময়তে মাক-দেউতাকৰ খবৰ লয় সদায়। দেউতাকৰ ডায়েবেটিছৰ খবৰটো পাই মাণ্টিয়ে সদায় উপদেশ দিয়াৰ লগতে দেউতাকক কি খুৱাব কি নুখুৱাব সদায় মাকক বুজায়। বৰমাই জীয়েকৰ লগত কথা পাতি থাকিলে বৰতাই চিঞৰে "সিহঁতক কৈ দে ইমান চিন্তা কৰিব নালাগে। ইমান সোনকালে বাপেক নমৰে। শত আয়ুস আছে এই আমুকাৰ।" শত আয়ুসটোত বৰতাই আৰু অলপ জোৰ দি বুকুখন উফন্দাই দিয়ে। বৰমাইও বৰতাই শুনাকৈ ফোনত কয় "আমাৰ সৈজন আজিকালি ডাক্তৰো, গণকো অ'ই মাণ্টি।" কৈ আকৌ বৰমাই নিজেই খিটখিটাই হাঁহে।
আজিও তামোলকণ বৰতাক দি বৰমাই আগৰ দৰে জীয়েকৰ লগত কথা পাতি থাকোঁতে এপাকত দেখে ঘামি-জামি মানুহটো চকীখনতে ঢলি পৰাদি পৰি আছে। বৰমাই দেখিয়েই "দেউতাৰৰ তামোলে মূৰত ধৰিছে হবলা, পিছত ফোন কৰিম" বুলি ফোনটো কাটি লৰালৰিকৈ নিমখ পানী অকণ আনি বৰতাৰ মূৰটো ধৰি মুখত ঢালি দিয়ে যদিও পানীখিনি বাৰে বাৰে মুখৰ বাহিৰলৈ বাগৰি আহি যায়। বৰমাই কথাটো যে সাধাৰণ নহয় ধৰিব পাৰি লৰালৰিকৈ ফোনটো বাপধনলৈ লগায়। সেইখিনি সময়ত বাপধনে আকৌ ভাত খাই ঘৰৰ ওচৰৰে ঘুমটিখনত চিগাৰেট এটা খাবলৈ আহিছিল। এইটো তাৰ নিত্য নৈমিত্তিকৰ ভিতৰত পৰে। বৰমাৰ ফোনটো পাইয়ে উধাতু খাই আহিয়েই বৰতাক দেখি আকৌ ঘৰলৈ উভতি গৈ গাড়ীখন লৈ আহি "ব'লক ব'লক, হস্পিটেল লৈ যাওঁ" বুলি বৰতাক কোঁচত উঠাই বৰমাক পিছৰ চিটত বহিবলৈ দি বৰতাৰ মূৰটো বৰমাৰ কোলাত দি দীঘলীয়াকৈ শুৱাই দি যিমান স্পীডত মাৰে সিমান স্পীডত গাড়ী চলাই গ'ল স্থানীয় মডেলখনলৈ। দহমিনিটৰ ৰাস্তাটো আজি বাপধনৰ বহুত সময় যেন লাগিছে। বৰতাৰ অৱস্থাটো দেখিয়েই তাৰ মনটোৱে বৰ বেয়াকৈ চেবাইছে "বৰতা যেন আৰু ঘূৰি নাহে।"।
শেষত বাপধনে ভবাটোৱেই হ'ল। ব্ৰেইন ষ্ট্ৰ'ক হৈ বৰতা লগে লগে ঢুকাল। ডাক্তৰে শুশ্ৰষা কৰিবলৈ নাপালেই। পৰিস্থিতি কোনোমতে চম্ভালি মণ্টু, মাণ্টি যাক যাক খবৰ দিবলগীয়া আছিল সকলোকে দি বৰমাক চম্ভালিবলৈ মাকক মাতি পঠিয়ায়।
: এনেকৈ যে মানুহজন কথা কৈ কৈয়ে গুচি যাবগৈ ভবাই নাছিলোঁ।
বৰমাই বগা চাদৰৰ আগটোৰে ওলাই অহা চকুপানীখিনি টুকি তেওঁৰ ওচৰত বহি থকা মানুহ কেইগৰাকীক কয়।
: তামোলখন।খাইয়ে যে এনেকৈ বাগৰি পৰি...। এইবাৰ বৰমাই আৰু নিজকে ৰখাব নোৱাৰিলে হুকহুকাই কান্দিয়েই দিলে। ওচৰতে কাৰোবাৰ লগত কথা পাতি থকা বগা ধূতি আৰু চেলেং এখন লৈ থকা মণ্টুৱে চেলেংখন ভালকৈ গাত মেৰিয়াই মাকৰ ওচৰ পালেহি। মণ্টু অহাৰ দিনাৰ পৰা মাকক সি বুজাইয়ে আছে, অলপ দেৰি ঠিকেই থাকে। আকৌ সেই একেবোৰ কথাকে উলিয়াই কান্দি থাকে বৰমাই। আচলতে মানুহবোৰক দেখিলেই শোকটোৱে খুন্দা মাৰি ধৰে।
: বাবা অ', দেউতাৰে শত আয়ুস আছে বুলি কৈ পয়সত্তৰ বছৰ নহওঁতেই আমাক ঠগাই থৈ গ'ল অ'।
মাকে মাজে মাজে মণ্টুক অকলশৰীয়াকৈ পালেই দেউতাকৰ শতআয়ুসৰ কথাটো কৈ কৈ কান্দে। মণ্টু, মাণ্টিয়ে মাকক বুজাইহে বুজাই মাকে সকলোবোৰ বুজিও বাৰে বাৰে একেখিনি কথাকেই কৈ থাকে। সিহঁতহালেও বুজিছে মাকৰৰ লগত কথা কৈ কৈয়ে হঠাৎ দেউতাক নোহোৱা হৈ যোৱা ঘটনাটোত মাকে সহজভাৱে ল'ব পৰা নাই। গাত একো এটা বেমাৰ নথকা দেউতাকৰ দুদিন আগতে মাত্ৰ ডায়েবেটিচটো ধৰা পৰিছিল। তাৰ বাহিৰেতো একোৱেই নাছিল। দেউতাকৰ ভাষাত "মৰকুচিয়া ডায়েবেটিছে একো কৰিব নোৱাৰে।" হয়ো ডায়েবেটিচে একো কৰিবলৈ নাপালে, ঢুকালে ব্ৰাইন ষ্ট্ৰ'কতহে।
মণ্টুৰো দুখ লাগে দেউতাকৰ কথাবোৰ মনত পৰিলে। হাঁহিও উঠে, কোনোবা সময়ত সৰু ল'ৰাৰ দৰে কৰা আচৰণত। "এইটো নাখাবা, সেইটো নাখাবা" কত যে গাইডলাইন সি দেউতাকক দিছিল! ফোনত কথা পাতি থাকিলেও মাক-দেউতাকৰ লাগি থকা তৰ্কখনত মনে মনে ভাগ লৈ সি বৰ ৰস পাইছিল। মাণ্টিৰ ভাষাত টম এণ্ড জেৰী হালেই।
"দেউতাৰৰ পিণ্ডত আলু পিটিকা অকণ দিছনে?"
মণ্টুৰ হাতত থকা দেউতাকৰ নলীয়া কটাৰীখন ঘূৰাই পকাই চাই কথাবোৰ ভাবি থাকোঁতে মাকে আহি মাত দিয়াতহে তাৰ।সম্বিত ঘূৰি আহিল। চলচলীয়া চকুৰে সি মাকলৈ চাওঁতে মাকে লাহেকৈ মাত দিলে "মানুহটোৱে সেইদিনাও পিটিকা অকণ খুজি খাইছিল। মই দিয়া নাছিলোঁ তই গালি পাৰিবি বুলি। জেদ ধৰাতহে অকণমান দিলোঁ, একেবাৰে এচিকুটা। সেইকণে তেওঁৰ অপকাৰ কৰিলে নেকি অ' বাবা?"
সকলোবোৰ কথাই ইমান সহজ সৰলকৈ লোৱা মাকজনীকনো মণ্টুৱে কি বুলি ক'ব একো ভাবি নাপালে। দেউতাক নথকাৰ চিন মাকৰ উকা কঁপালখনলৈ সি বেছি সময় চাই থাকিব নোৱাৰিলে। দেউতাকৰ নলীয়া কটাৰীখন ধুতিৰ খোচনিত ভৰাই সেই ঠাইৰ পৰা উঠি যাবলৈ লৈ মাকক মাত্ৰ কৈ গ'ল "দেউতাৰ আয়ুসেই ইমানলৈকে আছিল অ' মা।"