গোটেইজাকৰ হাঁহিৰ খিলখিলনিৰ শব্দত পকা ধাননি দৰাত পৰি পোক-পতংগবোৰ খাবলৈ অহা অকণি অকণি চৰাইজাকো উৰা মাৰি গুচি যায়। সিহঁতৰ সেই প্ৰাণ খুলি হঁহা হাঁহিৰ শব্দত আবেলি সময়কণত গাঁওখনে পুনৰ এবাৰ প্ৰাণ পাই উঠে। প্ৰথমবাৰ প্ৰাণ পাই উঠে ওলাওঁ নোলাওঁকৈ লাজৰে ওৰণি ঠেলি ওলাই অহা বেলিটিৰ পোহৰত, পুৱাই নিজৰ কামে কামে ওলাই যোৱা চৰাই-চিৰিকতিৰ কিচিৰ মিচিৰ শব্দত, তাৰ আগতেও যেতিয়া পোহৰ হওঁ নহওঁ অৱস্থাত কান্ধত নাঙলটো লৈ পথাৰলৈ বুলি হালোৱাজনে হুৰহুৰকৈ গৰুহালক খেদি লৈ যোৱা শব্দত।
গাঁওখনৰ আবেলিটো যেন
সেই গাভৰুজাকৰ কাৰণেই। বেলি লহিয়াবলৈ ধৰাৰ লগে লগে এজনী এজনীকৈ নিজৰ নিজৰ ঘৰৰপৰা
সকলো ওলাই আহে। কোনোবাজনীয়ে আকৌ লগত ককায়েক, বৌৱেকৰ ল'ৰা-ছোৱালী থাকিলে লগতে লৈ আহে। গোটেই
কেইজনী একেলগ হৈ প্ৰথমতে বহে প্ৰকাণ্ড আঁহতজোপাৰ তলত। আঁহতৰ তলতে বহি অলপ সময়
হাঁহি-মাতি কথা পতাৰ পিছত সিহঁত আগবাঢ়ি গৈ চৰকাৰী কুঁৱাটোৰ পাৰলৈ। কুঁৱাটোৰ পাৰতে
গোটেইকেইজনী বহিব অলপ দূৰৈৰ নামঘৰটোত সন্ধিয়া দবা-কাঁহ নবজালৈকে। সেই সময়ত
কুঁৱাটোৰ পাৰত বহিবলৈ ভাল। বৰ বিশেষ মানুহো নাথাকে আৰু বালি চিমেণ্টেৰে পকী কৰি
থোৱা কুঁৱাৰ পাৰখনো শুকাই ধুনীয়া হৈ থাকে। সাত আঠজনী ছোৱালী লগ হৈ সেইখিনি সময়ত
গোটেই জেগাখিনি ফালি থাকে বুলি ক'লেও
ভুল কোৱা নহ'ব। সেইসময়ত কাষেৰে
চাইকেল চলাই যোৱা ডেকাবোৰেও আঁতৰৰ পৰা
"সৌজাক যেন গাভৰু, নাচাইও নোৱাৰোঁ,
চালেও কিজানি জগৰ
লাগে বাৰু।" গাই আহিলেও সেইজাকৰ সন্মুখত আপোনা আপোনি মুখৰ গান বন্ধ হৈ যায়।
ডেকাহঁতেও জানে সেইটো দলক জোকাই লোৱা মানে পাছদিনাৰ পৰা সেইফালে যোৱা মুধাও মৰিব।
গাঁওখনক প্ৰাণ দিয়া
গাভৰুজাকৰ দলটো লাহে লাহে ভাঙি নোহোৱা হ'ল।
এজনী এজনীকৈ সকলোবোৰ মাকৰ ঘৰ এৰি নিজৰ সংসাৰ কৰিলেগৈ। সিহঁতৰ মাজৰে একেবাৰে শেষত
বিয়া হোৱাজনী নিশা। এইকাৰণে নিশাইও কম কথা শুনি থোৱা নাই মানুহবোৰৰ পৰা। গাঁৱৰ
কলেজখন সম্পূৰ্ণকৈ পঢ়া নিশা সেই জেগাৰ সকলোৰে মনত উচ্চ শিক্ষিতা ছোৱালী। ইমান
পঢ়া ছোৱালীলৈ দৰা বিচৰাটো সহজ কথা নহয় নহয়। অৱশ্যে নিশাৰ পলমকৈ বিয়া হোৱাৰ আঁৰতো
কাহিনী আছে। বাকী লগৰ কেইজনীতকৈ তাইৰ ৰঙটো অলপ কম। সেয়ে নামো থ'লে নিশা। কেতিয়াবা তাই এই কথাটো শুনি
শুনি অসহ্য পালে মাকক ভেকাহি নমৰাও নহয় "ইমানেই যদি ক'লা মই, নামটো
নিশাৰ ঠাইত আঁউসী নাৰাখিলি কেলে"
কথাটো পিচে মিছাও
নহয়। ছোৱালীবিলাকৰ ৰঙটো অলপ কম হ'লেই
মানুহৰ চিন্তাবোৰ আহি যায়। প্ৰথমতেই চিন্তা এইক বিয়া কোনে কৰাব। যিমান পঢ়া-শুনা
থাকিলেও বহুত মানুহ এই চিন্তা-ধাৰাৰ পৰা মুক্ত নহয়। এনেইনো আমাৰ দেশত ফেয়াৰ এণ্ড
লাভলীৰ নিচিনা ক্ৰীমে অত আদৰ-সাদৰ পাইনে। যি নহওক দেৰিকৈ হ'লেও নিশাইও এসময়ত নিজৰ সংসাৰখন গঢ়িবলৈ দৰা বিচাৰি পালে। দৰাও
দৰা এলা-পেচা দৰা নহয়। উজনি অসমৰ সম্ভ্ৰান্ত ঘৰৰ একেবাৰে ঘৰ বনোৱা কোম্পানী থকা
ঘৰৰ ল'ৰা। তাইৰ ৰঙটোক লৈ ভেঙুচালি কৰা
মানুহবোৰো এতিয়া কেৱল নিশাৰ প্ৰশংসাত
পঞ্চমুখ। নহ’বনো কিয় কেতিয়াবা ভগৱানে কৰালে কিজানি জোঁৱাই পোৱালিটোৱে তেওঁলোকৰ
গাঁৱতো যদি খলপীয়া ঘৰ বনাবলৈ মন কৰে। কম সুখ হ’বনে!
নিশাৰ কিবা এতিয়াও
গাঁৱখনলৈ আহিলে ঘূৰি যাবলৈ মনেই নাযায়। যিমান সুন্দৰকৈ গিৰিয়েকৰ ঘৰত নাথাকক সেইখন
গাঁৱৰ নিচিনা মাদকতা ক'তোৱেই নাই। ইমান
সুন্দৰ সেউজীয়াৰে ভৰা তাইৰ গাঁৱখন। যিফালে চোৱা হয় কিবা এটা শান্তি পোৱা যায়।
প্ৰত্যেকৰে ঘৰৰ পিছফালে তামোল-পাণ, আম-কঁঠালেৰে
ভৰ্তি একোখনকৈ ডাঙৰ বাৰী। ঠাণ্ডা দিনকেইটাত সিঁহতৰ ঘৰৰ পিছফালে থকা ঘোঁৰা নিমডালৰ
গুটি খাবলৈ অহা ভাটৌজাকৰ কেক-কুক চিঞৰ-বাখৰতে তাই সাৰ পাই উঠে। চতমাহৰ শেষৰ পৰা
আকৌ আম গছডালত লুকাই লুকাই মাতি থকা কুলিটো। সৰুতে তাই কুলিটোৰ মাতৰ সৈতে তাইৰ
নিজৰ মাতটোও যিমান উলিয়াইছিল কুলিৰ মাতটোও সিমানেই ওলাইছিল। এই কথাটোত নিশাই বৰ
আমোদ পাইছিল। কেতিয়াবা আকৌ ৰাতি কেতেকীজনীৰ হিয়া ভৰা কান্দোনত সাৰ পাই উঠি তাই মাকৰ
বুকুৰ মাজত কুচি-মুচি সোমাইছিল। ডাঙৰ হৈ অহাৰ লগে লগে এই কিছুমান স্বভাৱ আঁতৰিছিল
যদিও প্ৰিয় গাঁৱখনৰ মোহটো এৰিব পৰা নাছিল।
চবৰে ঘৰে ঘৰে
অকনমানিকৈ হ'লেও এটা পুখুৰী।
পুখুৰীটোৰ মাজলৈকে একোখন বাঁহৰ দলং। চবেই বাচন-বৰ্তন, কাপোৰ-কানি তাতেই ধোৱে। নিশাহঁতৰ ঘৰৰ পিছফালেও তেনেকুৱা এটা
পুখুৰীয়েই আছিল। সৰুতে টুল এখন লৈ দলংখনৰ ওপৰত বহি তাই কম বৰশী বালেনে! আটাগুৰি
লাডু এটা বনাই লৈ বৰশী বোৱাৰ নামত আটা কম মাছক খোৱালেনে! তাই আকৌ আনৰ দৰে কেঁচু,
বৰলৰ টোপ লৈ বৰশী বাবলৈ ভয় কৰে।
কেঁচুবোৰে লিকলিকোৱা দেখিলেই তাইৰ কিবা গাটো সিৰসিৰাই যায়। লগৰবোৰে এইটো কথাত কম
ঠাট্টা মস্কৰা কৰিছিলনে তাইক। ৰাতি আকৌ ভাত খাই উঠি হাতলেম্পটো লৈ বাচন ধুই থকা
মাকৰ ৰখীয়া হ'ব লাগে। এই কথাটোত
তাই বৰ দিগদাৰ পাইছিল। গাঁৱখনত এনেও সন্ধিয়াতে মাজ-ৰাতিৰ দৰে হয়। তাতে আকৌ ৰাতি
নটা বজাত গোটেইখন আন্ধাৰে-মুন্ধাৰে মাকক কৰা ৰখিয়ালিত কোনোমতে ভয়টো চেপি ৰাখি
সেইখিনি সময় ৰখি দিয়ে। কেতিয়াবা বেছি ভয় লাগিলে মাকক এবাৰ কৈয়ো চাই "আজি নহ'লে বাচন ধুব নালাগে দে। কাইলৈ গা ধোৱাৰ
আগতে ধুই পেলাবি।" কথাটো কোৱাৰ পিছত মাকৰ পৰা যিটোহে শুনিব লগা হয়, ইস্, সেইষাৰ যে তাই কিয় কৈছিল বহুত সময়লৈকে ভাবি থাকিব লগা হয়।
কিন্তু অলপ ডাঙৰ হোৱাৰ পিছৰ পৰা নিশাৰ সেই ভয়-ভীতবোৰ কমি গ'ল। মাকক বাচন ধুবলৈ দিয়াৰ পৰিৱৰ্তে তাই ককায়েকক ৰখীয়া থৈ নিজেই
বাচনকেইটা ধুবলৈ পুখুৰীৰ পাৰলৈ যায়।
প্ৰথম নিশা বিয়া হৈ
আহি জেঠমহীয়া গৰমত বিছনিখন মাৰি গা শাত পেলাবলৈ যেতিয়া শাহুৱেকক বিছনাৰ কথা সুধিলে,
শাহুৱেকে যেনেকৈহে হাঁহিলে তাইক
মূহুৰ্ততে কমেডী শ্ব'ৰ কপিল শৰ্মা যেন
লাগিল। কি কথাত শাহুৱেকে ইমান হাঁহিছে কথাটো বুজিবলৈ ধৰোঁতেই গিৰিয়েক অম্লানে হাতত
তাইক এচিৰ ৰিমোটটো তুলি দিলেহি। তেতিয়াহে তাইৰ মনত খেলালে এইখন ঘৰত যে কোঠাই কোঠাই
এচি। কথাটো ভাবি তাইৰ নিমিষতে কিবা এটা দুখ লাগি গ'ল। তাইৰ মানে এইখন ঘৰত খাপ খাবলৈ অলপ সময় লাগিব! আজি তাইৰ
দ্বিতীয় বাৰৰ বাবে অজানিতে মনটোত কিবা এটা দুখ লাগিল। প্ৰথমবাৰ লাগিছিল যেতিয়া
নিশাৰ মনতে ভাল লগা (আজিৰ দিনত ক্ৰাশ্ব) বিপুল দায়ে এদিন ফেয়াৰ এণ্ড লাভলী এটা আনি
হাতত দি কৈছিল "এইটো লগালে বোলে ক'লা
মানুহ বগা হয়।"। সেইদিনাৰ পৰা তাইৰ দেখোন বিপুল দাক দেখিলেও বুকুখন চিৰিঙকৈ
নমৰা হ'ল।
তাই বিয়া হৈ
বহুতদিনলৈকে প্ৰত্যেকটো কথাতে সিহঁতৰ বৰাচুক গাঁৱখন আৰু গিৰিয়েকৰ ঘৰৰ চহৰখনক ৰিজাই
চাইছিল।ক’ত গছ-গছনি, চৰাই-চিৰিকতিৰে ভৰা
গাঁও আৰু ক’ত বহুতদিনলৈকে মিউনিচিপালিটীয়ে চাফা নকৰা লেতেৰা দমবোৰৰ সৈতে ভৰা
চহৰখন। লাহে লাহে সেই তুলনাবোৰ কমি আহিল। এতিয়া নিশাই অভেনত সুন্দৰকৈ কেক বেক কৰিব
পৰা হ'ল, তথাপিও তাইৰ নাকৰ কোনোবাখিনিত মাকে চৌকাত বনোৱা সেই কল পিঠাৰ
গোন্ধটোহে লাগি থাকে। নিশা বিয়া হৈ আহিয়েই এচিয়ে নোহোৱা কৰি দিব পৰা যিটো
জেঠমহীয়াৰ গৰম পাইছিল, তাই যেন সেই এচিৰ
মিহি বতাহটো সহ্য কৰিব পৰা নাছিল। তাই নিজৰ গাটো চুই চুই প্ৰায়ে সেই জুৰুলাহৈ ঘামি
থকা গাটোত বিছনি মাৰি শুকাই দিয়া ঘামৰ চেঁচাখিনি বিচাৰি ফুৰিছিল। আবেলি ফুৰিবলৈ
ওলাই আহিলে সেইকেইটা দিনত গোটেই কেইজনীৰ হাতত তাল পাতৰ একোখন বিছনি। বতাহ থাকিলেও
বিছনিখন এনেই ঘূৰাই থকাটো যেন সিহঁতৰ অভ্যাসেই হৈ গৈছিল। ফুৰি-চাকি আহি আকৌ নিজৰ
চোতালে চোতালে ঘৰৰ গোটেই কেইজন সদস্য বহি আড্ডা। জোনাকৰ তলত নতুন আন্ধাৰ নিশাত
জোনাকী পৰুৱাই বিলোৱা ধিমিক-ধামাক পোহৰত চোতালত বতাহ খাই বহি থকাৰ মজাই বেলেগ
আছিল। বহুত দিন হ'ল তাই এইটো সোৱাদ
নোপোৱা। গিৰিয়েকে যাবলৈ নিদিয়ে ইমান গৰমত, কিজানি
গা বেয়া হয়। ছোৱালীজনী হোৱাৰ পৰাটো বতৰ পৰীক্ষা কৰি চলাৰ কোব আৰু বেছি হ'ল গিৰিয়েক আৰু শাহুৱেকৰ।
গিৰিয়েক অম্লান
শইকীয়াৰ ঘৰখন আগৰেপৰাই ধনী। যোৰহাটৰ নাম থকা কনট্ৰেক্টৰৰ ঘৰ। অসম পৰিচিত বি.এছ
বিল্দাৰছ্ এণ্ড ডেভেলপাৰছৰ পৰিয়ালৰ মানে অম্লানৰ ককাৱকৰ যিটো কোম্পানী আছিল এতিয়া
পৈতৃক সম্পত্তি হিচাপে তাৰ মালিক অম্লান শইকীয়া। বাহিৰত শিক্ষা লৈ অহা অম্লানৰ
হাতত পৰি কোম্পানী আৰু দোপতদোপে আগবাঢ়ে। শাহুৱেক বাসনা শইকীয়া নিশাৰ দৰে পৰিয়াল
এটাৰ পৰা অহা যদিও সময়ৰ সোঁতত বদলি হৈ আগৰ কথা চব পাহৰিলে। এতিয়া নিশাকো তেওঁৰ দৰে
বনাই ল'বলৈ খুবেই চেষ্টা। কিছু ক্ষেত্ৰত সফল,
কিছুমানত নিশা নিশাই হৈ থাকিল।
জীয়েকক লৈ গৈ গাঁৱৰ
পৰিৱেশটোৰ লগত অলপ চিনাকি কৰাই দিওঁ বুলিও নিশাই নোৱাৰে। খুউব বেছি দুৰাতি তাই
থাকিবলৈ পায়। সেই দুৰাতিতে আইতাক-ককাকৰ লগত ইখন ঘৰ, সিখন ঘৰ ঘূৰি জীয়েকে নিজৰ ঘৰলৈ আহিবলৈ মনেই নকৰে। কেতিয়াবা
নিশাই জীয়েকক তাইৰ গাঁৱৰ কথাবোৰ শুনালে তাইয়ো সাধু শুনাৰ দৰে শুনি থাকে। কেনেকৈ
মৰণা মাৰে, খেৰৰ মেজীত উঠি
জপিয়াই, পিছত খেৰৰে কটা যোৱাখিনিত পানী ঢালিলে
যে চেকচেকাই সেইবোৰ কথা শুনি জীয়েকে কেতিয়াবা মাকক অবিশ্বাস্য চাৱনিৰে সোধে
"ইজ ইট ট্ৰু"।
এদিন কথাই কথাই নিশাই
কৈ দিলে সৰস্বতী পূজাৰ দিনা কাহিলী পুৱাতে লোকৰ ঘৰৰ পৰা ফুল চুৰ কৰা কথাটো। জীয়েকক
চুৰ কৰাৰ দৰে এনে কথা কিয় ক'ব
লাগে বুলি গিৰিয়েকে যিটোহে চাৱনি দিলে, তাই
ভাবিয়েই নাপালে ভুল কোনখিনিত হৈ গ'ল।
কিনো মিছা কথা কৈছিল নিশাই! কাহিলী পুৱাতে ৰংমিলী, জিলিহঁতৰ সৈতে ৰত্নেশ্বৰী বাইদেউৰ ঘৰৰ জেওৰা পাৰ হৈ ফুল চোৰ
কৰোঁতে যে নিশাৰ ফ্ৰকটো জেওৰাত লাগি তাই ধামকৈ পৰি হাতখন ভাঙি লৈছিল। ক্লাছ এইট নে
নাইনৰ কথা। মাকে আকৌ দুঢকামান দিহে দেউতাকৰ লগত ডাক্তৰৰ ওচৰলৈ পঠিয়াইছিল। সেইবোৰ
যদি অম্লান আৰু শাহুৱেকৰ আগত ক'বলৈ
যায় সেইখন কিবাহে হ'বগৈ।
নিশাৰ ককায়েকৰ বিয়া
ঠিক হৈছে। গুৱাহাটীৰে ছোৱালী। দুয়োটাই একেলগে চাকৰি কৰি থকাৰ পৰাই চিনাকি। বিয়াখনো
গুৱাহাটীতে হ'বলৈ কইনা পক্ষই জোৰ
দিছে। এজনীয়ে ছোৱালী ইমান দূৰলৈ গৈ বিয়া পাতিবলৈও অসুবিধা। সেয়ে গহপুৰৰ ঘৰখনৰ
মানুহেই উঠি আহি বিয়া কৰোৱাৰ যোজা চলাইছে। বিয়ালৈ দিন অলপ আছে। তথাপিও ককায়েক
ধ্ৰুৱই মাক-দেউতাকক তাৰ গুৱাহাটীৰ ভাড়াঘৰটোলৈ আগতীয়াকৈ লৈ আনিলে। একেবাৰে অহাৰ
দৰেই তেওঁলোক। বিয়াৰ পিছতো তাতেই থাকিব লাগিব বুলি পুতেকে ইতিমধ্যে ঘোষণা কৰিয়েই
দিছে। কথাবোৰ শুনি নিশাৰ ভালো লাগিছে, মনে মনে অলপ দুখো পালে। বিয়াখনৰ অজুহাততেই
তাই অলপদিন তাইৰ মৰমৰ গাঁৱখনত থাকি ফূৰ্তি অলপ কৰাৰ পৰিকল্পনা কৰিছিল। সেইটোৰো
মূধা মৰিল।
আগতে গাঁৱত বিয়া বুলি
ক'লে কম উখল-মাখলনে। এমাহ আগৰ পৰাই বিয়াঘৰখন
মানুহে গিজগিজাই থাকে। মহিলা সন্থাই চিৰা আদি খুন্দাৰ পৰা নাম দালি গুঠালৈকে বিয়া
ঘৰখনত লাগি দিয়েগৈ। পুৰুষ সন্থাৰ ৰভা দিয়া, মানুহ মতা, খাহী-মাছৰ
হিচাবৰলৈকে সহায় কৰি দিয়েগৈ। ছোৱালীৰ বিয়া হ'লে কইনাজনীৰ লগতে লগৰীয়াসোপাকো কম জোকাই নাথাকে এই বোৱাৰীমখাই
কাম কৰাৰ মাজে মাজে। নিশাই যে এইবোৰ কথাত কিমানবাৰ অস্বস্তি পাইছিল। তথাপিও এনেকৈ
জোকালে মনটোত কিবা লাজ লাজকৈ ভাল লগা ভাবটোও আহিছিল। ৰভা খুটা পোতাৰ পৰা আৰু গাঁৱৰ
মানুহ কেইঘৰৰ নিজৰ চৌকাত জুই দিবলৈ পাহৰাৰ নিচিনাই। অৱশ্যে সিহঁতৰ গাঁৱখনত জনবসতিও
বৰ বেছি নাই। এইফালে সিহঁতৰ চুকটোৰ চাৰিঘৰ, মাজত পথাৰখন, সিফালে
আইতু, কনমাই আৰু তুলসীহঁতৰ ঘৰখনৰে তিনিঘৰ।
গতিকে সেইকেইদিনত বিয়ালৈকে সেইকেইঘৰকনো খুওৱা কি ডাঙৰ কথা! ইফালে নিমখ, মিঠাতেল, চাহপাতকণ বাদ দি চব ঘৰৰে বস্তু বুলিব পাৰি। দূৰণিবতীয়াবোৰ অকল
খাবলৈহে আহে। কিন্তু এইবাৰ বিয়া বুলি নিশাৰ দীঘলীয়াকৈ ঘৰত থাকিবলৈ যোৱা আশা পণ্ড। যতচব তাইৰ ককায়েকৰ ওপৰতে খং
উঠিল।
"নিশা"
দপদপকৈ কোঠালৈ সোমাই
আহি হঠাত মাত দিয়া গিৰিয়েকক দেখি তাইৰ ভাৱত যতি পৰিল। তাই কিবা কোৱালৈ বাট নাচাই
গিৰিয়েকে মাত দিলে "তোমালৈ এটা ভাল খবৰ আছে।" অম্লানে হাঁহি হাঁহি কোৱা
কথাকেইটাত নিশাই তালৈ চোৱা প্ৰশ্নবোধক চাৱনিটো বুজিয়েই সি ক’লে "আৰু
পোন্ধৰদিনমান ৰোৱা তোমাক তোমাৰ মৰমলৈ গাঁৱখনলৈ লৈ যাম।"
"কিন্তু এতিয়াতো
মাহঁত তাত নাই।"
"মাহঁত নাথাকিলে
যাব নোৱাৰি নেকি! অলপ দিন ৰোৱা চব গম পাবা। ভাল খবৰ আহি আছে তোমাৰ বৰাচুকলৈ।"
অম্লানৰ কথাকেইটা
শুনি কি ভাল খবৰটো জানিবলৈ মনটো নিশাৰ খুদুৱাই উঠিল। তাইৰ মনৰ ভাৱটো যেন অম্লানে
বুজি পালে। তাৰ হাতত মুটুকাই থোৱা কাগজখন খুলি নিশাৰ ওচৰলৈ ড্ৰেছিঙৰ টুলখন আনি বহি
ল’লে "চোৱা নিশা মই যি কৰিম তোমালোকৰ মানুহখিনিৰ ভালৰ কাৰণেই কৰিম। সেই
গাঁওখনৰ সকলৰে মতত আমাৰ বি.এছ বিল্দাৰছ্ এণ্ড ডেভেলপাৰছে তাত কনষ্ট্ৰাকছনৰ কাৰণে
এপ্ৰুভেল পালোঁ। বহুত কষ্টৰ মূৰত এইটো প্ৰজেক্ট আমাৰ হাতলৈ আহিছে। পোন্ধৰ দিনৰ
ভিতৰত কনষ্ট্ৰাকছনৰ কাম আৰম্ভ হ’ব। তাতোকৈ ডাঙৰ কথা আমি প্ৰজেক্টটো পোৱাৰ লগতে আৰু
এটা শ্বপিং মলো তাত হ'ব, সিহঁতৰ কনষ্ট্ৰাকছনখিনিও আমিয়েই পাম।
তুমি চিন্তা নকৰিবা ইয়াৰ বাবে তোমালোকৰ ঘৰ বা বেলেগ কাৰোৰে ক্ষতি নহয়। বৰঞ্চ লাভহে
হ’ব। সকলোৱে নিজৰ মাটি অনুযায়ী একো একোটাকৈ ফ্লেট পাব। কোনোৱে চাকৰি পাব। তোমালোকৰ
মা-দেউতাও বিয়াৰ পিছত ককায়েৰাৰ লগত ভাৰাঘৰত থাকিব নালাগে। নিজৰ ফ্লেটত থাকিব।
গাঁৱৰ মানুহ কেইঘৰৰ বাদে নতুন মানুহো লগ পাব। আৰু যিটো শ্বপিং মল হ'ব সেইটোৱে বহুতক চাকৰিও দিয়াব। চোৱা
কথাবোৰ কেনেকৈ কি হৈ গ’ল। সেই পিছপৰা গাঁৱৰ মানুহখিনি এতিয়া ফ্লেটত থাকিব যিটো
তুমি, মই পোৱা নাই।.... " অম্লানে আৰু কি
কৈ আছিল নিশাৰ মনত একো নুশুমালে। সি লৈ থকা কনষ্ট্ৰাকছন প্লেনখন মাত্ৰ চাই গৈছে
আৰু চকুৰে বিচাৰি ফুৰিছে তাইৰ দেউতাকে ধুনীয়াকৈ গঢ়ি তোলা ঘৰখন, পুখুৰীটো, গাঁৱখনৰ প্ৰকাণ্ড আঁহতজোপা, কুঁৱাটো....
নাই এতিয়া আৰু এইবোৰ একো নাথাকিব। পোন্ধৰদিনৰ পিছত সকলোবোৰ মাটিত মিলি যাব। এক্সাভেটৰখন আহি সকলোবোৰ এফালৰ পৰা মহটিয়াই যাব। গাঁৱখন লাহে লাহে কংক্ৰীট চহৰলৈ পৰিৱৰ্তন হ'ব। শেৱালি, হাছনাহানাৰ গোন্ধৰ পৰিৱৰ্তে পাব কেইবাদিনো মিউনিচিপালিটিয়ে চাফা নকৰা গেলা জাবৰৰ গোন্ধ। উসঃ তাইৰ বুকুখন হঠাতে বৰ বেয়াকৈ বিষাই গৈছে। নাই নিশাই আৰু ভাবিব নোৱাৰে, নোৱাৰে সেই হাঁহিৰ খিলখিলনি শব্দবোৰক গিৰিয়েকৰ কোম্পানীত জাহ যাবলৈ দিবলৈ। যত " এখন গাঁৱ আছিল" বুলি নিশাৰ গাঁৱখন মাত্ৰ সাধুকথা হৈ ৰ’ব ।
No comments:
Post a Comment