Sunday, 18 October 2020

মায়া!

'দেউতাৱৰৰ বছেৰেকীয়া শ্ৰাদ্ধলৈ মই ৰঙালাও এটা থৈছিলোঁ।'

'এটা ৰঙালাওৰে হ'ব জানো মা! প্ৰথমটো বছেৰেকীয়া শ্ৰাদ্ধ, বংশ, মিতিৰ-কুতুম্ববিলাক মিলাইয়োতো অলপ মানুহ হ'ব।'

''ব তাৰ লগত আৰু আন পাচলি মিলাব নহয়।'

''ব দিয়া তেন্তে মা। এতিয়া বাকী বস্তুবোৰৰ লিষ্টখন দিয়াচোন। মই অলপ বজাৰ কৰি আহোঁ।'

হাতত থকা কাগজখন তিনিজাপ কৰি চাৰ্টৰ পকেটত ভৰাই মুনুলে মাকলৈ চাই কথাকেইটা কৈ ওলাই গ'ল। মাকেও ব্লাউজৰ ভিতৰৰ এটা চাইডত থৈ দিয়া ৰিচিপ্তৰ নিচিনা কাগজৰ টুকুৰা এটা পুতেকৰ হাতত দিলে। মুনুলে কাগজখন আগৰখনৰ নিচিনাকৈ ভাজ কৰি আগৰখনৰ লগতে পকেটত ভৰাই ওলাই গ'ল।

মুনুল ওলাই যোৱাৰ ফালে চাই মাক পদ্মা দেৱীয়ে কিবা এখন কাগজ বিচাৰি তুলিৰ তলখন খুচৰিলে। সকলো বস্তু তুলিৰ তলত গোজা মাৰি থোৱাটো পদ্মা দেৱীৰ নতুন অভ্যাস নহয়। জীয়েকৰ কত গালি খাইও মাক সলনি নহ'ল। আগতে সেইকাৰণে ল'ৰা-ছোৱালীকেইটাই মাকক কিবা এটা থ'বলৈ দি পিছত বিচাৰিব লগা হ'লে তুলিৰ তলখনেই খোচৰেহি। কিন্তু মাকে বিচাৰি নিদিয়ালৈকে কেতিয়াও সিহঁতে বস্তুটো বিচাৰি নাপায়। কেতিয়াবা জীয়েক মাজানে খঙতে কৈয়ে দিয়ে 'মাক আলমাৰি, বাকচ দি লাভ নাই। মাটিৰ পট্টাই হওক লাগিলে আমাৰ মাৰ্কশ্বীটবোৰেই হওক। চব আহি মানে তুলিৰ তলত থ'বহি।' কেতিয়াবা দেউতাকেও দৰকাৰী সময়ত বিচৰা বস্তুটো বিচাৰি নাপালে মাজানকে পঠিয়াই 'যা মাৰক সোধগৈ। চিজিল লগাই কোনখন তুলিৰ তলত থৈছে সুধি আহ।' কিন্তু দেউতাকে আকৌ তেনেকৈ কয় হে তেওঁৱো তুলিৰ তলত বস্তু থোৱাত কম নাছিল। খালী বস্তুটো বিচাৰি নাপালেহে সেইবোৰ মাকে থোৱা হয়।

কথাবোৰ ভাবি ভাবি কাগজখন বিচাৰি থাকোঁতে মাকৰ নজনাকৈয়ে মুখেৰে হাঁহি এটা বাগৰি পৰিল। তেওঁৰ এই স্বভাৱটোয়ে কম অশান্তি দিছিল নে ইহঁতক। কথাবোৰ সৌসিদিনাৰ যেনহে লাগি থাকে দেখোন। তেওঁ বিয়া হৈ আহি শাহু, শহুৰ, দেৱৰেক, ননদৰে ভৰা ঘৰখনত ভৰি পেলাইয়ে চবকে কেনেকৈ নিজৰ দৰে সামৰি-সুতৰি লৈছিল। চাওঁতে চাওঁতে দুবছৰৰ ব্যৱধানত মুনুল, মাজানৰ জন্ম। ননদৰ বিয়া, দেৱৰেক দুজনেও ইহঁতৰ দুই তিনিবছৰ বয়সত বিয়া পাতি নিজে নিজে মাটি কিনি আঁতৰে আঁতৰে ঘৰ সজালে। তাৰ মাজতে শাহু শহুৰৰ মৃত্যু। গোটেই ভৰা ঘৰখন খালী হৈ গৈ শেষত চাৰিজনীয়া। ক'তনো চাৰিজনীয়া দেউতাকে দেখোন বেছিখিনি সময় চাকৰিৰ খাতিৰত বাহিৰতে কটালে। একেবাৰে অৱসৰৰ পিছতহে ঘৰ সোমাইছেহি। তেওঁ দেখোন অকলেই ইহঁত দুটাক ডাঙৰ কৰিলে। আৰু আজি এই প্ৰকাণ্ড ঘৰখনত অকল পদ্মা দেৱী আৰু বনকৰা ছোৱালী অনিমা। ঠিক বনকৰা বুলি ক'ব নোৱাৰি আচলতে পদ্মা দেৱীৰ কণাৰ লাখুটি তাই। তাইক আকৌ গিৰিয়েকেই আনি দিয়া। অনিমাক গিৰিয়েকে তেওঁক ভাল লগ কৰি থৈ গ'ল। পাঁচবছৰৰ মান আগতে সাপ্তাহিক বজাৰলৈ যাওঁতে তাইক তাতে কৰবাত ভিক্ষা কৰি থকা পাই তেওঁ তেওঁলোকৰ ঘৰলৈকে লৈ আহিছিল। প্ৰথমতে পদ্মা দেৱীয়ে অনিমাক ৰাখিবলৈ অলপ থেৰোগেৰো কৰিছিল যদিও গিৰিয়েক কমল ভট্টইহে বোলে 'ৰাখি থোৱা। তাইৰো কেও কিছু নাই। কিমান লোকৰ ঘৰত খুজি-মাগি খাব। তোমাৰো বয়স হৈ আহিছে, সহায় এটা হ'ব।' সেইদিন ধৰি অনিমা তেওঁৰ লগত। তাইক কেতিয়াবা বিয়া-বাৰুৰ কথা ক'লেও কয় ''ব দিয়ক, আপুনি খোৱাই-বোৱাই দিগদাৰ পাইছে যদি যামগৈ।' দুদিনমান সেই কথা শুনি তেওঁৱো আজিকালি তাইক একো নোকোৱা হ'ল। এবছৰৰ আগতে অকলশৰীয়া কৰি থৈ যোৱা তেওঁক গিৰিয়েকে ভাল লগ এটা দি থৈ গ'ল। এদিনৰ মূৰৰ বিষত ছটফটাই থাকি মানুহজন যে একেবাৰে যাবগৈ তেওঁ ভবাই নাছিল। পদ্মা দেৱীয়ে কেতিয়াও ভাবিব নোৱাৰা বৈধৱ্য জীৱন কটোৱা আজি এবছৰেই হ'ল। কিন্তু এনে লাগে যেন প্ৰতি পদে তেওঁৰ কাষে কাষে তেওঁৰ স্বামী থিয় হৈ আছে। অনিমা কেতিয়াবা বজাৰলৈ ওলাই গৈ অহা দেৰি হ'লে মনটোতে কিবা ভয় লাগিলে তেওঁ মনতে গিৰিয়েকক কৰা স্মৰণে বহুতখিনি সকাহ দিয়ে। আচলতে ৩৭ বছৰ ধৰি একেলগে থকা মানুহটো হঠাতে নোহোৱা হৈ যোৱাটোনো কোনে সহজকৈ ল'ব।

'মা, তুমি ইয়াত অকলে অকলে সোমাই আছা আৰু তোমাৰ নাতিয়ে তোমাক বিচাৰি হায়ৰাণ।' চিঞৰি চিঞৰি সোমাই অহা মাজানে তুলিৰ তল খুচৰি থকা মাকক দেখি কৃত্ৰিম খঙৰে ক'লে।

'তোমাৰ আৰু এই পুৰণিলীয়া স্বভাৱটো নগ'ল ন।  তুমি ঋকক লৈ বাহিৰলৈ যোৱা। আজি মই গোটেই তুলিৰ তল চাফা কৰিহে এৰিম।' মাজানে দুবছৰীয়া ঋকক মাকৰ কোচত বাহিৰলৈ পঠিয়াই দি দুৱাৰত হুকডাল লগাই তুলিৰ তল চাফা কৰাত লাগিল। তাই যেনেদৰে ভাবিছিল তেনেকুৱা খেচনি হৈ থকা নাই। চব ভাগে ভাগে এটা এটা ফাইলত থৈ মাকে সকলোবোৰ সযতনে থৈ দিছে। কমল ভট্ট বুলি লিখা ফাইলটো লৈ খুলি চাই প্ৰথমতেই দেখিলে সিহঁত চাৰিটাৰ সৈতে ষ্টুডিঅ'ত উঠা এখন ফটো। মাজান সম্ভৱ ঋকৰ বয়সৰে মাকৰ কোচত আৰু ককায়েক মুনুল অলপ ডাঙৰ দেউতাকৰ গাত ভেজা দি থিয়হি আছে। ফটোখন অলপ সময় চাই তাৰপিছত কি আছে চাবলৈ ধৰি দেখে চিঠি এজাপ। বগা ৰঙৰ কাগজবোৰত কিছুমান উৱলি গৈ মুগা ৰঙৰ নিচিনা ৰং এটা লাগিছে। কিছুমান দেউতাকে দিয়া আৰু কিছুমান মাকে লিখা। মাজানৰ এইয়া বুজিবলৈ বাকী নাথাকিল যে দেউতাকৰ চাকৰি কালৰ চিঠি। যেতিয়া মাকে দুটাকৈ সন্তান লৈ অকলে ডাঙৰ কৰিছিল। আৰু কিবা চাবলৈ ধৰিছিল যদিও দুৱাৰত খুউব জোৰেৰে কোনোবাই ঢকিওৱাত য'ৰ বস্তু যেনেকৈ আছিল তেনেকৈ থৈ সাউৎকৈ উঠি গ'ল।

'পৰহিলৈ শ্ৰাদ্ধ আৰু তই দুৱাৰ ঘৰ মাৰি এতিয়াও ফোনত গিৰিয়েৰৰ লগত লেকচাৰ মাৰিবলৈ এৰা নাই ন।' এই যে তাইৰ ককায়েকটো সলনি নহ'ল আৰু। সদায় মানে তাইক কিবা এটা কৈহে এৰিব।

''ব যা, নিজৰটো লগত ঘৈণীয়েৰ আছেই, মই মানুহটোৰ লগত দুটা কথা পাতোঁতেই তোৰ চকুত লাগে।' তায়ো সমানে সমানে মুখখন চলাই পাকঘৰত ৰুটি বনাই থকা বৌয়েক মিলিৰ ওচৰ পালেগৈ। সেইসময়তে মাকো ঋকক ফুৰাই আনি সিহঁত দুজনীৰ ওচৰ পালেহি।

'বিধান সঁচাকৈয়ে আহিব নোৱাৰিব নেকি অ মাজান।' ৰুটি সেকি থকা মাজানক মাকে সুধিলে। তাইয়ো তাৰপৰাই চকু নুতোলাকৈয়ে উত্তৰ দিলে 'জানাই দেখোন কিমান ব্যস্ত। আৰু মুম্বাইৰ পৰা দুদিনৰ কাৰণে আহিবলৈও দিগদাৰ পায়।'

'অহা হ'লে ভাল লাগিলহেঁতেন' বুলি সৰুকৈ কৈ পুতেক মুনুলৰ ওচৰ পালেগৈ। মুনুলে বজাৰ কৰি আহি গাড়ীৰ পৰা বস্তুবোৰ নমাই আছিল। কাষতে খুড়াৱকৰ ল'ৰা বাবলুৱে কাগজ কলম লৈ বস্তুখিনি চাই চাই টিক মাৰি আছিল। মাকেও ঋকক এখন হাতেৰে খোজ কঢ়াই লৈ গৈ তাতে ৰ'ল। বস্তুবোৰ চাই থাকি পাচলিৰ মোনাটো দেখি লগেলগে পদ্মা দেৱীয়ে কৈ উঠিল 'ৰঙালাও আকৌ কিয় আনিলি?'

'দেখি ভাল হ'ব যেন লগাত লৈ আহিলোঁ। তাতে দামো বৰ বেছি নহয়, সেয়ে অলপ বেছিকৈয়ে আনিলোঁ। থৈ দিলেও বেয়া নহ'ব চাগে।' মুনুলেও মাকৰ মুখলৈ নোচোৱাকৈ উত্তৰটো দি মোনাবোৰ কঢ়িওৱাত লাগিল। পদ্মা দেৱীয়ে আৰু একো নকৈ নাতিটোক লৈ চোতালতে পাৰি থোৱা বেঞ্চখনত বহি চব ৰেহ-ৰূপ চাই থাকিল। বস্তুবোৰ অনা-নিয়া কৰি থাকোঁতে এপাকত মুনুলে মাকৰ সেমেকা মুখখন দেখি মাত লগালে 'কি হ'ল মা। নাতিটো ওচৰতে বহি আছে একো কথা পতা নাই। এনেই দেখোন গোটেইজনী বলিয়া হৈ থাকা তাৰ মৰমত।'

'এনেই অ গাটো কিবা ভাল লগা নাই।'

মাকৰ কথাত মুনুলৰ বুজিবলৈ বাকী নাথাকিল। এই ছত্ৰিশ বছৰে মাকক দেখিলেই বুজি পায়। মাকৰ কি কথাত গা বেয়া লাগে। সঁচাকৈ আকৌ গা বেয়া হ'লেও কোনোৱে গম নাপায়। কিবা কথাত অলপ মন বেয়া লাগিলেহে মাকৰ গা বেয়া লাগে। সি বস্তুবোৰ কঢ়িয়াইও আছে মাকক মনো কৰি আছে কোনটো কথাই মাকৰ মন বেয়া লগাইছে। তেনেকুৱাতো একো কৰা নাই সি। হয়তো বিধান নহাৰ কাৰণেও মন বেয়া হ'ব পাৰে। মাজান ল'ৰাৰ সৈতে অকলে মুম্বাইৰ পৰা কালি পাইছেহি। তাই অহাৰ পিছতহে ঘৰখনত চিঞৰ বাখৰ আৰম্ভ হৈছে।। তাতে ল'ৰাটোক লৈয়ে সকলো ব্যস্ত। সিহঁত দুটা মানে মুনুল আৰু মিলি চাৰিদিন আগতে পালেহি হায়দৰাবাদৰ পৰা। কেইদিনমান থাকিবও এইবাৰ। এইকেইদিনতে মাকৰ হোল বডী চেক আপ এটাও কৰাব লাগিব। আগতকৈ অলপ খীনোৱা যেন লাগিছে। একো নাই নাই কৈ থাকিলেও সিহঁতেতো নাজানে সিহঁতৰ পৰা কি লুকুৱাইছে। যদি দেউতাকৰ নিচিনাকৈ হঠাতে। সি আৰু ভাবিব নোৱাৰিলে। শেষৰ ৰঙালাও মোনাটো  পিছত একেবাৰে লৈ যাব বুলি চোতালতে থৈ মাকৰ কাষতে বেঞ্চখনতে বহি সুধিলে 'কোৱা কি কথাত তোমাৰ মন মানে গা বেয়া লাগিল।'

'নাই অ এনেই। এতিয়া বয়সো হৈছে নহয়। অকমানতে গাটো বেয়া লাগি যায়।'

'এই ৫৯ বছৰতে এনেকৈ ক'লে কি হ'ব। পো নাতি নাতিনী পাবলৈ আছেই দেখোন তোমাৰ।' মাকে যেন তাৰ সেই কথাটোলৈহে বাট চাই আছিল। সিফালে মুখ কৰি বহা মানুহজনীয়ে মূৰটো ঘূৰাই তপককৈ মাতিলে 'তহঁতেহে জান মোক কেতিয়া নাতি নাতিনীৰ মুখ দেখুৱাৱ। এই অতবছৰে তহঁতৰ প্লেনিং নে ফ্লেনিং কৰি থাকোঁতে গৈছে। কি কৰি আছ তহঁতেহে জান।'

'এতিয়াহে এইজনী মোৰ মা। হ'ব সেইবোৰ বাদ দিয়া। এতিয়া কোৱা কি কথাত তোমাৰ গা বেয়া লাগিল।' মুনুলে মাকৰ কথাটোত বাধা দি সি আকৌ কথাটো উলিয়ালে। আজিকালি মাকৰ মুখ খোলাৰ একমাত্ৰ উপায় এইটোৱে। অইন একোৰে কামত নিদিলে সি এইটো বুদ্ধি লগায়।

'নহয় ঔ, মই ৰঙালাও এটা শ্ৰাদ্ধলৈ বুলি থৈছিলোৱেই। তই আকৌ...'

'আৰে, ইমান সৰু কথাটোত তোমাৰ গা বেয়া লাগে। হ'ব তুমি থৈ দিয়াটোকে দিবা বাৰু। কিন্তু মোক কোৱা অকল সেইটো ৰঙালাওৰ তুমি কিয় লাগি আছা।' তাৰ কথাত মাকেনো কি ক'ব ভাবিয়েই নাপালে।

তেওঁ যে অকল এটা কাৰণতে ইমান মৰমত ৰঙালাওটো সাচিছে সেইটো জানিলে মুনুলে তাৰ সেই স্বভাৱগত হাঁহিটো মাৰি কথাটো পাতল কৰি দিব নেকি! আচলতে কমল ভট্টৰ আদ্য শ্ৰাদ্ধ আৰু ভোজ ৰন্ধা জেগাখিনিতে পাচলিবোৰো কাটি যোগাৰ কৰা হৈছিল। সেইবোৰ হৈ যোৱাৰ কেইদিনমান পিছত তেওঁ দেখিলে সেইখিনিতে ৰঙালাও পুলি এটা গজি আহিছে। তেওঁ সেইটোক ভালকৈ গোবৰ পানী দি দি ডাঙৰ কৰিলে এদিন দেখিলে তিনিটা কলি পেলাইছে। কলিকেইটখ দেখি লগে লগে তেওঁ সিদ্ধান্ত লৈছিল ইয়াৰে এটা গিৰিয়েকৰ শ্ৰাদ্ধলৈ বুলি থৈ দিব। তেওঁৰ শ্ৰাদ্ধত লগোৱা ৰঙালাওৰ গুটি পৰিয়েই এইটো হোৱা। সেইকাৰণে তেওঁৰ ৰঙালাওজোপাৰ প্ৰতি মোহ এটা সোমাই গৈছিল। তিনিটা ৰঙালাওৰ দুটা বৰলে বিন্ধি গেলালে। কিন্তু এটা থাকি গ'ল। সেইটোকে তেওঁ ইমানদিনৰ পৰা সাঁচি থৈছিল। অন্তত মানুহজনৰ লগত বহি একেলগে খাব নোৱাৰিলেও, মানুহজনৰ কামতে ৰাইজক খোৱাব। আচলতে এইবোৰ চাগে একো একোটা মায়া।

সেয়ে আচল কথাটো সি হাঁহি উৰুৱাই দিয়ে বুলি নকৈ 'ঘৰতে হোৱা ৰঙালাও যে সেইকাৰণে থৈছিলোঁ' বুলি হাঁহি এটাৰে  কথাটো কৈ পদ্মা দেৱীয়ে সিমানতে সামৰণি মাৰিলে। মাকে হাঁহি মাৰি দিয়া উত্তৰটোত তেওঁৰ মনটো ভাল হোৱা যেন লাগি মুনুলে ঋকক 'উস ৰক্ষা তেন্তে, 'ল ফুৰি আহোঁ' বুলি কোচত লৈ গৈ গাড়ীখনত বহুৱাই কৰবালৈ উলিয়াই লৈ গ'ল। মাক পদ্মা দেৱীয়েও সিহঁত যোৱাৰ ফালে চাই  তহঁতে এতিয়াই নুবুজিবি ঔ, এইবোৰেই মায়া বোপাইহঁত। বুলি মনতে পাগুলি মুনুলে চোতালতে এৰা ৰঙালাও মোনাটোৰ পৰা এটা এটাকৈ ৰঙালাও উলিয়াই ভিতৰলৈ নিয়াত লাগিল ।

No comments: